জুবিন দা তোমাক বেয়া পোৱা মানুহ জন তুমি চিনি পাইছানে ?
মই কিন্তু বহু বছৰৰ আগেয়েই তোমাক বেয়া পোৱা মানুহ এজনক চিনি পাইছিলোঁ , সেই অ-প্ৰকাশিত কথাষাৰ আজি প্ৰকাশ কৰিলো ৷ কাৰণ মই কিছু সুকীয়া , মোৰ মনটো বেছি বেয়া লাগি থাকিলে মই মোৰ মনৰ কিছু কথা কাৰোবাৰ আগত প্ৰকাশ কৰিলে নিজেই কিছু শান্তি পোৱাৰ দৰে অনুভৱ কৰো ৷ সেয়ে প্ৰকাশ কৰি দিছোঁ ৷
সেই মানুহ জনৰ কথা কবলৈ যাওঁতে মই বহু বছৰ পিছুৱাই যাব লাগিব , সেই সময়ত মই হয়টো ক্লাছ এইট বা তেইন মানত পঢ়ি আছিলো ৷ তেতিয়াৰ পৰাই মই তোমাৰ গান শুনি ভাল পাইছিলোঁ আৰু নিজেই তোমাৰ গানৰ কেছেট কিনি আনি গান শুনিবলৈ লৈছিলোঁ ৷ কিন্তু তোমাৰ গানৰ কেছেটবোৰ মই লুকুৱাই ৰাখিছিলোঁ , কাৰণ মই যিটো টেপৰেকৰ্ডাৰত তোমাৰ কেছেটবোৰ লগাই গান শুনিছিলোঁ সেই টেপৰেকৰ্ডাৰৰ মালিক জনে তোমাক কেছেট কিনি তোমাৰ গান শুনা দেখা নাছিলোঁ ৷
তেওঁ ভূপেন হাজৰিকা দেৱৰ গানৰ লগতে জয়ন্ত হাজৰিকা , মহেন্দ্ৰ হাজৰিকা , চাৰু গোহাঁই কে আদি কৰি আন আন সকলৰ গীত শুনি ভাল পাইছিল আৰু সেই সকলে কণ্ঠ দান কৰা কেছেট সমূহ কিনি কিনি গান শুনিছিল ৷ সেয়ে মই তোমাৰ গান লুকাই চুৰকৈ শুনিব লগীয়া হৈছিল ৷
পাছত যেনিবা নিজাকৈ কাৰোবাৰ চেকেণ্ড হেন টেপৰেকৰ্ডাৰ এটা কিনি নিজাকৈ গান শুনাৰ ব্যৱস্থা কৰি লৈছিলোঁ ৷ এবাৰ মই মোৰ লগৰ এজনৰ লগত তোমাৰ সেই মায়া মায়া মায়া মাথোঁ মায়া গীতটো শুনি থকাৰ লগতে হিন্দী গান শুনি থকা দেখা পাই সেই বিশেষ ব্যক্তি জনে খং কৰি মই আনৰ পৰা কিনি অনা টেপ ৰেকৰ্ডাৰটোকেই মৰিয়াই মৰিয়াই ভাঙি পেলাইছিল ৷ সেইটো ভাঙিছিল আৰু মোক গালি দিছিল কি এইবোৰ হিন্দি গান আৰু জুবিনৰ গান শুনি থাক , ভাল গান এটা শুনিব নোৱাৰ ৷ ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা জয়ন্ত হাজৰিকাৰ কেছেট , কেছেট দোকানত নাপাৱ নেকি ?
কিন্তু আচৰিত কথা মোক তোমাৰ গান শুনিবলৈ মানা কৰা মানুহ জনেই পাছত তোমাৰ গানৰ কেছেট নিজেই কিনি আনি তোমাৰ গান শুনিবলৈ লৈছিল ৷ সেই বিশেষ ব্যক্তি জনৰ প্ৰথম মন জয় কৰিবলৈ সক্ষম হোৱা তোমাৰ বিশেষ গীত দুটি হৈছে 👉 ১/ ভৰ দুপৰীয়া দুটি হৰিণী মাজতে এখনি নৈ ,,,,,,, ,,,,,,, আৰু
২/ মাতে পকা ধানে ৰিঙিয়াই বগী তৰা যায় আগুৱাই ,
ইয়াৰ পাছত তোমাৰ কণ্ঠ দান কৰা ভাগৱত পাঠকে আদি কৰি বহুতো ৷ এতিয়া আহিছোঁ সেই বিশেষ ব্যক্তি জনক তোমাক চিনাকি কৰাই দিবলৈ তেওঁ আন কোনো নহয় তেখেত মোৰ মামা আছিল স্বৰ্গীয় ৰঞ্জন শইকীয়া ৷ তেখেতেও কেইবা বছৰৰ আগেয়ে ইহ সংসাৰ ত্যাগ কৰি স্বৰ্গবাসী হৈছে , এতিয়া তুমি তলৈ যোৱা দেখি হয়টো তেখেতেও আনন্দ পাইছে কাৰণ টাতে তোমাক সন্মুখৰ পৰা চাই চাই তোমাৰ কন্ঠেৰে নিগৰা গীত শুনিবলৈ পাব ৷ ভিৰৰ মাজত যদি তেখেতে নিজৰ চিনাকি দিবলৈ আহে নামটো মনত ৰাখিবা স্বৰ্গীয় ৰঞ্জন শইকীয়া ৷
মই তেতিয়াই মানে ১৯৯৮ বা ২০০০ চন মানতেই উপলব্ধি কৰিছিলোঁ যে তোমাক যদিয়ো কোনোৱে সেই সময়ত ভাল পোৱা নাছিল লাহে লাহে সকলোৱে ভাল পাব ৷ আৰু এই কেইদিনত নিজেই দেখা পালোঁ মানুহে তোমাক কিমান ভাল পায় আৰু তোমাৰ কাৰণে কি কৰিব পাৰে ৷ মই কল্পনা কৰিব নোৱাৰাকৈয়ো তোমাক ভাল পোৱা মানুহ আছে , বহু কেইজনে ইতিপূৰ্বেই তুমি নোহোৱা হোৱাৰ কথাষাৰ সহ্য কৰিব নোৱাৰি এই সংসাৰেই ত্যাগ কৰি তোমাৰ ওচৰলৈ ঢাপলি মেলিছে ৷
তুমিতো সেই কথা জানিচাই নিশ্চয় , আনক কিমান ভাল পালে বাৰু মানুহে নিজকে শেষ কৰি দিব পাৰে ? 😭😭😭😭সেই ভাবি মই আচৰিত হৈছোঁ ৷ কিনো ক'ম কি কৈ কেনেদৰে শান্তি পাম যেন লাগি আছে ৷
তুমি যে এতিয়া আমাৰ মাজত জীৱন্ত ৰূপত নাই এই কথাষাৰ এতিয়াও মানি লব পৰা নাই কিয় এনে হৈছে বাৰু 😭😭😭 তুমি আছিলা আৰু যোগ যোগান্তৰলৈকে থাকিবা ৷ মাথোঁ তোমাৰ পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ সময়ত প্ৰকৃততে কি হৈছিল সেইটো জানিব পৰা হলে হয়টো কিছু শান্তি পালোঁ হয় ককাই 😭😭😭 তুমিয়েই কিবা এটা চমৎকাৰ কৰি সকলোবোৰ প্ৰকাশ কৰাই দিয়ানা 😭😭😭🙏🙏জয় জুবিন দা 🙏🙏🙏
No comments:
Post a Comment