Saturday, September 27, 2025

বাংলাদেশৰ FB Post

 (বাংলাদেশৰ অখ্যাত এজন ব্যক্তিৰ প্ৰয়াত জুবিন গাৰ্গ সম্পৰ্কে লেখাটো এবাৰ পঢ়কচোন। ফেচবুকত পাই বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়াৰ পৰা বিৰত থাকিব নোৱাৰিলোঁ।)

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


তিনিদিনমান আগতে, চচিয়েল মিডিয়াত অসমৰ সংগীত শিল্পী জুবিন গার্গৰ মৃত্যু হোৱাৰ খবৰ পঢ়িবলৈ পালোঁ। এই নামৰ কাৰোবাক চিনি পোৱাৰ কথা মোৰ মনত নপৰিল। পিচত বিস্তাৰিত খবৰ পঢ়িবলৈ গৈ দেখোঁ, তেওঁ ২০০৬ চনত গেংষ্টাৰ চিনেমাৰ ”ইয়া আলী” গানৰ সেই বিখ্যাত শিল্পী। মোৰ  মনটো বেয়া লাগি গ'ল। বচ ইমানেই!


কিন্তু ফেচবুক এলগৰিদম কঠিন বস্তু। ইয়াৰ পিচত স্ক্রল কৰিলেই জুবিন গার্গ বিষয়ক নানা খবৰ নিউজফিডত অহা আৰম্ভ হ'ল। ইয়াৰ ভিতৰৰ এটা ভিডিও দেখি মই লৰচৰ হৈ বহি ল'লোঁ। 


জিপ টাইপৰ এখন গাড়ীত জুবিনৰ মৃতদেহ এয়াৰপোর্টৰ পৰা গুৱাহাটী চহৰৰ দিশে লৈ অহা হৈছে। ৰস্তাৰ দুই পাৰে হাজাৰ হাজাৰ মানুহ ৰৈ আছে! আৰু গাড়ীৰ পিচে পিচে উন্মাদৰ দৰে দৌৰিছে আৰু কেইবা হাজাৰ মানুহে!


ইয়াৰ পিচত যোৱা তিনি দিন ধৰি মই জুবিন গার্গ সম্পৰ্কে পঢ়াৰ চেষ্টা কৰিলোঁ। তেওঁ দিয়া নানা সাক্ষাৎকাৰ পঢ়িলোঁ, বিভিন্ন অনুষ্ঠানত তেওঁৰ পাৰ্ফৰমেন্সৰ ভিডিও চালোঁ! বুজাৰ চেষ্টা কৰিলোঁ, এজন সংগীত শিল্পীৰ মৃ্ত্যুত অসমৰ মানুহ এনেকুৱাকৈ উন্মাদ হৈ গ'ল কি কাৰণে? 


বিশেষকৈ এনেকুৱা এটা সময়ত, যেতিয়া কোনোবা মৰিলেও তেওঁক লৈ ট্রল হয়, মৃত ব্যক্তি আমাৰ পছন্দৰ নহ'লে তেওঁৰ মৃত্যুৰ খবৰৰ তলত হা হা ৰিয়েক্ট পৰে, মতাদর্শৰ বিপৰীতে পোছাক পিন্ধিলে ম'ৰেল পুলিচিং কৰিবলৈ এখোজো পিছ নোহোঁহোকো আমি... 

 

মধ্যবিত্ত পৰিয়ালত ডঙৰ হোৱা জুবিনৰ মাক আৰু ভনীয়েক সংগীত শিল্পী আছিল। মাক ইলি অসমীয়া ভাষাৰ ঐতিহ্যবাহী লোকসংগীতৰ শিল্পী আছিল, ভনীয়েক জংকিয়েও অসমীয়া গান পৰিবেশন কৰিছিল। দুয়োগৰাকীয়েই আঞ্চলিকভাবে পৰিচিত আছিল। ইমানেই...!!


ল'ৰালিত মাকৰ ওচৰত গান শিকিছিল জুবিনে। স্কুল-কলেজৰ ফাংচনত গান গাইছিল। ২০ বছৰ বয়সত, ১৯৯২ চনত বজাৰলৈ আহে তেওঁৰ প্রথম এলবাম। ইয়াৰ পিচত গানৰ সৈতেই যুক্ত হৈ আছিল। ২০০২ চনত পথ দুর্ঘটনাত ভনীয়েকৰ মৃত্যুৰ পিচত, জুবিনৰ জীৱনলৈ পৰিবৰ্তন আহে। বিৰহ আহি চিৰস্থায়ীভাৱে ভৰ কৰে তেওঁৰ কণ্ঠত...


ইয়াৰ পিচত, দিনে দিনে তেওঁৰ গানৰ সংখ্যা বাঢ়িবলৈ ধৰে ! প্রায় ৪০টা ভাষাত অন্ততঃ ৩৮ হাজাৰ গান বাণীবদ্ধ কৰিছে তেওঁ। গাইছে সকলো বয়সৰ মানুহৰ বাবে গান। 


২০০৬ চনত প্রথমবাৰৰ বাবে বলিউডত ব্রেকথ্রু পায়। অনুৰাগ বসুৰ গেংষ্টাৰ চিনেমাত ”ইয়া আলী”ত দৰে হিট গান আৰু পৰৱৰ্তী সময়ত ফিল্ম ফেয়াৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱাৰ পিচত, তেওঁ অসমত পৰি থকাৰ কোনো কাৰণ নাছিল। কিন্তু গানৰ কাৰণে গোটেই বিশ্ব ঘূৰি ফুৰিলেও, মূলত: অসম এৰি ক'লৈকো যাব বিচৰা নাছিল জুবিনে। বিভিন্ন স্টেজ শ্বোত নিজকে ”পাহাৰৰ সন্তান” বুলি পৰিচয় দিছিল। 


১০/১৫ বছৰৰ আগতে যেতিয়া কলকাতাৰ বাংলা চিনেমা পুৰণা ঘৰানাৰ পৰা আঁতৰি আধুনিক বাণিজ্য আৰু আর্ট ফিল্মৰ ঘৰানালৈ সলনি হোৱা আৰম্ভ কৰিলে, তেতিয়া জিৎ আৰু দেবৰ বিভিন্ন চিনেমাত এটাৰ পিচত এটা হিট গান উপহাৰ দি গ'ল জুবিনে। বিশেষকৈ বিৰহ আৰু বেদনাৰ গানত জুবিন হৈ উঠিল বিকল্পহীন! 


কলকাতাত তেওঁৰ অধিকাংশ গানৰ সংগীত পৰিচালক আছিল জিৎ গাঙ্গুলি। অসমৰ পৰা নিশাৰ শেষ ফ্লাইটত কলকাতালৈ আহি গান ৰেকর্ডিং কৰি পুৱাৰ ভাগত আকৌ অসমলৈ ঘূৰি গৈছিল। জিৎ গাঙ্গুলিয়ে বিৰক্তি প্রকাশ কৰিলে উত্তৰত হেনো কৈছিল, ”এনেকুৱা দুখ আৰু বেদনাৰ গান ৰাতি গভীৰ নহ'লে গোৱা নাযায়, দাদা?” মূলতঃ সেইবোৰ গানৰ মাজেদিয়েই জুবিন কলকাতাৰ বাংলাভাষী মধ্যবিত্তৰ জীৱনত সোমাই পৰিছিল। অৱস্থা এনেকুৱা পৰ্যায় পালেগৈ যে, প্ৰতিমা বিসৰ্জনৰ পৰা গাত মাহ-হালধি ঘঁহা, বেডমিণ্টন টুর্নামেণ্টৰ  পৰা ট্রাকৰ পিচফালে চাউণ্ড বক্স বান্ধি চহৰ ৰজনজনোৱা- জুবিনৰ গান অবিহনে অসম্ভৱ!


কিন্তু প্রশ্ন হ'ল, গান তো আৰু বহুতেই গায়। জুবিনতকৈ বহুত বেচি ভাল শিল্পীও আছে। কিন্তু জুবিনক কিয় মানুহে ইমান ভাল পাইছিল? তাকো আকৌ এনেকুৱা এক শিল্পী, যি নেকি যোৱা ৫/৬ বছৰত এটাও হিট গান দিব পৰা নাছিল, মদ আছিল যাৰ জীৱনৰ লগৰী, মঞ্চত উঠি এৰা-ধৰাকৈ গীটাৰ বজাইছিল, যিকোনো সামাজিক ইছুত ৰাজনীতিবিদসকলকো সুদাই নেৰিছিল। এনেকুৱা দিনো গৈছে, মঞ্চত উঠি মদৰ নিচাত আৰু গানেই গাব পৰা নাছিল। ক্লান্ত হৈ শুই পৰিছিল।


ভাবকচোন আমাৰ দেশ (বাংলাদেশ)ত হোৱা হ'লে কি হ'লহেঁতেন? ডিঙিত ধৰি মঞ্চৰ পৰা নমাই নিদিলেহেঁতেন নে? আয়োজকসকলৰ হাতত মাৰ খোৱা কাণ্ড! এনে ধৰণৰ খবৰ তো আমি প্রায়েই কাগজে-পত্ৰই পঢ়িবলৈ পাওঁ! 


আচল কথা হ'ল, আৰম্ভণিৰ পৰাই ”মানুহ-জুবিন”এ ”শিল্পী-জুবিন”ক অতিক্ৰম কৰি গৈছিল।


জুবিন আছিল এজন সমাজ সেৱক। যেতিয়াই ক'ৰবাত কোনোবা বিপদত পৰে, জুবিন তাত হাজিৰ! কোনোবাই তেওঁৰ সৈতে হাত মিলাবলৈ আহিলে জুবিনে তেওঁৰ ফালে হাঁহিমুখে বুকু আগবঢ়াই দিয়ে। ৰাজ্যৰ নানান ঠাই ঘূৰি ফুৰি গছপুলি ৰুইছিল। বিজেপি চৰকাৰে যেতিয়া ৰাজ্যত নাগৰিক চনদ (চিএএ/এনআৰচি) প্ৰস্তুত কৰা আৰম্ভ কৰিলে, জুবিনে কালৈকো ভয় নকৰি তাৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল। কৰনাৰ সময়ত নিজৰ ঘৰটোত "কোৱাৰেণ্টাইন চেণ্টাৰ” বনাইছিল। 


পশু-পক্ষীৰ প্রতিও তেওঁৰ আছিল গভীৰ প্রেম। সেয়ে তেওঁৰ মৃত্যুৰ পিচত তেওঁৰ পত্নীয়ে যেতিয়া পোহনীয়া কুকুৰ চাৰিটাক লৈ গৈছিল জুবিনক শেষবাৰৰ বাবে দেখুৱাবৰ বাবে, সেই কুকুৰকেইটাৰ চকুৱেদি যি বিষাদ নিগৰি পৰিছিল, সেই দৃশ্য দেখি বুকুৰ ভিতৰখন মোচৰ খাই উঠিছিল।


দুই দশকৰ বিবাহিত জীৱনত নিজাকৈ কোনো সন্তান নাছিল যদিও জুবিন আৰু তেওঁৰ পত্নী গৰিমা আছিল ১৫টা সন্তানৰ পিতৃ-মাতৃ। গণধর্ষণৰ চিকাৰ হোৱা ছোৱালীবোৰক তুলি আনি আশ্রয় দিছিল। ঘৰৰ বনকৰা কাজলি নামৰ এজনী ছোৱালী যেতিয়া প্রবল নির্যাতনৰ চিকাৰ হৈ মৃত্যুৰ সৈতে যুঁজ দিছিল, তেতিয়া জুবিনে তাইক তুলি লৈছিল, আদালতত মোকৰ্দমাৰ সন্মুখীন হৈছিল, সেই মোকৰ্দমাত জয়ীও হৈছিল! সেই খবৰ বিদ্যুৎগতিৰে বিয়পি পৰিছিল ঘৰে ঘৰে। তাৰ দ্বাৰা সকলো প্ৰজন্মৰ মানুহৰ অন্দৰমহলত জুবিন সোমাই পৰিছিল। ”কেৰিয়াৰত চাৰিটা গান কম হওক, চাৰিটা ষ্টেজ শ্বো কমকৈ নহ'লেই বা, কিন্তু জীৱনৰ পৰা চাৰিটা ভালপোৱাৰ মুহুর্তক আঁতৰাই পেলাব পৰা নাযায়” - এয়াই আছিল তেওঁৰ জীৱনদর্শন!


এতিমসকল (পিতৃ-মাতৃহীন অনাথ শিশু)ক ভৰণপোষণ দিছিল। মুছলমান এতিম শিশুসকলৰ বাবে খুলিছিল মাদ্রাচা আৰু এতিমখানা, এটা ভিডিওত দেখিলোঁ, জুবিনৰ মৃত্যুৰ পিচত সেই এতিমখানাৰ ছাত্র-শিক্ষকসকলে থিয় হৈ তেওঁৰ গান গাইছে! ৰাস্তায় ৰাস্তায় তেওঁৰ ছবি আঁৰি শোক পালন কৰিছে সকলো ধর্মৰ মানুহে। মুছলমান ইমামৰ মোনাজাতত প্রদীপ জ্বলাই বহি আছে প্রবল ধর্মবিশ্বাসী হিন্দু নাৰী! এজন মুছলিম ল'ৰাই জুবিনৰ বৃহৎ আকাৰৰ ছবিৰ সন্মুখত বহি কোৰান পঢ়িছে…


জুবিনৰ এটা সংলাপ বৰ জনপ্রিয় আছিল। জনপ্রিয় শব্দটো মই ইচ্ছা কৰিয়েই ব্যৱহাৰ কৰিছোঁ। ”মোৰ কোনো ধর্ম নাই, মোৰ কোনো জাতি নাই। মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই কাঞ্চনজঙঘা।” আৰু কৈছিল, ”মৃত্যুৰ পিচত মোক নজ্বলাবা। ব্রক্ষ্মপুত্রত উটাই দিবা...”


তাৰ মানে জুবিন নাস্তিক আছিল। মঞ্চত থিয় হৈ এনেকুৱা এটা কথা বাংলাদেশৰ কোনোবাই ক'লে তেওঁৰ কি অৱস্থা হ'লহেঁতেন ভাবিবই পৰা নাযায়? মোৰ ২০১৩/১৪ চনৰ সময়ৰ নাস্তিক ব্লগাৰসকলৰ মৃত্যুৰ কথা মনত পৰি গৈছে। ইয়াৰ পৰিস্থিতিৰ কথা নক'লোঁৱেইবা!


অথচ যেতিয়া মানুহটোৱে ভৰা মঞ্চত টিচাৰ্ট ওপৰলৈ তুলি কৈছিল, ”মোৰ কোনো লগুণ নাই”, মানুহে সেইবোৰ গা পাতি নল'লে। অসম আয়তনত সৰু এখন ৰাজ্য। গুৱাহাটীত এতিয়াও তথাকথিত মহানগৰৰ পৰশ লগা নাই! মানুহবোৰ সিমান শিক্ষিতো নহয়। অথচ সেইখন ৰাজ্যৰ প্রায় ”গাঁৱলীয়া” ”অশিক্ষিত” লাখ-লাখ মানুহে এজন ধর্মহীন মানুহক ভগৱানৰ শাৰীত বহুৱাই দিলে!


আজি এটা ভিডিও দেখিলোঁ, মহালয়াৰ প্রস্তুতি চলাৰ কথা। দুর্গাপূজাৰ উৎসৱ আৰম্ভ হৈ যোৱাৰ কথা ইতিমধ্যেই। কিন্তু কোনো ৰাস্তাত এজনো মানুহ নাই। স্কুল বন্ধ, অফিচ আদালত বন্ধ। ব্যৱসায় বাণিজ্য স্থবিৰ। তিনি দিনৰ ৰাষ্ট্ৰীয় শোক চলি আছে! চুইগি, জমাটোত সকলো অর্ডাৰ বন্ধ! ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে আন সকলোৰে সৈতে ৰাস্তাত খোজ কাঢ়ি জুবিনৰ গান গাইছে, আৰু চকু মচিছে...


এটা ঘৰুৱা আড্ডাত জুবিনে ধেমালিৰ ছলেৰে কৈছিল, ”কোনোবা মৰিলে বোম্বে বন্ধ নহয়, চেন্নাই বন্ধ নহয়। কিন্তু মই মৰিলে অসম সাত দিনৰ বাবে বন্ধ হৈ যাব। কাৰণ মই লিজেণ্ড!” অসমবাসী যেন জুবিনৰ কথাক বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিকৰ।  


মানুহে তেওঁৰ এটা জীৱনতে টকা-পইচা-ধন-সোণ-হীৰা-মুকুতা কত কি জমা কৰে! যোৱা তিনি দিনত মোৰ এটা কথাই ধাৰণা হ'ল, জুবিনে মানুহ জমাব বিচাৰিছিল।


সেয়ে তেওঁৰ যিমানবোৰ ভিডিও মই চালোঁ, দেখিলোঁ যে, এই মানুহটোৰ চকুত অসম্ভৱ প্রেম। যেতিয়াই কাৰোবাৰ ফালে চায়, সেই দৃষ্টি প্রেম আৰু আৱেগেৰে ভৰা। একেবাৰে পিউৰ। ফলত ৫২ বছৰীয়া জীৱনত অসমৰ দৰে সৰু এখন ৰাজ্যৰ সৰু এখন চহৰৰ শিল্পী এশ কোটি টকাৰ মালিক হৈও, ৰাস্তাৰ কাষৰ জুপুৰীত সাধাৰণ মানুহৰ দৰে বহি ভাত খাব পাৰিছিল। পকেটৰ পৰা টকা উলিয়াই তাৰ পৰা গণি গণি কেইখনমান নোট কাষত বহি থকা দৰিদ্র মানুহজনৰ হাতত গুঁজি দি বাকীখিনি আকৌ নিজৰ পকেটত থৈ দিছিল। না, সেই দিয়াত কোনো ষ্টাৰডম নাছিল, কোনো মানুহক দেখুৱাই কৰা ভেল্কিবাজী নাছিল।


ফলত অসমৰ মানুহ এজন সামান্য জনদৰদী গায়কৰ ভেল্কিবাজীত আবদ্ধ হৈছিল! 


ৰবিন শর্মাৰ এখন কিতাপৰ নাম, ”হু উইল ক্রাই, হোৱেন ইউ ডাই।” মোৰ খুব প্রিয় এখন কিতাপ। যোৱা তিনিদিন ধৰি এই কিতাপখনৰ কথা বাৰেবাৰে মোৰ মনত পৰিছে।


ওহোঁ! মৃত্যুৰ পিচত সকলোৰে বাবেই বহুত মানুহে দলবদ্ধ হৈ কান্দিবই লাগিব, এনেকুৱা কোনো কথা নাই। ই এটা ব্যক্তিগত চইচ!


কিন্তু এজন অসমীয়া শিল্পীৰ মৃত্যুৰ পিচত যেতিয়া তেওঁৰ অন্ত্যেষ্টিক্রিয়াত ১৭ লাখ মানুহ গোট খাই একেলগে তেওঁৰ গান গায়, চিঞৰি বৰ চিঞৰি কান্দে, তেতিয়া ছাই হৈ বতাহত লীন হৈ গৈ থকা শৰীৰৰ প্রতিটো ইঞ্চিৰ কেনেকুৱা বোধ হয়, সেয়া ভাবি শিহৰিত নোহোৱাকৈ থকাৰ উপায় কি?


বাংলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে শ্ৰী অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়াই।

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...