জুবিন কথা ৩ ( পৰেশ বৰুৱা , ধেমাজিৰ প্ৰসংগঃ আৰু জুবিন দাৰ গালি )
অসমীয়া সংগীতৰ এজন বৰণ্যে গায়ক, সুৰকাৰ আৰু গীতিকাৰ জয়ন্ত হাজৰিকা লৈ সন্মান জনাই জয়ন্ত হাজৰিকা দেৱৰ ৭ টা কালজয়ী গীত লৈ জুবিন দাই এখন এলবাম নিৰ্মান কৰিছিল । নাম আছিল - "মোৰ মিনতি" । এইয়া ২০১৪ চনৰ কথা । তেতিয়া মই প্রায় দাদাৰ লগতে থাকোঁ । এদিন গধূলি দাদাই শুই উঠি মোক ক'লে -
মোৰ মিনতিৰ গান কেইটাৰ ভিডিঅ' বনাব লাগিব । "মোৰ মিনতি তৰা হয় যদি" - এইটো গান ৰিজু ( মানস বৰুৱা ) য়ে কৰিব । এটা মই কৰিম টংলাৰ পবিত্ৰ ৰাভাৰ তাত, তই লগত থাকিবি আৰু দুটামান গানৰ ভিডিঅ' তই নিজে কৰিবি । কিন্তু অলপ বেলেগকৈ কৰিব লাগিব। যি কৰিব মন আছে তাকেই কৰি চা চোন । মই বোলো আজিলৈকে অসমীয়া গানৰ ভিডিঅ' ত Sand animation হোৱা নাই । গতিকে এটা গীতত ২০/৩০ চেকেণ্ড মান Sand animation কৰা যাওঁক । দাদাই ও OK বুলি ক'লে । লগা লগ মই আমাৰ বিহপুৰীয়াৰে দিগন্ত মাধৱ গোস্বামীক ফোন লগালো আৰু কথাটো কলো । পিছত সেই কামৰ বাবেই দিগন্ত মাধৱ গোস্বামীক মই প্ৰথমবাৰৰ বাবে জুবিন দাৰ লগত চিনাকি কৰাই দিছিলোঁ ।
সেই দিনা ৰাতি দাদাই খাৰঘুলিৰ ষ্টুডিঅ' তে এটা বেলেগ গানৰ কাম কৰি আছিল । ষ্টুডিঅ' ৰ ভিতৰত দাদা , শেখৰ দা, মই আৰু চন্দন । বাহিৰৰ ৰুম টোত দাদাৰ PSO ৰয় দা আৰু বড়ো দা, বাঁহী বাদক অঞ্জন, সাধন দা আৰু দুজন মান ল'ৰা ( নাম কেইটা পাহৰিছো ) ৰাতি দুই মান বজাত গানৰ কাম শেষ হ'বৰ সময়ত দাদা ৰ ফোন বাজিল। তেতিয়ালৈ দাদাৰ ৪ পেগ মান শেষ হৈছে আৰু। বিছনাত থকা ফোনটো মই দাদাৰ হাতত দিলোঁগৈ । এটা অদ্ভুদ নম্বৰৰ পৰা ফোন আহিছে ঠিক +000001122.... এনে ধৰণৰ আছিল । দাদাই ফোন টো হাতত লৈ "বুঢ়াই কামুৰিব এতিয়া" বুলি কৈ ফোন টো কাটি বিচনা লৈ দলিয়াই দিলে । দুই মিনিট মান পিছত আকৌ ফোনটো বাজি উঠিল । দাদাই মোক ক'লে - ফোনটো rcv কৰ আৰু মই শুলো বুলি কৈ দে । মই Rcv কৰিলো - হেল্ল'
- জুবিন, ফোনটো কিয় কাটি দিছিলা।
- হেল্ল' মই দীপাংকৰ । দাদা শুইছে !
- ধেমালি পাইছা নেকি ! জুবিন এতিয়া নুশুৱে । মই পৰেশ অসমে কৈছোঁ । জুবিনক ফোন দিয়া ।
- পৰেশ অসম মানে ?
- মই পৰেশ বৰুৱাই কৈছোঁ ।
চেকেণ্ডতে মোৰ গাত এটা ভূমিকম্পই জোকাৰি দিলে । লগা লগ ফোনটো জুবিন দাৰ হাতত দিলোঁ । হাঁহি এটা মাৰি দাদাই ফোনটো হাতত লৈ ক'লে -
- হেল্ল' কওঁক......
মোৰ গাৰ জোকাৰণি টো তেতিয়া ও শেষ হোৱাই নাছিল। মোৰ জোৰকৈ প্ৰসাৱ কৰিব লাগিল , লগালগ গৈ মই বাথৰূমত সোমালোঁ । অলপ সময়ৰ পিছত হাত মুখ ধুই ওলাই আহি ও দেখিলো যে দাদাই ফোনত কথা পাতিয়েই আছে । সিফালৰ পৰা দাদাক কিবা বুজাই আছে, দাদাই নহয় নহয় কৈ আছে । দাদা লৈ লক্ষ্য কৰিলো - যেন দাদাৰ অলপ খং উঠিছে, মুখত বিৰক্তৰ চিন স্পষ্ট । ১ মিনিট মান পিছত দাদা জকি উঠিল । ফোনতে ৰাম গালি দিছে - সেইবোৰ বাদ দিয়ক, আপুনি মোক এটা কথা কওঁক - ধেমাজিত বোমা দি সৰু সৰু ল'ৰা ছোৱালী কেইটাক কিয় মাৰিলে ? আপুনি কিয় মাৰিলে সিহঁতক ? সিহঁতক মাৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে ???
১ মিনিট মান দাদাই এই কেইটা কথা কৈয়ে চিঞঁৰি চিঞঁৰি ফোনতে গালি পাৰি থাকিল আৰু অলপ পিছত ফোনটো কাটি দিলে । সেই দিনা পৰেশ বৰুৱাই দুনায় আৰু ফোন নামাৰিলে।
মই ও চোফাৰ চুক এটাত বহি ভাবি থাকিলোঁ.... এনেকৈও কোনোবাই পৰেশ বৰুৱাৰ নিচিনা মানুহ এজনক গালি দিব পাৰে নে ?
পৰেশ বৰুৱাক অসমত গালি দিব পৰা কৈ জুবিন দাক বাদ দি আৰু কোন মানুহ ওলাব ?
হয়তো আৰু কোনো জন্ম হোৱা নাই আৰু নহব ও !!
মই কেৱল মাত্ৰ ভাবি থাকিলোঁ ।
দাদা বাহিৰলৈ ওলাই গৈ পেক এটা আকৌ হাতত লৈ সুমাই আহি আমাক ক'লে
- ঐ, বুঢ়া ক সোধা প্ৰশ্নটো কেনেকোৱা পালি ? বুঢ়াই কামুৰিলে মই ও বম কামোৰ দিওঁ ।
অলপ সময়ৰ পিছত মোক কলে - তই দাবিং ৰুমত শুই থাক গৈ যা ।
- শেখৰ গানটো লগাই দে....
মই দাবিং ৰুমত গৈ পৰি দিলোঁ কিন্তু টোপনি নাহিল । কাণত এটা কথাই বাজি থাকিল -
মই পৰেশ অসমে কৈছোঁ.... জুবিনক ফোন দিয়া....
( আগলৈ..... )
বি. দ্ৰ - ফটোত জুবিন দা, মই আৰু চিত্ৰগ্ৰহন কাৰী প্ৰয়াস, মোৰ মিনতি গানৰ ভিডিঅ' চুটিংৰ সময়ত ।
সকলোৱে কমেণ্ট ত #JusticeForZubeenGarg লিখিব । #JusticeForZubeenGarg #ZubeenGarg
Zubeen Garg
No comments:
Post a Comment