✍️✍️"এহে নাযাবা নাযাবা সোণ মোকে এৰি থয়"অকস্মাত এজন নতুন উদিয়মান গায়কৰ এই গানটোৱে ৯০ দশকত অসমৰ গাঁৱে ভুইয়ে,চহৰে নগৰে তোলপাৰ লগাইছিল।
📌 যেতিয়া কুমাৰ ভবেশ নামৰ এই নতুন গায়ক জনৰ প্ৰথম খন কেছেটেই সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিল,তেতিয়া জুবিন গাৰ্গ লাহেকৈ জনপ্ৰিয় হব ধৰিছিল হে মাথোঁ,
📌বহুতেই কব ধৰিল জুবিন গাৰ্গক এইবাৰ মানুহে পাহৰি যাব।
📌কিন্তু মোৰ বন্ধু এজনে কৈছিল জুবিন গাৰ্গৰ নিজৰ অনন্য প্ৰতিভা শৈলী আছে,,সম্পূৰ্ণ ব্যতিক্ৰম তেওঁৰ গানৰ কথা সুৰ,আটাইতকৈ ডাঙৰ কথাটো তেওঁৰ সৃষ্টি বোৰ নিজা আছিল।
📌১৯৯৩ চনত মুক্তি পোৱা অনামিকাৰ পৰা আশা, মায়া,সপোনৰ সুৰ,ৰং,স্নিগ্ধ জোনাকৰ গীত সমূহে কিছু সংখ্যক মানূহক হে আকৰ্ষণ কৰিছিল।
📌প্ৰথম অৱস্থাত তেওঁৰ গান বোৰ অসমৰ সকলো জনতাই আঁকোৱালি লোৱা নাছিল।
📌বহুতেই কৈছিল ইমান চিঞৰি টেটো ফালি সাংঘাটিক হুলস্থুল বাদ্য যন্ত্ৰ,, ইলেকট্ৰনিক গীটাৰ বজাই কি গাই এইবোৰ।
📌কিন্তু জুবিনে জানিছিল তেওঁ পাশ্চাত্য সংগীতৰ লগত নিজৰ নিভাজ অসমীয়া সুৰ সংমিশ্ৰণ কৰি সজাই তুলিছিল নতুন মায়াবিনী গীতৰ ধাৰা।
📌মায়া মাথোঁ মায়া,
আশা মোৰ আশা,
নকবা নকবা কোনো কথা,
তুমি জানানে,
নোচোবা হাতেৰে
ৰং তুমি হোৱানে, আদি।
📌জুবিনে অসমত ৰক,পপ সঙ্গীতেৰে ভৰাই তুলিছিল,তেতিয়াও কিন্তু তেওঁ অসমৰ জনতাৰ হিয়াৰ আমঠু হোৱা নাছিল।
📌এই ৰক,পপ সঙ্গীতৰ মাজতেই জুবিন গাৰ্গে বিহু সুৰীয়া আধুনিক গীতৰ কেছেট দুখন মানত কণ্ঠ নিগৰালে,ৰাংঢালি,ৰংমন ,হিয়ামন।
📌হিয়ামনৰ "অ নবৌ অই মোলৈ এজনী ছোৱালী চালি নে নাই",
ঔ ফুলিয়া গালতে,
অ মোৰে ল'ৰাৰ মাক,
ৰাংঢালি কেছেটৰ বিয়পি পৰিলে জানা, ৰূপহী ৰাংঢালী
এইযে জুবিন গাৰ্গে সহজ সৰল ভাষাত গোৱা বিহু সূৰীয়া গীত সমূহে বহুতৰ মন জয় কৰি তুলিলে।
📌তাতোকৈ বেছি তেওঁ সমগ্ৰ অসমৰ শ্ৰোতাৰ মন জয় কৰিলে তেতিয়া, যেতিয়া বিহু গাব পাৰিবনে বুলি ভবা যুৱক জনে "চেনাই মোৰে অই আকৌ বহাগ পালেহি","অই জান অই আকাশখন ধুনীয়া" দৰে বিহু গীতত কণ্ঠ নিগৰায়।
📌বিহুগীত যে ইমান মিঠা হব পাৰে,বিহু গীতে যে সঁচাকৈ অসমীয়াক পাগল কৰিব পাৰে,মন মতলীয়া কৰি তুলিব পাৰে জুবিন গাৰ্গে দেখুৱাই থৈ গল।
📌মোৰ কিন্তু খং উঠিছিল যেতিয়া জুবিন দাই "মৰিলং মৰিলং" দৰে গীত গাইছিল।
📌যিজন ব্যক্তিৰ গানত কবিতা বিচাৰি পাইছিলো,
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
গানে কি আনে সুৰৰ সোপানে সোপানে
প্ৰতি শৰতৰ প্ৰভাতী ফুলে,প্ৰতি মেঘালীৰ নিশা জুনত
জ্বলি উঠা জুই হৈ
জোনাকে কানে কানে আহি কলে
আদি গীতত দেখোন মাথোঁ কবিতাৰ শব্দ,কবিতাৰ ছন্দ আছিল।
📌হিন্দী গীত সমূহত যেতিয়া উৰ্দু শব্দ স্ংযোজন কৰি দিয়ে গীতটো আৰু বেছি ধুনীয়া হৈ পৰাৰ দৰে জুবিনৰ গীতত আছিল মাথোঁ কবিতা।
📌তেওঁৰ গীতত টেক্সী ৱালা,অটো গাড়ী,পেদেল মাৰি,ডিস্ক,দেঞ্চাৰ ভন্টি আদি শব্দ বিচাৰি পোৱা নাছিলো।
📌পিছে এতিয়া বহুতেই প্ৰশ্ন তুলিছে বহু লোক অকস্মাত জুবিন অনুৰাগী কিদৰে হৈ পৰিল,
📌আচলতে তেওঁলোকক কব খোজোঁ একে নিশাই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যদি মানুহ এজন এটা নতুন দলত যোগ দিব পাৰে তেন্তে বছৰ বছৰ ধৰি কোনো এজন ব্যক্তিয়ে জুবিন দাৰ গান শুনি তেওঁৰ অনুৰাগী হব নোৱাৰিব কিয়?
📌সচা অৰ্থত একে দিনাই কোনো ব্যক্তিয়ে নীতি আদৰ্শ ভাল পাব নোৱাৰে আৰু অনুৰাগীও হব নোৱাৰে।
📌আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছিলোঁ ৯০ দশকতেই, তেতিয়া দীঘল চুলিৰে,কাণফুলি,ব্ৰেচলেট পিন্ধা ধুনীয়া লৰাজনৰ সেই গীত টোত,,,
দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনী গন্ধা,আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা।
No comments:
Post a Comment