Monday, October 6, 2025

অতনু ভূয়া FB Wall

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পাছপ’ৰ্ট ৰদ হ’ব!

জুবিনৰ দুগৰাকী দেহৰক্ষী আছিল। দুয়ো চৰকাৰী দেহৰক্ষী। এজন বৰা, আনজন বৈশ্য। আজি কেইবছৰমান আগতে আলফাই জুবিনক ভাবুকি দিছিল। তেতিয়াই অসম আৰক্ষীয়ে জুবিনক নিৰাপত্তাৰক্ষী দিছিল। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ লগত এছক’ৰ্ট গাড়ীও আছিল। পিছলৈ এছক’ৰ্ট গ’লগৈ। কিন্তু বৰা আৰু বৈশ্য থাকি গ’ল। বৰা আৰু বৈশ্য ক্ৰমাৎ জুবিনৰ জীৱনশৈলীৰ সৈতে মিলি গ’ল। জুবিনে ৰাতি সাৰে থাকে। সাৰে থাকি জুবিনে কাম কৰে। জুবিনৰ দেহৰক্ষীও ৰাতি সাৰে থাকে। বৈশ্য আৰু বৰাই পাল পাতি কৰ্তব্য কৰে। জুবিন য’তেই যায় লগত বৈশ্য বা বৰা থাকেই। জুবিন ক’ত আছে জানিবলৈ আমি সিদ্ধাৰ্থ বা শেখৰক নহয়, বৰঞ্চ বৈশ্য বা বৰাক যোগাযোগ কৰিব লাগে। লগে লগে আমি গম পাই যাওঁ জুবিন ক’ত আছে।

এতিয়া জুবিনৰ মৃত্যু ৰহস্য তদন্ত কৰিবলৈ গৈ বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি হতবাক হৈ পৰিছে এছআইটি। আচৰিত নহ’ব, বিগত সময়ছোৱাত জুবিনৰ দেহৰক্ষীৰ একাউণ্টত লেনদেন হৈছিল প্ৰায় ১ কোটি টকাৰ। ইয়াৰে ৭০ লাখৰ লেনদেন হৈছিল এজনৰ একাউণ্টত আৰু ৪০ লাখৰ লেনদেন হৈছিল আনজনৰ একাউণ্টত। জুবিনৰ দেহৰক্ষীৰ একাউণ্টত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? ইয়াৰ উত্তৰ বিচাৰিছিল এছআইটিয়ে। যোৱা সপ্তাহত চিআইডিৰ কাৰ্যালয়ত পৃথক পৃথকভাৱে জুবিনৰ দুই দেহৰক্ষী বৈশ্য আৰু বৰাক জেৰা কৰা হয়। 

জুবিন দাতা কৰ্ণ আছিল! আচৰিত নহ’ব, বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি আৰু জেৰা কৰি এই তথ্য লাভ কৰে এছআইটিয়ে। জুবিনে বিহু ফাংচনৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰেকৰ প্ৰতিটো মাহত জুবিনৰ দুই-তিনিটা অনুষ্ঠান থাকে। একো একোটা অনুষ্ঠানৰ নামত জুবিনে লয় ৬ লাখৰ পৰা ৮ লাখ টকা। এই টকা কিন্তু জুবিনে পোনে পোনে নাপায়। টকা লয় সিদ্ধাৰ্থই। পৰৱৰ্তী সময়ত এই টকাৰে নিৰ্দিষ্ট অংশ ভগাই দিয়া হয় বাদ্যযন্ত্ৰীসকলৰ মাজত। একো একোজন বাদ্যযন্ত্ৰীয়ে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা একো একোটা অনুষ্ঠানৰ নামত লাভ কৰে। পৰৱৰ্তী সময়ত জুবিনে উপাৰ্জন কৰা এই ধনৰ হিচাপ সিদ্ধাৰ্থই জুবিনক দিয়ে। সাধাৰণতে এই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। কিবা বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’লে জুবিনৰ নিৰ্দেশত সিদ্ধাৰ্থই ধন উলিয়াই দিয়ে। প্ৰয়োজন হ’লে গৰিমায়ো সিদ্ধাৰ্থৰ পৰা ধন বিচাৰে। 

তেনে অৱস্থাত জুবিনৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ লগত চাৰি-পাঁচ বছৰৰ ভিতৰত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? এতিয়া এছ আই টিয়ে এই বিষয়ে বিতং তথ্য লাভ কৰিছে। জুবিনে ষ্টুডিঅ’ত বিভিন্নজনৰ বাবে গান গায়। থিয়েটাৰৰ বতৰত প্ৰতিখন থিয়েটাৰৰ দুই-তিনিটাকৈ গান গায় জুবিনে। শেহতীয়াভাৱে একো একোটা গানৰ বিনিময়ত জুবিনে ৫০ হাজাৰ টকা পৰ্যন্ত পায়। প্ৰযোজকসকলে জুবিনে গোৱা গানৰ বিনিময়ত নগদ ধন জুবিনৰ হাতত দিয়ে। জুবিনে লগে লগে এই ধন দিয়ে বিশ্বাসী দেহৰক্ষী বৈশ্য বা বৰাক। দুয়োকে ধন নিজৰ একাউণ্টত জমা ৰাখিবলৈ কয়। 

জুবিনৰ লগত কোনো পইচা নাথাকে। জুবিনে গুগল পেৰ বিষয়ে নাজানে। জুবিনৰ মোবাইলত গুগল পে’ ইনষ্টল নাই। এতিয়া দাতা কৰ্ণ জুবিনৰ কাহিনী শুনক। জুবিনৰ ষ্টুডিঅৰ বাহিৰত সদায় দুই-তিনিজন মানুহ ৰৈ থাকে। হাতে হাতে থাকে দৰ্খাস্ত। কাৰোবাক চিকিত্সাৰ বাবে পইচা লাগে, কাৰোবাক উচ্চ শিক্ষাৰ বাবে পইচা লাগে। জুবিনৰ ওচৰলৈ আহি এওঁলোকে কান্দে। জুবিনে লগে লগে বৈশ্য বা বৰাক সেই যুৱক বা যুৱতীগৰাকীক গুগল পে’ কৰি দিবলৈ নিৰ্দেশ দিয়ে। 

এছআইটিয়ে বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি পাইছে প্ৰতি মাহে জুবিনে বিভিন্নজনক ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত ধন গুগল পে’যোগে আদায় দিয়ে। পুনৰ কৈছো জুবিনৰ নিজৰ গুগল পে’ নাই। জুবিনে পইচাবোৰ জমা ৰাখে বৰা বা বৈশ্যৰ একাউণ্টত। ভাবি চাওঁক জুবিনৰ মনটো। সহজ-সৰল ল’ৰা, সকলোকে বিশ্বাস কৰে। বিগত সময়ছোৱাত বৈশ্য আৰু বৰাৰ একাউণ্টত জুবিনে জমা ৰাখিছিল ১ কোটিৰো অধিক ধন। একেলগে সেই ধন জমা হোৱা নাছিল। দুয়োৰে একাউণ্টত দেখা গ’ল বিভিন্ন সময়ত তেওঁলোকে গুগল পে’যোগে বিভিন্ন যুৱক-যুৱতীক ধন দিছে। এছআইটিৰ ওচৰত বৈশ্য আৰু বৰাই এই বিষযে বিতং তথ্য সদৰী কৰিছে। এছআইটিয়ে দেখিছে নিৰ্দিষ্ট কোনো ব্যক্তিক জুবিনে নিয়মিতভাৱে ধন দিয়া নাই। বিভিন্নজনে বিভিন্ন সময়ত বৰা আৰু বৈশ্যৰ জৰিয়তে জুবিনৰ ধন লাভ কৰিছিল। এয়া হৈছে জুবিনৰ কাহিনী। 

এইখিনি মুহূৰ্ততে এছআইটিৰ আন কেতবোৰ বিষয়ক লৈ বিতৰ্কৰ সূচনা হৈছে। এছআইটিৰ বিভিন্ন তথ্য ৰাজহুৱা কেনেকৈ হ’ল বুলি একাংশ ৰাজনীতিবিদে প্ৰশ্ন কৰিছে। নতুন ন্যায় সংহিতা অনুসৰি কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে সেয়া ৰাজহুৱা কৰাটো আৰক্ষীৰ বাবে প্ৰয়োজনীয় হয়। সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ সময়তো এছআইটিয়ে কি কি গ্ৰাউণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে বুলি লিখিত তথ্য দিছিল। ইয়াৰ প্ৰতিলিপি সিদ্ধাৰ্থৰ পৰিয়ালেও পাইছিল। সেই প্ৰতিলিপিত ওলাই পৰিছিল বিহপান কৰোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য তথ্য।

১৪ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অহা ১৪ অক্টোবৰত শ্যামকানু আৰু সিদ্ধাৰ্থক চিআইডিয়ে আদালতত হাজিৰ কৰাব। সেই সময়ত আৰক্ষীয়ে গাঁঠি দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ সংক্ৰান্তত বিভিন্নজনে দিয়া বিবৃতিৰ প্ৰতিলিপি। এছআইটিৰ মতে সিদ্ধাৰ্থ আচলতে কেনেকুৱা আছিল সেয়া জানিবলৈ জুবিনৰ সৈতে গীত গোৱ বিভিন্নজনক জেৰাৰ বাবে মতা হৈছে। 

জুবিনৰ মোবাইল ফোনত বিভিন্ন তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে। ছিংগাপুৰত যোৱাৰ আগে-পিছে জুবিনে কাক কাক মেচেজ দিছিল সেই তথ্যও পোৱা গৈছে। এই তথ্যৰ ভিত্তিত বিভিন্নজনক জেৰা কৰা হৈছে। জেৰাৰ বাবে এছআইটিয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনকো মাতিছে। সেইকেইজনে আজি ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত উপস্থিত হৈ উচ্চায়ুক্তক নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা। এছআইটিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰবাসী ভাৰতীয়কেইজনে জেৰাৰ বাবে এছআইটিৰ সন্মুখীন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাছপ’ৰ্ট ৰদ কৰাৰ চিন্তা-চৰ্চাও কৰিছে ৰাজ্য চৰকাৰে। গোচৰ দীঘলীয়া হ’ব। এছআইটিয়ে জুবিনৰ মৃত্যুৰ বাবে জড়িতসকলক ৰেহাই নিদিয়ে। তেওঁলোকেও জানে জুবিন কেৱল শিল্পী নাছিল, জুবিন আছিল অসমৰ সম্পদ।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...