ʼঘেন্টা-কবিতাʼ
সমালোচকসকলে কবিতাৰ কি কি শ্ৰেণী-বিভাগ কৰিছে মই নাজানো , কিন্তু হোমেন বৰগোহাঞিয়ে ʼএশ বছৰৰ অসমীয়া কবিতা ʼ বোৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এনে কিছু ভাগত ভাগ কৰিছে- জীৱনৰ ৰহস্য , জীৱনৰ সাধনা , জীৱনৰ কাহিনী , প্ৰকৃতিৰ ৰহস্য, প্ৰেমৰ বিচিত্ৰ আৱেগ , অনিৰ্বচনীয় অভিজ্ঞতা , ব্যাখ্যাতীত বিষাদ , অস্তিত্ব-পীড়া , বিদ্ৰোহ আৰু প্ৰতিবাদ , স্মৃতি আৰু স্বপ্ন ,দেশপ্ৰেম আৰু সহজ সুখৰ সুধা ৷ জুবিনৰ সম্ভ্ৰান্ত সাংস্কৃতিক অনুষ্ঠানত জখলা বগোৱা , গোৰ মাৰি গেট ভাঙি পেলোৱা আদি আচৰণৰ আঁৰৰ শ্লেষ আৰু ক্ষোভৰ কাহিনীবোৰৰ কথা এতিয়া সকলোৰে জ্ঞাত৷ বৰগোহাঞিৰ সঙ্কলনখনত ʼবিদ্ৰোহ আৰু প্ৰতিবাদ ʼ বুলি ভাগ এটা থাকিলেও , তাত জুবিনে ব্যৱহাৰ কৰা ʼ ঘেন্টা ʼ শব্দ আৰু বিচিত্ৰ আচৰণেৰে প্ৰকাশ কৰা ভণ্ডামিৰ প্ৰতি শ্লেষ প্ৰতিফলিত নহয় ৷ সেয়েহে জুবিনৰ প্ৰতি সন্মান জনাই , মই কবিতাৰ এক নতুন ভাগৰ প্ৰস্তাৱ কৰিলোঁ , যাৰ নাম দিব বিচাৰিছোঁ ʼ ঘেন্টা কবিতাʼ৷ এই শ্ৰেণীৰ কবিতাৰ বৈশিষ্ট্য হʼব - সামাজিক , বৌদ্ধিক , সাহিত্যিক , ৰাজনৈতিক , ধৰ্মীয় আদি সকলো ভণ্ডামিৰ প্ৰতি জুবিনসুলভ এক বেপৰোৱা তীব্ৰ শ্লেষ ৷ কালি ৰাতি প্ৰথম ʼ ঘেন্টা কবিতাʼ এটাৰ ৰূপ এনেদৰে মনলৈ আহিল ৷ʼঘেন্টা-কবিতাʼ নামৰ সঙ্কলন এখনেৰে জুবিনক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ কোনোবাই উদ্যোগ লʼব পাৰে এই বেলি গ্ৰন্থৰ বতৰত ৷
ঘন্টা-চহৰ
মই কোন বুজাবলৈ কাকতৰ পৃষ্ঠা চেনেলৰ প্ৰাইম টাইম দৰ্কাৰ নাই
সেইবোৰৰ মালিকক মই চিনি পাওঁ
বেচিভাগেই শিয়াল
মই কোন যদি জানিব বিচাৰিছ মোৰ মুখেৰেই শুন
মই ভালপোৱাৰ এক অটল সমুদ্ৰ
ইমান গভীৰলৈ ইহঁতে ঢুকি নাপায়
মই গোট মাৰি বৰফৰ শিল হোৱা কাঞ্চনজঙ্ঘা
ভণ্ডামিৰ প্ৰতি ভ্ৰুকুটি
দেখিলেই শিলেৰে খহটা অস্ত্ৰ সাজি আঘাত কৰোঁ
চেনেহৰ পৰশত গলি গৈ নিমিষতে মই ভালপোৱাৰ সমুদ্ৰ হওঁ
মোৰ যিবোৰ আচৰণ অসামাজিক বুলি
ভদ্ৰ শিয়ানবোৰে কোৰ্হাল কৰি হাত তালি লয়
মোৰ আচৰণ সেই ভদ্ৰ সমাজৰ প্ৰতি
দুখন ভৰিৰ নিমিলা চেণ্ডেলৰ কোব
মই ঘেন্টা কেয়াৰ কৰোঁ ইহঁতক
ঐ
ইহঁতৰ লগত থাকি থাকি আমনি লাগিছে মোৰ
শ্মশানলৈ গৈ অলপ জিৰণি লওঁ
তহঁতে অকলে নেৰিবি দে মোক
ভদ্ৰ ভণ্ড নথকা এখন নতুন জগতৰ সপোন দেখি দেখি
মই শুই থাকিম মায়াবিনী ৰাতিৰ বুকুত
তহঁতে ওৰে ৰাতি গুণগুণাই গাই থাকিবি মোৰ নিজানৰ গীতবোৰ
গছৰ ডালবোৰত আঁৰি দিবি ঘন্টা
ভণ্ড শিয়াল দেখিলেই বজাই দিবি একেলগে
যাতে ভয়তে আঁতৰি যায়
ঘেন্টা মানুহৰ প্ৰৱেশ নিষেধ কৰিম এই ঘন্টা-চহৰত।।
No comments:
Post a Comment