নক্ষত্ৰৰ মৃত্যু নাই, ইমানেই বেছি কৈ দি গৈছে যাৰ অন্ত নাই। আমি কি দিলোঁ ?
ডঃ ভূপেন হাজৰিকা।
ডঃ জুবিন গাৰ্গ।
শান্তনা লৈছোঁ এনে কথা ভাবি, নামৰ আগত যে কিবা এটা লিখিবলৈ পালোঁ।
সৰগত হয়তো উৎসৱ পাতিছে
জ্যোতি বিষ্ণু ককাইদেউ হতঁৰ গাত হয়তো তত নাইকিয়া জুবিনক আদৰিবলৈ।
ভূপেন দাই হয়তো কৈছে, আহ আহ ইয়াতেই আছে শান্তিৰ বতাহ।
চিঞৰি চিঞৰি কাকোৱেই কব নালাগে, মোৰ ধৰ্ম নাই মোৰ জাতি নাই বুলি। ইয়াত সেই বোৰ একোৱেই নাই, আছে কেৱল মানৱতা । মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে...... ময়ো চিঞৰি চিঞৰি গাইছিলোঁ জুবিন, মঞ্চে মঞ্চে মানুহে বুজিকে নাপালে।
জুবিন,, সেই ফালে চাচোন জয়ন্তই গীতাৰ খন লৈ কি যে মিঠা সুৰ দি আছে.... মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম......
জংকী য়ে হয়তো ককাইদেউ আহিছে বুলিয়েই সাৱটি ধৰি আনন্দত আত্মহাৰা হৈ পৰিছে। সৰগত আজি মহা মিলনৰ উৎসৱ! নীৰবতাৰ কোলাহল.....!! নিশব্দৰ সমদল....!!
শংকৰ মাধৱ গুৰু দুজনাৰ পৰা আৰম্ভ কৰি আজান ফকীৰ আমি সকলোৱেই অপ্ৰাণ চেষ্টা কৰিছিলোঁ জুবিন,, বুজাবলৈ আমাৰ মানুহক। নুবুজিলে কিনো কৰিবি!!! শংকৰে সিচেঁ নামৰ কঁঠীয়া......
মহামিলনৰ এই সৰগৰ সভাত আজি তুমিয়েই গোৱা জুবিন , তোমাৰ ভাল লগা এটি গীত.….... মায়াবিনী ৰাতিৰ বুকুত........
এটি সুৰ বাহিনী, আমি সৰগতে সাজিম। গীত মাত, নাটক আৰু চিনেমাৰে হিয়া উজাৰি উপচাই দিম।
No comments:
Post a Comment