জুবিনৰ গানৰ গীনিজ অভিলেখ সম্ভৱ!
চৰকাৰে কৰা ভাল নে ৰাইজে সহায় কৰিব ? কওঁকচোন ৰাইজে..
'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ৮ অক্টোবৰ :
'মায়াবিনী' গীতটোৰে এতিয়া জগত জিনিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে তেওঁৰ সমস্ত সংগীত সম্ভাৰেৰে গীনিজ অভিলেখ প্রতিষ্ঠা কৰিব পাৰিব নে? জুবিন গাৰ্গৰ মায়াত আছন্ন সমগ্র অসমীয়াৰ মনত জাগিছে এই প্রশ্ন। জুবিন গার্গে তেওঁৰ ক্ষণস্থায়ী জীৱনটোত ৩৮ হাজাৰতকৈয়ো অধিক গীত গাই থৈ গৈছে। এই সংখ্যা ৪০ হাজাৰৰো অধিক হ'ব পাৰে। জুবিন গাৰ্গৰ প্ৰথমটো ৰেকর্ডিং কৰা গানৰ পৰা তেওঁৰ প্রায় সমস্ত সংগীত সম্ভাৰ যি একেলগে গোটাই থৈ এটা আর্কাইভতৈয়াৰ কৰিছে, সেই বিশাল কলিতাৰ হাতত এতিয়া জুবিন গাৰ্গৰ ৩৮,০০০ ৰেকর্ডিং কৰা গান আছে। হাতীগাঁৱৰ নিজৰ বাসগৃহত তৈয়াৰ কৰা আৰ্কাইভত সেই অমূল্য সংগ্ৰহ ৰাখিছে বিশালে। তদুপৰি এতিয়াও বিশালে জুবিন গার্গে গাই থৈ যোৱা আৰু অনেক গীত, য'ৰ অধিক সংখ্যকেই নতুন; সংগ্রহ কৰিবলৈ বাকী। সেই সকলো গীত সংগ্রহ কৰিলে জুবিন গাৰ্গৰ নামত বিশ্বৰ সৰ্বাধিক গীত ৰেকর্ডিং কৰা শিল্পীৰ গীনিজ অভিলেখ লিপিবদ্ধ হ'বনে?
অৱশ্যেই সেই উত্তৰ ইতিবাচক। যদিহে তথ্যসহ জুবিন গাৰ্গৰ ৩৮ হাজাৰ গানৰ ৰেকর্ডিং গীনিজ কর্তৃপক্ষৰ ওচৰত দাখিল কৰিব পৰা যায়, তেতিয়া অনায়াসে বিশ্বৰ সৰ্বাধিক গান ৰেকর্ডিং কৰা শিল্পীত পৰিগণিত হ'ব জুবিন গার্গ। কিয়নো এতিয়া সেই গীনিজ অভিলেখ আছে আশা ভোছলেৰ নামত। মাথোঁ ১১,০০০ গীতেৰে গীনিজ অভিলেখ নিজৰ হাতৰ ৰাখিছে আশা ভোছলেই।
লতা মংগেশকাৰে তেওঁৰ জীৱনকালত আশা ভোছলেৰ তুলনাত বহু বেছি গান ৰেকর্ডিং কৰিছিল। কোৱা হয়, লতা মংগেশকাৰে ৰেকর্ডিং কৰিছিল ৫০ হাজাৰো অধিক গীত। তেওঁ অর্ধশতিকা জুৰি গীত গাইছিল। ১৯৮৪ চনত গীনিজ অভিলেখ কৰিছিল লতা মংগেশকাৰে। সেই অভিলেখত ১৯৭৪ চনৰ পৰা ১৯৮৪ চনলৈ তেওঁ ৩০,০০০ গান ৰেকর্ডিং কৰা বুলি গীনিজ কর্তৃপক্ষই স্বীকৃতি দিছিল। কিন্তু তেওঁৰ সমসাময়িক গায়ক মহম্মদ ৰফীয়ে আপত্তি উত্থাপন কৰি তেওঁ লতা মংগেশকাৰতকৈ অধিক গীত ৰেকর্ডিং কৰা বুলি দাবী কৰে। তেতিয়া গীনিজ কর্তৃপক্ষই লতা মংগেশকাৰৰ পৰা ৩০,০০০ গীতৰ তথ্য বিচাৰে। পিছে তেওঁ গীনিজ কর্তৃপক্ষক সেই তথ্য যোগান দিয়াত ব্যর্থ হয়। কোনো গৱেষকে লতা মংগেশকাৰৰ কেৱল ৫,২০০ গানৰহে তথ্য উলিয়াবলৈ সক্ষম হয়। লতা মংগেশকাৰে ২০টা ভাষাত তেতিয়ালৈ ৪০ হাজাৰমান গান ৰেকর্ডিং কৰা বুলি ক'লেও তাৰ সম্পূৰ্ণ তথ্য তেওঁৰ ওচৰত নাই বুলি জনাই দিয়ে। ফলত ১৯৯১ চনত গীনিজ কর্তৃপক্ষই লতা মংগেশকাৰৰ সেই অভিলেখ প্রত্যাহাৰ কৰে। আনহাতে মহম্মদ ৰফীয়েও তেওঁ কৰা ৰেকৰ্ডিঙৰ ৫০০০তকৈ অধিক গীতৰ তথ্য যোগান ধৰাত ব্যর্থ হয়। ইয়াৰ পাছত আশা ভোছলেই ২০১১ চনত তেওঁ ৰেকর্ডিং কৰা ২০টা ভাষাৰ ১১,০০০ গীতৰ তথ্য গীনিজ কর্তৃপক্ষৰ ওচৰত দাখিল কৰে আৰু একক, দ্বৈত, কোৰাছসহ সর্বাধিক গীত ৰেকর্ডিং কৰা গীনিজ বিশ্বাভিলেখ তেওঁৰ নামত লিপিৱদ্ধ হয়। সেই অভিলেখ এতিয়াও অক্ষুন্ন আছে।
এনে পৰিপ্ৰেক্ষিতত যদি জুবিন গাৰ্গৰ ৩৮,০০০ গানৰ ৰেকৰ্ডিঙৰ তথ্য গীনিজ কর্তৃপক্ষক দাখিল কৰা হয়, তেন্তে অৱলীলাক্রমে সেই বিশ্বাভিলেখ আহিব জুবিন গাৰ্গৰ নামত। তাৰ বাবে অডিঅ'-ভিডিঅ' প্রমাণ যোগান ধৰিব লাগিব আৰু তাৰো পূৰ্বে জুবিন গাৰ্গৰ সমস্ত সংগীত সম্ভাৰ তালিকাভুক্ত কৰিব লাগিব। জুবিন গাৰ্গৰ গীতৰ সমস্ত সম্পদ গোটাই ৰখা বিশাল কলিতাৰ বাবে অকলে এই কেইটা কাম কৰা সহজ নহয়। তাৰ বাবে দীঘলীয়া সময়ৰো প্রয়োজন। তদুপৰি অডিঅ'-ভিডিঅ' প্রমাণ সাজু কৰাটো ব্যয়বহুল আৰু সময়সাপেক্ষ কাম। সেই প্ৰমাণ পৰীক্ষা কৰাৰ বাবে ব্রিটেইনৰ পৰা গীনিজ কর্তৃপক্ষক আমন্ত্রণ জনাব লাগিব। সেই ভ্রমণত ৬-৮ লাখ টকাৰ প্ৰয়োজন। সেয়ে যদি কোনো জুবিনপ্রেমী অথবা সংগঠন কিম্বা ৰাজ্য চৰকাৰে এই পদক্ষেপ হাতত লয়, তেন্তে সেয়া সহজ হৈ পৰিব। অৱশ্যেই এই কাম বিশাল কলিতাক বাদ দি সম্পূৰ্ণ কৰা অসম্ভৱ। কিয়নো জুবিন গাৰ্গৰ সমগ্র জীৱনৰ সংগীত সম্ভাৰ সংৰক্ষণ কৰি ৰাখিছে জুবিনপ্রেমী বিশালে।
No comments:
Post a Comment