যিজন জুবিন লুকাই থাকিল :
জুবিনৰ প্ৰতি মই প্ৰথম আগ্ৰহান্বিত হৈছিলোঁ বহুদিনৰ আগতে কোনোবা এখন পেপাৰত জুবিন সন্দৰ্ভে প্ৰকাশিত এটা লেখাৰ পৰা ৷ লেখাটোৰ বিষয়বিস্তু আছিল - অধ্যয়ন পিপাসু জুবিন । তাতে পঢ়িছিলোঁ কলিকতাৰ কোনোবা এটা লাইব্ৰেৰীত সংগীত বিষয়ক এখন দুষ্প্ৰাপ্য কিতাপ আছিল । সেই কিতাপখন পঢ়া মানুহ একদম কম । সেই কমসংখ্যক মানুহৰ ভিতৰত এটা নাম হ’ল জুবিন গাৰ্গ ।
অধ্যয়নশীল মানুহৰ প্ৰতি মোৰ আগৰেপৰা ভীষণ আকৰ্ষণ আছে ৷ অৱধাৰিতভাৱেই সেই লেখাটো পঢ়াৰ পিছত মোৰ মনত জুবিনৰ প্ৰতি ভীষণ আকৰ্ষণৰ সৃষ্টি হ’ল। পিছলৈ গম পালোঁ জুবিনে ভীষণ কিতাপ পঢ়ে ।
জুবিনক মই ভাল পোৱাৰ অলেখ কাৰণৰ ভিতৰত এইটো এটা কাৰণ ।
ইমান বিশাল গভীৰ অধ্যয়ন থকাৰ বাবেহে জুবিনৰ কণ্ঠই সেই বিশালতাকে প্ৰতিনিধিত্ব কৰে । জুবিনে নিজে লিখা গানৰ সংখ্যা কিমান ?
কোনোৱে এই মূহূৰ্তত সঠিক হিচাপ দিব নোৱাৰে ।
এইকেইদিন লিখিবলৈ এৰি জুবিনৰ অলেখ সাক্ষাৎকাৰ আৰু ভিডিওত মজি আছোঁ । তেনেই সাধাৰণযেন লগৰ ভিডিওবোৰৰ মাজতো মই এজন নতুন জুবিনক পাইছোঁ । প্ৰচুৰ জ্ঞানৰ অধিকাৰী এই মানুহজনক আমি চিনি পোৱাত দেৰি কৰিলোঁ ।
মন কৰিবচোন জুবিনে যিকোনো বিতৰ্কত হঠাতে অদ্ভুত কথা এষাৰ কৈ দিছিল ৷ অসমীয়াই ধ্ৰুপদী ভাষাৰ মাৰ্যাদা পাওঁতে জুবিনে কৈ উঠিছিল - অসমীয়া ভাষাক ধ্ৰুপদীৰ স্বীকৃতি দিবলৈ কি আছে ? এইটো চলিয়েই আছে । মই অসমীয়া কৈ আছোঁ।
এনে এটা জটিল বিষয়ত জুবিনেহে মাত মাতিব পাৰে । এটা কাৰণেই পাৰে কাৰণ জুবিনে বিষয়টোৰ সন্দৰ্ভে অধ্যয়ন কৰিছে । জুবিনে বহুসময়ত কথাবোৰ সাঁথৰৰ দৰে কৈছিল ৷ এইটো অনুমান কৰিব পাৰি ৰীতা বাইদেউৰ পডকাষ্টটোত জুবিনে কোৱা এটা বাক্যৰ পৰা ৷ ৰীতা বাইদেৱে অলপ জটিলকৈ কোৱা কথা এষাৰৰ উত্তৰত জুবিনে কৈছিল - এইবোৰ কথা মানুহে নুবুজিব ৷
অৰ্থাৎ জটিল বিষয় একোটাক জুবিনে সহজকৈ উপস্থাপন কৰি গ’ল । তেওঁৰ গীতবোৰক আমি সৰ্বদা ৰোমাণ্টিক আধুনিক গীত বুলিয়েই শুনি গৈছোঁ । তাক পৃথককৈ সাহিত্যিক বিশ্লেষণ কোনোদিনেই কৰা নাই । কিন্তু এতিয়া কৰিবই লাগিব । বিশেষকৈ জুবিনে নিজে লিখা গানবোৰক । এইখিনি অসমীয়া সংগীতৰেই নহয় অসমীয়া সাহিত্যৰো অমূল্য সম্পদ হ’ব । জুবিনৰ গানবোৰ বিহংগম দৃষ্টিত ৰোমাণ্টিক গান একোটা মাত্ৰ । কিন্তু তেনে গীতৰ কথাংশৰ গভীৰতাত অৱগাহন কৰি মুল সূত্ৰবোৰৰ অনুসন্ধান কৰিবই লাগিব । আজিৰ দিনটোত জুবিনৰ গীতৰ বিশ্লেষণ কৰি কোনো এখন আলোচনীৰ এটা সংখ্যা বা কিতাপ এখন প্ৰকাশ কৰাৰ কথা যদি চিন্তা কৰা হয় তেন্তে তেনে লেখা বৰ্তমানেও শূন্য হৈ আছে । ৰুমাল গীতটোত ৰুমালক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰি ব্যৱহাৰ কৰা Allusionৰ জুবিনৰ কৌশলী কলমক আৱিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী বিষয় । একেদৰেই " ৰ’দ আজি কেনি পাওঁ " ত ব্যৱহাৰ কৰা Oxymoron কৌশলক আমি কেইজনে উপলব্ধি কৰিছোঁ ? শব্দ যদি বৰ্ণবৃক্ষ গীতটোৰে জুবিনে যি বিদ্ৰোহ ঘোষণা কৰিছিল তাক আমি বুজি পালোঁ নে ?
জুবিনে লিখা গানবোৰ একো একোটা সোণ চেকুৰা । প্ৰেম এক মছলাহে তাত । পাকৈত ৰান্ধনিৰ ৰন্ধনত ব্যৱহাৰ কৰা উপাদানৰ ওপৰত গভীৰ জ্ঞান থকাৰ বাবেই সুমিষ্ট খাদ্য ৰান্ধিব পাৰে । একেদৰেই বিষয়বস্তুৰ ওপৰত গভীৰ দখল থকাৰ বাবেই জুবিনৰ গানে বুকুত শিপাব পাৰিছিল ।
এইখিনি কথা মনলৈ আহিল কালি । কোনোবা এগৰাকী বিদেশী শিল্পী ( ? ) ৰ আগত জুবিনে ইংৰাজীতে পাতি থকা এটা কথোপকথন দেখাৰ সৌভাগ্য হ’ল । তাত জুবিনৰ এষাৰ কথাত মই ৰৈ গ’লোঁ । ভিডিওটো মই লগে লগে ভাষা তথা লিপিৰ গৱেষক সন্মানীয় ভাস্কৰ বৰদলৈ দাদালৈ প্ৰেৰণ কৰিলোঁ । তেনেই সৰু কিন্তু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা তথ্য জুবিনে কৈ আছিল । মই আচৰিত এই তথ্যটো জুবিনে জানিলে কি দৰে ?
তথ্যটো হ’ল - অসমত ২৫০ টা জাতি জনজাতি আছে যাৰ সৈতে জুবিনে কাম কৰিছে ।
তথ্যটো সম্পূৰ্ণ শুদ্ধ নহয় কিন্তু প্ৰায় শুদ্ধ , যিটো ইংৰাজীত আমি Near perfect বুলি ক’ব পাৰোঁ । অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য দৰাচলতে বিশ্বৰ ভিতৰতে সৰ্বাধিক । জুবিনৰ বৰ অসমৰ ধাৰণাটো যদি আমি গ্ৰহণ কৰোঁ তেন্তে অসম ( উত্তৰ পূৰ্বাঞ্চল )তে বিশ্বৰ ভিতৰতে ভাষা ঘনত্ব সৰ্বাধিক -
২২০ টা ( ভাষা পিয়লৰ তথ্য অনুসৰি )
এইটো তথ্য ভাষাৰহে । জনগোষ্ঠীৰ সংখ্যা ইয়াতকৈ অধিক । বহু জনগোষ্ঠীয়ে কালৰ সোঁতত নিজৰ ভাষা হেৰুৱাই পেলালে - সোনোৱাল কছাৰী ,চুতীয়া ,মৰাণ আদি সকলৰ নিজস্ব পৃথক ভাষা নাই । এওঁলোকে কোৱা অসমীয়া ভাষাটো সামান্য পৃথক মাত্ৰ । ভাস্কৰদাই ক’লে ২২০ টা ভাষাৰ লগত এনে জনগোষ্ঠী তুমি আৰু দহৰ পৰা বিশটা যোগ কৰিব পাৰা । অৰ্থাৎ জুবিনে কোৱা ২৫০ ৰ ওচৰাওচৰি ।
এয়া গড় হিচাপত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ভাষা ঘনত্ব ।
আচৰিত কথা নহয়নে ?
য’ত গৱেষকসকলে অধ্যয়ন অনুসন্ধানৰ এটা দীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে গৈ এই তথ্যটোত উপনীত হৈছে তাত জুবিনে গানৰ মাজেৰেই এইখিনি লাভ কৰিছে । HE IS THE KING
স্বীকাৰ কৰিবই লাগিব ।
এইজন জুবিনক আমি কিমান জানোঁ ? জুবিনে কৈ যোৱা Nothingness ৰ কথা তেওঁৰ কোনখিনি গানত উহ্য হৈ আছে এইখিনি গৱেষণা কৰাৰ প্ৰয়োজন আছে । এটা স্বীকাৰ কৰোঁ - জুবিনৰ গীতৰ তত্ত্ব বিছাৰ ইমান সহজ নহ’ব। কাৰণ জুবিনৰ জ্ঞান ইমান গভীৰ যে তেওঁ সেই একোটা তত্ত্ব তথা সিদ্ধান্তক ৰঙীন চোলা পিন্ধাই অতি সাধাৰণলোকেও ভাল পোৱাকৈ উপস্থাপন কৰিব জানিছিল । এইবোৰ মাষ্টাৰক্ৰাফ্ট ।
সেয়ে তেওঁ জুবিন ।
No comments:
Post a Comment