Tuesday, September 30, 2025

গায়ত্ৰী প্ৰান্তিক শৰ্মা FB Wall

 ◆ মৃত্যুৰ দিনা গাবলৈ গান ( নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন।

◆ প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন। আজি তিনিদিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন।

◆ 'ভাৰত চৰকাৰে কি দিবহে মোক! আমিহে ওলোটাই চাহ দিছোঁ, গড় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ' বুলি বুকু ফিন্দাই ক'ব পৰা মানুহ আছিল জুবিন।

◆ এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক, চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন।

◆ গান গোৱা মানুহ এজনে চিনেমা এখন বনালে। তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন।

◆ 'মোৰ মৃত্যুত সাতদিন বন্ধ হ'ব' বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন।

◆ তিনিজন অন্ধ লোক জুবিন গাৰ্গক সৰুসজাইলৈ চাবলৈ আহিছিল।  তেওঁলোকে জানিছিল, ভালকৈয়ে জানিছিল যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই। বুকুৰ পোহৰেই যথেষ্ট । 

◆ হাজাৰ হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰ'ফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে- ' ঐ উৎপাতবোৰ কমকৈ কৰ। একদম হুলস্থুল নকৰিবি'- মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।

সেইজন মানুহ গ'লগৈ। আৰু এজন জুবিন গাৰ্গ নোলায় সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰেই হ'বলৈ মানুহবোৰক শিকাই থৈ গ'ল। 

এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নব্বৈ বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে সেয়া কেৱল জুবিনেহে শিকাই থৈ গ'ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ চিকিউৰীতি গাৰ্ডজনে কলপাতত ফুল কেইপাহমান লৈ ৰৈ থাকিল। কুকৰকেইটা, বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰুসজাই পালেগৈ, মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি কান্দি চলালে গাড়ী... এয়া কেৱল জুবিনেহে পাৰিছিল। 

'মানুহ হোৱাৰ সমান ধৰ্ম নাই' এয়া কেৱল জুবিনে শিকাব পাৰিছিল। দৈনিক এশটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিকছ পাহৰি, মেচিন হ'বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে- এই চকুপানী কেৱল জুবিনৰ বাবে আছিল।

এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ'লেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও

' মোৰ অৱৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি! ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোঁনো কি'

©গায়ত্ৰী প্ৰান্তিক শৰ্মা।

Ankita Bora Boruah FB Wall

#জুবিন দা ৰ হত্যাৰ কাৰণ ভিন্ন হব পাৰে:---- জুবিন দাক খুব #cool mind ৰে হত্যা কৰা হৈছে, যত হত্যাকাৰী সকল #direct screen ত অহা নাই। 

মন কৰিব লগীয়া #কথা কিছুমান:-

১.#জুবিন দা ৰ নতুন চিনেমা এখন আহি আছে, সম্ভৱ ৯০ % কাম সমাধান হৈ গল, আৰু ১০% যি কোনো প্ৰকাৰে সমাধান কৰি, ৰিলিজ দিব পাৰিব, তাৰপিছত চিনেমা হললৈ জুবিন অনুৰাগী অসমীয়াই হেঁপাহ পলুৱাই চিনেমা চাব, কোটি টকাৰ উপাৰ্জন হব, সেই টকাৰ উপভোগ জুবিন দাই কৰিব লৈ নেপাব বা জুবিন দাই ইচ্ছামতে মানুহক দান দক্ষিণা দিবলৈ নেপাৱ।

২. #য়ট ৰ planning জুবিন দা ছিংগাপুৰ নোযোৱাৰ আগতে ৰচা হৈছে, এই ক্ষেত্ৰত শ্যাম কানু, সিদ্ধাৰ্থ,শেখৰ, সন্দীপন, আদিয়ে নজনা কথা নাই, সেইদিনা ৰাতিপুৱাই যে, সাগৰত সাঁতোৰা planning কৰিব সকলোৱে জানে। কাৰণ শ্যাম কানুয়ে নৰ্থ ইষ্ট festival organise কৰিছে, তাক নুসুধাকৈ সিদ্ধাৰ্থ ই য়ট planning নকৰে।

৩.#প্ৰবাসী অসমীয়া কেইটাই ১২/১৩ টা যি কেইটা য়ট ত আছিল, মন কৰিব সকলোৱে বগা সাজ পিন্ধিছিল, মানুহ মৰিলে হে বগা সাজ পিন্ধে। আৰু বগা সাজ যে পিন্ধিব সিহঁতি সেইটো আগতীয়াকৈ কথা পাতি লৈছে। Murder planning টোত ইহঁতু যোগ হৈ থকা নাই টো?

৪.#জুবিন দাই চিজাৰ ৰ দৰৱ লগত লৈ যোৱা নাছিল, লগত যোৱা মহন্ত বুলি কোৱা জুবিন দা ৰ সহযোগী গায়িকা জনী য়ে interview এটা ত কৈছিল,  এজন মেনেজাৰ হিচাপে সিদ্ধাৰ্থ ৰ সেই খিনি কাণ্ড জ্ঞান থাকিব লাগিছিল মালিক ৰ দৰৱ বোৰ বেগত লোৱা, আৰু সময় মতে খুৱাই থাকিব লাগে, সিদ্ধাৰ্থ ই জুবিন দা ৰ দৰৱ বোৰ লগত নিছে নে নাই জুবিন দাক খবৰ নকৰিলে বা লগত লও বুলি নকলে।

৫. #ঘৰৰ মানুহেও জুবিন দাৰ চিজাৰ attack ৰ দৰৱ বোৰ কিয় লগত দি নপথিয়ালে? বা সিদ্ধাৰ্থ ক হলেও দৰৱ বোৰ লগত দি, কেনেকৈ খুৱাব লাগে কৈ নপথিয়ালে? ইমান serious patient এজনক ইমান দূৰ নিওতে।

৬.#শেখৰে পাপ লাগিব বুলি কিছু কথা কৈছে, কিন্তু বহু কথা লুকুৱাইচে, কিছু কথা কোৱাৰ কাৰণ ১৮ বছৰ মান জুবিন ৰ বাদ্য যন্ত্ৰ সংগী আছিল।

৭.#কেমেৰা সন্মুখ ভাগ যত জুবিন দা সাঁতুৰি আছে, সেই বোৰ হে video বোৰ দি আছে, কিন্তু কোনে video কৰিছে, সি video ত ওলোৱা নাই, বা সিহঁতি থকা part টো কাটি কাটি দিছে। 

৮. #ছিংগাপুৰ চিভিল হস্পিটেল ৰ death report t লিখা আছে, drowning অৰ্থাৎ পানীত ডুব গৈছিল, যদি চিজাৰ attack, heart attack কিবা হল হেঁতেন, সেইটো লিখিলে হেঁতেন।

৯.#drowning অৰ্থাৎ পানীত ডুব গৈছিল, এতিয়া কিমান সময় ডুব গৈ আহিল, আধা ঘন্টা, এক ঘণ্টা, ডুব যোৱাৰ লগে লগে, সিহতি জুবিন দাক পাৰ লৈ উঠাই আনিলে নে? জুবিন দাৰ ভৰি দুখন চাই জুবিন দা বহুত সময় পানীত থকাৰ ধৰিব পাৰি।

১০. #সিদ্ধাৰ্থ আৰু সন্দ্বীপনে কিয় সাঁতোৰা নাছিল, নাওঁ লৈ দূৰ লৈ আগবাঢ়ি গৈছিল,  জুবিন দা যেতিয়া খালি গাৰে পানীত নামিছিল? এজন মেনেজাৰ হিচাপে জুবিন দাক ,এইবোৰ নকৰিবলৈ বাধা দিয়া নাছিল?

১১. #শেখৰে চক্ৰ পানী পৰাশ ৰে লোৱা ইণ্টাৰ ভিও এটাত কৈছিল, সি সাতুৰিব লৈ নাজানিছিল, কিন্তু জুবিনে হে কলিকতাত থাকোঁতে সাতুৰিব লৈ শিকাইছিল ১০/১২ বছৰ আগতেই। কিন্তু শেখৰে সাগৰত সাঁতুৰি থাকোঁতে জুবিন দাক ইটো পাৰ লৈ যাও বুলি লগ ধৰাৰ আগতে কৈছিল, #মই জুবিন দা কো সাতুৰিব লৈ শিকাইছো, সিদ্ধাৰ্থ কো মইয়ে সাতোৰা শিকোৱা.#

১২. #শেখৰে সাগৰৰ পাৰত পুলিচ ,ambulence আহিছিল কৈছে, কিন্তু এম্বুলেন্স দেখিছোঁ ফটো ত, পুলিচ কত?

১৩. #সিদ্ধাৰ্থ ই জুবিন দা ৰ মোবাইল টো কিয় লৈ ললে? ছিংগাপুৰ পুলিচ ৰ হাতত গতাই দিব লাগিছিল, সি যদি নিৰ্দোষী আছিল।

১৪. #সিদ্ধাৰ্থ পলাই কিয় আছে? সি গৰিমা বৌক যোগাযোগ কৰিব বিচাৰিছে নেকি বাচিব লৈ? ফোন call trace কৰিলে উলাই যাব, ফোন নম্বৰ কেইটা দিওঁ trace কৰিব পাৰিব পুলিচে।

১৫. #জুবিন দাই , অত বছৰৰ আৰ্জন, সিদ্ধাৰ্থৰ পৰা জানিব বিচাৰিছিল নেকি যে তাৰ income বোৰ কত গল বা পইচা বোৰ কি হল? যিহেতু জুবিন দাক মাত্ৰ ৫/১০ হেজাৰ হে দিয়ে বুলি শুনিছো , আৰু সেইটো ও জুবিন দাই, বিপদ হোৱা বোৰক দি দিয়ে।

১৬.#জুবিন দা ৰ লগত securty হিচাপে bouncer দুজন মান কিয় লৈ নগল? কাৰণ তাতো প্ৰগাম হব, অনুৰাগী কিছুমান ষ্টেজ ৰ উপৰত উঠি আহিব পাৰে।

১৭. #জুবিন দা ৰ মেডিকেল যি খিনি guide line আছিল কিয় সেই খিনি শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ, সন্দ্বীপনে follow নকৰিলে, একেবাৰে মাজ সাগৰত নি জুবিন দাক মেলি দিলে।

১৮. #১৮ তাৰিখে ৰাতি ৩ বজালৈ পাৰ্টি নামত মদ খুৱাই জুবিন দাক ৰাতিপুৱা অলপো শুব লৈ নিদি, আকৌ কিয় য়ট planning কৰিলে।

১৯.জুবিন দাক মদ আৰু মাংস দিছিল খাবলৈ, সাঁতোৰ আগতে।

২০.য়ট ত থকা প্ৰবাসী অসমীয়া কেইটা ৰ মাত কথা বোৰ কিবা অসভ্য লাগিল, ইয়াক তাত যাব দে, ইয়াক সাতুৰিব দে, বে বে ...হাঁহি খিকিন্দালি, মানে জুবিন দাৰ প্ৰতি কাৰোৱে মৰম, ভক্তি বা সন্মান একো নাই প্ৰবাসী কেইটাৰো।


 মুঠতে খুব শীতল মস্তিষ্কৰে জুবিন দাৰ মৃত্যু ঘটালে । সাপো নমৰিব লাঠি ও নিছিগিব মানে সিহঁত বাচি যাম ভাবিলে...কাৰণ টো পানী.... সাগৰৰ পানী।

জুবিন দাই ন্যায় পাওক, দোষী য়ে শাস্তি পাওঁক, জয় জুবিন দা জয়। 


সংগৃহীত (Ankita Bora Boruah )

#justiceforzubeenda 

#highlightseveryonefollowers2025 

#highlight 

#hilights 

#hilightseveryonefollowers 

#allfollowers 

#nonfollowersviewers 

#nonfollowersviewerseveryone

হেমন্ত শৰ্মা FB Wall

 📌এজন ব্ৰাহ্মণৰ সন্তানে

,নিজৰ লগুন ডাল চিঙি  "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগবান নাই "বুলি ৰাজহুৱাকৈ ঘোষনা কৰিব পৰা,আৰু দেখুৱাই দিয়াটো কম সাহসৰ কথানে?

শ্যামকানু বোলা  জনৰ ঘৰত কাম কৰা এজন অসমীয়া ব্যক্তিয়ে শ্যামকানু বোলা জনৰ ঘৰত কাম কৰে বুলি কবলৈ লাজ লাগে বুলি কোৱা শুনিলোঁ।

চিঃচিঃ ...তোমালোকৰ লাজ লগা নাই নে? বৰং আমাৰ নিজকে ব্ৰাহ্মণ বুলি কবলৈ লাজ লাগিছে।

লগুন চিঙাৰ সময়ত,ঘেন্টা প্ৰভূ ঈশ্বৰ বুলি কোৱাৰ সময়ত,মহ বলী বন্ধ হব লাগে বুলি কোৱাৰ সময়ত আমি কিমান সমালোচনা কৰিলোঁ,উচ্চ বৰ্ণৰ মানুহ বুলি গপতে ওফন্দি থাকিলোঁ।আজি জুবিনৰ মৃত্যুৰ  ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজনৰ নাম প্ৰথমৰ পৰা মন কৰকচোন- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ (নে চেখৰ) গোস্বামী,সন্দিপন গাৰ্গ,অম্ৰিতপ্ৰভা মহন্ত ,পৰোক্ষ ভাবে নাম ওলাইছে নিশিতা গোস্বামী...হাঃহাঃহাঃ..জুবিনৰ ভাষাৰে কবলৈ গলে আজিৰ প্ৰজন্মই চিঞৰিবই "আমি কি ঘেন্টাৰ উচ্চ জাত?",। কোনো উচ্চ জাতৰ মানুহে এনে কাম কৰিব পাৰেনে বাৰু?কি কাৰনে মাৰিলা - লগুন চিঙি আমাৰ বামুন, গোসাঁই, মহন্ত সকলক অপমান কৰা কাৰনে, নে প্ৰভূ ঈশ্বৰক ঘেন্টা বুলি কোৱা কাৰনে, নে ৰঙালীৰ নিচিনা বৃহত মঞ্চ এখনত ৰাজহুৱাকৈ আপোনালোকক মদাহী বুলি কোৱা কাৰনে,নে জুবিনৰ টকা পইচাখিনি আত্মসাত কৰিবলৈ??কিয় কিয়?

 এতিয়া আমাৰ পিছৰ প্ৰজন্মই আমাক প্ৰশ্ন কৰিব, আমাক লগুন ডাল কিয় দিয়া হয়? ব্ৰাহ্মণ মানে কি,আমি কি উত্তৰ দিম? জুবিনেই নিয়ম ভঙাৰ কথা কৈছিল,আমিও জুবিনৰ অনুৰাগী।জুবিনৰ বহু কাজক আমি ভাল পোৱা নাছিলোঁ,বহু কাম কাজ কথা কাণ্ড আমি ভাল পাইছিলোঁ।জুবিনৰ সুৰাপান কৰাৰ অভ্যাসটো আমি বেয়া পাইছিলোঁ,সমালোচনা কৰিছিলোঁ,লগুন চিঙা কামটো বেয়া পোৱা নাছিলোঁ,প্ৰসংশা কৰিছিলোঁ।

মই নিজেও ব্ৰাহ্মণৰ সন্তান। মোৰ লৰাকো লগুন দিছোঁ,কিন্ত লগুন দিয়া সময়তে বুজাই দিছিলোঁ, এয়া আমাৰ পৰম্পৰাহে,লগুন ডাল তুমি ৰাখা নাৰাখা তোমাৰ কথা।জুবিনৰ মৃত্যুয়ে আমাকো সাহস দিছে।জুবিনৰ সাহসতেই বলিয়ান হৈ আজি মইও ৰাজহুৱাকৈ ঘোষনা কৰিলোঁ- মোৰ পৰিয়ালৰ   নতুন প্ৰজন্মৰ কোনোবাই লগুন নলওঁ বুলি কলে মোৰ কোনো আপত্তি নাথাকিব।

জয় জুবিন দা ♥️♥️

   বহু কথা ভাবিব পাৰি,কব নোৱাৰি।মই নিজেই বামুন কাৰণে নিজৰ দায়িত্ব নিজে লৈ কব পাৰিছোঁ,কৈছোঁ।বাকী নিজৰ নিজৰ কথা।

  শব্দখিনিকেই ফুল বুলি জুবিনলৈ আগবঢ়ালোঁ।

জুবিনেই কৈ গৈছে, প্ৰতি দিনেই তুমি ,দিবা আহি এপাহি ফুল...❤️

লিখনি 👉🏼হেমন্ত শৰ্মা।

শিৱসাগৰ।

আপোনাৰ অনুভৱ প্ৰকাশ কৰক ❤️❤️🙏🏼🙏🏼

#viralpost2025シ 

#JusticeForZubeen 

#জুবিন 

#জুবিন_গাৰ্গ_অমৰ_হওক 

#highlightseveryonefollowers 

#postviralシ

Dr. Kuladip Dutta FB wall

 ~~~~~~কথাখিনি ভালকৈ বুজি পোৱা নাই 

  " তোমাৰ স্বাস্থ্যৰ যত্ন লবা "  -  ৰিতা চৌধুৰী বাইদেৱে ভাবুক হৈয়ে ক'লে।

" মোক যন্ত্ৰ বনাই দিলে "  -  জুবিন দায়ে তলমুৱা হৈয়ে যেন বহুত আক্ষেপত ক'লে।

" কোনে বনালে " ??

" মানুহ... মানুহে বনালে "  - জুবিন দাৰযেন বুকুখন‌ ভাৰি হৈ উঠিছিল। অনুভব কৰাইছিল তাতকৈ বেছি নুশুদিব মই ক'ব নোৱাৰিম ।

 ** মোৰ প্ৰশ্ন - জুবিন দাক কোন‌‌ কোন‌ মানুহে এদিনত ৩০ পৰা ৩৫ টালৈ গান গাবলৈ বাধ্য কৰাইছিল। অতি কম মাননি দি গান‌ গোৱোৱা সেইবোৰ মানুহো জুবিনদাৰ মৃত্যুৰ কাৰণে দায়ী ।

সেইদিনা‌ জুবিন দাক এক বেলেগ‌ ৰূপত দেখিবলৈ পাইছিলো ফিল'চফাৰ জুবিন।

   " ৰৈ ৰৈ বিনালে সাগৰতেই আৰম্ভ সাগৰতেই শেষ"  - কৈ জুবিন দাৰ মুখত এটা মিচিকিয়া হাঁহি।

কথাবোৰ অত্যন্ত গভীৰ হৈ উঠিছিল ৰিতা বাইদেউ এগৰাকী মনোৰোগ বিশেষজ্ঞাৰ দৰে মনৰ ভিতৰলৈ সোমাই যাব‌ চেষ্টা কৰিছিল। কিন্তু জুবিন এলাপেচা আছিল জানো ।‌ সেইখিনি লৈকেহে বাইদেৱে যাব পাৰিছিল যলৈকে জুবিনৰ পাৰমিচন আছিল ।

" সেই অন্ধ ব্যক্তিজনে সাগৰ চুই চাব খোজে গভীৰতা জানিব‌ বিছাৰে " ।

" হই নেকি " ।

" তোমাৰ লক্ষ্য কি " ??

" মই সাঁতুৰি আছো । মই অকলে সাতুৰি আছোঁ মই পানীৰ গভীৰতা নাচাও জপিয়াই দিয়ো । এবাৰ জপিয়াই দিছিলো পাঁচজন মানুহে বচাই আনিলে।

। জাহাজখন পোৱাগৈ নাই " ।

  ** জুবিনে সেইদিনা চুইমচুট খুলি থৈ অকলে সাতুৰিব গৈছিল.... কিন্তু অকলে কিয় ?? তেওঁ সাধাৰণতে অকলে ক'ত নাযায় তাতে জুবিন অত্যন্ত ভাগৰুৱা হৈ আছিল । মানুহে কৈ আছে সেয়া হ'বলগায়ে আছিল। যদি আমি কথাখিনি যুক্তিৰে চাও যেনেকৈ এজন‌ অনুসন্ধানকাৰী বিষয়াই চায় কব‌ পাৰি নেকি সকলোৰে পৰা প্ৰতাৰণা পাই নিজে নিজক শেষ কৰি দিয়াৰ কথা মনলৈ আহিছিল নেকি ?? ইয়াত বিজ্ঞজনৰ মই মতামত বিছাৰিছো।

তাৰ পিছত জুবিনে কৈছে - " মই অকলশৰীয়া।‌ এটা মুহুৰ্তত অনুভব কৰো । তুমিও অকলশৰীয়া।

ৰিতা বাইদেৱে মথো মুৰ জোঁকাৰি স্বীকাৰ কৰিলে। 

" মৃত্যুৰ সময়ত মাত্ৰ তিনিজন মানুহ থাকিব । বাকী কোনো নাহে সেইসময়ত " । জুবিন দাৰ মাত ইতিমধ্যে থোকাথুকি হৈ পৰিছিল  যিজন জুবিন গাৰ্গে এনেয়ে কাকো খাতিৰ নকৰে ।

  ** জুবিন দাই‌ কোৱামতে সেই তিনিজন ব্যক্তি তেওঁৰ বাইদেউ , পত্নী গৰীমা আৰু পিতৃৰ কথা কৈছে নেকি ?? তেতিয়া হ'লে তেওঁৰ ঘৰত যে ২০ -২৫ জন মানুহে সদায় ভাত খাই তেওঁলোক জুবিনদাৰ শুভাকাংশী নাছিল নেকি ??

তাৰোপৰি বহু মানুহে কৈ আছে ৯ সংখ্যাৰ আকস্মিক সংযোগৰ কথা ।‌ কিন্তু জুবিন দাই এবাৰ এজনী ছোৱালীক‌ কৈ আছিল যে তেওঁ ৯ সংখ্যাটো নিজে  জানি বুজি ব্যৱহাৰ কৰে কাৰণ ই বহুত শক্তিশালী সংখ্যা । 

      বাকী তেওঁ ৫২ বছৰত ২০০ বছৰৰ কাম কৰি থৈ গ'ল । অসমখনক লগাতকৈ বেছি ভালপায় গʼল । জুবিন দাক কম মাননি দি তেওঁৰ সোৱে - বাৱে  হৈ পৰা প্ৰতিজন কৌটিপতিয়ে, প্ৰতিজন অপৰাধীয়ে শাস্তি পালেহে আমি পুনৰাই হাহিম পুনৰাই আগৰ দৰে সাধাৰণ অবস্থালৈ ঘুৰি যাম ।

    মানুহে সদায় ট্ৰেণ্ড ফলো কৰে মই সাধাৰণতে নকৰোঁ কথাবোৰ কেতিয়াবা গভীৰলৈ গতি কৰে । গতিকে এইকেইটা কথা পʼডকাষ্টটো চোৱাৰ পৰা মনত আহি আছে আৰু আপোনালোকৰ মতামত বিছাৰিলো ।

#JusticeforZubeenGarg #CMOASSAM

Monday, September 29, 2025

Dhruba Jyoti Arjuna FB wall

যিজন জুবিন লুকাই থাকিল : 

জুবিনৰ প্ৰতি মই প্ৰথম আগ্ৰহান্বিত হৈছিলোঁ বহুদিনৰ আগতে কোনোবা এখন পেপাৰত জুবিন সন্দৰ্ভে প্ৰকাশিত এটা লেখাৰ পৰা ৷ লেখাটোৰ বিষয়বিস্তু আছিল - অধ্যয়ন পিপাসু জুবিন । তাতে পঢ়িছিলোঁ কলিকতাৰ কোনোবা এটা লাইব্ৰেৰীত সংগীত বিষয়ক এখন দুষ্প্ৰাপ্য কিতাপ আছিল । সেই কিতাপখন পঢ়া মানুহ একদম কম । সেই কমসংখ্যক মানুহৰ ভিতৰত এটা নাম হ’ল জুবিন গাৰ্গ । 

অধ্যয়নশীল মানুহৰ প্ৰতি মোৰ আগৰেপৰা ভীষণ আকৰ্ষণ আছে ৷ অৱধাৰিতভাৱেই সেই লেখাটো পঢ়াৰ পিছত মোৰ মনত জুবিনৰ প্ৰতি ভীষণ আকৰ্ষণৰ সৃষ্টি হ’ল। পিছলৈ গম পালোঁ জুবিনে ভীষণ কিতাপ পঢ়ে ।

জুবিনক মই ভাল পোৱাৰ অলেখ কাৰণৰ ভিতৰত এইটো এটা কাৰণ । 

ইমান বিশাল গভীৰ অধ্যয়ন থকাৰ বাবেহে জুবিনৰ কণ্ঠই সেই বিশালতাকে প্ৰতিনিধিত্ব কৰে । জুবিনে নিজে লিখা গানৰ সংখ্যা কিমান ?

কোনোৱে এই মূহূৰ্তত সঠিক হিচাপ দিব নোৱাৰে । 

এইকেইদিন লিখিবলৈ এৰি জুবিনৰ অলেখ সাক্ষাৎকাৰ আৰু ভিডিওত মজি আছোঁ । তেনেই সাধাৰণযেন লগৰ ভিডিওবোৰৰ মাজতো মই এজন নতুন জুবিনক পাইছোঁ । প্ৰচুৰ জ্ঞানৰ অধিকাৰী এই মানুহজনক আমি চিনি পোৱাত দেৰি কৰিলোঁ । 

মন কৰিবচোন জুবিনে যিকোনো বিতৰ্কত হঠাতে অদ্ভুত কথা এষাৰ কৈ দিছিল ৷ অসমীয়াই ধ্ৰুপদী ভাষাৰ মাৰ্যাদা পাওঁতে জুবিনে কৈ উঠিছিল - অসমীয়া ভাষাক ধ্ৰুপদীৰ স্বীকৃতি দিবলৈ কি আছে ? এইটো চলিয়েই আছে । মই অসমীয়া কৈ আছোঁ। 

এনে এটা জটিল বিষয়ত জুবিনেহে মাত মাতিব পাৰে । এটা কাৰণেই পাৰে কাৰণ জুবিনে বিষয়টোৰ সন্দৰ্ভে অধ্যয়ন কৰিছে । জুবিনে বহুসময়ত কথাবোৰ সাঁথৰৰ দৰে কৈছিল ৷ এইটো অনুমান কৰিব পাৰি ৰীতা বাইদেউৰ পডকাষ্টটোত জুবিনে কোৱা এটা বাক্যৰ পৰা  ৷ ৰীতা বাইদেৱে অলপ জটিলকৈ কোৱা কথা এষাৰৰ উত্তৰত জুবিনে কৈছিল - এইবোৰ কথা মানুহে নুবুজিব ৷

অৰ্থাৎ জটিল বিষয় একোটাক জুবিনে সহজকৈ উপস্থাপন কৰি গ’ল । তেওঁৰ গীতবোৰক আমি সৰ্বদা ৰোমাণ্টিক আধুনিক গীত বুলিয়েই শুনি গৈছোঁ । তাক পৃথককৈ সাহিত্যিক বিশ্লেষণ কোনোদিনেই কৰা নাই । কিন্তু এতিয়া কৰিবই লাগিব । বিশেষকৈ জুবিনে নিজে লিখা গানবোৰক । এইখিনি অসমীয়া সংগীতৰেই নহয় অসমীয়া সাহিত্যৰো অমূল্য সম্পদ হ’ব । জুবিনৰ গানবোৰ বিহংগম দৃষ্টিত ৰোমাণ্টিক গান একোটা মাত্ৰ । কিন্তু তেনে গীতৰ কথাংশৰ গভীৰতাত অৱগাহন কৰি মুল সূত্ৰবোৰৰ অনুসন্ধান কৰিবই লাগিব । আজিৰ দিনটোত জুবিনৰ গীতৰ বিশ্লেষণ কৰি কোনো এখন আলোচনীৰ এটা সংখ্যা বা কিতাপ এখন প্ৰকাশ কৰাৰ কথা যদি চিন্তা কৰা হয় তেন্তে তেনে লেখা বৰ্তমানেও শূন্য হৈ আছে । ৰুমাল গীতটোত ৰুমালক  প্ৰতীকাত্মকভাৱে উপস্থাপন কৰি ব্যৱহাৰ কৰা Allusionৰ জুবিনৰ কৌশলী কলমক আৱিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী বিষয় । একেদৰেই " ৰ’দ আজি কেনি পাওঁ " ত ব্যৱহাৰ কৰা Oxymoron কৌশলক আমি কেইজনে উপলব্ধি কৰিছোঁ ? শব্দ যদি বৰ্ণবৃক্ষ গীতটোৰে জুবিনে যি বিদ্ৰোহ ঘোষণা কৰিছিল তাক আমি বুজি পালোঁ নে ? 

জুবিনে লিখা গানবোৰ একো একোটা সোণ চেকুৰা । প্ৰেম এক মছলাহে তাত । পাকৈত ৰান্ধনিৰ ৰন্ধনত ব্যৱহাৰ কৰা উপাদানৰ ওপৰত গভীৰ জ্ঞান থকাৰ বাবেই সুমিষ্ট খাদ্য ৰান্ধিব পাৰে । একেদৰেই বিষয়বস্তুৰ ওপৰত গভীৰ দখল থকাৰ বাবেই জুবিনৰ গানে বুকুত শিপাব পাৰিছিল । 

এইখিনি কথা মনলৈ আহিল কালি । কোনোবা এগৰাকী বিদেশী শিল্পী ( ? ) ৰ আগত জুবিনে ইংৰাজীতে পাতি থকা এটা কথোপকথন দেখাৰ সৌভাগ্য হ’ল । তাত জুবিনৰ এষাৰ কথাত মই ৰৈ গ’লোঁ । ভিডিওটো মই লগে লগে ভাষা তথা লিপিৰ গৱেষক সন্মানীয় ভাস্কৰ বৰদলৈ দাদালৈ প্ৰেৰণ কৰিলোঁ । তেনেই সৰু কিন্তু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা তথ্য জুবিনে কৈ আছিল । মই আচৰিত এই তথ্যটো জুবিনে জানিলে কি দৰে ?

তথ্যটো হ’ল - অসমত ২৫০ টা জাতি জনজাতি আছে যাৰ সৈতে জুবিনে কাম কৰিছে । 

তথ্যটো সম্পূৰ্ণ শুদ্ধ নহয় কিন্তু প্ৰায় শুদ্ধ , যিটো ইংৰাজীত আমি Near perfect বুলি ক’ব পাৰোঁ । অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য দৰাচলতে বিশ্বৰ ভিতৰতে সৰ্বাধিক । জুবিনৰ বৰ অসমৰ ধাৰণাটো যদি আমি গ্ৰহণ কৰোঁ তেন্তে অসম ( উত্তৰ পূৰ্বাঞ্চল )তে বিশ্বৰ ভিতৰতে ভাষা ঘনত্ব সৰ্বাধিক - 

২২০ টা ( ভাষা পিয়লৰ তথ্য অনুসৰি )

এইটো তথ্য ভাষাৰহে । জনগোষ্ঠীৰ সংখ্যা ইয়াতকৈ অধিক । বহু জনগোষ্ঠীয়ে কালৰ সোঁতত নিজৰ ভাষা হেৰুৱাই পেলালে - সোনোৱাল কছাৰী ,চুতীয়া ,মৰাণ আদি সকলৰ নিজস্ব পৃথক ভাষা নাই । এওঁলোকে কোৱা অসমীয়া ভাষাটো সামান্য পৃথক মাত্ৰ । ভাস্কৰদাই ক’লে ২২০ টা ভাষাৰ লগত এনে জনগোষ্ঠী তুমি আৰু দহৰ পৰা বিশটা যোগ কৰিব পাৰা । অৰ্থাৎ জুবিনে কোৱা ২৫০ ৰ ওচৰাওচৰি ।

এয়া গড় হিচাপত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ভাষা ঘনত্ব । 

আচৰিত কথা নহয়নে ?

য’ত গৱেষকসকলে অধ্যয়ন অনুসন্ধানৰ এটা দীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে গৈ এই তথ্যটোত উপনীত হৈছে তাত জুবিনে গানৰ মাজেৰেই এইখিনি লাভ কৰিছে । HE IS THE KING 

স্বীকাৰ কৰিবই লাগিব । 

এইজন জুবিনক আমি কিমান জানোঁ ? জুবিনে কৈ যোৱা Nothingness ৰ কথা তেওঁৰ কোনখিনি গানত উহ্য হৈ আছে এইখিনি গৱেষণা কৰাৰ প্ৰয়োজন আছে । এটা স্বীকাৰ কৰোঁ - জুবিনৰ গীতৰ তত্ত্ব বিছাৰ ইমান সহজ নহ’ব। কাৰণ জুবিনৰ জ্ঞান ইমান গভীৰ যে তেওঁ সেই একোটা তত্ত্ব তথা সিদ্ধান্তক ৰঙীন চোলা পিন্ধাই অতি সাধাৰণলোকেও ভাল পোৱাকৈ উপস্থাপন কৰিব জানিছিল । এইবোৰ মাষ্টাৰক্ৰাফ্ট । 

 সেয়ে তেওঁ জুবিন ।

Zubeen Garg Hindi Songs

 "Ya ali" singer Zubeen Garg বুলি জনাবোৰৰ  কৰানে 

Zubeen দাৰ হিন্দী গানবোৰৰ লিষ্ট তলত দিছো-

1. Ya Ali (Gangster 2006)

2. RAMA Re ( KAANTE 2002)

3. DILRUBA ( Namastey London 2007)

4. Socha Nahin Tha (Kaante  2002)

5. Jugnu Ki Payal (Aan: Men at Work 2004)

6. Dil Tu Hi Bataa (Krrish 3 2013)

7. Jaane Kya (Pyaar Ke Side Effects 2006)

8. Teri Tamanna  (The Train 2007)

9. Rama Rama (Bhokot 1999)

10. Subah Subah (I See You 2006)

11.Asha Meri Asha (1995)

12. Jaana Hai (Dum Maaro Dum 2011)

13. Zindegi Hosh Mein (Bas Ek Pal 2006)

14.Jag Lal Lal La l(Big Brother 2007)

15. Dheere Dheere (Bombay To Bangkok 2007)

16. Come On Sweet Girl (1995)

17. Chalte Chalo Re (Pakeeza 2013)

18. Mehbooba O Mehbooba (1995)

19. Kal Ko (1996)

20. Piya Milan Ko Jana Zubeen garg (Strings Bound By Faith 2006)

21. Ishq Zubeen Garg (Strings Bound By Faith 2006)

22.Marhaba (Garv: Pride & Honour 2004)

23. Ek Din Teri Raahon (Naqaab 2007)

24. Ya Ali - Remix (Aap Kaa Surroor 2006)

25. Ab Mujhko Jeena (Aashayein 2010)

26. Maya (1994)

27. Pyar Se(1996)

28. Kaise Kahon Kab Se Mein (Chandni Raat 1995)

29. Rab Ka Banda (Hello 2008)

30. SHOLA SHOLA (London Dreams 2009)

31. Yeh Kaisi Jagah (Hamari Adhuri Kahani 2015)

32. Mere Watan: Amaan's Fury (Fiza 2000)

33. Zindagi Aa Gayi (Victoria No. 203: Diamonds Are Forever2007)

34. Kya Raaz Hai (Raaz 3 2012)

35. KEE KASOOR (KAISAY KAHEIN 2007)

36. DIL TU BATAA (Krrish 3 2013)

37. Pardesia (Dance Masti... Again 2002)

38. Kafur (Pakeeza 2013)

39. RAME JAANE (Baalmiki Vol - VI. 2019)

40. TUM HO (Raqeeb Rival in Love 2007)

41. Maya Kaisi Hai Yeh Maya (1995)

42. Pakeeza (Pakeeza 2013)

43. Tune Chhua - Baras Jaa (Love U Family 2017)

44. Jhoom Barabar Jhoom (Jhoom Barabar Jhoom 2007)

45. Qurban Meri Zindagi (Sufi Ishq 2017 )

46. Woh Bheege Pal (Manorama: Six Feet Under 2007)

47. Rabbi (Zindaggi Rocks. 2006)

48.Dheere Dheere (Yeh Hai Jalwa 2002)

49. Sapne Saare (Mudda 2003)


Source: Facebook

নীলিম কুমাৰ FB wall

 সিদিনা গৰিমা শইকীয়া গাৰ্গক লগ কৰি কবিতা এটি দিলোঁ ৷

কবিতাটো হাতত তুলি দিয়াৰ সময়ত কৈছিলোঁ “ তুমিও এটি কবিতা ...."


গৰিমা

======


জুবিনক লৈ কবিতা লিখিলোঁ

কিন্তু কাষতে আছিল গৰিমা

গৰিমাও এটি মহৎ কবিতা 


জুবিন আছিল এখনি সাগৰ

গৰিমা এটি হ্ৰদ


সেই হ্ৰদে এতিয়া

দূৰৰ এখনি পাহাৰৰ পিনে চাই থাকিব

চাই থাকিব শূন্য এখন আকাশলৈ


এতিয়া গৰিমাই

সেই শূন্য আকাশখনৰ নাম থ’ব প্ৰেম

এতিয়া গৰিমাই 

বোবা পাহাৰখনৰ নাম থ’ব প্ৰেম 


গৰিমাই এতিয়া

স্মৃতিৰ আলমাৰীটোৰ নাম থ’ব

 দুখ

গৰিমাই এতিয়া

ধৈৰ্য্যৰ বাকছটোৰ নাম থ’ব 

দুখ


গৰিমাই এতিয়া

শূন্য বিছনাখনৰ নাম প্ৰেম নথয়

এতিয়া গৰিমাই

সকলো প্ৰেমৰ নাম থ’ব 

দুখ


গৰিমাও এটি মহৎ 

কবিতা


জুবিন এখনি সাগৰ

গৰিমা গভীৰ হ্ৰদ !


++++

২৫ -০৯ -২০২৫

Sunday, September 28, 2025

গগৈ-মুম্বাই FB Wall

 জুবিনৰ মায়াবিনী--

Beyond a Song...a Feeling.


জুবিনৰ "মায়াবিনী" আজি সমগ্ৰ অসমতে এটা প্ৰাৰ্থনা ।এটা শোক সঙ্গীত। জুবিনে কিয়ইবা ২০১৯চনৰ  সেই সন্ধিয়া সকলোকে কৈ থৈ গৈছিল It is a Fantasy--মই যিদিনা মৰিম সেইদিনা সকলোৱে "মায়াবিনী" গাব লাগিব।গাইছিল সকলোৱে।চকুৰ পানীৰে বাট নেদেখা হৈ গাইছিল।গুৱাহাটীৰ ৰাজপথ চকুলোৰ মহানদীলৈ ৰূপান্তুৰিত হৈছিল।কি আছিল "মায়াবিনী"।


জুবিন গাৰ্গৰ "মায়াবিনী" কেৱল এটি গীত নহয়;  অসমৰ ই এক সাংস্কৃতিক পৰিঘটনা।  এই ট্ৰেকটোৰ সমালোচনাত্মক বিশ্লেষণে বিশেষকৈ জুবিনৰ নিজৰ জীৱন আৰু উত্তৰাধিকাৰৰ প্ৰেক্ষাপটত ইয়াৰ সংগীতৰ উপাদান, গীতিময় গভীৰতা আৰু গভীৰ সাংস্কৃতিক তাৎপৰ্য্য বিবেচনা কৰিব লাগিব।

 বিষয়ভিত্তিক আৰু গীতিময় গভীৰতা

 "মায়াবিনি" (যাৰ অনুবাদ "এনচান্ট্ৰেছ" বা "ইলুচৰি") হৈছে প্ৰেম, হেৰুৱা আৰু সম্পৰ্কৰ ক্ষণস্থায়ী প্ৰকৃতিৰ এক নিপুণ অন্বেষণ।  জুবিনে নিজেই ৰচনা কৰা গীতৰ কথাবোৰ অতি কাব্যিক আৰু অন্তৰ্দৃষ্টিসম্পন্ন।  তেওঁলোকে এতিয়াও আশাক ধৰি ৰখা "ভগ্ন হৃদয়"ৰ কথা কয়, একেলগে বন্ধন আৰু মুক্তিৰ দৰে প্ৰেমৰ কথা কয়।  কেন্দ্ৰীয় বিষয়বস্তুটো ঘূৰি থাকে এজন প্ৰেমিক যি এজন "মায়াবিনী", সৌন্দৰ্য্য আৰু ভ্ৰম দুয়োটাৰে উৎস।  এই দ্বৈততাই গীতটোক আৱেগিক গভীৰতা দিয়ে।

গীতৰ কথাবোৰত শক্তিশালী চিত্ৰকল্প ব্যৱহাৰ কৰা হৈছে চন্দ্ৰৰ পোহৰ, ফুলৰ সুগন্ধি আৰু বিশাল আকাশ—বিচ্ছেদৰ পিছতো ৰৈ থকা স্মৃতিৰ অনুভূতি প্ৰকাশ কৰিবলৈ।  প্ৰশ্ন, "আপুনি মোক পাহৰি যাব পাৰিবনে?"  আৰু "প্ৰেমৰ প্ৰথম স্পৰ্শ পাহৰি যাব পাৰেনে?"  সাৰ্বজনীন আৰু গভীৰভাৱে অনুৰণিত।  গীতটোৱে বিচ্ছেদৰ যন্ত্ৰণাক ধৰি ৰখাৰ লগতে আশা আৰু ধাৰাবাহিকতাৰ অনুভূতিও আগবঢ়াইছে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বিদায়ী প্ৰেমৰ আত্মা প্ৰকৃতি আৰু স্মৃতিত জীয়াই থাকিব।

 সংগীত ৰচনা আৰু শৈলী

"মায়াবিনী" জুবিন গাৰ্গৰ অনন্য সংগীত শৈলীৰ এক মূল উদাহৰণ, যাক প্ৰায়ে পৰম্পৰাগত অসমীয়া লোকসংগীতৰ সৈতে আধুনিক পপ আৰু ৰক সংবেদনশীলতাৰ সংমিশ্ৰণ বুলি বৰ্ণনা কৰা হয়।  গীতটোৰ সুৰটো ভূতুনীভাৱে সুন্দৰ আৰু বিষাদময়, গীতিময় বিষয়বস্তুৰ নিখুঁত পৰিপূৰক।


গীতটোত সাধাৰণতে পশ্চিমীয়া আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰৰ মিশ্ৰণ থাকে।  গীটাৰ, কিবৰ্ড, ঢোলৰ ব্যৱহাৰে এক সমসাময়িক অনুভৱ প্ৰদান কৰাৰ বিপৰীতে সুৰ আৰু ছন্দে প্ৰায়ে অসমীয়া লোক বেলাডৰ সাৰমৰ্ম কঢ়িয়াই লৈ ফুৰে।  বহু বাদ্যযন্ত্ৰবাদক জুবিনে এনে চহকী আৰু স্তৰযুক্ত শব্দৰ দৃশ্য নিৰ্মাণৰ বাবে পৰিচিত আছিল।

 কণ্ঠৰ অভিনয়: জুবিনৰ কণ্ঠদান হয়তো আটাইতকৈ জটিল উপাদান।  তেওঁ এনে এক কেঁচা, আৱেগিক তীব্ৰতাৰে গায় যাৰ ফলত গীতৰ কথাত প্ৰকাশ পোৱা যন্ত্ৰণা আৰু হাবিয়াস শ্ৰোতাই অনুভৱ কৰে।  সুকীয়া সুকীয়া টিম্বাৰ আৰু আৱেগিক শক্তিৰ বাবে পৰিচিত তেওঁৰ কণ্ঠই হৈছে গীতটোৰ আত্মাক যোগাযোগ কৰা বাহন।

সাংস্কৃতিক আৰু উত্তৰাধিকাৰৰ তাৎপৰ্য্য

 "মায়াবিনী"ৰ প্ৰকৃত গভীৰতা জুবিনৰ বহল উত্তৰাধিকাৰৰ ভিতৰত ইয়াৰ স্থান আৰু অসমীয়া সংস্কৃতিত ইয়াৰ প্ৰভাৱ পৰীক্ষা কৰিলেহে বুজিব পাৰি।

এটি প্ৰজন্মৰ গীত: ২০০১ চনত নিৰ্মিত 'দাগ' ছবিৰ চাউণ্ডট্ৰেকৰ অংশ হিচাপে মুক্তি পোৱাৰ সময়ত "মায়াবিনী"ই নিমিষতে অসমৰ যুৱক-যুৱতীসকলৰ মাজত অনুৰণন ঘটালে।  ই হৈ পৰিল এটা সাংস্কৃতিক গীত, সেই সময়ৰ ৰোমান্টিক আৰু বিষাদগ্ৰস্ত zeitgeistক ধৰি ৰখা এটা বেলাড।  স্থানীয় সংবেদনশীলতাক সতেজ, আধুনিক শব্দৰ সৈতে মিহলি কৰাৰ ক্ষমতাই তেওঁক নতুন প্ৰজন্মৰ কণ্ঠস্বৰ হ’বলৈ সুবিধা কৰি দিলে।

জুবিনৰ  গীতটোৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে জুবিনৰ ব্যক্তিগত ইচ্ছাই।  ২০১৯ চনত তেওঁ বিখ্যাতভাৱে উল্লেখ কৰিছিল যে তেওঁৰ মৃত্যুৰ সময়ত "মায়াবিনী" একমাত্ৰ গীতটোৱেই বজোৱা উচিত।  এই ইচ্ছাই গীতটোক ৰোমান্টিক বেলাডৰ পৰা মাৰ্মান্তিক আৰু শক্তিশালী আৱেগিক মাধ্যমলৈ ৰূপান্তৰিত কৰিলে।  শেহতীয়াকৈ তেওঁৰ মৃত্যুৰ পিছত এই গীতটো বিদায়ৰ গীতত পৰিণত হৈছিল, সমগ্ৰ অসমৰ লাখ লাখ লোকে গাই বজাইছিল, তেওঁৰ ইচ্ছা পূৰণ কৰিছিল আৰু তেওঁৰ উত্তৰাধিকাৰৰ অবিচ্ছেদ্য অংগ হিচাপে ইয়াৰ স্থান চিমেণ্টেৰে গঢ়ি তুলিছিল। মায়াবিনী 

 "Beyond a song ...a feeling" ....

"মায়াবিনী" কেৱল সংগীতৰ টুকুৰাতকৈও অধিক;  ই নিজেই জুবিন গাৰ্গৰ প্ৰতীক।  ইয়াত তেওঁৰ কাব্যিক আত্মা, তেওঁৰ আৱেগিক গভীৰতা আৰু তেওঁৰ গৃহ ৰাজ্যৰ সৈতে তেওঁৰ গভীৰ সংযোগক সামৰি লোৱা হৈছে।  গীতটিৰ চিৰস্থায়ী জনপ্ৰিয়তা আৰু তেওঁৰ অন্তিম বিদায়ত ইয়াৰ ভূমিকাই এই কথাটোৰ কথা কয় যে তেওঁৰ সংগীত কেৱল সুৰৰ সংকলন নহয়, অসমবাসীৰ বাবে সামূহিক স্মৃতি আৰু আৱেগৰ ভঁৰাল আছিল।

 সামৰণিত ক'ব পাৰি যে "মায়াবিনী" আধুনিক অসমীয়া সংগীতৰ এক মাষ্টাৰপিছ।  ইয়াৰ সমালোচকৰ প্ৰশংসা ইয়াৰ গীতিময় কবিতা, ইয়াৰ সুন্দৰ আৰু উদ্ভাৱনীমূলক সংগীত ৰচনা, আৰু ইয়াৰ গভীৰ সাংস্কৃতিক অনুৰণনৰ পৰাই উদ্ভৱ হৈছে।  শিল্পকৰ্ম হিচাপে কেৱল নিজৰ যোগ্যতাৰ ওপৰত থিয় দিয়াই নহয়, জুবিন গাৰ্গৰ জীৱন, তেওঁৰ কলাত্মক দৃষ্টিভংগী, আৰু তেওঁ গোৱা মানুহৰ সৈতে তেওঁৰ চিৰন্তন বন্ধনৰ এক শক্তিশালী প্ৰতীক হৈ পৰিছে।


প্ৰিয় পাৰ্চী কবি আৰু চুফীবাদৰ এজন মহান মাষ্টৰ আছিল "ৰুমী"।ৰুমীৰ কবিতা আৰু গীত পৃথিৱীৰ সৰ্বত্ৰ অতি জনপ্ৰিয়।"ভ্ৰম আৰু ৰহস্যবাদৰ জৰিয়তে পাৰ্চীয়ান কবি গৰাকীয়ে ঐশ্বৰিক বাস্তৱতাৰ সন্ধান কৰিছিল।


When you become a pilgrim on the road of Love ?

The first condition is that।You make yourself humble aa dust and aahes ...(Rumi)


যেতিয়া আপুনি প্ৰেমৰ বাটত তীৰ্থযাত্ৰী হয় ?

 প্ৰথম চৰ্ত হ'ল।আপুনি নিজকে ধূলি আৰু ছাইৰ দৰে নম্ৰ কৰি লওক ...(ৰুমী)


আমাৰ হিয়াৰ আমঠু জুবিনৰ "মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি...

ধুমুহাৰ স'তে মোৰ 

বহু যুগৰে নাচোন..."


"মায়া...মায়া মাঁথো মায়া.

তুমি জানো সঁচানে

মৰমৰ মায়া"

জুবিন গাৰ্গৰ "মায়াবিনী"ৰ দাৰ্শনিক আৰু আধ্যাত্মিক বিষয়বস্তুৱে পাৰ্চী কবি ৰুমীৰ ৰহস্যময় কবিতাৰ লগত অনুৰণন ঘটায় বুলি এটা শক্তিশালী যুক্তি দাঙি ধৰিব পাৰি।  শতিকা, সংস্কৃতি আৰু ভাষাৰ দ্বাৰা পৃথক হৈ থকাৰ সময়তে দুয়োজন শিল্পীয়ে একেধৰণৰ আৱেগিক আৰু আধ্যাত্মিক পৰিৱেশৰ সন্ধান কৰে।


ৰুমী আৰু জুবিন গাৰ্গ--


ৰুমী আৰু জুবিন গাৰ্গৰ মাজত মূল দাৰ্শনিক সমান্তৰালতা নিহিত হৈ আছে তেওঁলোকে প্ৰেম আৰু আকাংক্ষাক আধ্যাত্মিক আকাংক্ষাৰ উপমা হিচাপে ব্যৱহাৰ কৰাত।  ৰুমীৰ বাবে এজন মানৱ প্ৰিয়জনৰ প্ৰতি থকা তীব্ৰ, প্ৰায়ে আনন্দময় প্ৰেম আছিল আত্মাৰ ঈশ্বৰৰ সৈতে পুনৰ মিলিত হোৱাৰ আবেগিক ইচ্ছাৰ প্ৰত্যক্ষ ৰূপক প্ৰতিনিধিত্ব।  তেওঁৰ কবিতা এটা "প্ৰিয়"ৰ পৰা বিচ্ছিন্নতা আৰু তাৰ পাছৰ আৱেগিক অস্থিৰতাৰ বিষয়বস্তুৰে ভৰি আছে, যিটো আধ্যাত্মিক মিলন লাভৰ দিশত এক প্ৰয়োজনীয় পদক্ষেপ।

ৰুমীৰ কবিতা: মাছনৱীৰ দৰে ৰুমীৰ ৰচনাত প্ৰায়ে "বেতৰ বাঁহী"ৰ কথা কোৱা হয়, যিটো নলৰ বিচনাৰ পৰা পৃথক হৈ নিজৰ উৎপত্তিস্থললৈ ঘূৰি আহিবলৈ হাহাকাৰ কৰে।  এই বিচ্ছেদৰ ফলত ইয়াৰ দ্বাৰা উৎপন্ন হোৱা যন্ত্ৰণাদায়ক, সুন্দৰ সংগীত।  ঈশ্বৰৰ পৰা বিচ্ছিন্ন মানৱ আত্মাৰ বাবে এইটো এটা কেন্দ্ৰীয় উপমা, যাৰ অস্তিত্বই এক ৰূপ হাহাকাৰ।  তেওঁৰ কবিতাই ৰহস্যময় সংযোগ লাভৰ বাবে আত্মাক (অহমিকা) সম্পূৰ্ণ আত্মসমৰ্পণক উৎসাহিত কৰে।

জুবিন গাৰ্গৰ "মায়াবিনী": "মায়াবিনী"ৰ গীতৰ কথাই প্ৰতিধ্বনিত কৰিছে এই একেটা বিষয়বস্তু হাহাকাৰ আৰু আধ্যাত্মিক অনুসন্ধানৰ।  গীতটোৰ শিৰোনাম, যাৰ অনুবাদ হৈছে "এনচান্টিং/মিষ্টেৰিয়াছ", ই এক ৰহস্যময় আৰু মায়াময় জগতক বুজাইছে।  "মায়াবিনী ৰাতিৰ বুকুত" ("ৰহস্যময় নিশাৰ বুকুত") আৰু "দেখা পালো তোমাৰ ছবি" ("মই তোমাৰ প্ৰতিচ্ছবি দেখিলোঁ") গীতৰ কথাবোৰে এজন "প্ৰিয়"ৰ ক্ষন্তেকীয়া, প্ৰায় সপোনসদৃশ দৰ্শনৰ কথা কয়।  "চুব খুজিলেই মোৰ দুহাতে, দিঠক আতৰি সপোন আহে," ("যি মুহূৰ্তত মোৰ হাত দুখন স্পৰ্শ কৰিবলৈ আগবঢ়ায়, বাস্তৱ পিছুৱাই যায় আৰু এটা সপোন আহি পৰে") এই আধ্যাত্মিক অভিযানৰ লুকাই থকা স্বৰূপটোক নিখুঁতভাৱে সামৰি লৈছে।  ইয়াত এই ধাৰণাটো প্ৰতিফলিত হয় যে "প্ৰিয়জন" কোনো স্পষ্ট সত্তা নহয় বৰঞ্চ ধৰি ৰাখিব পৰা নহয়, কেৱল অনুভৱ কৰিব পৰা এক ৰহস্যময় উপস্থিতি।

ৰুমী আৰু জুবিন দুয়োজনেই নিজৰ নিজৰ কলাত্মক পৰম্পৰাত মানৱ আৱেগৰ ভাষা ব্যৱহাৰ কৰি এক গভীৰ, অতিক্ৰমণীয় বাস্তৱতা প্ৰকাশ কৰে।  দুয়োজনে মহাজাগতিক ঘৰুৱা হেঁপাহৰ অনুভূতি প্ৰকাশ কৰে— এই পৃথিৱীত অচিনাকি হোৱাৰ গভীৰ অনুভৱ আৰু নিজৰ আধ্যাত্মিক ঘৰলৈ ঘূৰি অহাৰ অবিৰত ইচ্ছা।  জুবিনৰ "মায়াবিনী"ক সেয়েহে ৰুমীৰ কালজয়ী ঐশ্বৰিক সংযোগৰ সন্ধানৰ আধুনিক যুগৰ প্ৰতিধ্বনি হিচাপে চাব পাৰি, য'ত এজন ব্যক্তিৰ প্ৰতি থকা ৰোমান্টিক আকাংক্ষা সত্যৰ প্ৰতি গভীৰ, আধ্যাত্মিক আকাংক্ষাৰ এক প্ৰবল ইচ্ছা। 

            --------


(সদানন্দ গগৈ-মুম্বাই)


প্ৰণৱ কুমাৰ বৰ্মন FB wall

 জুবিন গাৰ্গে ভোকতো খাবলৈ নোপোৱা ভাত সাজ....


১১ নৱেম্বৰ, ২০১০ চন।জুবিন গাৰ্গে সংগীত শিল্পী ,তেখেতৰ বন্ধু দীপক দাসক সুধিলে - প্ৰণৱ ক'ত থাকে।তাক লৈ আহ।" বাঁহী" ৰ গান এটা লিখাও।দীপক দাই ফোন কৰিলে নিশা ১২:৩০ মান বজাত।তেতিয়া ভাৰাঘৰত খাই বৈ দীপজ্যোতি মই শুই আছোঁ।তথাপি ফোনটো ধৰিলোঁ।দীপক দাই ক'লে - তোমালোকৰ ভাৰাঘৰৰ সমুখত মই। জুবিনে মাতিছে।খপজপকৈ উঠি ,পেন্ট ছাৰ্ট পিন্ধি দীপ ,মই গৈ গাড়ীত বহিলো।গৈ জোনালীৰ এন কে ষ্টুডিঅ' পালোঁ।জুবিন গাৰ্গে সুৰ এটা শুনালে।মই ডায়েৰি এটা লৈয়েই গৈছিলোঁ।জুবিনদাই ক'লে- লিখ এই সুৰমতে।আমিও এটা উচ্চ মানৰ গীত লিখিম বুলি কলম চলালো।তেওঁ কাষতে বহি চাই থাকিল।ক'লে - এইবোৰ কোনে বুজি পাব? ঠেলাৱালা ,ৰিক্সাৱালাই বুজাকৈ লিখ।ঠেলাৱালা ,ৰিক্সাৱালাই কি গান বুজে ভবাত অলপ কষ্ট হ'ল।দীপৰ সতে সকাহ ল'বলৈ অলপ বাহিৰলৈ আহিলোঁ।দীপে ক'লে - ইমান ধুনীয়া কথা লিখিছে - জুবিনদাই কি কয় দেখোন!দীপক দা ওলাই আহিল - ক'লে - ভিতৰলৈ মাতিছে।সময়ো গৈ আছে।সকলোৰে টোপনি যাব খুজিছে।- ধোঁৱা সোপা খাই থাক।তাতকৈ চাধা খাবি।আকৌ কলম তুলিলোঁ।তেওঁ সুৰটো আওৰাই আছে।ডায়েৰিত লিখা নতুন শাৰীটো- সাগৰ সাগৰ।তেওঁ ডায়েৰিটো লৈ - আকৌ লিখিলে - সাগৰ সাগৰ,ডাৱৰ ডাৱৰ। নিশা ৩ মান বাজিছিল।দীপক দাৰ ওপৰত এখন পাৰ্লাৰ আছিল।তেওঁ শুবলৈ গ'ল।দ্বীপো ওপৰলৈ গ'ল।জুবিনদাৰো খোজ অলপ অস্থিৰ ।চাধা খাই খাই থুৱাই আছিল।মই বাহিৰলৈ ওলাই আহো।তেওঁ আহি আকৌ লৈ যায় ভিতৰলৈ।ড্ৰয়াৰৰ পৰা কিতাপ এখন উলিয়াই আনিলে- শব্দ অনুভূতি।তেওঁৰ নিজৰে কাব্যগ্ৰন্থ। এটাৰ পাছত এটা কবিতা মাতি শুনালে- মোৰ সমান কোনেও লিখিব নোৱাৰে বুজিছ।তাৰপাছত কিতাপ খনত বাক্য এটা লিখিলে -THINK BUDDHA - LOVE-ZUBIN.যিখন আজি মোৰ বাবে এক অমূল্য সম্পদ। তাৰপাছত তেখেতে ক'লে - এছ ডি বৰ্মনৰ গানৰ কাম কৰি আছোঁ,শুন।গানবোৰ শুনিলোঁ( ৬ মাহ মান আগতে যাওতেও সেইকেইটা গানৰে কাম কৰি আছিল আৰু শুনাইছিল- ১৫ বছৰ পাছত।) গান শুনা শেষ হ'ল।জুবিন গাৰ্গৰ ভোক লাগিছিল।ৰান্ধনীৰ পৰা সকলো ঘোৰ নিদ্ৰাত।পাকঘৰৰ পৰা ভাতৰ ঠাল এখন আনি খঙত জকি উঠিল জুবিন দা।ঠাল খনত কৰ্কৰা যেন ভাতৰ মখা এটা আৰু তাৰ ওপৰত ঠাণ্ডাত গোট মৰা দাইল অক'মান।চিঞৰি চিঞৰি তেওঁ ক্ষোভত ক'বলৈ দিলোঁ- বজাৰ কৰিবলৈ গধূলিতে পইচা দিলোঁ কে..নিজে খাই এইডাল ৰাখিছ।ভয়ত সকলো পেপুৱা লাগিল।জুবিন গাৰ্গে উগ্ৰ ৰূপ ধৰিলে ভোকৰ ভাতসাজ সুন্দৰকৈ খাবলৈ নাপাই।ৰিচিপচন কোঠাত থকা বটল কেবাটাও ভাঙিলে।চিডিত কাম কৰা চতিয়াৰ ফালৰ দুজনমান অভিনেতা উঠি আহিল।দীপক দা,দ্বীপজ্যোতি আহিল।আমি আগচি ধৰি শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ।কিন্ত্ত সম্ভৱ নাছিল।বহু সামগ্ৰী তেওঁ তললৈ দলিয়াই দিলে- মোৰ কাৰণে চলি আছ সকলো।এই ষ্টুডিঅ' মোৰ কাৰণে চলি আছে।কৈ দিবি সবকে।আধাঘন্টা মান পাছত তেওঁ ক্ষান্ত হ'ল।তেওঁৰ লগত তললৈ নামি আহিলো।তেতিয়া ৰাতি পুৱাইছিল।চাইকেলত পাচলিৰ বেপাৰ কৰা বেপাৰীজনৰ পৰা সুন্দৰকৈ বজাৰ কৰিলে আৰু নিৰৱে গাড়ীত উঠি গুচি গ'ল।কিছু সময় আমি কথাটো আলোচনা কৰিলো- জুবিন গাৰ্গৰ দৰে তৰাটোৰ ৰাতি ভালকৈ খাবলৈ ভাত সাজ যতনাই দিবলৈও মানুহৰ গুৰুত্ব নাই- তেঁৱেই  মাছ মাংস বজাৰ কৰিবলৈ পইচা দিলে অথচ খাবলৈ গৈ খাব নাপালে ।চিটিবাছ বোৰ চলিবলৈ আৰম্ভ কৰিছিল।  দ্বীপ মই চিটিবাছ এখনত জপিয়াই উঠিলোঁ।ভালেমান দিন এই কথাটোৰ আলোচনা চলিল- ভোকত জুবিন গাৰ্গৰো ভাত নাথাকে!!!

Dhruba Jyoti Aura FB Wall

 The Aura of ঈশ্বৰপুত্ৰ : 

তাক মই ঈশ্বৰপুত্ৰ বুলিয়েই সম্বোধন কৰোঁ । তাৰ গান শুনিছিলোঁ কিন্তু সি মানুহটো কি মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । তাৰ কণ্ঠৰ - অ’ পলাশ শিমলুটো মোৰ প্ৰিয় গীত ( যদিওঁ মুল গীতটো বৈকুণ্ঠ গগৈয়ে গাইছে )  ৷ 

কি আছিল সি ? 

দৰাচলতে সি এক অমূল্য সম্পদ আছিল আমাৰ । মাত্ৰ আমি সময়ত তাক চিনিও চিনি নাপালোঁ । তাৰ সংগীতৰ জ্ঞানৰ গভীৰতাৰ বিষয়ে জানিবলৈ বাবু আৰু তাৰ মঞ্চৰ ধেমালিখিনিয়েই যথেষ্ট ৷ পেদেল মাৰি মাৰি গানটো বাবুৰ সৈতে একেলগে গাই হঠাতে সি ৰৈ দিছিল । বাবুক কৈছিল - এইখিনিত ৰৈ দে । Silence টো দৰকাৰী । 

 নীৰৱতাকো সংগীতৰ লয়ত ব্যৱহাৰ কৰিব পৰাৰ দক্ষতাই কয় সি কিয় জুবিন গাৰ্গ ৷ ৰীতা বাইদেউৰ যাদুকৰী পডকাষ্টটোৰ বিষয়ে কিছুদিনৰ পিছত লিখিম । তাত থকা বাংময় নীৰৱতাখিনিক বুজিবলৈ মোক আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব । আত্মোপলদ্ধি আৰু ভূমিৰ পৰা ভূমালৈ বৃহত্তৰ ৰূপত দেখা দিয়া এই জুবিন মোৰ বাবে অচিনাকি । 

 " হেহ ! মানুহে বুজি নাপাব । " - সি কোৱাখিনিতে ৰৈ আছোঁ । 

 এৰা , আমি বুজি নাপালোঁ। 

 জুবিনক লৈ দৰাচলতে অলেখ গৱেষণা হ’ব লাগিছিল ।  বৌদ্ধিক দৈন্যতাত আক্ৰান্ত অসমীয়া তথাকথিত বৌদ্ধিক সমাজে জুবিনক কোনোকালেই উপলব্ধি কৰিব নোৱাৰিলে । সহস্ৰ সাক্ষাৎকাৰেও জুবিনক স্বৰূপত ভাস্বৰ কৰিব নোৱাৰিলে ।  ব্যতিক্ৰম মাত্ৰ এই অন্তিম পডকাষ্টটো । 

মানুহৰ দৃষ্টিৰে অলৌকিক যেন কথাবোৰো বহু আগৰে পৰা হৈ আছিল । বিশাল প্ৰকৃতিত জুবিনৰ অৱস্থান কি আছিল ?

জুবিনৰ ফটোৰ আগত পৰি ৰোৱা কাছ ,কুকুৰ ,ঘোঁৰা , ষাঁড় ,কাউৰী ,বগলী ,বান্দৰ সকলোবোৰ কাকতালীয় নে ? 

ইন্টাৰভিউ এটাত দেখিলো -  বনৰীয়া বাঢ়ৈটোকা চৰাই এটাই জুবিনে হাত মেলি দিওঁতে হাতত আহি বহি লৈছিল। জুবিনে তাক বুকুত আলফুলে সাৱটি লৈ দুদিন লগত ৰাখিলে । ষ্টুডিঅ’ত বনৰীয়া অজগৰ এটা বগাই ফুৰিছিল তাৰ লগতে । ইন্টাৰভিউটো দিছিল শেখৰ গোস্বামী আৰু জুবিনৰ দীৰ্ঘদিনৰ সংগী বাদ্যযন্ত্ৰী ৰাজা দাই । মিছা হোৱাৰ সামান্যতমো অৱকাশ নাই । জীৱনৰ অন্তিম পডকাষ্টটোত তেওঁ কৈ গৈছে বাঘ এটা পুহি তেওঁ কিদৰে তাৰ লগত উমলি আছিল ।

এইখিনিৰ বাখ্যা কি দৰে কৰিম ?

জুবিনৰ aura টো কিমান শক্তিশালী আছিল যে তাৰ প্ৰভাৱত বনৰীয়া জীৱয়ো তেওঁৰ উচৰত বইচ হৈ দিয়ে ?  

Aura বুলি ক’লে বহুতে তিৎকাৰি পাৰিব । গতিকে তাক আধুনিক বিজ্ঞানৰ ভাষাৰেই কওঁ - bioelecromagnetic field ৷ এই বায়’ ইলেক্ট্ৰ’মেগ্লেটিক ফীল্ডখনৰ ভিন্ন ৰঙৰ প্ৰতিফলনেই হ’ল Aura ৷ এই ৰঙৰ ধাৰণাটো এতিয়াও প্ৰমাণিত হোৱা নাই যদিও ইয়াৰ ওপৰত কিন্তু গৱেষণা চলি আছে । 

জীৱ জন্তুবোৰে এই BioElectromagnetic field খন অনুভৱ কৰিব পাৰে কাৰণ মানুহতকৈ ইহঁতৰ ষষ্ঠেন্দ্ৰিয় বহু বেছি শক্তিশালী । 

 জুবিনৰ এই Bioelectromagnetic field খন অন্য সাধাৰণ দহজনকৈ বহু বেছি গুণ শক্তিশালী আৰু ধনাত্মক আছিল যে এই জীৱজন্তুবোৰে তেওঁৰ ওচৰত বইচ হৈ দিছিলহি । শেখৰে ইন্টাৰভিউটোত কৈছেই হয়টো দাদাৰ ভাইবটো ইমান বেছি পজিটিভ আছিল যে জীৱ জন্তু চৰাই চিৰিকতিয়েও তেওঁৰ ওচৰত আশ্বস্ত হৈছিলহি । 

 এই বিষয়ে গৱেষণা কৰিবলৈ দাদা পাৰ্থিৱ শৰীৰটোৰেই বিনাশ ঘটিল । সহস্ৰ বৰ্ষত এনে ব্যক্তি এজনৰহে জন্ম হয় যাৰ মৃত্যুত প্ৰকৃতিও বেদনাত দগ্ধ হয় । 

 সেয়ে তেওঁ ঈশ্বৰপুত্ৰ । 

 নাম - জুবিন গাৰ্গ ।

Saturday, September 27, 2025

ড: ৰঞ্জিতা বনিয়া FB Wall

 Unspoken Words of Mini 

ঐ ছোৱালী...... তোৰ গানটো কিন্তু  ময়ে‌‌ই গাম!


দুসংবাদটো পোৱাৰ পৰা ভাবি আছো  কিবা এটা  লিখিম। কিন্তু লিখিবলৈ যেন শব্দবোৰে লগ দিয়া নাই। সপোন সপোন লগা জীৱন, কাকতলীয় ঘটনাবোৰো।  মোৰ জীৱনৰ প্ৰতিটো মৃত্যুৱে কঢ়িয়াই অনা সত্যৰ দৰে মই নাজানো সমগ্ৰ অসম কপোৱা এই মৃত্যুৱে কোনটো সত্য কঢ়িয়াই আনিব। 

মোক আপোন বুলি ভবা সকলৰ বাদে আনে মোক তই বুলি ক'লে মই  বৰ বেয়া পাও, সঁহাৰি দিয়াটোতো দূৰৰে কথা ( যিদৰে সেইদিনা অম্বেশ্বৰ ৰাজখোৱাক দিয়া নাছিলো! বহু সময়ত হেমন্তও এই ৰোষত পৰে)। 


কিন্তু কিয় জানো তেওঁ যেতিয়া কৈছিল...   তই বৰহাটৰ? আৰে তইচোন আমাৰ ঘৰৰে ছোৱালী! বৰহাটত মোৰ ঘৰ আছে নহয়।  মোৰ দুখন ঘৰ- এখন জাঁজীত আৰু এখন বৰহাটত। ইটো সিটোকৈ আৰু বহুত কিবা কিবি.......... 

ক'তা মোৰচোন  অলপো খঙ নুঠিল। ইমানেই আপোন কৰিব পাৰে মানুহজনে। বহুবাৰ তেওঁৰ অনুষ্ঠান উপভোগ কৰিছো, ভিৰৰ মাজত থিয় হৈ চিঞৰি চিঞৰি মোৰ বেসুৰা মাতেৰে লগৰবোৰৰ লগত তেওঁৰ গীত আওৰাইছো। কেতিয়াবা আকৌ অভিমানত ৫০০ মিটাৰ দূৰৈৰ (চৌকিডিঙি) অনুষ্ঠানলৈও যোৱা নাই (গলাধকৰণ কৰি নিজকে ধ্বংস কৰিলে বুলি )! কিন্তু বেলকনিৰ সেউজীয়াখিনিৰ মাজত বহি  জোনৰ পোহৰত  মাইকত ভাহি অহা প্ৰিয় শিল্পীজনৰ গীত পুৱতি নিশা লৈকে শুনিছোঁ (লগতে হেমন্তৰ বাবে অপেক্ষাও কৰিছো-  চৰম সীমা, তেওঁ  গোটেই ৰাতিটো  ASTC ত বহি বন্ধুবৰ্গৰ লগত গীত শুনি শুনি আড্ডাত মচগুল, পাছদিনা আকৌ  বেঙ্কো খোলা 😶)  মই পিছে কেতিয়াও  ব্যক্তিগতভাৱে তেখেতক লগ পোৱা নাছিলো, চেষ্টাও কৰা নাই  বাৰু। 


প্ৰথমবাৰ ক্ষন্তেকৰ বাবে লগ পাই  মোক ইমান আপোন কৰি ললে যেন বহুদিনৰ চিনাকি। সেয়াই তেওঁৰ পৰিচয়। ইমান কম সময়ত বহু কথাৰ মাজত মই মোৰ  বিশ্ববিদ্যালয় দিনতে লিখা  শব্দ কেইটামান তেওঁক শুনাবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। মোৰ অলপ সন্দেহ আছিল, তেওঁ যদি নুশুনে !হাজাৰজন  দৰ্শকৰ আগত আজি মন নাই - গান নাগাও বুলি কোৱা মানুহজনহে😔! কিন্তু তেওঁ মোক ভূল প্ৰমাণিত কৰি বৰ মন দি শুনিলে। কেৱল শুনাই নহয়, পিছ মূৰ্হুততে তেওঁ গুণগুণালে......

মৰম দিলে মৰম দিয়াৰ কথা যে ছি্ল'

পায়ল পিন্ধে ঝুমুৰ  নাচাৰ কথা যে ছি্ল'

না ভুলাবেৰে মিনি, না ভূলাবে।

মাদলেৰ তালে তালে দেহা লহৰায় 

ফাগুনৰ হাৱায় যখন আচল উড়ায়

না ভুলাবেৰে মিনি, না ভুলাবে.......

..............

..............

..............

I love it.

এইটো হিট হব চাবি। 

মই কৈছোঁ তোক।

শব্দবোৰ বৰ‌ ভাল  হৈছে।

সাংঘাতিক ৰোমাণ্টিক বে তই। 

 চকু কেইটা ইফাল সিফাল কৰি সময়খিনি  পাৰ হোৱালৈ বাট চাইছো। মই অলপ অপ্ৰস্তুতো হৈছো, মোক আজিলৈকে কোনেও "বে" বুলি কোৱা মনত পৰা নাই, হেমন্তৰ কাৰোবাৰ ওপৰত সেই অভং খঙটো উঠাৰ বাদে, তথাপিও মই সঁকীয়াই দিওঁ তেওঁ সেইবোৰ শব্দ ব্যৱহাৰ কৰি মোৰ লগত কথা পাতিব নোৱাৰে।

মোৰ অৱস্থাটো দেখি তেওঁ আকৌ ক'লে 

.....  ইমান দিন হ'ল.... কিয় সাঁচি ৰাখিচ' ইমান ধুনীয়া গানটো?  তেওঁ আকৌ গুণাগুণালে..... মৰম দিলে......

উফ! মোৰ যেন বিশ্বাসেই হোৱা নাই। তেওঁৰ সুন্দৰ কন্ঠত মোৰ শব্দবোৰে প্ৰাণ পাই উঠিছে। ইমান মিঠা সুৰ।

- তোৰ লগত কথা পাতি‌তো লগা নাই তই বাগানীয়া কও। সঁচাকৈ ক..... তই জান' জানো- মুখত সৰু ল'ৰাৰ দৰে দুষ্টামিভৰা হাহি। মই আচৰিত হোৱা নাই। এইবাৰ মই অপ্ৰস্তুতো নহয়।জীৱনত বহুবাৰ শুনিছোঁ কথাষাৰ- কিয় জানো মানুহৰ ধাৰণা যে মই মোৰ জন্ম ভাষাটো ভালকৈ কব নাজানো। মই একো উত্তৰ নিদিলো। সঁচা কথাৰ স্পষ্টীকৰণৰ প্ৰয়োজন থাকে বুলি মই বিশ্বাস নকৰো।


-আচলতে মই গীত লিখা মানুহ একেবাৰে নহয়। কেতিয়াবা নিজানত ডায়েৰীৰ পাতত  শব্দৰ লগত খেলি ভাল পাওঁ, তাকো হৃদয়ৰ  একান্ত তাগিদাত (ড়ায়েৰীৰ পাতৰ পৰা বাহিৰলৈ উলিওৱাৰ  কথা পিছে কেতিয়াও ভবাই নহ'ল)। তেনে কোনো দুৰ্বল মূহূৰ্ত্তৰ পৰিণতি এই শব্দবোৰ। শেষৰ শাৰীবোৰ মোৰ নিজৰো ভালকৈ তেতিয়া মনত নপৰিল। ধূলিৰ মাজত পোত খোৱা ড়ায়েৰীত বিচাৰিলে  মাহতৰ ঘৰত ক'ৰবাত উলাব।

আকৌ ক'লে.....সেই আকৰীজনী। ক' আকৌ। ইমান দিনে আৰু বহুত কিবা কিবি লিখিব পাৰিলিহেতেন (হঠাৎ হেমন্তলৈ মনত পৰি গ'ল । অ' মইতো আকৰীয়েই, তাত কোনো সন্দেহেই নাই। চলচলীয়া চকুযুৰীৰে বৈ আহিব খোজা চকুপানীখিনিক বাধা দি ক'লো- ক্ষমা কৰিবা, এই মূহুৰ্তটো তোমাক দিব নোৱাৰো)।

লাহেকৈ কলো -মই ভাষাৰ শুদ্ধ উচ্চাৰণত বৰ  গুৰুত্ব দিওঁ। আজিলৈকে যিমান বোৰ  গায়কৰ ( জনগোষ্ঠীৰ বাহিৰৰ) গীত  জনপ্ৰিয় হৈছে, আপোনাৰ বাদে , মই কতোৱেই সন্তুষ্ট নহয়, উচ্চাৰণৰ ক্ষেত্ৰত। এই কথাটো মোৰ ঘনিষ্ঠমহলৰ লগত বহুবাৰ আলোচনাও কৰিছো । বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা লেখৰাজ নন্দকো এবাৰ কৈছিলো, গায়কে যে  গীতৰ লেখকক উপযুক্ত স্বীকৃতি নিদিয়ে, সেই অভিমানো দেখিছো/অভিযোগো শুনিছোঁ । আৰু আপুনি মোৰ দৰে চিন চাপ নথকা মানুহৰ গান কিয় গাব'?

 - তাৰ মানে মই ভাল গাও-  

মোক আকৌ অপ্ৰস্তুত কৰি তেওঁ যেন ৰঙহে চাব বিচাৰিছে। ....অ', আপোনাৰ উচ্চাৰণ স্পষ্ট - কোনোবা পুৰণি আপোন মানুহক কোৱাৰ দৰে কলো। বহুদিন কম কম বুলি ভাবি থকা চিন্তাবোৰ অসমৰ সংগীত জগতৰ শীৰ্ষৰ মানুহজনৰ আগত মুকলিকৈ ব্যক্ত কৰি ডাঙৰ বোজা এটাৰ পৰা মুক্ত হলো যেন বোধ হ'ল।

তই বিনদাচ্ কথা কও।

I like it. 

I like your attitude.

ইচ্- তোক আগতেই লগ পাব লাগিছিল।  মই বাগানৰ কিবা কাম হাতত ললে তই কিন্তু মোক হেল্প কৰিব লাগিব। (হেল্প বিচাৰিছে যেন নালাগিল, সেইটো দাবীহে🙏)

  মই মূৰটো জোকাৰি হাহিৰে হয়ভৰ দিলো। নিজকে চিকুটি চাবলৈ মন গ'ল, ময়েই নে!

 ত্ই মোক লিখি দে গানটো।

মই বেগৰ পৰা কাগজ  আৰু কলম এটা উলিয়াই ল'লো। উছাহতে প্ৰথম শাৰীটো লিখি ৰৈ গ'লো।

ওহো, এনেকুৱা আখৰেৰে দিব নোৱাৰি।  মই আগতে প্ৰান্তিকত লিখোঁতেও মোৰ বান্ধবী হেমা কাঞ্চন ফুকনে (Hemakanchan Phukon) হে মোক  তেওঁৰ ধুনীয়া আখৰেৰে কপি কৰি দিয়ে। কথাটো মনত পৰি  বৰ অসহায় অনুভৱ কৰিলো। জীৱনত প্ৰথমবাৰৰ বাবে  বেয়া আখৰৰ কাৰণে নিজলৈ পুতৌ উপজিল 😔। আজি কিছুদিন আগলৈকৈ মই দূৰভাষত অসমীয়া লিখাতো পাকৈত নাছিলো। নিমিষা (Nimisha Saikia) বাইদেউৰ তাগিদাত হে মই জী উঠিছো। তেওঁ কি বুজিলে নাজানো- হ'ব দে, পাছত দিবি বুলি কৈ সামৰিলে। উফ! ৰক্ষা।

-লাহে লাহে অনুৰাগীৰ ভিৰ বাঢ়িল। কি বুঢ়া, কি ডেকা... সকলোকে হাঁহিমুখে সম্ভাষণ,  জনপ্ৰিয়তায়ো মানুহজনক অহংকাৰী  কৰি তুলিব পৰা নাই। অলপ বেপেৰুৱা মাথো, নিজৰ পৃথিৱীৰ ৰজা।

লবীৰ পৰা ওলাই যোৱাৰ পৰত দূৰৈৰ পৰাই চিঞৰিলে (মই আশা কৰা নাছিলো)  .... ঐ ছোৱালী.. যাওঁদেই। তোৰ গানটো কিন্তু ময়েই গাম। কাউৰীঠেঙীয়া আখৰকেইটাৰে লিখি দি পঠিয়াবি।

 তেওঁৰ দুষ্টামি ভৰা হাহিটো দেখি হাহিম নে কান্দিম  যেন লাগিল। কাউৰীঠেঙীয়া আখৰ? .... তেওঁ বাৰু কেনেকৈ  মোৰ মনৰ কথাটো জানিলে... মোৰ‌ আখৰ কেইটাৰ বাবে মই ৰৈ গ'লো বুলি। কাণখন গৰম হৈ যোৱা যেন লাগিল।  সকলোৱে যেন‌ মোক চাই হাহিছে কথাষাৰ শুনি, ধেৎ.....সকলো চিন্তা একাষৰীয়া কৰি মই‌  হাতখন জোঁকাৰি হাহিয়ে বিদায় জনালো।

 বিদায় জুবিন দা! 

সময়ত নকৰা বাবে জীৱনত বহু কামেই ৰৈ গ'ল, আপোনাক গানটো দিবলৈ ৰৈ যোৱাৰ দৰে। এতিয়া বহু দেৰি হ'ল।

 গোটেই অসমে কান্দিছে। মই কিন্তু পৰা নাই।  চকুপানীবোৰ কাহানিবাই শুকালে। বুকুত বিষ হয় বুলি আগতে কোৱা শুনিছিলো, আজিকালি অনুভৱ কৰোঁ। নিজৰ দুখবোৰ আনৰ আগত প্ৰকাশ কৰাত মই সদায়েই কৃপণ।  মৃত্যুৱে কঢ়িয়াই অনা সত্য দেখি জুবিনদাই যেন নিজস্ব ভঙ্গীমাৰে‌ কৈছে....  কোনোবা এজন‌ মানুহে  মোক ভাল নাপালেও নাই। চা, এসাগৰ  মানুহ। কি মন্ত্ৰী, কি   MLA সকলোকে লাইনত আনি দিলো। আজি জনতাৰ চকুলোৰ সাগৰত মই সাতুৰিছো। মোৰ কোনো জাতি নাই,  মোৰ কোনো ধৰ্ম নাই। মই মানুহ।

ঠিকেইতো,‌ সকলোৱে তেওঁক বা‌ তেওঁ সকলোকে চিনি পায়‌ এনে নহয়। জাতি- ধৰ্ম, ভাষা- বৰ্ণ, শাসক-বিপক্ষ সকলো একাকাৰ ৰাজপথত ।  অসমৰ প্ৰায় প্ৰতিটো ঘৰত শোকৰ ছাঁ ( দেশ বিদেশৰ কথা নকলোৱেই), ঘৰৰ ল'ৰাটোক হেৰুওৱাৰ যন্ত্ৰণাত যেন নীৰৱে ছটফটাইছে, কত্ই উচুপিছে গোপনে, কান্দিলে পুৰুষ দুৰ্বল প্ৰমাণিত হ'ব বুলি ভবা ধাৰণাক উফৰাই  কতই চিঞৰি চিঞৰি কান্দিছে, কোনোবাই গানৰ মাজতে নিজৰ কান্দি কান্দি ওখহা মুখখন লুকুৱাইছে, টোপনিয়েতো চকুৰ লগ এৰিলেই, মানুহে যেন উশাহ ল'বলৈ পাহৰি গ'ল। ইমানেই মৰমৰ -জুবিন দা। 


স্তব্ধ অসম। চকুত চকুলো লৈ পথত লাখ লাখ মানুহ, কোনো হুলস্হূল নাই, কোনেও কাকো একো প্ৰশ্নও কৰা নাই, কোনো শ্লোগান নাই, কোনো মঞ্চও নাই, অথচ চৌদিশে জুবিনৰ গানৰ লহৰ, আকাশ বতাহ কপাইছে। কোনো বাধ্যবাধকতা নাই, অথচ সকলোৱে ভগ্ন হৃদয়েৰে  শান্ত হৈ এখোজ এখোজকৈ আগবাঢ়িছে প্ৰিয়জনক এবাৰ শেষ দেখা দিবলৈ - এয়া বিপ্লৱ নহয়নো কি? জুবিনে নীৰৱে-গোপনে অনা বিপ্লৱ। মানুহে কল্পনা কৰিব নোৱাৰা বিপ্লৱ, মানুহে‌ মানুহক ভাল পোৱাৰ বাবে বিপ্লৱ। সকলোকে এক কৰিব পৰা এনে এক মানৱদৰদী, নিৰ্ভীক, সাহসী, প্ৰতিবাদী, প্ৰকৃতিপ্ৰেমী, ৰাজনীতিৰ লেতেৰা বোকাই কাহানিও ঢুকি নোপোৱা শিল্পী সত্তা দুনাই পোৱাৰ আশা মোৰ জীৱনত অন্তত: নাই।

মই হৃদয়েৰে বিচাৰিম জুবিন দাই ভালপোৱা কোনোৱেই যেন বিশ্বাসঘাতক নহওক। ভগবান বিশ্বাস নকৰা এগৰাকীয়ে আন এজন ভগবান নাই বুলি কোৱা জাতি ধৰ্মৰ উৰ্ধৰ মানুহৰ বাবে প্ৰাৰ্থনা  কৰিছোঁ জোনবাইৰ দেশৰ পৰা জুবিনদাই যাতে মোৰ দৰে কবলগীয়া নহয়..... মানুহক বিশ্বাস কৰিব নোৱাৰি!

 ক'ৰবাত  পঢ়িছিলো-

মানুহে সুখত গান শুনে

আৰু দুখত সেই  গানৰ অৰ্থ বুজি পায়।

মই গীতৰ অৰ্থ কাহানিবাই বুজি পোৱা হ'লো। 

 জীৱনৰ লগতে মৃত্যুকো উদযাপন কৰিব পৰাকৈ তেওঁ গীতৰ মাজেৰে প্ৰস্তুতি চলাইছিল। চিতাৰ জুইৰ কাষতো  মানুহৰ বুকু ভৰা আস্ফালন তেওঁৰ নিজৰ গানেৰে। জুবিন দা য'তেই নাথাকক, সদায় অনুৰাগীৰ মনৰ নিচেই কাষত। কাষত নাথাকিলে ভালপোৱাবোৰ কমি নাযায় , বৰঞ্চ বাঢ়ে বুলি  মই ব্যক্তিগতভাৱে বিশ্বাস কৰো। তথাপিও মই বিচাৰিম সময়ৰ জুইত পুৰি  সোণ হৈ জিলিকি থাকক পঞ্চভূতত বিলীন হোৱা জুবিন, তেওঁৰ গান আৰু অনুৰাগীৰ এই নজিৰবিহীন প্ৰেম। 

ওম শান্তি!

(আপোনাৰ আপোন ঘৰখন (বৰহাটবাসী‌) ৰ হৈ আপোনাক শ্ৰদ্ধাৰে সুৱৰিছো 🙏🙏🙏)

 ড: ৰঞ্জিতা বনিয়া 

তাং: ২২-০৯-২০২৫


#justiceforzubeen

#মৃত্যুৱেকঢ়িয়াইঅনাসত্য

মৃদুল কুমাৰ সন্দিকৈ FB

 জুবিনদাৰ বিষয়ে কথাবোৰ চোন পঢ়িলে পঢ়ি থাকিব  মন যায়..


বন্ধু পবিত্ৰৰ সৈতে জুবিনে পতা কথাবোৰ... 

     

                                           —মৃদুল কুমাৰ সন্দিকৈ        (অসমীয়া প্ৰতিদিন ডিজিটেল)


তেতিয়া জুবিন আছিল গভীৰ দুখত। এক মুহূৰ্তৰ আগলৈকে হাঁহি থকা জুবিন গাৰ্গৰ বুকুলৈ খহি আহিছিল দুখৰ পাহাৰ। সেই দৃশ্য বৰ্ণনা কৰিছিল তেওঁৰে এজন সুহৃদে। লিখিছিল- কেনে আছা জুবিন? –এক মুহূৰ্তৰ আগলৈকে হাঁহি মাতি থকা মৰমৰ ভনীয়েক জংকীক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই দুহাতেৰে দাঙি বাউলৰ দৰে চিঞঁৰি আছিল জুবিনে। 


জুবিনৰ কথা সেইদিনা লিখিছিল তেওঁৰে এজন পৰম বন্ধুৱে। সেই লেখাৰ শিৰোনাম আছিল- ‘কেনে আছে জুবিন?’ গৰিমাৰ সান্নিধ্যত নতুন জীৱনৰ পাতনি মেলা জুবিন গাৰ্গৰ বিষয়ে লেখা এটা ২৩ বছৰৰ পুৰণি লেখা।

 

সহায়ৰ বাবে জুবিনে এনেদৰে চিঞৰিছিল সেইদিনা। মুমূৰ্ষ জংকীৰ যন্ত্ৰণাকাতৰ দেহটো লৈ কাষেৰে পাৰ হৈ যোৱা অচিনাকী গাড়ীবোৰৰ আৰোহী নিৰুদ্বেগ মুখবোৰলৈ চাই কাতৰ ভাৱে কৈছিল- ‘আমাক লৈ বলক’।


কেইবাখনো গাড়ীয়ে সহাৰি দিয়া নাছিল। অৱশেষত এখন গাড়ীত উঠাই কোলাত আলফুলে জংকীক লৈ তেওঁ চিকিৎসালয়লৈ বুলি ঢাপলি মেলিছিল। সেই লেখাত এই কথাবোৰেই বৰ্ণনা আছিল- সমস্ত আশাৰে বিচাৰিছিল একো নহওঁক তাইৰ। অন্ততঃ তাই জীয়াই থাকক। 


পিছে ককায়েকক মাত নিদিয়াকৈ, নুসুধাকৈ তাই গুছি গৈছিল। স্তব্ধ হৈ পৰিছিল জুবিন। মৃত্যুক হেনো ইমান কাষৰ পৰা আগেয়ে দেখা নাছিল। অস্থিৰ হৈ পৰিছিল তেওঁ। দুপৰ নিশালৈকে নিশ্চুপ হৈ বহি থাকে নৱগ্ৰহ শ্মশানত। 


অতি ওচৰৰ পৰা জুবিনক পোৱা অন্যতম বন্ধুৰ ভিতৰত আছিল তেৱোঁ আছিল অন্যতম আৰু বিশেষ। তেওঁ সেই দিনবোৰৰ কথা বৰ্ণনা কৰি লিখিছিল- দিনে, নিশাই ডিজি মিউজিকৰ ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰুমত সোমাই মাথো কীবৰ্ডত আঙুলি বোলাই। হাঁহি নাই, চকুলো নাই...। 


এনে দুখৰ সময় আছিল জুবিনৰ সেয়া। কিয়নো বহু গানৰ প্ৰথম শ্ৰুতা, প্ৰথম সমালোচক প্ৰতিটো সময়ত ছাঁৰ দৰে থকা জংকী আৰু জয়ন্তৰ অকাল বিয়োগত একেবাৰে মৌন হৈ পৰিছিল  জুবিন। 


গুণগুণাব খুজিলেও ক’ৰবাত সুৰবোৰ ৰৈ যায়। চৌপাশৰ শুভাকাংক্ষীসকলৰ মনত ভয় হৈছিল জুবিনে কিছু সময়ৰ বাবে জিৰণি ল’ব নেকি? পিছে নহয়, ওচৰা ওচৰিকৈ অহা তিনিটা ভয়াৱহ মৃত্যুৱেও গানৰ জগতখনত জুবিনৰ যাত্ৰা ৰোধিব নোৱাৰিলে। 


পুনৰ তেওঁ নিমগ্ন হ’ল সৃষ্টিত। বৰ্তমান তেওঁ ব্যস্ত ‘দেহমন’ আৰু ‘শিশু’ দুটা একক কণ্ঠৰ শ্ৰব্য কেছেট নিৰ্মাণত- এই লেখাটোত এনেদৰে বৰ্ণনা কৰা হৈছিল জুবিন গাৰ্গৰ সেই সময়ৰ কথা। 


মানুহে তেতিয়া জুবিনে জানিব খুজিছিল কুশলে আছেনে জুবিন?  সেয়ে হয়তো তেওঁ এই লেখাটো লিখিছি, জুবিনৰ সৈতে কথা পাতিছিল। অকলশৰীয়া হৈ পৰা জুবিনে কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। যাযাবৰী জীৱন কটাই ভাল পোৱা, ব্যাকৰণবিহীন বিহীন নিশাৰ জীৱন কটোৱা জুবিনৰ মনৰ কথা জানিব খুজিছিল তেওঁ। 


জনপ্ৰিয় সপ্তাহিক কাকত সাদিনৰ বাবে এই সাক্ষাতকাৰমূলক লেখা প্ৰস্তুত কৰা হৈছিল। য’ত প্ৰথমটো প্ৰশ্নই জুবিনৰ প্ৰতি আছিল- তোমাক জনা বহুতেই জানে তোমাৰ দিনপঞ্জীখন আৰু তোমাৰ কাম কৰাৰ ধৰণ বৰ আচহুৱা। সেইদিনালৈকে বহেমিয়ানৰ দৰে দিবানিশে গানৰ সৈতে জীৱন উদযাপন কৰি আছিলা। এতিয়া তুমি গৰিমাৰ সৈতে সংসাৰৰ পাকত বন্দী। তুমি মানুহটো সলনি হৈ যাবা নেকি?


এই প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল- বিবাহৰ পূৰ্বে মোৰ কামৰ উৎপাতত বহু কথাত মনোযোগ দিব পৰা নাছিলো। বহু ভুল কৰিছিলো। ঘৰত সময় দিব পৰা নাছিলো। ৰাতি ৰাতি নুশুৱাকৈ কাম কৰিছিলো, য’তেই ৰাতি হয় তাতেই শুই দিছিলো, গছৰ তলত নিশা কটোৱাৰো উদাহৰণ আছে। মই বৰ অস্থিৰ আছিলো। মানুহৰ প্ৰতি মোৰ গভীৰ ভালপোৱা আছে সেই ভালপোৱাই মোক খেদি লৈ ফুৰিছিল অ’ৰ পৰা ত’লৈ।


প্ৰথম প্ৰশ্নটোৰ উত্তৰ সেইদিনা যথেষ্ট দীঘলীয়াকৈ দিছিল জুবিনে। কৈ গৈছিল তেওঁ- বিভিন্ন মানুহৰ দুখত সমভাগী হৈ মই ভাল পাইছিলো। প্ৰকৃতিৰ এটা উপাদান মোৰ অঘৰী জীৱনত। এতিয়া হয়তো বহুত কথা জুখি-মাখি চলিব লাগিব। মই নিশাৰ জীৱনৰ প্ৰেমিক। ৰাতি কাম কৰি, সৃষ্টি কৰি ভাল পাওঁ। এতিয়াও মই ৰাতি সাৰে থাকিম। কাম কৰি যাম। এতিয়া হয়তো সময়তো অলপ ইফাল-সিফাল কৰিব লাগিব। গোটেই ৰাতি কাম কৰি দিনৰ ৩ বজালৈ শুই থকা অভ্যাসটো সলাব লাগিব। 


সেই সাক্ষাতকাৰতে বন্ধুক কৈছিল মৃত্যু নোহোৱালৈকে তেওঁৰ সৃষ্টিৰ মৃত্যু নহয় বুলি। অসম আৰু অসমৰ মানুহৰ বাবে বহু কাম কৰিবলৈ আছে বুলি জনাইছিল। অতীত তেওঁৰ কাৰণে হেনো দৰকাৰী নহয়। ভৱিষ্যতকো তেওঁ নেদেখে। বৰ্তমানকহে তেওঁ কামত লগাব চেষ্টা কৰে। 


ভগ্নী জংকীৰ কথা সোঁৱৰি তেওঁ আৱেগিক হৈছিল- এতিয়া মোৰ মনত দুটা কথাৰ প্ৰচণ্ড প্ৰভাৱ পৰিছে এক জংকী আৰু জয়ন্তৰ মৃত্যু। সিহঁত মোৰ সোঁহাত আৰু বাওঁহাত আছিল। জীৱনত প্ৰথম ইমান অসহায়বোধ কৰিছো। কিন্তু মই জানো মই ইয়াক পাৰ কৰি যাম। জংকীৰ গাত মোৰ আধাতকৈ বেছি প্ৰতিভা আছিল। এতিয়া তাইৰ সপোন বিলাক মোৰ জীৱনলৈ বহু আশা লৈ আহিছে। মই ভাবো আমাৰ দুয়োৰে মাজেদিয়েই নতুন ইতিহাসে গঢ় ল’ব। 


গৰিমাৰ কথা কৈছিল জুবিনে কৈছিল এইদৰে- গৰিমাৰ সহযোগত মোৰ আকৌ নতুন জন্ম হ’ব। অসমে আৰু দহটা জুবিন মোৰ মাজত দেখিব। গান আৰু সংসাৰৰ কথা ওলাইছিল সেই বাৰ্তালাপত। কেনেকেদৰে চলাই নিব গান আৰু সংসাৰক? সুধিছিল সেইদিনা তেওঁক তেওঁৰ বন্ধুৱে। 


জুবিনে এই প্ৰশ্নৰ উত্তৰ বৰ ছুটিকৈয়ে দিছিল যদিও তাত বিশ্বাস আৰু আস্থা সকলো লুকাই আছিল। উত্তৰত জুবিনে কৈছিল- সংগীত জীৱনত গৰিমাৰ প্ৰভাৱ বহু আগৰে পৰাই আছে। নহলে মই তাইক ভাল পাবই নোৱাৰিলোহেতেন। তাই মোক বুজি পাই, সংগীতক বহুত ভাল পাই (নিজেই গান নাগাই যদিও) ঘৰুৱা কথাত সৰু ভণ্টী মমন, দেউতা সকলোৱে মোক সহায় কৰে। মই ভাবো সকলো সুন্দৰকৈ চলাই যাব পাৰিম। মানুহৰ মৰমতো আছেই। 


সাংসাৰিক জীৱন! স্বামী জুবিন! মানুহজন কেনে হ’ব? এই সাক্ষাতৰাকটোতেই সুধা হৈছিল তেওঁক- সাংসাৰিক জুবিন জন কেনে হ’ব?  জুবিনৰ চিধা উত্তৰ আছিল- বজাৰ-সমাৰ কৰি ৰাতি ১০ টা বজাত ভাত খাই শুই থকা মানুহ মই কেতিয়াও হ’ব নোৱাৰো। তাত একো নতুনত্ব নাই। কেতিয়াবা এদিন হয়তো ভাল লাগিব। ৰাতি ২ টা বজালৈকে মই কাম কৰিবই লাগিব। সংগীত সদায় মোৰ কাৰণে প্ৰথম। মই কৰ্মত বিশ্বাস কৰো। ধৰ্ম, ঈশ্বৰ একোতে বিশ্বাস নকৰো। হয়তো মই অজ্ঞেয়বাদী। 


জুবিন মানেই মানুহ পাগল। জুবিন মানেই বহু যুৱতী হৈ পৰে উত্ৰাৱল। নিজৰ কৰি পাব বিচাৰিছিল জুবিনক বহু যুৱতীয়ে। কিন্তু গৰিমাকে কিয় জুবিনে বাচি ল’লে জীৱন সংগীৰ ৰূপত। কি গুণ আছিল গৰিমাৰ? 


এই প্ৰশ্নৰ উত্তৰত জুবিনে সেইদিনা কোৱা কথা কেইটা আছিল- মই মানুহটো পানীৰ নিচিনা। যিকোনো পাত্ৰত যিকোনো আকাৰ ল’ব পাৰো। মোক ধৰি ৰখাটো বৰ টান। মই সদায় উৰিব বিচাৰো। মই ভাবো গৰিমাৰ মাজত এনে কিছুমান গুণ আছে যাৰ কাৰণে ইমান বছৰে মই তাইৰ ওচৰতেই বান্ধ খাই থাকিলো। 


প্ৰধান কথা হ’ল তাই মোক চাব জানে আৰু মোৰ ভুলটো আঙুলিয়াই দিব পাৰে। তাইৰ বাহিৰে মোৰ সন্মুখত কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। 


বন্ধু মানুহ, মুকলিকৈ পাতিছিল সেইদিনা কথা। সুধিছিল বিয়াৰ পাছত নাৰীৰ মাজত জনপ্ৰিয় জুবিনৰ জনপ্ৰিয়তা আৰু গ্লেমাৰ কমি যাব নেকি? জুবিন চিন্তিত নাছিল ইয়াক লৈ। উত্তৰ দিছিল বন্ধুক এইদৰে- গ্লেমাৰ কি বস্তু মই নাজানো। মানুহে ভাল পাই কাৰণে ভাল লাগে। জংকী, জয়ন্তৰ মৃত্যুৰ পাছত অনুভৱ কৰিছো জীৱনটোত বেছিভাগ কথাই অৰ্থহীন। অকল ভাল কামেহে পৃথিৱীখন সুন্দৰ হোৱাত সহায় কৰে। কাম সদায় থাকি যায়। নাম, টকা সকলো অৰ্থহীন। 


নাৰীৰ মাজত বিশেষভাৱে জুবিন জনপ্ৰিয় হোৱাৰ কথা জুবিনে অনুভৱ কৰিছিল। কেৱল নাৰীয়েই নহয়, সকলোৰে প্ৰিয় আছিল তেওঁ। মৃত্যুৰ পাছতো বহুতে উপলব্ধি কৰিছে কিয় জুবিনৰ ফেন নহ’ল বুলি? জুবিনৰ মতে- নাৰীৰ মাজত মই জনপ্ৰিয় হোৱাৰ কাৰণ হয়তো মোৰ গীত গোৱাৰ ষ্টাইল, গীতৰ কথা আৰু মোৰ গীতৰ অনুভৱৰ গভীৰতা। 


মই প্ৰথম যেতিয়া উলাইছিলো, চেষ্টা কৰিছিলো মোৰ প্ৰজন্মটোৰ চেণ্টিমেনটেক লৈ মোৰ গীতত খেলিবলৈ। কিন্তু সুসংযত ৰূপত। মই তাত সফল হৈছিলো। এতিয়া মোৰ পৰিসৰ বাঢ়িছে। মোৰ গীতৰ পৰিধিয়ে এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে চুইছেগৈ। মই আলচতে এইটোৱেই বিচাৰিছিলো। মাত্ৰ কামটো কৰোঁতে কম সময় লৈছো। মোৰ আৰু বহুত কবলগীয়া আছে মানুহক। মই ভাবো বিবাহৰ পাছতো মোক মানুহে একেদৰেই পাব। 


সপোন দেখেনে জুবিনে? অসমক লৈ তেওঁ কি সপোন দেখে?  অসমৰ কাৰণে হেনো জুবিনৰ চিন্তা। কৈ গৈছিল জুবিনে সেইদিনা- অসমৰ কাৰণে মোৰ সদায় চিন্তা। সেই কাৰণে মুম্বাইত বেছি দিন থাকিব নোৱাৰো। মই সাংস্কৃতিক প্ৰতিনিধি হিচাপে মোৰ কৰ্তব্য সদায় কৰি যাম। সংগীতৰ মহাসভাৰ যোগেদি বৰ অসমখন আকৌ একেলগ কৰাৰ প্ৰচেষ্টা হাতত লৈছো। মোৰ জীৱনটো অসমৰ দান, ই অসমৰ মাজতেই, অসমৰ বাবেই যুদ্ধ কৰি কৰি শেষ হ’ব। 


এয়াই হ’ল। এয়াই কৰি দেখুৱালে জুবিনে। অসমৰ সীংগত জগতক লৈ আৰু নতুন সকলক লৈ তেওঁৰ আছিল এক ইতিবাচক ধাৰণা- মোৰ সংগীত সদায় উৰ্ধ্বমুখী। নতুন ধৰণৰ গায়ক, গায়িকা, সুৰকাৰ মোক লাগে, যাতে আৰু বেলেগ ধৰণৰ কাম মই কৰিব পাৰো। সংগীত পৰিচালক হিচাপে ইয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰিছো। কম হওঁক, কিন্তু ভাল কাম হওঁক। লোক সংগীতৰ জগতখন ভালেই দেখিছো। ই যথেষ্ট ফকাচলৈ আহিছে। অসমৰ বেছিভাগ সংগীতৰ লগত মই জড়িত। কিন্তপ কেতিয়াবা মোৰ অকলশৰীয়া বোধ হয়। মই আশাবাদী, নতুন প্ৰজন্মই আমাক আৰু শিল্পী দিব, জুবিনতকৈ ভাল শিল্পী। 


জুবিনৰ সৈতে সাধাৰণ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম সংগীত আৰু মঞ্চ। কিন্তু বাটেদি যোৱা সাধাৰণ মানুহ এজনক দেখিলে তেওঁ হেনো মনত ভাৱ হয় সেই মানুহজনৰ মাজত তেওঁ আছে- সেই সাধাৰণ মানুহজনৰ মাজত মই নিজকে বিচাৰি পাওঁ। কাৰণ সেই মানুহজন মই কেতিয়াবাই এৰি থৈ আহিছো। সংগীত আৰু গ্লেমাৰৰ মাজত বস্তু দুটাই মোৰ মাজত জন্ম দিছে এটা এলিয়েনৰ। 


জংকীৰ মৃত্যুৱে তেওঁক মৃত্যুৰ সম্পৰ্কে এক ধাৰণা দিছে। সুধিছিল বন্ধুৱে মৃত্যু সম্পৰ্কীয় এটা প্ৰশ্ন। মৃত্যুক তুমি ভয় কৰা নেকি? জুবিনৰ উত্তৰ আছিল- জংকীৰ মৃত্যু মোৰ কোলাতেই হৈছিল। তাইক মই দাঙি আনি চুমু এখন উঠাই লৈ গৈছিলো হাস্পতালৰ ফালে। ৰাস্তাতেই তাই শেষ নিশ্বাস ত্যাগ কৰিলে মোৰ হাতত। আকৌ এবাৰ মই হাৰিবলগা হ’ল। নাজানো কাৰ হাতত? তাইৰ মৃত্যু দেখি জীৱনত প্ৰথম ভয় খাইছিলো, কপিছিলো। বহু কঠিন পৰিস্থিতিতো মই সদায় অটল থকাৰ অভ্যাস আছে। কিন্ত সেইদিনা মই সম্পূৰ্ণৰূপে নিঃসহায় হৈ পৰিছিলো। 


জংকীক লৈ মই বৰ আশাবাদী আছিলো। মোৰ সপোন আৰু তাইৰ সপোন সদায় একাকাৰ হৈ আছিল। মই দেখা ছোৱালীৰ ভিতৰত তাই আছিল এজনী অসাধাৰণ আৰু সুন্দৰ। যাৰ উপমা নাই। মই ভাবো তাইৰ মৃত্যুত মোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মোৰ অসমবাসী। 


মৃত্যুৰ মুখৰ পৰা মই কেইবাবাৰো বাচিছো। মৃত্যুৰ ভয় মোৰ নাই। কিন্তু কেতিয়াবা নমৰিব লগীয়া মানুহ বেয়াকৈ মৰিলে মোৰ কণ্ঠ ৰুদ্ধ হয়। নিজকে পুতলা যেন লাগে। জীৱনৰ যাত্ৰাত ঘাট-প্ৰতিঘাত থাকেই, কিন্তু যগি ঈশ্বৰে অন্যায় কৰে মই তাৰ লগতো যুঁজিবলৈ প্ৰস্তুত। এটা কথা বুজিছো জীৱনৰ শেষ পৰিণতি ধূলিৰ বাহিৰে আন একো নহয়। বাকী সকলো অৰ্থহীন। 


কেনে আছে এই জুবিনৰ এই কথাবোৰ সামৰা হৈছিল। জুবিনে কৈছিল সম্পূৰ্ণ সুস্থ তেওঁ- মই সম্পূৰ্ণ সুস্থ, মই আগতেই কৈছো ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খোজো মই। মোৰ জীৱনটো ৰাইজৰ বাবে। মোৰ ব্যক্তিগত দুখ, ঘাট-প্ৰতিঘাতে মোৰ সৃষ্টিক কেতিয়াও বাধা জন্মাব নোৱাৰে। সংগীতত বহিলেই মই পাহৰি যাওঁ মই কি হেৰুৱাইছো, কি পাইছে। Life is a big lemon with a drop of sweetness inside। 


গৰিমাও আছিল কাষত সুধিছিল গৰিমাকো এটা প্ৰশ্ন। স্বামী নে প্ৰেমিক ৰূপত বিচাৰে গৰিমাই জুবিনক? নবিবাহিতা আছিল গৰিমা। গৰিমাৰ উত্তৰ আছিল সেইদিনা- জুবিনৰ ভাল-বেয়া সকলো মিলি হোৱা স্বভাৱটোৰ বাবেই মই জুবিনৰ প্ৰেমত পৰিছিলো। জুবিনৰ গীতৰ মই শ্ৰোতা। জুবিন কেৱল মোৰ নহয়, তেওঁৰ ওপৰত অধিকাৰ আছে তেওঁৰ শ্ৰোতাৰ। মই মোৰ প্ৰয়োজনত তেওঁক বান্ধি ৰাখিব নোখোজো। যুৱতীসকলৰ মাজত জুবিন জনপ্ৰিয়। বিবাহৰ পাছত সেই জনপ্ৰিয়তা থাকিব নে? 


এই প্ৰশ্নৰ উত্তৰত গৰিমাই কৈছিল, প্ৰতিভা নাথাকিলে কোনো জনপ্ৰিয় হ’ব নোৱাৰে। বহু প্ৰিয় মানুহ সংসাৰি। তেওঁলোকৰ যোগ্যতা আৰু প্ৰতিভা থকালৈকে জনপ্ৰিয় হৈ থাকে। জুবিনৰ ক্ষেত্ৰতো সেয়াই হ’ব। মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। কাৰণ যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 


জুবিনৰ সৈতে সেইদিনা গভীৰ একাত্মতাৰে এইবোৰ কথা পতা মানুহজন আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমানৰ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকী। একেখন বিচনাতে ১০ বছৰ শুৱা আৰু শেষযাত্ৰাত জুবিনৰ কাষত ছাঁটোৰ দৰে লাগি থকা বন্ধু পবিত্ৰৰ আগত প্ৰাণখুলি জুবিনে কৈছিল মনৰ কথা।

বাংলাদেশৰ FB Post

 (বাংলাদেশৰ অখ্যাত এজন ব্যক্তিৰ প্ৰয়াত জুবিন গাৰ্গ সম্পৰ্কে লেখাটো এবাৰ পঢ়কচোন। ফেচবুকত পাই বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়াৰ পৰা বিৰত থাকিব নোৱাৰিলোঁ।)

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


তিনিদিনমান আগতে, চচিয়েল মিডিয়াত অসমৰ সংগীত শিল্পী জুবিন গার্গৰ মৃত্যু হোৱাৰ খবৰ পঢ়িবলৈ পালোঁ। এই নামৰ কাৰোবাক চিনি পোৱাৰ কথা মোৰ মনত নপৰিল। পিচত বিস্তাৰিত খবৰ পঢ়িবলৈ গৈ দেখোঁ, তেওঁ ২০০৬ চনত গেংষ্টাৰ চিনেমাৰ ”ইয়া আলী” গানৰ সেই বিখ্যাত শিল্পী। মোৰ  মনটো বেয়া লাগি গ'ল। বচ ইমানেই!


কিন্তু ফেচবুক এলগৰিদম কঠিন বস্তু। ইয়াৰ পিচত স্ক্রল কৰিলেই জুবিন গার্গ বিষয়ক নানা খবৰ নিউজফিডত অহা আৰম্ভ হ'ল। ইয়াৰ ভিতৰৰ এটা ভিডিও দেখি মই লৰচৰ হৈ বহি ল'লোঁ। 


জিপ টাইপৰ এখন গাড়ীত জুবিনৰ মৃতদেহ এয়াৰপোর্টৰ পৰা গুৱাহাটী চহৰৰ দিশে লৈ অহা হৈছে। ৰস্তাৰ দুই পাৰে হাজাৰ হাজাৰ মানুহ ৰৈ আছে! আৰু গাড়ীৰ পিচে পিচে উন্মাদৰ দৰে দৌৰিছে আৰু কেইবা হাজাৰ মানুহে!


ইয়াৰ পিচত যোৱা তিনি দিন ধৰি মই জুবিন গার্গ সম্পৰ্কে পঢ়াৰ চেষ্টা কৰিলোঁ। তেওঁ দিয়া নানা সাক্ষাৎকাৰ পঢ়িলোঁ, বিভিন্ন অনুষ্ঠানত তেওঁৰ পাৰ্ফৰমেন্সৰ ভিডিও চালোঁ! বুজাৰ চেষ্টা কৰিলোঁ, এজন সংগীত শিল্পীৰ মৃ্ত্যুত অসমৰ মানুহ এনেকুৱাকৈ উন্মাদ হৈ গ'ল কি কাৰণে? 


বিশেষকৈ এনেকুৱা এটা সময়ত, যেতিয়া কোনোবা মৰিলেও তেওঁক লৈ ট্রল হয়, মৃত ব্যক্তি আমাৰ পছন্দৰ নহ'লে তেওঁৰ মৃত্যুৰ খবৰৰ তলত হা হা ৰিয়েক্ট পৰে, মতাদর্শৰ বিপৰীতে পোছাক পিন্ধিলে ম'ৰেল পুলিচিং কৰিবলৈ এখোজো পিছ নোহোঁহোকো আমি... 

 

মধ্যবিত্ত পৰিয়ালত ডঙৰ হোৱা জুবিনৰ মাক আৰু ভনীয়েক সংগীত শিল্পী আছিল। মাক ইলি অসমীয়া ভাষাৰ ঐতিহ্যবাহী লোকসংগীতৰ শিল্পী আছিল, ভনীয়েক জংকিয়েও অসমীয়া গান পৰিবেশন কৰিছিল। দুয়োগৰাকীয়েই আঞ্চলিকভাবে পৰিচিত আছিল। ইমানেই...!!


ল'ৰালিত মাকৰ ওচৰত গান শিকিছিল জুবিনে। স্কুল-কলেজৰ ফাংচনত গান গাইছিল। ২০ বছৰ বয়সত, ১৯৯২ চনত বজাৰলৈ আহে তেওঁৰ প্রথম এলবাম। ইয়াৰ পিচত গানৰ সৈতেই যুক্ত হৈ আছিল। ২০০২ চনত পথ দুর্ঘটনাত ভনীয়েকৰ মৃত্যুৰ পিচত, জুবিনৰ জীৱনলৈ পৰিবৰ্তন আহে। বিৰহ আহি চিৰস্থায়ীভাৱে ভৰ কৰে তেওঁৰ কণ্ঠত...


ইয়াৰ পিচত, দিনে দিনে তেওঁৰ গানৰ সংখ্যা বাঢ়িবলৈ ধৰে ! প্রায় ৪০টা ভাষাত অন্ততঃ ৩৮ হাজাৰ গান বাণীবদ্ধ কৰিছে তেওঁ। গাইছে সকলো বয়সৰ মানুহৰ বাবে গান। 


২০০৬ চনত প্রথমবাৰৰ বাবে বলিউডত ব্রেকথ্রু পায়। অনুৰাগ বসুৰ গেংষ্টাৰ চিনেমাত ”ইয়া আলী”ত দৰে হিট গান আৰু পৰৱৰ্তী সময়ত ফিল্ম ফেয়াৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱাৰ পিচত, তেওঁ অসমত পৰি থকাৰ কোনো কাৰণ নাছিল। কিন্তু গানৰ কাৰণে গোটেই বিশ্ব ঘূৰি ফুৰিলেও, মূলত: অসম এৰি ক'লৈকো যাব বিচৰা নাছিল জুবিনে। বিভিন্ন স্টেজ শ্বোত নিজকে ”পাহাৰৰ সন্তান” বুলি পৰিচয় দিছিল। 


১০/১৫ বছৰৰ আগতে যেতিয়া কলকাতাৰ বাংলা চিনেমা পুৰণা ঘৰানাৰ পৰা আঁতৰি আধুনিক বাণিজ্য আৰু আর্ট ফিল্মৰ ঘৰানালৈ সলনি হোৱা আৰম্ভ কৰিলে, তেতিয়া জিৎ আৰু দেবৰ বিভিন্ন চিনেমাত এটাৰ পিচত এটা হিট গান উপহাৰ দি গ'ল জুবিনে। বিশেষকৈ বিৰহ আৰু বেদনাৰ গানত জুবিন হৈ উঠিল বিকল্পহীন! 


কলকাতাত তেওঁৰ অধিকাংশ গানৰ সংগীত পৰিচালক আছিল জিৎ গাঙ্গুলি। অসমৰ পৰা নিশাৰ শেষ ফ্লাইটত কলকাতালৈ আহি গান ৰেকর্ডিং কৰি পুৱাৰ ভাগত আকৌ অসমলৈ ঘূৰি গৈছিল। জিৎ গাঙ্গুলিয়ে বিৰক্তি প্রকাশ কৰিলে উত্তৰত হেনো কৈছিল, ”এনেকুৱা দুখ আৰু বেদনাৰ গান ৰাতি গভীৰ নহ'লে গোৱা নাযায়, দাদা?” মূলতঃ সেইবোৰ গানৰ মাজেদিয়েই জুবিন কলকাতাৰ বাংলাভাষী মধ্যবিত্তৰ জীৱনত সোমাই পৰিছিল। অৱস্থা এনেকুৱা পৰ্যায় পালেগৈ যে, প্ৰতিমা বিসৰ্জনৰ পৰা গাত মাহ-হালধি ঘঁহা, বেডমিণ্টন টুর্নামেণ্টৰ  পৰা ট্রাকৰ পিচফালে চাউণ্ড বক্স বান্ধি চহৰ ৰজনজনোৱা- জুবিনৰ গান অবিহনে অসম্ভৱ!


কিন্তু প্রশ্ন হ'ল, গান তো আৰু বহুতেই গায়। জুবিনতকৈ বহুত বেচি ভাল শিল্পীও আছে। কিন্তু জুবিনক কিয় মানুহে ইমান ভাল পাইছিল? তাকো আকৌ এনেকুৱা এক শিল্পী, যি নেকি যোৱা ৫/৬ বছৰত এটাও হিট গান দিব পৰা নাছিল, মদ আছিল যাৰ জীৱনৰ লগৰী, মঞ্চত উঠি এৰা-ধৰাকৈ গীটাৰ বজাইছিল, যিকোনো সামাজিক ইছুত ৰাজনীতিবিদসকলকো সুদাই নেৰিছিল। এনেকুৱা দিনো গৈছে, মঞ্চত উঠি মদৰ নিচাত আৰু গানেই গাব পৰা নাছিল। ক্লান্ত হৈ শুই পৰিছিল।


ভাবকচোন আমাৰ দেশ (বাংলাদেশ)ত হোৱা হ'লে কি হ'লহেঁতেন? ডিঙিত ধৰি মঞ্চৰ পৰা নমাই নিদিলেহেঁতেন নে? আয়োজকসকলৰ হাতত মাৰ খোৱা কাণ্ড! এনে ধৰণৰ খবৰ তো আমি প্রায়েই কাগজে-পত্ৰই পঢ়িবলৈ পাওঁ! 


আচল কথা হ'ল, আৰম্ভণিৰ পৰাই ”মানুহ-জুবিন”এ ”শিল্পী-জুবিন”ক অতিক্ৰম কৰি গৈছিল।


জুবিন আছিল এজন সমাজ সেৱক। যেতিয়াই ক'ৰবাত কোনোবা বিপদত পৰে, জুবিন তাত হাজিৰ! কোনোবাই তেওঁৰ সৈতে হাত মিলাবলৈ আহিলে জুবিনে তেওঁৰ ফালে হাঁহিমুখে বুকু আগবঢ়াই দিয়ে। ৰাজ্যৰ নানান ঠাই ঘূৰি ফুৰি গছপুলি ৰুইছিল। বিজেপি চৰকাৰে যেতিয়া ৰাজ্যত নাগৰিক চনদ (চিএএ/এনআৰচি) প্ৰস্তুত কৰা আৰম্ভ কৰিলে, জুবিনে কালৈকো ভয় নকৰি তাৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল। কৰনাৰ সময়ত নিজৰ ঘৰটোত "কোৱাৰেণ্টাইন চেণ্টাৰ” বনাইছিল। 


পশু-পক্ষীৰ প্রতিও তেওঁৰ আছিল গভীৰ প্রেম। সেয়ে তেওঁৰ মৃত্যুৰ পিচত তেওঁৰ পত্নীয়ে যেতিয়া পোহনীয়া কুকুৰ চাৰিটাক লৈ গৈছিল জুবিনক শেষবাৰৰ বাবে দেখুৱাবৰ বাবে, সেই কুকুৰকেইটাৰ চকুৱেদি যি বিষাদ নিগৰি পৰিছিল, সেই দৃশ্য দেখি বুকুৰ ভিতৰখন মোচৰ খাই উঠিছিল।


দুই দশকৰ বিবাহিত জীৱনত নিজাকৈ কোনো সন্তান নাছিল যদিও জুবিন আৰু তেওঁৰ পত্নী গৰিমা আছিল ১৫টা সন্তানৰ পিতৃ-মাতৃ। গণধর্ষণৰ চিকাৰ হোৱা ছোৱালীবোৰক তুলি আনি আশ্রয় দিছিল। ঘৰৰ বনকৰা কাজলি নামৰ এজনী ছোৱালী যেতিয়া প্রবল নির্যাতনৰ চিকাৰ হৈ মৃত্যুৰ সৈতে যুঁজ দিছিল, তেতিয়া জুবিনে তাইক তুলি লৈছিল, আদালতত মোকৰ্দমাৰ সন্মুখীন হৈছিল, সেই মোকৰ্দমাত জয়ীও হৈছিল! সেই খবৰ বিদ্যুৎগতিৰে বিয়পি পৰিছিল ঘৰে ঘৰে। তাৰ দ্বাৰা সকলো প্ৰজন্মৰ মানুহৰ অন্দৰমহলত জুবিন সোমাই পৰিছিল। ”কেৰিয়াৰত চাৰিটা গান কম হওক, চাৰিটা ষ্টেজ শ্বো কমকৈ নহ'লেই বা, কিন্তু জীৱনৰ পৰা চাৰিটা ভালপোৱাৰ মুহুর্তক আঁতৰাই পেলাব পৰা নাযায়” - এয়াই আছিল তেওঁৰ জীৱনদর্শন!


এতিমসকল (পিতৃ-মাতৃহীন অনাথ শিশু)ক ভৰণপোষণ দিছিল। মুছলমান এতিম শিশুসকলৰ বাবে খুলিছিল মাদ্রাচা আৰু এতিমখানা, এটা ভিডিওত দেখিলোঁ, জুবিনৰ মৃত্যুৰ পিচত সেই এতিমখানাৰ ছাত্র-শিক্ষকসকলে থিয় হৈ তেওঁৰ গান গাইছে! ৰাস্তায় ৰাস্তায় তেওঁৰ ছবি আঁৰি শোক পালন কৰিছে সকলো ধর্মৰ মানুহে। মুছলমান ইমামৰ মোনাজাতত প্রদীপ জ্বলাই বহি আছে প্রবল ধর্মবিশ্বাসী হিন্দু নাৰী! এজন মুছলিম ল'ৰাই জুবিনৰ বৃহৎ আকাৰৰ ছবিৰ সন্মুখত বহি কোৰান পঢ়িছে…


জুবিনৰ এটা সংলাপ বৰ জনপ্রিয় আছিল। জনপ্রিয় শব্দটো মই ইচ্ছা কৰিয়েই ব্যৱহাৰ কৰিছোঁ। ”মোৰ কোনো ধর্ম নাই, মোৰ কোনো জাতি নাই। মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই কাঞ্চনজঙঘা।” আৰু কৈছিল, ”মৃত্যুৰ পিচত মোক নজ্বলাবা। ব্রক্ষ্মপুত্রত উটাই দিবা...”


তাৰ মানে জুবিন নাস্তিক আছিল। মঞ্চত থিয় হৈ এনেকুৱা এটা কথা বাংলাদেশৰ কোনোবাই ক'লে তেওঁৰ কি অৱস্থা হ'লহেঁতেন ভাবিবই পৰা নাযায়? মোৰ ২০১৩/১৪ চনৰ সময়ৰ নাস্তিক ব্লগাৰসকলৰ মৃত্যুৰ কথা মনত পৰি গৈছে। ইয়াৰ পৰিস্থিতিৰ কথা নক'লোঁৱেইবা!


অথচ যেতিয়া মানুহটোৱে ভৰা মঞ্চত টিচাৰ্ট ওপৰলৈ তুলি কৈছিল, ”মোৰ কোনো লগুণ নাই”, মানুহে সেইবোৰ গা পাতি নল'লে। অসম আয়তনত সৰু এখন ৰাজ্য। গুৱাহাটীত এতিয়াও তথাকথিত মহানগৰৰ পৰশ লগা নাই! মানুহবোৰ সিমান শিক্ষিতো নহয়। অথচ সেইখন ৰাজ্যৰ প্রায় ”গাঁৱলীয়া” ”অশিক্ষিত” লাখ-লাখ মানুহে এজন ধর্মহীন মানুহক ভগৱানৰ শাৰীত বহুৱাই দিলে!


আজি এটা ভিডিও দেখিলোঁ, মহালয়াৰ প্রস্তুতি চলাৰ কথা। দুর্গাপূজাৰ উৎসৱ আৰম্ভ হৈ যোৱাৰ কথা ইতিমধ্যেই। কিন্তু কোনো ৰাস্তাত এজনো মানুহ নাই। স্কুল বন্ধ, অফিচ আদালত বন্ধ। ব্যৱসায় বাণিজ্য স্থবিৰ। তিনি দিনৰ ৰাষ্ট্ৰীয় শোক চলি আছে! চুইগি, জমাটোত সকলো অর্ডাৰ বন্ধ! ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে আন সকলোৰে সৈতে ৰাস্তাত খোজ কাঢ়ি জুবিনৰ গান গাইছে, আৰু চকু মচিছে...


এটা ঘৰুৱা আড্ডাত জুবিনে ধেমালিৰ ছলেৰে কৈছিল, ”কোনোবা মৰিলে বোম্বে বন্ধ নহয়, চেন্নাই বন্ধ নহয়। কিন্তু মই মৰিলে অসম সাত দিনৰ বাবে বন্ধ হৈ যাব। কাৰণ মই লিজেণ্ড!” অসমবাসী যেন জুবিনৰ কথাক বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিকৰ।  


মানুহে তেওঁৰ এটা জীৱনতে টকা-পইচা-ধন-সোণ-হীৰা-মুকুতা কত কি জমা কৰে! যোৱা তিনি দিনত মোৰ এটা কথাই ধাৰণা হ'ল, জুবিনে মানুহ জমাব বিচাৰিছিল।


সেয়ে তেওঁৰ যিমানবোৰ ভিডিও মই চালোঁ, দেখিলোঁ যে, এই মানুহটোৰ চকুত অসম্ভৱ প্রেম। যেতিয়াই কাৰোবাৰ ফালে চায়, সেই দৃষ্টি প্রেম আৰু আৱেগেৰে ভৰা। একেবাৰে পিউৰ। ফলত ৫২ বছৰীয়া জীৱনত অসমৰ দৰে সৰু এখন ৰাজ্যৰ সৰু এখন চহৰৰ শিল্পী এশ কোটি টকাৰ মালিক হৈও, ৰাস্তাৰ কাষৰ জুপুৰীত সাধাৰণ মানুহৰ দৰে বহি ভাত খাব পাৰিছিল। পকেটৰ পৰা টকা উলিয়াই তাৰ পৰা গণি গণি কেইখনমান নোট কাষত বহি থকা দৰিদ্র মানুহজনৰ হাতত গুঁজি দি বাকীখিনি আকৌ নিজৰ পকেটত থৈ দিছিল। না, সেই দিয়াত কোনো ষ্টাৰডম নাছিল, কোনো মানুহক দেখুৱাই কৰা ভেল্কিবাজী নাছিল।


ফলত অসমৰ মানুহ এজন সামান্য জনদৰদী গায়কৰ ভেল্কিবাজীত আবদ্ধ হৈছিল! 


ৰবিন শর্মাৰ এখন কিতাপৰ নাম, ”হু উইল ক্রাই, হোৱেন ইউ ডাই।” মোৰ খুব প্রিয় এখন কিতাপ। যোৱা তিনিদিন ধৰি এই কিতাপখনৰ কথা বাৰেবাৰে মোৰ মনত পৰিছে।


ওহোঁ! মৃত্যুৰ পিচত সকলোৰে বাবেই বহুত মানুহে দলবদ্ধ হৈ কান্দিবই লাগিব, এনেকুৱা কোনো কথা নাই। ই এটা ব্যক্তিগত চইচ!


কিন্তু এজন অসমীয়া শিল্পীৰ মৃত্যুৰ পিচত যেতিয়া তেওঁৰ অন্ত্যেষ্টিক্রিয়াত ১৭ লাখ মানুহ গোট খাই একেলগে তেওঁৰ গান গায়, চিঞৰি বৰ চিঞৰি কান্দে, তেতিয়া ছাই হৈ বতাহত লীন হৈ গৈ থকা শৰীৰৰ প্রতিটো ইঞ্চিৰ কেনেকুৱা বোধ হয়, সেয়া ভাবি শিহৰিত নোহোৱাকৈ থকাৰ উপায় কি?


বাংলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে শ্ৰী অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়াই।

Friday, September 26, 2025

Mrinal Borah FB wall

 জুবিন দা তোমাক বেয়া পোৱা মানুহ জন তুমি চিনি পাইছানে ? 

                মই কিন্তু বহু বছৰৰ আগেয়েই তোমাক বেয়া পোৱা মানুহ এজনক চিনি পাইছিলোঁ , সেই অ-প্ৰকাশিত কথাষাৰ আজি প্ৰকাশ কৰিলো ৷ কাৰণ মই কিছু সুকীয়া , মোৰ মনটো বেছি বেয়া লাগি থাকিলে মই মোৰ মনৰ কিছু কথা কাৰোবাৰ আগত প্ৰকাশ কৰিলে নিজেই কিছু শান্তি পোৱাৰ দৰে অনুভৱ কৰো ৷ সেয়ে প্ৰকাশ কৰি দিছোঁ ৷

                  সেই মানুহ জনৰ কথা কবলৈ যাওঁতে মই বহু বছৰ পিছুৱাই যাব লাগিব , সেই সময়ত মই হয়টো ক্লাছ এইট বা তেইন মানত পঢ়ি আছিলো ৷ তেতিয়াৰ পৰাই মই তোমাৰ গান শুনি ভাল পাইছিলোঁ আৰু নিজেই তোমাৰ গানৰ কেছেট কিনি আনি গান শুনিবলৈ লৈছিলোঁ ৷ কিন্তু তোমাৰ গানৰ কেছেটবোৰ মই লুকুৱাই ৰাখিছিলোঁ , কাৰণ মই যিটো টেপৰেকৰ্ডাৰত তোমাৰ কেছেটবোৰ লগাই গান শুনিছিলোঁ সেই টেপৰেকৰ্ডাৰৰ মালিক জনে তোমাক কেছেট কিনি তোমাৰ গান শুনা দেখা নাছিলোঁ ৷ 

                    তেওঁ ভূপেন হাজৰিকা দেৱৰ গানৰ লগতে জয়ন্ত হাজৰিকা , মহেন্দ্ৰ হাজৰিকা , চাৰু গোহাঁই কে আদি কৰি আন আন সকলৰ গীত শুনি ভাল পাইছিল আৰু সেই সকলে কণ্ঠ দান কৰা কেছেট সমূহ কিনি কিনি গান শুনিছিল ৷ সেয়ে মই তোমাৰ গান লুকাই চুৰকৈ শুনিব লগীয়া হৈছিল ৷ 

                     পাছত যেনিবা নিজাকৈ কাৰোবাৰ চেকেণ্ড হেন টেপৰেকৰ্ডাৰ এটা কিনি নিজাকৈ গান শুনাৰ ব্যৱস্থা কৰি লৈছিলোঁ ৷ এবাৰ মই মোৰ লগৰ এজনৰ লগত তোমাৰ সেই মায়া মায়া মায়া মাথোঁ মায়া গীতটো শুনি থকাৰ লগতে হিন্দী গান শুনি থকা দেখা পাই সেই বিশেষ ব্যক্তি জনে খং কৰি মই আনৰ পৰা কিনি অনা টেপ ৰেকৰ্ডাৰটোকেই মৰিয়াই মৰিয়াই ভাঙি পেলাইছিল ৷ সেইটো  ভাঙিছিল আৰু মোক গালি দিছিল কি এইবোৰ হিন্দি গান আৰু জুবিনৰ গান শুনি থাক , ভাল গান এটা শুনিব নোৱাৰ ৷ ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা জয়ন্ত হাজৰিকাৰ কেছেট , কেছেট দোকানত নাপাৱ নেকি  ? 

                         কিন্তু আচৰিত কথা মোক তোমাৰ গান শুনিবলৈ মানা কৰা মানুহ জনেই পাছত তোমাৰ গানৰ কেছেট নিজেই কিনি আনি তোমাৰ গান শুনিবলৈ লৈছিল ৷  সেই বিশেষ ব্যক্তি জনৰ প্ৰথম মন জয় কৰিবলৈ সক্ষম হোৱা তোমাৰ বিশেষ গীত দুটি হৈছে 👉 ১/ ভৰ দুপৰীয়া দুটি হৰিণী মাজতে এখনি নৈ   ,,,,,,,  ,,,,,,,          আৰু 

                                 ২/ মাতে পকা ধানে ৰিঙিয়াই বগী তৰা যায় আগুৱাই  , 

ইয়াৰ পাছত তোমাৰ কণ্ঠ দান কৰা ভাগৱত পাঠকে আদি কৰি বহুতো ৷ এতিয়া আহিছোঁ সেই বিশেষ ব্যক্তি জনক তোমাক চিনাকি কৰাই দিবলৈ তেওঁ আন কোনো নহয় তেখেত মোৰ মামা আছিল  স্বৰ্গীয় ৰঞ্জন শইকীয়া  ৷ তেখেতেও কেইবা বছৰৰ আগেয়ে ইহ সংসাৰ ত্যাগ কৰি স্বৰ্গবাসী হৈছে , এতিয়া তুমি তলৈ যোৱা দেখি হয়টো তেখেতেও আনন্দ পাইছে কাৰণ টাতে তোমাক সন্মুখৰ পৰা চাই চাই তোমাৰ কন্ঠেৰে নিগৰা গীত শুনিবলৈ পাব ৷ ভিৰৰ মাজত যদি তেখেতে নিজৰ চিনাকি দিবলৈ আহে নামটো মনত ৰাখিবা স্বৰ্গীয় ৰঞ্জন শইকীয়া ৷ 

                 মই তেতিয়াই মানে ১৯৯৮ বা ২০০০ চন মানতেই উপলব্ধি কৰিছিলোঁ যে তোমাক যদিয়ো কোনোৱে সেই সময়ত ভাল পোৱা নাছিল লাহে লাহে সকলোৱে ভাল পাব ৷ আৰু এই কেইদিনত নিজেই দেখা পালোঁ মানুহে তোমাক কিমান ভাল পায় আৰু তোমাৰ কাৰণে কি কৰিব পাৰে ৷ মই কল্পনা কৰিব নোৱাৰাকৈয়ো তোমাক ভাল পোৱা মানুহ আছে , বহু কেইজনে ইতিপূৰ্বেই তুমি নোহোৱা হোৱাৰ কথাষাৰ সহ্য কৰিব নোৱাৰি এই সংসাৰেই ত্যাগ কৰি তোমাৰ ওচৰলৈ ঢাপলি মেলিছে ৷ 

               তুমিতো সেই কথা জানিচাই নিশ্চয় , আনক কিমান ভাল পালে বাৰু মানুহে নিজকে শেষ কৰি দিব পাৰে ? 😭😭😭😭সেই ভাবি মই আচৰিত হৈছোঁ ৷ কিনো ক'ম কি কৈ কেনেদৰে শান্তি পাম যেন লাগি আছে ৷ 

  তুমি যে এতিয়া আমাৰ মাজত জীৱন্ত ৰূপত নাই এই কথাষাৰ এতিয়াও মানি লব পৰা নাই কিয় এনে হৈছে বাৰু 😭😭😭 তুমি আছিলা আৰু যোগ যোগান্তৰলৈকে থাকিবা ৷ মাথোঁ তোমাৰ পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ সময়ত প্ৰকৃততে কি হৈছিল সেইটো জানিব পৰা হলে হয়টো কিছু শান্তি পালোঁ হয় ককাই 😭😭😭 তুমিয়েই কিবা এটা চমৎকাৰ কৰি সকলোবোৰ প্ৰকাশ কৰাই দিয়ানা 😭😭😭🙏🙏জয় জুবিন দা 🙏🙏🙏

Thursday, September 25, 2025

মৃদুল কুমাৰ সন্দিকৈ FB Pist

 বন্ধু পবিত্ৰৰ সৈতে জুবিনে পতা কথাবোৰ...

তেতিয়া জুবিন আছিল গভীৰ দুখত। এক মুহূৰ্তৰ আগলৈকে হাঁহি থকা জুবিন গাৰ্গৰ বুকুলৈ খহি আহিছিল দুখৰ পাহাৰ। সেই দৃশ্য বৰ্ণনা কৰিছিল তেওঁৰে এজন সুহৃদে। লিখিছিল- কেনে আছা জুবিন? –এক মুহূৰ্তৰ আগলৈকে হাঁহি মাতি থকা মৰমৰ ভনীয়েক জংকীক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই দুহাতেৰে দাঙি বাউলৰ দৰে চিঞঁৰি আছিল জুবিনে। 

জুবিনৰ কথা সেইদিনা লিখিছিল তেওঁৰে এজন পৰম বন্ধুৱে। সেই লেখাৰ শিৰোনাম আছিল- ‘কেনে আছে জুবিন?’ গৰিমাৰ সান্নিধ্যত নতুন জীৱনৰ পাতনি মেলা জুবিন গাৰ্গৰ বিষয়ে লেখা এটা ২৩ বছৰৰ পুৰণি লেখা।

সহায়ৰ বাবে জুবিনে এনেদৰে চিঞৰিছিল সেইদিনা। মুৰ্মুষ জংকীৰ যন্ত্ৰণাকাতৰ দেহটো লৈ কাষেৰে পাৰ হৈ যোৱা অচিনাকী গাড়ীবোৰৰ আৰোহী নিৰুদ্বেগ মুখবোৰলৈ চাই কাতৰ ভাৱে কৈছিল- ‘আমাক লৈ বলক’।

কেইবাখনো গাড়ীয়ে সহাৰি দিয়া নাছিল। অৱশেষত এখন গাড়ীত উঠাই কোলাত আলফুলে জংকীক লৈ তেওঁ চিকিৎসালয়লৈ বুলি ঢাপলি মেলিছিল। সেই লেখাত এই কথাবোৰেই বৰ্ণনা আছিল- সমস্ত আশাৰে বিচাৰিছিল একো নহওঁক তাইৰ। অন্ততঃ তাই জীয়াই থাকক। 

পিছে ককায়েকক মাত নিদিয়াকৈ, নুসুধাকৈ তাই গুছি গৈছিল। স্তব্ধ হৈ পৰিছিল জুবিন। মৃত্যুক হেনো ইমান কাষৰ পৰা আগেয়ে দেখা নাছিল। অস্থিৰ হৈ পৰিছিল তেওঁ। দুপৰ নিশালৈকে নিশ্চুপ হৈ বহি থাকে নৱগ্ৰহ শ্মশানত। 

অতি ওচৰৰ পৰা জুবিনক পোৱা অন্যতম বন্ধুৰ ভিতৰত আছিল তেৱোঁ আছিল অন্যতম আৰু বিশেষ। তেওঁ সেই দিনবোৰৰ কথা বৰ্ণনা কৰি লিখিছিল- দিনে, নিশাই ডিজি মিউজিকৰ ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰুমত সোমাই মাথো কীবৰ্ডত আঙুলি বোলাই। হাঁহি নাই, চকুলো নাই...। 

এনে দুখৰ সময় আছিল জুবিনৰ সেয়া। কিয়নো বহু গানৰ প্ৰথম শ্ৰুতা, প্ৰথম সমালোচক প্ৰতিটো সময়ত ছাঁৰ দৰে থকা জংকী আৰু জয়ন্তৰ অকাল বিয়োগত একেবাৰে মৌন হৈ পৰিছিল  জুবিন। 

গুণগুণাব খুজিলেও ক’ৰবাত সুৰবোৰ ৰৈ যায়। চৌপাশৰ শুভাকাংক্ষীসকলৰ মনত ভয় হৈছিল জুবিনে কিছু সময়ৰ বাবে জিৰণি ল’ব নেকি? পিছে নহয়, ওচৰা ওচৰিকৈ অহা তিনিটা ভয়াৱহ মৃত্যুৱেও গানৰ জগতখনত জুবিনৰ যাত্ৰা ৰোধিব নোৱাৰিলে। 

পুনৰ তেওঁ নিমগ্ন হ’ল সৃষ্টিত। বৰ্তমান তেওঁ ব্যস্ত ‘দেহমন’ আৰু ‘শিশু’ দুটা একক কণ্ঠৰ শ্ৰব্য কেছেট নিৰ্মাণত- এই লেখাটোত এনেদৰে বৰ্ণনা কৰা হৈছিল জুবিন গাৰ্গৰ সেই সময়ৰ কথা। 

মানুহে তেতিয়া জুবিনে জানিব খুজিছিল কুশলে আছেনে জুবিন?  সেয়ে হয়তো তেওঁ এই লেখাটো লিখিছি, জুবিনৰ সৈতে কথা পাতিছিল। অকলশৰীয়া হৈ পৰা জুবিনে কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। যাযাবৰী জীৱন কটাই ভাল পোৱা, ব্যাকৰণবিহীন বিহীন নিশাৰ জীৱন কটোৱা জুবিনৰ মনৰ কথা জানিব খুজিছিল তেওঁ। 

জনপ্ৰিয় সপ্তাহিক কাকত সাদিনৰ বাবে এই সাক্ষাতকাৰমূলক লেখা প্ৰস্তুত কৰা হৈছিল। য’ত প্ৰথমটো প্ৰশ্নই জুবিনৰ প্ৰতি আছিল- তোমাক জনা বহুতেই জানে তোমাৰ দিনপঞ্জীখন আৰু তোমাৰ কাম কৰাৰ ধৰণ বৰ আচহুৱা। সেইদিনালৈকে বহেমিয়ানৰ দৰে দিবানিশে গানৰ সৈতে জীৱন উদযাপন কৰি আছিলা। এতিয়া তুমি গৰিমাৰ সৈতে সংসাৰৰ পাকত বন্দী। তুমি মানুহটো সলনি হৈ যাবা নেকি?

এই প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল- বিবাহৰ পূৰ্বে মোৰ কামৰ উৎপাতত বহু কথাত মনোযোগ দিব পৰা নাছিলো। বহু ভুল কৰিছিলো। ঘৰত সময় দিব পৰা নাছিলো। ৰাতি ৰাতি নুশুৱাকৈ কাম কৰিছিলো, য’তেই ৰাতি হয় তাতেই শুই দিছিলো, গছৰ তলত নিশা কটোৱাৰো উদাহৰণ আছে। মই বৰ অস্থিৰ আছিলো। মানুহৰ প্ৰতি মোৰ গভীৰ ভালপোৱা আছে সেই ভালপোৱাই মোক খেদি লৈ ফুৰিছিল অ’ৰ পৰা ত’লৈ।

প্ৰথম প্ৰশ্নটোৰ উত্তৰ সেইদিনা যথেষ্ট দীঘলীয়াকৈ দিছিল জুবিনে। কৈ গৈছিল তেওঁ- বিভিন্ন মানুহৰ দুখত সমভাগী হৈ মই ভাল পাইছিলো। প্ৰকৃতিৰ এটা উপাদান মোৰ অঘৰী জীৱনত। এতিয়া হয়তো বহুত কথা জুখি-মাখি চলিব লাগিব। মই নিশাৰ জীৱনৰ প্ৰেমিক। ৰাতি কাম কৰি, সৃষ্টি কৰি ভাল পাওঁ। এতিয়াও মই ৰাতি সাৰে থাকিম। কাম কৰি যাম। এতিয়া হয়তো সময়তো অলপ ইফাল-সিফাল কৰিব লাগিব। গোটেই ৰাতি কাম কৰি দিনৰ ৩ বজালৈ শুই থকা অভ্যাসটো সলাব লাগিব। 

সেই সাক্ষাতকাৰতে বন্ধুক কৈছিল মৃত্যু নোহোৱালৈকে তেওঁৰ সৃষ্টিৰ মৃত্যু নহয় বুলি। অসম আৰু অসমৰ মানুহৰ বাবে বহু কাম কৰিবলৈ আছে বুলি জনাইছিল। অতীত তেওঁৰ কাৰণে হেনো দৰকাৰী নহয়। ভৱিষ্যতকো তেওঁ নেদেখে। বৰ্তমানকহে তেওঁ কামত লগাব চেষ্টা কৰে। 

ভগ্নী জংকীৰ কথা সোঁৱৰি তেওঁ আৱেগিক হৈছিল- এতিয়া মোৰ মনত দুটা কথাৰ প্ৰচণ্ড প্ৰভাৱ পৰিছে এক জংকী আৰু জয়ন্তৰ মৃত্যু। সিহঁত মোৰ সোঁহাত আৰু বাওঁহাত আছিল। জীৱনত প্ৰথম ইমান অসহায়বোধ কৰিছো। কিন্তু মই জানো মই ইয়াক পাৰ কৰি যাম। জংকীৰ গাত মোৰ আধাতকৈ বেছি প্ৰতিভা আছিল। এতিয়া তাইৰ সপোন বিলাক মোৰ জীৱনলৈ বহু আশা লৈ আহিছে। মই ভাবো আমাৰ দুয়োৰে মাজেদিয়েই নতুন ইতিহাসে গঢ় ল’ব। 

গৰিমাৰ কথা কৈছিল জুবিনে কৈছিল এইদৰে- গৰিমাৰ সহযোগত মোৰ আকৌ নতুন জন্ম হ’ব। অসমে আৰু দহটা জুবিন মোৰ মাজত দেখিব। গান আৰু সংসাৰৰ কথা ওলাইছিল সেই বাৰ্তালাপত। কেনেকেদৰে চলাই নিব গান আৰু সংসাৰক? সুধিছিল সেইদিনা তেওঁক তেওঁৰ বন্ধুৱে। 

জুবিনে এই প্ৰশ্নৰ উত্তৰ বৰ ছুটিকৈয়ে দিছিল যদিও তাত বিশ্বাস আৰু আস্থা সকলো লুকাই আছিল। উত্তৰত জুবিনে কৈছিল- সংগীত জীৱনত গৰিমাৰ প্ৰভাৱ বহু আগৰে পৰাই আছে। নহলে মই তাইক ভাল পাবই নোৱাৰিলোহেতেন। তাই মোক বুজি পাই, সংগীতক বহুত ভাল পাই (নিজেই গান নাগাই যদিও) ঘৰুৱা কথাত সৰু ভণ্টী মমন, দেউতা সকলোৱে মোক সহায় কৰে। মই ভাবো সকলো সুন্দৰকৈ চলাই যাব পাৰিম। মানুহৰ মৰমতো আছেই। 

সাংসাৰিক জীৱন! স্বামী জুবিন! মানুহজন কেনে হ’ব? এই সাক্ষাতৰাকটোতেই সুধা হৈছিল তেওঁক- সাংসাৰিক জুবিন জন কেনে হ’ব?  জুবিনৰ চিধা উত্তৰ আছিল- বজাৰ-সমাৰ কৰি ৰাতি ১০ টা বজাত ভাত খাই শুই থকা মানুহ মই কেতিয়াও হ’ব নোৱাৰো। তাত একো নতুনত্ব নাই। কেতিয়াবা এদিন হয়তো ভাল লাগিব। ৰাতি ২ টা বজালৈকে মই কাম কৰিবই লাগিব। সংগীত সদায় মোৰ কাৰণে প্ৰথম। মই কৰ্মত বিশ্বাস কৰো। ধৰ্ম, ঈশ্বৰ একোতে বিশ্বাস নকৰো। হয়তো মই অজ্ঞেয়বাদী। 

জুবিন মানেই মানুহ পাগল। জুবিন মানেই বহু যুৱতী হৈ পৰে উত্ৰাৱল। নিজৰ কৰি পাব বিচাৰিছিল জুবিনক বহু যুৱতীয়ে। কিন্তু গৰিমাকে কিয় জুবিনে বাচি ল’লে জীৱন সংগীৰ ৰূপত। কি গুণ আছিল গৰিমাৰ? 

এই প্ৰশ্নৰ উত্তৰত জুবিনে সেইদিনা কোৱা কথা কেইটা আছিল- মই মানুহটো পানীৰ নিচিনা। যিকোনো পাত্ৰত যিকোনো আকাৰ ল’ব পাৰো। মোক ধৰি ৰখাটো বৰ টান। মই সদায় উৰিব বিচাৰো। মই ভাবো গৰিমাৰ মাজত এনে কিছুমান গুণ আছে যাৰ কাৰণে ইমান বছৰে মই তাইৰ ওচৰতেই বান্ধ খাই থাকিলো। 

প্ৰধান কথা হ’ল তাই মোক চাব জানে আৰু মোৰ ভুলটো আঙুলিয়াই দিব পাৰে। তাইৰ বাহিৰে মোৰ সন্মুখত কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। 

বন্ধু মানুহ, মুকলিকৈ পাতিছিল সেইদিনা কথা। সুধিছিল বিয়াৰ পাছত নাৰীৰ মাজত জনপ্ৰিয় জুবিনৰ জনপ্ৰিয়তা আৰু গ্লেমাৰ কমি যাব নেকি? জুবিন চিন্তিত নাছিল ইয়াক লৈ। উত্তৰ দিছিল বন্ধুক এইদৰে- গ্লেমাৰ কি বস্তু মই নাজানো। মানুহে ভাল পাই কাৰণে ভাল লাগে। জংকী, জয়ন্তৰ মৃত্যুৰ পাছত অনুভৱ কৰিছো জীৱনটোত বেছিভাগ কথাই অৰ্থহীন। অকল ভাল কামেহে পৃথিৱীখন সুন্দৰ হোৱাত সহায় কৰে। কাম সদায় থাকি যায়। নাম, টকা সকলো অৰ্থহীন। 

নাৰীৰ মাজত বিশেষভাৱে জুবিন জনপ্ৰিয় হোৱাৰ কথা জুবিনে অনুভৱ কৰিছিল। কেৱল নাৰীয়েই নহয়, সকলোৰে প্ৰিয় আছিল তেওঁ। মৃত্যুৰ পাছতো বহুতে উপলব্ধি কৰিছে কিয় জুবিনৰ ফেন নহ’ল বুলি? জুবিনৰ মতে- নাৰীৰ মাজত মই জনপ্ৰিয় হোৱাৰ কাৰণ হয়তো মোৰ গীত গোৱাৰ ষ্টাইল, গীতৰ কথা আৰু মোৰ গীতৰ অনুভৱৰ গভীৰতা। 

মই প্ৰথম যেতিয়া উলাইছিলো, চেষ্টা কৰিছিলো মোৰ প্ৰজন্মটোৰ চেণ্টিমেনটেক লৈ মোৰ গীতত খেলিবলৈ। কিন্তু সুসংযত ৰূপত। মই তাত সফল হৈছিলো। এতিয়া মোৰ পৰিসৰ বাঢ়িছে। মোৰ গীতৰ পৰিধিয়ে এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে চুইছেগৈ। মই আলচতে এইটোৱেই বিচাৰিছিলো। মাত্ৰ কামটো কৰোঁতে কম সময় লৈছো। মোৰ আৰু বহুত কবলগীয়া আছে মানুহক। মই ভাবো বিবাহৰ পাছতো মোক মানুহে একেদৰেই পাব। 

সপোন দেখেনে জুবিনে? অসমক লৈ তেওঁ কি সপোন দেখে?  অসমৰ কাৰণে হেনো জুবিনৰ চিন্তা। কৈ গৈছিল জুবিনে সেইদিনা- অসমৰ কাৰণে মোৰ সদায় চিন্তা। সেই কাৰণে মুম্বাইত বেছি দিন থাকিব নোৱাৰো। মই সাংস্কৃতিক প্ৰতিনিধি হিচাপে মোৰ কৰ্তব্য সদায় কৰি যাম। সংগীতৰ মহাসভাৰ যোগেদি বৰ অসমখন আকৌ একেলগ কৰাৰ প্ৰচেষ্টা হাতত লৈছো। মোৰ জীৱনটো অসমৰ দান, ই অসমৰ মাজতেই, অসমৰ বাবেই যুদ্ধ কৰি কৰি শেষ হ’ব। 

এয়াই হ’ল। এয়াই কৰি দেখুৱালে জুবিনে। অসমৰ সীংগত জগতক লৈ আৰু নতুন সকলক লৈ তেওঁৰ আছিল এক ইতিবাচক ধাৰণা- মোৰ সংগীত সদায় উৰ্ধ্বমুখী। নতুন ধৰণৰ গায়ক, গায়িকা, সুৰকাৰ মোক লাগে, যাতে আৰু বেলেগ ধৰণৰ কাম মই কৰিব পাৰো। সংগীত পৰিচালক হিচাপে ইয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰিছো। কম হওঁক, কিন্তু ভাল কাম হওঁক। লোক সংগীতৰ জগতখন ভালেই দেখিছো। ই যথেষ্ট ফকাচলৈ আহিছে। অসমৰ বেছিভাগ সংগীতৰ লগত মই জড়িত। কিন্তপ কেতিয়াবা মোৰ অকলশৰীয়া বোধ হয়। মই আশাবাদী, নতুন প্ৰজন্মই আমাক আৰু শিল্পী দিব, জুবিনতকৈ ভাল শিল্পী। 

জুবিনৰ সৈতে সাধাৰণ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম সংগীত আৰু মঞ্চ। কিন্তু বাটেদি যোৱা সাধাৰণ মানুহ এজনক দেখিলে তেওঁ হেনো মনত ভাৱ হয় সেই মানুহজনৰ মাজত তেওঁ আছে- সেই সাধাৰণ মানুহজনৰ মাজত মই নিজকে বিচাৰি পাওঁ। কাৰণ সেই মানুহজন মই কেতিয়াবাই এৰি থৈ আহিছো। সংগীত আৰু গ্লেমাৰৰ মাজত বস্তু দুটাই মোৰ মাজত জন্ম দিছে এটা এলিয়েনৰ। 

জংকীৰ মৃত্যুৱে তেওঁক মৃত্যুৰ সম্পৰ্কে এক ধাৰণা দিছে। সুধিছিল বন্ধুৱে মৃত্যু সম্পৰ্কীয় এটা প্ৰশ্ন। মৃত্যুক তুমি ভয় কৰা নেকি? জুবিনৰ উত্তৰ আছিল- জংকীৰ মৃত্যু মোৰ কোলাতেই হৈছিল। তাইক মই দাঙি আনি চুমু এখন উঠাই লৈ গৈছিলো হাস্পতালৰ ফালে। ৰাস্তাতেই তাই শেষ নিশ্বাস ত্যাগ কৰিলে মোৰ হাতত। আকৌ এবাৰ মই হাৰিবলগা হ’ল। নাজানো কাৰ হাতত? তাইৰ মৃত্যু দেখি জীৱনত প্ৰথম ভয় খাইছিলো, কপিছিলো। বহু কঠিন পৰিস্থিতিতো মই সদায় অটল থকাৰ অভ্যাস আছে। কিন্ত সেইদিনা মই সম্পূৰ্ণৰূপে নিঃসহায় হৈ পৰিছিলো। 

জংকীক লৈ মই বৰ আশাবাদী আছিলো। মোৰ সপোন আৰু তাইৰ সপোন সদায় একাকাৰ হৈ আছিল। মই দেখা ছোৱালীৰ ভিতৰত তাই আছিল এজনী অসাধাৰণ আৰু সুন্দৰ। যাৰ উপমা নাই। মই ভাবো তাইৰ মৃত্যুত মোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মোৰ অসমবাসী। 

মৃত্যুৰ মুখৰ পৰা মই কেইবাবাৰো বাচিছো। মৃত্যুৰ ভয় মোৰ নাই। কিন্তু কেতিয়াবা নমৰিব লগীয়া মানুহ বেয়াকৈ মৰিলে মোৰ কণ্ঠ ৰুদ্ধ হয়। নিজকে পুতলা যেন লাগে। জীৱনৰ যাত্ৰাত ঘাট-প্ৰতিঘাত থাকেই, কিন্তু যগি ঈশ্বৰে অন্যায় কৰে মই তাৰ লগতো যুঁজিবলৈ প্ৰস্তুত। এটা কথা বুজিছো জীৱনৰ শেষ পৰিণতি ধূলিৰ বাহিৰে আন একো নহয়। বাকী সকলো অৰ্থহীন। 

কেনে আছে এই জুবিনৰ এই কথাবোৰ সামৰা হৈছিল। জুবিনে কৈছিল সম্পূৰ্ণ সুস্থ তেওঁ- মই সম্পূৰ্ণ সুস্থ, মই আগতেই কৈছো ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খোজো মই। মোৰ জীৱনটো ৰাইজৰ বাবে। মোৰ ব্যক্তিগত দুখ, ঘাট-প্ৰতিঘাতে মোৰ সৃষ্টিক কেতিয়াও বাধা জন্মাব নোৱাৰে। সংগীতত বহিলেই মই পাহৰি যাওঁ মই কি হেৰুৱাইছো, কি পাইছে। Life is a big lemon with a drop of sweetness inside। 

গৰিমাও আছিল কাষত সুধিছিল গৰিমাকো এটা প্ৰশ্ন। স্বামী নে প্ৰেমিক ৰূপত বিচাৰে গৰিমাই জুবিনক? নবিবাহিতা আছিল গৰিমা। গৰিমাৰ উত্তৰ আছিল সেইদিনা- জুবিনৰ ভাল-বেয়া সকলো মিলি হোৱা স্বভাৱটোৰ বাবেই মই জুবিনৰ প্ৰেমত পৰিছিলো। জুবিনৰ গীতৰ মই শ্ৰোতা। জুবিন কেৱল মোৰ নহয়, তেওঁৰ ওপৰত অধিকাৰ আছে তেওঁৰ শ্ৰোতাৰ। মই মোৰ প্ৰয়োজনত তেওঁক বান্ধি ৰাখিব নোখোজো। যুৱতীসকলৰ মাজত জুবিন জনপ্ৰিয়। বিবাহৰ পাছত সেই জনপ্ৰিয়তা থাকিব নে? 

এই প্ৰশ্নৰ উত্তৰত গৰিমাই কৈছিল, প্ৰতিভা নাথাকিলে কোনো জনপ্ৰিয় হ’ব নোৱাৰে। বহু প্ৰিয় মানুহ সংসাৰি। তেওঁলোকৰ যোগ্যতা আৰু প্ৰতিভা থকালৈকে জনপ্ৰিয় হৈ থাকে। জুবিনৰ ক্ষেত্ৰতো সেয়াই হ’ব। মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। কাৰণ যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 

জুবিনৰ সৈতে সেইদিনা গভীৰ একাত্মতাৰে এইবোৰ কথা পতা মানুহজন আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমানৰ কেন্দ্ৰীয় বিদেশ  ৰাজ্যিক মন্ত্ৰীগৰাকী। একেখন বিচনাতে ১০ বছৰ শুৱা আৰু শেষযাত্ৰাত জুবিনৰ কাষত ছাঁটোৰ দৰে লাগি থকা বন্ধু পবিত্ৰৰ আগত প্ৰাণখুলি জুবিনে কৈছিল মনৰ কথা।

Lalit Gogoi FB Wall

জুবিনক দম দিব পৰা মানুহ বোধহয় তৰুন গগৈয়েই আছিল । গগৈৰ মৃত্যুৰ পিচত জুবিনে নিজেই সেই কথা লিখিছিল । সদায় ছাৰ বুলি সম্বোধন কৰা তৰুন গগৈৰ স্মৃতি ৰোমন্থন কৰি তেওঁ লিখিছিল-মোৰ কিবা বিৰ্তক হলেই তেওঁ মোক ঘৰলৈ মাতি পঠিয়ায় । এইটো এটা ইণ্টাৰেষ্টিং পাৰ্ট আছিল । কেতিয়াবা বাপেকে পুতেকক বুজোৱাৰ দৰে বুজায় । কেতিয়াবা মাতি নি গালি পাৰে আৰু দম দিয়ে । তেওঁৰ দমটো মোৰ ভাল লাগে । মইয়ে প্ৰথম মানুহ যিয়ে তেওঁ দম দিলেও ভাল লাগে বুলি কৈছিলো । কাৰন তেখেতৰ কথাত মই গুৰুত্ব দিওঁ । সদায় শুদ্ধ কথা কয় । কোনোদিনে তেওঁৰ লগত ৰাজনীতিৰ কথা পতা নাই আৰু ৰাজনীতিকৰ দৃষ্টিৰে মই তেওঁক নাচাওঁ । এজন মানৱতাবাদী হিচাপে তেওঁৰ লগত কথা পাতিছিলো । শেষবাৰৰ বাবে যোৰহাট আৱৰ্ত ভৱনত নিশা দুঘণ্টা কথা পাতিছো । তেওঁ নিজেই ফোন কৰি মতাই নিছিল ।সদায় লগ পালেই তেওঁ সংগীতৰ কথা পাতে ; চিনেমাৰ কথা পাতে । শেষবাৰ লগ পাওঁতে গুৱাহাটীৰ সৌন্দৰ্যবদ্ধনৰ ওপৰত আমাৰ মাজত আলোচনা হৈছিল । উল্লেখ কৰা ভাল যে জি-এম-চি-এইচত মুমূৰ্ষ অৱস্থাত দেখা কৰিবলৈ গৈ মিউজিক থেৰাপি হিচাপে তেওঁক ভাল গান শুনাবলৈ জুবিনে পুত্ৰ গৌৰৱ গগৈক পৰামৰ্শ দি আহিছিল আৰু সেইমতে তেওঁক গান শুনোৱা হৈছিল বুলিও জুবিনে লিখিছিল । এতিয়া ভাবিছো তৰুন গগৈ আজি জীয়াই থকা হলে জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ তেওঁৱো নিশ্চয়কৈ শোকত ভাগি পৰিলেহেতেঁন দম দিয়া কথাবোৰ মনত পেলায় ।

Bhupen Roy FB Wall

নক্ষত্ৰৰ মৃত্যু নাই, ইমানেই বেছি কৈ দি গৈছে যাৰ অন্ত নাই। আমি কি দিলোঁ ? 

ডঃ ভূপেন হাজৰিকা।

ডঃ জুবিন গাৰ্গ।

শান্তনা লৈছোঁ এনে কথা ভাবি, নামৰ আগত যে কিবা এটা লিখিবলৈ পালোঁ।

সৰগত হয়তো উৎসৱ পাতিছে

জ্যোতি বিষ্ণু ককাইদেউ হতঁৰ গাত হয়তো তত নাইকিয়া জুবিনক আদৰিবলৈ।

ভূপেন দাই হয়তো কৈছে, আহ আহ ইয়াতেই আছে শান্তিৰ বতাহ।

চিঞৰি চিঞৰি কাকোৱেই কব নালাগে, মোৰ ধৰ্ম নাই মোৰ জাতি নাই বুলি। ইয়াত সেই বোৰ একোৱেই নাই, আছে কেৱল মানৱতা । মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে...... ময়ো চিঞৰি চিঞৰি গাইছিলোঁ জুবিন, মঞ্চে মঞ্চে মানুহে বুজিকে নাপালে। 

জুবিন,, সেই ফালে চাচোন জয়ন্তই গীতাৰ খন লৈ কি যে মিঠা সুৰ দি আছে.... মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম...... 

জংকী য়ে হয়তো ককাইদেউ আহিছে বুলিয়েই সাৱটি ধৰি আনন্দত আত্মহাৰা হৈ পৰিছে। সৰগত আজি মহা মিলনৰ উৎসৱ! নীৰবতাৰ কোলাহল.....!! নিশব্দৰ সমদল....!! 

শংকৰ মাধৱ গুৰু দুজনাৰ পৰা আৰম্ভ কৰি আজান ফকীৰ আমি সকলোৱেই অপ্ৰাণ চেষ্টা কৰিছিলোঁ জুবিন,, বুজাবলৈ আমাৰ মানুহক। নুবুজিলে কিনো কৰিবি!!!  শংকৰে সিচেঁ নামৰ কঁঠীয়া......

মহামিলনৰ এই সৰগৰ সভাত আজি তুমিয়েই গোৱা জুবিন , তোমাৰ ভাল লগা এটি গীত.….... মায়াবিনী ৰাতিৰ বুকুত........

এটি সুৰ বাহিনী, আমি সৰগতে সাজিম। গীত মাত, নাটক আৰু চিনেমাৰে হিয়া উজাৰি উপচাই দিম।

Jayanta Ghosh FB Wall

Truly touching write up by Ayushi Chakraborty 

সঞ্চয় কাকে বলে? উপার্জন কি? লাভ কি? স্ট্যাটিসটিক্স দেখাবে সংখ্যার হিসেব।নোটের সংখ্যা।জীবনের স্ট্যাটিসটিক্সও দেখাবে সংখ্যার হিসেব।তবে তা মাথার সংখ্যা। আপনার শেষ দিনে ক'টা মাথা আপনার মৃতদেহের পাশে এসে জড়ো হল,কতগুলো চোখের কোণ চিকচিক করে উঠলো,ক'জন মানুষ শেষ দেখা না পেয়ে হা-হুতাশ করলো;সেইটুকুই আপনার সঞ্চয়। বাকিটা হস্তান্তর,তবিলদারি।জুবিন গর্গ দেখিয়ে দিলেন তিনি কতটা সঞ্চয়ী, কতটা বিত্তশালী,কী অসীম ধনে ধনী!মেঘালয়ের মতো ছোট্ট একটা রাজ্যের ছোট্ট পাহাড়ি শহর 'তুরা'-র মাঝারি গড়নের রোগা ছিপছিপে ছেলেটির মৃত্যু মিছিল Limca Books of Record- এ পৃথিবীর মধ্যে চতুর্থ বৃহত্তম!পোপ জন পল দ্বিতীয়,রাণী দ্বিতীয় এলিজাবেথ,মাইকেল জ্যাকসনের পরেই। একবার ভাবুন তো!তাঁকে ঘিরে আসামে তিনদিনের রাষ্ট্রীয় শোকপালন। স্কুল, কলেজ,অফিস-আদালত বন্ধ।পরীক্ষা বাতিল।হ্যাঁ, জনজীবন খানিক বিধ্বস্ত হবে ঠিকই, কিন্তু এই চিত্র বলে দেয় তাঁর চলে যাওয়ার থেকে বেশি বিধ্বস্ত নয়।শুধুই শিল্পী বলে? না, তিনি শুধু শিল্পী ছিলেন না। ছিলেন একজন মানবিক শিল্পী।শিল্পীজীবনের আলোর ঝলকানির উল্টোদিকটা তো আসলে ভয়াবহ। এই সোশ্যাল মিডিয়ার যুগে তো আরও। আজ পারফর্ম না করতে পারলে,কাল মানুষ ঘাড় ধরে স্টেজ থেকে নামিয়ে দেবে।সেখানে এতদিন ধরে অসুস্থ থাকা সত্ত্বেও,পেশাদারিত্বপূর্ণ উপস্থাপনা না থাকা সত্ত্বেও জুবিনকে লোকে মাথায় তুলে রাখতো।একটাই কারণ তিনিও মানুষকে মাথায় করে রাখতেন।তিনি জানতেন না তিনি জুবিন গর্গ। খাইয়ে দিলে খেতেন। মাথায় হাত বুলিয়ে দিলে শিশুর মতো কেঁদে উঠতেন। মাঝরাতে মালিকের হাতে প্রত্যহ ধর্ষিতা নাবালিকাকে হিরোর মতো অন্ধকার রাস্তা থেকে উদ্ধার করতেন, অবলা পশুদের আশ্রয় হতেন, দীন-দুঃখীদের সর্বস্ব দিয়ে পাশে দাঁড়াতেন।ভাঙাচোরা পাইস হোটেলের টলমলে মাচার ওপর বাবু হয়ে বসে আঙ্গুল চেটে মাছের ঝোল আর ভাত খেতে তাঁর ওয়ার্ল্ডওয়াইড ফেইম কখনো  বাঁধা হয়ে দাঁড়ায়নি।মুম্বইয়ের যান্ত্রিকতার সাথে তার নিষ্পাপ পাহাড়ি মন আপোষ করে উঠতে পারতোনা,তাই মুম্বই তাঁকে লুফে নিতে চাইলেও তিনি চেয়েছেন 'মরলে নিজের জায়গায় রাজার মতো মরতে'। কেরিয়ার থেকে চারটে গান বাদ গেলে তাঁর আফসোস হয়নি, কিন্তু জীবন থেকে চারটে ভালোবাসার মুহূর্ত বাদ গেলে তিনি অস্থির হয়ে উঠেছেন। তাঁর সাথে মানুষ কানেক্ট করতে পারতেন। একটা 'মায়া', একটা 'আকুতি' ছিল তাঁর দৃষ্টিতে। যেন এই কলুষিত পৃথিবীর জন্য তিনি একটু বেশিই পবিত্র।প্রতিনিয়ত ফিট ইন করার লড়াইয়ে ক্লান্ত। করেনওনি। যা ভেবেছেন,বলেছেন। ভরা মঞ্চে জামা তুলে দেখিয়েছেন তিনি বামুন হয়েও পৈতে ধারণ করেননা আর মুক্তকণ্ঠে বলেছেন, "মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মই মুক্ত।"

একটা স্ট্যাটিসটিক্স এর কথা দিয়েই শেষ করি। জুবিনকে নিয়ে এই উন্মাদনা জানতাম কিন্তু আরও জোরালোভাবে অনুভব করলাম গত দুদিনে। আমি একটা সাধারণ ছবি পোস্ট করেছি একদিন আগে। খুব ছোট্ট করে একটা ক্যাপশন দিয়ে। কোথাও কাউকে ট্যাগও করা নেই। এই একদিনে,এই মুহূর্ত অবধি সেই ছবিতে ৭.৬টা লাইক আর ৯৩ টা শেয়ার!আমাকে অন্য দেশ থেকে মানুষ ইনবক্স করছেন আমি তাঁকে ব্যক্তিগতভাবে চিনি কিনা,যদি চিনি,যেন তাঁর শেষকৃত্যটুকু ভিডিও করে তাঁকে পাঠাই।না,আমার সবচেয়ে উল্লেখযোগ্য পোস্টটিও আজ অবধি ৫০০ লাইক ছাড়ায়নি আর আমি তা নিয়ে বিন্দুমাত্র ভাবিত নই কিন্তু জুবিনের এই প্রাপ্তির আলো আমি আমার গায়ে মাখবো কি করে?!তাই তাকেই উৎসর্গ করলাম তাঁর ভাগের এই ভালোবাসা।

ভালো থাকুন,নর্থ-ইস্ট-এর 'রাজপুত্র'।

You shall be remembered in music, memories and a billion heartbeats.

ফনিন্দ্ৰ দেৱ চৌধুৰী

ʼঘেন্টা-কবিতাʼ

সমালোচকসকলে কবিতাৰ কি কি শ্ৰেণী-বিভাগ কৰিছে মই নাজানো , কিন্তু হোমেন বৰগোহাঞিয়ে ʼএশ বছৰৰ অসমীয়া কবিতা ʼ বোৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এনে কিছু  ভাগত ভাগ কৰিছে- জীৱনৰ ৰহস্য , জীৱনৰ সাধনা , জীৱনৰ কাহিনী , প্ৰকৃতিৰ ৰহস্য, প্ৰেমৰ বিচিত্ৰ আৱেগ , অনিৰ্বচনীয় অভিজ্ঞতা , ব্যাখ্যাতীত বিষাদ , অস্তিত্ব-পীড়া , বিদ্ৰোহ আৰু প্ৰতিবাদ , স্মৃতি আৰু স্বপ্ন ,দেশপ্ৰেম আৰু সহজ সুখৰ সুধা ৷  জুবিনৰ সম্ভ্ৰান্ত সাংস্কৃতিক অনুষ্ঠানত জখলা বগোৱা , গোৰ মাৰি গেট ভাঙি পেলোৱা আদি আচৰণৰ আঁৰৰ শ্লেষ আৰু ক্ষোভৰ কাহিনীবোৰৰ কথা এতিয়া সকলোৰে জ্ঞাত৷ বৰগোহাঞিৰ সঙ্কলনখনত   ʼবিদ্ৰোহ আৰু প্ৰতিবাদ ʼ বুলি ভাগ এটা থাকিলেও , তাত জুবিনে ব্যৱহাৰ কৰা ʼ ঘেন্টা ʼ শব্দ আৰু বিচিত্ৰ আচৰণেৰে প্ৰকাশ কৰা ভণ্ডামিৰ প্ৰতি শ্লেষ প্ৰতিফলিত নহয় ৷  সেয়েহে জুবিনৰ প্ৰতি সন্মান জনাই , মই কবিতাৰ এক নতুন ভাগৰ প্ৰস্তাৱ কৰিলোঁ , যাৰ নাম দিব বিচাৰিছোঁ ʼ ঘেন্টা কবিতাʼ৷ এই শ্ৰেণীৰ কবিতাৰ বৈশিষ্ট্য হʼব - সামাজিক , বৌদ্ধিক , সাহিত্যিক , ৰাজনৈতিক , ধৰ্মীয় আদি সকলো ভণ্ডামিৰ প্ৰতি জুবিনসুলভ এক বেপৰোৱা তীব্ৰ শ্লেষ ৷ কালি ৰাতি প্ৰথম ʼ ঘেন্টা কবিতাʼ এটাৰ ৰূপ এনেদৰে মনলৈ আহিল ৷ʼঘেন্টা-কবিতাʼ নামৰ সঙ্কলন এখনেৰে জুবিনক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ কোনোবাই উদ্যোগ লʼব পাৰে এই বেলি  গ্ৰন্থৰ বতৰত ৷

ঘন্টা-চহৰ

মই কোন বুজাবলৈ কাকতৰ পৃষ্ঠা চেনেলৰ প্ৰাইম টাইম দৰ্কাৰ নাই

সেইবোৰৰ মালিকক মই  চিনি পাওঁ 

বেচিভাগেই শিয়াল

মই কোন যদি জানিব বিচাৰিছ মোৰ মুখেৰেই শুন

মই ভালপোৱাৰ এক অটল সমুদ্ৰ 

ইমান গভীৰলৈ ইহঁতে ঢুকি নাপায়

মই গোট মাৰি বৰফৰ শিল হোৱা কাঞ্চনজঙ্ঘা

ভণ্ডামিৰ প্ৰতি ভ্ৰুকুটি

দেখিলেই শিলেৰে খহটা অস্ত্ৰ সাজি আঘাত কৰোঁ

চেনেহৰ পৰশত গলি গৈ নিমিষতে মই ভালপোৱাৰ সমুদ্ৰ হওঁ

মোৰ যিবোৰ আচৰণ অসামাজিক বুলি 

 ভদ্ৰ শিয়ানবোৰে কোৰ্হাল কৰি হাত তালি লয়

মোৰ আচৰণ সেই ভদ্ৰ সমাজৰ প্ৰতি 

দুখন ভৰিৰ নিমিলা চেণ্ডেলৰ কোব 

মই ঘেন্টা কেয়াৰ কৰোঁ ইহঁতক

ইহঁতৰ লগত থাকি থাকি আমনি লাগিছে মোৰ

শ্মশানলৈ গৈ অলপ জিৰণি লওঁ

তহঁতে অকলে নেৰিবি দে মোক

ভদ্ৰ ভণ্ড নথকা এখন নতুন জগতৰ সপোন দেখি দেখি 

মই শুই থাকিম মায়াবিনী ৰাতিৰ বুকুত

তহঁতে ওৰে ৰাতি গুণগুণাই গাই থাকিবি মোৰ নিজানৰ গীতবোৰ 

গছৰ ডালবোৰত আঁৰি দিবি ঘন্টা

ভণ্ড শিয়াল দেখিলেই বজাই দিবি একেলগে

যাতে ভয়তে আঁতৰি যায়

ঘেন্টা মানুহৰ প্ৰৱেশ নিষেধ কৰিম এই ঘন্টা-চহৰত।।

Wednesday, September 24, 2025

সোণেৰে সজোৱা পজা

                        সোণেৰে সজোৱা পজা

জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

এধানী এধানী কৈ
মেদিনী হেৰাই
সাতোৰঙী ৰামধেনু
ডাৱৰত লুকাই
কোনেও নুবুজে কাকো
নিজকে ধিয়াই
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

বুঢ়ী আইৰ জুহালতে
চকুলো শুকাই
দেউতাৰো একে দশা
পদুলিলৈ চায়
বহুদিন হ’ল
সৰুবোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি
জোন তৰা নাই
হালৰ গৰু গোহালিতে
পথাৰো শুকাই
ৰাতি হ’লেই গুলিৰ শব্দই
ৰজন্ জনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

স্বাধীনতাৰ বুজ লওঁতেই
এশ বছৰ গ’ল
বিষ্ণু জ্যোতিৰ
জোনাকীৰ দেশ
এতিয়াও নহ’ল
মানৱৰ মাজতে আজি
দানৱৰ হুংকাৰ
পঢ়া শুনা সংস্কৃতি
সকলো অশাৰ
এইয়া জানো সপোন আছিল
কুৰি শতিকাৰ
সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ

সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

এধানী এধানী কৈ
মেদিনী হেৰাই
সাতোৰঙী ৰামধেনু
ডাৱৰত লুকাই
কোনেও নুবুজে কাকো
নিজকে ধিয়াই
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

দিম্পু ভৰালী FB wall ৰ পৰা

"জুবিন দা ছিংগাপুৰত ঢুকালে, কিন্তু ইয়াত থাকিলেও ঢুকালে হয় | হাস্পতাল গৈ নাপালেই, ৰিপৰ্ট বনাবলৈহে লৈ গৈছিল জুবিন দাক | ইণ্টাৰনেলি জুবিন দা একেবাৰে ঠিক নাছিল | য়টৰ পৰা জুবিন দাক পানীত নামিবলৈ কেইবাজনেও উতসাহ দি আছিল | সেই সময়ত মই সমুদ্ৰত সাঁতুৰি আছিলোঁ | দূৰৰ পৰা মই দেখি আছিলো জুবিন দাক | লাইফ জেকেট নোহোৱাকৈয়ে পানীত নামি সাঁতুৰি আছিল | প্ৰায় ৫০ মিটাৰ দূৰত মই আৰু ১০০ মিটাৰমান দূৰত সিদ্ধাৰ্থ আছিল | হঠাতে দাদা তলমূৰ কৰি পানীত ওপঙি থকা দেখি মই ওচৰ চাপি গৈ দাদাক ধৰিলোঁ | মূৰটো ওপৰলৈ উঠাই দিয়াত দাদাৰ মুখেৰে বমি ওলাই আহিছিল, নাকেৰেও পানী ওলাই আহিছিল | মই কি হৈছিল একো ধৰিবই পৰা নাছিলোঁ | কল্পনাই কৰিব পৰা নাছিলোঁ, দাদাৰ এনেকুৱা কিবা এটা হ'ব | এনে অৱস্থাত মই চিঞৰি য়টত থকাসকলক মতাত লগে লগে কোচগাৰ্ড এজনে সাঁতুৰি আহি জুবিন দাক ধৰিলে | তেনেদৰে দাদাক য়টলৈ উঠাই দিয়া হ'ল |"

সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য শেখৰৰ | এতিয়া শেহতীয়াকৈ লাইফ জেকেট নোহোৱাকৈ জুবিন দাই সাগৰত সাঁতুৰি থকা দৃশ্যৰ ভিডিঅটোত ভাগৰুৱা দেহাৰে সাগৰৰ পানীত সাঁতুৰিবলৈ চেষ্টা কৰা জুবিন দাক য়টত থকা একাংশই বেছি দূৰ সাঁতুৰিব নালাগে বুলি চিঞৰি উভতি আহিবলৈ আহ্বান জনাইছিল যদিও জুবিন দাৰ কিছূদূৰত নৌকাবিহাৰ কৰি থকা সিদ্ধাৰ্থই হাত দেখুওৱাই য়টত থকা মানুহখিনিক মনে মনে থাকিবলৈ অৰ্থাত পৰোক্ষভাৱে সিদ্ধাৰ্থই বাধা প্ৰদান কৰিছিল | ভিডিঅটোত দেখা অনুসৰি এনডি ২৪ সংবাদকৰ্মীয়ে দেখুওৱাই দিয়া পইণ্ট অনুসৰি ইয়াৰপিছত কোচ গাৰ্ডৰ সহায়ত লেবেজেন হৈ ভাগৰুৱা জুবিন দাই যেতিয়া সাতুৰি ৰবৰৰ ডিগ্গী এখনত হাত দি সেইসময়ত প্ৰাণৰক্ষা কৰি উঠিবলৈ চেষ্টা কৰিছিল তেতিয়া ওচৰতে পিছত লাইফ জেকেট পিন্ধি সাঁতুৰি থকা সিদ্ধাৰ্থই জুবিন দাৰ অৱস্থাটো নিৰৱে চাই আছিল আৰু লাহেকৈ জুবিন দাক ধৰিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ দিশে (সম্ভৱত: শেখৰে কোচগাৰ্ড) ৰ দিশে লাহেকৈ ওচৰলৈ নাই দূৰৈৰ পৰাই লাইফ জেকেট এটা পানীত ঠেলি দি জুবিন দাক বচাবলৈ চেষ্টা কৰাৰ সলনি সিদ্ধাৰ্থই কাষেৰে সাঁতুৰি সেই স্থানৰ পৰা সম্ভৱত: য়টখনৰ দিশে আগবাঢ়ি গৈছিল | এতিয়া এনডি ২৪ সংবাদকৰ্মীয়ে দিয়া তথ্য অনুসৰি জুবিন দাই হেনো চিংগাপুৰলৈ যোৱাৰ পূৰ্বে সিদ্ধাৰ্থক কৈছিল যে তেওঁ কেতিয়াবা সময়ত ঔষধ খাবলৈ পাহৰি যায় সেয়ে সিদ্ধাৰ্থক সময় হলে ঔষধ খোৱাৰ কথাটো স্মৰণ কৰি দিবলৈ কৈছিল কিন্তু সিদ্ধাৰ্থই সেয়া জুবিন দাক স্মৰণ কৰি দিয়া নাছিল যাৰফলত যি ঔষধ জুবিন দাই এবেলাও ঔষধ নখোৱাকৈ থাকিব নালাগে এনেস্থলত সেই বেমাৰ হৈ থকা ব্যক্তিজনে দুদিন ধৰি ঔষধ খোৱা নাছিল |

শেখৰে পুণৰ সংবাদ মাধ্যমৰ সন্মুখত কয়:-

"জুবিন দাক য়টলৈ উঠাই অনাৰ পিছত প্ৰত্যক্ষ কৰিছিলোঁ জুবিন দাৰ ওঁঠ নীলা হৈ গৈছে | ভৰিৰ আঙুলি নীলা হৈ পৰিছে | কেইবাবাৰো চিপিআৰ দিয়াৰ পিছতো সুস্থ নোহোৱা জুবিন দাক লৈ যোৱা হৈছিল চিকিতসালয়লৈ | জুবিন দা পানী-জুইৰ ওচৰলৈ যাব লাগে নে নালাগে, মই নাজানোঁ | দাদাই কি দৰৱ খাব লাগে সেই কথাও মই নাজানোঁ | এইবোৰ কথা সিদ্ধাৰ্থই জানে | আগদিনা ৰাতি জুবিন দাই মোক পুৱা সাগৰলৈ যাম সোনকালে উঠিবি বুলি কৈছিল | দাদাৰ পুৱা মানে দুপৰীয়া | দাদাই আমাৰ কথা নুশুনে, নিজৰ মতেই কৰে | সাগৰত নমাৰ ক্ষেত্ৰতো মই বাধা দিলেও নুশুনিলেহেঁতেন | কাৰণ য়টত থকা কেইবাজনেও জুবিন দাক পানীত নামিবলৈ উতসাহ দি আছিল | তেনেস্থলত এজন মানুহৰ কথা ক'ত শুনিব? জুবিন দাক পানীত নমাত সিদ্ধাৰ্থই বাধা দিয়াৰ কথা মই শুনা নাই |"

ইয়াত এটা মোৰ প্ৰশ্ন হয় মেনেজাৰ হিচাপে সিদ্ধাৰ্থই জুবিন দাৰ বেমাৰৰ সকলোবোৰ কথা জানিছিল তেনেস্থলত যেতিয়া চিকিতসকে জুবিন দাক পানীত যাবলৈ বাধা দিছিল সদায় ঔষধ খাব দিছিল সেইক্ষেত্ৰত সিদ্ধাৰ্থই জুবিন দাক পানীত যাবলৈ কিয় বাধা দিয়া নাছিল তাৰোপৰি সময়মতে ঔষধ দিয়া নাছিল ইয়াৰ ৰহস্য কি? মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ সেয়া দায়িত্ব নহয়নে যে জুবিন দাৰ কেয়াৰ লোৱা কাৰণ জুবিন দা কোনো সাধাৰণ ব্যক্তি নহয় | আনন্দ-ফূৰ্ত্তিতে সিদ্ধাৰ্থই সকলো পাহৰি গৈছিল নে এয়া পৰিকল্পিত আছিল? 

আনহাতে সংবাদ মাধ্যমত দিয়া শেখৰৰ এই ভাষ্যৰ বিপৰীতে কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত একাংশই সমগ্ৰ ভাষ্য বিপৰীত বুলিহে মন্তব্য কৰিছে | সামাজিক মাধ্যমত বহুতে অভিযোগ কৰিছে যে সমুদ্ৰৰ পানীত জুবিন দা এক ছেকেণ্ডৰ বাবে নহয়, কেইবা মিনিট ধৰি তলমূৰকৈ স্থিৰ হৈ আছিল, ক্ৰমাত পানীৰ তললৈ সোমাই যোৱা জুবিন দাই কেইবাজনেও বহু কষ্ট কৰিহে ওপৰলৈ তুলি আনি ৰবৰৰ ডিগ্গী এখনত তুলিবলৈ সক্ষম হৈছিল | অৰ্থাত ভগ্ন শৰীৰৰে পানীত সাঁতুৰিবলৈ চেষ্টা কৰা জুবিন দাৰ পানীৰ মাজতে ছিজাৰ অহাত তেওঁ পানীৰ তললৈ সোমাই গৈছিল | ছিজাৰ অহাৰ সময়ত জুবিন দাৰ অস্থিৰ শৰীৰ বা অস্বাভাৱিক আচৰণক তেওঁৰ ওচৰত শেখৰ, সিদ্ধাৰ্থ ইত্যাদি কোনো লোকে তিলমাত্ৰ গুৰুত্ব নিদিলে | ভিডিঅ' শুনিবলৈ পোৱা গৈছিল যেতিয়া ভাগৰুৱা আৰু লেবেজান হৈ প্ৰাণৰক্ষা কৰিবলৈ ৰবৰৰ ডিগ্গীত জুবিন দাই হাত দি উঠিবলৈ চেষ্টা কৰিছিল তেতিয়া এগৰাকী যুৱতীয়ে ৱাও বুলি চিঞৰিছিল মানে সিঁহতৰ বাবে পানীত লেবেজান হৈ থকা জুবিন দা মনোৰঞ্জনৰ কাৰক আছিল | যাৰফলত সকলোৰে গাফিলতিৰ কাৰণে এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'বলৈ পালে | এতিয়াও আহো পুণৰ শেখৰে সংবাদ মাধ্যমক দিয়া মন্তব্যলৈ:-

"দিল্লীত জুবিন দাৰ নশ্বৰদেহ অৰ্পনৰ পিছতেই সিদ্ধাৰ্থই মোক কৈছিল আমি দিল্লীত থাকিব লাগিব অথবা কলকাতা হৈ শ্বিলঙলৈ যাব লাগিব | তাৰ ছিটুৱেচন (অসম) খুব ভাল নহয় | কিন্তু মই ইয়াত আপত্তি কৰি কলোঁ | মই কিয় অসমলৈ নাযাম? মোৰ কি দোষ? লুকাই চুৰকৈ মই থাকিব নোৱাৰো বুলি কোৱাত মোক এৰি সিদ্ধাৰ্থ আঁতৰি গ'ল....জুবিন দাৰ মৃত্যুৰ পিছত যে মোৰ প্ৰয়োজন নাই, তাক স্পষ্ট কৰি দিছিল সিদ্ধাৰ্থহঁতে | জুবিন দাক চিকিতসালয়লৈ নিয়াৰ পিছত পুৱতি নিশা ৪ বজালৈ ছিংগাপুৰ আৰক্ষীয়ে আমাক জেৰা কৰিছিল | পাছত হোটেল আহি পাওতেই শ্যামকানুৱে আমাক দেখা কৰিছিল | ইয়াৰোপৰি বহু সময়ত আমি জুবিন দাৰ শাৰীৰিক অৱস্থালৈ চাই কিছু কথাত বাধা দিছিলোঁ | যদিও সিদ্ধাৰ্থই এইবোৰ দিশ আমি চাব নালাগে বুলি সোঁৱৰাই দিছিল | যোৱা এবছৰৰ পৰাই দাদাৰ শাৰীৰিক ভাগৰৰ কথা মই দেখি আহিছিলোঁ | কিন্তু মানসিকভাৱে দাদা যথেষ্ঠ সক্ৰিয় আছিল | যিহেতু দাদাৰ এটাৰ মেনেজমেণ্ট টীম আছে | গতিকে এই বিষয়বোৰ তেওঁলোকে চাই আছে বুলি মই আঁতৰি আছিলোঁ....জুবিন দাৰ বেংকত কিমান টকা জমা আছে সেয়া গৰিমা বৌ অথবা মেনেজমেণ্ট টীমহে জানে | যদি ১০ টকা আছে বুলি সেয়াও আমি মানি ল'ব লাগিব | কিন্তু কিছুবছৰ পূৰ্বে জুবিন দাই এটা প্ৰপাৰ্টী ক্ৰয় কৰিব বিচাৰিছিল | খাৰঘূলিত অৰ্ধনিৰ্মিত এটা ঘৰ ক্ৰয় কৰিব বিচাৰি জুবিন দাই সিদ্ধাৰ্থক ফোন কৰি প্ৰপাৰ্টীটোৰ কথা কৈছিল | কিন্তু এই প্ৰপাৰ্টীটো কিনিবলৈ বেংকৰ লোন নাপাব অথবা তেওঁৰ হাতত টকা নাই বুলি সিদ্ধাৰ্থে স্পষ্ট কৰি দিছিল | যাক লৈ জুবিন দা ক্ষুদ্ধ হৈ পৰিছিল আৰু ফোন দলিয়াই কান্দি মোক কৈছিল ৩০ বছৰ গান গাই ৫ কৌটি টকাৰ মানুহ নহলোঁ | সৰু লৰাৰ দৰে আছিল দাদা, কিবা এটা বস্তু পছন্দ হ'লে তেওঁক লাগিবই | তেনেধৰণৰ আছিল তেওঁ |"

শেখৰে জুবিন দাৰ বেংকৰ যিখিনি তথ্য এই ইণ্টাৰভিউটোৰ শেষত আগবঢ়াইছে সেয়া সম্পূৰ্ণ মিছা বুলি ক'ব নোৱাৰি | এনডি ২৪ ৰ সংবাদ মাধ্যমে দিয়া তথ্য অনুসৰি জুবিন দাৰ টকাৰ লেনদেন চোৱাচিতা কৰিছিল সিদ্ধাৰ্থ আৰু গৰিমা বৌৱে | এন ডি ২৪ সংবাদ মাধ্যমে এটা দিশ আঙুলিয়াই আৰু তেওঁলোকে অনুসন্ধান কৰি উমান পায় যে জুবিন দাই যিমান বছৰ গান গালে সেইমতে তেওঁৰ বেংকত ৭২ কৌটিতকৈ অধিক টকা থাকিব লাগিব কিন্তু যেতিয়া এন ডি ২৪ সংবাদ মাধ্যমে অনুসন্ধান কৰি গম পায় যে জুবিন দাৰ এটা একাউণ্টত মাত্ৰ ১০ হাজাৰ টকা আছে | জুবিন দাই নিজৰ টকা খৰছ কৰি চলচ্চিত্ৰ নিৰ্মাণ কৰে সেয়া হয় কিন্তু ইমান টকা কোনোবাই হৰলুকি কৰি আছে সেয়া হয়টো জুবিন দাই জনা নাছিল আৰু জুবিন দাৰ টকাৰ লেনদেন কৰা সাধাৰণ মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা হ'ল এনেধৰণৰ:-

√ জুবিন গাৰ্গৰ সকলো সা-সম্পত্তি এখেতে বেদখল কৰি কোটি কোটি টকাৰ মালিক ,

√ গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া হোটেল Royal Heritage ,

√ ছয়গাওঁত কেইবা কোটি টকীয়া পানীৰ কোম্পানী ,

√ গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট ,

√ গুৱাহাটীৰ দাতাল পাৰাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট ,

√ গুৱাহাটীৰ Zoo Road ত Music Management Office ,

√ ২০২৩ চনৰ পৰা Music Management ৰ প্ৰধান পৰিচালক ,

(অমিত কুমাৰ দাস এজন‌ ব্যক্তিয়ে নিজৰ ফেচবুক ৱালত দিয়া সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি তালিকা)

এই সকলোবোৰৰে মাজত আমাৰ কেইটামান প্ৰশ্ন হ'ল প্ৰকাশিত ভিডিঅ'বোৰ খণ্ড খণ্ডকৈ কিয় ভাইৰেল কৰা হৈছে? সম্পূৰ্ণ ভিডিঅ'টো কিয় প্ৰকাশ কৰা নাই? ইয়াৰ আঁৰৰ ৰহস্য কি? আন এক দিশ হ'ল যে ছিংগাপুৰত জুবিন দাৰ ম'বাইলেৰেও তেওঁৰ বিভিন্ন সময়ৰ ফটো ভিডিঅ' কৰা হৈছিল | য়াটত চলা পাৰ্টীৰো ভিডিঅ' লৈছিল জুবিন দাৰ ম'বাইলযোগে | লক্ষণীয়ভাৱে জুবিন দাৰ মৃত্যুৰ পিছত তেওঁৰ ফোনটো হস্তগত কৰি থৈছে সিদ্ধাৰ্থই | আনকি জুবিন দাৰ ভাতৃ সন্দীপনে সিদ্ধাৰ্থক বাৰীম্বাৰ ম'বাইল ফোনটো খোজাৰ পিছতো সিদ্ধাৰ্থই ফোনটো ওভতাই নিদিলে | কি উদ্দেশ্যত সিদ্ধাৰ্থই জুবিন দাৰ ফোনটো লগত ৰাখি থলে? ছিংগাপুৰৰ পৰা বাৰাম্বাৰ স্পষ্টীকৰণ দাঙি ধৰিবলৈ চেষ্টা কৰা শ্যামকানুৱে দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিতসালয়লৈ নিয়াৰ পিছতো জুবিন দাৰ ওচৰত কিয় থিয় দিয়া নাছিল? এই ঘটনাৰ বিষয়ে এতিয়াও সাংবাদিক প্ৰণয় বৰদলৈ আৰু জুবিন‌ দাৰ ভাতৃ সন্দীপন গাৰ্গ কিয় মৌন হৈ আছে?

মোৰ ধাৰণা মতে আৰু সকলো তথ্য তথা সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা দেখি সন্দেহ হয় যে জুবিন দাই হয়টো উমান পাইছিল যে তেওঁৰ টকা সিদ্ধাৰ্থ আৰু আন কোনো আত্মীয়ই হৰলুকি কৰি আছে আৰু এই কথাত সিদ্ধাৰ্থই তথা তেওঁৰ সহযোগী সকলে অনুভৱ কৰিছিল সেয়ে সকলো ফাদিল হোৱাৰ ভয়ত সিদ্ধাৰ্থ আৰু তেওঁ সহযোগী সকলে এই জুবিন দা অৰ্থাত আমাৰ মহানায়কৰ হত্যাৰ পৰিকল্পনা কৰিছিল | কাৰণ ইমান প্ৰমাণ থকাৰ পিছত এয়া কোৱাটো ভূল যে এয়া কোনো প্ৰাকৃতিক মৃত্যু হ'বই নোৱাৰে লগতে সিদ্ধাৰ্থৰ লগত শ্যামকানু জড়িত যে আছে সেয়া ইতিমধ্যে ফাদিল হোৱা তথ্যৰ জৰিয়তে প্ৰমাণিত হৈছে কিন্তু এই ঘটনাত শেখৰ আৰু অমলপ্ৰভা জড়িত আছে নে নাই সেয়া কঠোৰতাৰে তদন্তৰ আওতালৈ আনিব লাগে | হিতেশ দেৱ শৰ্মাই নিজৰ ফেচবুক ৱালত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এইদৰে লিখে:-

"জুবিনৰ সম্পত্তিৰ হৰলুকী হৈছিল | হয়তো জুবিনে গম পাইছিল বা গম পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল | তেওঁৰ মৃত্যু কাৰোবাৰ কাম্য হৈ পৰিছিল |" মই ভাবো এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আমাৰ মাজতে আছে কাৰণ ইমান ডাঙৰ ঘটনা আৰু পৰিকল্পনা অকলে কৰা সম্ভৱ নহয় | সেই মাষ্টাৰমাইণ্ডজন আমাৰ মাজতে ঘৰিয়ালৰ চকুপানী টুকি আছে | ইতিমধ্যে চৰকাৰে প্ৰথম পদক্ষেপ লৈ এই ঘটনাত জড়িত শ্যামকানুক ব্লেকলিষ্টেড কৰিছে | মই ভাবো শ্যামকানুক ব্লেকলিষ্ট কৰাই নহয় সিদ্ধাৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰি পিছলৈকে অসমতে নিষিদ্ধ কৰি দিব লাগে | ইতিমধ্যে এক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শ্যামকানুৱে নিজকে বচাবলৈ কেইবাজনো অধিবক্তাৰ জৰিয়তে ন্যায়লয়ত জামিন আৱেদনৰ প্ৰস্তুতি কৰিছে লগতে সামাজিক মাধ্যমত খবৰ পোৱা মতে তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়াও সুকলমে চলি আছে | তাৰোপৰি সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে সকিয়নি দিছে যে জুবিন দাৰ ন্যায়ৰ নামত যাতে জুবিন ফেন ক্লাবে কোনো সমদল নুলিয়াই আৰু চৰকাৰৰ এই কথাত মান্তি হৈ জুবিন ফেন ক্লাবৰ সংগীত পৰিচালক অজয় ফুকনে আৰক্ষীৰ ওচৰত লিখিত প্ৰতিশ্ৰুতি দিছে | এই সমগ্ৰ ঘটনাৰ পৰা এটা কথাই শিকিব লাগে যে সকলোকে নিজতকৈ অধিক বিশ্বাস কৰিব নালাগে যাৰ ফল কেতিয়াবা ভূগিবলগীয়া হয় আৰু জুবিন দাৰ পবিত্ৰ তথা কোমল হৃদয়ে সেই ভূলে কৰিলে | আগৰ আমাৰ ককা-আইতা হতে এষাৰ কথা কৈছিল "অচিন কাঠত নলগবা ঠুৰা"

(তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকত আৰু ND 24 সংবাদ মাধ্যমৰ ৰ পৰা সংগৃহীত আৰু ফটোখন মেনেজাৰ সিদ্ধাৰ্থৰ সৈতে জুবিন দা)

নয়ন নিলীম বৰুৱাৰ FB wall ৰ পৰা

 #জুবিন দাৰ আঙুঠিটোৰ বিষয়ে ফেচবুকত পালো❤️সকলোৱে জানিব কাৰনে আগবঢ়াই দিলো🙏

জুবিন দাৰ হাতৰ আঙঠিটো 14th century ৰ ইজিপ্তৰ পৰাক্রমি সম্লাট কিং  ফাৰাও টুটেনখামেনৰ মুখাবয়ৰ | আঙুঠিটোৰ ওজন 9 গ্রাম | টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি বা জুয়েলাৰী পূর্ণজন্ম (Rebirth )  আৰু Self Determination ৰ প্রতীক Egyptian Mythology ৰ মতে |  টুটেনখামনৰ ওপৰতে হলিউডৰ  বিখ্যাত দ্যা মামী চিনেমাখন বনাইছিল | টুটেনখামনৰ জন্ম 1341 BC ত হৈছিল (1+3+4+1=9)  টুটেনখামন মাত্র 9 বছৰ বয়সতে সম্রাট হৈছিল আৰু মাত্র 18 নে 19 (Not confirmed)  বছৰ বয়সত শক্রুয়ে হত্যা কৰিছিল যিটো এতিয়াও ৰহস্যজনক (mysterious death ) কিছুমান তথ্য মতে খাদ্যত বিষ মিহলাই হত্যা কৰিছিল , কিছুমান মতে মেলেৰিয়া নতুবা বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগ ( bone deforemation)ৰোগত! তেওঁৰ কোনো  সন্তান নাছিল | ফলত সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈ গৈছিল | তেওঁৰ ৰাজত্ব কালত  টুটেনখামনক  সূৰ্য্যৰ পুত্র বুলি কোৱা হৈছিল | ইজিপ্তত সোণ আরিষ্কার সেই সময়তে হৈছিল | সেই  সোণৰ বাবেই শত্রুৱে প্রথমে পিতৃক পিছত টুটেনখামনক হত্যা কৰিছিল | তেওঁৰ মৃতদেহ মামীকৃত কৰা হৈছিল | তেওঁৰ কবৰত 5000 বিভিন্ন সোণৰ সামগ্রী তথা  ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে খননৰ সময়ত | টুটেনখামনে শাও দিছিল যে যিয়ে তেওঁৰ ৰত্নভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হব | সেই অভিশপ্ত কবৰৰ 1922 চনৰ খননত যি শ্রমিক নিযোজিত হৈছিল বেছিভাগৰে অচিন ৰোগত মৃত্যু হৈছিল | প্রচলিত ধাৰণা মতে এয়া অভিশাপ চিৰকালৰ | ইজিপ্তত মিউজিয়ামত কিছুমান স্বর্ণ সামগ্রী সংৰক্ষিত কৰা হৈছে | 

জুবিন দাৰ আঙুঠিটো google ত search কৰোতে তথ্যখিনি পাই পঢ়ি শিহৰিত হৈ পৰিলো |


#everyoneシ゚ 

ফেচবুকৰ পৰা সংগ্ৰহ কৰা

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...