Wednesday, September 24, 2025

সোণেৰে সজোৱা পজা

                        সোণেৰে সজোৱা পজা

জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

এধানী এধানী কৈ
মেদিনী হেৰাই
সাতোৰঙী ৰামধেনু
ডাৱৰত লুকাই
কোনেও নুবুজে কাকো
নিজকে ধিয়াই
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

বুঢ়ী আইৰ জুহালতে
চকুলো শুকাই
দেউতাৰো একে দশা
পদুলিলৈ চায়
বহুদিন হ’ল
সৰুবোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি
জোন তৰা নাই
হালৰ গৰু গোহালিতে
পথাৰো শুকাই
ৰাতি হ’লেই গুলিৰ শব্দই
ৰজন্ জনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

স্বাধীনতাৰ বুজ লওঁতেই
এশ বছৰ গ’ল
বিষ্ণু জ্যোতিৰ
জোনাকীৰ দেশ
এতিয়াও নহ’ল
মানৱৰ মাজতে আজি
দানৱৰ হুংকাৰ
পঢ়া শুনা সংস্কৃতি
সকলো অশাৰ
এইয়া জানো সপোন আছিল
কুৰি শতিকাৰ
সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ

সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

এধানী এধানী কৈ
মেদিনী হেৰাই
সাতোৰঙী ৰামধেনু
ডাৱৰত লুকাই
কোনেও নুবুজে কাকো
নিজকে ধিয়াই
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোনে আজি সাজিবহি
পাৰিব দুনাই…

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...