জুবিনক দম দিব পৰা মানুহ বোধহয় তৰুন গগৈয়েই আছিল । গগৈৰ মৃত্যুৰ পিচত জুবিনে নিজেই সেই কথা লিখিছিল । সদায় ছাৰ বুলি সম্বোধন কৰা তৰুন গগৈৰ স্মৃতি ৰোমন্থন কৰি তেওঁ লিখিছিল-মোৰ কিবা বিৰ্তক হলেই তেওঁ মোক ঘৰলৈ মাতি পঠিয়ায় । এইটো এটা ইণ্টাৰেষ্টিং পাৰ্ট আছিল । কেতিয়াবা বাপেকে পুতেকক বুজোৱাৰ দৰে বুজায় । কেতিয়াবা মাতি নি গালি পাৰে আৰু দম দিয়ে । তেওঁৰ দমটো মোৰ ভাল লাগে । মইয়ে প্ৰথম মানুহ যিয়ে তেওঁ দম দিলেও ভাল লাগে বুলি কৈছিলো । কাৰন তেখেতৰ কথাত মই গুৰুত্ব দিওঁ । সদায় শুদ্ধ কথা কয় । কোনোদিনে তেওঁৰ লগত ৰাজনীতিৰ কথা পতা নাই আৰু ৰাজনীতিকৰ দৃষ্টিৰে মই তেওঁক নাচাওঁ । এজন মানৱতাবাদী হিচাপে তেওঁৰ লগত কথা পাতিছিলো । শেষবাৰৰ বাবে যোৰহাট আৱৰ্ত ভৱনত নিশা দুঘণ্টা কথা পাতিছো । তেওঁ নিজেই ফোন কৰি মতাই নিছিল ।সদায় লগ পালেই তেওঁ সংগীতৰ কথা পাতে ; চিনেমাৰ কথা পাতে । শেষবাৰ লগ পাওঁতে গুৱাহাটীৰ সৌন্দৰ্যবদ্ধনৰ ওপৰত আমাৰ মাজত আলোচনা হৈছিল । উল্লেখ কৰা ভাল যে জি-এম-চি-এইচত মুমূৰ্ষ অৱস্থাত দেখা কৰিবলৈ গৈ মিউজিক থেৰাপি হিচাপে তেওঁক ভাল গান শুনাবলৈ জুবিনে পুত্ৰ গৌৰৱ গগৈক পৰামৰ্শ দি আহিছিল আৰু সেইমতে তেওঁক গান শুনোৱা হৈছিল বুলিও জুবিনে লিখিছিল । এতিয়া ভাবিছো তৰুন গগৈ আজি জীয়াই থকা হলে জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ তেওঁৱো নিশ্চয়কৈ শোকত ভাগি পৰিলেহেতেঁন দম দিয়া কথাবোৰ মনত পেলায় ।
Subscribe to:
Post Comments (Atom)
দেউতাৰ দৰে হোৱা হলে........
জুবিন গাৰ্গ বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ। কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...
-
জুবিন কথা ৩ ( পৰেশ বৰুৱা , ধেমাজিৰ প্ৰসংগঃ আৰু জুবিন দাৰ গালি ) অসমীয়া সংগীতৰ এজন বৰণ্যে গায়ক, সুৰকাৰ আৰু গীতিকাৰ জয়ন্ত হাজৰিকা লৈ সন্মা...
-
⛔গাৰ্গ বংশাৱলী⛔ ভগৱান ব্ৰহ্মাৰ বহুকেইজন মানসপুত্ৰৰ মাজত এজন আছিল "ঋষি আংগিৰা"। তেখেতে ঋকবেদৰ কিছু অংশ লিখিছিল। তেখেতে বিয়া কৰাইছি...
-
জুবিনৰ গানৰ গীনিজ অভিলেখ সম্ভৱ! চৰকাৰে কৰা ভাল নে ৰাইজে সহায় কৰিব ? কওঁকচোন ৰাইজে.. 'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ৮ অক্টোবৰ : '...
No comments:
Post a Comment