Sunday, September 28, 2025

প্ৰণৱ কুমাৰ বৰ্মন FB wall

 জুবিন গাৰ্গে ভোকতো খাবলৈ নোপোৱা ভাত সাজ....


১১ নৱেম্বৰ, ২০১০ চন।জুবিন গাৰ্গে সংগীত শিল্পী ,তেখেতৰ বন্ধু দীপক দাসক সুধিলে - প্ৰণৱ ক'ত থাকে।তাক লৈ আহ।" বাঁহী" ৰ গান এটা লিখাও।দীপক দাই ফোন কৰিলে নিশা ১২:৩০ মান বজাত।তেতিয়া ভাৰাঘৰত খাই বৈ দীপজ্যোতি মই শুই আছোঁ।তথাপি ফোনটো ধৰিলোঁ।দীপক দাই ক'লে - তোমালোকৰ ভাৰাঘৰৰ সমুখত মই। জুবিনে মাতিছে।খপজপকৈ উঠি ,পেন্ট ছাৰ্ট পিন্ধি দীপ ,মই গৈ গাড়ীত বহিলো।গৈ জোনালীৰ এন কে ষ্টুডিঅ' পালোঁ।জুবিন গাৰ্গে সুৰ এটা শুনালে।মই ডায়েৰি এটা লৈয়েই গৈছিলোঁ।জুবিনদাই ক'লে- লিখ এই সুৰমতে।আমিও এটা উচ্চ মানৰ গীত লিখিম বুলি কলম চলালো।তেওঁ কাষতে বহি চাই থাকিল।ক'লে - এইবোৰ কোনে বুজি পাব? ঠেলাৱালা ,ৰিক্সাৱালাই বুজাকৈ লিখ।ঠেলাৱালা ,ৰিক্সাৱালাই কি গান বুজে ভবাত অলপ কষ্ট হ'ল।দীপৰ সতে সকাহ ল'বলৈ অলপ বাহিৰলৈ আহিলোঁ।দীপে ক'লে - ইমান ধুনীয়া কথা লিখিছে - জুবিনদাই কি কয় দেখোন!দীপক দা ওলাই আহিল - ক'লে - ভিতৰলৈ মাতিছে।সময়ো গৈ আছে।সকলোৰে টোপনি যাব খুজিছে।- ধোঁৱা সোপা খাই থাক।তাতকৈ চাধা খাবি।আকৌ কলম তুলিলোঁ।তেওঁ সুৰটো আওৰাই আছে।ডায়েৰিত লিখা নতুন শাৰীটো- সাগৰ সাগৰ।তেওঁ ডায়েৰিটো লৈ - আকৌ লিখিলে - সাগৰ সাগৰ,ডাৱৰ ডাৱৰ। নিশা ৩ মান বাজিছিল।দীপক দাৰ ওপৰত এখন পাৰ্লাৰ আছিল।তেওঁ শুবলৈ গ'ল।দ্বীপো ওপৰলৈ গ'ল।জুবিনদাৰো খোজ অলপ অস্থিৰ ।চাধা খাই খাই থুৱাই আছিল।মই বাহিৰলৈ ওলাই আহো।তেওঁ আহি আকৌ লৈ যায় ভিতৰলৈ।ড্ৰয়াৰৰ পৰা কিতাপ এখন উলিয়াই আনিলে- শব্দ অনুভূতি।তেওঁৰ নিজৰে কাব্যগ্ৰন্থ। এটাৰ পাছত এটা কবিতা মাতি শুনালে- মোৰ সমান কোনেও লিখিব নোৱাৰে বুজিছ।তাৰপাছত কিতাপ খনত বাক্য এটা লিখিলে -THINK BUDDHA - LOVE-ZUBIN.যিখন আজি মোৰ বাবে এক অমূল্য সম্পদ। তাৰপাছত তেখেতে ক'লে - এছ ডি বৰ্মনৰ গানৰ কাম কৰি আছোঁ,শুন।গানবোৰ শুনিলোঁ( ৬ মাহ মান আগতে যাওতেও সেইকেইটা গানৰে কাম কৰি আছিল আৰু শুনাইছিল- ১৫ বছৰ পাছত।) গান শুনা শেষ হ'ল।জুবিন গাৰ্গৰ ভোক লাগিছিল।ৰান্ধনীৰ পৰা সকলো ঘোৰ নিদ্ৰাত।পাকঘৰৰ পৰা ভাতৰ ঠাল এখন আনি খঙত জকি উঠিল জুবিন দা।ঠাল খনত কৰ্কৰা যেন ভাতৰ মখা এটা আৰু তাৰ ওপৰত ঠাণ্ডাত গোট মৰা দাইল অক'মান।চিঞৰি চিঞৰি তেওঁ ক্ষোভত ক'বলৈ দিলোঁ- বজাৰ কৰিবলৈ গধূলিতে পইচা দিলোঁ কে..নিজে খাই এইডাল ৰাখিছ।ভয়ত সকলো পেপুৱা লাগিল।জুবিন গাৰ্গে উগ্ৰ ৰূপ ধৰিলে ভোকৰ ভাতসাজ সুন্দৰকৈ খাবলৈ নাপাই।ৰিচিপচন কোঠাত থকা বটল কেবাটাও ভাঙিলে।চিডিত কাম কৰা চতিয়াৰ ফালৰ দুজনমান অভিনেতা উঠি আহিল।দীপক দা,দ্বীপজ্যোতি আহিল।আমি আগচি ধৰি শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ।কিন্ত্ত সম্ভৱ নাছিল।বহু সামগ্ৰী তেওঁ তললৈ দলিয়াই দিলে- মোৰ কাৰণে চলি আছ সকলো।এই ষ্টুডিঅ' মোৰ কাৰণে চলি আছে।কৈ দিবি সবকে।আধাঘন্টা মান পাছত তেওঁ ক্ষান্ত হ'ল।তেওঁৰ লগত তললৈ নামি আহিলো।তেতিয়া ৰাতি পুৱাইছিল।চাইকেলত পাচলিৰ বেপাৰ কৰা বেপাৰীজনৰ পৰা সুন্দৰকৈ বজাৰ কৰিলে আৰু নিৰৱে গাড়ীত উঠি গুচি গ'ল।কিছু সময় আমি কথাটো আলোচনা কৰিলো- জুবিন গাৰ্গৰ দৰে তৰাটোৰ ৰাতি ভালকৈ খাবলৈ ভাত সাজ যতনাই দিবলৈও মানুহৰ গুৰুত্ব নাই- তেঁৱেই  মাছ মাংস বজাৰ কৰিবলৈ পইচা দিলে অথচ খাবলৈ গৈ খাব নাপালে ।চিটিবাছ বোৰ চলিবলৈ আৰম্ভ কৰিছিল।  দ্বীপ মই চিটিবাছ এখনত জপিয়াই উঠিলোঁ।ভালেমান দিন এই কথাটোৰ আলোচনা চলিল- ভোকত জুবিন গাৰ্গৰো ভাত নাথাকে!!!

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...