Monday, October 6, 2025

শিখা শৰ্মা FB Wall

“বাগী কুঠাৰ মৰা মানুহবোৰ”

জুবিন গাৰ্গক অসমৰ লাখ লাখ মানুহে ভাল পায়। ৰাজনীতিৰ খাতিৰত, 2026 ৰ ইলেকচন জিকিবলৈ, হঠাৎ জুবিনৰ অনুৰাগী হৈ পৰা মানুহবোৰৰ কথা মই ইয়াত কোৱা নাই। যিবোৰ মানুহে বিনা স্বাৰ্থত জুবিনৰ প্ৰতিভাক ভাল পায়, মই সেইবোৰ মানুহৰ কথাহে কৈছোঁ৷ 

মানুহ এজনক ভালপোৱা আৰু এজন মানুহৰ সীমাহীন প্ৰতিভাক ভালপোৱাৰ মাজত বিশাল পাৰ্থক্য আছে৷ মানুহ এজনক ভাল পালে তেওঁৰ প্ৰতিটো কথাকেই ভাল পোৱা যায়৷ গান গাওক বা নাগাওক, টকা পইছা দিয়ক বা নিদিয়ক, ইনকাম কৰাৰ সুবিধা দিয়ক বা নিদিয়ক, লগত ৰাখি কাম কৰাওক বা নকৰাওক, মুঠৰ ওপৰত তেওঁক ভাল পাবই৷ আনকি পেৰালাইছিচ হৈ বিচনাত পৰি থাকিলেও তেওঁক ভালপাব। গতিকে এই ভালপোৱা আৰু অনুৰাগৰ মাজত পাৰ্থক্য আছে৷ জুবিনক হয়তো পৰিয়ালৰ বাদে আন কোনো মানুহে সেই পৰ্য্যায়ত ভালপোৱা নাছিল, যাৰ বাবে ৰীতা চৌধুৰীৰ লগত হোৱা সাক্ষাতকাৰটোত জুবিনক যথেষ্ট হতাশগ্ৰস্ত যেন দেখা গৈছিল। 

জুবিনে অনুভৱ কৰিছিল যে—

 “টকা দি থাকিব পাৰিছোঁ বাবেই মোৰ আগে পিছে মানুহ ঘূৰি ফুৰিছে৷ সহায় কৰি থাকিব পাৰিছোঁ বাবেই মানুহে মোক ঘেৰি আছে৷”

এই চিৰসত্যটো জুবিনে হয়তো ভালদৰেই উপলব্ধি কৰিছিল। অসুস্থ শৰীৰেৰে গান গাই টকা ঘটিব লগাৰ বেদনা কেৱল সেইজনেহে বুজি পায়। 

জুবিন দুখীয়া নাছিল। Unisex Beauti Parlour ৰ পৰা চুপাৰমাৰ্কেটলৈকে ব্যৱসায় আছিল জুবিনৰ। 25 লাখ টকীয়া ISUZU ৰ পৰা এক কোটি টকীয়া Range Rover গাড়ীলৈকে আছিল জুবিনৰ৷ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল জুবিনৰ। হনিমুন কৰিবলৈ যাওঁতেও 7 খন গাড়ীত 28 জন মানুহ লগত লৈ যোৱা জুবিনে কৈছিল—

“মই মৰাৰ সময়ত লগত তিনিটা মানুহ হে থাকিব৷” 

হয়, জুবিনৰ মৃত্যুৰ সময়ত জুবিনৰ লগত সাগৰৰ পানীত মাত্ৰ তিনিটা মানুহ হে আছিল। সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী৷ 

জুবিনৰ আশে পাশে অনবৰতে আগুৰি থকা লাখ লাখ মানুহবোৰ, জুবিনে শেষ সময়ৰ যন্ত্ৰণাৰ মূহূৰ্তত দেখা নাছিল। জুবিন অসমৰ বুকুত অসমীয়াই আগুৰি থকা পৰিবেশত মৰিবলৈ নাপালে৷ সাগৰৰ নিমখীয়া পানীত জীৱন ঘূৰাই পাবলৈ হাঁহাকাৰ কৰি থকা জুবিনৰ শেষ সময়ত, লাখ লাখ অনুৰাগীৰ হাতৰ এটোপাল পানীও নাপালে জুবিনে৷ এইয়া কম দুখৰ কথা নহয়৷ 

আৰু এইটোৱেই সত্য৷ মানুহ স্বাৰ্থপৰ৷ স্বাৰ্থ থাকিলে মানুহ মানুহৰ আগে পিছে ঘূৰি ফুৰে৷ এক আৱেস্তনীৰ সৃষ্টি কৰে৷ সেই আৱেস্তনীত এখিনি মানুহ থাকে, সিহঁতে আনক সোমাবলৈ নিদিয়ে৷ আৰু সিহঁতৰ স্বাৰ্থবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ, সিহঁতে আকৌ আন এচাম যুৱকক লগত লয়। সেই যুৱকচামে সিহঁতক উগ্ৰভাবে চাপৰ্ট কৰে৷ আৰু সেই যুৱকচামক দেখি সমাজৰ এক বুজন অংশই, একো নোপোৱাকৈয়ো সেই লবিটোক চাপৰ্ট কৰি, এক বিশাল লবীৰ সৃষ্টি কৰে৷ যাক আমি “অন্ধঅনুৰাগী” বুলি ক’ব পাৰোঁ৷ প্ৰকৃত অনুৰাগীসকল এই ল’বিটোত নাথাকে৷

এইসকল অন্ধ অনুৰাগীবোৰৰ অবিবেচিত উচতনিত, মূল মানুহজনে প্ৰায়েই নকৰিবলগীয়া কাম কৰে৷ মদ খাই মঞ্চত অশ্লীল মাত মাতে, সমাজৰ সন্মানীয়জনক গালি পাৰে, স্বজাতিক গালি পাৰে, কোনোবা সৰু ল’ৰাক গালি পাৰে৷ আৰু সেই কথাৰ সমালোচনা কৰিলেই, এই স্তাৱকবোৰে তেওঁক সুৰক্ষা দিবলৈ গৈ, আমাক অশ্লীল

গালি-গালাজ কৰি আমাৰ মুখবোৰ বন্ধ ৰখাৰ চেষ্টা কৰে৷ 

বহুত মানুহে এইবোৰ কাৰণতে মুখেৰে একো নামাতে৷ কাৰণ আনৰ ভালৰ বাবে মাত মাতি,অন্ধঅনুৰাগীৰ অশ্লীল গালি খাব সকলোৱে নিবিচাৰে৷ 

(মোৰ কথাতো বেলেগ৷ মই গালি খাই ভাল পাওঁ৷ গালি মোৰ প্ৰিয় খাদ্য৷ গালি খালেহে মই শক্তি পাওঁ৷ গালিবোৰ মোৰ ভিটামিন)

জুবিনৰ মৃত্যুৰ দিনালৈকে তেওঁৰ কোনো বন্ধু বান্ধৱ, সংগীত কৰ্মী, অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰীয়ে সিদ্ধাৰ্থৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ 14 বছৰ লগত বাদ্য বজোৱা শেখৰ গোস্বামীয়েও সিদ্ধাৰ্থৰ বিৰুদ্ধে একো নক’লে৷ শ্যামকানু মহন্তৰ প্ৰশংসাত সকলো পঞ্চমুখ হৈ থকাৰ উপৰিও, স্বয়ং AASU ৰ সভাপতিজনেও শ্যামকানু মহন্তক ৰঙালী অনুষ্ঠানৰ মুকলি মঞ্চত জ্যোতিপ্ৰসাদৰ লগত তুলনা কৰিহে এৰিলে৷ টিভি চেনেলৰ মেইন মানুহ আছিল শ্যামকানু। শ্যামকানুৰ পৰা দামী পোচাক, Foreign tour, দামী বেগ, দামী ঘড়ী, দামী মবাইল, আনকি দামী গাড়ীও উপহাৰ লোৱা কোনো গায়িকা-নায়িকাই শ্যামকানুৰ কোনো বেয়া কথা কোনোদিনেই নক’লে৷ সিদ্ধাৰ্থক তেল মাৰি মাৰি জুবিনৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি থাকিল সকলোৱে৷ কিন্তু যেতিয়াই জুবিনৰ মৃত্যু হ’ল, তেতিয়াই এই মানুহবোৰে সিদ্ধাৰ্থ, শেখৰ, শ্যামকানুৰ বদনাম গোৱাত লাগি গ’ল।জুবিনৰ কেছটো CIDত পৰাৰ মাত্ৰকে সিহঁতবোৰে এনেদৰে গাবলৈ ধৰিলে—

১/ জুবিনক লগ কৰিবলৈ সিদ্ধাৰ্থই আমাক নিদিয়ে৷  

২/ জুবিনক ফোন কৰিলে সিদ্ধাৰ্থই ফোনটো লগাই নিদিয়ে৷

৩/ সিদ্ধাৰ্থই আমাক অতি বেয়া ব্যৱহাৰ কৰে৷ 

৪/ এইবোৰ কথা গৰিমা বৌক কৈছিলোঁ৷ বৌয়ে কৈছিল সিদ্ধাৰ্থৰ মাতটোৱেই তেনেকুৱা। এইবোৰ কথা জুবিনক নক’বা। 

৫/ শ্যামকানুৰ লগত নুশুলে প্ৰগেম নাপায়। 

৬/ শ্যামকানুয়ে লেতেৰা ফটো দিয়ে৷ গোপন অংগ দেখুৱাই ৰাতি Video কল কৰে৷ 

    আৰে এইবোৰ কাহিনী ক’বলৈ তোমালোকক জুবিনৰ মৃত্যুৰ প্ৰয়োজন হ’ল কিয়?এইবোৰ কথা কোৱা গায়ক, নায়ক, গায়িকা, নায়িকা, বাদ্যযন্ত্ৰী, সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক, সংগীত ব্যৱস্থাপকক ইমান বছৰ সময় লাগিল কিয়? এইবোৰ আপত্তি দৰ্শাবলৈ তোমালোকক জুবিনৰ মৃত্যুৰ পাছলৈ ৰ’ব লগা হ’ল কিয়? ইমানদিনে এই খং, ক্ষোভ আৰু অভিযোগবোৰ জুবিনৰ সমুখত কোৱা নহ’ল কিয়? কিয় লুকাই ৰখা হ’ল? সিদ্ধাৰ্থই জুবিনক লগ কৰাই নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কথা লগালে সিদ্ধাৰ্থই জুবিনক তেওঁলোকৰ গান গাবলৈ নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কমপ্লেইন কৰিলে জুবিনৰ লগত সহশিল্পী ৰূপে মঞ্চত উঠিবলৈ নোপোৱাৰ ভয়ত? নে সিদ্ধাৰ্থৰ অভিযোগ দিলে জুবিনে বেয়া পোৱাৰ ভয়ত? কিহৰ ভয়ত সকলো অভিযোগ পেটৰ ভিতৰতে পুহি ৰাখি, এতিয়া জুবিন মৰাৰ পাছত এটা এটাকৈ মিডিয়া ফেছবুকত উলিয়াই আছা? 

যদি সিদ্ধাৰ্থ ইমান উঠিৰজা-বহিৰজা হৈছিল, তেন্তে তাৰবাবে কেৱল আৰু কেৱল সিদ্ধাৰ্থই জগৰীয়া আছিল নে? সিদ্ধাৰ্থক ইমান বেছি সীমাহীন পাৱাৰ দিছিল কোনে? 

আকৌ বোলে জুবিন বৰ সৰল। সাধাৰণ মানুহৰ লগত উঠাবহা জুবিনৰ। তেন্তে ইমান সৰল মানুহটোক লগ কৰিবলৈ, একালৰ সহযোগী অভিনেতা যতীন বৰাই সিদ্ধাৰ্থক খাতিৰ কৰিব লগা হৈছিল কিয়? তথাপিও যতীন বৰাই কিয় লগ কৰিব পৰা নাছিল জুবিনক? মেছেজ কৰাৰ পাছতো জুবিনক ফোনত কথা পাতিব পৰা নাছিল কিয় যতীন বৰাই? 

আকৌ বোলে জুবিন সহশিল্পীৰ প্ৰতি বৰ সহযোগী৷ তেন্তে জুবিনৰ সহগায়িকা শতাব্দী বৰাই, সিদ্ধাৰ্থই তেওঁৰ লগত কৰা  অমানবীয় ব্যৱহাৰৰ অভিযোগ জুবিনক দিয়াৰ সুযোগ পোৱা নাছিল কিয়? 

আকৌ বোলে জুবিন বৰ উদাৰ৷ তেন্তে জুবিনৰ সংগীত ক্ষেত্ৰৰ পুৰণা বন্ধু -বান্ধৱবোৰে, জুবিনক কথা এষাৰ পাতিবলৈ সিদ্ধাৰ্থক তেল মালিচ কৰিব লগা হৈছিল কিয়? কোনে সিদ্ধাৰ্থক ইমান শক্তি দিছিল? জুবিনৰ অনুমতি অবিহনে বা জুবিনৰ অজ্ঞাতে, সিদ্ধাৰ্থ শৰ্মা নামৰ মাৰোৱাৰী ব্যক্তিজনে, জুবিনক তেওঁৰ পুৰণা মানুহবোৰৰ পৰা আঁতৰাই ৰখাতো সম্ভৱ আছিল নে? 

  ঘটনা এটা কওঁ—

 মোৰ কেছৰ বাবে এবাৰ এজন উকীলক ফোন কৰিলোঁ৷ উকীলজন মোৰ বন্ধু৷ আমি সৰুতে একেলগে পঢ়া৷ পাছত তেওঁ আইন পঢ়িলে আৰু মই DU ত PG কৰিলোঁ৷ মোৰ কেছটো তেওঁ ল’লে৷ কিন্তু কামবোৰ আন এজন উকীলে কৰিব বুলি ক’লে৷ পাছলৈ সেই আনজন উকীলৰ লগতে মই সকলো কথা বতৰা পাতিব লগা হ’ল। ফোন কৰিলেও আনজনেই ধৰি— 

“চাৰ জাজৰ ওচৰত আছে, চাৰৰ কৰ্ট আছ, চাৰ জিৰণি লৈছে, চাৰ চৰকাৰী মিটিঙত ব্যস্ত আছে, চাৰ আউটিঙত আছে, চাৰ ক্লায়েণ্টৰ লগত আছে”

আদি অলেখ কথা ক’বলৈ ধৰিলে৷ ফোনটো সদায় আনজনৰ লগত হে থাকে৷ লাহে লাহে মই তেওঁক ফোন কৰিবলৈ এৰি, তেওঁ দিয়া আনজনৰ লগতেই কেছৰ কথা পাতিবলৈ ধৰিলোঁ৷ আনজনক টকা দি দি মই ভাগৰি পৰিলোঁ৷ কেছ শেষ নহয় হে নহয়। এদিন খং উঠি তেওঁৰ পৰা একপ্ৰকাৰ জোৰ কৰিয়েই NOC লৈ মই কেছটো আন এজন উকীলক দি চাৰিমাহত কেছ শেষ কৰিলোঁ৷ 

এই কথাখিনি মোৰ লগত পঢ়া বন্ধুজনক ফোনত জনাব নোৱাৰি মই তেওঁলৈ Whatsap কৰিলোঁ৷ তেওঁ বৰ দুখ কৰিলে৷ একো গম নোপোৱাৰ ভাও জুৰি আনজনক গালি পাৰিম বুলি কৈ মোলৈ মেছেজ কৰিলে—

“তই বেয়া নাপাবি দেই৷ মই ইমান বিজি হৈ থাকোঁ নহয়, সি আচলতে মোৰ ব্যস্ততা দেখি ফোন মোক নিদিয়েই৷ ৰ তাক দিম মই৷ আহিবি না এদিন আমাৰ ঘৰলৈ”

মই বুজি পাবলৈ বাকী নৰ’ল যে বন্ধুৰ পৰা টকা মনৰ মতে দাবী কৰি ল’ব নোৱাৰাৰ বাবে, সেয়া তাৰ চতুৰালি৷ ব্যস্ততাৰ দোহাই দি আন এজনক কামবোৰ চাবলৈ দি, মোৰ পৰা আনজনৰ হতুৱাই টকা লৈ তাৰ ভাগ সিয়ো ল’লে৷ মোৰ কাম কৰিলে ডাইৰেক্ট মোৰ পৰা বেছি টকা ল’বলৈ তাৰ প্ৰব্লেম হ’ব বাবে, সি তাৰ সহকৰ্মীৰ লগাই দি মোৰ পৰা টকা লোৱাৰ পাং পাতিলে৷ 

এইয়াই মানুহ৷ গতিকে নানান সময়ত, নানান ক্ষেত্ৰত হোৱা জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই আমাক মানুহ চিনিবলৈ শিকালে৷ 

হালি থকা গছ দেখিলে তাক কাটিবলৈ কুঠাৰ দাঙি লোৱা মানুহৰ অভাৱ নাই। এতিয়া সিদ্ধাৰ্থৰ ওপৰত অভিযোগ আছে৷ গতিকে এতিয়া সিদ্ধাৰ্থ হাউলি পৰা গছ৷ তাত কোনে কিমান কুঠাৰ মাৰে মাৰিব পাৰে৷ সি কৰা কামৰ বাবে তাৰ মালিকক গোচৰ নিদি ধৈৰ্য্য, চল, বল, কৌশল আৰু তেলেৰে কাম চলাই নিয়া স্তাৱকবোৰে, এতিয়া সিদ্ধাৰ্থৰ হাউলা গছত বাগী কুঠাৰ মাৰি আছে৷ যিদৰে বাগী কুঠাৰ মাৰিছিল অসমীয়া অভিনেত্ৰী নন্দিনীৰ হলা গছজোপাত, যিদৰে কুঠাৰ মাৰিছিল চুমী বৰাৰ হলা গছজোপাত৷ এইয়াই হ’ল এচাম অসমীয়াৰ চৰিত্ৰ৷ 

কাম পোৱাৰ আশাত, আনৰ টকাৰে বিদেশলৈ যোৱাৰ আশাত, শ্যামকানু মহন্তৰ ঘৰত নিশা কটোৱা, শ্যামকানু মহন্তৰ লগত ফটো পজ দিয়া অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, ৰাজনৈতিক ব্যক্তি, সংগঠনৰ নেতা আদিৰ বাবে এতিয়া শ্যামকানু হলা গছ৷ শ্যামকানুৰ হাউলি পৰা গছজোপাৰ ডালপাতবোৰতো (পত্নী,জীয়ৰী, ভাতৃ) এতিয়া এচাম বদমাছৰ কুঠাৰৰ আঘাত। 

আঘাত কৰক। আপত্তি নাই। কিন্তু এতিয়া কিয়? আগতে কিয় নকৰিল? শ্যামকানুৰ গোপন অংগৰ ফটো এতিয়া ভাইৰেল কিয়? আগতে কিয় ভাইৰেল নহ’ল? কিয়? সিদ্ধাৰ্থৰ মইমতালিৰ কথা এতিয়া কিয়, জুবিন থাকোঁতে কিয় প্ৰচাৰ নহ’ল? 

এইবোৰ চব মিছা অভিযোগ৷ এইবোৰ সঁচা হোৱা হ’লে, এইসকল মানুহে জুবিনক গোচৰ দিলেহেঁতেন৷ যদি জুবিনক গোচৰ দিবলৈ তেওঁলোকৰ সুযোগ আৰু সাহস নহ’ল, তেন্তে আমি বুজিব লাগিব যে, শাৰীৰিক আৰু মানসিকৰূপে জুবিন ৰাইজৰ পৰা বহু আঁতৰত অৱস্থান কৰিছিল। মঞ্চৰ জুবিন আৰু ব্যক্তিগত জুবিনৰ মাজত বহুত পাৰ্থক্য আছিল। আমিতো তাকেই বুজিম ন? নহ’লেনো জুবিনক অভিযোগ দিবলৈ এইসকল সংগীত নাটক কৰ্মীৰ ইমান টাইম লাগেনে? 

আমি জুবিনৰ মৃত্যুৰ বিচাৰ দুমাহৰ ভিতৰতে শেষ হোৱাতো বিচাৰিছোঁ। তাৰবাবে যিমান যি কৰিব লাগে কৰক। 

আমি জুবিনৰ ন্যায় চৰকাৰৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিচৰা নাই। জুবিনৰ ন্যায় আদালতৰ পৰা লাগিব। মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে৷ যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনবোৰ হত্যাৰ ন্যায়ো মুখ্যমন্ত্ৰীয়েই দিব লাগিব। আইন আদালত নালাগে৷ চৰকাৰেই আইন আদালত হওক। 

জুবিনৰ কেছটো বিশেষ হ’ব নোৱাৰিব৷ কাৰণ আইনৰ চকুত সকলো গোচৰ সমান। গতিকে জুবিনক যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনসকলকো মুখ্যমন্ত্ৰীয়েই ন্যায় দিয়ক। জনতা ভৱন আদালত হওক। হ’বনে এনেকৈ? হ’ব জানো? যদি নহয়, তেন্তে মুখত “মই ন্যায় দিম, আমাৰ চৰকাৰে ন্যায় দিব” বুলি কৈ আদালতক উপেক্ষা নকৰিব মুখ্যমন্ত্ৰী৷ 

SIT য়ে সিদ্ধাৰ্থক কঠোৰভাৱে জেৰা কৰক। সিদ্ধাৰ্থৰ লগত আৰু কোন জড়িত আছে সোধক৷ কোনোবা থাকিবই লাগিব৷ সিদ্ধাৰ্থৰ লগত কোনোবা ৰহস্যময় মানুহ আছে৷ সিদ্ধাৰ্থই অকলে জুবিনক মাৰিব নোৱাৰে৷ আমি যি সন্দেহ কৰি আছোঁ, সেই কথা ওলাবলৈ হ’লে সিদ্ধাৰ্থক কঠোৰ জেৰা কৰিব লাগিব। 3rd Degree প্ৰয়োগ কৰিব লাগিব৷ ফাঁচীত ওলমোৱাৰ কথা ক’ব লাগিব৷ তেতিয়াই সিদ্ধাৰ্থই আচল কথা কৈ দিব। আচল কথা কি আমাক সেইটো লাগে৷ 

শেখৰ গোস্বামীয়ে অভিযোগ অনাৰ পাছতো সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ খবৰ আমি পোৱা নাই কিয়? চিকৰাৰ দৰে অনবৰতে গাতে লাগি থকা সিদ্ধাৰ্থক কঠোৰ জেৰা নকৰি শেখৰক জেৰা কৰি কি হ’ব? যাক জেৰা কৰিব লাগে তাক জেৰা কেতিয়া কৰিব? নে সিদ্ধাৰ্থৰ ৰহস্যময় গোপন কাহিনী ওলাই পৰাৰ ভয়ত সিদ্ধাৰ্থক জেৰা কৰা নাই? যদি জেৰা কৰিছে, তেন্তে সিদ্ধাৰ্থই জেৰাত কি কৈছে সেয়া শেখৰে কোৱাৰ দৰে, তদন্তকাৰী বিষয়া আৰু সিদ্ধাৰ্থৰ যৌথ চহী মাৰি Public Domain ত দি দিয়া নাই কিয়? নে জুবিনৰ হত্যাৰ মাষ্টাৰ মাইণ্ড আন কোনোৱা ওলাই বুলি, কথাবোৰ দীঘল কৰি গৈ আছে? কথা কি? 

 জুবিনক ভালপোৱা মানে জুবিনৰ অশ্লীল কথাক চাপৰ্ট কৰা নহয়। জুবিনৰ ন্যায় সিদ্ধাৰ্থক কৰা কঠোৰ জেৰাতহে লুকাই আছে। সিদ্ধাৰ্থক জেৰা কৰক। মেইন কালপ্ৰীত ওলাই পৰিব৷ আকৌ ক’লো—

সিদ্ধাৰ্থক মেইন সজাই লাভ নাই৷ মেইন কাহিনী হয়তো আন কিবাহে৷ যিটো শুনি আমিবোৰ মূৰ্চা নগ’লেই ৰক্ষা৷ 

পাপ কিন্তু লুকাই নাথাকে৷ পাপ এদিন প্ৰচাৰ হ’বই৷ ভগৱানে পাগল কৰি দিব আৰু বাটে ঘাটে ঘূৰি ফুৰি কোনোবা ৰহস্যময় বা ৰহস্যময়ীয়ে নিজেই কৈ ফুৰিব যে—

“ময়েই জুবিনক হত্যাৰ পৰিকল্পনা কৰিছিলোঁ”

সময় আহিব৷ সত্যক গাত খান্দি পুতি থ’ব নোৱাৰি৷ সত্য জনাৰ দিনা মানুহৰ মুখৰ মাত বন্ধ হৈ যাব।

কালি ৰ’দ দিছিল৷ মই কৈছিলোঁ—

: আজি ৰ’দ দিছে৷ 

 আজি বৰষুণ দিছে৷ মই কৈছোঁ—

: আজি বৰষুণ দিছে৷ 

  এতিয়া মোক—

“ আপোনাৰ কালি এটা কথা আজি এটা কথা” 

বুলি ক’লে হ’ব জানো? 

সত্য তেনেকুৱাই৷ সত্য ৰ’দ আৰু বৰষুণৰ দৰেই নিভাঁজ৷ 

 সত্ৰাধিকাৰক—

“ঘেন্টা প্ৰভু ঈশ্বৰ” 

বুলি ৰাজহুৱাকৈ অপমান কৰা জুবিনক ময়ো ঘেন্টা বুলি কৈছিলোঁ৷

“বামুণবোৰক ধৰি পিতিব লাগে”

বুলি কোৱাৰ বাবেহে ময়ো তেওঁক সমালোচনা কৰিছিলোঁ৷৷

মাধৱক “পাগল” বুলি কোৱাৰ বাবেহে মই তেওঁকো পাগল বুলি কৈছিলোঁ৷ 

কিন্তু মই কোনোদিন মোৰ ছোৱালী ল’ৰাক গান এটা গোৱাবলৈ গৈ, বিফল হোৱাৰ বাবে জুবিনক গালি পৰা নাছিলোঁ৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত লেনা দেনা নাছিল৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাছিল। 

জুবিনক মই সমালোচনা কৰাৰ একমাত্ৰ কাৰণ আছিল— সামাজিক৷ সমাজৰ বাবেহে মই জুবিনক গালি পাৰিছিলোঁ৷ 

এতিয়াও সিদ্ধাৰ্থ বা শ্যামকানুৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই। সিহঁত দুটাক মই চিনিয়ে নাপাওঁ। কাম পাবলৈ, বিদেশ ফুৰিবলৈ মই কাকো তেল মৰা মানুহেই নহয়। মই মানুহৰ কাৰবাৰবোৰ চাইহে কথাবোৰ ক’লো। কাৰণ হলা গছত বাগী কুঠাৰ মৰা কাৰবাৰতো আমি বন্ধ কৰিব লাগিব৷ গুণ্ডাগিৰি কৰা কথাবোৰ বন্ধ কৰিব লাগিব। নহ’লে অসম ধ্বংস হ’ব৷ 

দোষীৰ শাস্তি হওক। কিন্তু কাৰোবাৰ উচতনিত ৰাইজ উন্মাদ হোৱাতো ভাল কথা নহয়। ৰাজনৈতিক নেতাৰ ভৱিষ্যত সুৰক্ষাৰ হোমত, ৰাইজে নিজৰ মানৱতাক আহুতি দিয়াাতো মানৱ সমাজৰ বাবে শুভলক্ষণ নহয়।

ৰাইজ আদালত হোৱাতো দেশৰ বাবে ক্ষতিকাৰক৷ 

সংবিধানৰ আধাৰত প্ৰস্তুত কৰা আইনক মানি চলি, আদালতৰ ৰায়দানলৈ বাট চোৱাতো সভ্য মানুহৰ ধৰ্ম হোৱা উচিত। 

আদালতে ফাঁচী দিয়াৰ আগতেই আমি অভিযুক্তক কথাৰে বাৰে বাৰে ফাঁচী দিয়াতো মানৱতাৰ পৰিপন্থী৷ 

ৰাইজে ধৈৰ্য্য ধৰিব লাগিব৷ ৰাইজ অধৈৰ্য্য হ’লে প্ৰকৃত দোষী সমুখলৈ নাহিব৷ 

জুবিন হত্যাৰ প্ৰকৃত মাষ্টাৰ মাইণ্ডক আদালতলৈ নিয়াৰ বাবে সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ দাবী জনাও আহক। 

আকৌ ক’লো—

এইখন অসম৷ এইখন অসমত অসমৰ এজন জনপ্ৰিয় ব্যক্তিক, এজন মাৰোৱাৰী মানুহে অকলে হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে৷ এইটো অসম্ভৱ৷ 

জুবিন হত্যাৰ মেইন মানুহ বেলেগ৷ তেওঁক বিচাৰি উলিয়াবলৈ হ’লে, সিদ্ধাৰ্থক কঠিনৰ পৰা কঠিন জেৰা চলাব লাগিব৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে SIT ক কঠোৰ নিৰ্দেশ দিয়ক। মুখ্যমন্ত্ৰীয়ে এই কামটো কৰিলেই জুবিনে ন্যায় পাব। ফাইনেল। 

সিদ্ধাৰ্থক বলিৰ পঠা সজাই, আচল দোষীক সমাজত বৰ মানুহ বোলাই ঘূৰি ফুৰাৰ সুযোগ নিদিব মুখ্যমন্ত্ৰী৷

মনত ৰাখিব মুখ্যমন্ত্ৰী,

গোলাপ মোহাৰি কাঁইট সাৱতাৰ স্বভাৱ আমাৰ নাই৷ 

শিখা শৰ্মা

গুৱাহাটী

৫/১০/২০২৫

8974907819

#CMO_Assam 

Himanta Biswa Sarma

লেখিকাই বাৰু সিদ্ধাৰ্থক #কোনে #বলি_কা_বকৰা বনোৱা নাইটো বুলি বুজাব বিচাৰিছে, অনুমান কৰিব পাৰিছেনে🤔🤔??

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...