Monday, September 29, 2025

নীলিম কুমাৰ FB wall

 সিদিনা গৰিমা শইকীয়া গাৰ্গক লগ কৰি কবিতা এটি দিলোঁ ৷

কবিতাটো হাতত তুলি দিয়াৰ সময়ত কৈছিলোঁ “ তুমিও এটি কবিতা ...."


গৰিমা

======


জুবিনক লৈ কবিতা লিখিলোঁ

কিন্তু কাষতে আছিল গৰিমা

গৰিমাও এটি মহৎ কবিতা 


জুবিন আছিল এখনি সাগৰ

গৰিমা এটি হ্ৰদ


সেই হ্ৰদে এতিয়া

দূৰৰ এখনি পাহাৰৰ পিনে চাই থাকিব

চাই থাকিব শূন্য এখন আকাশলৈ


এতিয়া গৰিমাই

সেই শূন্য আকাশখনৰ নাম থ’ব প্ৰেম

এতিয়া গৰিমাই 

বোবা পাহাৰখনৰ নাম থ’ব প্ৰেম 


গৰিমাই এতিয়া

স্মৃতিৰ আলমাৰীটোৰ নাম থ’ব

 দুখ

গৰিমাই এতিয়া

ধৈৰ্য্যৰ বাকছটোৰ নাম থ’ব 

দুখ


গৰিমাই এতিয়া

শূন্য বিছনাখনৰ নাম প্ৰেম নথয়

এতিয়া গৰিমাই

সকলো প্ৰেমৰ নাম থ’ব 

দুখ


গৰিমাও এটি মহৎ 

কবিতা


জুবিন এখনি সাগৰ

গৰিমা গভীৰ হ্ৰদ !


++++

২৫ -০৯ -২০২৫

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...