Tuesday, September 30, 2025

হেমন্ত শৰ্মা FB Wall

 📌এজন ব্ৰাহ্মণৰ সন্তানে

,নিজৰ লগুন ডাল চিঙি  "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগবান নাই "বুলি ৰাজহুৱাকৈ ঘোষনা কৰিব পৰা,আৰু দেখুৱাই দিয়াটো কম সাহসৰ কথানে?

শ্যামকানু বোলা  জনৰ ঘৰত কাম কৰা এজন অসমীয়া ব্যক্তিয়ে শ্যামকানু বোলা জনৰ ঘৰত কাম কৰে বুলি কবলৈ লাজ লাগে বুলি কোৱা শুনিলোঁ।

চিঃচিঃ ...তোমালোকৰ লাজ লগা নাই নে? বৰং আমাৰ নিজকে ব্ৰাহ্মণ বুলি কবলৈ লাজ লাগিছে।

লগুন চিঙাৰ সময়ত,ঘেন্টা প্ৰভূ ঈশ্বৰ বুলি কোৱাৰ সময়ত,মহ বলী বন্ধ হব লাগে বুলি কোৱাৰ সময়ত আমি কিমান সমালোচনা কৰিলোঁ,উচ্চ বৰ্ণৰ মানুহ বুলি গপতে ওফন্দি থাকিলোঁ।আজি জুবিনৰ মৃত্যুৰ  ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজনৰ নাম প্ৰথমৰ পৰা মন কৰকচোন- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ (নে চেখৰ) গোস্বামী,সন্দিপন গাৰ্গ,অম্ৰিতপ্ৰভা মহন্ত ,পৰোক্ষ ভাবে নাম ওলাইছে নিশিতা গোস্বামী...হাঃহাঃহাঃ..জুবিনৰ ভাষাৰে কবলৈ গলে আজিৰ প্ৰজন্মই চিঞৰিবই "আমি কি ঘেন্টাৰ উচ্চ জাত?",। কোনো উচ্চ জাতৰ মানুহে এনে কাম কৰিব পাৰেনে বাৰু?কি কাৰনে মাৰিলা - লগুন চিঙি আমাৰ বামুন, গোসাঁই, মহন্ত সকলক অপমান কৰা কাৰনে, নে প্ৰভূ ঈশ্বৰক ঘেন্টা বুলি কোৱা কাৰনে, নে ৰঙালীৰ নিচিনা বৃহত মঞ্চ এখনত ৰাজহুৱাকৈ আপোনালোকক মদাহী বুলি কোৱা কাৰনে,নে জুবিনৰ টকা পইচাখিনি আত্মসাত কৰিবলৈ??কিয় কিয়?

 এতিয়া আমাৰ পিছৰ প্ৰজন্মই আমাক প্ৰশ্ন কৰিব, আমাক লগুন ডাল কিয় দিয়া হয়? ব্ৰাহ্মণ মানে কি,আমি কি উত্তৰ দিম? জুবিনেই নিয়ম ভঙাৰ কথা কৈছিল,আমিও জুবিনৰ অনুৰাগী।জুবিনৰ বহু কাজক আমি ভাল পোৱা নাছিলোঁ,বহু কাম কাজ কথা কাণ্ড আমি ভাল পাইছিলোঁ।জুবিনৰ সুৰাপান কৰাৰ অভ্যাসটো আমি বেয়া পাইছিলোঁ,সমালোচনা কৰিছিলোঁ,লগুন চিঙা কামটো বেয়া পোৱা নাছিলোঁ,প্ৰসংশা কৰিছিলোঁ।

মই নিজেও ব্ৰাহ্মণৰ সন্তান। মোৰ লৰাকো লগুন দিছোঁ,কিন্ত লগুন দিয়া সময়তে বুজাই দিছিলোঁ, এয়া আমাৰ পৰম্পৰাহে,লগুন ডাল তুমি ৰাখা নাৰাখা তোমাৰ কথা।জুবিনৰ মৃত্যুয়ে আমাকো সাহস দিছে।জুবিনৰ সাহসতেই বলিয়ান হৈ আজি মইও ৰাজহুৱাকৈ ঘোষনা কৰিলোঁ- মোৰ পৰিয়ালৰ   নতুন প্ৰজন্মৰ কোনোবাই লগুন নলওঁ বুলি কলে মোৰ কোনো আপত্তি নাথাকিব।

জয় জুবিন দা ♥️♥️

   বহু কথা ভাবিব পাৰি,কব নোৱাৰি।মই নিজেই বামুন কাৰণে নিজৰ দায়িত্ব নিজে লৈ কব পাৰিছোঁ,কৈছোঁ।বাকী নিজৰ নিজৰ কথা।

  শব্দখিনিকেই ফুল বুলি জুবিনলৈ আগবঢ়ালোঁ।

জুবিনেই কৈ গৈছে, প্ৰতি দিনেই তুমি ,দিবা আহি এপাহি ফুল...❤️

লিখনি 👉🏼হেমন্ত শৰ্মা।

শিৱসাগৰ।

আপোনাৰ অনুভৱ প্ৰকাশ কৰক ❤️❤️🙏🏼🙏🏼

#viralpost2025シ 

#JusticeForZubeen 

#জুবিন 

#জুবিন_গাৰ্গ_অমৰ_হওক 

#highlightseveryonefollowers 

#postviralシ

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...