জংকীৰ মৃত্যুত দায়ী বুলি ভৱা ককায়েকজন-
২০০২ চন,মই তেতিয়া তেজপুৰ চিভিল হস্পিতালত চিকিৎসক আছিলোঁ। সেইদিনা মই দিনৰ কৰ্তব্যৰ পাছত জৰুৰী চিকিৎসাৰ ৰোগীক চাবলৈ চিকিৎসালয়লৈ গৈছিলো। সাধাৰণতে বিহুৰ সংগীতানুস্থান, দুৰ্গাপূজা আদিৰ সময়ত চিকিৎসালয়ত পথ দুৰ্ঘটনা হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়। গৈ দেখিলো কিবা দুৰ্ঘটনাৰ নিহত হোৱা মানুহ চাবলৈ তাত মানুহৰ বহুত ভিৰ।মই ভিৰ চেৰাই ভিতৰলৈ গ’লোঁ আৰু দেখিলোঁ —
অসমৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। এটি সৰু শিশুৰ দৰে চিকিৎসালয়খনত কান্দি-কাটি ইফাল সিফালে দৌৰাদৰি কৈ চিঞৰি চিঞৰি কৈ আছে
- “মাইনা সঁচাকৈয়ে মৰিল নে ঔ? কি হৈ গ'ল ঔ!”
চিকিৎসালয়খনত যেন বজ্ৰ পৰিছে। মানুহ স্থবিৰ।
গম পালো — তেওঁৰ অতি আদৰৰ ভন্তী, জংকী দুৰ্ঘটনাগ্ৰস্তহৈ মৃত্যু মুখত পৰিছে। বৰ দুখজনক পৰিস্থিতি তাত। তেতিয়া আমি চিকিৎসকসকলে ভয় খাইছিলোঁ — জুবিনৰ মানসিক অৱস্থা বৰ বিপজ্জনক। মৰমৰ ভন্তীক হেৰুৱাৰ শোকত তেওঁ ভাঙি পৰিছে। জুবিনৰ চকুত সেই সময়ত মাথো শূন্যতা। পাছত যেনিবা জুবিনৰ অন্য কিবা হোৱাৰ আশংকা কৰি আমাৰ চিকিৎসকলৰ কমনৰুমত সুমুৱাই বন্ধ কৰি ৰখা হ'ল।
ভাগ্যৰ খেল দেখোন কিমান অদ্ভুত!
জংকী যাত্ৰা কৰা গাড়ীখনৰ পৰা মাত্ৰ কেইমিনিটমান আগতে জুবিন নামি গৈ জংকীক উঠাই দিছিল — বাদ্যযন্ত্ৰ বজোৱাসকল থকা বাছখনত উঠি আদ্দা দিবৰ বাবে। তাৰ বাবেই জুবিন বাছি গৈছিল সেই মাৰাত্মক দুৰ্ঘটনাটোৰ পৰা।
এই ঘটনাৰ পিছত তেওঁ বহুত দিন শান্তিতে থাকিব নোৱাৰা হ'ল। হয়তো সেই ঘটনাটোৰ পৰা জুবিনে নিজকে দোষী সজাই অতিমাত্ৰা মদ খাবলৈ লৈছিল। অতি সংবেদনশীল মানুহ আছিল তেওঁ।
মই এই ঘটনাটোৰ পিছতে উঠি অহা সুন্দৰ গায়িকা জংকীৰ বিষয়ে আৰু বিহুৰ সময়ত শিল্পীসকলে সংগীতানুস্থানলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত লব লগা সাৱধানতাৰ বিষয়ে বাতৰিকাকতত লিখিছিলো। মোৰ লিখাটো বাতৰিকাকতত প্ৰকাশ হোৱা দিনাই জুবিনে মোৰ লিখাটোৰ বাবে মোক ধন্যবাদ জনাই কিছু কথাৰে এছএমএছ পঠাইছিল দুবাৰ - পুৱা আৰু সন্ধিয়া।
জুবিনে সাধাৰণতে ফোন নকৰে। এছএমএছহে পঠায়। এবাৰেই মোম্বাইৰ পৰা মোৰ লগত ফোনত কথা হৈছিলো।
তাৰ পিছতো মোৰ কলাগুৰু বিষ্ণুৰাভা, কিউবা, চে গুৱাভেৰা, ফিডেল কাষ্ট্ৰৰ বিষয়ে লিখা বাতৰি কাকতত প্ৰকাশ হওঁতে জুবিনে এছএমএছ কৰিছিল। মই জুবিনৰ আগ্ৰহ বুজি পাই, সমাজবাদী আদৰ্শৰ ওপৰত লিখা দুখন কিতাপ উপহাৰ হিচাবে দিছিলো।
এইবোৰেই জুবিনকলৈ মোৰ জীৱনত অন্তৰঙ্গ স্মৃতি হৈ ৰ’ব।
জুবিন গাৰ্গ — কেৱল এজন গায়ক নহয়, অনুভৱৰ গভীৰতাত জীৱনৰ সুৰ গঢ়াৰ লগতে অভাৱী মানুহক সম্বল দিয়া এজন কোমল হৃদয়বান মানুহ। এজন শিল্পী, যাৰ গানে অসমৰ প্ৰতিখন গাঁও-চহৰ-নগৰত থকা জাতি-ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ, সকলো বয়সৰ মানুহৰ প্ৰাণত এক সুকীয়া অনুভুতি জগায় তোলে। তেওঁৰ বুকুত সোমাই থকা দুখীয়া-নিছলা মানুহৰ প্ৰতি সঁচা আন্তৰিকতা, দায়বদ্ধতাৰ পৰা পোৱা মানবীয় প্ৰমূল্যবোধ, তেওঁৰ অধ্যয়ন আৰু ভাষাজ্ঞানে তেওঁৰ কথা আৰু সুৰকো সমৃদ্ধ আৰু অনন্য কৰি তুলিছে। জীৱনৰ সুৰ, দুখৰ সুৰ, প্ৰেমৰ সুৰ—সেইয়া মোৰ মৰমৰ,অসমবাসীৰ অতি মৰমৰ জুবিনৰেই।
জুবিন গাৰ্গ আছিল সুৰৰ উপাসক - সত্য আৰু অনুভৱৰ যোদ্ধা।
ভন্তী জংকীৰ অকাল বিদায়ে তেওঁৰ জীৱনৰ ভিতৰত এটা বেদনা গঢ়ি তুলিছিল,
যাৰ সুযোগ লৈ অসৎ মানুহে তেওঁৰ কোমল আত্মাটোক ধ্বংসৰ দিশে ঠেলি দিছিল।
তেওঁ অকালতে আতৰি যোৱা এক শিল্পী, কিন্তু তেওঁৰ গীতে সদায় আমাৰ মাজত জীয়াই ৰাখিব। তেওঁৰ কথা অসমবাসীৰ বুকুৰ প্ৰতিটো ধ্বনিত বাজি একতাৰ দোলৰে বান্ধি ৰাখিব —
“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজঙ্ঘা।”
তেওঁৰ গীতবোৰে আমাক সদায় কৈ থাকিব-
“মই এতিয়াও আছোঁ তোমালোকৰ হৃদয়ৰ ভিতৰত,
যেতিয়া তোমালোকে মোৰ গানবোৰ শুনা, মই তাতেই আছো।”
ডাঃ অজিত পটঙ্গীয়া
#ZubeenGarg #zubeen #JusticeForZubinGar
No comments:
Post a Comment