Thursday, October 9, 2025

Trinayan Handique FB Wall

 জুবিনৰ  কোনগৰাকী জেঠাইয়েকে প্ৰীতিৰ সুবাস বিলাইছিল ?

********************************************

         " প্রীতিৰ সুবাসে 

           ধুৱাই দিলেহি

           মােৰ এই উদাসী মন

           পাহৰা গীতৰ সুৰে আহি 

           জগালেহি যৌৱন কিয় বাৰু ? "

জুবিন গাৰ্গে গোৱা এই গীতটি আপোনালোকৰ মনত আছে নে ?  এই সুমধুৰ গীতটি লিখিছিল জুবিন গাৰ্গৰ একমাত্ৰ জেঠাইয়েক ৰেণু শৰ্মাই। বৰ্তমান তেখেতৰ বয়স ৮৬ বছৰ আৰু ডিব্ৰুগড়ৰ কুমাৰিণীছিগাৰ স্থায়ী বাসিন্দা। জুবিনৰ জেঠাইয়েকৰ ঘৰখনৰ বিষয়ে মই মোৰ আগৰ গ্ৰন্থবোৰত বিতংকৈ লিখিছোঁ। সেইবাবে ইয়াত আজি বেছি দীঘলীয়াকৈ একো নিলিখোঁ।  জেঠাইয়েকৰ এই ঘৰখনেই এসময়ত জুবিনৰ সংগীতৰ কঠীয়াতলী আছিল বুলি ক'লেও একপ্ৰকাৰে  ভুল কোৱা নহয়।  ৰেণু শৰ্মাৰ বৰপুত্ৰ উৎপল শৰ্মা বৰ্তমান মুম্বাইৰ এজন প্ৰতিষ্ঠিত সংগীত পৰিচালক। যিয়ে জুবিনৰ অনামিকা, মায়া আদি কেছেটৰ সংগীত ব্যৱস্থাপনা কৰিছিল। তেখেতৰ বিষয়ে মই ইতিমধ্যে লিখিছোঁ। বাকী ৰেণু শৰ্মাৰ আনজন পুত্ৰ মৃণাল শৰ্মা আৰু জীয়ৰী নিবেদিতা শৰ্মা বৰা (ৰুমী), সবিতা গোস্বামী (ৰুবী) আদি সকলোৱেই গীত গায়। জুবিনৰ জেঠাইয়েকৰ ঘৰখনৰ লগত মোৰ পুৰণি সম্পৰ্ক। ৰুমী আৰু ৰুবী মোৰ বান্ধৱী। এসময়ত ইহঁত দুয়োজনীৰ লগত মই গীটাৰ বজাইছিলোঁ। এতিয়াও আটাইৰে লগত মোৰ ফোনত কথা হৈ থাকে।

জুবিনৰ জেঠাইয়েকে কেনেকৈ প্ৰীতিৰ সুবাস বিলাইছিল তাকে আজি অলপ লিখোঁ বুলি ভাবিছোঁ। সেইয়া জুবিন গাৰ্গৰ অনামিকা কেছেটটো ওলোৱাৰ আগৰ কথা। এদিন জুবিনে আহি জেঠাইয়েকৰ এই " প্ৰীতিৰ সুবাসে " গীতটি লৈ যায়। জুবিনৰ আকৌ সাংঘাতিক টেলেণ্ট। এই গীতটি তেওঁ নাইট চুপাৰত ডিব্ৰুগড়ৰ পৰা গৈ থকা অৱস্থাতেই সুৰ কৰা। এই গীতটি সুৰ কৰাৰ পাছত তেওঁ এদিন জেঠাইয়েকলৈ ফোন কৰি কৈছিল ----- " তোমাৰ গীতটি মই নাইট চুপাৰতেই সুৰ কৰিলোঁ।  "  জুবিনৰ দেউতাকৰফালৰ প্ৰায়বোৰ লোকেই সাহিত্য - সংগীতৰ লগত জড়িত। ৰুমীৰ বিয়া হৈছিল ১৯৯১ ৰ ৪ ফেব্ৰুৱাৰীত। সিদিনাই মোৰ জুবিনৰ লগত ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ কেংগাৰু হোটেলত পৰিচয় হৈছিল। ৰুমীৰ বিয়াৰ ঠিক আঠমাহৰ পাছত জুবিনৰ সৰু খুড়ায়েকৰ বিয়া হৈছিল। তেতিয়া অনামিকা কেছেটটো ওলোৱাৰ ঠিক প্ৰাক মুহূৰ্তত। ইতিমধ্যে " প্ৰীতিৰ সুবাসে " গীতটিৰ সুৰ হৈ গৈছে আৰু জুবিনৰ মুখত গীতটি শুনি শুনি পৰিয়ালৰ আটাইৰে কণ্ঠস্থ হৈ পৰিছিল। তাতে জুবিনৰ জেঠাইয়েকে লেখা। ( জুবিনৰ সৈতে জেঠাইয়েকৰ এখন আলোকচিত্ৰ সংলগ্ন কৰি দিছোঁ )।  ৰুমীয়ে যেতিয়া বিয়াঘৰত  নকইনা হৈ গৈছিল, তেতিয়া ৰুমীৰ আটাইকেইজন মামা, মাহী, মানে  জুবিনৰ খুড়া আৰু পেহী আনকি আইতাকেও বিয়াৰ আগদিনা ঘৰুৱা বৈঠকিত চিঞৰি চিঞৰি এই গীতটি গাইছিল। এই কথাবোৰ কৈ আজিও ৰুমী বৰ ৰোমাঞ্চিত হৈ পাৰে। এই গীতটি এটি তামাম ৰোমান্টিক গীত।

আজি এই গীতটিৰ বিষয়ে লিখাৰ কাৰণ আছে। কাৰণ আজি গীতিকাৰ ৰেণু শৰ্মাৰ ওপজা দিন। তেখেতে আজি ৮৬ বছৰত ভৰি দিছে। মই তেখেতক "মা" বুলিয়েই সম্বোধন কৰোঁ।

আজি ঈশ্বৰৰ ওচৰত প্রার্থনা জনাইছোঁ যাতে মায়ে দীৰ্ঘজীৱি হওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক। আগন্তুক দিনবোৰত আমি এইগৰাকী মাতৃৰ পৰা আৰু সুন্দৰ সুন্দৰ গীত আশা কৰিলোঁ।

আজি মা'ৰ মনত বহুত দুখ। নিজৰ ভতিজা ল'ৰাটোক হেৰুৱাই মৰ্মাহত। এদিন জুবিনে কৈছিল ------- " জেঠাই, এদিন তোমাৰ আটাইবোৰ গীত মই লৈ যাম "। কিন্তু ................. গল্ডি যেন উভতি নাহিল। সি কাহানিও উভতি নহা এটি বাটেৰে এখন অচিন দেশলৈ গুচি গ'ল।

আজি মায়ে অকলে অকলে টিভিৰ বাতৰিবোৰ চাই নীৰৱে চকুলো টোকে। তেখেতে আজিও জুবিনে ন্যায় পোৱাটোলৈ বাট চাই আছে। মাজে মাজে টিভিৰ বাতৰিবোৰ চাই হতাশ হৈ পৰে। তেতিয়া নিজকেই প্ৰশ্ন কৰে ------- " জুবিনে সঁচাকৈয়ে ন্যায় পাবনে ? " তেখেতৰ অন্তৰত ভিতৰি ভিতৰি এক অগনি জ্বলি আছে। কালি মোৰ পোষ্ট এটাত তেখেতে এইদৰে কমেন্ট দিছিল ....... " সকলোৱে নামঘৰে নামঘৰে,মন্দিৰে,মজিদে দোষীয়ে শাস্তি পাবলৈ চাকি-বন্তি জ্বলাওক।  মানুহ লৈ আশা নাথাকিলে ওপৰৰ জনলৈ ভৰসা কৰিব লাগে। তেওঁ  অতখন ৰাইজৰ প্ৰাৰ্থনা নুশুনাকৈ নাথাকে। "

মই ভাবোঁ আই গৰাকীৰ প্রার্থনা ঈশ্বৰে নিশ্চয় শুনিব আৰু দোষীয়ে উচিত শাস্তি পাব। আজি আপোনাৰ বোৱাৰী গৰিমায়ো কৈছে -------এতিয়া মন মগজু শৰীৰ অন্তৰাত্মা জুৰি মাথোঁ এষাৰেই কথা #আমাক_ন্যায়_লাগে.. "জুবিন গাৰ্গৰ দৰে এক সত্ত্বা অৱহেলিত হ'ব নোৱাৰে"

গৰিমাৰ চকুপানী অথলে যাব নোৱাৰে। আপোনাৰ ভতিজাই ন্যায় পাবই লাগিব। গ্লেডিয়ে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজ ক্ষান্ত নহয়।

শেষত ক'ম ------ "হেপ্পী বাৰ্থদে মা।"

শ্ৰদ্ধাৰে

ত্ৰিনয়ন সন্দিকৈ।

অসম ভৱন,মুম্বাই।

বি. দ্ৰ:- আপোনালোকে পঢ়ি ভাল পালে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...