এবাৰ পঢ়ি চাব ভন্টী এগৰাকীয়ে ইমান ধুনীয়া কৈ লিখিছে। 🙏🙏🙏🙏🙏🙏
◆ মৃত্যুৰ দিনা গাবলৈ গান ( নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন।
◆ প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন। আজি তিনিদিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন।
◆ 'ভাৰত চৰকাৰে কি দিবহে মোক! আমিহে ওলোটাই চাহ দিছোঁ, গড় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ' বুলি বুকু ফিন্দাই ক'ব পৰা মানুহ আছিল জুবিন।
◆ এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক, চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন।
◆ গান গোৱা মানুহ এজনে চিনেমা এখন বনালে। তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন।
◆ 'মোৰ মৃত্যুত সাতদিন বন্ধ হ'ব' বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন।
◆ তিনিজন অন্ধ লোক জুবিন গাৰ্গক সৰুসজাইলৈ চাবলৈ আহিছিল। তেওঁলোকে জানিছিল, ভালকৈয়ে জানিছিল যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই। বুকুৰ পোহৰেই যথেষ্ট ।
◆ হাজাৰ হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰ'ফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে- ' ঐ উৎপাতবোৰ কমকৈ কৰ। একদম হুলস্থুল নকৰিবি'- মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।
সেইজন মানুহ গ'লগৈ। আৰু এজন জুবিন গাৰ্গ নোলায় সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰেই হ'বলৈ মানুহবোৰক শিকাই থৈ গ'ল।
এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নব্বৈ বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে সেয়া কেৱল জুবিনেহে শিকাই থৈ গ'ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ চিকিউৰীতি গাৰ্ডজনে কলপাতত ফুল কেইপাহমান লৈ ৰৈ থাকিল। কুকৰকেইটা, বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰুসজাই পালেগৈ, মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি কান্দি চলালে গাড়ী... এয়া কেৱল জুবিনেহে পাৰিছিল।
'মানুহ হোৱাৰ সমান ধৰ্ম নাই' এয়া কেৱল জুবিনে শিকাব পাৰিছিল। দৈনিক এশটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিকছ পাহৰি, মেচিন হ'বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে- এই চকুপানী কেৱল জুবিনৰ বাবে আছিল।
এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ'লেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও
' মোৰ অৱৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি! ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোঁনো কি'
©গায়ত্ৰী প্ৰান্তিক শৰ্মা।
No comments:
Post a Comment