Showing posts with label Zubeen Garg. Show all posts
Showing posts with label Zubeen Garg. Show all posts

Friday, October 10, 2025

Saurav Kumar Borah FB Wall

 জুবিনৰ গানৰ গীনিজ অভিলেখ সম্ভৱ!

চৰকাৰে কৰা ভাল নে ৰাইজে সহায় কৰিব ? কওঁকচোন ৰাইজে..

'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ৮ অক্টোবৰ :

'মায়াবিনী' গীতটোৰে এতিয়া জগত জিনিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে তেওঁৰ সমস্ত সংগীত সম্ভাৰেৰে গীনিজ অভিলেখ প্রতিষ্ঠা কৰিব পাৰিব নে? জুবিন গাৰ্গৰ মায়াত আছন্ন সমগ্র অসমীয়াৰ মনত জাগিছে এই প্রশ্ন। জুবিন গার্গে তেওঁৰ ক্ষণস্থায়ী জীৱনটোত ৩৮ হাজাৰতকৈয়ো অধিক গীত গাই থৈ গৈছে। এই সংখ্যা ৪০ হাজাৰৰো অধিক হ'ব পাৰে। জুবিন গাৰ্গৰ প্ৰথমটো ৰেকর্ডিং কৰা গানৰ পৰা তেওঁৰ প্রায় সমস্ত সংগীত সম্ভাৰ যি একেলগে গোটাই থৈ এটা আর্কাইভতৈয়াৰ কৰিছে, সেই বিশাল কলিতাৰ হাতত এতিয়া জুবিন গাৰ্গৰ ৩৮,০০০ ৰেকর্ডিং কৰা গান আছে। হাতীগাঁৱৰ নিজৰ বাসগৃহত তৈয়াৰ কৰা আৰ্কাইভত সেই অমূল্য সংগ্ৰহ ৰাখিছে বিশালে। তদুপৰি এতিয়াও বিশালে জুবিন গার্গে গাই থৈ যোৱা আৰু অনেক গীত, য'ৰ অধিক সংখ্যকেই নতুন; সংগ্রহ কৰিবলৈ বাকী। সেই সকলো গীত সংগ্রহ কৰিলে জুবিন গাৰ্গৰ নামত বিশ্বৰ সৰ্বাধিক গীত ৰেকর্ডিং কৰা শিল্পীৰ গীনিজ অভিলেখ লিপিবদ্ধ হ'বনে?

অৱশ্যেই সেই উত্তৰ ইতিবাচক। যদিহে তথ্যসহ জুবিন গাৰ্গৰ ৩৮ হাজাৰ গানৰ ৰেকর্ডিং গীনিজ কর্তৃপক্ষৰ ওচৰত দাখিল কৰিব পৰা যায়, তেতিয়া অনায়াসে বিশ্বৰ সৰ্বাধিক গান ৰেকর্ডিং কৰা শিল্পীত পৰিগণিত হ'ব জুবিন গার্গ। কিয়নো এতিয়া সেই গীনিজ অভিলেখ আছে আশা ভোছলেৰ নামত। মাথোঁ ১১,০০০ গীতেৰে গীনিজ অভিলেখ নিজৰ হাতৰ ৰাখিছে আশা ভোছলেই।

লতা মংগেশকাৰে তেওঁৰ জীৱনকালত আশা ভোছলেৰ তুলনাত বহু বেছি গান ৰেকর্ডিং কৰিছিল। কোৱা হয়, লতা মংগেশকাৰে ৰেকর্ডিং কৰিছিল ৫০ হাজাৰো অধিক গীত। তেওঁ অর্ধশতিকা জুৰি গীত গাইছিল। ১৯৮৪ চনত গীনিজ অভিলেখ কৰিছিল লতা মংগেশকাৰে। সেই অভিলেখত ১৯৭৪ চনৰ পৰা ১৯৮৪ চনলৈ তেওঁ ৩০,০০০ গান ৰেকর্ডিং কৰা বুলি গীনিজ কর্তৃপক্ষই স্বীকৃতি দিছিল। কিন্তু তেওঁৰ সমসাময়িক গায়ক মহম্মদ ৰফীয়ে আপত্তি উত্থাপন কৰি তেওঁ লতা মংগেশকাৰতকৈ অধিক গীত ৰেকর্ডিং কৰা বুলি দাবী কৰে। তেতিয়া গীনিজ কর্তৃপক্ষই লতা মংগেশকাৰৰ পৰা ৩০,০০০ গীতৰ তথ্য বিচাৰে। পিছে তেওঁ গীনিজ কর্তৃপক্ষক সেই তথ্য যোগান দিয়াত ব্যর্থ হয়। কোনো গৱেষকে লতা মংগেশকাৰৰ কেৱল ৫,২০০ গানৰহে তথ্য উলিয়াবলৈ সক্ষম হয়। লতা মংগেশকাৰে ২০টা ভাষাত তেতিয়ালৈ ৪০ হাজাৰমান গান ৰেকর্ডিং কৰা বুলি ক'লেও তাৰ সম্পূৰ্ণ তথ্য তেওঁৰ ওচৰত নাই বুলি জনাই দিয়ে। ফলত ১৯৯১ চনত গীনিজ কর্তৃপক্ষই লতা মংগেশকাৰৰ সেই অভিলেখ প্রত্যাহাৰ কৰে। আনহাতে মহম্মদ ৰফীয়েও তেওঁ কৰা ৰেকৰ্ডিঙৰ ৫০০০তকৈ অধিক গীতৰ তথ্য যোগান ধৰাত ব্যর্থ হয়। ইয়াৰ পাছত আশা ভোছলেই ২০১১ চনত তেওঁ ৰেকর্ডিং কৰা ২০টা ভাষাৰ ১১,০০০ গীতৰ তথ্য গীনিজ কর্তৃপক্ষৰ ওচৰত দাখিল কৰে আৰু একক, দ্বৈত, কোৰাছসহ সর্বাধিক গীত ৰেকর্ডিং কৰা গীনিজ বিশ্বাভিলেখ তেওঁৰ নামত লিপিৱদ্ধ হয়। সেই অভিলেখ এতিয়াও অক্ষুন্ন আছে।

এনে পৰিপ্ৰেক্ষিতত যদি জুবিন গাৰ্গৰ ৩৮,০০০ গানৰ ৰেকৰ্ডিঙৰ তথ্য গীনিজ কর্তৃপক্ষক দাখিল কৰা হয়, তেন্তে অৱলীলাক্রমে সেই বিশ্বাভিলেখ আহিব জুবিন গাৰ্গৰ নামত। তাৰ বাবে অডিঅ'-ভিডিঅ' প্রমাণ যোগান ধৰিব লাগিব আৰু তাৰো পূৰ্বে জুবিন গাৰ্গৰ সমস্ত সংগীত সম্ভাৰ তালিকাভুক্ত কৰিব লাগিব। জুবিন গাৰ্গৰ গীতৰ সমস্ত সম্পদ গোটাই ৰখা বিশাল কলিতাৰ বাবে অকলে এই কেইটা কাম কৰা সহজ নহয়। তাৰ বাবে দীঘলীয়া সময়ৰো প্রয়োজন। তদুপৰি অডিঅ'-ভিডিঅ' প্রমাণ সাজু কৰাটো ব্যয়বহুল আৰু সময়সাপেক্ষ কাম। সেই প্ৰমাণ পৰীক্ষা কৰাৰ বাবে ব্রিটেইনৰ পৰা গীনিজ কর্তৃপক্ষক আমন্ত্রণ জনাব লাগিব। সেই ভ্রমণত ৬-৮ লাখ টকাৰ প্ৰয়োজন। সেয়ে যদি কোনো জুবিনপ্রেমী অথবা সংগঠন কিম্বা ৰাজ্য চৰকাৰে এই পদক্ষেপ হাতত লয়, তেন্তে সেয়া সহজ হৈ পৰিব। অৱশ্যেই এই কাম বিশাল কলিতাক বাদ দি সম্পূৰ্ণ কৰা অসম্ভৱ। কিয়নো জুবিন গাৰ্গৰ সমগ্র জীৱনৰ সংগীত সম্ভাৰ সংৰক্ষণ কৰি ৰাখিছে জুবিনপ্রেমী বিশালে।

Thursday, October 9, 2025

Chitra Ranjan Nath FB 10.10.2025 Wall

জুবিন গাৰ্গে চিকিৎসক হিতেশ বৰুৱাক call 🤙 কৰি এনেকৈ কৈছিল ।

জুবিন গাৰ্গ : হেলো দাদা, মই জুবিনে কৈ আছোঁ।

হিতেশ বৰুৱা : জুবিন কোৱা ।

জুবিন গাৰ্গ: দাদা মই এজন ৰোগী পঠিয়াইছো, একেবাৰে দুখীয়া। ঔষধ কিনিবলৈকে টকা পইচা নাই । Please চিকিৎসা কৰি দিয়ক না। বিলৰ কথা আপুনি  চিন্তা নকৰিব। মই পৰিশোধ কৰিম। মই নিজেই গৈ আপোনাৰ হাতত টকা খিনি দিম ।।

ডক্টৰ হিতেশ বৰুৱা : হব জুবিন তুমি চিন্তা  নকৰিবা মই চিকিৎসা কৰি দিম ।

জুবিন গাৰ্গ : বাৰু দাদা thank you ,, চিকিৎসাৰ নামত যিমান টকা হয় মই পৰিশোধ কৰিম আপুনি চিন্তা নকৰিব । 

ডক্টৰ হিতেশ বৰুৱা : থিক আছে জুবিন ।

জুবিন গাৰ্গ : জুবিন দাই কেতিয়াবা আকৌ এনেকৈ ফোন  কৰি  কৈছিল  ডক্টৰ হিতেশ বৰুৱাক দাদা মই জুবিনে কৈছোঁ। 

ডক্টৰ হিতেশ বৰুৱা : কোৱা জুবিন মই শুনি আছোঁ ।

জুবিন গাৰ্গ : দাদা অমুকৰ বেড চাৰ্জ ফ্ৰী কৰি দিব পাৰিব নেকি ? যদিও নোৱাৰে কোনো কথা নাই বাৰু যিমান টকা হয় মই পৰিশোধ কৰি দিম কিন্তু  please পাৰিলে তেওঁক যাবলৈ দিয়ক না । চিকিৎসা কৰি দিয়ক না,,,তেওঁ বহুত দুখীয়া মানুহ দাদা । যিমান টকা হয় মই মই পৰিশোধ কৰিম । 

ডক্টৰ হিতেশ বৰুৱা : থিক আছে জুবিন । 

ডক্টৰ হিতেশ বৰুৱা " ডক্টৰ হিতেশ বৰুৱাই এদিন ভাবিলে  জুবিনে যিমান বোৰ  ৰোগী পঠাই আছে এই ৰোগী বোৰ তেওঁৰ আত্মীয় নেকি? 

 ডক্টৰ হিতেশ বৰুৱাই মনতে ভাবিলে সাধাৰণতে আমাক যেতিয়া কোনো মানুহে এনে কাৰণত ফোন কৰে তেতিয়া কাৰোবাৰ চিনাকি মানুহৰ বাবেহে অনুৰোধ কৰে; কিন্তু জুবিনৰ  ক্ষেত্ৰত কথাটো আছিল বিপৰীত। 

জুবিন দাই যিমান বোৰ ৰোগী পঠাইছিল  ,,, যি জন ৰোগীক লৈ চিকিৎসা কৰিব কৈছিল ডক্টৰ হিতেশ বৰুৱাক তাৰে ভিতৰত জুবিন দাই ৯৯% চিনি পোৱা নাছিল ,,,,কোন হয় , কৰ পৰা আহিছিল , নাম কি আছিল এইবোৰ একেবাৰে চিনি পোৱা নাছিল আৰু জুবিন দাই সোঁধাও নাছিল ,,,, চিকিৎসাৰ বাবে যিমান মানুহে জুবিন দাৰ ওচৰলৈ সহায় বিছাৰি আহিছিল বা গৈছিল সেই বোৰ মানুহক জুবিন দাৰ ফালৰ পৰা চিকিৎসা কৰি পঠোৱাৰ লগতে টকা পইচাও দি পথাই দিছিল ,,,কাৰোবাক ৫০০০, কাৰোবাক ১০০০০ আৰু কাৰোবাক টো ৭০,  ৮০ হাজাৰ লৈও টকা দি পঠাইছিল। সহায় কৰাত কোনো কুণ্ঠাবোধ কৰা নাছিল ।

জুবিন দাৰ মৰমৰ দাদাক আছিল খগেন গগৈ,,, খগেন গগৈক জুবিন দাই সকলো কথাই কৈছিল আৰু খগেন গগৈ ডাঙৰীয়াই জুবিন দাৰ কথা শুনি গৈছিল ,,,, এদিন হঠাতে জুবিন দাই খগেন গগৈক ১৫০০ টকা বিচাৰিছিল আৰু কৈছিল দাদা মোৰ লগত আজি এটকাও নাই,,,  আপোনাৰ লগত যদি আছে তেনেহলে ৰাতিটো চলিবলৈ ১৫০০ টকা এটা দিব পাৰিবানে ,,, খগেন গগৈ ডাঙৰীয়াই ধেমালিৰ চলেৰে জুবিন দাক কৈছিল হি হি তোমাৰ দেখোন টকা পইচা বহুত ,,,,, গগৈ ডাঙৰীয়াই এনেকৈ জুবিন দাক কোৱাৰ পাছত জুবিন দাই অলপ ৰৈ ,,চকু পানী উলিয়াই কলে দাদা সিদ্ধাৰ্থ শৰ্মাক টকা বিচাৰিলে   নাই বুলিয়ে কয় ,,,,সিদ্ধাৰ্থ শৰ্মাই মোক আজি লৈ টকাৰ হিচাপ দিয়া নাই ,,,,, সেই কাৰণে মই আপোনাক মই ১৫০০ টকা বিচাৰিছোঁ ,, ৰাতিটো চলিবলৈ । দিবনে? জুবিন দাই এনেকৈ কোৱাৰ পাছত গগৈ ডাঙৰীয়াই জুবিন দাক ১৫০০ টকা এটা দিলে ।। এইবোৰ কথা গগৈ ডাঙৰীয়াই গৰিমা বৌৱক কোৱাৰ পাছতো গৰিমা বৌৱে কৈছিল জুবিনে সিদ্ধাৰ্থ শৰ্মাক নিজৰ ভাই বুলি মানে একো নহয় দিয়া ।। যেতিয়া সিদ্ধাৰ্থ শৰ্মাই টকা পইছাৰ লগত আজি জুবিন দাক এনেকুৱা কৰিলে তেতিয়াহে বুজি পালে । এই কথা শাৰীৰ পৰা মই এটাই কথা কম মানুহ যিমানেই আপোন নহওঁক কিয় মানুহক কেতিয়া সম্পূৰ্ণ ভাৱে বিশ্বাস নকৰিব নহলে জুবিন দাৰ নিচিনা হব ।

কালি এজন লৰাই এটা কথা কোৱা শুনিলোঁ তেওঁ কৈছে যে  জুবিন দাই তেওঁক হেনো ৭৩ হাজাৰ টকা ৰাখিবলৈ পকেটত দিছিল ,,,তেওঁ কোন আছিল জুবিন দাই নিজেই চিনি পোৱা নাছিল,,,, মাথোঁ কৈছিল মই এতিয়া গান গায় আছোঁ তুমি মোৰ টকা খিনি লোৱাচোঁন,,, মই পাছত আহি লৈ যাম । কিন্তু জুবিন দাই সেই দিনাখন সেই টকা খিনি লৰা জনৰ হাতৰ পৰা লৈ নগল ,, পাহৰি গল । তাৰ পাছত লৰাজনে আচৰিত হৈ টকা খিনি ৰাখি থলে । যেতিয়া এদিনৰ পাছত গৈ লৰাজনে জুবিন দাক টকা খিনি দিবলৈ গল তেতিয়া জুবিন দাই সেই লৰাজনক কৈছিল তুমি কোন ? মই তোমাক চিনি নাপাওঁ। লৰা জনে আচৰিত হৈ কলে দাদা আপুনি মোক যোৱা কালি ৭৩ হাজাৰ টকা ৰাখিবলৈ দিছিল আৰু মই আপোনাৰ টকা খনি দিবলৈ আহিছোঁ । জুবিন দাই টকা খিনি লোৱা নাছিল যদিও লৰা জনে বাৰে বাৰে কৈ জুবিন দাক টকা খিনি দি দিলে ,,,লৰা জনৰ পৰা টকা খিনি লৈ জুবিন দাৰ ওচৰতে কান্ধি থকা এগৰাকী মহিলাক মাত্ৰ জুবিন দাই ৩ তা ৫০০ শ টকীয়া ৰাখি বাকী খনি দি দিছিল।। সহায়ৰ বাবে । এনেকুৱা আছিল আমাৰ মৰমৰ জুবিন দা ।

জুবিন দাই চিনাকী মানুহক যিমান সহায় কৰিছিল, সিমানেই অচিনাকী মানুহকো সহায় কৰিছিল,, যুনে সহায় বিচাৰিছিল তেওঁক জুবিন দাই সহায়ৰ হাত আগবঢ়াইছিল হিন্দু, মুছলিম ,একো চোৱা নাছিল । এয়া আছিল আমাৰ সকলোৰে অতি মৰমৰ প্ৰাণৰো প্ৰাণ মহান শিল্পীগৰাকীৰ গুণ।

পৃথিবীত মাইকেল জেকচনৰ পিচত একমাত্ৰ জুবিন দাৰ মৃত্যুৰ পিছত ইমান লোকে একেলগে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল। কোনেও কল্পনা কৰিব নোৱাৰাকৈ হিলদল ভাঙি ওলাই আহিছিল জনতা। জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষ কৰি। 

এই জনতাই প্ৰমান কৰিছে জুবিন গাৰ্গ আমাৰ বাবে কেনে ধৰণৰ মূল্যবান সম্পদ আছিল। আজি পৃথিবীৰ ১১৪ খন দেশত ইন্টাৰনেটত চাৰ্ছ কৰিছে জুবিনৰ বিষয়ে। এয়া কিন্তু কম কথা নহয়। বলিউডত হাহাকাৰ কৰিছে, আক্ষেপ কৰিছে কিয় জুবিনক মুম্বাইত ৰাখিব নোৱাৰিলে।

সংগীত হৈছে জীৱনক প্ৰকাশ কৰাৰ আহিলা। সংগীত জীৱনৰ শব্দৰ ৰেখা। সংগীত শক্তিশালী বাবে মানুহে শুনি থকাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে। তেওঁলোকে সঁহাৰি দিয়ে। 

সংগীতত আছে নিৰাময় শক্তি। ইয়াত মানুহক কেইঘণ্টামানৰ বাবে নিজৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা আছে। সেই কথা জুবিনে আজি প্ৰমাণ কৰি থৈ গ'ল। আজি সকলোৰে মনত কেৱল জুবিনৰ নাম আৰু গান। মানুহৰ হৃদয় জিনিব পাৰিছে বাবে তেওঁ আজি মৰিও অমৰ।

বিগত তিনি দশকত য'ত শব্দ বিফল হৈছে তাতেই সংগীতেৰে জুবিন দাই সলনি কৰিছিল সমাজৰ ছবিখন। সেইবাবে এটা গান যে প্ৰাৰ্থনা হ'ব পাৰে সেইকথা প্ৰমাণ কৰিলে জুবিন দাই 

 মুখাগ্নিৰ সময়তো পুৰোহিতৰ মন্ত্ৰচাৰণৰ সমানেই প্ৰতিধ্বনি হৈছিল শিল্পীগৰাকীয়ে নিজেই গোৱা গীত- ‘’ মায়াবিনী ৰাতিৰ বুকুত/দেখা পালোঁ তোমাৰ ছবি/ধৰা দিলা গোপনে আহি/হিয়াৰ কোণত…/তুমি যে মোৰ শুকান মনত/নিয়ৰৰে চেঁচা টোপাল/নামি অহা, ৰ’দৰে নৈ/মোৰ দেহত প্ৰতি পুৱা/ধুমুহাৰ স’তে মোৰ/ বহু যুগৰে নাচোন/এন্ধাৰো সঁচা মোৰ/বহু দিনৰে আপোন/নিজানৰ গান মোৰ/শেষ হ’ব/ভাবোঁ তোমাৰ বুকুত...’’।

মই এটাই কথা কম সংগীতে কথা কয়। সংগীতে পৃথিৱীখন সলনি কৰিব পাৰে, কাৰণ পৃথিৱীত কেৱল সংগীতেই মানুহক সলনি কৰিব পাৰে। আৰু জুবিন দা আছিল তেনে এগৰাকী মহান শিল্পী ।। 

Trinayan Handique FB Wall

 জুবিনৰ  কোনগৰাকী জেঠাইয়েকে প্ৰীতিৰ সুবাস বিলাইছিল ?

********************************************

         " প্রীতিৰ সুবাসে 

           ধুৱাই দিলেহি

           মােৰ এই উদাসী মন

           পাহৰা গীতৰ সুৰে আহি 

           জগালেহি যৌৱন কিয় বাৰু ? "

জুবিন গাৰ্গে গোৱা এই গীতটি আপোনালোকৰ মনত আছে নে ?  এই সুমধুৰ গীতটি লিখিছিল জুবিন গাৰ্গৰ একমাত্ৰ জেঠাইয়েক ৰেণু শৰ্মাই। বৰ্তমান তেখেতৰ বয়স ৮৬ বছৰ আৰু ডিব্ৰুগড়ৰ কুমাৰিণীছিগাৰ স্থায়ী বাসিন্দা। জুবিনৰ জেঠাইয়েকৰ ঘৰখনৰ বিষয়ে মই মোৰ আগৰ গ্ৰন্থবোৰত বিতংকৈ লিখিছোঁ। সেইবাবে ইয়াত আজি বেছি দীঘলীয়াকৈ একো নিলিখোঁ।  জেঠাইয়েকৰ এই ঘৰখনেই এসময়ত জুবিনৰ সংগীতৰ কঠীয়াতলী আছিল বুলি ক'লেও একপ্ৰকাৰে  ভুল কোৱা নহয়।  ৰেণু শৰ্মাৰ বৰপুত্ৰ উৎপল শৰ্মা বৰ্তমান মুম্বাইৰ এজন প্ৰতিষ্ঠিত সংগীত পৰিচালক। যিয়ে জুবিনৰ অনামিকা, মায়া আদি কেছেটৰ সংগীত ব্যৱস্থাপনা কৰিছিল। তেখেতৰ বিষয়ে মই ইতিমধ্যে লিখিছোঁ। বাকী ৰেণু শৰ্মাৰ আনজন পুত্ৰ মৃণাল শৰ্মা আৰু জীয়ৰী নিবেদিতা শৰ্মা বৰা (ৰুমী), সবিতা গোস্বামী (ৰুবী) আদি সকলোৱেই গীত গায়। জুবিনৰ জেঠাইয়েকৰ ঘৰখনৰ লগত মোৰ পুৰণি সম্পৰ্ক। ৰুমী আৰু ৰুবী মোৰ বান্ধৱী। এসময়ত ইহঁত দুয়োজনীৰ লগত মই গীটাৰ বজাইছিলোঁ। এতিয়াও আটাইৰে লগত মোৰ ফোনত কথা হৈ থাকে।

জুবিনৰ জেঠাইয়েকে কেনেকৈ প্ৰীতিৰ সুবাস বিলাইছিল তাকে আজি অলপ লিখোঁ বুলি ভাবিছোঁ। সেইয়া জুবিন গাৰ্গৰ অনামিকা কেছেটটো ওলোৱাৰ আগৰ কথা। এদিন জুবিনে আহি জেঠাইয়েকৰ এই " প্ৰীতিৰ সুবাসে " গীতটি লৈ যায়। জুবিনৰ আকৌ সাংঘাতিক টেলেণ্ট। এই গীতটি তেওঁ নাইট চুপাৰত ডিব্ৰুগড়ৰ পৰা গৈ থকা অৱস্থাতেই সুৰ কৰা। এই গীতটি সুৰ কৰাৰ পাছত তেওঁ এদিন জেঠাইয়েকলৈ ফোন কৰি কৈছিল ----- " তোমাৰ গীতটি মই নাইট চুপাৰতেই সুৰ কৰিলোঁ।  "  জুবিনৰ দেউতাকৰফালৰ প্ৰায়বোৰ লোকেই সাহিত্য - সংগীতৰ লগত জড়িত। ৰুমীৰ বিয়া হৈছিল ১৯৯১ ৰ ৪ ফেব্ৰুৱাৰীত। সিদিনাই মোৰ জুবিনৰ লগত ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ কেংগাৰু হোটেলত পৰিচয় হৈছিল। ৰুমীৰ বিয়াৰ ঠিক আঠমাহৰ পাছত জুবিনৰ সৰু খুড়ায়েকৰ বিয়া হৈছিল। তেতিয়া অনামিকা কেছেটটো ওলোৱাৰ ঠিক প্ৰাক মুহূৰ্তত। ইতিমধ্যে " প্ৰীতিৰ সুবাসে " গীতটিৰ সুৰ হৈ গৈছে আৰু জুবিনৰ মুখত গীতটি শুনি শুনি পৰিয়ালৰ আটাইৰে কণ্ঠস্থ হৈ পৰিছিল। তাতে জুবিনৰ জেঠাইয়েকে লেখা। ( জুবিনৰ সৈতে জেঠাইয়েকৰ এখন আলোকচিত্ৰ সংলগ্ন কৰি দিছোঁ )।  ৰুমীয়ে যেতিয়া বিয়াঘৰত  নকইনা হৈ গৈছিল, তেতিয়া ৰুমীৰ আটাইকেইজন মামা, মাহী, মানে  জুবিনৰ খুড়া আৰু পেহী আনকি আইতাকেও বিয়াৰ আগদিনা ঘৰুৱা বৈঠকিত চিঞৰি চিঞৰি এই গীতটি গাইছিল। এই কথাবোৰ কৈ আজিও ৰুমী বৰ ৰোমাঞ্চিত হৈ পাৰে। এই গীতটি এটি তামাম ৰোমান্টিক গীত।

আজি এই গীতটিৰ বিষয়ে লিখাৰ কাৰণ আছে। কাৰণ আজি গীতিকাৰ ৰেণু শৰ্মাৰ ওপজা দিন। তেখেতে আজি ৮৬ বছৰত ভৰি দিছে। মই তেখেতক "মা" বুলিয়েই সম্বোধন কৰোঁ।

আজি ঈশ্বৰৰ ওচৰত প্রার্থনা জনাইছোঁ যাতে মায়ে দীৰ্ঘজীৱি হওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক। আগন্তুক দিনবোৰত আমি এইগৰাকী মাতৃৰ পৰা আৰু সুন্দৰ সুন্দৰ গীত আশা কৰিলোঁ।

আজি মা'ৰ মনত বহুত দুখ। নিজৰ ভতিজা ল'ৰাটোক হেৰুৱাই মৰ্মাহত। এদিন জুবিনে কৈছিল ------- " জেঠাই, এদিন তোমাৰ আটাইবোৰ গীত মই লৈ যাম "। কিন্তু ................. গল্ডি যেন উভতি নাহিল। সি কাহানিও উভতি নহা এটি বাটেৰে এখন অচিন দেশলৈ গুচি গ'ল।

আজি মায়ে অকলে অকলে টিভিৰ বাতৰিবোৰ চাই নীৰৱে চকুলো টোকে। তেখেতে আজিও জুবিনে ন্যায় পোৱাটোলৈ বাট চাই আছে। মাজে মাজে টিভিৰ বাতৰিবোৰ চাই হতাশ হৈ পৰে। তেতিয়া নিজকেই প্ৰশ্ন কৰে ------- " জুবিনে সঁচাকৈয়ে ন্যায় পাবনে ? " তেখেতৰ অন্তৰত ভিতৰি ভিতৰি এক অগনি জ্বলি আছে। কালি মোৰ পোষ্ট এটাত তেখেতে এইদৰে কমেন্ট দিছিল ....... " সকলোৱে নামঘৰে নামঘৰে,মন্দিৰে,মজিদে দোষীয়ে শাস্তি পাবলৈ চাকি-বন্তি জ্বলাওক।  মানুহ লৈ আশা নাথাকিলে ওপৰৰ জনলৈ ভৰসা কৰিব লাগে। তেওঁ  অতখন ৰাইজৰ প্ৰাৰ্থনা নুশুনাকৈ নাথাকে। "

মই ভাবোঁ আই গৰাকীৰ প্রার্থনা ঈশ্বৰে নিশ্চয় শুনিব আৰু দোষীয়ে উচিত শাস্তি পাব। আজি আপোনাৰ বোৱাৰী গৰিমায়ো কৈছে -------এতিয়া মন মগজু শৰীৰ অন্তৰাত্মা জুৰি মাথোঁ এষাৰেই কথা #আমাক_ন্যায়_লাগে.. "জুবিন গাৰ্গৰ দৰে এক সত্ত্বা অৱহেলিত হ'ব নোৱাৰে"

গৰিমাৰ চকুপানী অথলে যাব নোৱাৰে। আপোনাৰ ভতিজাই ন্যায় পাবই লাগিব। গ্লেডিয়ে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজ ক্ষান্ত নহয়।

শেষত ক'ম ------ "হেপ্পী বাৰ্থদে মা।"

শ্ৰদ্ধাৰে

ত্ৰিনয়ন সন্দিকৈ।

অসম ভৱন,মুম্বাই।

বি. দ্ৰ:- আপোনালোকে পঢ়ি ভাল পালে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে।

Pranjit Saikia FB Wall

 -কিয় জুবিন গাৰ্গ হ’ব? ভালকৈ চা জুবিন গগৈ চাগে!

জুবিন গাৰ্গৰ প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান হৈছিল সোণাৰিত৷ সেই বিষয়ে মই বিস্তৃতভাৱে ইতিমধ্যে লিখিছো৷  জুবিন গাৰ্গে নিজেও একাধিকবাৰ এই কথা কৈ গৈছে৷ সোণাৰিত প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ পিছতদুলিয়াজানৰ টিপলিঙত প্ৰথম বিহুৰ অনুষ্ঠান৷ সোণাৰিৰ সেই প্ৰথমটো অনুষ্ঠানৰ সৈতে জড়িত দুটামান অম্ল-মধুৰ কথা শ্বেয়াৰ কৰিবলৈ মন গ’ল৷

অনুষ্ঠানটোৰ বাবে টিকট বিক্ৰী কৰিবলৈ যাওঁতে উদ্যোক্তাক জনপ্ৰিয় শিল্পী ডাঃ বৈকুণ্ঠ গগৈয়ে সুধিছিল- এইটো ক’ৰ ল’ৰা? ইংৰাজী গান গাব নে অসমীয়া? অসমৰ নে বাহিৰৰ? ’ফুল ফুলক ৰ’দৰে ফুল...’ৰ শিল্পীজনৰ কাণত ৱাকমেনৰ হেডফোন লগাই জুবিনৰ গান শুনাবলগীয়া হৈছিল৷ তাৰ পিছত তেওঁ টিকট লৈছিল আৰু অনুষ্ঠানটোলৈ আহিছিল৷ আকাশবাণীত সেইজনা শিল্পীৰে অমৰ গীত ’ফুল ফুলক ৰ’দৰে ফুল...’ক পিছত এই জুবিন গাৰ্গেই আন এক ৰূপত পৰিচিত কৰাই দিলে৷ সোণাৰিত অনুষ্ঠানটোৰ দিনা আন এক আহুকালৰ সৃষ্টি হৈছিল মঞ্চৰ পিছফালৰ মূল বেনাৰখনক লৈ৷ তেতিয়া বগা কাপোৰত হাতেৰে বেনাৰ লিখাৰ দিন৷ স্থানীয় শিল্পী নৱৰ হাততে সাধাৰণতে এই দায়িত্ব পৰে৷ নিৰ্দিষ্ট দিনত তেওঁ কামটো কৰি দিলে৷ কিন্তু এয়া কি? জুবিন গাৰ্গৰ পৰিৱৰ্তে তেওঁ লিখিলে- ’জুবিন গগৈ’৷ সোধোতে ক’লে- তহঁতৰ ৈ কাৰ ে কাৰৰ গণ্ডগোল হৈছে বুলিহে ভাবিছিলো৷ ’গাৰ্গ’ জানো উপাধি থাকে? ভালকৈ খবৰ এটা কৰি ল’

(ফটোখনৰ সৈতে সেই অনুষ্ঠানটোৰ সম্পৰ্ক নাই৷ ফটোখন কলাক্ষেত্ৰৰ এটা অনুষ্ঠানৰ সময়ত গ্ৰীণৰূমত৷ সেই অনুষ্ঠানতে জুবিনক ’লুইত কণ্ঠ’ উপাধি প্ৰদান কৰা হৈছিল৷)

অৰ্নিবাণ ফুকন, FB Wall 09.10.2025

 ✍️✍️"এহে নাযাবা নাযাবা সোণ মোকে এৰি থয়"অকস্মাত এজন নতুন উদিয়মান গায়কৰ এই  গানটোৱে  ৯০ দশকত  অসমৰ গাঁৱে ভুইয়ে,চহৰে নগৰে তোলপাৰ লগাইছিল।

📌 যেতিয়া কুমাৰ ভবেশ নামৰ এই নতুন গায়ক জনৰ প্ৰথম খন কেছেটেই সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিল,তেতিয়া জুবিন গাৰ্গ লাহেকৈ জনপ্ৰিয় হব ধৰিছিল হে মাথোঁ,

📌বহুতেই কব ধৰিল জুবিন গাৰ্গক এইবাৰ মানুহে পাহৰি যাব।

📌কিন্তু মোৰ বন্ধু এজনে কৈছিল জুবিন গাৰ্গৰ নিজৰ অনন্য প্ৰতিভা শৈলী আছে,,সম্পূৰ্ণ ব্যতিক্ৰম তেওঁৰ গানৰ কথা সুৰ,আটাইতকৈ ডাঙৰ  কথাটো তেওঁৰ সৃষ্টি বোৰ নিজা আছিল।

📌১৯৯৩ চনত মুক্তি পোৱা অনামিকাৰ পৰা আশা, মায়া,সপোনৰ সুৰ,ৰং,স্নিগ্ধ জোনাকৰ গীত সমূহে কিছু সংখ্যক মানূহক হে আকৰ্ষণ কৰিছিল।

📌প্ৰথম অৱস্থাত তেওঁৰ গান বোৰ অসমৰ সকলো জনতাই আঁকোৱালি লোৱা নাছিল।

📌বহুতেই কৈছিল ইমান চিঞৰি টেটো ফালি সাংঘাটিক হুলস্থুল বাদ্য যন্ত্ৰ,, ইলেকট্ৰনিক গীটাৰ  বজাই কি গাই এইবোৰ।

📌কিন্তু জুবিনে জানিছিল তেওঁ পাশ্চাত্য সংগীতৰ লগত নিজৰ নিভাজ অসমীয়া সুৰ সংমিশ্ৰণ কৰি সজাই তুলিছিল নতুন মায়াবিনী গীতৰ ধাৰা।

📌মায়া মাথোঁ মায়া,

আশা মোৰ আশা, 

নকবা নকবা কোনো কথা,

তুমি জানানে,

নোচোবা হাতেৰে

ৰং তুমি হোৱানে, আদি।

📌জুবিনে অসমত ৰক,পপ সঙ্গীতেৰে ভৰাই তুলিছিল,তেতিয়াও কিন্তু তেওঁ অসমৰ জনতাৰ হিয়াৰ আমঠু হোৱা নাছিল।

📌এই ৰক,পপ সঙ্গীতৰ মাজতেই জুবিন গাৰ্গে বিহু সুৰীয়া আধুনিক গীতৰ কেছেট দুখন মানত কণ্ঠ নিগৰালে,ৰাংঢালি,ৰংমন ,হিয়ামন।

📌হিয়ামনৰ "অ নবৌ অই মোলৈ এজনী ছোৱালী চালি নে নাই",

ঔ ফুলিয়া গালতে,

অ মোৰে ল'ৰাৰ মাক,

ৰাংঢালি কেছেটৰ বিয়পি পৰিলে জানা, ৰূপহী ৰাংঢালী

এইযে জুবিন গাৰ্গে  সহজ সৰল ভাষাত গোৱা বিহু সূৰীয়া গীত সমূহে বহুতৰ মন জয় কৰি তুলিলে।

📌তাতোকৈ বেছি তেওঁ সমগ্ৰ অসমৰ শ্ৰোতাৰ মন জয় কৰিলে তেতিয়া, যেতিয়া বিহু গাব পাৰিবনে বুলি ভবা যুৱক জনে "চেনাই মোৰে অই আকৌ বহাগ পালেহি","অই জান অই আকাশখন ধুনীয়া" দৰে বিহু গীতত কণ্ঠ নিগৰায়।

📌বিহুগীত যে ইমান মিঠা হব পাৰে,বিহু গীতে যে সঁচাকৈ অসমীয়াক পাগল কৰিব পাৰে,মন মতলীয়া কৰি তুলিব পাৰে জুবিন গাৰ্গে দেখুৱাই থৈ গল।

📌মোৰ কিন্তু খং উঠিছিল যেতিয়া জুবিন দাই "মৰিলং মৰিলং" দৰে গীত গাইছিল।

📌যিজন ব্যক্তিৰ গানত কবিতা বিচাৰি পাইছিলো,

প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি

গানে কি আনে সুৰৰ সোপানে সোপানে

প্ৰতি শৰতৰ প্ৰভাতী  ফুলে,প্ৰতি মেঘালীৰ নিশা জুনত

জ্বলি উঠা জুই হৈ

জোনাকে কানে কানে আহি কলে 

আদি গীতত দেখোন মাথোঁ কবিতাৰ শব্দ,কবিতাৰ ছন্দ আছিল।

📌হিন্দী গীত সমূহত যেতিয়া উৰ্দু শব্দ স্ংযোজন কৰি দিয়ে গীতটো আৰু বেছি ধুনীয়া হৈ পৰাৰ দৰে জুবিনৰ গীতত আছিল মাথোঁ কবিতা।

📌তেওঁৰ গীতত টেক্সী ৱালা,অটো গাড়ী,পেদেল মাৰি,ডিস্ক,দেঞ্চাৰ ভন্টি আদি শব্দ বিচাৰি পোৱা নাছিলো।

📌পিছে এতিয়া বহুতেই প্ৰশ্ন তুলিছে বহু লোক অকস্মাত জুবিন অনুৰাগী কিদৰে হৈ পৰিল,

📌আচলতে তেওঁলোকক কব খোজোঁ একে নিশাই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যদি মানুহ এজন এটা নতুন দলত যোগ দিব পাৰে তেন্তে বছৰ বছৰ ধৰি কোনো এজন ব্যক্তিয়ে জুবিন দাৰ গান শুনি তেওঁৰ অনুৰাগী হব নোৱাৰিব কিয়?

📌সচা অৰ্থত একে দিনাই কোনো ব্যক্তিয়ে নীতি আদৰ্শ ভাল পাব নোৱাৰে আৰু অনুৰাগীও হব নোৱাৰে।

📌আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছিলোঁ ৯০ দশকতেই, তেতিয়া দীঘল চুলিৰে,কাণফুলি,ব্ৰেচলেট পিন্ধা ধুনীয়া লৰাজনৰ সেই গীত টোত,,,

দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনী গন্ধা,আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা।

Dimpu Bharali Niyomiya Barta

 "তেওঁৰ গীতৰ কথাত আছিল মানৱীয়তাৰ বিষয়ে | মই যেতিয়া সৰুতে স্কুললৈ গৈছিলোঁ তেতিয়া জুবিন গাৰ্গ কলেজৰ ছাত্ৰ আছিল | "তুমি মোৰ মাথোঁ মোৰ" চিনেমাখনৰ যেতিয়া নিৰ্মাণ হৈছিল তেতিয়া জুবিন পবিত্ৰ মাৰ্ঘেৰিটাৰ আৰু দিগন্ত ভাৰতী দাদাক লৈ আমাৰ ঘৰলৈ আহিছিল | মই প্ৰথমে চিনেমাখন নকৰোঁ বুলি কৈছিলোঁ, কিন্তু জুবিনে ক'লে, 'তুমি প্ৰথম গানকেইটা শুনি লোৱাচোন | মই গানকেইটা শুনি অভিভূত হৈ পৰিছিলোঁ, ইমান ধুনীয়া লাগিল | তাৰপিছত মই চিনেমাখন কৰাৰ বাবে মান্তি হৈছিলো |' অভিনেত্ৰী হিচাপে মই গৰিমাক ফোন কৰি কৈছিলোঁ, 'তুমি মোৰ মাথো মোৰ' পাৰ্ট ২ কৰিব লাগিছিল, জুবিনৰ লগত আলোচনা কৰিম | এই বিষয়টোক লৈ জুবিনক ফোন কৰিছিলোঁ, কিন্তু তেওঁৰ phone off পালোঁ | সেই ইচ্ছা পূৰণ নহ'ল, সেই কথা পতাই নহ'ল আৰু জুবিন এনেকৈ হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল | আচলতে ভগৱানে আজি আমাক এটা ডাঙৰ shock দিলে, অসমৰ ৰাইজৰ লগত ডাঙৰ অন্যায় হ'ল | তেওঁৰ আত্মাই সৰগত সুকলমে থাকক |

সংবাদ মাধ্যমৰ সন্মুখত দিয়া এই মন্তব্য আছিল ২০০০ চনত মুক্তি পোৱা জুবিন দাৰ প্ৰথম চলচ্চিত্ৰ "তুমি মোৰ মাথো মোৰ" অভিনেত্ৰী জেৰিফা ৱাহিদৰ |

যোৱা ২৩ ছেপ্তেম্বৰ তাৰিখে জুবিন দাৰ ভনী পামী বৰঠাকুৰ, ৰাহুল শৰ্মা আৰু অৰুণ গাৰ্গে কিন্তু জুবিন দাক মুখাগ্নি দিয়া এই অৰুণ গাৰ্গ কোন? লাখ লাখ অনুৰাগীৰ প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাৰ মুখাগ্নিৰ সময়ত সংগ দিয়াৰ সুযোগ পোৱা এই অৰুণ গাৰ্গ হ'ল চৰাইদেউ জিলাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ যুৱক অৰুণ চাচনী | বাগিচা খনৰ দ'লবাগান ৰজাবাৰী অঞ্চলৰ বাসিন্দা তথা বাগিচাখনৰ এগৰাকী শ্ৰমিক গালোৱা চাচনী নামৰ লোকজনৰ কনিষ্ঠ পুত্ৰ অৰুণ চাচনী | সৰুতেই মাতৃহাৰা হোৱা এই অৰুণে আজিৰ পৰা প্ৰায় ১৫ বছৰ পূৰ্বে জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহি এদিন জুবিন দাৰ পৰিয়ালত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰে আৰু কালক্ৰমত পৰিয়ালটোৰ সদস্য হৈ পৰে | লাহে লাহে তেওঁ জুবিন দাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থকাকে ধৰি কেমেৰাৰ পাছতো ব্যস্ত হৈ পৰে | জুবিন দাৰ লগতে গৰিমা বৌৰ সৈতে তেওঁলোকৰ কাহিলীপাৰাৰ বাসগৃহত বসবাস কৰা এই অৰুণক এদিন জুবিন দাই নকৈ উপাধি দি নামকৰণ কৰে অৰুণ গাৰ্গ | সৰুসজাইত গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অন্তিম শয়নৰত শিল্পীগৰাকীৰ কাঁচৰ কফিনটো সময়ে সময়ে এখন কাপোৰৰে মোহাৰি থকা আৰু জুবিন দাৰ অতি প্ৰিয় কুকুৰকেইটাক বাসগৃহৰ পৰা সৰুসজাইলৈ আনি অন্তিম দৰ্শন কৰোৱালৈকে অৰুণে যি দায়িত্ববোধৰ পৰিচয় দিলে সেই কৰ্মৰ বাবে চৰাইদেউ পৰ্বত চাহ বাগিচা আজি গৌৰৱাম্বিত | এখন চাহ বাগিচাৰ পৰা ওলাই গৈ দীৰ্ঘসময় ধৰি শিল্পীগৰাকীৰ নিকট সান্নিধ্যত জীৱন অতিবাহিত কৰাই নহয়, জুবিন দাৰ পৰিয়ালৰ এগৰাকী সদস্য সদৃশ হৈ অন্তিম সতকাৰ পৰ্যন্ত অৰুণ গাৰ্গে যি নিষ্ঠাৰে সেৱা আগবঢ়ালে সেয়া প্ৰশংসনীয় |

আনফালে আকৌ জুবিন দাৰ নিজৰ ৰক্তসম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ যি ভাতৃক জুবিন দাই নিজতকৈ অধিক মৰম কৰিছিল সেইজন ভাতৃয়ে জুবিন দাৰ সৈতে বিশ্বাসঘাটকতা কৰিলে | জুবিন দাৰ হত্যাকাণ্ডত জড়িত হৈ গ্ৰেপ্তাৰ হ'ল আৰু আৰক্ষীৰ চাকৰিৰ পৰাও নিলম্বিত হ'ল | সি কেনেকুৱা আৰক্ষী আছিল আৰু কেনেকৈ আৰক্ষী হ'ল সেয়া ভগৱানে জানে কিন্তু মই ভাবো শ্যামকানু আৰু সিদ্ধাৰ্থই দোষী কিন্তু তাতকৈ অধিক দোষী আৰু বদমাছ জুবিন দাৰ কুলাংগাৰ ভাতৃ সন্দীপন | কিদৰে চকুৰ সন্মুখত ইমান মৰম কৰা ভাতৃ জুবিন দাক মৃত্যুৰ মুখলৈ যোৱাটো চাই থাকিব পাৰে | সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি সন্দীপনে হেনো বিদেশত কেতিয়াও নোযোৱাৰ বাবে জুবিন দাই হেনো মৰমতে নিজৰ খৰছত লৈ গৈছিল সন্দীপনক কিন্তু সন্দীপনে কি কৰিলে নিজ ভাতৃ মৃত্যু হোৱাটো চকুৰ সন্মুখত চাই থাকিল | এয়া কেনেকুৱা তেজৰ সম্পৰ্ক?

জুবিন দা অবিহনে অকলশৰীয়া আৰু আধৰুৱা হৈ পৰা গৰিমা বৌৱে ভগ্ন হৃদয়ৰে সাংবাদিকৰ সন্মুখত যোৱা ৭ অক্টোবৰ তাৰিখে কিছু গুৰুত্বপূৰ্ণ কথা কয় যি প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে ৰাইজেও বিচাৰে:-

"জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা ১৯ দিন পাৰ হ'ল | সঁচা কথাটো কি হৈছে আমি জানিব বিচাৰিছোঁ | সহজ-সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এইবোৰ কিয় হ'ল, এই প্ৰশ্নবোৰে আমাৰ পৰিয়াল তথা লাখ-লাখ অনুৰাগীৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে | অকল মোৰ স্বামী হিচাপেই নহয়, কিয় জুবিন গাৰ্গৰ দৰে এটি সত্তা এনেকৈ হঠাত আঁতৰি যাব লগা হ'ল? কিবা যদি অসুখ হৈছিল তেতিয়াও বেলেগ কথা আছিল | কিন্তু সকলোকে শূণ্য কৰি তেওঁ গ'লগৈ | উত্তৰটো আমি বিচাৰি আছোঁ | কথাবোৰৰ মেৰপাকবোৰ বহু বেছি হৈছে | সেইটো হ'ব নালাগে | আমি বহু সৰলভাৱে চিন্তা কৰা মানুহ | কোনে কি কৰি আছে, কি কথা কৈছে, একো বুজি নোপোৱাৰ দৰে হৈছোঁ | এই বস্তুবোৰৰ পৰা প্ৰকৃত সত্যটো বাহিৰ হ'ব লাগে | জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান অৱজ্ঞা কৰি এৰি দিব লগা নাছিল | অসমৰ মানুহে মৰমৰে তেওঁক আৱৰি ৰাখিছিল | সকলোৰে হিয়াৰ আমঠু আছিল | ইতিমধ্যে ওলাই অহা দৃশ্যাংশবোৰৰ আমি সকলো কথা দেখিছোঁ | এটাও আঁচোৰ পৰিব নিদিয়া ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ যে ভাগৰুৱা অৱস্থাত তেওঁ একেবাৰে নিঠৰুৱা হৈ পৰিছিল | এই কথাটোৱে আমাৰ মনত বহু কষ্ট দি আছে | কিহৰ কাৰণে সেই য়াটত থকা প্ৰৱাসী অসমীয়া সকলে সহযোগ কৰা নাই মই ভাবি পোৱা নাই | কথাবোৰ তেওঁলোকে কিয় লুকুৱাব লগা হৈছে? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু প্ৰকৃততে কি হৈছিল এই কথাষাৰ ক'বলৈ তেওঁলোক সহযোগ কৰা নাই | তেওঁলোকৰ ইমানখিনিও মানৱীয়তা নাই নেকি যে এজন ব্যক্তিক আমি হেৰুৱাই পেলাইছোঁ | অথচ তেওঁলোকৰ একো প্ৰতিক্ৰিয়া নাই | তেওঁলোকৰ বাবে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? অকল পাৰ্টীৰ দিনাখনহে জুবিন গাৰ্গৰ প্ৰয়োজন আছিল নেকি....?"

(তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ পৰা সংগৃহীত)

  ✍️ দিম্পু ভৰালী

Hemanta Kr. Kalita FB Wall

 🙏#উচ্চ_মনৰ_সৰু_মানুহবোৰ--                                   জুবিন'ৰ মৃত্যুৰ ন্যায় বিচাৰি আমি হাহাকাৰ কৰি থকাৰ মাজতে কিছুমান সৰু মানুহে উচ্চ কাম কৰি কোনোৱে নজনাকৈ প্ৰশংসনীয় কাম কৰি ৰাইজৰ মাজত সমাদৃত হৈছে । সোনাপুৰৰ জুবিন'ৰ সমাধিস্থল এক পবিত্ৰ ধৰ্মীয় স্থানলৈ পৰিৱৰ্তন হৈছে । ঠাই ডোখৰ আগতে কাৰ্বী সকলৰ শ্মশান থলি বুলি  স্থানীয় ৰাইজে ভয় ভয় কৈ খোজ দিছিল । জুবিন'ৰ নশ্বৰ দেহ তাত দহন কৰাৰ লগে লগে ঠাই টুকুৰা হাবি গুচি ফুলনি বাৰী হ'ল । অকল ফুলনি বাৰীয়ে নহয় তাত এতিয়া লক্ষ লক্ষ জনে চাকি বন্তি জ্বলাই আলোকিত কৰি তুলিছে । নিশা বাৰ এক বজালৈ মানুহৰ সোত বৈয়ে আছে । মাটিৰ মিঠাতেলৰ চাকি , সুগন্ধি ধূপৰ সুবাসে ঠাইখন আমোল মোলাই তুলিছে । মানুহে নামঘৰ বা মন্দিৰত চাকি জ্বলাব যায় । এতিয়া সমাধিস্থলীৰ  সন্মুখতে দুই তিনিখন চাকি - ধুপৰ দোকান বহিছে । বাটৰুৱাই সেই দোকানবোৰৰ পৰা গামোছা , চাকি-ধূপ জ্বলাই " জুবিন" ৰ আত্মাৰ সদ্গতি কামনা কৰিছে । পাল পাতি দুৰণীবতিয়া ৰাইজে হৰি নাম গাই ঠাইখন স্বৰ্গপুৰী সদৃশ কৰি তুলিছে ।                                                                         

এই গৰাকী##জোনালী_ইঞ্জাল । স্নানীয় কাৰ্বী মহিলা । ডাচবিন হাতত লৈ কিবা বুটলি আছে । বৰষুন দিয়াৰ পিছত মাটিৰ চাকিবোৰ কলা হৈ গৈছে । আধা পোৰা মাটিৰ চাকি আৰু ধূপৰ চাইয়ে ঠিইখিনি ক'লা কৰি তুলিছে । তেতিয়া হাতত এটা ডাচবিন লৈ  কেইগৰাকিমান মহিলাৰ সৈতে কিবা বুটলি আছে । মনটোক দমাব নোৱাৰি তেওঁৰ ওচৰলৈ গৈ সোধাত ক'লে যে-- এইকেইদিন হাজাৰ হাজাৰ মিঠাতেলৰ চাকিৰে ঠাইখিনি ভৰি পৰিছে । পুৰুষবোৰে বেলচাৰে চাকিবোৰ দমাই থয় । পিছত স্থানীয় মহিলা সকলে পাল পাতি এখোৰ এখোৰকৈ চাকিবোৰ বুটলি ডাচবিনত ভৰাই ঠাইখিনি পৰিস্কাৰ কৰে ।  বিনা পাৰিশ্ৰমিকে জোনালীৰ দৰে বহু স্থানীয় মহিলাই কৰা এইবোৰ কামৰ বাবে তেওঁলোক প্ৰশংসাৰ যোগ্য নহয়নে ? --প্ৰণাম জোনালী । 

Wednesday, October 8, 2025

Mouchumi Laluari FB Wall

এই কথাষাৰ যদি জে পি দাস নিচিনা এজন জ্যেষ্ঠ শিল্পীয়ে কব লগা হৈছে, তেন্তে অসমৰ পুৰুষ,মহিলা,ডেকা, ছোৱালী  চাম ৰ কি অৱস্থা হব কওঁক চোন?

মানুহ ইমান নিৰ্দয় হব নালাগে, জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে, জুবিন দাৰো জীয়াই থকাৰ অধিকাৰ আছিল। তেখেতে অসম বাসীক কি কি দিয়া নাই, অসমৰ সাংস্কৃতিক জগত খনক যিমান খিনি অৱদান আগবঢ়ালে, সম্ভৱ কোনোৱেই সেইখিনি আজিলৈকে দিয়া নাই বা দিবলৈ সম্ভৱ নোৱাৰেও।

এটা প্ৰতিভাক নষ্ট কৰি কি পালে সিহঁতি জেইলৰ ভাত? handcuff? জুবিন দাৰ প্ৰতিভা জন্মগত, কণ্ঠ ভগৱান প্ৰদত্ত, কোনো কাঢ়ি লব নোৱাৰে, বৰঞ্চ তেনে মহান প্ৰতিভাক জীয়াই থাকিব লৈ, সকলোৱে যত্ন হে লব লাগিছিল। কিন্তু নিৰ্দয় সেই শত্ৰু কেইটাই মাৰি খাই পেলালে।

জুবিন দাক সিহঁত সিদ্ধাৰ্থ, শ্যাম কানু য়ে কোনো দিনে মৰম, ভক্তিয়ে নকৰিলে, অকল টকা ঘটাৰ আহিলা হিচাপে হে ব্যৱহাৰ কৰিলে, আৰু শেষত জীউ টোকো লৈ ললে। কিমান বিপদ জনক মানুহ বোৰৰ কাষত জুবিন দা আছিল, নিজেই গম নেপালে।

শ্যাম কানু মহন্তই জুবিন দাৰ মৃত্যুৰ পিছতে ছিংগাপুৰ ত এটা নিউজ চেনেলত হাঁহি হাঁহি জুবিন দা ৰ মৃত্যুৰ সম্পৰ্কত interview দিছিল, জুবিন দা ৰ মৃত্যুৰ পিছতো হাঁহিব পাৰিছিল। অসম association ৰ সভাপতি যি য়টত আছিল অভিমুণ্য তালুকদাৰৰ হাঁহি জুবিন দা ৰ মৃত্যুৰ ৫/৬ দিনৰ পিছতো শেষ হোৱা নাছিল, ফোন কলত সকলোৱে শুনিছে । এইবোৰ একো একোটা শত্ৰুৱে নাছিল নে জুবিন দা ৰ বাবে বন্ধুৰ নামত?

কেই দিন মানৰ আগতে ফেচবুক তে এটা ৰেকৰ্ড শুনিলো, কোন হয় নাম টো কৈ দিয়া নাছিল, তাত কৈছিল, শ্যাম কানু ৰ মাকে তিনিটা ফেঁটী সাপ জন্ম দিলে, অসমক লুতি পুতি খাবলৈ, তাৰে এটা ফেঁটী সাপ শ্যাম কানু মহন্ত। অৰ্থাৎ জনসাধাৰণ  ক কিমান লৈকে ধ্বংস কৰিলে, কিমান টকা লুতি পুতি খালে, এনেকৈ কোনোবাই কব পাৰে বাৰু?

Right to life বুলি কথা এষাৰ আছে, সকলো মানুহ ৰে জীয়াই থকাৰ অধিকাৰ আছে, যেতিয়া লৈকে মৃত্যু প্ৰাকৃতিক নহয়, #কিন্তু জুবিন দা নিচিনা এজন মহান শিল্পীক নি, মাৰিব লৈ সিদ্ধাৰ্থ , শ্যাম কানু, বা অইন কাৰোৱে একো অধিকাৰ নাছিল। জুবিন দাৰো জীয়াই থকাৰ অধিকাৰ আছিল।

 #সিঁহতৰ এটাও যদি, জুবিন দা ৰ কাৰণে দৌৰি বচাব বিচাৰিলে হেঁতেন, তেতিয়াও মানি লব পাৰি, জুবিন দাক বচাব বিচাৰিছিল। #কিন্তু কোনোৱেই যেন সেই চেষ্টা নকৰিলে বৰঞ্চ জুবিন দা ৰ শেষ উশাহ কেতিয়াকে বন্ধ হয় সেইটো ৰ কাৰণে হে অপক্ষা কৰি থাকিল, video বোৰত স্পষ্ট কৈ দেখা গৈছে সিহঁতৰ চাল চলন।

ইহঁতৰ এতিয়া কোনো যুক্তি দেখুৱালেও, একো কামত নাই অসম বাসীৰ ওচৰত। মাথো এই হত্যাকাৰী বোৰৰ শাস্তি বিচাৰে অসমীয়া ৰাইজে।

Written by Mousumi Laluari 

Advocate, Dibrugarh

(যদি ভাল লাগে share কৰি দিব,

কপি যাতে কোনোৱে নকৰে)

চৈয়দ মুকিবুৰ ৰহমান FB Wall

‘মায়াবিনী’ গীতৰ কথা: এক অৱলোকন

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

 ধৰা দিলা গোপনে আহি

 হিয়াৰ কোণত…”

এয়া এই কেইদিন অসম তথা ভাৰতবৰ্ষ আনকি বিশ্বৰ বিভিন্ন কোণত বাজি থকা এটি বিশেষ গীত। লাখ-লাখ জুবিন অনুৰাগীয়ে WhatsApp, Facebook ইত্যাদি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটি বিশেষ গীত ‘মায়াবিনী ৰাতি’ৰ জৰিয়তে। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ সুন্দৰ গীতৰ মাজৰ পৰা এটি বিশেষ গীত ‘মায়াবিনী’ক স্থান দিয়া হৈছে প্ৰাৰ্থনা সভাবোৰত আনকি সিদিনা সোণাপুৰত বিদায়বেলাতো সকলোৱে সমস্বৰে একেলগে উচ্চাৰণ কৰিলে ‘মায়াবিনী ৰাতিৰ বুকুত…।’ হয়তো এতিয়া সৰগতো মায়াবিনী… মাথোঁ মায়াবিনী ৰাতিৰ গুঞ্জন… 

মায়াবিনী এতিয়া কেৱল এটি গীত হৈ থকা নাই। গীতটো শুনিলে শ্ৰোতাৰ মনত অন্য এক ধৰণৰ স্নিগ্ধতা আৰু শিহৰণ জাগে। ই এটি প্ৰাৰ্থনা। এতিয়া লাখ-লাখ অনুৰাগীৰ বাবে আবেগ ‘মায়াবিনী’। এই আবেগে চকুলো আনিছে জনতাৰ। আকৌ আনিছে দৃঢ়তাৰ এনাজৰী। শিকাইছে সততাৰে সাহসিকতাৰ গান। 

কিন্তু কিয়?? কিয় কেৱল মায়াবিনী?? ইয়াৰ উত্তৰৰ বাবে মায়াবিনীৰ গীতৰ কথালৈ এবাৰ লক্ষ্য কৰোঁ আহঁক।

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

 ধৰা দিলা গোপনে আহি

 হিয়াৰ কোণত…”

এই সমগ্ৰ গীতৰ কথাত কোনো ধৰণৰ ব্যক্তি বিশেষৰ নাম দিয়াৰ পৰিৱৰ্তে সৰ্বনাম পদৰহে ব্যৱহাৰ কৰা হৈছে। গতিকে বিষয়বস্তুৱে ব্যক্তিকেন্দ্ৰিক প্ৰসঙ্গৰ পৰা ঊৰ্দ্ধলৈ যোৱাৰ সমান্তৰালকৈ স্থান-কাল-পাত্ৰও যেন অতিক্ৰম কৰিলে। সেয়ে নিশ্চয় ‘মায়াবিনী’ৰ সুৰত প্ৰতিজন শ্ৰোতাই অনুভৱ কৰে নিজস্ব প্ৰতিচ্ছৱি। 

মহৎ সাহিত্যবোৰ প্ৰায় সময়তেই আমি দেখা পাওঁ ই বহুদিশীয় বা বহুমাত্ৰিক (Multidimensional)। ‘মায়াবিনী’ গীতৰ শাৰীবোৰলৈ মন কৰিলে দেখা যায় এনে এক লক্ষণ। তলত বহুমাত্ৰিক প্ৰসঙ্গটো কিছু বহলাই আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল। 

“মায়াবিনী ৰাতিৰ বুকুত…” গীতটো শুনিলেই সাধাৰণভাৱে আমাৰ মনলৈ আহে এয়া যেন প্ৰিয়জনক উদ্দেশ্যি প্ৰকাশ কৰা অনুভৱৰ এক অৱলোকন। গভীৰ নিশা এটিত কোনোবা আপোনজনৰ ওচৰত ধৰা দিছেহি প্ৰিয়তমাৰ অনুভৱৰ ছবি। কিন্তু হয় জানো এয়া কেৱল প্ৰিয়জনৰ প্ৰতি অনুভৱৰ প্ৰকাশ?? এটা কথা সঁচা যে ইয়াত হেঁপাহ, আকুলতা তথা প্ৰেমৰ প্ৰসঙ্গ আছে… কিন্তু এই হেঁপাহ, প্ৰেম-ভালপোৱা কেৱল নাৰী-পুৰুষৰ বাসনাৰ প্ৰেম হয় জানো?

এনেদৰে আলোচনাৰ মাজলৈ আগবাঢ়িলে ‘মায়াবিনী’ৰ শ্ৰোতাই দেখা পাব প্লেটনিক প্ৰেমৰ প্ৰসঙ্গ। শাৰীৰিক আকর্ষণ বা ৰোমান্টিক সম্পৰ্কৰ সীমা অতিক্ৰমি এক প্ৰশস্ত আৰু শুদ্ধ প্ৰেমৰ ৰূপ। যি প্ৰেমত নাথাকে প্ৰিয়জনৰ পৰা কিবা পোৱাৰ প্ৰসঙ্গ। নাথাকে পাৰ্থিৱ স্বাৰ্থ। সেয়ে “মায়াবিনী ৰাতিৰ বুকুত…” গীতৰ কথা হ’ব পাৰে কোনোবা দুৰ্ভগীয়া মাতৃৰ হৃদয়ৰ সংলাপ। যি মাতৃয়ে সন্তানক হেৰুৱাই অতিবাহিত কৰিছে বিনিদ্ৰ ৰজনী। অথবা এয়া হ’ব পাৰে কোনোবা আপোন ভাতৃৰ ভগ্নী প্ৰেমৰ বৰ্হিপ্ৰকাশ। এনেদৰে ভিন্ন পৰিৱেশ পৰিস্থিতিত স্থান-কাল-পাত্ৰ ভেদে ‘মায়াবিনী’ গীতৰ প্ৰসঙ্গ খাপ খাই পৰে। 

‘মায়াবিনী’ গীতৰ বহুমাত্ৰিক দিশৰ এটি উল্লেখযোগ্য প্ৰসঙ্গ হৈছে ঈশ্বৰ ভক্তি। দেৱী অৰ্চনা। অহৰহ ঈশ্বৰৰ প্ৰতি ভক্তিৰে তথা দেৱী অৰ্চনাৰে জীৱন অতিবাহিত কৰা কোনো ভক্তৰ কাষলৈ আহিছে সাক্ষাৎ দেৱী। গভীৰ নিশা ভক্তই অনুভৱ কৰিছে হিয়াৰ নিভৃত কোণত ঈশ্বৰৰ উপস্থিতি। মানৱী জীৱনটো দুদিনীয়া, এই সংসাৰ মায়াৰে আৱৰা, অসাৰ। ঠিক যেন শুকান বন। একমাত্ৰ ঈশ্বৰ সন্তুষ্টিৰে, দেৱীৰ কৃপাত সৃষ্টি হ’ব পাৰে এই শুকান বনত নিয়ৰৰ টোপাল। জীপাল হ’ব পাৰে আমাৰ জীৱনবোৰ। নিৰ্বাণ লাভ কৰিব পাৰে মানৱী জনমে। ইয়াৰ লগতে অদৃশ্যৰ কৃপাত প্ৰতিদিনেই ৰ'দৰ পৰশে আলোকিত কৰে আমাৰ জীৱন। অৰ্থাৎ পোহৰৰ দিশলৈ এখোজ। শুদ্ধ পথেৰে, সততাৰে আগুৱাই আমাৰ জীৱন। সেয়ে -  

“তুমি যে মোৰ শুকান বনত

নিয়ৰৰে চেঁচা টোপাল 

নামি অহা ৰ'দৰে নৈ 

মোৰ দেহত প্রতি পুৱা…” 

মানৱী জনম সুখ-দুখ হাঁহি কান্দোনৰ সমন্বয়। দুখৰ ধুমুহা, সংঘাত সকলোৰে জীৱনত কম-বেছি পৰিমাণে থাকে আৰু থাকিবই। যুগে যুগে মানুহৰ এনে অভিজ্ঞতা সাৰ্বজনীন। দিন-ৰাতিৰ দৰে মানুহৰ জীৱনবোৰো এন্ধাৰ-পোহৰেৰে আৱৰা। নিবিচৰা দুখবোৰো মানুহে আপোন কৰিব লগীয়া হয়। এয়া পোৱা-নোপোৱাৰ খতিয়ান। মানুহৰ জীৱনৰ গান। আৰু এদিন সকলোৰে শেষত শেষ হয় সকলো। সেয়ে শিল্পীৰ কণ্ঠত-       

“ধুমুহাৰ স’তে মোৰ 

বহু যুগৰে নাচোন 

এন্ধাৰো সঁচা মোৰ 

বহু দিনৰে আপোন 

নিজানৰ গান মোৰ 

শেষ হ'ব ভাবোঁ তোমাৰ বুকুত…”

মানুহৰ জীয়াই থকাৰ সংগ্ৰামৰ সাক্ষী হৈ ৰয় প্ৰতিটো শৰৎ, প্ৰতিটো ঋতু। ইতিহাস হয় এটি প্ৰজন্ম। কিন্তু মানৱ জীৱনবোৰ চলি থাকে এটি প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ। সেয়ে এই অনুভৱ ব্যক্তিবিশেষৰ ঊৰ্ধত। তাৰেই প্ৰকাশ- 

“প্রতি শৰতৰ প্ৰভাতী ফুলে

ক'ব তোমাকেই মোৰ কথা

প্রতি মেঘালী নিশা জোনে

ক'ব তোমাকেই মোৰ বেথা।। 

ধুমুহাৰ... 

ভাবোঁ তোমাৰ বুকুত।।…”

“মায়াবিনী”ৰ সুৰ কেৱল এজন প্ৰেমিক অথবা এগৰাকী ভক্তৰ হৃদয়ৰ সুৰ নহয়, ই প্ৰজন্মৰ স্বপ্ন, হেঁপাহ, আন্তৰিক সম্পৰ্ক, প্ৰেম-প্ৰণয় তথা হৃদয়ৰ প্ৰতিধ্বনি। গীতটিত প্ৰতিফলিত হৈছে এক গভীৰ জীৱন দৰ্শন। শব্দশৈলী, ৰূপক প্ৰয়োগ আৰু ছন্দতত্ত্বৰ সমন্বয়ত গীতটিত এক অনন্য সৌন্দৰ্য প্ৰদান কৰা হৈছে। 

“দুচকুতে তোমাৰ চালে 

সপোন আঁতৰি দিঠক নামে

চুব খুজিলেই মোৰ দুহাতে 

দিঠক আঁতৰি সপোন আহে

ধুমুহাৰ সতে ... 

ভাবোঁ তোমাৰ বুকুত।”

এইখিনিতে কব পাৰি ‘মায়াবিনী’ৰ গীতৰ কথা প্ৰগতিশীল সাহিত্যৰ শাৰীলৈও উন্নীত হৈছে। কাৰণ প্ৰগতিশীল সাহিত্যই সাৰ্বজনীন সমস্যা বা বিষয়বস্তু উত্থাপন কৰি তাৰ সমাধানৰ পথ দেখুওৱাৰ সমান্তৰালকৈ সাহিত্যিক মান-সম্পন্ন উপস্থাপন শৈলীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ‘মায়াবিনী’ৰ গীতৰ কথাতো দেখা যায় মানুহৰ জীৱনৰ সাৰ্বজনীন সমস্যা, এন্ধাৰ-পোহৰৰ প্ৰতিফলন, প্ৰেম-ভক্তি, আৱেগৰ অনুভৱ। কিন্তু এই সকলোৰে এটি শেষ থাকে, এটি সমাধান থাকে। সেই সমাধান যেন ঈশ্বৰৰ চৰণত অথবা যাক আমি মোৰ ঈশ্বৰ বুলি ভাৱো বা বিশ্বাস কৰোঁ তেওঁতেই অৰ্পণ কৰা হৈছে আৰু শেষ যাত্ৰাত বিলীন হৈ পৰিছে।

শেষত কওঁ- সোণ হলেই মানুহে গহনা বুলি পৰিধান নকৰে। গহনাৰ বাবে সোণ আৰু সোণাৰীৰ প্ৰয়োজন। ঠিক একেদৰে উন্নত মানৰ গীতৰ কথা হ’লেও এটি সুন্দৰ গীত নহ’ব পাৰে। শ্ৰোতাই নিজৰ কৰি নল’ব পাৰে। শ্ৰোতাৰ কাষ চাপিবলৈ লাগে শিল্পীৰ অনন্য পৰশ। ‘মায়াবিনী’ত আছে বহুমাত্ৰিক, প্ৰগতিশীল সাহিত্যৰ গুণ, কাব্যময় আবেদন আৰু সুৰৰ অনন্য মায়াজাল। এই সকলো দিশ একত্ৰিত হৈ ‘মায়াবিনী’ক সুন্দৰৰ শীৰ্ষলৈ নি এটি অমৰ গীত কৰি তুলিছে।

বহুমাত্ৰিক দিশৰ এটি বিশেষ দিশলৈ লক্ষ্য কৰিলে মায়াবিনী হৈ পৰে ঈশ্বৰ অথবা দেৱী বন্দনা। যি অলৌকিক শক্তিয়ে আমাৰ জীৱনবোৰ জীপাল কৰিব পাৰে সেই অলৌকিক শক্তিতেই আমাৰ শেষ আশ্ৰয়। সেয়ে হয়তো সিদিনা সোণাপুৰত লক্ষাধিক জনতাৰ মুখত সমস্বৰে  উচ্চাৰিত হ'ল- আৱেগেৰে… চকুলোৰে…

“মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত…” 

আৰু এনেদৰেই মায়াবিনী হৈ পৰিল সকলোৰে হৃদয়ৰ প্ৰাৰ্থনা। 

(বি.দ্ৰ. প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। আমাৰ দৃষ্টিভঙ্গীৰে চেকি চোৱাতকৈ ‘মায়াবিনী’ৰ প্ৰসঙ্গ ব্যাখ্যা হয়তো ভিন্ন ধৰণেও হ'ব পাৰে। প্ৰিয় পাঠকসকলে এনেধৰণৰ তাৰতম্য লক্ষ্য কৰিলে ৰৈ যোৱা খলা-বমাসমূহ গঠনমূলক আলোচনাৰে পূৰ কৰি যাব বুলি আশা ৰাখিলোঁ।)

©চৈয়দ মুকিবুৰ ৰহমান।

কৰ্ণাটক, মহীশূৰ।

০২.১০.২০২৫

প্ৰাগজ্যোতি গগৈৰ ফেচবুকৰ পৰা

(এক)

জুবিনৰ ক্ৰিয়েটিভিটীক ধ্বংস কৰিলে মানুহে, বিহু গোৱাই গোৱাই। জুবিনৰ ক্ৰিয়েটিভিটীক ধ্বংস কৰিলে মানুহে, জধে-মধে গীত গোৱাই। বহুতৰ বাবে সাংগিতীক ফিল্ডত জুবিন আছিল উত্তৰণৰ জখলা; জুবিনে গালে মোৰ গানটো হিট হ'ব। এই আছিল ধাৰণা। পৰোপকাৰী জুবিনে হয়তো অনুৰোধ পেলাব নোৱাৰি গাই দিয়ে। কেতিয়াবা পাৰিশ্ৰমিক নোলোৱাকৈয়ে। তাৰ মাজত ভাল গানো আছে, বেয়াও আছে। ভালে-বেয়াই সেই সকলোবোৰ জুবিনৰ গান। শ্ৰোতাই এনেদৰেই ৰিচিভ কৰিলে। কিন্তু সি জুবিনৰ ক্ৰিয়েটিভিটীক দস্তুৰমত আঘাত কৰিলে। গান গাই গাই জুবিন মেচিন হৈ পৰিল। যি মেচিনে গানৰ প্ৰডাকচন কৰে। সিংহভাগ দায় মানুহবোৰৰ লগতেই দায়ী জুবিনৰ পৰোপকাৰী নেচাৰ। নকলেও হয় যে জুবিন বহুতো জনাৰত ওস্তাদ আছিল। ৰকৰপৰা আদি কৰি লোকগীত, বৰগীত, পপ, চুফীধৰ্মীৰ পৰা বিহুসুৰীয়া আধুনিক গীতলৈকে সকলোবোৰ আয়াসতে গাব পৰা যাদুকৰী কণ্ঠ আৰু ৰেইঞ্জ আছিল জুবিনৰ। পিছে শেষলৈ গৈ যেন বিহুহে মূখ্য হৈ পৰিল। অসম মানেই যেন বিহু। অসমৰ  গায়ক হ'লেই যেন বিহু। এই বিহুৱেও জুবিনক খালে। সেয়ে বিহুবলীয়া ৰাইজক অতীষ্ঠ হৈ জুবিনে মঞ্চৰপৰাই চিয়ৰি দিয়ে, ধেই বিহু বিহু। সকলোবোৰ জনাৰ ঢাহি মুহি নিওতে জুবিনে নিজা জনাৰ পাহৰিলে বা সকলো জনাৰ চম্ভালিবলৈ যাওতে জুবিনে পাছলৈ ক্ৰিয়েটিভিটী হেৰুৱালে। সৃষ্টিৰ বাবে প্ৰয়োজনীয় নীৰৱতাৰ বিপৰীতে বিহুৰ অভূতপূৰ্ব কোলাহল। কোলাহল জুবিনৰ সংগী হৈ উঠিল। সেই কোলাহল ইমানেই বাঢ়িল যে অকলশৰীয়া মূহূৰ্ততো হয়তো তাৰেই ধ্বনি-প্ৰতিধ্বনি উঠি নীৰৱতাক চুৰমাৰ কৰিলে। ক্ৰিয়েটীভিটীতো পৰিল তাৰেই প্ৰভাৱ। এইটোৱেই জুবিনৰ বৃহৎ ট্ৰেজেডী। 

(দুই)

জুবিনৰ গানৰ আলোচনা-সমালোচনা কৰোতে  ভূপেনৰ (গানৰ) তুলনাৰে তুলনাত্মক বিশ্লেষণ সঠিক এপ্ৰ'ছ নহয়। এই বাটেৰে জুবিনৰ সঠিক বিশ্লেষণ কেতিয়াও কৰিব পৰা নাযায়। ভূপেন আৰু জুবিনৰ সংগীতৰ জনাৰগত (Genre) পাৰ্থক্য আছে, প্ৰজন্মৰ ব্যৱধান আছে, সাংস্কৃতিক পৰিমণ্ডল, পৰিৱেশ-পৰিস্থিতিৰ ব্যৱধান আছে। Bob Dylan ৰ সমালোচনা-পৰ্যালোচনাত Jimi Hendrix নাহে, আহিলে আহিব Woody Guthrie - ৰ লিগেচীহে। একেদৰে Hendrix ৰ লিগেচী কিবাকৈ আহিব পাৰে Stevie Ray Vaughan ৰ সমালোচনাৰ সূত্ৰ ধৰিহে। এই জনাৰগত পাৰ্থক্যক সন্মান নজনালে সমালোচনাই সহজেই একপক্ষীয় হৈ যান্ত্ৰিকতাৰ ৰাস্তা ধৰে, য'ত কলাৰ(art) অন্বেষণৰ স্পৃহাক Pre occupied ধাৰণাৰে অৱদমিত কৰি ৰাখে। 

জুবিনৰ সাংগিতীক বিৱৰ্তনৰ পৰিক্ৰমালৈ যদি মন কৰোঁ‌, ই আচলতে এক কালচাৰেল process, জুবিনে য'ত সঁ‌হাৰি জনাইছে। জুবিনে যি "নতুনৰ ৰিভল্যুশ্বন" বুলিছে সি তেনেকুৱাই এক সঁ‌হাৰি। অৰ্থাৎ কালচাৰেল ইভল্যুশ্বনৰ সূত্ৰ ধৰিহে জুবিনৰ এই সাংগিতীক বিৱৰ্তন। জুবিন নহৈ যদি আন কোনো হ'লহেতেঁ‌ন তেন্তে একেটাই হ'লহেঁ‌তেন। পূৰ্বতে মই কৈছিলো যে বিহুৱেই জুবিনক খালে (এইটো বাৰু এটা কাৰণহে আৰু বহু সমাজ-সাংস্কৃতিক কাৰণ/ কাৰক আছে), কথাটো এনেকুৱা যে সেই সময়ত বিহু আছিল কালচাৰেল ডিমাণ্ড। সেই কালচাৰেল ডিমাণ্ড পূৰাবলৈ জুবিনে ক্ৰিয়েটিভিটীৰে সন্ধি কৰি নিজৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাক সমাধিস্থ কৰিলে। বিহুৰ কমাৰ্চিয়েলাইজেশ্ব্যন হ'ল আৰু জুবিনৰ ক্ৰিয়েটিভিটীৰ হ'ল commodification. এতেকে জুবিন এই ব্যৱস্থাৰ, সাংস্কৃতিক পৰিমণ্ডলৰ চিকাৰ আৰু সেইসূত্ৰেই জুবিনক বিহুৱেই খালে। জুবিনৰ ঠাইত পাপনক ৰাখিলেও ৰিজাল্ট সেই একেটাই আহিব। কিন্তু পাপনৰ ক্ষেত্ৰত আন এক সমস্যা আহে। যদিওবা পাপনে দেউতাকৰ লিগেচী ধৰি পুৰণি কিছু বিহুগীত নতুন সংস্কৰণেৰে বান্ধিলে, সমস্যাতো আহে পাপনৰ গায়কীত। পাপনৰ গায়কীত বিহুবোৰ বিহুৰ দৰে গাব খোজাতকৈ মইহে বিহু জানো ধৰণে গোৱাৰ তাগিদা বেছি। সেই এটিটিউড বোধহয় খগেন মহন্তৰ লিগেচীসূত্ৰেই। গতিকে পাপনৰ কণ্ঠত বিহুবোৰ বিহু নহৈ ভেঙুচালিৰ দৰেহে হয়। বৰ্তমান মই এই বিষয়ক আলোচনালৈ যাব খোজা নাই, কথাৰ সূত্ৰৰ ধৰিহে ই আহিছে। 

সাংস্কৃতিক পৰিৱৰ্তনৰ এই গ্লবেল বতাহজাকে শেষৰফালে ভূপেনকো কোবাইছিল। যাক আমি পূজিবাদী সংস্কৃতি, বজাৰ সংস্কৃতি বা নব্য উদাৰী সংস্কৃতি ইত্যাদি যি নামেৰেই নামাতো সি এক কালচাৰেল ইভল্যুশ্বন। জুবিনৰ সাংগিতীক যাত্ৰাৰ সেই সন্ধিক্ষণতেই আৰম্ভণি। ইয়াতেই এটা কথা আহে, প্ৰফেচনেল হোৱাত সমস্যা কি? আচলতে গ্লবেল সংস্কৃতিৰ হেজিমণিচক্ৰত, সাংস্কৃতিক বিৱৰ্তনৰ পাকচক্ৰত, প্ৰফেচনেল নোহোৱাটোহে এক আচহুৱা কথা। ইয়াত art ৰ ক্ষেত্ৰত classic বুলি কোনো প্ৰিভেলেইজ নাথাকে। ক্লাচিকৰ ক্লাচিকতাৰ অৱসানৰ যুগ ই। যিহেতু classic বুলি কথা নাই গতিকে classic আৰু popular ৰ বাইনেৰীও অদৃশ্য হ'ল। সকলোবোৰ হ'ল আৰ্ট আৰু সেই আৰ্ট হ'ল commodity. আৰ্ট commodity হ'বই পাৰে, কিন্তু আৰ্টৰ যি উৎপাদনক্ষমতা, অৰ্থাৎ creativity যেতিয়া commodity হৈ পৰে, সমস্যা আহে তাতেই। তেতিয়াই শিল্পী হৈ পৰে ব্যৱস্থাৰ চিকাৰ। 

জুবিনৰ ক্ষেত্ৰত দেখা যায় যে তেওঁ‌ যথাসম্ভৱ গীতসমূহত এক লিৰিকেল বিন্যাস ৰখাৰ যত্ন কৰে,  আৰু একেধৰণেই তেৱোঁ‌ ভূপেনৰ গানৰ দৰে ঠায়ে ঠায়ে ভাষাৰ এলিটিজিম ধৰি ৰখাৰো চেষ্টা কৰে;  যদিওবা সি তুলনামূলকভাৱে ভূপেনৰ ভাষাৰ সমপৰ্যায়ৰ নহয়। এই নোহোৱাটো কেৱলমাত্ৰ ভূপেনৰ ভাষাগত দক্ষতা বুলিয়েই নাচায় আন এক বিধানো ৰাখিব পৰা যায়। সেয়া হ'ল সাংস্কৃতিক বিৱৰ্তনসূত্ৰে অহা জনাৰগত পাৰ্থক্য আৰু তাৰ সাংস্কৃতিক ডিমাণ্ড। জুবিনে প্ৰাৰম্ভিকতে ৰকেৰে যাত্ৰা কৰিছিল। ৰকত ভাষাৰ এলিটিজিম আৰু কবিতাসুৰীয়া লিৰিকেল ভাইবক গুৰুত্ব দিয়া নাযায়। কিন্তু পূৰ্বৰ লোকেল সূত্ৰ ধৰি জুবিনৰ ওপৰত ভূপেন যুগৰ যি প্ৰভাৱ সি সাংস্কৃতিক বিৱৰ্তনৰ সুৰ ধৰি ৰকত ঠাচতো অলপ সলনি হৈছে কিন্তু সমুদায় বৰ্জনো কৰিব পৰা নাই। এই এৰিব নোৱাৰাটো হ'ল জুবিনৰ গীতসমূহৰ লিৰিকেল ভাইবটো। এই লিৰিকেল ভাইব আৰু ভাষাৰ কাব্যগন্ধী এলিটিজিমে ৰকৰ সতে জুবিনৰ contradiction আনি দিলে। ই যেনিবা ঠিক থলুৱা আৰু পশ্চিমীয়াৰে বিৰোধাভাস। ন আৰু পুৰণিৰো সংঘৰ্ষ। যাৰ প্ৰভাৱ জুবিনৰ সংগীততো পৰিল। সেই বিৰোধাভাস অতিক্ৰমি জুবিনৰ কোনোটো গানে কালচাৰেল এক্সেইঞ্জৰ দৰে উজ্বলি উঠিল, কোনোটো কালচাৰেল এচিমিলেচন হৈ মাজতে ওলমি ৰ'ল।  "এতিয়াও সাৰে আছো মই" গীতটো ৰকৰ ক্ষেত্ৰত জুবিনৰ মাষ্টাৰপিছ বুলিব পাৰি। মেটেল genre ৰ এই গীতটোত Iron Maiden - ৰ প্ৰভাৱ বিদ্যমান। এই প্ৰভাৱ পৰা কামটো ক্ৰিয়েটিভলী হৈছে য'ত সেই প্ৰভাৱক বুজিবলৈ Iron Maiden ক গভীৰ আৰু বিস্তৃতভাৱে শুনাৰ প্ৰয়োজন আহি পৰে। সঁ‌চৰাচৰ follow কৰাৰ দৰে প্ৰভাৱ যি নহয়। সেই এংগোলৰ পৰাও ই জুবিনৰ এক মাষ্টাৰপিচ।

[ তিনি ]

ৰীতা চৌধুৰীয়ে লোৱা জুবিনৰ সাক্ষাৎকাৰটো বিদ্বত মহলৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। গোটেই সাক্ষাৎকাৰটো শেষলৈকে চোৱা নহ'ল তাৰ কাৰণটো হ'ল সাক্ষাৎ গ্ৰহণ কৰোতা আৰু দিওতাৰ মাজৰ connectivity নাই। সেই connectivity ধৰি ৰাখিব লাগিব সাক্ষাৎকাৰ লওতাই। ৰীতা চৌধুৰীয়ে সেয়া সঠিকভাৱে সামৰিবলৈ সক্ষম নহ'ল। যদিওবা সেই সাক্ষাৎকাৰটোৰ অসংলগ্ন কিছু কথাক সমল হিচাপে লৈ আমি কিছু আলোচনা অৱশ্যেই কৰিব পাৰো। লগতেই এইটোও কৈ যোৱা ভাল যে এই আলোচনা আমাৰ সিদ্ধান্ত নহয়, সম্ভাৱনাতহে নিৰ্ভৰশীল।

ৰীতা চৌধুৰীয়ে সাক্ষাৎকাৰটোত জুবিনৰ "জীয়া ৰে" গানটো ভাললগাৰ কথা ব্যক্ত কৰিছে। ইয়াৰ উত্তৰত জুবিনৰ কথাখিনি খুব ইণ্টাৰেষ্টিং। জুবিনে "কাফুৰ" নামৰ আন এক গীতৰ কথা উল্লেখ কৰি কৈছে সেইটো শুনিলে তুমি আৰু ভাল পাবা। ইয়াতেই দুয়োৰে মাজত দ্বন্দ হৈছে। দুয়ো নিজৰ কথা ক'ব বিচাৰিছে। মাজতেই হঠাত জুবিনে "কাফুৰ" গীতটোৰ কলি এটা গুণগুণাই কৈ পেলাইছে প্ৰেম এনেকুৱাই কৰ্পূৰৰ (কাফুৰ) দৰে। উৰি যায়। ৰীতা চৌধুৰীয়ে জুবিনৰ গানটো(জিয়া ৰে) ভাললগা বোলাটোৰ উত্তৰ জুবিনে বুদ্ধিমত্তাৰে(ফিল'চফীকেলী) দিছে। উৰি যায় বা স্থায়ীত্ব নাইৰ ধাৰণাটো অস্তিত্ববাদৰ nothingness. কিন্তু সেই nothingness ৰ ধাৰণাটো জুবিনে লৈছে কাৰপৰা। উত্তৰ বিচাৰোতে নীৎসেৰ নাম জুবিনৰ মুখেৰেই আমি পাইছো। এইখিনিতে আমি এনেকে জোৰা লগাম যে জুবিনৰ জাতি নাই, ধৰ্ম নাই, ভগৱান নাই বোলা  উক্তিটো ষ্টাণ্ট নহয় বৰঞ্চ সি অস্তিত্ববাদৰ ডিচিপ্লিনেৰে লগতেই বস্তুবাদী দৰ্শন ধৰি আহিছে। অৱশ্যে শেষৰছোৱা( মই মুক্ত, মই কাঞ্চনজংঘা) অভজা লাগে। এইছোৱাত এক চেণ্টিমেণ্ট আৰু প্ৰচাৰমুখীতা একেলগ হৈ ষ্টাণ্টসুলভ হৈছে। আমি জানো যে সেই সময়ছোৱাত জুবিনৰ কাঞ্চনজংঘা নামৰ চিনেমাখন চলি আছিল। 

চৌধুৰীলৈ আহো। এইখিনিতে আন এক ইণ্টাৰেষ্টিং ঘটনা ঘটিল। জুবিনে যি স্থায়ীত্ব নথকা বা একো নোহোৱাৰ(আচলতে যি অস্তিত্ববাদৰ nothingness) কথাটো ক'লে চৌধুৰীয়ে সেইটোক ভাৰতীয় আস্তিকতাবাদী দৰ্শনৰ আত্মা পৰমাত্মাৰে সাঙুৰি ল'লেগৈ আৰু জুবিনক বাৰে বাৰে কৈ থাকিল core লৈ যোৱা core লৈ যোৱা। কাৰবাৰটো এইখিনিতে বেচ আমোদজনক আৰু ইণ্টাৰেষ্টিং হৈ উঠে। চৌধুৰীয়ে core লৈ গৈ খান্দিব বিচাৰে, ইফালে জুবিন নাচোৰবান্দা। শেষত উপায়ন্তৰ হৈ চৌধুৰীয়ে নিজেই আত্মাৰ প্ৰসংগ উলিয়ালে যাক জুবিনে বকৱাছ কথা বুলি পোনচাটেই নাকচ কৰিলে। এইখিনিতে দুয়োৰে দৰ্শনগত পাৰ্থক্য স্পষ্ট হৈ উঠিছে। লগতেই জুবিন এজন অস্তিত্ববাদী, এই ধাৰণাও গাঢ় হৈ উঠে। 

জুবিনে সাক্ষাৎকাৰটোত নীৎসেৰ নাম লৈছে। এতেকে আমি ধাৰণা কৰিব পাৰো যে জুবিনৰ অস্তিত্ববাদ নীৎসেৰ অস্তিত্ববাদেৰে প্ৰভাৱিত। সেই বাটেৰে আগলৈ গৈ দেখা যায় যে জুবিনৰ যি nothingness বা একো নাইৰ ধাৰণা, সি নীৎসেৰ nothingness ৰ পৰাই আহিছে। জুবিনে বহুবছৰ ধৰি চচিয়েল লেফট হিচাপে নিজৰ পৰিচয় দি আহিছে। উক্ত সাক্ষাৎকাৰটোতো জুবিনে কমিউনিষ্ট বুলি পৰিচয় দিছে। সেই হিচাপে আমাৰ ধাৰণা হয় লেফট হিচাপে জুবিনৰ বাবে নীৎসেতকৈ ছাৰ্ত(sartre) হে বেছি ওচৰৰ আছিল। নীৎসেৰ nothingness আৰু ছাৰ্তৰ nothingness ৰ পাৰ্থক্য আছে। নীৎসেৰে nothingness য়ে নিহিলিজিমৰ ভৰত আক্ৰান্ত হৈ skepticism, cynicism, anarchism ৰ বাট দেখুৱাবই পাৰে। তাৰোপৰি হাইপাৰ ষ্টেজত হিটলাৰৰ হাত ধৰি আগুৱালে ubermensch ৰ বাট ধৰি সি ফেচিজিমো পোৱাবগৈ পাৰে। নীৎসেৰ দৰ্শন ভয়ানক খেলিমেলি আৰু জটিলতাৰ দ্বন্দৰে ভৰপুৰ। সেই দ্বন্দ আৰু খেলিমেলিয়ে জীৱন সংগ্ৰামত তুমুল অন্তদ্বন্দৰ সৃষ্টি কৰি আদবাটতে বিধ্বস্ত কৰিবই পাৰে। বিপৰীতে ছাৰ্তেৰ nothingness জীৱনমুখী, যি দায়ৱদ্ধতাক সাৰথি কৰি nothingness ৰ শূন্যতাক জীৱনৰ পূৰ্ণতাৰে অৰ্থ দিয়ে। যি ছাৰ্তৰ অস্তিত্ববাদ।

নীৎসেই মানৱ জীৱনক ৰূপান্তৰৰ তিনি পৰিক্ৰমাৰে স্তৰীকৃত কৰিছে, (যি নীৎসেৰ Three metamorphoses)। camel, lion আৰু child. উটৰ জীৱনতো স্বকীয়তা বিসৰ্জন দি বোজা কঢ়িওৱাৰ জীৱন। সামাজিক শৃংখলা আৰু ৰক্ষণশীলতাৰ কঠোৰ অনুশাসনেৰে দমবন্ধ জীৱন। সিংহ হ'ল বিদ্ৰোহী অৱস্থান যি existing social structure ৰ ৰক্ষণশীলতাৰ প্ৰতিভূস্বৰূপ শোষণকাৰী ড্ৰেগনটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰক্ষণশীল চচাইটি(ড্ৰেগন) ৰ rejection য়ে প্ৰগতিশীলৰ (সিংহ) ৰূপান্তৰৰ বাট বান্ধে। আৰু ইয়াতেই ৰূপান্তৰৰ শেষ ষ্টেজ, child ৰ আগমন। যি মুক্ত, স্বাধীন, শিশুৰ দৰেই পবিত্ৰ, জীৱনক নতুন অৰ্থৰে পুৰাই পেলোৱাৰ ক্ৰিয়েটিভিটীৰ ভাণ্ডাৰেৰে পৰিপূৰ্ণ। যি নিজেই নিজৰ মালিক। যাৰ  থাকে ubermensch বা চুপাৰমেন লৈ মোক্ষ প্ৰাপ্তিৰ সম্ভাৱনা। 

শিল্পীৰ যি স্বভাৱজাত এক purity বা শিশুসুলভ দিশৰ কথা সঁ‌চৰাচৰ পতা যায় জুবিনৰ ক্ষেত্ৰত তাক আমি কেনেধৰণেৰে চাব পাৰোঁ‌। নীৎসেৰ child ৰ আঁ‌ত ধৰি আমি দেখিম যে সেই শিশুসুলভ সৰলতাৰ সৃষ্টিৰে ওতপ্ৰোত সম্পৰ্ক। সৰলতা আহে সৃজনমুখী প্ৰতিভাসূত্ৰে। একেহাতে যি যুক্তিৰে চোৱা নতুন দিনৰ নতুন পুৰুষ। নিজেই নিজৰ মালিক (আমি নতুন প্ৰজন্ম হয়/ আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ/ সলাবও পাৰোঁ।)। ভাৱ হয়, জুবিনে নিজকে যেন কেতিয়াবা নীৎসেৰ সেই child টোৰ ৰূপত আৱিস্কাৰ কৰে। যি এহাতে সৰল আৰু ubermensch হ'ব খুজি একেহাতে উগ্ৰও। তাৰ মাজত লেফট আইডিঅ'ল'জী হৈ পৰে এক জটিল দ্বন্দ। আকৌ সেই দ্বন্দৰ মাজেৰে চিন্থেছিছ প্ৰাপ্তিৰ বাটত পুনৰ ubermensch হৈ এন্টিথেছিছৰ হয়তোবা পুনৰুত্থান ঘটে। 

জুবিন বিশ্লেষণত আটাইতকৈ বেছি দৰকাৰী আৰু এৰাব নোৱাৰা দিশটো হ'ল জুবিনৰ মানৱতাবাদ। জুবিনৰ মানৱতাবাদ কোনো জটিলতালৈ যাব নোখোজা, সৰল অৰ্থত মানৱতাবাদ যি বাওঁ‌গোত্ৰীয় অধিকাৰভিত্তিক মানৱতাবাদক এড্ৰেছ কৰিও একেহাতে পূঁ‌জিবাদী সংস্কৃতিৰ উদাৰ মানৱতাবাদৰো দিশ ধৰিব খোজে। একেহাতে সি নীৎসেৰ ubermensch ৰ দম্ভালিও কেতিয়াবা বেকত কৰে(কোনে দিব/ মই দিছো/জুবিনে।)। এটা দুটা নহয় তিনি দ্বন্দ্বৰ সমাহাৰ। নীৎসেৰ শিশুটোৱে সৰলতাৰ বাট ধৰি মানৱীয় প্ৰমূল্যবোধেৰে মানৱতাবাদী হোৱাৰ বাটত উদাৰ মানৱতাবাদৰ প্ৰচাৰমুখীতাকো সাৰথি কৰে। কিন্তু আচলতে ভালদৰে লক্ষ্য কৰিলে দেখা যায়, সেই প্ৰচাৰ মিডিয়াই কৰা প্ৰচাৰহে। তাৰ বিপৰীতে জুবিনৰ এনে অজস্ৰ মানৱতাবাদী নিদৰ্শন আছে যিবোৰ পূৰ্বতে লোকচক্ষুৰ অলক্ষিতে ৰৈছিল। কিছু কাম জুবিনে কোনোদিনেই কাকো কোৱা নাছিল। জুবিনৰ প্ৰিয় পাব্লিকৰ আগতো বেকত কৰা নাছিল। গতিকেই জুবিনৰ মানৱতাবাদৰ চচিয়েল দিশটোত দ্বন্দৰ সমাহাৰ দেখা যায় যদিও পানীৰ দৰেই সি সৰল। মানুহক ভালপোৱাত, সহায় কৰাত জুবিন শিশুৰ দৰেই সৰল আৰু অকৃত্ৰিম। একেহাতেই জুবিন সৰল প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী প্ৰেমী হিচাপেও। 

জুবিনৰ মানৱতাবাদী দিশটো দ্বন্দৰ জটিলতালৈ  আহে পলিটিকেল ফিল্ডত। জুবিনে আমাক চিনাকি দিয়া বাওঁ‌পন্থীৰ পৰিচয়টোৰে এইখিনিতেই contradiction আহে। পৰিচয়ৰপৰা আতৰি কেতিয়াবা যেন সি ৰাজনৈতিক মতাদৰ্শ, পন্থাৰ বাইনেৰীৰ উৰ্ধলৈ গৈ সিবোৰ আওকাণ কৰি বিমূৰ্ত মানৱতাবাদৰ কথা ক'ব খোজেঁ‌, আকৌ কেতিয়াবা যেন উদাৰনৈতিক সংস্কৃতিৰ কবলত পৰি সেইধৰণেই ubermensch জাগ্ৰত হৈ উঠে, আকৌ যেন মূহুৰ্ততে দ্বন্দৰে ভ্ৰমণ কৰি আহি পুনৰ পৰিচয়লৈ ঘূৰি আহে। জুবিনৰ এই ভ্ৰমণ ঠিক যেনিবা নীৎসেৰ child ৰ দৰেই। যি মুক্ত, স্বাধীন আৰু সকলোবোৰ নিজা বিবেচনাৰে পৰীক্ষাৰ অন্তত যেন পুনৰ পূৰ্বৰ পৰিচয়লৈ(Identity) ঘূৰি আহে। কিন্তু দ্বন্দ্বৰ তাতো অৱসান নহয়। যদিওবা এই জটিল দ্বন্দ্বৰ মাজেৰে এক সৰল সমাধান বা synthesis ওলাই নাহে তদ্যপি জুবিনৰ পৰিচয় হ'ব তেওঁ‌ নিজে দিয়া পৰিচয়েৰে, যেনেকৈ তেওঁ‌ বিচাৰিছিল। পৰিচয়ক লৈ পাতিবলগা আমাৰ ইমানেই।

[ চাৰি ]

জুবিনৰ জটিললৈ গৈ বিশ্লেষণ কৰিব খুজিলে কিছু অনুৰাগী অলপ ক্ষুণ্ণ হৈ উঠে, কাৰণ তেওঁ‌লোকৰ বিশ্বাস জুবিনৰ মাজত তেনে জটিলতা নাই, জুবিন অত্যন্ত সৰল আৰু খোলা অন্তৰৰ চিধা- চাধা শিল্পী। কথাটো একেহাতে হইয়ো আৰু নহইও। হয় এইবাবেই যে জুবিনে সাধাৰণ বৰ্গ, অনুৰাগীসকলৰ সতে বন্ধু হৈ আন্তৰিকতাৰে সম্পৰ্ক ৰাখিছিল। অৰ্থাৎ শিল্পীৰ সচৰাচৰ এলিট পৰিমণ্ডলৰ পৰা ওলাই আহি জুবিনে জনতাৰে connect কৰিব পাৰিছিল। শিল্পী বুলিলে সচৰাচৰ যি একধৰণৰ সমীহ বিজড়িত সম্ভ্ৰমৰ অদৃশ্য লক্ষ্মণৰেখাৰে বাইনেৰী ৰখা যায় জুবিন আছিল তাৰ উৰ্ধত। সেয়ে জুবিনক কোনোধৰণৰ জটিল দৃষ্টিকোণেৰে চাবলৈ কিছু অনুৰাগী নাচোৰবান্দা। কিন্তু জটিল বিশ্লেষণৰ মাজলৈ গলেহে জুবিনৰ অন্তৰমহলৰ দ্বন্দ্ব উদ্ধাৰ কৰিব পৰা যায় । কাৰণ আমি জানিছো যে জুবিন অধ্যয়নপুষ্ট শিল্পী আছিল। জুবিনে নিজকে যদি খুলি দিছিল তেন্তে সেয়া পাব্লিকৰ আগতহে। কিন্তু অন্তৰমহলৰ পাঠোদ্ধাৰ জীৱিতকালত কাৰোৰ দ্বাৰা সম্ভৱ নহ’ল। অনুৰাগীসকলৰদ্বাৰাও নহ'ল। আচলতে জুবিন খুব অকলশৰীয়া আছিল। লাখ লাখ অনুৰাগীৰে পৰিৱেষ্টিত ভিৰৰ মাজতো অকলশৰীয়া। বাহ্যিক যি জুবিন সি আভ্যন্তৰৰপৰা পৃথক নহয় কিন্তু আভ্যন্তৰৰ যি সূত্ৰৰপৰা, যি দ্বন্দ্বৰপৰা কেনেকৈ বাহ্যিকতাৰ প্ৰকাশ ঘটিছে তাক বুজিলেহে ব্যক্তিজনক বুজা যায়। জুবিনৰ এক ফেমাছ উক্তিয়েই ধৰিলো - মোৰ কোনো ভগৱান নাই / মোৰ কোনো ধৰ্ম নাই/ মোৰ কোনো জাতি নাই / মই মুক্ত / মই কাঞ্চনজংঘা। - ইয়াত আভ্যন্তৰৰ কি সূত্ৰৰপৰা ভগৱান নোহোৱাৰ কথা কৈছে তাক বুজিব নোৱাৰিলে জুবিনকেই ভগৱান বনাই দিয়া যাবগৈ(যি হৈছেই)। একেহাতে জাতিৰ পৰিচয়ক নাকচৰ লগতে ধৰ্মবিহীন যি চচাইটিৰ জুবিনে পোষকতা কৰে, core লৈ গৈ তাক নুবুজিলে শেষৰ দুটা বাক্যতেই(মই মুক্ত, মই কাঞ্চনজংঘা) সাৰটো লৈ আবেগতে কিৰিলিয়াই উঠাহে হ’ব। জুবিনে এইবোৰ উক্তিৰ মাজেৰে তেওঁ‌ৰ অন্তৰমহল বুজিবলৈকে ইংগিত দি আছিল। জুবিনৰ কথা কোৱাৰ ধৰণেই তেনেকুৱা। চিৰিয়াছ কথা একোটাও জুবিনে ধেমেলিয়াকৈয়ে কয়। ফটুৱামীও হয় কিন্তু তাৰ মানে সদায়েই সি ফটুৱামী কিম্বা ধেমালি নহয়। ই বোধহয় জুবিনৰ বাবে easy way to access people. জুবিনৰ চচিয়েল নেটৱৰ্কিং শৈলী। 

শিল্পীৰ সাধাৰণতে এক curiosity থাকে। সেই curiosity হ'ল সৃষ্টিৰ তাগিদাৰ। যদিওবা ই stereotype ধাৰণাৰ মাজেৰে আহে তথাপি স্বীকাৰ কৰিব লাগিব যে শিল্পীৰ স্বভাৱ সাধাৰণতে বহেমিয়ান ধৰণৰ হয়। সৃষ্টিৰ curiosity ৰ পৰাই এনে হয়। একোটা নিৰ্দিষ্ট মতাদৰ্শৰ ফ্ৰেমৰ মাজত শিল্পীক আটি আটি বান্ধি ৰখা সহজ কাম নহয়। এক শিশুৰ দৰেই curiosity লৈ শিল্পীয়ে জগতখন পৰ্যবেক্ষণ কৰে। এই পৰ্যবেক্ষণ শিল্পীয়ে নিজৰ ধৰণেৰে কৰিব বিচাৰে। সেই পৰ্যবেক্ষণৰ অন্তত যেতিয়া শিল্পৰূপে সৃষ্টিৰ নিৰ্মাণ হয়, সেই সৃষ্টিৰ ফলাফল পুনৰ সৃষ্টিও হ’ব পাৰে ধ্বংসও কৰিব পাৰে। এতিয়া যদি শিল্পীৰ সৃষ্টি ধ্বংসৰ বাহক হৈ উঠে তেন্তে সেই সৃষ্টিক আমি কিদৰে গ্ৰহণ কৰিম আৰু ইয়াত শিল্পীৰ অনেষ্টি কিদৰে বিচাৰিম? শিল্পীৰ কৰ্ম হ'ল সৃষ্টি কৰা। সেই সৃষ্টিত শিল্পীৰ অনেষ্টি জুখিবলৈ সৃষ্টিৰ উদ্দেশ্য বুজিব লাগিব। শিল্পীৰ বেকগ্ৰাউণ্ড, শিল্পীয়ে ধাৰণ কৰা সংস্কৃতি বুজিব লাগিব। কামটো কঠিন। সৃষ্টিৰ উদ্দেশ্য যদি নিজা শিল্পীমনৰ সৰল প্ৰতিফলন, যদি কাৰোৰে প্ৰৰোচিত হোৱা নাই, নিজা অনুসন্ধিৎসুতাৰে শিল্পৰ বিকাশ ঘটাইছে তেন্তে ফলাফল যিয়েই নহওক(পজিটিভ বা নিগেটিভ) শিল্পীৰ মাজত এক অনেষ্টি থাকিব। যদি সেই শিল্পই নিগেটিভ বাৰ্তা কঢ়িয়ায় তেন্তে সমালোচনাৰ মাজেৰে শিল্পীয়ে Re learn কৰিব। কিন্তু Re learn ৰ সলনি যদি শিল্পীয়ে ইচ্ছাকৃতভাৱে প্ৰপাগাণ্ডাৰ সূত্ৰ ধৰি নিগেটিভিটী বিলাই যায় তেন্তে সেই শিল্পী আৰু শিল্পৰ মাজত অনেষ্টি বোধহয় নাই বুলি ধৰিব পৰা যায়। একেদৰেই Re learn ৰ ক্ষেত্ৰত আকৌ জৱৰদস্তি কৰিব খুজিলে কিম্বা একোটা আদৰ্শৰ সূত্ৰ ধৰি অনুশাসনৰ মাজেৰে শিল্পৰ সৃষ্টি কৰিলে সি যান্ত্ৰিকতাৰ বাট ধৰে। সেই Relearn আহিব লাগিব শিল্পীৰ নিজা curiosity ৰ মাজেৰে অথবা কালচাৰেল প্ৰচেচৰ মাজেৰে শিল্পীৰ শৈল্পিক মনৰ আয়ত্ত্বলৈ আহিব লাগিব। শিল্পীমনৰ স্বাধীনতা শিশুসুলভ স্বাধীনতা। শিশুৰ যেনেকৈ জগতৰ সকলো বস্তুৰ প্ৰতি curiosity থাকে একেই শিল্পীৰো থাকে। সেই curiosity ক বাদৰ(ism) দোলেৰে বন্ধা কঠিন কাম। জৱৰদস্তি বন্ধাৰো কথা নহয় দায়িত্ববোধ বুজি শিল্পীয়ে কালচাৰেলী তাক আয়ত্ব কৰালৈ এৰিব লাগে। দায়িত্ববোধ নিজৰপৰা জাগিলে সেই দায়িত্ববোধে শিল্পীৰ শিশুমনক এক দিশ দেখায় আৰু শিল্পীৰ সৃষ্টিৰ curiosity য়ে আৰম্ভণিৰ এক বিন্দু পায় য'ৰপৰা সৃষ্টিৰ সৰলৰেখা অংকন কৰিব পাৰি। কিন্তু সেই দায়িত্ববোধ বোজাৰ দৰে হ'লে নহ'ব, বোজা কিম্বা বাধ্যবাধকতা হ'লেই সৃষ্টিত অনেষ্টি, পিউৰিটী হেৰায়। সেই দায়িত্ববোধ হ'ব লাগিব বৃক্ষৰ শীতল আৰু মন জুৰোৱা ছায়া। 

জুবিনৰ ক্ষেত্ৰত শিল্পীৰ স্বভাৱজাত সৰলতা বিদ্যমান। সেই সৰলতা সৃষ্টিৰ সূত্ৰে। একেদৰেই জুবিনৰ যি বহেমিয়ান সত্ত্বা সি সৃষ্টিৰ curiosity ৰ সূত্ৰে। শিল্পীৰ সচৰাচৰ স্বাধীনচিতীয়া, পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ মাজেৰে গ্ৰহণ আৰু ধাৰণৰ কেৰেক্টাৰটো নীৎসেৰ শিশুটোৰ সতে খাপ খোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই থাকে। তাৰোপৰি শিল্পীৰ creativity যিদৰে প্ৰখৰ একেহাতে প্ৰখৰ sensitivity ও। জুবিনৰ ক্ষেত্ৰত এই দিশকেইটা পৰিস্ফূট হয়। এতেকে আমি ভাৱিবই পাৰো নীৎসেৰ শিশুটো হৈ will to power জাগি উঠি জুবিনৰ ubermensch(চুপাৰমেন) ৰ তাড়না আছিল নেকি? নীৎসেৰ শিশুটোক মতাদৰ্শৰ কটকটীয়া বান্ধোনেৰে বান্ধিব পৰা নাযায়। সকলো বন্ধনৰপৰা মুক্ত হৈ সি পৰীক্ষণৰ মাজেৰে কিবা গ্ৰহণ কৰাৰহে পক্ষপাতী। সি মুক্ত আৰু নিজা সিদ্ধান্তত স্বাধীন। যিদৰে শিশুৱে নিজা অভিজ্ঞতাৰে কিবা বস্তুক বেয়া বুলি অন্তঃকৰণেৰে বুজিলেহে শিশুটোৰ বোধোদয় আহে নীৎসেৰ শিশুও ঠিক একেই। নীৎসেৰ শিশুটিহৈ জুবিনেও এক নিৰ্দিষ্ট মতাদৰ্শৰ সূত্ৰ নামানি ফ্ৰেমৰ পৰিধিৰ ইপাৰ-সিপাৰ হৈ দেওদি ফুৰিছিল। কিন্তু শেষত ঘূৰি ঘূৰি যিদৰে পক্ষীটি ঘৰমুৱা হয় একেদৰেই যেন জুবিনেও ঘোষণা কৰিছিল - আই এম এ’ কম্যুনিষ্ট। আমাৰ ভাৱ হয় জুবিনে আচলতে দ্বন্দ্বৰ অৱসান ঘটাই আত্মোপলব্ধিৰ মাজেৰে synthesis প্ৰাপ্তিৰ বাটলৈকে ধিয়াই আহি আছিল। তাৰবাবে প্ৰয়োজন আছিল সহাৰিৰ। তাৰবাবে প্ৰয়োজন আছিল বৃক্ষৰ শীতল ছায়াস্বৰূপ এক হাতৰ। জুবিনৰ সেই হাতখন নাছিল। হয়, অজস্ৰ হাত আছিল জুবিনক চোৱাৰ, জুবিনক আঁ‌কোৱালি ধৰাৰ, জুবিনৰ ভৰি চুব খোজাৰ কিম্বা জুবিনৰ বাবে হাতখনকে কাটি দিব খোজাৰ। কিন্তু সেই হাতবোৰে বাহ্যিক আৱৰণ ফালি জুবিনৰ আভ্যন্তৰৰ দ্বন্দ্বক হয়তোবা চুব পৰা নাছিল। এফালে আছিল গায়ক, অভিনেতা পলিটিচিয়ানেৰে পৰিৱেষ্টিত এলিট চচাইটিৰ(জুবিন য'ৰ বাসিন্দা) ভুৱা গুণমুগ্ধৰ দল, আনফালে জুবিনৰ বাবে মৰিব পৰা সচা অনুৰাগী( যি আছিল ভক্ত), এফালে যদি জুবিনক লৈ টি আৰ পি বঢ়াব খোজা অগণন মিডিয়াৰ জাক আনফালে আছিল জুবিনৰ বক্তব্যক ধিয়াই আমাৰ সমালোচনাৰ প্ৰহাৰ। এই সকলোবোৰৰ মাজত জুবিন যেন মাজ সমুদ্ৰৰ বুকুত পালতৰা জাহাজৰ কম্পাছবিহীন এক দিশহাৰা নাবিক। নীৎসেৰ শিশুক এফালে গুণমুগ্ধই (ভগৱানৰ থাপনাত বহাই) টানে ubermensch প্ৰাপ্তিৰ পথলৈ আনফালে  সমালোচনাই টানে মতাদৰ্শক ধিয়াই বাট বুলিবলৈ। এফালে গুণমুগ্ধৰ আঁ‌কোৱালি ধৰা হাত আনফালে সমালোচনাৰে ঠেলি দিয়া দুহাত। এই প্ৰশংসা, ভক্তি আৰু সমালোচনাৰ চাপৰিৰ মাজে মাজে হয়তোবা নীৎসেৰ শিশুটিৱে মতাদৰ্শৰ দ্বন্দ্বৰ মাজেৰে বিচাৰি থাকিছিল বৃক্ষৰ মনজুৰোৱা ছাঁ‌ সদৃশ এখনি হাত। আত্মোপলব্ধিৰে ভুল সংশোধনৰ সলনি হয়তোবা জুবিনে পুৰাব খুজিলে ubermensch হোৱাৰ অদম্য হেঁ‌পাহ। যি হেঁ‌পাহে তেওঁ‌ নাকচ কৰা ভগৱানক ভক্তই তেওঁ‌ৰ মাজতেই ধাৰণ কৰাৰ ধাৰণাক বাধা দিয়া বা ভঙাৰ সপক্ষে সবল স্থিতি ল'বলৈ নিদিলে বৰঞ্চ আভ্যন্তৰৰ সেই চেতন/অৱচেতন হেঁ‌পাহ আৰু ভক্ত অনুৰাগীৰ গদগদ প্ৰীতিয়ে এই ধাৰণাত গজালি মেলিছিল। কিন্তু পুনৰ দ্বন্দ্বৰ মাজেৰে চিন্থেছিছ লৈ জুই পুৰি সোণ হোৱাৰ দৰে তেওঁ‌ পুনৰ (নিজা) মতাদৰ্শগত অস্তিত্ব ঘোষণা কৰিছিল।

Monday, October 6, 2025

শিখা শৰ্মা FB Wall

“বাগী কুঠাৰ মৰা মানুহবোৰ”

জুবিন গাৰ্গক অসমৰ লাখ লাখ মানুহে ভাল পায়। ৰাজনীতিৰ খাতিৰত, 2026 ৰ ইলেকচন জিকিবলৈ, হঠাৎ জুবিনৰ অনুৰাগী হৈ পৰা মানুহবোৰৰ কথা মই ইয়াত কোৱা নাই। যিবোৰ মানুহে বিনা স্বাৰ্থত জুবিনৰ প্ৰতিভাক ভাল পায়, মই সেইবোৰ মানুহৰ কথাহে কৈছোঁ৷ 

মানুহ এজনক ভালপোৱা আৰু এজন মানুহৰ সীমাহীন প্ৰতিভাক ভালপোৱাৰ মাজত বিশাল পাৰ্থক্য আছে৷ মানুহ এজনক ভাল পালে তেওঁৰ প্ৰতিটো কথাকেই ভাল পোৱা যায়৷ গান গাওক বা নাগাওক, টকা পইছা দিয়ক বা নিদিয়ক, ইনকাম কৰাৰ সুবিধা দিয়ক বা নিদিয়ক, লগত ৰাখি কাম কৰাওক বা নকৰাওক, মুঠৰ ওপৰত তেওঁক ভাল পাবই৷ আনকি পেৰালাইছিচ হৈ বিচনাত পৰি থাকিলেও তেওঁক ভালপাব। গতিকে এই ভালপোৱা আৰু অনুৰাগৰ মাজত পাৰ্থক্য আছে৷ জুবিনক হয়তো পৰিয়ালৰ বাদে আন কোনো মানুহে সেই পৰ্য্যায়ত ভালপোৱা নাছিল, যাৰ বাবে ৰীতা চৌধুৰীৰ লগত হোৱা সাক্ষাতকাৰটোত জুবিনক যথেষ্ট হতাশগ্ৰস্ত যেন দেখা গৈছিল। 

জুবিনে অনুভৱ কৰিছিল যে—

 “টকা দি থাকিব পাৰিছোঁ বাবেই মোৰ আগে পিছে মানুহ ঘূৰি ফুৰিছে৷ সহায় কৰি থাকিব পাৰিছোঁ বাবেই মানুহে মোক ঘেৰি আছে৷”

এই চিৰসত্যটো জুবিনে হয়তো ভালদৰেই উপলব্ধি কৰিছিল। অসুস্থ শৰীৰেৰে গান গাই টকা ঘটিব লগাৰ বেদনা কেৱল সেইজনেহে বুজি পায়। 

জুবিন দুখীয়া নাছিল। Unisex Beauti Parlour ৰ পৰা চুপাৰমাৰ্কেটলৈকে ব্যৱসায় আছিল জুবিনৰ। 25 লাখ টকীয়া ISUZU ৰ পৰা এক কোটি টকীয়া Range Rover গাড়ীলৈকে আছিল জুবিনৰ৷ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল জুবিনৰ। হনিমুন কৰিবলৈ যাওঁতেও 7 খন গাড়ীত 28 জন মানুহ লগত লৈ যোৱা জুবিনে কৈছিল—

“মই মৰাৰ সময়ত লগত তিনিটা মানুহ হে থাকিব৷” 

হয়, জুবিনৰ মৃত্যুৰ সময়ত জুবিনৰ লগত সাগৰৰ পানীত মাত্ৰ তিনিটা মানুহ হে আছিল। সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী৷ 

জুবিনৰ আশে পাশে অনবৰতে আগুৰি থকা লাখ লাখ মানুহবোৰ, জুবিনে শেষ সময়ৰ যন্ত্ৰণাৰ মূহূৰ্তত দেখা নাছিল। জুবিন অসমৰ বুকুত অসমীয়াই আগুৰি থকা পৰিবেশত মৰিবলৈ নাপালে৷ সাগৰৰ নিমখীয়া পানীত জীৱন ঘূৰাই পাবলৈ হাঁহাকাৰ কৰি থকা জুবিনৰ শেষ সময়ত, লাখ লাখ অনুৰাগীৰ হাতৰ এটোপাল পানীও নাপালে জুবিনে৷ এইয়া কম দুখৰ কথা নহয়৷ 

আৰু এইটোৱেই সত্য৷ মানুহ স্বাৰ্থপৰ৷ স্বাৰ্থ থাকিলে মানুহ মানুহৰ আগে পিছে ঘূৰি ফুৰে৷ এক আৱেস্তনীৰ সৃষ্টি কৰে৷ সেই আৱেস্তনীত এখিনি মানুহ থাকে, সিহঁতে আনক সোমাবলৈ নিদিয়ে৷ আৰু সিহঁতৰ স্বাৰ্থবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ, সিহঁতে আকৌ আন এচাম যুৱকক লগত লয়। সেই যুৱকচামে সিহঁতক উগ্ৰভাবে চাপৰ্ট কৰে৷ আৰু সেই যুৱকচামক দেখি সমাজৰ এক বুজন অংশই, একো নোপোৱাকৈয়ো সেই লবিটোক চাপৰ্ট কৰি, এক বিশাল লবীৰ সৃষ্টি কৰে৷ যাক আমি “অন্ধঅনুৰাগী” বুলি ক’ব পাৰোঁ৷ প্ৰকৃত অনুৰাগীসকল এই ল’বিটোত নাথাকে৷

এইসকল অন্ধ অনুৰাগীবোৰৰ অবিবেচিত উচতনিত, মূল মানুহজনে প্ৰায়েই নকৰিবলগীয়া কাম কৰে৷ মদ খাই মঞ্চত অশ্লীল মাত মাতে, সমাজৰ সন্মানীয়জনক গালি পাৰে, স্বজাতিক গালি পাৰে, কোনোবা সৰু ল’ৰাক গালি পাৰে৷ আৰু সেই কথাৰ সমালোচনা কৰিলেই, এই স্তাৱকবোৰে তেওঁক সুৰক্ষা দিবলৈ গৈ, আমাক অশ্লীল

গালি-গালাজ কৰি আমাৰ মুখবোৰ বন্ধ ৰখাৰ চেষ্টা কৰে৷ 

বহুত মানুহে এইবোৰ কাৰণতে মুখেৰে একো নামাতে৷ কাৰণ আনৰ ভালৰ বাবে মাত মাতি,অন্ধঅনুৰাগীৰ অশ্লীল গালি খাব সকলোৱে নিবিচাৰে৷ 

(মোৰ কথাতো বেলেগ৷ মই গালি খাই ভাল পাওঁ৷ গালি মোৰ প্ৰিয় খাদ্য৷ গালি খালেহে মই শক্তি পাওঁ৷ গালিবোৰ মোৰ ভিটামিন)

জুবিনৰ মৃত্যুৰ দিনালৈকে তেওঁৰ কোনো বন্ধু বান্ধৱ, সংগীত কৰ্মী, অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰীয়ে সিদ্ধাৰ্থৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ 14 বছৰ লগত বাদ্য বজোৱা শেখৰ গোস্বামীয়েও সিদ্ধাৰ্থৰ বিৰুদ্ধে একো নক’লে৷ শ্যামকানু মহন্তৰ প্ৰশংসাত সকলো পঞ্চমুখ হৈ থকাৰ উপৰিও, স্বয়ং AASU ৰ সভাপতিজনেও শ্যামকানু মহন্তক ৰঙালী অনুষ্ঠানৰ মুকলি মঞ্চত জ্যোতিপ্ৰসাদৰ লগত তুলনা কৰিহে এৰিলে৷ টিভি চেনেলৰ মেইন মানুহ আছিল শ্যামকানু। শ্যামকানুৰ পৰা দামী পোচাক, Foreign tour, দামী বেগ, দামী ঘড়ী, দামী মবাইল, আনকি দামী গাড়ীও উপহাৰ লোৱা কোনো গায়িকা-নায়িকাই শ্যামকানুৰ কোনো বেয়া কথা কোনোদিনেই নক’লে৷ সিদ্ধাৰ্থক তেল মাৰি মাৰি জুবিনৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি থাকিল সকলোৱে৷ কিন্তু যেতিয়াই জুবিনৰ মৃত্যু হ’ল, তেতিয়াই এই মানুহবোৰে সিদ্ধাৰ্থ, শেখৰ, শ্যামকানুৰ বদনাম গোৱাত লাগি গ’ল।জুবিনৰ কেছটো CIDত পৰাৰ মাত্ৰকে সিহঁতবোৰে এনেদৰে গাবলৈ ধৰিলে—

১/ জুবিনক লগ কৰিবলৈ সিদ্ধাৰ্থই আমাক নিদিয়ে৷  

২/ জুবিনক ফোন কৰিলে সিদ্ধাৰ্থই ফোনটো লগাই নিদিয়ে৷

৩/ সিদ্ধাৰ্থই আমাক অতি বেয়া ব্যৱহাৰ কৰে৷ 

৪/ এইবোৰ কথা গৰিমা বৌক কৈছিলোঁ৷ বৌয়ে কৈছিল সিদ্ধাৰ্থৰ মাতটোৱেই তেনেকুৱা। এইবোৰ কথা জুবিনক নক’বা। 

৫/ শ্যামকানুৰ লগত নুশুলে প্ৰগেম নাপায়। 

৬/ শ্যামকানুয়ে লেতেৰা ফটো দিয়ে৷ গোপন অংগ দেখুৱাই ৰাতি Video কল কৰে৷ 

    আৰে এইবোৰ কাহিনী ক’বলৈ তোমালোকক জুবিনৰ মৃত্যুৰ প্ৰয়োজন হ’ল কিয়?এইবোৰ কথা কোৱা গায়ক, নায়ক, গায়িকা, নায়িকা, বাদ্যযন্ত্ৰী, সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক, সংগীত ব্যৱস্থাপকক ইমান বছৰ সময় লাগিল কিয়? এইবোৰ আপত্তি দৰ্শাবলৈ তোমালোকক জুবিনৰ মৃত্যুৰ পাছলৈ ৰ’ব লগা হ’ল কিয়? ইমানদিনে এই খং, ক্ষোভ আৰু অভিযোগবোৰ জুবিনৰ সমুখত কোৱা নহ’ল কিয়? কিয় লুকাই ৰখা হ’ল? সিদ্ধাৰ্থই জুবিনক লগ কৰাই নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কথা লগালে সিদ্ধাৰ্থই জুবিনক তেওঁলোকৰ গান গাবলৈ নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কমপ্লেইন কৰিলে জুবিনৰ লগত সহশিল্পী ৰূপে মঞ্চত উঠিবলৈ নোপোৱাৰ ভয়ত? নে সিদ্ধাৰ্থৰ অভিযোগ দিলে জুবিনে বেয়া পোৱাৰ ভয়ত? কিহৰ ভয়ত সকলো অভিযোগ পেটৰ ভিতৰতে পুহি ৰাখি, এতিয়া জুবিন মৰাৰ পাছত এটা এটাকৈ মিডিয়া ফেছবুকত উলিয়াই আছা? 

যদি সিদ্ধাৰ্থ ইমান উঠিৰজা-বহিৰজা হৈছিল, তেন্তে তাৰবাবে কেৱল আৰু কেৱল সিদ্ধাৰ্থই জগৰীয়া আছিল নে? সিদ্ধাৰ্থক ইমান বেছি সীমাহীন পাৱাৰ দিছিল কোনে? 

আকৌ বোলে জুবিন বৰ সৰল। সাধাৰণ মানুহৰ লগত উঠাবহা জুবিনৰ। তেন্তে ইমান সৰল মানুহটোক লগ কৰিবলৈ, একালৰ সহযোগী অভিনেতা যতীন বৰাই সিদ্ধাৰ্থক খাতিৰ কৰিব লগা হৈছিল কিয়? তথাপিও যতীন বৰাই কিয় লগ কৰিব পৰা নাছিল জুবিনক? মেছেজ কৰাৰ পাছতো জুবিনক ফোনত কথা পাতিব পৰা নাছিল কিয় যতীন বৰাই? 

আকৌ বোলে জুবিন সহশিল্পীৰ প্ৰতি বৰ সহযোগী৷ তেন্তে জুবিনৰ সহগায়িকা শতাব্দী বৰাই, সিদ্ধাৰ্থই তেওঁৰ লগত কৰা  অমানবীয় ব্যৱহাৰৰ অভিযোগ জুবিনক দিয়াৰ সুযোগ পোৱা নাছিল কিয়? 

আকৌ বোলে জুবিন বৰ উদাৰ৷ তেন্তে জুবিনৰ সংগীত ক্ষেত্ৰৰ পুৰণা বন্ধু -বান্ধৱবোৰে, জুবিনক কথা এষাৰ পাতিবলৈ সিদ্ধাৰ্থক তেল মালিচ কৰিব লগা হৈছিল কিয়? কোনে সিদ্ধাৰ্থক ইমান শক্তি দিছিল? জুবিনৰ অনুমতি অবিহনে বা জুবিনৰ অজ্ঞাতে, সিদ্ধাৰ্থ শৰ্মা নামৰ মাৰোৱাৰী ব্যক্তিজনে, জুবিনক তেওঁৰ পুৰণা মানুহবোৰৰ পৰা আঁতৰাই ৰখাতো সম্ভৱ আছিল নে? 

  ঘটনা এটা কওঁ—

 মোৰ কেছৰ বাবে এবাৰ এজন উকীলক ফোন কৰিলোঁ৷ উকীলজন মোৰ বন্ধু৷ আমি সৰুতে একেলগে পঢ়া৷ পাছত তেওঁ আইন পঢ়িলে আৰু মই DU ত PG কৰিলোঁ৷ মোৰ কেছটো তেওঁ ল’লে৷ কিন্তু কামবোৰ আন এজন উকীলে কৰিব বুলি ক’লে৷ পাছলৈ সেই আনজন উকীলৰ লগতে মই সকলো কথা বতৰা পাতিব লগা হ’ল। ফোন কৰিলেও আনজনেই ধৰি— 

“চাৰ জাজৰ ওচৰত আছে, চাৰৰ কৰ্ট আছ, চাৰ জিৰণি লৈছে, চাৰ চৰকাৰী মিটিঙত ব্যস্ত আছে, চাৰ আউটিঙত আছে, চাৰ ক্লায়েণ্টৰ লগত আছে”

আদি অলেখ কথা ক’বলৈ ধৰিলে৷ ফোনটো সদায় আনজনৰ লগত হে থাকে৷ লাহে লাহে মই তেওঁক ফোন কৰিবলৈ এৰি, তেওঁ দিয়া আনজনৰ লগতেই কেছৰ কথা পাতিবলৈ ধৰিলোঁ৷ আনজনক টকা দি দি মই ভাগৰি পৰিলোঁ৷ কেছ শেষ নহয় হে নহয়। এদিন খং উঠি তেওঁৰ পৰা একপ্ৰকাৰ জোৰ কৰিয়েই NOC লৈ মই কেছটো আন এজন উকীলক দি চাৰিমাহত কেছ শেষ কৰিলোঁ৷ 

এই কথাখিনি মোৰ লগত পঢ়া বন্ধুজনক ফোনত জনাব নোৱাৰি মই তেওঁলৈ Whatsap কৰিলোঁ৷ তেওঁ বৰ দুখ কৰিলে৷ একো গম নোপোৱাৰ ভাও জুৰি আনজনক গালি পাৰিম বুলি কৈ মোলৈ মেছেজ কৰিলে—

“তই বেয়া নাপাবি দেই৷ মই ইমান বিজি হৈ থাকোঁ নহয়, সি আচলতে মোৰ ব্যস্ততা দেখি ফোন মোক নিদিয়েই৷ ৰ তাক দিম মই৷ আহিবি না এদিন আমাৰ ঘৰলৈ”

মই বুজি পাবলৈ বাকী নৰ’ল যে বন্ধুৰ পৰা টকা মনৰ মতে দাবী কৰি ল’ব নোৱাৰাৰ বাবে, সেয়া তাৰ চতুৰালি৷ ব্যস্ততাৰ দোহাই দি আন এজনক কামবোৰ চাবলৈ দি, মোৰ পৰা আনজনৰ হতুৱাই টকা লৈ তাৰ ভাগ সিয়ো ল’লে৷ মোৰ কাম কৰিলে ডাইৰেক্ট মোৰ পৰা বেছি টকা ল’বলৈ তাৰ প্ৰব্লেম হ’ব বাবে, সি তাৰ সহকৰ্মীৰ লগাই দি মোৰ পৰা টকা লোৱাৰ পাং পাতিলে৷ 

এইয়াই মানুহ৷ গতিকে নানান সময়ত, নানান ক্ষেত্ৰত হোৱা জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই আমাক মানুহ চিনিবলৈ শিকালে৷ 

হালি থকা গছ দেখিলে তাক কাটিবলৈ কুঠাৰ দাঙি লোৱা মানুহৰ অভাৱ নাই। এতিয়া সিদ্ধাৰ্থৰ ওপৰত অভিযোগ আছে৷ গতিকে এতিয়া সিদ্ধাৰ্থ হাউলি পৰা গছ৷ তাত কোনে কিমান কুঠাৰ মাৰে মাৰিব পাৰে৷ সি কৰা কামৰ বাবে তাৰ মালিকক গোচৰ নিদি ধৈৰ্য্য, চল, বল, কৌশল আৰু তেলেৰে কাম চলাই নিয়া স্তাৱকবোৰে, এতিয়া সিদ্ধাৰ্থৰ হাউলা গছত বাগী কুঠাৰ মাৰি আছে৷ যিদৰে বাগী কুঠাৰ মাৰিছিল অসমীয়া অভিনেত্ৰী নন্দিনীৰ হলা গছজোপাত, যিদৰে কুঠাৰ মাৰিছিল চুমী বৰাৰ হলা গছজোপাত৷ এইয়াই হ’ল এচাম অসমীয়াৰ চৰিত্ৰ৷ 

কাম পোৱাৰ আশাত, আনৰ টকাৰে বিদেশলৈ যোৱাৰ আশাত, শ্যামকানু মহন্তৰ ঘৰত নিশা কটোৱা, শ্যামকানু মহন্তৰ লগত ফটো পজ দিয়া অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, ৰাজনৈতিক ব্যক্তি, সংগঠনৰ নেতা আদিৰ বাবে এতিয়া শ্যামকানু হলা গছ৷ শ্যামকানুৰ হাউলি পৰা গছজোপাৰ ডালপাতবোৰতো (পত্নী,জীয়ৰী, ভাতৃ) এতিয়া এচাম বদমাছৰ কুঠাৰৰ আঘাত। 

আঘাত কৰক। আপত্তি নাই। কিন্তু এতিয়া কিয়? আগতে কিয় নকৰিল? শ্যামকানুৰ গোপন অংগৰ ফটো এতিয়া ভাইৰেল কিয়? আগতে কিয় ভাইৰেল নহ’ল? কিয়? সিদ্ধাৰ্থৰ মইমতালিৰ কথা এতিয়া কিয়, জুবিন থাকোঁতে কিয় প্ৰচাৰ নহ’ল? 

এইবোৰ চব মিছা অভিযোগ৷ এইবোৰ সঁচা হোৱা হ’লে, এইসকল মানুহে জুবিনক গোচৰ দিলেহেঁতেন৷ যদি জুবিনক গোচৰ দিবলৈ তেওঁলোকৰ সুযোগ আৰু সাহস নহ’ল, তেন্তে আমি বুজিব লাগিব যে, শাৰীৰিক আৰু মানসিকৰূপে জুবিন ৰাইজৰ পৰা বহু আঁতৰত অৱস্থান কৰিছিল। মঞ্চৰ জুবিন আৰু ব্যক্তিগত জুবিনৰ মাজত বহুত পাৰ্থক্য আছিল। আমিতো তাকেই বুজিম ন? নহ’লেনো জুবিনক অভিযোগ দিবলৈ এইসকল সংগীত নাটক কৰ্মীৰ ইমান টাইম লাগেনে? 

আমি জুবিনৰ মৃত্যুৰ বিচাৰ দুমাহৰ ভিতৰতে শেষ হোৱাতো বিচাৰিছোঁ। তাৰবাবে যিমান যি কৰিব লাগে কৰক। 

আমি জুবিনৰ ন্যায় চৰকাৰৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিচৰা নাই। জুবিনৰ ন্যায় আদালতৰ পৰা লাগিব। মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে৷ যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনবোৰ হত্যাৰ ন্যায়ো মুখ্যমন্ত্ৰীয়েই দিব লাগিব। আইন আদালত নালাগে৷ চৰকাৰেই আইন আদালত হওক। 

জুবিনৰ কেছটো বিশেষ হ’ব নোৱাৰিব৷ কাৰণ আইনৰ চকুত সকলো গোচৰ সমান। গতিকে জুবিনক যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনসকলকো মুখ্যমন্ত্ৰীয়েই ন্যায় দিয়ক। জনতা ভৱন আদালত হওক। হ’বনে এনেকৈ? হ’ব জানো? যদি নহয়, তেন্তে মুখত “মই ন্যায় দিম, আমাৰ চৰকাৰে ন্যায় দিব” বুলি কৈ আদালতক উপেক্ষা নকৰিব মুখ্যমন্ত্ৰী৷ 

SIT য়ে সিদ্ধাৰ্থক কঠোৰভাৱে জেৰা কৰক। সিদ্ধাৰ্থৰ লগত আৰু কোন জড়িত আছে সোধক৷ কোনোবা থাকিবই লাগিব৷ সিদ্ধাৰ্থৰ লগত কোনোবা ৰহস্যময় মানুহ আছে৷ সিদ্ধাৰ্থই অকলে জুবিনক মাৰিব নোৱাৰে৷ আমি যি সন্দেহ কৰি আছোঁ, সেই কথা ওলাবলৈ হ’লে সিদ্ধাৰ্থক কঠোৰ জেৰা কৰিব লাগিব। 3rd Degree প্ৰয়োগ কৰিব লাগিব৷ ফাঁচীত ওলমোৱাৰ কথা ক’ব লাগিব৷ তেতিয়াই সিদ্ধাৰ্থই আচল কথা কৈ দিব। আচল কথা কি আমাক সেইটো লাগে৷ 

শেখৰ গোস্বামীয়ে অভিযোগ অনাৰ পাছতো সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ খবৰ আমি পোৱা নাই কিয়? চিকৰাৰ দৰে অনবৰতে গাতে লাগি থকা সিদ্ধাৰ্থক কঠোৰ জেৰা নকৰি শেখৰক জেৰা কৰি কি হ’ব? যাক জেৰা কৰিব লাগে তাক জেৰা কেতিয়া কৰিব? নে সিদ্ধাৰ্থৰ ৰহস্যময় গোপন কাহিনী ওলাই পৰাৰ ভয়ত সিদ্ধাৰ্থক জেৰা কৰা নাই? যদি জেৰা কৰিছে, তেন্তে সিদ্ধাৰ্থই জেৰাত কি কৈছে সেয়া শেখৰে কোৱাৰ দৰে, তদন্তকাৰী বিষয়া আৰু সিদ্ধাৰ্থৰ যৌথ চহী মাৰি Public Domain ত দি দিয়া নাই কিয়? নে জুবিনৰ হত্যাৰ মাষ্টাৰ মাইণ্ড আন কোনোৱা ওলাই বুলি, কথাবোৰ দীঘল কৰি গৈ আছে? কথা কি? 

 জুবিনক ভালপোৱা মানে জুবিনৰ অশ্লীল কথাক চাপৰ্ট কৰা নহয়। জুবিনৰ ন্যায় সিদ্ধাৰ্থক কৰা কঠোৰ জেৰাতহে লুকাই আছে। সিদ্ধাৰ্থক জেৰা কৰক। মেইন কালপ্ৰীত ওলাই পৰিব৷ আকৌ ক’লো—

সিদ্ধাৰ্থক মেইন সজাই লাভ নাই৷ মেইন কাহিনী হয়তো আন কিবাহে৷ যিটো শুনি আমিবোৰ মূৰ্চা নগ’লেই ৰক্ষা৷ 

পাপ কিন্তু লুকাই নাথাকে৷ পাপ এদিন প্ৰচাৰ হ’বই৷ ভগৱানে পাগল কৰি দিব আৰু বাটে ঘাটে ঘূৰি ফুৰি কোনোবা ৰহস্যময় বা ৰহস্যময়ীয়ে নিজেই কৈ ফুৰিব যে—

“ময়েই জুবিনক হত্যাৰ পৰিকল্পনা কৰিছিলোঁ”

সময় আহিব৷ সত্যক গাত খান্দি পুতি থ’ব নোৱাৰি৷ সত্য জনাৰ দিনা মানুহৰ মুখৰ মাত বন্ধ হৈ যাব।

কালি ৰ’দ দিছিল৷ মই কৈছিলোঁ—

: আজি ৰ’দ দিছে৷ 

 আজি বৰষুণ দিছে৷ মই কৈছোঁ—

: আজি বৰষুণ দিছে৷ 

  এতিয়া মোক—

“ আপোনাৰ কালি এটা কথা আজি এটা কথা” 

বুলি ক’লে হ’ব জানো? 

সত্য তেনেকুৱাই৷ সত্য ৰ’দ আৰু বৰষুণৰ দৰেই নিভাঁজ৷ 

 সত্ৰাধিকাৰক—

“ঘেন্টা প্ৰভু ঈশ্বৰ” 

বুলি ৰাজহুৱাকৈ অপমান কৰা জুবিনক ময়ো ঘেন্টা বুলি কৈছিলোঁ৷

“বামুণবোৰক ধৰি পিতিব লাগে”

বুলি কোৱাৰ বাবেহে ময়ো তেওঁক সমালোচনা কৰিছিলোঁ৷৷

মাধৱক “পাগল” বুলি কোৱাৰ বাবেহে মই তেওঁকো পাগল বুলি কৈছিলোঁ৷ 

কিন্তু মই কোনোদিন মোৰ ছোৱালী ল’ৰাক গান এটা গোৱাবলৈ গৈ, বিফল হোৱাৰ বাবে জুবিনক গালি পৰা নাছিলোঁ৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত লেনা দেনা নাছিল৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাছিল। 

জুবিনক মই সমালোচনা কৰাৰ একমাত্ৰ কাৰণ আছিল— সামাজিক৷ সমাজৰ বাবেহে মই জুবিনক গালি পাৰিছিলোঁ৷ 

এতিয়াও সিদ্ধাৰ্থ বা শ্যামকানুৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই। সিহঁত দুটাক মই চিনিয়ে নাপাওঁ। কাম পাবলৈ, বিদেশ ফুৰিবলৈ মই কাকো তেল মৰা মানুহেই নহয়। মই মানুহৰ কাৰবাৰবোৰ চাইহে কথাবোৰ ক’লো। কাৰণ হলা গছত বাগী কুঠাৰ মৰা কাৰবাৰতো আমি বন্ধ কৰিব লাগিব৷ গুণ্ডাগিৰি কৰা কথাবোৰ বন্ধ কৰিব লাগিব। নহ’লে অসম ধ্বংস হ’ব৷ 

দোষীৰ শাস্তি হওক। কিন্তু কাৰোবাৰ উচতনিত ৰাইজ উন্মাদ হোৱাতো ভাল কথা নহয়। ৰাজনৈতিক নেতাৰ ভৱিষ্যত সুৰক্ষাৰ হোমত, ৰাইজে নিজৰ মানৱতাক আহুতি দিয়াাতো মানৱ সমাজৰ বাবে শুভলক্ষণ নহয়।

ৰাইজ আদালত হোৱাতো দেশৰ বাবে ক্ষতিকাৰক৷ 

সংবিধানৰ আধাৰত প্ৰস্তুত কৰা আইনক মানি চলি, আদালতৰ ৰায়দানলৈ বাট চোৱাতো সভ্য মানুহৰ ধৰ্ম হোৱা উচিত। 

আদালতে ফাঁচী দিয়াৰ আগতেই আমি অভিযুক্তক কথাৰে বাৰে বাৰে ফাঁচী দিয়াতো মানৱতাৰ পৰিপন্থী৷ 

ৰাইজে ধৈৰ্য্য ধৰিব লাগিব৷ ৰাইজ অধৈৰ্য্য হ’লে প্ৰকৃত দোষী সমুখলৈ নাহিব৷ 

জুবিন হত্যাৰ প্ৰকৃত মাষ্টাৰ মাইণ্ডক আদালতলৈ নিয়াৰ বাবে সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ দাবী জনাও আহক। 

আকৌ ক’লো—

এইখন অসম৷ এইখন অসমত অসমৰ এজন জনপ্ৰিয় ব্যক্তিক, এজন মাৰোৱাৰী মানুহে অকলে হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে৷ এইটো অসম্ভৱ৷ 

জুবিন হত্যাৰ মেইন মানুহ বেলেগ৷ তেওঁক বিচাৰি উলিয়াবলৈ হ’লে, সিদ্ধাৰ্থক কঠিনৰ পৰা কঠিন জেৰা চলাব লাগিব৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে SIT ক কঠোৰ নিৰ্দেশ দিয়ক। মুখ্যমন্ত্ৰীয়ে এই কামটো কৰিলেই জুবিনে ন্যায় পাব। ফাইনেল। 

সিদ্ধাৰ্থক বলিৰ পঠা সজাই, আচল দোষীক সমাজত বৰ মানুহ বোলাই ঘূৰি ফুৰাৰ সুযোগ নিদিব মুখ্যমন্ত্ৰী৷

মনত ৰাখিব মুখ্যমন্ত্ৰী,

গোলাপ মোহাৰি কাঁইট সাৱতাৰ স্বভাৱ আমাৰ নাই৷ 

শিখা শৰ্মা

গুৱাহাটী

৫/১০/২০২৫

8974907819

#CMO_Assam 

Himanta Biswa Sarma

লেখিকাই বাৰু সিদ্ধাৰ্থক #কোনে #বলি_কা_বকৰা বনোৱা নাইটো বুলি বুজাব বিচাৰিছে, অনুমান কৰিব পাৰিছেনে🤔🤔??

অতনু ভূয়া FB Wall

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পাছপ’ৰ্ট ৰদ হ’ব!

জুবিনৰ দুগৰাকী দেহৰক্ষী আছিল। দুয়ো চৰকাৰী দেহৰক্ষী। এজন বৰা, আনজন বৈশ্য। আজি কেইবছৰমান আগতে আলফাই জুবিনক ভাবুকি দিছিল। তেতিয়াই অসম আৰক্ষীয়ে জুবিনক নিৰাপত্তাৰক্ষী দিছিল। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ লগত এছক’ৰ্ট গাড়ীও আছিল। পিছলৈ এছক’ৰ্ট গ’লগৈ। কিন্তু বৰা আৰু বৈশ্য থাকি গ’ল। বৰা আৰু বৈশ্য ক্ৰমাৎ জুবিনৰ জীৱনশৈলীৰ সৈতে মিলি গ’ল। জুবিনে ৰাতি সাৰে থাকে। সাৰে থাকি জুবিনে কাম কৰে। জুবিনৰ দেহৰক্ষীও ৰাতি সাৰে থাকে। বৈশ্য আৰু বৰাই পাল পাতি কৰ্তব্য কৰে। জুবিন য’তেই যায় লগত বৈশ্য বা বৰা থাকেই। জুবিন ক’ত আছে জানিবলৈ আমি সিদ্ধাৰ্থ বা শেখৰক নহয়, বৰঞ্চ বৈশ্য বা বৰাক যোগাযোগ কৰিব লাগে। লগে লগে আমি গম পাই যাওঁ জুবিন ক’ত আছে।

এতিয়া জুবিনৰ মৃত্যু ৰহস্য তদন্ত কৰিবলৈ গৈ বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি হতবাক হৈ পৰিছে এছআইটি। আচৰিত নহ’ব, বিগত সময়ছোৱাত জুবিনৰ দেহৰক্ষীৰ একাউণ্টত লেনদেন হৈছিল প্ৰায় ১ কোটি টকাৰ। ইয়াৰে ৭০ লাখৰ লেনদেন হৈছিল এজনৰ একাউণ্টত আৰু ৪০ লাখৰ লেনদেন হৈছিল আনজনৰ একাউণ্টত। জুবিনৰ দেহৰক্ষীৰ একাউণ্টত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? ইয়াৰ উত্তৰ বিচাৰিছিল এছআইটিয়ে। যোৱা সপ্তাহত চিআইডিৰ কাৰ্যালয়ত পৃথক পৃথকভাৱে জুবিনৰ দুই দেহৰক্ষী বৈশ্য আৰু বৰাক জেৰা কৰা হয়। 

জুবিন দাতা কৰ্ণ আছিল! আচৰিত নহ’ব, বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি আৰু জেৰা কৰি এই তথ্য লাভ কৰে এছআইটিয়ে। জুবিনে বিহু ফাংচনৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰেকৰ প্ৰতিটো মাহত জুবিনৰ দুই-তিনিটা অনুষ্ঠান থাকে। একো একোটা অনুষ্ঠানৰ নামত জুবিনে লয় ৬ লাখৰ পৰা ৮ লাখ টকা। এই টকা কিন্তু জুবিনে পোনে পোনে নাপায়। টকা লয় সিদ্ধাৰ্থই। পৰৱৰ্তী সময়ত এই টকাৰে নিৰ্দিষ্ট অংশ ভগাই দিয়া হয় বাদ্যযন্ত্ৰীসকলৰ মাজত। একো একোজন বাদ্যযন্ত্ৰীয়ে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা একো একোটা অনুষ্ঠানৰ নামত লাভ কৰে। পৰৱৰ্তী সময়ত জুবিনে উপাৰ্জন কৰা এই ধনৰ হিচাপ সিদ্ধাৰ্থই জুবিনক দিয়ে। সাধাৰণতে এই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। কিবা বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’লে জুবিনৰ নিৰ্দেশত সিদ্ধাৰ্থই ধন উলিয়াই দিয়ে। প্ৰয়োজন হ’লে গৰিমায়ো সিদ্ধাৰ্থৰ পৰা ধন বিচাৰে। 

তেনে অৱস্থাত জুবিনৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ লগত চাৰি-পাঁচ বছৰৰ ভিতৰত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? এতিয়া এছ আই টিয়ে এই বিষয়ে বিতং তথ্য লাভ কৰিছে। জুবিনে ষ্টুডিঅ’ত বিভিন্নজনৰ বাবে গান গায়। থিয়েটাৰৰ বতৰত প্ৰতিখন থিয়েটাৰৰ দুই-তিনিটাকৈ গান গায় জুবিনে। শেহতীয়াভাৱে একো একোটা গানৰ বিনিময়ত জুবিনে ৫০ হাজাৰ টকা পৰ্যন্ত পায়। প্ৰযোজকসকলে জুবিনে গোৱা গানৰ বিনিময়ত নগদ ধন জুবিনৰ হাতত দিয়ে। জুবিনে লগে লগে এই ধন দিয়ে বিশ্বাসী দেহৰক্ষী বৈশ্য বা বৰাক। দুয়োকে ধন নিজৰ একাউণ্টত জমা ৰাখিবলৈ কয়। 

জুবিনৰ লগত কোনো পইচা নাথাকে। জুবিনে গুগল পেৰ বিষয়ে নাজানে। জুবিনৰ মোবাইলত গুগল পে’ ইনষ্টল নাই। এতিয়া দাতা কৰ্ণ জুবিনৰ কাহিনী শুনক। জুবিনৰ ষ্টুডিঅৰ বাহিৰত সদায় দুই-তিনিজন মানুহ ৰৈ থাকে। হাতে হাতে থাকে দৰ্খাস্ত। কাৰোবাক চিকিত্সাৰ বাবে পইচা লাগে, কাৰোবাক উচ্চ শিক্ষাৰ বাবে পইচা লাগে। জুবিনৰ ওচৰলৈ আহি এওঁলোকে কান্দে। জুবিনে লগে লগে বৈশ্য বা বৰাক সেই যুৱক বা যুৱতীগৰাকীক গুগল পে’ কৰি দিবলৈ নিৰ্দেশ দিয়ে। 

এছআইটিয়ে বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি পাইছে প্ৰতি মাহে জুবিনে বিভিন্নজনক ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত ধন গুগল পে’যোগে আদায় দিয়ে। পুনৰ কৈছো জুবিনৰ নিজৰ গুগল পে’ নাই। জুবিনে পইচাবোৰ জমা ৰাখে বৰা বা বৈশ্যৰ একাউণ্টত। ভাবি চাওঁক জুবিনৰ মনটো। সহজ-সৰল ল’ৰা, সকলোকে বিশ্বাস কৰে। বিগত সময়ছোৱাত বৈশ্য আৰু বৰাৰ একাউণ্টত জুবিনে জমা ৰাখিছিল ১ কোটিৰো অধিক ধন। একেলগে সেই ধন জমা হোৱা নাছিল। দুয়োৰে একাউণ্টত দেখা গ’ল বিভিন্ন সময়ত তেওঁলোকে গুগল পে’যোগে বিভিন্ন যুৱক-যুৱতীক ধন দিছে। এছআইটিৰ ওচৰত বৈশ্য আৰু বৰাই এই বিষযে বিতং তথ্য সদৰী কৰিছে। এছআইটিয়ে দেখিছে নিৰ্দিষ্ট কোনো ব্যক্তিক জুবিনে নিয়মিতভাৱে ধন দিয়া নাই। বিভিন্নজনে বিভিন্ন সময়ত বৰা আৰু বৈশ্যৰ জৰিয়তে জুবিনৰ ধন লাভ কৰিছিল। এয়া হৈছে জুবিনৰ কাহিনী। 

এইখিনি মুহূৰ্ততে এছআইটিৰ আন কেতবোৰ বিষয়ক লৈ বিতৰ্কৰ সূচনা হৈছে। এছআইটিৰ বিভিন্ন তথ্য ৰাজহুৱা কেনেকৈ হ’ল বুলি একাংশ ৰাজনীতিবিদে প্ৰশ্ন কৰিছে। নতুন ন্যায় সংহিতা অনুসৰি কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে সেয়া ৰাজহুৱা কৰাটো আৰক্ষীৰ বাবে প্ৰয়োজনীয় হয়। সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ সময়তো এছআইটিয়ে কি কি গ্ৰাউণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে বুলি লিখিত তথ্য দিছিল। ইয়াৰ প্ৰতিলিপি সিদ্ধাৰ্থৰ পৰিয়ালেও পাইছিল। সেই প্ৰতিলিপিত ওলাই পৰিছিল বিহপান কৰোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য তথ্য।

১৪ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অহা ১৪ অক্টোবৰত শ্যামকানু আৰু সিদ্ধাৰ্থক চিআইডিয়ে আদালতত হাজিৰ কৰাব। সেই সময়ত আৰক্ষীয়ে গাঁঠি দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ সংক্ৰান্তত বিভিন্নজনে দিয়া বিবৃতিৰ প্ৰতিলিপি। এছআইটিৰ মতে সিদ্ধাৰ্থ আচলতে কেনেকুৱা আছিল সেয়া জানিবলৈ জুবিনৰ সৈতে গীত গোৱ বিভিন্নজনক জেৰাৰ বাবে মতা হৈছে। 

জুবিনৰ মোবাইল ফোনত বিভিন্ন তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে। ছিংগাপুৰত যোৱাৰ আগে-পিছে জুবিনে কাক কাক মেচেজ দিছিল সেই তথ্যও পোৱা গৈছে। এই তথ্যৰ ভিত্তিত বিভিন্নজনক জেৰা কৰা হৈছে। জেৰাৰ বাবে এছআইটিয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনকো মাতিছে। সেইকেইজনে আজি ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত উপস্থিত হৈ উচ্চায়ুক্তক নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা। এছআইটিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰবাসী ভাৰতীয়কেইজনে জেৰাৰ বাবে এছআইটিৰ সন্মুখীন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাছপ’ৰ্ট ৰদ কৰাৰ চিন্তা-চৰ্চাও কৰিছে ৰাজ্য চৰকাৰে। গোচৰ দীঘলীয়া হ’ব। এছআইটিয়ে জুবিনৰ মৃত্যুৰ বাবে জড়িতসকলক ৰেহাই নিদিয়ে। তেওঁলোকেও জানে জুবিন কেৱল শিল্পী নাছিল, জুবিন আছিল অসমৰ সম্পদ।

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...