"জুবিন দা ছিংগাপুৰত ঢুকালে, কিন্তু ইয়াত থাকিলেও ঢুকালে হয় | হাস্পতাল গৈ নাপালেই, ৰিপৰ্ট বনাবলৈহে লৈ গৈছিল জুবিন দাক | ইণ্টাৰনেলি জুবিন দা একেবাৰে ঠিক নাছিল | য়টৰ পৰা জুবিন দাক পানীত নামিবলৈ কেইবাজনেও উতসাহ দি আছিল | সেই সময়ত মই সমুদ্ৰত সাঁতুৰি আছিলোঁ | দূৰৰ পৰা মই দেখি আছিলো জুবিন দাক | লাইফ জেকেট নোহোৱাকৈয়ে পানীত নামি সাঁতুৰি আছিল | প্ৰায় ৫০ মিটাৰ দূৰত মই আৰু ১০০ মিটাৰমান দূৰত সিদ্ধাৰ্থ আছিল | হঠাতে দাদা তলমূৰ কৰি পানীত ওপঙি থকা দেখি মই ওচৰ চাপি গৈ দাদাক ধৰিলোঁ | মূৰটো ওপৰলৈ উঠাই দিয়াত দাদাৰ মুখেৰে বমি ওলাই আহিছিল, নাকেৰেও পানী ওলাই আহিছিল | মই কি হৈছিল একো ধৰিবই পৰা নাছিলোঁ | কল্পনাই কৰিব পৰা নাছিলোঁ, দাদাৰ এনেকুৱা কিবা এটা হ'ব | এনে অৱস্থাত মই চিঞৰি য়টত থকাসকলক মতাত লগে লগে কোচগাৰ্ড এজনে সাঁতুৰি আহি জুবিন দাক ধৰিলে | তেনেদৰে দাদাক য়টলৈ উঠাই দিয়া হ'ল |"
সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য শেখৰৰ | এতিয়া শেহতীয়াকৈ লাইফ জেকেট নোহোৱাকৈ জুবিন দাই সাগৰত সাঁতুৰি থকা দৃশ্যৰ ভিডিঅটোত ভাগৰুৱা দেহাৰে সাগৰৰ পানীত সাঁতুৰিবলৈ চেষ্টা কৰা জুবিন দাক য়টত থকা একাংশই বেছি দূৰ সাঁতুৰিব নালাগে বুলি চিঞৰি উভতি আহিবলৈ আহ্বান জনাইছিল যদিও জুবিন দাৰ কিছূদূৰত নৌকাবিহাৰ কৰি থকা সিদ্ধাৰ্থই হাত দেখুওৱাই য়টত থকা মানুহখিনিক মনে মনে থাকিবলৈ অৰ্থাত পৰোক্ষভাৱে সিদ্ধাৰ্থই বাধা প্ৰদান কৰিছিল | ভিডিঅটোত দেখা অনুসৰি এনডি ২৪ সংবাদকৰ্মীয়ে দেখুওৱাই দিয়া পইণ্ট অনুসৰি ইয়াৰপিছত কোচ গাৰ্ডৰ সহায়ত লেবেজেন হৈ ভাগৰুৱা জুবিন দাই যেতিয়া সাতুৰি ৰবৰৰ ডিগ্গী এখনত হাত দি সেইসময়ত প্ৰাণৰক্ষা কৰি উঠিবলৈ চেষ্টা কৰিছিল তেতিয়া ওচৰতে পিছত লাইফ জেকেট পিন্ধি সাঁতুৰি থকা সিদ্ধাৰ্থই জুবিন দাৰ অৱস্থাটো নিৰৱে চাই আছিল আৰু লাহেকৈ জুবিন দাক ধৰিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ দিশে (সম্ভৱত: শেখৰে কোচগাৰ্ড) ৰ দিশে লাহেকৈ ওচৰলৈ নাই দূৰৈৰ পৰাই লাইফ জেকেট এটা পানীত ঠেলি দি জুবিন দাক বচাবলৈ চেষ্টা কৰাৰ সলনি সিদ্ধাৰ্থই কাষেৰে সাঁতুৰি সেই স্থানৰ পৰা সম্ভৱত: য়টখনৰ দিশে আগবাঢ়ি গৈছিল | এতিয়া এনডি ২৪ সংবাদকৰ্মীয়ে দিয়া তথ্য অনুসৰি জুবিন দাই হেনো চিংগাপুৰলৈ যোৱাৰ পূৰ্বে সিদ্ধাৰ্থক কৈছিল যে তেওঁ কেতিয়াবা সময়ত ঔষধ খাবলৈ পাহৰি যায় সেয়ে সিদ্ধাৰ্থক সময় হলে ঔষধ খোৱাৰ কথাটো স্মৰণ কৰি দিবলৈ কৈছিল কিন্তু সিদ্ধাৰ্থই সেয়া জুবিন দাক স্মৰণ কৰি দিয়া নাছিল যাৰফলত যি ঔষধ জুবিন দাই এবেলাও ঔষধ নখোৱাকৈ থাকিব নালাগে এনেস্থলত সেই বেমাৰ হৈ থকা ব্যক্তিজনে দুদিন ধৰি ঔষধ খোৱা নাছিল |
শেখৰে পুণৰ সংবাদ মাধ্যমৰ সন্মুখত কয়:-
"জুবিন দাক য়টলৈ উঠাই অনাৰ পিছত প্ৰত্যক্ষ কৰিছিলোঁ জুবিন দাৰ ওঁঠ নীলা হৈ গৈছে | ভৰিৰ আঙুলি নীলা হৈ পৰিছে | কেইবাবাৰো চিপিআৰ দিয়াৰ পিছতো সুস্থ নোহোৱা জুবিন দাক লৈ যোৱা হৈছিল চিকিতসালয়লৈ | জুবিন দা পানী-জুইৰ ওচৰলৈ যাব লাগে নে নালাগে, মই নাজানোঁ | দাদাই কি দৰৱ খাব লাগে সেই কথাও মই নাজানোঁ | এইবোৰ কথা সিদ্ধাৰ্থই জানে | আগদিনা ৰাতি জুবিন দাই মোক পুৱা সাগৰলৈ যাম সোনকালে উঠিবি বুলি কৈছিল | দাদাৰ পুৱা মানে দুপৰীয়া | দাদাই আমাৰ কথা নুশুনে, নিজৰ মতেই কৰে | সাগৰত নমাৰ ক্ষেত্ৰতো মই বাধা দিলেও নুশুনিলেহেঁতেন | কাৰণ য়টত থকা কেইবাজনেও জুবিন দাক পানীত নামিবলৈ উতসাহ দি আছিল | তেনেস্থলত এজন মানুহৰ কথা ক'ত শুনিব? জুবিন দাক পানীত নমাত সিদ্ধাৰ্থই বাধা দিয়াৰ কথা মই শুনা নাই |"
ইয়াত এটা মোৰ প্ৰশ্ন হয় মেনেজাৰ হিচাপে সিদ্ধাৰ্থই জুবিন দাৰ বেমাৰৰ সকলোবোৰ কথা জানিছিল তেনেস্থলত যেতিয়া চিকিতসকে জুবিন দাক পানীত যাবলৈ বাধা দিছিল সদায় ঔষধ খাব দিছিল সেইক্ষেত্ৰত সিদ্ধাৰ্থই জুবিন দাক পানীত যাবলৈ কিয় বাধা দিয়া নাছিল তাৰোপৰি সময়মতে ঔষধ দিয়া নাছিল ইয়াৰ ৰহস্য কি? মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ সেয়া দায়িত্ব নহয়নে যে জুবিন দাৰ কেয়াৰ লোৱা কাৰণ জুবিন দা কোনো সাধাৰণ ব্যক্তি নহয় | আনন্দ-ফূৰ্ত্তিতে সিদ্ধাৰ্থই সকলো পাহৰি গৈছিল নে এয়া পৰিকল্পিত আছিল?
আনহাতে সংবাদ মাধ্যমত দিয়া শেখৰৰ এই ভাষ্যৰ বিপৰীতে কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত একাংশই সমগ্ৰ ভাষ্য বিপৰীত বুলিহে মন্তব্য কৰিছে | সামাজিক মাধ্যমত বহুতে অভিযোগ কৰিছে যে সমুদ্ৰৰ পানীত জুবিন দা এক ছেকেণ্ডৰ বাবে নহয়, কেইবা মিনিট ধৰি তলমূৰকৈ স্থিৰ হৈ আছিল, ক্ৰমাত পানীৰ তললৈ সোমাই যোৱা জুবিন দাই কেইবাজনেও বহু কষ্ট কৰিহে ওপৰলৈ তুলি আনি ৰবৰৰ ডিগ্গী এখনত তুলিবলৈ সক্ষম হৈছিল | অৰ্থাত ভগ্ন শৰীৰৰে পানীত সাঁতুৰিবলৈ চেষ্টা কৰা জুবিন দাৰ পানীৰ মাজতে ছিজাৰ অহাত তেওঁ পানীৰ তললৈ সোমাই গৈছিল | ছিজাৰ অহাৰ সময়ত জুবিন দাৰ অস্থিৰ শৰীৰ বা অস্বাভাৱিক আচৰণক তেওঁৰ ওচৰত শেখৰ, সিদ্ধাৰ্থ ইত্যাদি কোনো লোকে তিলমাত্ৰ গুৰুত্ব নিদিলে | ভিডিঅ' শুনিবলৈ পোৱা গৈছিল যেতিয়া ভাগৰুৱা আৰু লেবেজান হৈ প্ৰাণৰক্ষা কৰিবলৈ ৰবৰৰ ডিগ্গীত জুবিন দাই হাত দি উঠিবলৈ চেষ্টা কৰিছিল তেতিয়া এগৰাকী যুৱতীয়ে ৱাও বুলি চিঞৰিছিল মানে সিঁহতৰ বাবে পানীত লেবেজান হৈ থকা জুবিন দা মনোৰঞ্জনৰ কাৰক আছিল | যাৰফলত সকলোৰে গাফিলতিৰ কাৰণে এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'বলৈ পালে | এতিয়াও আহো পুণৰ শেখৰে সংবাদ মাধ্যমক দিয়া মন্তব্যলৈ:-
"দিল্লীত জুবিন দাৰ নশ্বৰদেহ অৰ্পনৰ পিছতেই সিদ্ধাৰ্থই মোক কৈছিল আমি দিল্লীত থাকিব লাগিব অথবা কলকাতা হৈ শ্বিলঙলৈ যাব লাগিব | তাৰ ছিটুৱেচন (অসম) খুব ভাল নহয় | কিন্তু মই ইয়াত আপত্তি কৰি কলোঁ | মই কিয় অসমলৈ নাযাম? মোৰ কি দোষ? লুকাই চুৰকৈ মই থাকিব নোৱাৰো বুলি কোৱাত মোক এৰি সিদ্ধাৰ্থ আঁতৰি গ'ল....জুবিন দাৰ মৃত্যুৰ পিছত যে মোৰ প্ৰয়োজন নাই, তাক স্পষ্ট কৰি দিছিল সিদ্ধাৰ্থহঁতে | জুবিন দাক চিকিতসালয়লৈ নিয়াৰ পিছত পুৱতি নিশা ৪ বজালৈ ছিংগাপুৰ আৰক্ষীয়ে আমাক জেৰা কৰিছিল | পাছত হোটেল আহি পাওতেই শ্যামকানুৱে আমাক দেখা কৰিছিল | ইয়াৰোপৰি বহু সময়ত আমি জুবিন দাৰ শাৰীৰিক অৱস্থালৈ চাই কিছু কথাত বাধা দিছিলোঁ | যদিও সিদ্ধাৰ্থই এইবোৰ দিশ আমি চাব নালাগে বুলি সোঁৱৰাই দিছিল | যোৱা এবছৰৰ পৰাই দাদাৰ শাৰীৰিক ভাগৰৰ কথা মই দেখি আহিছিলোঁ | কিন্তু মানসিকভাৱে দাদা যথেষ্ঠ সক্ৰিয় আছিল | যিহেতু দাদাৰ এটাৰ মেনেজমেণ্ট টীম আছে | গতিকে এই বিষয়বোৰ তেওঁলোকে চাই আছে বুলি মই আঁতৰি আছিলোঁ....জুবিন দাৰ বেংকত কিমান টকা জমা আছে সেয়া গৰিমা বৌ অথবা মেনেজমেণ্ট টীমহে জানে | যদি ১০ টকা আছে বুলি সেয়াও আমি মানি ল'ব লাগিব | কিন্তু কিছুবছৰ পূৰ্বে জুবিন দাই এটা প্ৰপাৰ্টী ক্ৰয় কৰিব বিচাৰিছিল | খাৰঘূলিত অৰ্ধনিৰ্মিত এটা ঘৰ ক্ৰয় কৰিব বিচাৰি জুবিন দাই সিদ্ধাৰ্থক ফোন কৰি প্ৰপাৰ্টীটোৰ কথা কৈছিল | কিন্তু এই প্ৰপাৰ্টীটো কিনিবলৈ বেংকৰ লোন নাপাব অথবা তেওঁৰ হাতত টকা নাই বুলি সিদ্ধাৰ্থে স্পষ্ট কৰি দিছিল | যাক লৈ জুবিন দা ক্ষুদ্ধ হৈ পৰিছিল আৰু ফোন দলিয়াই কান্দি মোক কৈছিল ৩০ বছৰ গান গাই ৫ কৌটি টকাৰ মানুহ নহলোঁ | সৰু লৰাৰ দৰে আছিল দাদা, কিবা এটা বস্তু পছন্দ হ'লে তেওঁক লাগিবই | তেনেধৰণৰ আছিল তেওঁ |"
শেখৰে জুবিন দাৰ বেংকৰ যিখিনি তথ্য এই ইণ্টাৰভিউটোৰ শেষত আগবঢ়াইছে সেয়া সম্পূৰ্ণ মিছা বুলি ক'ব নোৱাৰি | এনডি ২৪ ৰ সংবাদ মাধ্যমে দিয়া তথ্য অনুসৰি জুবিন দাৰ টকাৰ লেনদেন চোৱাচিতা কৰিছিল সিদ্ধাৰ্থ আৰু গৰিমা বৌৱে | এন ডি ২৪ সংবাদ মাধ্যমে এটা দিশ আঙুলিয়াই আৰু তেওঁলোকে অনুসন্ধান কৰি উমান পায় যে জুবিন দাই যিমান বছৰ গান গালে সেইমতে তেওঁৰ বেংকত ৭২ কৌটিতকৈ অধিক টকা থাকিব লাগিব কিন্তু যেতিয়া এন ডি ২৪ সংবাদ মাধ্যমে অনুসন্ধান কৰি গম পায় যে জুবিন দাৰ এটা একাউণ্টত মাত্ৰ ১০ হাজাৰ টকা আছে | জুবিন দাই নিজৰ টকা খৰছ কৰি চলচ্চিত্ৰ নিৰ্মাণ কৰে সেয়া হয় কিন্তু ইমান টকা কোনোবাই হৰলুকি কৰি আছে সেয়া হয়টো জুবিন দাই জনা নাছিল আৰু জুবিন দাৰ টকাৰ লেনদেন কৰা সাধাৰণ মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা হ'ল এনেধৰণৰ:-
√ জুবিন গাৰ্গৰ সকলো সা-সম্পত্তি এখেতে বেদখল কৰি কোটি কোটি টকাৰ মালিক ,
√ গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া হোটেল Royal Heritage ,
√ ছয়গাওঁত কেইবা কোটি টকীয়া পানীৰ কোম্পানী ,
√ গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট ,
√ গুৱাহাটীৰ দাতাল পাৰাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট ,
√ গুৱাহাটীৰ Zoo Road ত Music Management Office ,
√ ২০২৩ চনৰ পৰা Music Management ৰ প্ৰধান পৰিচালক ,
(অমিত কুমাৰ দাস এজন ব্যক্তিয়ে নিজৰ ফেচবুক ৱালত দিয়া সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি তালিকা)
এই সকলোবোৰৰে মাজত আমাৰ কেইটামান প্ৰশ্ন হ'ল প্ৰকাশিত ভিডিঅ'বোৰ খণ্ড খণ্ডকৈ কিয় ভাইৰেল কৰা হৈছে? সম্পূৰ্ণ ভিডিঅ'টো কিয় প্ৰকাশ কৰা নাই? ইয়াৰ আঁৰৰ ৰহস্য কি? আন এক দিশ হ'ল যে ছিংগাপুৰত জুবিন দাৰ ম'বাইলেৰেও তেওঁৰ বিভিন্ন সময়ৰ ফটো ভিডিঅ' কৰা হৈছিল | য়াটত চলা পাৰ্টীৰো ভিডিঅ' লৈছিল জুবিন দাৰ ম'বাইলযোগে | লক্ষণীয়ভাৱে জুবিন দাৰ মৃত্যুৰ পিছত তেওঁৰ ফোনটো হস্তগত কৰি থৈছে সিদ্ধাৰ্থই | আনকি জুবিন দাৰ ভাতৃ সন্দীপনে সিদ্ধাৰ্থক বাৰীম্বাৰ ম'বাইল ফোনটো খোজাৰ পিছতো সিদ্ধাৰ্থই ফোনটো ওভতাই নিদিলে | কি উদ্দেশ্যত সিদ্ধাৰ্থই জুবিন দাৰ ফোনটো লগত ৰাখি থলে? ছিংগাপুৰৰ পৰা বাৰাম্বাৰ স্পষ্টীকৰণ দাঙি ধৰিবলৈ চেষ্টা কৰা শ্যামকানুৱে দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিতসালয়লৈ নিয়াৰ পিছতো জুবিন দাৰ ওচৰত কিয় থিয় দিয়া নাছিল? এই ঘটনাৰ বিষয়ে এতিয়াও সাংবাদিক প্ৰণয় বৰদলৈ আৰু জুবিন দাৰ ভাতৃ সন্দীপন গাৰ্গ কিয় মৌন হৈ আছে?
মোৰ ধাৰণা মতে আৰু সকলো তথ্য তথা সিদ্ধাৰ্থৰ সম্পত্তিৰ তালিকা দেখি সন্দেহ হয় যে জুবিন দাই হয়টো উমান পাইছিল যে তেওঁৰ টকা সিদ্ধাৰ্থ আৰু আন কোনো আত্মীয়ই হৰলুকি কৰি আছে আৰু এই কথাত সিদ্ধাৰ্থই তথা তেওঁৰ সহযোগী সকলে অনুভৱ কৰিছিল সেয়ে সকলো ফাদিল হোৱাৰ ভয়ত সিদ্ধাৰ্থ আৰু তেওঁ সহযোগী সকলে এই জুবিন দা অৰ্থাত আমাৰ মহানায়কৰ হত্যাৰ পৰিকল্পনা কৰিছিল | কাৰণ ইমান প্ৰমাণ থকাৰ পিছত এয়া কোৱাটো ভূল যে এয়া কোনো প্ৰাকৃতিক মৃত্যু হ'বই নোৱাৰে লগতে সিদ্ধাৰ্থৰ লগত শ্যামকানু জড়িত যে আছে সেয়া ইতিমধ্যে ফাদিল হোৱা তথ্যৰ জৰিয়তে প্ৰমাণিত হৈছে কিন্তু এই ঘটনাত শেখৰ আৰু অমলপ্ৰভা জড়িত আছে নে নাই সেয়া কঠোৰতাৰে তদন্তৰ আওতালৈ আনিব লাগে | হিতেশ দেৱ শৰ্মাই নিজৰ ফেচবুক ৱালত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এইদৰে লিখে:-
"জুবিনৰ সম্পত্তিৰ হৰলুকী হৈছিল | হয়তো জুবিনে গম পাইছিল বা গম পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল | তেওঁৰ মৃত্যু কাৰোবাৰ কাম্য হৈ পৰিছিল |" মই ভাবো এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আমাৰ মাজতে আছে কাৰণ ইমান ডাঙৰ ঘটনা আৰু পৰিকল্পনা অকলে কৰা সম্ভৱ নহয় | সেই মাষ্টাৰমাইণ্ডজন আমাৰ মাজতে ঘৰিয়ালৰ চকুপানী টুকি আছে | ইতিমধ্যে চৰকাৰে প্ৰথম পদক্ষেপ লৈ এই ঘটনাত জড়িত শ্যামকানুক ব্লেকলিষ্টেড কৰিছে | মই ভাবো শ্যামকানুক ব্লেকলিষ্ট কৰাই নহয় সিদ্ধাৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰি পিছলৈকে অসমতে নিষিদ্ধ কৰি দিব লাগে | ইতিমধ্যে এক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শ্যামকানুৱে নিজকে বচাবলৈ কেইবাজনো অধিবক্তাৰ জৰিয়তে ন্যায়লয়ত জামিন আৱেদনৰ প্ৰস্তুতি কৰিছে লগতে সামাজিক মাধ্যমত খবৰ পোৱা মতে তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়াও সুকলমে চলি আছে | তাৰোপৰি সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে সকিয়নি দিছে যে জুবিন দাৰ ন্যায়ৰ নামত যাতে জুবিন ফেন ক্লাবে কোনো সমদল নুলিয়াই আৰু চৰকাৰৰ এই কথাত মান্তি হৈ জুবিন ফেন ক্লাবৰ সংগীত পৰিচালক অজয় ফুকনে আৰক্ষীৰ ওচৰত লিখিত প্ৰতিশ্ৰুতি দিছে | এই সমগ্ৰ ঘটনাৰ পৰা এটা কথাই শিকিব লাগে যে সকলোকে নিজতকৈ অধিক বিশ্বাস কৰিব নালাগে যাৰ ফল কেতিয়াবা ভূগিবলগীয়া হয় আৰু জুবিন দাৰ পবিত্ৰ তথা কোমল হৃদয়ে সেই ভূলে কৰিলে | আগৰ আমাৰ ককা-আইতা হতে এষাৰ কথা কৈছিল "অচিন কাঠত নলগবা ঠুৰা"
(তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকত আৰু ND 24 সংবাদ মাধ্যমৰ ৰ পৰা সংগৃহীত আৰু ফটোখন মেনেজাৰ সিদ্ধাৰ্থৰ সৈতে জুবিন দা)
No comments:
Post a Comment