'জগা' আৰু ড.মনমোহন সিং
কৈশোৰ-যৌৱন ,আনকি নব্বৈৰ দশকত জীৱনৰ অৰ্ধ-শতাব্দী চুওঁ চুওঁ অৱস্থাতো আমাক গীতেৰে মোহাচ্ছন্ন কৰি ৰখা ব্যক্তিসকল আছিল ড.ভূপেন হাজৰিকা , লগতে ড.বীৰেন্দ্ৰ নাথ দত্ত , খগেন মহন্ত , দীপালি বৰঠাকুৰ , দীপেন বৰুৱা আদি ৷ সেই মোহগ্ৰস্ততাৰ পৰা আমি আজিও মুক্ত হ’ব পৰা নাই আৰু জীৱন কালত হোৱাৰ সম্ভাৱনাও নাই ৷
নব্বৈৰ দশকত মোৰ ওচৰ সম্পৰ্কীয় বি.বৰুৱা কলেজৰ এগৰাকী ছাত্ৰীক , যেতিয়াই লগ পাওঁ , তাই সিহঁতৰ কলেজত পঢ়া জপৰা চুলিৰ এজন ছাত্ৰৰ সঙ্গীতৰ প্ৰতিভাৰ কথা ইমান উচ্ছাসেৰে আমাক কয় যে মই তাইৰ সৈতে ধেমালি কৰোঁ - তোৰ ক্ৰাশ নেকি ? ওৰ ত’ৰ পৰা বাগৰি অহা খবৰৰ পৰা পৰা গম পাইছিলোঁ ল’ৰাজনৰ নাম জুবিন , ভাল গান গায় বোলে , ল’ৰাজনৰ আচল নাম জীৱন বৰঠাকুৰ ৷ ( পৰৱৰ্তী কালতহে গম পাইছিলোঁ জীৱন নহয় , জুবিন বৰঠাকুৰহে আছিল ) তাৰ পাছৰ পৰা যেতিয়াই আত্মীয় ছোৱালীজনীক লগ পাও , মই আচল নামটো অলপ সলনি কৰি তাইক জোকাওঁ- ঐ তোৰ ‘জগা’ৰ খবৰ কি ? তোৰ ক্ৰাশৰ নাম জগা বৰঠাকুৰহে ৷ তাইৰ বিৰাট খং - ʼজগাʼ ʼজগাʼ কৰি নাথাকিব ৷ তেওঁৰ নাম জুবিনহে ৷ গীত শুনিলে গম পাব জুবিন কি ৷ মই তেতিয়ালৈকে শুনা নাছিলোঁ ৷
আমাৰ দৰে বহু প্ৰবীণৰ বাবে প্ৰথম অৱস্থাত হয়তো ভাব হৈছিল -এইবোৰ কম বয়সীয়া ল’ৰা-ছোৱালীক অবাটে লৈ যোৱা এক অপসংস্কৃতি , দুদিন চলিব ,তাৰ পিছত শেষ , আকৌ নতুন কিবা এটা আহিব ৷ আমি বুজি পোৱা নাছিলো যে অসমীয়া গীত-মাতৰ পৰা আঁতৰি গৈ বলীউড অথবা ¸ পাশ্চাত্য সঙ্গীতৰ মাজতহে জীৱনৰ মাদকতা বিচাৰি পোৱা এটা নতুন প্ৰজন্মই জুবিনৰ মাজত হঠাতে আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ নতুন ঠিকনা ৷ সেই সময়ত প্ৰায়েই গাড়ীৰে দুলীয়াজান আৰু গুৱাহাটীৰ মাজত অহা-যোৱা কৰা হয় ৷ বুঢ়া পাহাৰৰ ওচৰৰ ধাবাত গাড়ী ৰখাওঁ ৷ সৰু সৰু দোকানবোৰত স্পীকাৰত বাজি থকা গীতবোৰত দেখোন থমকি ৰ’বলৈ বাধ্য হৈ পৰিছোঁ , ঐ কেছেট এটা দিয়াহে , এইদৰেই দুলীয়াজান -গুৱাহাটী যাত্ৰাৰ সঙ্গী হৈ পৰিল- অনামিকা , মায়া , পাখি আদি ৷ বুজি পাবলৈ অসুবিধা হোৱা নাছিল ড.ভূপেন হাজৰিকাৰ পিছত এক নতুন প্ৰতিভাৰ জন্ম হৈছে ৷ তাৰপিছত আৰু সেই আত্মীয় ছোৱালীজনীক ‘ তোৰ ʼজগাʼৰ খবৰ কি ’ বুলি জোঁকোৱা নাই ৷ অকপটে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলোঁ যে সিহঁতে ঠিকেই চিনিছে জপৰা চুলিৰ ল’ৰাজনক , আমিহে ধৰিব পৰা নাছিলো ৷ আৱিষ্কাৰৰ মাদকতাত ২০০১ চনত একেখন ৰচনাতে ভূপেনদাৰ লগতে লিখিছিলোঁ জুবিনৰ কথাও গুৰুত্ব সহকাৰে ৷ জুবিনক গুৰুত্ব দিয়াৰ বাবে বহুতে বেয়া পাইছিল ৷
সামগ্ৰিকভাৱে অসমৰ বৌদ্ধিক জগতখনে কিন্তু [ ব্যতিক্ৰম বাদ দি ] জুবিনৰ প্ৰতিভাক চিনি পালে তেওঁৰ মৃত্যুৰ পিছতহে , তাকো নিজৰ কোনো বৌদ্ধিক বোধোদয়ৰে তেওঁৰ অৱদানক মূল্যাঙ্কণ কৰি নহয় ৷ তেওঁৰ মৃত্যুত ওলাই অহা লাখ লাখ মানুহৰ বাবেহে মুখামুখি হ’বলগীয়া হ’ল এক অবাক উপলব্ধিৰ- ‘ যিগৰাকী ব্যক্তিৰ মূত্যুত লাখ লাখ মানুহ ওলাই আহে , তেওঁ কেতিয়াও সাধাৰণ মানুহ হ’ব নোৱাৰে , তেওঁ সাধাৰণ নহয় ৷’ লাখ লাখ মানুহেহে অৱশেষত বৌদ্ধিক জগতৰ বাবেও জুবিনক অসাধাৰণ হিচাপে গ্ৰহণযোগ্য কৰি তুলিলে ৷ নহ’লে হয়তো তেওঁৰ অসাধাৰণ প্ৰতিভা আৰু অৱদান স্বত্বেও বৌদ্ধিক জগতখনৰ বাবে জুবিন এজন সাধাৰণ গায়ক হিচাপেই ৰৈ গʼলহেতেঁন ৷ কথাষাৰ ভাবিলেই বুকুখন হমহমাই যায় আৰু নতশিৰ হৈ সাধাৰণ জনগণক হাতযোৰ কৰি ক’বলৈ মন যায় - প্ৰতিভাক চিনি পোৱাৰ ক্ষেত্ৰত বুদ্ধিজীৱীতকৈ আপোনালোকৰ বোধশক্তি বহুত ওপৰত ৷ আপোনালোক নহ’লে বুদ্ধিজীৱীয়ে জুবিনক মৃত্যুৰ পিছত ক’ত পেলাই দিলেহেতেঁন ভাবিবলৈকে ভয় হয় ৷ আজি বহুতে হেতা-ওপৰা কৰিব পাৰে , কিন্তু মনত ৰাখিব জুবিনৰ পেটেন্টৰ প্ৰকৃত অধিকাৰ অকল আপোনালোকৰ ৷
জুবিনৰ পৰিঘটনাই দেখুৱাই দিলে যে প্ৰতিভাক চিনাৰ জ্ঞান বুদ্ধিজীৱীৰ মগজুত নহয় ঃ সাধাৰণ মানুহৰ মাজতহে আছে ৷ জুবিনে প্ৰকাৰান্তৰে আমাক বুদ্ধিজীৱীৰ প্ৰতি মোহাচ্ছন্ন ন’হবলৈও সকীয়াই থৈ গ’ল নেকি ? জুবিনৰ মৃত্যুৰ প্ৰেক্ষাপট ৰচনাৰ ক্ষেত্ৰত এক বৌদ্ধিক -সাংস্কৃতিক-ৰাজনৈতিক চিন্দিকেটৰ অৰিহণা আছে বুলি এতিয়া সৰ্বত্ৰ চৰ্চিত ৷ মৃত্যুৰ পিছত পুনৰ হত্যা কৰিবলৈ বা নিজৰ একচেতিয়া সম্পত্তি কৰি ল’বলৈ আন তেনে কোনো চিন্দিকেট যাতে তৎপৰ হৈ নুঠে ,তাৰ দায়িত্ব ল’ব লাগিব প্ৰকৃত জুবিন অনুৰাগীসকলেই ৷ জুবিন এনে সংকীৰ্ণ স্বাৰ্থৰ সুযোগসন্ধানী চিণ্ডিকেটতকৈ বহু বেচি বিশাল , বহু বেচি উদ্ধৰ্ত ৷ তাক খৰ্ব হ’ব দিব নোৱাৰি ৷
বৌদ্ধিক জগত সমাজ-সাহিত্য-ৰাজনীতি সকলোৰে একছত্ৰী বিচাৰক , সহজতে চকুত নপৰা দিশবোৰ সঠিকভাবে চিনাক্ত কৰাত সিদ্ধহস্ততাৰ স্বঘোষিত সম্ৰাট ৷ কিন্তু কি আশ্বৰ্যকৰ কথা সেই বৌদ্ধিক জগতখনে সূদীৰ্ঘকাল সদায় দেখি থকা ঘৰৰ ল’ৰাজনৰ বিশালতাৰ উমানেই নাপালে ৷ নে উমান পাইও তেওঁ যে এজন সাধাৰণ গায়ক সেই কথাহে তেওঁলোকৰ অৱজ্ঞা আৰু আচৰণৰে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিলে ? ভাগ্যভাল সাধাৰণ জনগণে সেই প্ৰয়াস ব্যৰ্থ কৰি দিলে ৷ অন্যথা , জুবিনকো ইতিহাসত সীমাৱদ্ধ কৰি ৰখা হ’লহেতেঁন এনে এক বৌদ্ধিক স্বীকৃতিৰে - ‘ তেওঁও বিশেষকৈ ডেকা-গাভৰুৰ মাজত জনপ্ৰিয় কেইটামান গীত গাইছিল ৷ গায়ক হিচাপে তেওঁৰ এক আকৰ্ষণীয় কণ্ঠ আছিল ৷’ He also sang .সিমানেই ৷ উ: কি বিচিত্ৰ আৰু নিৰ্মম এই বৌদ্ধিক মায়াজাল ৷ কিন্তু কিয় ? জুবিনৰ ক্ষেত্ৰত এই প্ৰশ্নৰ গভীৰলৈ গ’লে আশ্বৰ্যকৰভাৱে মোৰ মনলৈ আহে এগৰাকী সন্মানীয় প্ৰতিভাশালী ব্যক্তিৰ নাম ৷ ড.মনমোহন সিং ৷ জুবিনৰ বৌদ্ধিক স্বীকৃতিৰ সৈতে ড.সিঙৰ সম্পৰ্ক কি ? এই বিষয়ে পিছৰ পোষ্টত লিখিম
অৱশেষত এই কথা স্বীকাৰ নকৰাকৈ থকা নাযায় যে জুবিনে চিকমিকনিৰ আঁৰত লুকাই থকা চিণ্ডিকেটৰ বহুতৰে প্ৰকৃত স্বৰূপ উদঙাই দিলে ৷ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে এই কথাও উপলব্ধি নকৰাকৈ থকা নাযায় যে চিন্দিকেটধৰ্মী বৌদ্ধিক জগতখনকো তেওঁ কিন্তু কম উদঙোৱা নাই ৷ স্বীকাৰ কৰোঁ নে নকৰোঁ সেয়া বেলেগ কথা ৷ ই নিৰ্ভৰ কৰিব নাকৰ দৈৰ্ঘৰ ওপৰত ৷
- আগলৈ
No comments:
Post a Comment