Tuesday, December 2, 2025

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ 

বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।

 কিন্তু হব নোৱাৰিলোঁ মুঠেও....

মোৰ দেউতা সেউজীয়া আছিল আৰু তেওঁ ভাল পাইছিল নদী

হোমৰ গুৰিত বহি তেওঁ বিয়া কৰাইছিল মোৰ মাক

সেইবাবেই কপালত আৰু সেউতাত  মায়ে ৰঙাকৈ আঁকি লয় 

মোৰ দেউতাৰ পৰিচয়।

যদিও মোৰ মাৰ এটা পৰিচয় আছে নিজাকৈ

মোৰ মায়ে বিশ্বাস নকৰিছিল কাকো

তেওঁ আনকি বিশ্বাস কৰিবলৈ শিকা নাছিল মোকো । হয়তো কোনো মাতৃয়ে বিশ্বাস নকৰে নিজৰ সন্তানক।

তেওঁলোকে কেৱল ভাল পাবলৈ শিকে

কেৱল ভাল পাবলৈ !

কেতিয়াবা আনকি বিপদজনক ভাৱেইও ,

আমি আচলতে বিশ্বাস কৰোঁ আৰু সন্দেহ কৰোঁ

কেৱল সেই সকলক হে   যাক আমি আমাৰ বিশ্বাসী প্ৰেমিক বুলি ভাবো ।


মোৰ মা প্ৰেমৰ শীতল ছাঁয়া আছিল মোৰ বাবে 

যাক মই হেৰুৱাইছিলো প্ৰেমৰ প্ৰাক যৌৱনতে ।

নে তেওঁহে হেৰুৱাইছিলে মোক ?

আচলতে বিশ্বাসীনতাতে আমি হেৰুৱাইছিলো এজনে আনজনক ।

অ যদিও মোৰ দেউতা মোৰ প্ৰিয়তম ব্যক্তি আছিল

আৰু আছিল মোৰ আদৰ্শ ।

যদিও মই ভাবিছিলোঁ My father is hero বুলি 

তেওঁৰ দৰে কিন্তু হব পৰা নাছিলোঁ মই কোনোদিন ।


আহ! তেওঁৰ ইচ্ছাৰ সমাধি বগাই 

আজি মই কিযে হলোহি ,

এখন হালধীয়া মৰুভূমি ,

জীৱন হীনতাৰ শ্মশান ।

দেউতাই নাজানে কথাবোৰ খুব দুখ পাব তেওঁ 

মোৰ আত্মসনৰ ডায়েৰী পঢ়ি,

মই যে আজিকালি যন্ত্ৰণাৰ ধোঁৱাৰীত চিগাৰেট সোপো 

আৰু পি মাতাল হৈ থাকো উন্নতাৰ মগীৰাত

বৰ হাস্যকৰ,বৰ কৰুণ নিয়তিৰ খেলা !


যদিও মোৰ দেউতাই হাতুৰী পাৰ হৈছিল 

অনিশ্চিয়তাৰ সাগৰ 

মোৰ দৰে তেওঁ হোৱা নাছিল নষ্ট

নষ্ট হবলৈ তেওঁ আচলতে শ্মশান নাছিল জীৱনহীনতাৰ

মোৰ দেউতা আছিল সেউজীয়া

আৰু তেওঁ ভাল পাইছিল নদী ।


অৱশ্যে মোৰ দেউতাই নিশ্চয় মানি লব এই কথা

মোৰ দৰে তেওঁৰ আকাশ খন নাছিল শূন্য

এতিয়া বৰ কঠিন হল সময় ,

যান্ত্ৰিক হল জীৱন যাত্ৰা,জটিল হল মানুহৰ হৃদয় ।


মই মোৰ দেউতাৰ দৰে হব নোৱাৰিলোঁ কোনো দিন ।

মই কেৱল আঁকিবলৈ শিকিলোঁ নষ্ট নীলা ছবিবোৰ ।

আৰু গাবলৈ ললোঁ গান বিচ্ছেদ-বিষাদৰ…!

মোৰ বাবেই দেউতাই দুখ কৰে প্ৰায়

মই যে বৰ অতীতকাতৰ হলো আৰু আবেগিক ।


অৱশ্যে দেউতাৰ দৰে হোৱা হলে

মই কেতিয়াও হব নোৱাৰিলোঁ হলে মোৰ দৰে ।

🖊️ জুবিন গা

Friday, October 24, 2025

Dipankar Saikia FB Wall

জুবিন কথা ৩  ( পৰেশ বৰুৱা , ধেমাজিৰ প্ৰসংগঃ আৰু জুবিন দাৰ গালি )

অসমীয়া সংগীতৰ এজন বৰণ্যে গায়ক, সুৰকাৰ আৰু গীতিকাৰ জয়ন্ত হাজৰিকা লৈ  সন্মান জনাই জয়ন্ত হাজৰিকা  দেৱৰ ৭ টা কালজয়ী গীত লৈ জুবিন দাই এখন এলবাম নিৰ্মান কৰিছিল । নাম আছিল - "মোৰ মিনতি" । এইয়া ২০১৪ চনৰ কথা । তেতিয়া মই প্রায় দাদাৰ লগতে  থাকোঁ । এদিন গধূলি দাদাই শুই উঠি মোক ক'লে - 

মোৰ মিনতিৰ গান কেইটাৰ ভিডিঅ' বনাব লাগিব । "মোৰ মিনতি তৰা হয় যদি" - এইটো গান ৰিজু ( মানস বৰুৱা ) য়ে কৰিব । এটা মই কৰিম টংলাৰ পবিত্ৰ ৰাভাৰ তাত, তই লগত থাকিবি আৰু দুটামান গানৰ ভিডিঅ' তই নিজে কৰিবি । কিন্তু অলপ বেলেগকৈ কৰিব লাগিব। যি কৰিব মন আছে তাকেই কৰি চা চোন । মই বোলো আজিলৈকে অসমীয়া গানৰ ভিডিঅ' ত Sand animation হোৱা নাই । গতিকে এটা গীতত ২০/৩০ চেকেণ্ড মান Sand animation  কৰা যাওঁক । দাদাই ও OK বুলি ক'লে । লগা লগ মই আমাৰ বিহপুৰীয়াৰে দিগন্ত মাধৱ গোস্বামীক ফোন লগালো আৰু কথাটো কলো । পিছত সেই কামৰ বাবেই দিগন্ত মাধৱ গোস্বামীক মই প্ৰথমবাৰৰ বাবে জুবিন দাৰ লগত চিনাকি কৰাই দিছিলোঁ । 

সেই দিনা ৰাতি দাদাই খাৰঘুলিৰ ষ্টুডিঅ' তে এটা বেলেগ গানৰ কাম কৰি আছিল । ষ্টুডিঅ'  ৰ ভিতৰত দাদা , শেখৰ দা, মই আৰু চন্দন । বাহিৰৰ ৰুম টোত দাদাৰ PSO ৰয় দা আৰু বড়ো দা, বাঁহী বাদক অঞ্জন, সাধন দা আৰু দুজন মান ল'ৰা ( নাম কেইটা পাহৰিছো ) ৰাতি দুই মান বজাত গানৰ কাম শেষ হ'বৰ সময়ত দাদা ৰ ফোন বাজিল। তেতিয়ালৈ দাদাৰ ৪ পেগ মান শেষ হৈছে আৰু। বিছনাত থকা ফোনটো মই দাদাৰ হাতত দিলোঁগৈ । এটা অদ্ভুদ নম্বৰৰ পৰা ফোন আহিছে ঠিক  +000001122.... এনে ধৰণৰ আছিল । দাদাই ফোন টো হাতত লৈ "বুঢ়াই কামুৰিব এতিয়া" বুলি কৈ ফোন টো কাটি বিচনা লৈ দলিয়াই দিলে । দুই মিনিট মান পিছত আকৌ ফোনটো বাজি উঠিল । দাদাই মোক ক'লে - ফোনটো rcv কৰ আৰু মই শুলো বুলি কৈ দে । মই Rcv কৰিলো - হেল্ল'

 - জুবিন, ফোনটো কিয় কাটি দিছিলা। 

 - হেল্ল' মই দীপাংকৰ । দাদা শুইছে !

 - ধেমালি পাইছা নেকি ! জুবিন এতিয়া নুশুৱে । মই পৰেশ অসমে কৈছোঁ । জুবিনক ফোন দিয়া । 

 - পৰেশ অসম মানে ? 

 - মই পৰেশ বৰুৱাই কৈছোঁ । 

চেকেণ্ডতে মোৰ গাত এটা ভূমিকম্পই জোকাৰি দিলে । লগা লগ ফোনটো জুবিন দাৰ হাতত দিলোঁ । হাঁহি এটা মাৰি দাদাই ফোনটো হাতত লৈ ক'লে - 

 - হেল্ল' কওঁক...... 

মোৰ গাৰ জোকাৰণি টো তেতিয়া ও শেষ হোৱাই নাছিল। মোৰ জোৰকৈ প্ৰসাৱ কৰিব লাগিল , লগালগ গৈ মই বাথৰূমত সোমালোঁ । অলপ সময়ৰ পিছত হাত মুখ ধুই ওলাই আহি ও দেখিলো যে দাদাই ফোনত কথা পাতিয়েই আছে । সিফালৰ পৰা দাদাক কিবা বুজাই আছে, দাদাই নহয় নহয় কৈ আছে । দাদা লৈ লক্ষ্য কৰিলো - যেন দাদাৰ অলপ খং উঠিছে, মুখত বিৰক্তৰ চিন স্পষ্ট । ১ মিনিট মান পিছত দাদা জকি উঠিল । ফোনতে ৰাম গালি দিছে - সেইবোৰ বাদ দিয়ক, আপুনি মোক এটা কথা কওঁক - ধেমাজিত বোমা দি সৰু সৰু ল'ৰা ছোৱালী কেইটাক কিয় মাৰিলে ? আপুনি কিয় মাৰিলে সিহঁতক ? সিহঁতক মাৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে ??? 

১ মিনিট মান দাদাই এই কেইটা কথা কৈয়ে চিঞঁৰি চিঞঁৰি ফোনতে গালি পাৰি থাকিল আৰু অলপ পিছত ফোনটো কাটি দিলে । সেই দিনা পৰেশ বৰুৱাই দুনায় আৰু ফোন নামাৰিলে।

মই ও চোফাৰ চুক এটাত বহি ভাবি থাকিলোঁ....  এনেকৈও কোনোবাই পৰেশ বৰুৱাৰ নিচিনা মানুহ এজনক গালি দিব পাৰে নে ?

পৰেশ বৰুৱাক অসমত গালি দিব পৰা কৈ জুবিন দাক বাদ দি আৰু কোন মানুহ ওলাব ? 

হয়তো আৰু কোনো জন্ম হোৱা নাই আৰু নহব ও !! 


মই কেৱল মাত্ৰ ভাবি থাকিলোঁ ।


দাদা বাহিৰলৈ ওলাই গৈ পেক এটা আকৌ হাতত লৈ সুমাই আহি আমাক ক'লে 

 - ঐ, বুঢ়া ক সোধা প্ৰশ্নটো কেনেকোৱা পালি ? বুঢ়াই কামুৰিলে মই ও বম কামোৰ দিওঁ । 

অলপ সময়ৰ পিছত মোক কলে - তই দাবিং ৰুমত শুই থাক গৈ যা । 

 - শেখৰ গানটো লগাই দে.... 

মই দাবিং ৰুমত গৈ পৰি দিলোঁ কিন্তু টোপনি নাহিল । কাণত এটা কথাই বাজি থাকিল - 

মই পৰেশ অসমে কৈছোঁ.... জুবিনক ফোন দিয়া.... 

( আগলৈ..... )

বি. দ্ৰ - ফটোত জুবিন দা, মই আৰু চিত্ৰগ্ৰহন কাৰী প্ৰয়াস, মোৰ মিনতি গানৰ ভিডিঅ' চুটিংৰ সময়ত । 

সকলোৱে কমেণ্ট ত #JusticeForZubeenGarg লিখিব । #JusticeForZubeenGarg #ZubeenGarg 

Zubeen Garg

Thursday, October 23, 2025

জ্ঞানেন্দৰ চক্ৰৱৰ্তী ফেচবুক

 ® জুবিনৰ মৰদেহ অসমলৈ অনাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা অসমত নাছিল , উত্তৰ ভাৰতত আছিল ....

® জুবিনৰ মৰদেহ বিমান বন্দৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ অনা সময়তো হিমন্ত বিশ্ব শৰ্মা উত্তৰ ভাৰততে আছিল ....

® জুবিনৰ মৰদেহ বিমান বন্দৰৰ পৰা সৰুসজাইলৈ অনা সময়ত লাখ লাখ মানুহৰ কোনেও কাকো এটা টোকৰ নমৰাকৈয়ে শোভাযাত্ৰাত অংশ লৈছিল ....

√ অথচ সেই হিমন্ত বিশ্ব শৰ্মা অসমলৈ আহি জুবিনৰ হত্যা হোৱা বুলি চৰকাৰী ভাবে প্ৰথম কোৱা মানুহজন তেখেতেই ,

√ জুবিনৰ চিতাৰ জুই নুমাই নৌযাওঁতেই বাংলাদেশৰ মমতাজৰ কথা কৈ চৰকাৰী ভাবে সাম্প্ৰদায়িক কথা কোৱা মানুহজন হিমন্ত বিশ্ব শৰ্মা , 

√ জুবিনৰ চিতাৰ জুই নুমাই নৌযাওঁতেই গছ কটা মানুহজন হিমন্ত বিশ্ব শৰ্মা ,

√ এই সময়ত ৰাজনীতি ফাজনীতিৰ কথা কৈ থকা মানুহজনো হিমন্ত বিশ্ব শৰ্মা ,

® আৰু আজি জুবিনৰ সমাধিত যোৱা এমাহে মদ ঢালি থকা বুলি কোৱা মানুহজনো হিমন্ত বিশ্ব শৰ্মা .....

আচলতে এই মানুহজনক অসমৰ পৰা আতৰাই দিয়ক , অসম শান্তিত থাকিব ৷

#JusticeForZubeenGarg

Wednesday, October 22, 2025

Sayantan Saikia FB Wall

 Sayantan Saikia য়ে লিখিছে :


জুবিন গাৰ্গে কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকে লিখা গান/কবিতা নিজেই সুৰ কৰি অথবা গাই থৈ গ'ল :


১/ 'বেলি পৰোঁ পৰোঁ হ'ল' - গণেশ গগৈ

 

২/ 'আজি পুণ্য প্ৰভাতে' - যতীন্দ্ৰনাথ দুৱৰা 


৩/ 'এপাহী বকুলে' - আনন্দ চন্দ্ৰ বৰুৱা 


৪/ 'আনে যোৱা বাটে নোযোৱা ছোৱালীজনী' - কেশৱ মহন্ত 


৫/ 'ক'ৰ এজাক সপোন যেন বৰষুণ', 'দিয়া মোক দিয়া' - ড০ ভবেন্দ্ৰনাথ শইকীয়া 


৬/ 'গানে কি আনে', 'ফুলেৰে সজালোঁ', 'হেৰ' বাঁহী', 'অ' মোৰ ৰণৰ তেজী ঘোঁৰা', 'বকুল ফুলৰ দৰে'- হীৰেন ভট্টাচাৰ্য

 

৭/ 'নিতাল নিশাত আজি বাজে কি', 'মোৰ কল্পনা মন্দিত', 'বাজে কাৰ কিনো সুমধুৰ আকুল', 'অগ্নিবীণাৰ তান' - অম্বিকাগিৰী ৰায়চৌধুৰী 


৮/ জ্বলিলা যেতিয়া - বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য


জ মানে জুবিন 

জ মানে জিনিয়াছ!

উৎপল শিৱমFB Wall

 #জুবিনদাক_লৈ_এইবোৰ_নকৰিব

         ✍️ উৎপল শিৱম 

‌ দেখিছোঁ _পঢ়িছোঁ বহুত কমেণ্ট জুবিনদাৰ ক্ষেত্ৰত তেখেতৰ অনুৰাগীসকলে ধূপ-চাকি- নাম কীৰ্তনেৰে বা আধ্যাত্মিক প্ৰক্ৰিয়াৰে তেখেতক শ্ৰদ্ধা জনোৱাক লৈ। বহু ইমানেই excess বাস্তৱবাদী আছে যে, এইবোৰ দেখি তেওঁলোকে লিখিছে যে "এয়া জুবিনদাৰ আদৰ্শ নাছিল" , "এনেকৈ জাতি আগ নাবাঢ়ে" এনে অমুক তমুক একেবাৰে ডাৰ‌উইনৰ যুক্তি গোটেই। কথাখিনি সত্য অসত্য এইবোৰ একো ক'ব নাযাওঁ, কিন্তু কিছুমান ক্ষেত্ৰত যুক্তিবাদ বাস্তৱবাদ সকলো অৰ্থহীন হৈ পৰে__ যেতিয়া আবেগে তাৰ চৰম সীমা পাৰ কৰে। শতিকাৰ মহিৰূহজন হেৰুৱাই ইমানো বাস্তৱবাদী হৈ থাকিব পৰাকৈ মানসিক শক্তি আমাৰ নাই। অনুৰাগী সকলে এই নিতৌ তাত ভিৰ কৰে, চাকি এগছ বা ফুল এপাহ দি শ্ৰদ্ধা নিবেদন কৰে, এয়া মানসিক প্ৰশান্তিৰ বাবে বা হঠাতে নিজৰ হৃদস্পন্দন হেৰুৱাই ধৰফৰাই তালৈ দৌৰ মাৰি সেইখিনিয়েই কৰে যিখিনি কৰিলে মনটো অলপ হ'লেও শান্ত হয়। আধ্যাত্মিকতাৰে ঈশ্বৰ বা আত্মাক লগ পাওক বা নাপাওক কিন্তু মানসিক শান্তি নিশ্চয় পাব পাৰি। কিন্তু মানুহৰ এই মানসিক শান্তিৰ পথতো যেন কিছু অতি বাস্তৱ মানুহৰ হেঙাৰ! তেওঁলোকে কয় -" এনেকৈ নহয়! এইবোৰ বন্ধ কৰি তাতকৈ জুবিনৰ আদৰ্শ শিল্প আগুৱাই নিয়ক" । জুবিনদাৰ শিল্প আদৰ্শ আগুৱাই নিব পৰাকৈ আমিবোৰ এতিয়াও সুস্থিৰ হ'ব পৰা নাই, এমাহ হৈছেহে। তাৰপাছততো বহু সময় আছে__ জুবিনদাৰ বাবে কাম কৰিবলৈ। কিন্তু সদ্যহতে জুবিনদাৰ ক্ষেত্ৰত যি হৈ আছে, হৈ থাকিবলৈ দিয়কচোন। আপোনালোক যিহেতো বাস্তৱবাদী হ'ব পৰাকৈ মানসিক ভাৱে সুস্থিৰ হ'লেই_ গতিকে আৰম্ভ কৰকচোন আপোনালোকেই প্ৰথম শিল্প আদৰ্শৰ কামখিনি। মানুহখিনিয়ে শোক পাতল কৰিবৰ বাবে যিখিনি কৰিছে, বা দিনে যি লক্ষ লক্ষ মানুহ তাত জমা হৈছে__ তাকেই দেখি কেনেবাকৈ বাস্তৱবাদক দোহাই দি ঈৰ্ষা নহয়তো?? কিয়নো, মৃতাত্মাক ঈৰ্ষা কৰা মানুহৰ আজিও অভাৱ নাই। যদি ঈৰ্ষা নহয়, তেন্তে নিজেই নিজৰ যুক্তিবাদ নিজৰ জীৱনত ব্যৱহাৰ নকৰাকৈ আনক টানি থকাৰ কাৰণ ৰহস্যময়।

       " মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই" জুবিনদাৰ এই বিখ্যাত বাক্যশাৰীৰে আমাক জাতি ধৰ্ম নিৰ্বিশেষে এক হোৱাৰ কথাহে কৈছিল। কৈছিল ধৰ্ম আৰু জাতিৰ নামত থকা কিছুমান কু-নীতি পৰিহাৰ কৰিবলৈ, ভেদাভেদ আঁতৰ কৰিবলৈ। কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে আমি ধৰ্ম‌ই ত্যাগ দিব লাগে বা জাতিটোক ত্যাগ কৰিব লাগে। কিন্তু, এই বাক্যশাৰীৰ গ‌ইনা লৈ ভুল বাখ্যা কৰি বিশেষ আন ধৰ্মৰ দুই এজন লোকে হিন্দু ধৰ্মৰ নীতি নিয়ম বা পাৰ্বনৰ  ওপৰত আঙুলি টোওৱা দেখা গৈছে । তাত আকৌ সহযোগ কৰিছে হিন্দু ধৰ্মৰ দুই এজনে। যি বিশেষ আন ধৰ্মৰ দুই এজনে আঙুলি টোৱাইছে, তেওঁলোকে কিন্তু স্ব- ধৰ্ম ঠিকেই ৰাখিছে। জুবিনদাৰ দৰে মহান ব‌্যক্তিজনৰ এই বাক্য শাৰীৰ তাৎপৰ্য বহু বেলেগ আছিল আৰু আমি তাৰ ভুল বাখ্যা কৰি অৰ্থবোৰ নিজ নিজ পক্ষত বনাই ল'লোঁ।

      জুবিন দা আমাৰ মাজৰ পৰা এবাৰ হেৰাই গ'ল, কিন্তু জুবিনদাক কেইবাবাৰো হেৰাই যাব লগা বহু কাম হৈ আছে। এইযে তেখেতৰ নামত ৰাজনীতি কৰা, তেখেতৰ ক্ষেত্ৰলৈ গৈ শ্ৰদ্ৱা জনোৱাৰ ভিডিঅ' কৰিবৰ বাবে কেমেৰামেন লগত লৈ তাৰ শ্বুটিং কৰি ৰাজনৈতিক মুনাফাৰ বাবে মানুহৰ আবেগ জয় কৰা চেষ্টা কৰা, দেখিছোঁ এনে কিছুমান শ্বপিং এপৰ বিজ্ঞাপন যি জুবিন দাৰ ফটো বা গীতৰ শাৰী লিখি সেই চাৰ্ট বা স্পৰ্টিং বিকিবৰ বাবে বিজ্ঞাপন দিয়া, বিশেষকৈ content creator কিছুমানে জুবিনদাক ব্যৱহাৰ কৰা__ আদি কামবোৰে দাদাৰ এবাৰ নহয় বহুবাৰ মৃত্যু হ'বলৈ বাধ্য কৰিব।

    জুবিন দা এটা সত্বা হ‌ওক। এক সমাজিক milestone হ‌ওক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক সাৰ্বজনীন আবেগ হ‌ওক। এক কৃষ্টিৰ নাম হ‌ওক জুবিন, এক সভ্যতাৰ নাম হ‌ওক জুবিন , কোনো মুনাফা ,ইচ্যু, স্বাৰ্থ‌ই ঢুকি নোপোৱা কাঞ্চনজংঘা হ‌ওক জুবিন।

    কথাখিনি পঢ়ি বুজি লৈ কমেণ্ট কৰিলে ভাল হয়। নপঢ়া বা নুবুজা মানুহে এনেই আহি বিতৰ্ক কৰি ফুৰেহি সকলোতে। জয় জুবিন দা।  ©️ Utpal Shivam

Utpal Shivam FB Wall

 জুবিন দা নোহোৱাৰ বাবে আটাইতকৈ ব্যথিত সেই প্ৰজন্ম, যি আশী বা নবৈ দশকৰ প্ৰজন্ম আছিল। যেতিয়া জুবিন দাৰ আত্মপ্ৰকাশ হোৱা নাছিল , তেওঁলোকে ভূপেন হাজৰিকা, জিতুল সোণোৱাল, জয়ন্ত হাজৰিকা, দ্বীপেন বৰা আদি গায়কসকলৰ গীত শুনিছিল। তেতিয়া কোনেও ভবাও নাছিল যে জুবিন নামৰ এক নক্ষত্ৰৰ উদয় হ'ব। তাৰপাছতেই জুবিন দাৰ আবিৰ্ভাৱ অসমৰ সংগীত, কৃষ্টিৰ জগতত। উদয় হোৱা দিন ধৰি এই নক্ষত্ৰ‌ই পোহৰাই পেলালে চৰ্তুদিশ। ইমানেই উজ্বল আছিল তাৰ চমক যে দশোদিশ বিদীৰ্ণ কৰি পেলালে তাৰ ৰশ্মিজালেৰে। 

    ৮০/৯০ দশকৰ লোকে পালে এক ভিন্ন স্বাদৰ গীতৰ সোৱাদ। লাহে লাহে জুবিনৰ কণ্ঠ চিনাকী আৰু নিচাগ্ৰস্থতালৈ পৰিবৰ্তন হ'ল শ্ৰবণেন্দ্ৰিয়ৰ বাবে সেই প্ৰজন্মৰ!!

   কিন্তু হঠাতে কি হৈ গ'ল??? হঠাতে নুমাই গ'ল জীৱন বন্তি সেই নক্ষত্ৰৰ!! ৮০/৯০ দশকৰ আজি জীৱন্ত প্ৰতিজনেই দুৰ্ভাগ্যবশতঃ দেখা পালে সেই নক্ষত্ৰৰ প্ৰবেশ আৰু প্ৰস্থান!

    এতিয়া পুনৰ নিজৰ নিচাগ্ৰস্থ শ্ৰবণেন্দ্ৰিয়ক কেনেকৈ সাজু কৰে জুবিনৰ আবিৰ্ভাৱৰ পুনৰ সেই আগৰ সম‌য়লৈ। এতিয়াতো তেওঁলোকৰো বহুতো জীৱিত নহয়!!

   এটা নক্ষত্ৰৰ প্ৰবেশ আৰু প্ৰস্থান একেটা জীৱনকালতে দেখিব লগা হোৱা ৮০/৯০ দশকৰ এই লোক সকল হয়তো আটাইতকৈ দুৰ্ভাগ্যৱান!! 

   ম‌ই কোৱা নাই যে জুবিনদাৰ বাবে ৮০/৯০ দশকৰ পাছৰ সকলে দুখ পোৱা নাই। কিন্তু ৮০/৯০ দশকৰ দুখটো আৰু অলপ পৃথক_!! কিয়নো তেওঁলোকৰ চকুয়ে নিজেই দেখিছে মহাকাশৰ এটি  নক্ষত্ৰৰ সৃষ্টি আৰু বিলুপ্ত হোৱাৰ যন্ত্ৰণাময়‌ পৰিঘটনা। এই দুখ অলপ বেলেগ__ বুজাব নোৱাৰা!! প্ৰকাশিব নোৱাৰা!! ✍️ Utpal Shivam

Monday, October 20, 2025

অখিল গগৈ ২০.১০.২০২৫ FB

 জুবিন গাৰ্গ ইমান জনপ্ৰিয় কিয়? 

জুবিন গার্গে অসমৰ সংগীতৰ ইতিহাসলৈ এটা বৈপ্লৱিক পৰিৱৰ্তন আনিলে। জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকাৰ সংগীতৰ ধাৰাৰে প্ৰৱহমান আধুনিক অসমীয়া সংগীতক তেওঁ এটা নতুন যুগলৈ আগবঢ়াই লৈ গ'ল। কথা, সুৰ, লিৰিক্স প্রধান অসমীয়া (ভাৰতীয়) সংগীতক তেওঁ গীটাৰ, বেছ গীটাৰ (Bass guitar), ড্রাম, কীব'বৰ্ডছ, পিয়ানোৰ দ্বাৰা সৃষ্ট এক মিউজিক প্রধান সংগীতলৈ পৰিৱৰ্তন ঘটালে। ড° ভূপেন হাজৰিকাৰ গীতৰ সৈতে সংগত তবলা, হাৰমনিয়াম, বাঁহী, দতৰা, ঢোল-খোল, গীটাৰৰ মিউজিক আৰু অবিস্মৰণীয় শব্দচয়নৰ লিৰিকেৰে উদ্বুদ্ধ কৰা সংগীতৰ ধাৰাক এক নতুন মাত্রা দি জুবিন গার্গে অসমীয়া সংগীতক এক নাচিব পৰা বীটলৈ (Danceable beat) লৈ ৰূপান্তৰ কৰিলে। কিছুমান চমক দিব পৰা, হৃদয় জোকাৰি যোৱা শব্দচয়নেৰে সহজে মনত ৰৈ যোৱা আৰু মেলদিযুক্ত কৰিলে। ক'বলৈ গ'লে, ভূপেনদাৰ গীত কথা আৰু সুৰ প্রধান, জুবিনদাৰ গীত মিউজিক প্রধান। জুবিন গাৰ্গ অসমৰ প্ৰথমজন ৰকষ্টাৰ। জুবিনদাৰ সংঙ্গীতানুষ্ঠানত ননচাকৈ থাকিব নোৱাৰি, ভূপেনদাৰ গীত শুনোতে নভবাকৈ থাকিব নোৱাৰি। শ্রোতা দর্শকক জুবিনদা আৰু ভূপেনদাই ভাবুক কৰি তোলাৰ পদ্ধতি বেলেগ বেলেগ।

"ভাৰতীয় শাস্ত্রীয় সংগীত সম্পূর্ণৰূপে পাশ্চাত্ত্য শাস্ত্রীয় সংগীতৰ পৰা পৃথক। ভাৰতীয় শাস্ত্রীয় সংগীত মূলতঃ 'সুৰ' বা একক note ৰ ওপৰত আধাৰিত, য'ত এজন গায়কে বা বাদকে মূল note ক beat কৰে, আৰু আন বাদ্যযন্ত্র বা কণ্ঠ সেই টোকাক অনুসৰণ কৰি সমর্থন যোগায়। অন্যপক্ষে, পাশ্চাত্ত্য শাস্ত্রীয় সংগীত 'সমন্বয়' বা 'হামনি'ৰ ওপৰত আধাৰিত, য'ত একাধিক ধ্বনি একেলগে বাজি, পৰস্পৰ কাউণ্টাৰপইন্ট হিচাপে সম্পর্কিত হৈ এক গাঁথনিৰ সৃষ্টি কৰে। এইদৰে, পশ্চিমীয়া সংগীত বহুধ্বনিযুক্ত (পলিফোনিক) হ'লেও, ভাৰতীয় সংগীত একস্বৰযুক্ত (মনোফোনিক) ৰূপে একক সুৰৰ ওপৰত ভিত্তি কৰি সংগীতৰ নিজস্ব স্বাতন্ত্র্য গঢ়ি তোলে" ("How Is Indian Music Different From Western Music" - Dev Dutt, January 7, 2025, Indian Express.) (মননশীল গায়িকা তৰালী শৰ্মা বাইদেউৱে মোক কোৱা মতে, ভাৰতীয় শাস্ত্রীয় সংগীতত ঠাটৰ পৰা ৰাগৰ সৃষ্টিত সময়, ঋতু আদিৰ কথাবোৰো বিশেষভাৱে উল্লেখনীয়)।

জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া সংগীতক প্রথম আধুনিক ৰূপ দিছিল। "গছে গছে পাতি দিলে ফুলৰে শৰাই..." ৰে আধুনিক অসমীয়া সংগীতত প্রৱেশ কৰা অসমীয়া গীতে জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভাৰ দ্বাৰাই এক বিশ্বজনীন ৰূপ পাইছিল। সেইয়া ১৯২০-১৯৬০ ৰ দশকৰ কথা। জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু তাৰ পৰৱৰ্তী প্রগতিশীল বাঁওপন্থী আন্দোলনৰ সৃষ্টি। ড° ভূপেন হাজৰিকাৰ যুগটো তাৰ পাছৰ সময়খিনি, ১৯৫০-১৯৮০ ৰ দশকলৈ। ড° ভূপেন হাজৰিকাই অসমীয়া সংগীতক বিশ্বমানৰ কৰি গঢ়ি গ'ল। তাৰ পাছতে আৰম্ভ হ'ল জুবিন গাৰ্গৰ যুগ। বিশ্বৰ শীতল যুদ্ধ (Cold war)ৰ পৰৱৰ্তী ৰাজনৈতিক জগতখন নব্য-উদাৰীকৰণৰ যুগত প্রৱেশ কৰিলে। এই Neo-Liberal যুগটোৱে কেৱল অর্থনৈতিকভাৱেই নহয়, সামাজিক-সাংস্কৃতিকভাৱেও সীমাৰ দেওনা মুকলি কৰি আমাৰ দৰে দুখীয়া দৰিদ্ৰ দেশ এখনত সংগীতৰ নতুন ধাৰা বোৱাই দিলে। ভাৰতীয় তথা অসমীয়া সংগীতৰ জগতলৈ প্রবেশ ঘটিল পপ (Pop), বক (Rock) বা Rock and Roll, Blues, Jazz ইত্যাদি। ক'বলৈ গ'লে, জুবিন গাৰ্গ হ'ল-১৯৯১ চনৰ পৰৱৰ্তী নব্য-উদাৰীকৰণ যুগৰ নতুন সংগীতৰ নায়ক, Rockstar.

ভূপেন হাজৰিকাইও পশ্চিমীয়া সংগীতৰ গভীৰ সোৱাদ পাইছিল। তেওঁ পশ্চিমীয়া সংগীতক অসমীয়াকৰণ (ভাৰতীয়কৰণ) কৰিছিল। জুবিন গার্গে অসমীয়া সংগীতক পশ্চিমীয়াকৰণ কৰিছিল। জুবিন গাৰ্গে অসমীয়া সংগীতৰ লয়, ছন্দত পশ্চিমীয়া সংগীতৰ ধাৰা প্ৰৱৰ্তন কৰাৰ পাছতো তেওঁৰ সংগীতৰ প্ৰাণত সোমাই আছে অসমীয়া লোকজীৱনৰ সাহ আৰু হৃদয়ৰ ধ্বনি। অসমীয়া ভাষাৰ মাধুৰ্য্যক জুবিন গার্গে গভীৰভাৱে হৃদয়ংগম কৰিছিল।

"অনামিকা" কেছেটেৰে জুবিন গার্গে ১৯৯২ চনত অসমৰ সংগীতৰ জগতত প্রৱেশ কৰিছিল। প্রৱেশ কৰিয়ে তেওঁ অসমৰ যুৱ-প্ৰজন্মৰ বুকুত স্থান ল'লে। এফালে ৰাজ্যখনত চলি থকা হতাশ ৰাজনৈতিক বাতাবৰণ, অসম আন্দোলনৰ পাছৰ নিৰাশ প্রজন্ম, আনফালে "আলফা"ৰ সশস্ত্র বিদ্ৰোহৰ ভৰপক অৱস্থা। এফালে চৰকাৰী চাকৰিয়ালৰ দৰমহা নোপোৱা অৱস্থা, আনফালে নব্য-উদাৰীকৰণ অর্থনীতিৰ দ্বাৰা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন (LPG)ৰ আগমন। এই অর্থনীতিয়ে ক্রমে গঢ়ি তুলিলে এক ক্ষুদ্র উচ্চ মধ্যবিত্ত শ্রেণী, আনফালে দিশহাৰ্য আৰু নব্য-উদাৰ অর্থনীতিয়ে জুৰুলা কৰা বিশাল জনগণ। একেটা সময়তে গ্রাম্য অর্থনীতিলৈ আহিল ভয়াৱহ সংকট। লাহে লাহে মানুহ নগৰমুখী হ'ল। যুৱ-প্ৰজন্মৰ বৃহৎ অংশ বেলেগ ৰাজ্যলৈও সংস্থাপনৰ বাবে ঢাপলি মেলিলে। পিছে জনমভূমিৰ শিপাৰ মোহে তেওঁলোকৰ মন-চেতনা আচন্দ্র কৰি ৰাখিলে। সাংস্কৃতিক ক্ষেত্ৰত বিশ্বায়নৰ প্রভাৱ দ্রুতগতিৰে বৈ আহিল। সেই সময়খিনিতে জে পি দাস, জিতুল সোণোৱাল আদিয়ে এক নতুন সংগীতৰ সোৱাদ দিবলৈ চেষ্টা কৰিলে। তাৰ পাছত জুবিন গার্গে এই ধাৰাটোক শক্তিশালী কৰাই নহয়, শীর্ষলৈকে লৈ গ'ল আৰু এই ধাৰাটোৰ একছত্রী সম্রাট হ'লগৈ। তেওঁ অসমৰ সীমাৰ পৰিধি ভাঙি বাংলা, হিন্দী আদি শ্রোতাৰো মন জয় কৰিবলৈ সক্ষম হ'ল। ১৯৯২ চনৰ পৰা ২০২৫ লৈ এই সমগ্র সময়খিনি হৈ ৰ'ল জুবিন গাৰ্গৰ যুগ। এই যুগ কিমানলৈ সম্প্ৰসাৰিত হয়, সেয়া এতিয়াই কোৱা টান।

জুবিন গাৰ্গৰ সংগীত কেৱল পশ্চিমীয়া বাদ্যযন্ত্র, পশ্চিমীয়া সংগীতৰ সুৰ, পশ্চিমীয়া ৰক এণ্ড ৰ'ল, প'প, ব্লুউজৰ দ্বাৰাই প্ৰভাৱিত হোৱা নাই, এই যুগটোত বিশ্বজুৰি হোৱা সংগীতৰ জগতৰ প্রযুক্তিগত বিপ্লৱৰ লগত তেওঁৰ সংগীত-চর্চাক একে মাত্রাত আগুৱাই নিবলৈ সক্ষম হ'ল। ৰেক'ৰ্ড প্লেয়াৰৰ পৰা কেছেট, তাৰ পাছৰ ইউটিউবলৈকে এই সামগ্রিক প্রযুক্তিগত উত্থানৰ সাক্ষী হৈ থাকিল জুবিন গাৰ্গৰ সংগীত চর্চা।

ৰক (Rock) আৰু প'প (Pop)- এই দুয়োটা সংগীতৰ ধাৰাই নিজেই প্রতিষ্ঠানবিৰোধী। জুবিন গাৰ্গৰ সংগীত চর্চাত এই প্রতিষ্ঠানবিৰোধিতাই মূল চালিকা শক্তি আছিল। জুবিন গাৰ্গৰ গীত আৰু জুবিন গাৰ্গ মানুহজন নিজে হৈ পৰিছিল প্রতিষ্ঠানবিৰোধিতাৰ নামান্তৰ। জুবিন গাৰ্গৰ বেশ-ভূশাতো প্রতিষ্ঠান বিৰোধিতা জলজল পটপট হৈ উঠিছিল। দুটা ভৰিত পৃথক পৃথক দুযোৰ জোতাৰ দুপাট জোতা পিন্ধা অথবা কাণত মহিলাৰ দৰে বৃহৎ কাণ ফুলি পিন্ধা অথবা পুৰুষ জুবিনদাই মহিলাৰ সাজপাৰ পিন্ধা এইবোৰ আছিল বিদ্রোহী জুবিন গাৰ্গৰ জীৱন যাত্ৰাৰ প্ৰতিফলন। অসমৰ সৰ্বস্তৰৰ জনতাই এইজন জুবিন গাৰ্গক আঁকোৱালি লৈছিল। বিশেষকৈ অসমৰ যুৱ প্ৰজন্মৰ বাবে এইজন জুবিন গাৰ্গ হৃদয়ৰ স্পন্দনত পৰিণত হৈছিল। জুবিনদাৰ গীত হতাশ আৰু অধিকাৰ-বঞ্চিত নৱপ্ৰজন্মৰ জীৱনৰ সুধা।

জুবিনদাৰ জীৱন যাত্ৰাত যান্ত্রিকতা নাছিল। তেওঁ হতাশ হৈছিল, মঞ্চত তেওঁ হতাশা প্রকাশ কৰিছিল আৰু ক্ষোভৰ বহিঃপ্রকাশ ঘটাইছিল। ৰাস্তাৰ ভাষা (colloquial language)ত তেওঁ কথা কৈছিল। তেওঁৰ সামাজিক আচৰণ আৰু কথা-বার্তাত ক'তো সম্ভ্রান্ত ৰীতি-নীতি মানি চলা নাছিল। সাধাৰণ মানুহে দৈনন্দিন জীৱনত যিধৰণে আচৰণ কৰে, জুবিনদাৰ আচৰণো তেনে আছিল। সেইবাবে তেওঁ আছিল সকলোৱে ঢুকি পোৱা এজন তাৰকা।

জুবিনদাৰ সংগীত জনপ্রিয় হোৱাৰ আন এটা প্রধান কাৰণ হ'ল- তেওঁ সংগীতৰ শিপা অসমৰ লোক জীৱনত প্রোথিত কৰি লৈছিল। "অনামিকা", "মায়া", "সপোনৰ সুৰ", "আশা", "উজান পীৰিতি", "চান্দনি বাত (হিন্দী)", "জুবিনৰ গান", "ৰং", "পাখি", "মুক্তি", "জানমণি", "হিয়ামন", "শব্দ", "যন্ত্র", "অভিমানী মন", "ৰুমাল", "মা" আদি কেছেটৰ গীতবোৰত তেওঁ ৰক, পপ, ব্লুউজ আদিৰ সৈতে অসমৰ লোক সংগীতৰ এক অপূর্ব মিশ্রণ ঘটাবলৈ সক্ষম হৈছিল। আধুনিক গীতত যেনেকৈ জুবিনদা ওস্তাদ আছিল, তেনেকৈ বৰগীত, টোকাৰি গীত, বনগীত, বিহুগীত আদিতো সমানে পার্গত আছিল। সেয়েহে তেওঁ অত্যাধুনিক হৈও পৌৰাণিক তথা লোকজীৱনৰ ৰং-ৰূপ-গোন্ধক আওকাণ কৰা নাছিল।

জুবিন গাৰ্গৰ গীতৰ লগে লগে জনপ্রিয় আছিল তেওঁৰ ৰাজনৈতিক শ্লেষবোৰ। সেইবোৰে তেওঁৰ Anti-Establishment বা প্রতিষ্ঠান-বিৰোধিতা প্রকট কৰি তুলিছিল। তেওঁ গীত গাইছিল হৃদয়ৰ পৰা, যি গীতে দর্শক-শ্রোতাৰ হৃদয়ত জোকাৰণি তুলিছিল। তেওঁ প্রতিষ্ঠানবিৰোধী বক্তব্যৰে মঞ্চৰ পৰা মতলীয়া কৰিছিল যুৱ প্রজন্মক। তেওঁ মন্ত্রী-বিধায়কক গালি পাৰিছিল, বিপদগ্রস্তলৈ সদা-সহায়ৰ হাত আগবঢ়াইছিল, জাত-পাত-ধৰ্মৰ গোড়ামিক প্রত্যাহ্বান জনাইছিল আৰু প্রতিষ্ঠানক ভ্রূকুটি কৰিছিল। তেওঁৱে অসমৰ একমাত্র মানুহ আছিল যি লগুণ ছিঙিবলৈ ৰাজহুৱা আহ্বান দিব পাৰিছিল, সত্ৰৰ গোসাঁইক "প্রভু ঈশ্বৰ" বুলি কোৱাটোৰ তীব্ৰ বিৰোধিতা কৰিছিল। "কা" বিৰোধী ঐতিহাসিক আন্দোলনৰ লগত ওতঃপ্রোতঃভাৱে জড়িত শিল্পীজনে "পলিটিক্স নকৰিবা বন্ধু” বুলি তেওঁ "কা" বিৰোধী আন্দোলনৰ পৰৱৰ্তী কালত সর্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্রী-মন্ত্রীক সকীয়াই দিছিল। "মনত ৰাখিব আমি নতুন প্রজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো, জ্বলাবও পাৰো" আদি বাক্যই যুৱক-যুৱতীসকলক আন্দোলিত কৰি তুলিছিল। "মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা" আদিবোৰ তেওঁৰ জীৱিত কালতে যুৱ-প্ৰজন্মৰ বেদবাক্যৰ দৰে হৈ পৰিছিল। "মই ইটাবোৰক বিশ্বাস কৰো অট্টালিকাক নহয়।" "বেছি ধনী মানুহৰ লগত থাকি লাভ নাই, সঁচা কথা- ধনীয়ে দুখীয়াৰ দুখ নুবুজে।" "চৰকাৰ আমিয়ে বনাওঁ, চৰকাৰে আমাক নবনায়।" "ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব, আমি চব দি আছোঁ। আমি তেল দি আছোঁ, আমি চাহ দি আছোঁ, গড় দি আছো, জুবিন গাৰ্গ দি আছো" আদি অসমীয়া জাতীয়তাবাদৰ একো একোটা জনপ্রিয় শ্লোগানত পৰিণত হৈছিল।

শাসক বিজেপি দলৰ চৰকাৰ সন্দৰ্ভত জুবিনদা অতিশয় সমালোচনাত্মক আছিল। তেওঁ কৈছিল-"... বিজেপিক ভোট নিদিব। একদম চিধা কথা। একদম বতলা মাল।" আকৌ কৈছিল- "... পলিটিক্স বন্ধ কৰি দিম। বন্ধু বুলি কৈছোঁ, তাতে ক্ষান্ত থাকক। নহ'লৈ একেবাৰে বন্ধই কৰি দিম।" কেৱল 'কা' বিৰোধী আন্দোলনৰ সময়তেই নহয়, হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্রতিও জুবিনদা ভীষণ অসন্তুষ্ট আৰু অসহিষ্ণু হৈ উঠিছিল। তেওঁ বিজেপিক এইবাৰ নিৰ্বাচনত হৰুৱামেই বুলি ঘোষণা কৰিছিল।

জুবিন গার্গেই প্রথম শিল্পী যি নিজকে Social Leftist বুলি ঘোষণা কৰিছিল। চে-গুৱেভাৰা, বিষ্ণু ৰাভা, চার্লি চেপলিন তেওঁৰ আদর্শ ব্যক্তি বুলি ঘোষণা কৰিব পৰা শক্তিশালী ব্যক্তিত্বৰ গৰাকী আছিল আমাৰ মৰমৰ জুবিনদা।

জুবিন গার্গে ন্যায় পাবই লাগিব। ন্যায় পাব লাগিব তেওঁৰ পৰিয়াল আৰু অসমবাসীয়ে। যোৱা ১৯ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে ছিঙ্গাপুৰৰ সাগৰত ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছৰ পৰা আজি এই লেখা লিখি থকা অৱস্থালৈ অর্থাৎ ১৫ অক্টোবৰ, ২০২৫ লৈ অসম অশান্ত হৈ আছে। মানুহে, জুবিনদাৰ অনুৰাগীসকলে, বিনিদ্র ৰজনী কটাইছে। সেই দিনটোৰ পৰা আজিলৈকে ময়ো অস্থিৰ হৈ আছোঁ, জুবিনদাৰ ন্যায়ৰ বাবে কৰিবলগা কামৰ বাহিৰে একোকে কৰিব পৰা নাই।

জয় জুবিনদা

জুবিনদা অমৰ হওক।

অসমীয়া জাতি জিন্দাবাদ।

#JusticeForZubeenGarg

Prasanta Rajkhowa FB Wall

 জুবিনদাক প্ৰথম দেখাৰ সেই ক্ষণ

চনটো আছিল ২০০২ । কামৰূপ জিলাৰ দদৰাৰ দলিবাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭১ সংখ্যক্ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। দ্বিতীয় দিনা আবেলি মূল মঞ্চত সংস্কৃতি শাখাৰ বিশেষ অধিবেশন। উদ্বোধক জুবিনদা। বহু সময়লৈকে দাদা আহি নোপোৱাৰ বাবে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচী আগুৱাই লৈ যাব লগা হ'ল। অৱশেষত জুবিনদা আহি মঞ্চত প্ৰবেশ কৰিলে। লগে লগে হেজাৰ বিজাৰ মানুহে আহি প্ৰেক্ষাগৃহ উপচাই পেলালে। মঞ্চৰ সন্মুখ ভাগত অভাৱনীয় এক পৰিস্থিতি। সেৱা বাহিনীয়ে জুবিন প্ৰেমী দৰ্শকক নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক অৱস্থা। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লাখৰো অধিক ভক্ত‌ৰ বাবে থাকিবলৈ বনাই দিয়া শিবিৰ সমূহ শূণ্য হৈ পৰিল। নহব‌ই বা কিয়, তেওঁলোকে অত বছৰে গানহে শুনিহে আছিল দেখা পোৱাৰ সৌভাগ্যটো হোৱা নাছিল। পিছে সেইদিনা মোৰ সৌভাগ্য হৈছিল দুৰ্ভাগ্য‌ও হৈছিল। সেইদিনা দাদা অহাৰ কিছু সময় আগতে মুল মঞ্চত এটি বৰগীত পৰিবেশন কৰিছিলোঁ । আচলতে বৰগীতটি দাদাৰ সন্মুখতে পৰিবেশন কৰাৰ কথা আছিল। মনটো উৎফুল্লিত হৈ আছিল। কিন্তু দাদা আহি নোপোৱাৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী মতে বৰগীতটি পৰিবেশন কৰিব লগা হ'ল। এইয়ে মোৰ দুৰ্ভাগ্য, দাদাক শুনাব নাপালোঁ। কিন্তু সৌভাগ্য দাদাক ওচৰৰ পৰা চাবলৈ পালোঁ। মই বৰগীতটি পৰিবেশন কৰি মঞ্চৰ পৰা তললৈ নামিব ধৰোতেই দাদা অহা দেখি মঞ্চৰ কাষতে ৰৈ দিলোঁ। দীঘল চুলিকোচাৰ সৈতে বগা ধুতি আৰু মুগাৰ পাঞ্জাবী পৰিহিত দাদাক সেইদিনা বৰ ধুনীয়া দেখিছিল। দাদাই "শুন শুন ৰে সুৰ" বৰগীতটিৰে নিজৰ ভাষণ আৰম্ভণি কৰিলে। ভাষণৰ শেষত সভাখন সঞ্চালনা কৰা স্বৰ্গীয় নীলকান্ত বৰা চাৰে সকলোৰে হৈ জুবিনদাক নিজৰ গীত এটি গাবলৈ অনুৰোধ কৰাত জুবিনদাই তেওঁৰ লগত অহা মানস ৰবীন ককাইদেউক মঞ্চৰ পৰাই তেখেতৰ গীটাৰখন আনিবলৈ কোৱাত ককাইদেউৱে দৌৰ মাৰি গীটাৰখন আনি দিয়াত দাদাই আৰম্ভ কৰিলে "সোণেৰে সজোৱা পঁজা জহি খহি যায়" । আহ কি যে ভাল লাগিছিল। এই কথাটো মোৰ চকুৰ আগত জ্বল-জ্বল পট-পট কৈ জিলিকি আছে। নাথাকিব‌ই বা কিয়, প্ৰিয় শিল্পী জনাক প্ৰথম দৰ্শন।  জুবিনদা অমৰ হোৱা। 




( লগত দুকপি ফটো সামৰি দিলোঁ, ফটোৰ উৎস ফেচবুক)।

#JusticeForZubeenGarg

#SrimantaSankardevSangha 

#ManasRobin

Sunday, October 19, 2025

দ্বিপ ৰাজ FB Wall

পাপু , গৰিমা ,মামন — ? ? 

পাপুঃ আজি এমাহ হ’ল পাপু ৷ মই ধোঁৱা হৈ উৰি আছো এই মহাশূণ্যত ৷ ক’ৰবাত ৰৈ ৰৈ বিনাই আছো অথচ তুমি শুনা নাই , কোনেও শুনা নাই।  তোমালোকক দেখি আছো অথচ তোমালোকক স্পৰ্শ কৰিব পৰা নাই। মই যেতিয়া শেষৰবাৰৰ বাবে পৃথিৱীত উশাহ লৈছিলো , তোমাৰ ভাঙিব ধৰা স্বাস্থ্যৰ কল্পনা কৰি চাটিফুটি মৰিছিলো। বাৰে বাৰে উশাহ ঘূৰাই আনিব বিচাৰিছিলো। মোৰ ভৰি দুটা ঢেলা পৰি আহিছিল ,  উশাহবোৰ খৰ হৈ আহিছিল ৷ তোমাৰ উখহি উঠা এহালি চকু মোৰ জাপ খাই অহা দুচকুৰ মাজত অগাদেৱা কৰিছিল। পানীৰ ঢৌ ফালি উঠিব খোজোতে গল্ডী , গল্ডী মৰা ৰিং এটা পানীৰ তলতো তৰংগায়িত হৈ আছিল।  পাাপু বিশ্বাস কৰা “ য’তেই মায়াবিনী বাজি উঠিব ” তাতেই মই এই অবিনশ্বৰ শৰীৰেৰে উপস্থিত হ’ম। মই যাম সমদলত , মিচিলত ৷  হাজাৰ হাজাৰ জনতাৰ কন্ঠত সুৰ হৈ বিয়পি থাকিম। তোমাৰ কলমৰ আঙুলি কঁপাবলৈ মই ৰাতি ৰাতি তোমাৰ শোৱনি কোঠাৰ বাহিৰতে ৰৈ থাকিম ৷ ঠেঁটুৱৈ ধৰা জাৰৰ ৰাতি একুৰা উষ্ম শিখা হৈ তোমাৰ বুকুত উত্তাপ দিম অথবা জহৰ দিনৰ এচাটি কোমল বতাহ হৈ তোমাৰ ঘৰ্মাক্ত শৰীৰলৈ প্ৰশান্তি নমাম ৷ মই জী আছো পাপু ৷ নৰখাদকৰ বুভুক্ষা বুকুৰ পৰা আঁতৰিবলৈহে মই সোণাপুৰলৈ আহিলো , কায়িক সাজযোৰ সোলকাই  ৷ মোক মাফ কৰিবা ৷ মই জনতাৰ বুকুত সদায় আছো যিদৰে তোমাৰ বুকুত তুহজুই হৈ উমলি আছো প্ৰতিনিয়ত ! 


গৰিমাঃ চোৱা, গল্ডী এতিয়াও তোমাৰ শিৰত বেলিফুল হৈ চিকমিকাই উজ্জ্বলি আছে ৷ লাখ লাখ জনতাৰ স্নেহৰ উত্তাপেৰে তোমাৰ হৃদয়ত থকা গল্ডীজন আজিও আজি সেই একেই ! অখেয়ালি , অভিমানী আৰু অলপ মেজাজী ৷ মোক বেয়া পাইছা ? অভিমান কৰিছা ? — তোমাৰ এই আবদাৰটো মোৰ হাজাৰ যুগৰ চিনাকী ৷ মই জানো স্মৃতিৰ মণিকোঠাত মোক সদায়েই এটি কণমানি শিশুৰ দৰে লালন কৰি আছা। “ ধুমুহাৰ সতে’ মোৰ ”— যেতিয়াই বাজিব আকাশলৈ চাবা। সীমনাৰ শুভ্ৰতাত এখন ছবি দেখিবা ৷ এটি কণমানিয়ে চাবা মাকৰ আচলত ধৰি মহাশূণ্যত খোজ কাঢ়ি আছে ৷ তুমি আচল পাতিলেই ৰিং মাৰি গুছি আহিম ফুৰফুৰীয়া এচাটি বতাহ হৈ ...

 মই নোহোৱা হোৱা বুলি প্ৰাণৰ মানুহজাকে বহুত কান্দিছে , তুমি বুজাবা সকলোকে । মই বৰণহে সলাইছো। মইতো নিজে নিজে গুছি অহা নাই এই দেশলৈ ! মোক কোনোবাই গোৰ মাৰি ইয়ালৈ পঠিয়ালে সঁচা কিন্তু কি জানা তেওঁলোকে মোক গংগাত পেলালে ৷ আকাশৰ ইশ্বৰে মোক  ইয়াত জংকী আৰু মাক লগ লগাই দিলে ৷ পাপুৰ কথা  , তোমাৰ কথা  আৰু মামনৰ কথা কৈয়েই শেষ কৰিব পৰা নাই তেওঁলোকক আৰু মোক ভাল পোৱা লাখ লাখ জনতাৰ কথাবোৰতো আছেই ! লাহে লাহে কম সকলো ৷ এই শূণ্যৰ সৰগত তুমি নহালৈকে মই ইয়াতেই ৰৈ থাকিম কথা দিলো ৷ দুয়ো আকৌ পৃথিৱীত জনম লম ইজনে-সিজনৰ হৈ ৷ সোণাপুৰলৈ তুমি আহি কান্দিলে মোৰ ভয় হয় জানা ? যদি তোমাৰ কান্দোনত মোৰ বুকুৰ জনতাৰ চকুপানীবোৰ শেষ হৈ আহে ! মই ইহজনমৰ মাটিৰ কায়া অনাদিকালৰ কাৰণে সোণাপুৰত এৰি আহিছো , তাত বিচাৰিলেও মোক পাবা ৷ কেৱল ৰিং এটা মাৰিলেই হ’ল ৷ পাহাৰটোৰ পৰা এচাটি বতাহ হৈ নামি আহি তোমাৰ চাদৰৰ আচলত ভাকুটকুট খেলিম ৷

 গৰিমা ! শূণ্যৰ সাজ পিন্ধাৰে পৰা মই কেৱল হাত উজাৰি এজাক ৰ’দ দিব পাৰো , বৰষুণ দিব পাৰো আৰু দিব পাৰো দূৰণিত ৰৈ ৰৈ সুহুৰিয়াই থকা এচাটি বতাহৰ চেচৱেনি ৷ 


মামনঃ তই মোৰ শক্তিশালী আৰু সাহসী ভনীজনী ৷ জানই তোৰ পেন্দোৱা চকুহালৰ অভিমানত মই বৰফৰ দৰে পমি থকা ককায়েৰ। এই যে ধোঁৱাৰ পাখি মেলি মহাশূণ্যত ঘৰ সাজিলো — মই এতিয়াই অহাৰ কথা নাছিল ৷ যদিও মোৰ বাবে জংকী আৰু মা ৰৈ আছিল তাহানিৰে পৰা কিন্তু কিছুবছৰ পলমকৈ আহিলেও কথা নাছিল ৷ তই মোৰ প্ৰাণৰ ভনী , তোক সকলো খুলি ক’ব পাৰো ৷ জাননে’ ইহকালৰ উশাহটো হেৰুৱাবলৈ মোৰ মুঠেও মন নাছিলো ৷ কাৰোবাৰ পৈশাচিক আনন্দই মোক ইয়ালৈ ঠেলিলে ৷ কত যে আধৰুৱা কাম তাত এৰি আহিছো  ! ইয়াত গান গাব নোৱাৰি , সুৰ দিব নোৱাৰি কেৱল অনুভৱহে কৰিব পাৰি। কিমান কষ্ট চা ৷ কাকোতো ক’বই নোৱাৰো ন’ ? পাপু আৰু গৰিমাক এইবোৰ ক’লে ভঙা বুকুখনকেই দুবাৰকৈ ভাঙিব ৷ তই সৰুৰ পৰা বৰ চোকা আছিলি যে ! এতিয়া সেইখিনিকে কামত লগা ৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰিবি বুলি তোৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে ৷ ন’হলে মোৰ বুকুত ওমলি ফুৰা লাখ লাখ জনতাই বিচাৰি ফুৰা ন্যায় কোনোদিনে নাপাব ৷ জানাই মই গোটেই অসমী আইৰ সন্তান ! মোৰ ইহকালৰ অসহজ প্ৰস্থানে সকলোৰে বুকু বেয়াকৈ দহি নিছে ৷ মই বিচাৰি ফুৰা সেই অসমখন আজি একত্ৰিত হৈছে ...! উফ্ আৰু ক’ব নোৱাৰো মামন ! ডাৱৰৰ চকুপানীৰে লিখা এই আখৰবোৰেও কান্দি উঠিছে ৷ মহাকাশত লাখ লাখ জনতাৰ কান্দোনবোৰ ভাঁহি আহিছে , বাকীখিনি তই বুজি ল’বি দেই  মা..ম..ন 😰 !

Dhruba Jyoti Arjuna FB Wall

 জুবিন গাৰ্গৰ বিজয় ডংকাৰ হলিউডতো গুঞ্জানন উঠিছিল : 


 জুবিন গাৰ্গ কোন ? 

এজন গায়ক ? নে এজন বিদ্ৰোহী দাৰ্শনিক ?

জুবিনৰ আদৰ্শ কি আছিল ?

কালি সোনাপুৰত জুবিনদা চিৰশান্তিত শুই থকা ঠাইখনত কোনোবা অসাধু চক্ৰই নিৰীহ কুকুৰ কেইটাক মদ খুৱাই দি জুবিনদাৰ সত্তাটোক অপমান কৰাটো মোৰ সহ্য হোৱা নাই । কোনেও গম নাপালেও ইহঁত বাচি নাযায় । সময়ে নিজেই প্ৰতিশোধ ল’ব । 

জুবিনদাৰ সত্তাটোৱে বিচাৰ কৰিব ইহঁতক । 

জুবিনদাক যদি কোনো ভাৰতীয় প্ৰৱাদ পুৰুষৰ সৈতে মিলাবলৈ হয় মই তেওঁক আদৰ্শগত দিশৰ পৰা শ্ৰীকৃষ্ণৰ সৈতে মিলাম । 

শ্ৰীকৃষ্ণ আছিল বিশ্বৰ প্ৰথমজন চ’চিয়েলিষ্ট । গণতান্ত্ৰিক চচিয়েলিজম প্ৰতিস্থা কৰোঁতা কৃষ্ণই মথুৰাত ৰাজতন্ত্ৰক উৎখাত কৰি গণতান্ত্ৰিক সমাজবাদৰ সূচনা কৰিছিল । বন্ধু সূদামাক সমতাৰ আধাৰতে সেয়ে তেওঁ বিলাই দিব পাৰিছিল নিজৰ অৰ্ধেক বৈভৱ । 

শ্ৰীকৃষ্ণৰ বিষয়ে গভীৰ অধ্যয়ন কৰাৰ বাবেই তেওঁ ক’ব পাৰিছিল - যে শ্ৰীকৃষ্ণ ভগৱান নাছিল মানুহহে আছিল । তেওঁ বুজিছিল যে অসমীয়া সমাজ ব্যৱস্থাটোৰো পৰিকাঠামো হ’ল চ’চিয়েলিষ্ট আদৰ্শ । ইয়াত সাধাৰণ জনতাৰ পৰা নেতালৈ উত্তৰণ হোৱাজনকহে সমাজে সন্মান দিয়ে । চক্ৰধ্বজ সিংহ , জয়ধ্বজ সিংহৰ দৰে অদম্য সাহসী স্বৰ্গদেউৰ নেতৃত্বতহে দৰাচলতে বৰফুকণ লাচিতে ৰণচালি ধৰিছিল যদিওঁ মানুহে ৰজাক গুৰুত্ব নিদি বৰফুকন লাচিতক মান্যতা দিলে ৷ নৰনাৰায়ণ ,চিলাৰায় তথা হৰদত্ত বীৰদত্তৰ উত্তৰণ ঘটিছিল সাধাৰণ মানুহৰ মাজৰ পৰা ৷ শংকৰ-মাধৱৰ দেশত দুয়োজনে সাধাৰণ জনতাৰ উত্তৰণৰ বাবে কৰা অহোপুৰষাৰ্থক শ্ৰদ্ধাৰে সোঁৱৰা হয় । একে কথাই প্ৰযোজ্য জ্যোতি-বিষ্ণুৰ ক্ষেত্ৰটো  ।  জনতাৰ মংগলৰ বাবে নিজৰ সৰ্বস্ব বিলাই দিব পৰাজনহে ইয়াত পূজ্য । 

 -

জুবিনে মদ খায় । মানি ল’লো । মদ তেওঁৰ বাবে নীৰৱ , নৃশংস শতৰু হ’ল । এতিয়া জুবিন গাৰ্গে মদ খাই বাবেই আমি এতিয়া মদক আকোঁৱালি লম নে ? এইটো যুক্তিৰে দেখোঁন আমি শ্যামকাণু , সিদ্ধাৰ্থ , সন্দীপন হ্ঁতকো আকোঁৱালি ল’ব লাগিব । যি মদ জুবিনদাৰ বাবে শত্ৰু হ’ল সেই মদক আমি কিয় আকোঁৱালি লম ? 

জুবিনদাৰ আদৰ্শকহে আমি জীয়াই ৰাখিব লাজিবদ তেওঁক ভিতৰি শেষ কৰি পেলোৱাবোৰক নহয় । 

জুবিনদা হ’বলৈ এজন সাধাৰণ মানুহে দুটা জন্ম লাগিব ।  ভাল বেয়া সকলো মিলাই । কালি ত্ৰিদিপ কুমাৰ গোস্বামীদাৰ লগত কথা পাতি আছিলোঁ । ত্ৰিদিপদাই জুবিনক যিদৰে মানে ময়ো তেখেতক তেনেদৰেন মানো। তেওঁ জুবিনদা সম্পৰ্কে মোক দুটা তথ্য দিলে । জুবিনদাৰ অধ্যয়ন পিপাসু স্বভাৱটোৰ কথা আমি সকলোৱে জানো । বাৰ হাজাৰ কিতাপৰ কথা তেওঁ নিজেই কৈ গৈছে । মোৰ সন্দেহ দৰাচলতে তেওঁ পঢ়া কিতাপৰ সংখ্যা ইয়াতকৈ বহুগুণেই বেছি হ’ব । এবাৰ জুবিনদাই ত্ৰিদিপদাক দুখন কিতাপ উপহাৰ দিলে নিজৰ সংগ্ৰহৰ পৰা । ক’লে পঢ়ি চাবি বহুত কথা জানিবি । দুখন কিতাপ । মই এখনৰ নাম পাহৰিলোঁ । আনখনৰ নাম হ’ল 

 Folk culture of Eastern Europe 

দাম - ১১০০ ইউৰো । ভাৰতীয় হিচাপত প্ৰায় এক লাখ ত্ৰিশ হাজাৰ টকা । আনখনৰ দাম নশ ইউৰো । 

এতিয়া কোনোবাই ভাবিব পাৰে নে , অসম নামৰ এই ক্ষুদ্ৰ , আওঁহতীয়া ঠাইখনত এজন সাধকে পূৱ ইউৰোপৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ণ কৰিছে বুলি ।  জুবিন গাৰ্গ এনেয়ে নহয়টো। 

বিশ্ব সংস্কৃতিৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে জ্ঞান নাথাকিলে সংগীতৰ নব্য ধাৰা এটাৰ সূচনা কৰিব নোৱাৰে ।  

জ্ঞান আৰু তাৰ পৰা উদ্ভৱ প্ৰজ্ঞাৰ ইমান উচ্চতালৈ জুবিন গুছি গৈছিল যে এইখিনি বৌদ্ধিক প্ৰজ্ঞাৰে মগজুৰ কৰ্ষণ কৰিবলৈও তেওঁৰ আশেপাশেও কোনো উপস্থিত হ’ব পৰা নাছিল । সকলো জানি এইখিনি কৰ্ষণ কৰিবলৈ নোপোৱাৰ বিষাদ ভীষণ যন্ত্ৰণাদায়ক । সেয়ে জুবিনে কৈছিল 

 #I_am_alone 

আত্মাটোৱে শান্তি পোৱা কথাবোৰ পাতিবলৈ তেওঁ কাকোৱেই পোৱা নাছিল । সেয়েটো জুবিন গাৰ্গে ৰীতা বাইদেউক কৈছিল - পঁচিশ বছৰৰ আগেয়ে তোমাক লগ পাব লাগিছিল । তুমিওটো অকলশৰীয়া ।

বাইদেউ আছে সেই উচ্চতাত অৱস্থান কৰি । এইখিনি ভাষাৰে বুজাব নোৱাৰি ৷ উপলদ্ধি আৰু অনুমানহে কৰিব পাৰি ।

 এই কথা পতাৰ সংগীজন জীৱনত বৰ প্ৰয়োজনীয় । প্ৰেম ইয়াত তেনেই ক্ষুদ্ৰ হৈ পৰে । জুবিনদাৰ ভাষাৰে - ভাইব মিলিব লাগিব । এই ভাইব দুজন পুৰুষৰ মাজতো মিলিব পাৰে ,দুগৰাকী পুৰুষৰ মাজতো মিলিব পাৰে অথবা এগৰাকী নাৰী আৰু এজন পুৰুষৰ মাজতো মিলিব পাৰে । লিংগভেদ ইয়াত নাহেই । পুৰুষ আৰু মহিলা হ’লে কেতিয়াবা প্ৰেমৰ উন্মেষ হ’ব পাৰে । কিন্তু এই ভাইবৰ বিশালতাৰ সন্মুখত প্ৰেম তেনেই তুচ্ছ হৈ পৰে । জ্ঞানৰ কুণ্ডই অন্য এটা জ্ঞানৰ কুণ্ডক আকৰ্ষণ কৰে ইয়াত । 

ৰীতা বাইদেউৰ সৈতে হোৱা সাক্ষাৎকাৰটোত এটা silent দিশ মন কৰিছে নে ? দুখন ক্ষেত্ৰৰ দুজন শীৰ্ষতম ব্যক্তিত্ব বহি আছিল । অথচ দুয়োজনেই দুজন মহাযোগীৰ দৰে নিৰাসক্ত আৰু নিৰহংকাৰত আলোচনা কৰি আছিল । যেন সকলো দুখ তেওঁলোকে ভগাই লৈছে পৰস্পৰৰ মাজত । বৰ বিৰল দৃশ্য এয়া । 

দুজন মহাজ্ঞানেৰে সমৃদ্ধ শিশু । 

ত্ৰিদিপদাই আৰু এটা কথা মোক অৱগত কৰিলে যিটোৱে জুবিন গাৰ্গ নামটোক আৰু অধিক সমৃদ্ধ কৰি তুলিলে । ত্ৰিদিপদাই অফিচিয়েল কামত সমগ্ৰ বিশ্ব পৰিভ্ৰমণ কৰি থাকিব লগা হয় । ৰাষ্ট্ৰসংঘই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় নীতি নিৰ্ধাৰণ কৰা বৈঠক সমূহত ত্ৰিদিপদাই আমন্ত্ৰণ লাভ কৰে । এবাৰ ত্ৰিদিপদা গুৱেটামালা যাব লগা হ’ল । জুবিনদাই কথাটো গম পাই ত্ৰিদিপদাক মাতি পথালে । জুবিনদা ত্ৰিদিপদাৰ ককায়েকৰ বন্ধু । দৰাচলতে জুবিন গাৰ্গৰ অনামিকা এলবামটোতকৈ আগতে আৰু এটা এলবাম ৰিলিজ হৈছিল - #উন্মীলন ।এই উন্মীলন শীৰ্ষক এলবামটোৰ পৰিকল্পনা আছিল ত্ৰিদিপদাৰ ককায়েকৰ । জুবিনদা আৰু ত্ৰিদিপদাৰ ভাতৃবৎ সম্পৰ্ক তেতিয়াৰ পৰাই । জুবিনদাই ত্ৰিদিপদাৰ হাততে কিবা কাগজ এখন লিখি পিছ কেইটামান বজাই ৰেকৰ্ড কৰি দি পথালে গুৱাটেমালাত থকা কোনো যুৱতী এগৰাকীৰ হাতত দিবলৈ ৷

 ত্ৰিদিপদাই গুৱাটেমালাত উপস্থিত হৈ সেই সময়ত জুবিনদাই দি পথোৱা ফোন নম্বৰটোত ফোন কৰি যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিলে ।যথাসময়ত দেহত উল্কি অঁকৰ অসম্ভৱ সুন্দৰী এগৰাকী যুৱতীয়ে ত্ৰিদিপদাক সাক্ষাৎ কৰিলেহি । ত্ৰিদিপদাৰ ভাষাৰেই 

: যুৱতীগৰাকীক প্ৰথম বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । হ’ব পাৰে জুবিনদাৰ কোনোবা বন্ধু । মোৰ কাম হ’ল জুবিনদাই দিয়া বস্তুখিনি তেওঁৰ হাতত দিব লাগে ৷ 

 পিছে জুবিনদাৰ ভায়েক বুলি গম পাই যুৱতীগৰাকীয়ে ত্ৰিদিবদাক লান্স কৰাই তেওঁক এটা ষ্টুডিঅ’লৈ লৈ গ’ল ।  বৰ বিশাল আৰু অত্যাধুনিক ষ্টুডিঅ’ । 

তাত গৈহে ত্ৰিদিপদাই ভেবাচেকা খালে । সেইটো আছিল হলীউডৰ এটা অংশ । হলীউডৰ চিনেমাৰ আৱহ সংগীত তথা সংগীতৰ কাম হয় তাত । আৰু তাত কাম কৰা প্ৰায় প্ৰত্যেকজন সংগীতজ্ঞ আৰু বিশেষজ্ঞই জুবিনদাৰ বিশাল সংগীত প্ৰতিভাৰ বিষয়ে জানে । সেইটো মিউজিক ষ্টুডিঅ’ৰ কোনো প্ৰজেক্টৰ বাবেই এই অসম মুলুকৰ এটা কোনত বহি জুবিনদাই কিবা কাম কৰি দিছিল।

কি আছিল এই মানুহজন ? 

প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ , নিজৰ প্ৰতিভাক বিশ্বই মান্যতা দিবলৈ বাধ্য কৰিবলৈ প্ৰচুৰ মেধা আৰু প্ৰজ্ঞাৰ প্ৰয়োজন । আৰু সেইখিনি জুবিন গাৰ্গৰ আছিল ।

All hail to the King of Assam 

#JusticeForZubeenGarg

 #মদ_নহয়_কিতাপ_পঢ়ি_ভাল_পোৱা_জুবিনজন

 #প্ৰজ্ঞা_আৰু_মেধাৰে_সমৃদ্ধ_জুবিনৰ_আদৰ্শ_লওঁ_আহক ।

Anirban Phukan FB Wall

 ✍️✍️যোৰহাটত হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোতে জুবিন গাৰ্গে চুলি দীঘল কৈ ৰাখিছিল আৰু প্ৰায় ইউনিফৰ্ম নিপিন্ধাকৈ অহাৰ বাবে শিক্ষক মুকুল চলিহাই পদাৰ্থ বিজ্ঞানৰ শ্ৰেণী কোঠাৰ পৰা উলিয়াই দিছিল।

📌সময় বাগৰিল জুবিন গাৰ্গ অসমৰ জনতাৰ হিয়াৰ আমঠু  হৈ পৰিল,অসমৰ চুপাৰষ্টাৰ,তেওঁক চিনি নোপোৱা মানুহ চাগে অসমত নাছিল।

📌এদিন জুবিন গাৰ্গ যোৰহাটলৈ আহোঁতে মুকুল চলিহা চাৰলৈ মনত পৰিল,আৰু লগৰ সহপাঠী এজনৰ সৈতে চাৰৰ ঘৰ ওলাল গৈ।

📌কলিং বেলটো বজায় দিয়াত চলিহা ছাৰৰ পত্নী গৰাকী ওলায় আহিল,জুবিনে অতি সাধাৰণ মানুহৰ দৰে বাইদেউ গৰাকীক কলে "মই জুবিন গাৰ্গ ,চাৰক এবাৰ চাবলৈ খুব মন গল,সেয়ে আহিলো।"

📌 কিন্তু বাইদেউ গৰাকী অবাক,মৌন,তেওঁৰ কাষত যে অসমৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গ,(কল্পনা কৰকচোন সেই দৃশ্যটো)

📌এইজনেই আছিল অতি সহজ সৰল,শিশু সুলভ জুবিন গাৰ্গ,

মৃগাংক চলিহা দেৱে জনাইছিল উক্ত কথাখিনি।

 📌মই দুবছৰৰ আগত এটা video প্ৰস্তুত কৰিছিলোঁ,বিষয় টো আছিল জুবিন গাৰ্গক লৈ, তেওঁৰ লাহে লাহে কণ্ঠটো  বহি পৰিছে,আগৰ দৰে গান বোৰ গাব নোৱাৰা হৈ আহিছে,নিজৰ আশা, মায়া,যন্ত্ৰ,মায়াবিনী গান কেইটাই ভালদৰে গাব পৰা নাছিল।

📌প্ৰমাণ হিচাপে শেষতীয়া হৈ যোৱা বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান সমুহ চালে বুজিব পাৰি।

📌video টো প্ৰায় এক মিলিয়ন views আহিছিল,কিন্তু ত্ৰিশ শতাংশ কমেণ্ট ইমান বেছি বেয়া আছিল যে মই পঢ়িব পৰা নাছিলোঁ।

📌 সাংঘাটিক অসভ্য ভাষাৰে গালি পাৰি মন্তব্য কৰিছিল এচাম মানুহে।

📌"কোন হয় তই জুবিন দাৰ কণ্ঠ বেয়া হৈছে কবলৈ,তেওঁ নিজে জানি বুজিয়ে নতুন ষ্টাইলত মায়াবিনী ,অথবা অনামিকা গীতটো গাইছে।"

📌ইমান বেছি ভদ্ৰতাৰ সীমা পাৰ কৰি মোক গালি দিছিল যে video টো delete কৰি পেলাইছিলো।

📌কিন্তু এতিয়া অনুভৱ হৈছে সেই গালি পৰা এচাম মানুহে আচলতে জুবিন দাক শেষ কৰিলে, তেওঁলোকে সঁচাকৈ অন্তৰেৰে ভাল পোৱা নাছিল,তেওঁলোকে জুবিন দাৰ্ মেনেজাৰ সিদ্ধাৰ্থক হে সহযোগিতা আগবঢ়াইছিল নজনাকৈ।

📌জুবিন দাক যদি মিছা উৎসাহ,তোষামোদ নকৰি তেওঁৰ দেহৰ যতন লবলৈ পৰামৰ্শ দিয়া হেঁতেন এইদৰে সিদ্ধাৰ্থৰ দৰে অসুৰ এটাই সুযোগ নেপালে হেঁতেন সুবিধা লবলৈ।

📌 জুবিন দাৰ সম প্ৰয্যায়ৰ বলিউডৰ গায়ক উদিত নাৰায়ণ,কুমাৰ চানু,অভিজিত,চনু নিগম,ছান আদিৰ কণ্ঠ আজিও শক্তিশালী হৈ আছে।

📌তেওঁলোকে দেহৰ লগতে নিজৰ কণ্ঠ ভালে ৰাখিবলৈ মৌন ব্ৰত পালন কৰে ২৪ ৰ পৰা ৪৮ ঘণ্টা লৈকে,লতা মংগেশকাৰে জীৱনৰ অন্তিম সময় লৈকে গান গায় আছিল।

📌জুবিন দা আচলতে ভাগৰুৱা হৈ পৰিছিল যোৱা কিছু বছৰৰ পৰা,কিন্তু তেওঁ নিজে কব পৰা নাছিল কাকোৱে, কাৰণ তেওঁ যে সকলোৰে সাহস আছিল,শক্তি আছিল।

📌জুবিন দাক যে বুঢ়া ৰূপত চাব ইচ্ছা আছিল,নেলাগে গান গাব,কিন্তু তেওঁৰ প্ৰতিবাদী কণ্ঠ টো থাকিল হেঁতেন।

📌জুবিন দাৰ গান শুনি আমিবোৰ বোৰহে বুঢ়া হৈ আহিছিলো, কিন্তু তেওঁ দেখোন দিনক দিনে চিৰ তৰুণ হে হৈ আহিছিল।

📌"ৰৈ ৰৈ বিনালে" ছবিৰ নায়ক জনক ২৫ বছৰীয়া চফল ডেকা লগা নাইনে।

#JusticeForJubinGarg

Wednesday, October 15, 2025

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ

বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক্ষা-নিৰীক্ষা কৰিছে নিজৰ ফেচবুক একাউন্টৰ পৰা। আনকো তেওঁ আহ্বান জনাইছে তেওঁৰ দৰে কৰিবলৈ।

তেওঁ লিখিছিল - পৰীক্ষা কৰি চালো। এটা পোষ্টত ৩০ বাৰ লিখিব পাৰি। আপোনালোকেও মোৰ পোষ্টটো কপি কৰক আৰু নিজৰ নিজৰ ফেচবুক একাউন্টত পোষ্ট কৰক। আমাৰ প্ৰাণৰ প্ৰিয় জুবিন দাই ন্যায় পাবই লাগিব। জয় জুবিন দা।

তাৰ পাছত তেওঁ #JusticeForZubeenGarg লেখিছে ৩০ বাৰ। এয়াই হৈ আছে এতিয়া সামাজিক মাধ্যম ফেচবুকত। কেৱল ৰাজপথতে এই প্ৰতিবাদ সাব্য়স্ত হোৱা নাই, নিজ নিজ সামাজিক মাধ্যমৰ জড়িয়তেও এক বৃহৎ ডিজিটেল কেম্পেনিং চলি আছে সমান্তৰালভাৱে।

ইতিমধ্যে ১ মিলিয়ন অৰ্থাত ১০ লাখ লোকে ১৫ অক্টোবৰ ২০২৫ লৈকে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু জুবিন গাৰ্গৰ ন্য়ায় বিচাৰি এই আন্দোলন অব্যাহত ৰাখিছে। #JusticeForZubeenGarg ৰে ভৰি পৰিছে সামাজিক মাধ্যম।

মানুহে এতিয়া উঠি-পৰি লাগিছে জুবিন গাৰ্গৰ পক্ষত। মানি ল'ব খোজা নাই কোনো বিকল্প কথা। এনে খবৰো আহিছে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱেঙৰ ফেচবুক প্ৰফাইলটো জুবিন অনুৰাগীয়ে ভৰাই দিছে #JusticeForZubeenGarg ৰে।

যাৰ বাবে বিদেশী ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিস্ক্ৰিয় কৰিব লগা হৈছে তেওঁৰ ফেচবুক একাউন্ট। অৱশ্যে এই খবৰ কিমান সত্য আনুষ্ঠানিকভাৱে ছিংগাপুৰ চৰকাৰে প্ৰকাশ কৰা নাই। কিন্তু এইটো সঁচা যে জুবিন গাৰ্গৰ মৃত্যুক লৈ ক্ষোভিত লাখ লাখ লোক ক্ষান্ত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ ফেচবুক একাউন্টটো একেই তিনিটা শব্দ- জুবিনৰ বাবে ন্যায় লাগে।

গুৱাহাটী মহানগৰীৰ উপকন্ঠ অঞ্চল জুবিনৰ শেষকৃত্য সম্পন্ন হৈছিল। তাৰ সমীপৱৰ্তি ডিম'ৰিয়াৰ পৰাও জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰ চৰকাৰলৈ ই-মেইল প্ৰেৰণ কৰা হৈছে। এই অনলাইন আৱেদন দিয়া হৈছে ছিংগাপুৰ আৰক্ষীৰ মুৰব্বীলৈ।

তেওঁলোকৰ এটাই কথা ছিংগাপুৰ চৰকাৰে সহায় কৰিব লাগে জুবিনক ন্য়ায় প্ৰদানৰ ক্ষেত্ৰত। এই আৱেদনৰ কথা ছিংগাপুৰৰ সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। ১৩ অক্টোবৰত ছিংগাপুৰৰ এটা পৰ্টেলত প্ৰকাশ পোৱা এটা খবৰৰ শিৰোনাম আছিল- Assam citizens petition Singpore for transparency over Zubeen Garg's deaths.

ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে ছিংগাপুৰৰ গৃহমন্ত্ৰী কে ছানমুগাম,ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ড০ ভিভিয়ান, ছিংগাপুৰৰ এটৰ্ণি জেনেৰেল লুছিয়ান ৱাং আৰু দেশখনৰ মুখ্য ন্যায়াধীশলৈ। ৰাকেশ হাজৰিকাৰ নেতৃত্বত এই অনলাইন আৱেদন প্ৰেৰণ কৰা হৈছে ছিংগাপুৰলৈ।

বাতৰি,চেনেল বা সংবাদ মাধ্যমত এতিয়া কেৱল জুবিন গাৰ্গৰ খবৰ। সেই চেনেল বা কাকতবোৰৰ অনলাইন সংস্কৰণত মাজেমধ্যে আন কিছু গুৰুত্বপূৰ্ণ খবৰে স্থান পাইছে। তাতো  মানুহৰ এটাই মন্তব্য- জুবিন গাৰ্গৰ বাবে ন্যায় লাগে। সেই একেই #JusticeForZubeenGarg।

এনে ডিজিটেল কেম্পেইন অসমত আগতে হোৱা নাই। এয়া অভূতপূৰ্ব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা তদন্তকাৰী বিশেষ গোটৰ ওপৰতো ৰাইজৰ আছে পছন্দ হেঁচা। অলপ ইফাল-সিফাল হ'লেই ৰাইজে ক্ষমা নকৰিব কাকো।

বাধ্যত পৰি বা আন কিছু কাৰণত তদন্তকাৰী সন্থাই সকলো নীতি-নিয়ম পৰিহাৰ কৰি বিশিষ্ট লোকক মতাই নি আলোচনাত বহিব লগা পৰিৱেশ সৃষ্টি হৈছে। অৱশ্যে ইয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত আৱেগিক পোষ্ট দি ন্যায় দাবীত এক নতুন মাত্ৰা দিছে।

১৫ অক্টোবৰ ২০২৫,বুধবাৰ। ফেচবুকত গৰিমাই দুখৰ মাজতে লিখিলে- "একো বুজা নাই। ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই, ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায়।" এয়াইতো হৈ আছে এতিয়া। 

কোনে কৰি আছে এইবোৰ? কিছুমান সঁচা,কিছুমান মিছা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ কথা এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছে।

তাৰ পাছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন মৰণোত্তৰ প্ৰতিবেদন। ৫ পৃষ্ঠা জোৰা এই প্ৰতিবেদনত জুবিনৰ মৃত্যুৰ কাৰণ উল্লেখ কৰা হ'ল। মানুহ আচৰিত। পি এম আৰ নম্বৰ ২৭০৬/২৫ প্ৰতিবেদনখন সঁচাকৈ জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ নে?

কেনেকৈ বাহিৰ হ'ল এই গোপন প্ৰতিবেদন? একাংশ সংবাদ মাধ্যমেও সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে খবৰ। পাছত আৰক্ষীয়ে স্পষ্ট কৰি দিবলগীয়া হ'ল। সেয়া ভুৱা। কোনোবাই জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামতো কৰিছে ল'ৰা-ধেমালী।

সতৰ্ক কৰি দিলে চি আই ডি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। সেই প্ৰতিবেদনত নাছিল কোনো চিকিতসকৰ চহী। এইবোৰ কৰি আছে কোনে? কাৰ কি লাভ হৈছে? কিয় ৰহস্যঘন কৰি থকা হৈছে কথাবোৰ? নিশ্চয় তাতো কাৰোবাৰ উদ্দেশ্য আছে। সেই উদ্দেশ্যলোভীবোৰে জুবিনৰ ন্যায় বিচৰাৰ নামত বিচাৰি আছে নিজৰ মুনাফা।

ইয়াৰ বাবেও সাৱধান আৰু সতৰ্ক হোৱাৰ দৰকাৰ। ১৪ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ শেষ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। তেওঁলোক দুয়োৰ লগতে এই গোচৰত গ্ৰেপ্তাৰ কৰা সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষীক আদালতত হাজিৰ কৰাই লৈ যোৱা হৈছিল বাক্সা জিলাৰ নৱনিৰ্মিত কাৰাগাৰলৈ।

১৫ অক্টোবৰ,২০২৫ ত জুবিন গাৰ্গৰ মৃত্যুত ক্ষোভিত হৈ থকা অনুৰাগীৰ ক্ষোভৰ জুইকুৰা জ্বলিল মুছলপুৰত। কাৰাগাৰৰ সন্মুখ পাইছিলগৈ শ্যামকানু মহন্ত হঁতক কঢ়িয়াই দিয়া কনভয়। হাতত শিল তুলি ল'লে অনুৰাগীয়ে। লক্ষ্য এই কনভয়ৰ গাড়ী।

আৰক্ষীয়ে জানে এয়া বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰা পৰিৱেশ নহয়। তথাপিও লাঠি ঘূৰাব লগা হ'ল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। তেওঁলোকক কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হৈছিল। যিখন কাৰাগাৰ ২০২৫ ৰ ২১ জুনত উদ্বোধন কৰা হৈছিল। 

অত্যাথুনিক সা-সুবিধা থকা কাৰাগাৰখনৰ নিৰ্মাণত ব্যয় হৈছিল ৫৩.৮৬ কোটি টকা। প্ৰায় ৫০০ কয়দীৰ বাবে এই কাৰাগাৰ। বাক্সাৰ স্থানীয় লোকৰ ক্ষোভ কিয় আনিব এই মহাপাপী সকলক বাক্সালৈ। পাপী বুলি আখ্যা দি তেওঁলোকক তাৰ পৰা উলিয়াই নিবলৈ অব্যাহত ৰাখিছিল প্ৰতিবাদ।

আহত হ'ল আৰক্ষী,সাংবাদিক,প্ৰতিবাদকাৰী। আৰক্ষীৰ দুখনকৈ বাহন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে । ইফালে দিল্লীত আছিলগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ছিংগাপুৰলৈ অসম আৰক্ষী দল প্ৰেৰণৰ আলোচনাৰ বাবেই বিদেশ মন্ত্ৰী-গৃহ মন্ত্ৰী আদিক সাক্ষাতৰ বাবে আছিল সেই যাত্ৰা।

বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দোৱা গেছ আৰু শূণ্যলৈ গুলি নিক্ষেপ কৰিবলগীয়া হৈছিল। প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছিল আৰক্ষী। কেবাখনো বাহন ক্ষতি হৈছিল। আকৌ এবাৰ অকল্পনীয় পৰিস্থিতি বাক্সাত। প্ৰতিবাদত অংশ লোৱা আদহীয়া মহিলাই ক'লে গুৰুত্বপূৰ্ণ কথা-  বাক্সাত জুবিনক ভাল পোৱা মানুহ নাই বুলি ভাৱিছিল হ'বলা...

ন্যায় দিবই লাগিব জুবিনক। কিন্তু সেই ন্যায় কোনে কেনেকৈ দিব আৰু কেনেকৈ আহিব? সেইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন। যিসকল জুবিনৰ মৃত্যুৰ বাবে পৰোক্ষ-প্ৰত্যক্ষভাৱে দায়ী সেই সকলৰ কঠোৰ শাস্তি হ'বই লাগিব। এয়া ৰাইজৰ দাবী। তাৰ লগতে সংস্কৃতি সাহিত্য সমাজ আদি অন্যান্য ক্ষেত্ৰত পিয়াদি ফুৰা অপশক্তিবোৰৰো বিনাশ নিশ্চিত হ'ব লাগিব। তেতিয়াহে জুবিন গাৰ্গৰ প্ৰতি ন্যায় কৰা হ'ব।

জুবিনৰ শাৰিৰীক অনুপস্থিতিত জুবিন নামৰ এক শক্তিশালী শক্তিয়ে আত্মপ্ৰকাশ কৰিছে। যি শক্তিয়ে বহু আঁৰ কাপোৰ খহাই সত্য আৰু ন্যায়ৰ অন্বেষণৰ বাট মুকলি কৰি দিছে। সেয়েহে সকলোৰে মুখত এটাই কথা- #JusticeForZubeenGarg। ইয়াৰ বাবে অৱশ্যে সংযমতা ৰক্ষা কৰাতো জুবিনপ্ৰেমী সকললো দায়িত্ব আৰু কৰ্তব্য।

Tuesday, October 14, 2025

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা।

🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হয়তো বিৰহ বেদনা সিক্ত গান সৃষ্টি কৰিব পাৰিবা। কিন্তু গভীৰ জীৱন দৰ্শন সমৃদ্ধ যুগজয়ী গান সৃষ্টি কৰিব নোৱাৰিবা।

🌏 গান লিখিব পাৰিবা, কিন্তু ঠেলাৱালা ৰিক্সাৱালাই বুজি পোৱাকৈ নোৱাৰিবা।

তাত মননশীল কবিতাৰ শৈলী সংযোগ কৰিব নোৱাৰিবা, অদ্ভুত সস্তীয়া উপমাহে দিব পাৰিবা। (পেডেল...টেক্সি....)

🌏 জনপ্ৰিয় হব পাৰিবা, কিন্তু এজাক কবি, লেখক, সুৰকাৰ, গীতিকাৰ, কম্পজাৰ, প্ৰডিউচাৰ, চিত্ৰনাট্যকাৰ, পৰিচালক, অভিনেতা সৃষ্টি কৰি থৈ যাব নোৱাৰিবা। দুটাকৈ মৃতপ্ৰায় শিল্পক্ষেত্ৰ (অসমীয়া সঙ্গীত আৰু অসমীয়া চিনেমা) পুনৰুদ্ধাৰ কৰি জয় জয়কাৰ কৰিব নোৱাৰিবা।

🌏 দুখীয়াক সহায় কৰি ফেচবুক আপলোড দিব পাৰিবা, কিন্তু বিনা প্ৰচাৰে গাৰ কাপোৰ খুলি বাটৰ বলিয়াক পিন্ধাই থৈ আহিব নোৱাৰিবা। ময়ো তোৰ দৰেই বলিয়া বুলি হাত খালী কৰি আনৰ পৰা ধাৰে লৈ কেমেৰা আৰু প্ৰচাৰ অবিহনে আৰ্তজনক সহায় কৰিব নোৱাৰিবা।

🌏 গোটেই নিশা সাৰে থাকিব পাৰিবা, কিন্তু এটা শব্দ হাতত লৈ এটা যুগজয়ী গান, এটা বাক্য হাতত লৈ এখন কালজয়ী চিনেমা তৈয়াৰ কৰিব নোৱাৰিবা।

🌏 মুঠতে তুমি জুবিন দা হব নোৱাৰিবা। কোনেও নোৱাৰিব। কেতিয়াও নোৱাৰিব।

🌏 তুমি তুমি হোৱা, মাথোঁ তুমি হোৱা। নিজৰ নিজৰ সীমিত ক্ষেত্ৰত নিজৰ নিজৰ সামৰ্থ্যৰে সততাৰে কাম কৰি শিল্প ক্ষেত্ৰ খনৰ লগতে নিজৰ আৰু সমাজৰ প্ৰতি ন্যায় কৰা। জুবিন এজনতেই বহুজন আছিল। এতিয়া বহুজনে নিজা নিজিকৈ নিজৰ কাম কৰি সামূহিক ভাবে অসমৰ ভাষা সংস্কৃতিৰ হকে কাম কৰা। যিটো জুবিন দাৰো কাম্য আছিল! 🙏

🌏 যদি কোনোবাদিনা জুবিন দা সদৃশ বা ততোধিক প্ৰতিভা, সাদিচ্ছা আৰু সৃষ্টিশীল বলিয়ালী সম্পন্ন কাৰোবাৰ জন্ম হয়, নিয়তীয়ে ইঙ্গিত ঠিকেই দিব। সেই ইঙ্গিত অসমীয়াই ঠিকেই বুজি পাব। বিনা দ্বিধাই বুকুত আঁকোৱালি ল'ব, হিয়া উজাৰি মৰম দিব নিজৰ শিল্প সংস্কৃতিক লৈ সচেতন অসমীয়াই! হাঁহি ভাল পোৱা লৰাটো 😢 জয় জুবিন দা 💖🙏

আমি যদি জুবিন দাক ন্যায় দিব নোৱাৰোঁ তেন্তে 

    নিজকে অসমীয়া বুলি চিঞৰি লাভ নাই।

Monday, October 13, 2025

Binapani Deka FB Wall

 দ কৈ ভাৱিলেই চব্‌ পাগল হৈ যাব ঃ 

মুখা খুলি.লৈ  আইনা চাব ।।

📌 হিন্দু মানেই লগুণ নহয়  । লগুণ মানেই সমগ্ৰ অসমীয়া জাতিটোক নুবুজায় ।

নহলে ,

📌কথাটো এনেকুৱা নেকি যে বামুণ আৰু অসমীয়া দুটা জাতি আৰু বামুণে অসমীয়াক বা অন্য ধৰণেৰে বহল অৰ্থত অন্য অনাৰ্য হিন্দুসকলক /হিন্দুত্বক  নেতৃত্ব প্ৰদান কৰি আহিছে আৰু ইয়াত মুছল মান -খ্ৰীঃ এই বিলাক প্ৰবৰ্জিত জাতি ? 

 📌কথাটো সেইটো নহয় বাবেই প্ৰতিজন অসমীয়াৰ লগুণৰ লগত কোনো সম্পৰ্ক নাই । 

📌লগুণৰ সম্পৰ্ক কেৱল বৃত্তিগত  বাহ্মণ সকলৰ ,,,নাইবা উপবিত গ্ৰহণ কৰা সকলৰ ।

 📌লগুণ ব্ৰাহ্মণৰ ধৰ্মীয় উপবিত শৰণ ।

যোগী সকলৰো যেনেকৈ লগুণ ।।

   জুবিনে কোৱা মতে জাতিৰ  চাৰ্টিফিকেট । ( ময়ো আগতেই লিখি কৈছো মোৰ কিতাপ " ডায়েৰীত সোণৰ কিলিপ " ত )

📌 আকৌ ঠিক  যেনেকৈ আমাৰ অবিচি-এমঅবিচি-এচ-টি হিল্‌চ্‌  /প্লেইন ট্ৰাইব্‌ , এচ্‌ টি কাষ্ট্‌ ইত্যাদি ।

📌 অ'বিচি-এমঅ'বিচি তো আকৌ সংবিধান প্ৰদত্ত জাতি হিচাপে লিখিত ৰূপত সন্নিবিষ্ট হৈ থকা গৰীয়া-মৰীয়া-নাপিত-ধুবী-নেপালী-আদিবাসী -সকলো জাতি সোমাই আছে -- সেইবোৰ আমি পঢ়ি থৈছো--। (--বিচাৰিলে সংলগ্ন অফিচত  পাব --)

 📌 গতিকে সমগ্ৰ অসমীয়া জাতিটোক একত্ৰি কৰণৰ ক্ষেত্ৰত লগুণৰ বিশেষ ভূমিকা নাই । সেইবাবেই অপ্ৰিয় সত্য হিচাপে ঘুৰি ঘুৰি বৰ্ণবাদৰ কথাটো নিজেই আহি  যায় । 

📌কিন্তু বিতৰ্ক-বৰ্ণবাদ আমাক কস্মিন্‌কালেও নেলাগে । সেইটোহে এই লেখাৰ আচল কথা , মূল লক্ষ্য আৰু ঐক্য-উদ্দেশ্য ইত্যাদি--

সেইবাবেই আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে অন্য জাতি-জনগোষ্ঠীৰ লগতে  ব্ৰাহ্মণসকলকো একে স্থানৰ সন্মান ৰাখি  অথচ লগুণ বিতৰ্ক এৰি জুবিন কাণ্ডক ওপৰলৈ আনি ন্যায় বিচৰাৰ ক্ষেত্ৰত সকলোয়ে ঐক্য স্থিতি ৰাখিব লাগে  ।

📌 ইয়াত ধনী-দুখীয়া থাকে মানে দুটা জাতি সদায়  থাকিব , ধনী সকল উচ্চ জাতিৰ আৰু দুখীয়া সকল নিম্ন জাতিৰ ---মধ্যবিত্ত সকল আচলতে কোনো নহয় ,,, অলপ পালেই ধনী হৈ দুদিনলৈ উচ্চ আৰু ইকন'মিক অধোগতি হ'লেই নামি আহিব নিম্ন জাতিলৈ---এক কথাত স্থিৰতাহীন  উঠা-নমা জাতি --

📌বাকি ৰাইজলৈ এৰিলো--- 

             (  তলৰ ফটো ফে'চবুকৰ পৰা সংগ্ৰহিত )

#JusticeForZubeen

জুবিন গাৰ্গ (দাদা) বিষয়ে কিছু নজনা কথা

Rinku Moni Sharma FB Wall ৰ পৰা।

১৯৯৬ স্ক্ৰীন বঁটা চান্দনী ৰাত শ্ৰেষ্ঠ ভাৰতীয় পপ এলবাম মনোনীত

চেনেল ভি মিউজিক বঁটা মনোনীত

২০০৫ BFJA বঁটা শুধো তুমি শ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী

প্ৰাগ চিনে বঁটা-২০০৫ ৰং শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী – "ছায়া দৰে থাকা তুমি" বিজয়ী

২০০৬ গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ  গেংষ্টাৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (য়া আলি) বিজয়ী

২০০৭ ফিল্মফেয়াৰ বঁটা মনোনীত

জী চিনে মনোনীত

আইফা বঁটামনোনীত

ষ্টাৰডাষ্ট বঁটা নতুন আলোড়নকাৰী কণ্ঠ বিজয়ী

স্ক্ৰীন বঁটা শ্ৰেষ্ঠ পুৰুষ কণ্ঠ (য়া আলি) মনোনীত

২০০৮ কলাকাৰ বঁটা জিন্দেগী শ্ৰেষ্ঠ মিউজিক এলবাম বিজয়ী

তুমি বিজয়ী

২০০৯ ৫৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ইক’জ অৱ চাইলেঞ্চ শ্ৰেষ্ঠ অ-কাহিনীমূলক সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

২০১১ প্ৰাগ চিনে বঁটা ২০১১ জেতুকা পাতৰ দৰে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "পুৱাৰ হাঁহিত" মনোনীত

২০১২ প্ৰাগ চিনে বঁটা-২০১২ ৰামধেনু শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "ৰং দিয়া মৰম" মনোনীত

২০১৩ প্ৰাগ চিনে বঁটা ২০১৩ মি এণ্ড মাই ছিষ্টাৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "থুনুক-থানাক" মনোনীত

২০১৪ প্ৰাগ চিনে বঁটা ২০১৪ চিঞৰ "শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "কালৰ অসুৰ" মনোনীত

২০১৫ প্ৰাগ চিনে বঁটা উত্তৰ-পূব ২০১৫ অহেতুক শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "অহেতুক" বিজয়ী

ৰ’দৰ চিঠি শ্ৰেষ্ঠ সংগীত পৰিচালনা মনোনীত

২০১৬ গপ চপ মিউজিক বঁটা বলিয়া কৃষ্ণ (হেঙুল থিয়েটাৰ) বছৰটোৰ শীৰ্ষক গীত – "বলিয়া কৃষ্ণ" বিজয়ী

গানে কি আনে শ্ৰেষ্ঠ সংগীত পৰিচালক – "জানো জানো" বিজয়ী

২০১৭ প্ৰাগ চিনে নৰ্থ-ইষ্ট ২০১৭ শ্ৰেষ্ঠ সংগীত পৰিচালনা মনোনীত

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "জানো জানো" মনোনীত

ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা কহিনুৰ থিয়েটাৰ ৰেড এফ এম শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী – "জনম জনম"বিজয়ী

২০১৮ প্ৰাগ চিনে বঁটা ২০১৮ মিছন চাইনা শ্ৰেষ্ঠ অভিনেতা (জনপ্ৰিয়) বিজয়ী

শ্ৰেষ্ঠ ছবি (জনপ্ৰিয়) বিজয়ী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "দিন জ্বলে ৰাতি জ্বলে" মনোনীত

প্ৰিয়াৰ প্ৰিয় শ্ৰেষ্ঠ অভিনেতা মনোনীত

ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা আৱাহন থিয়েটাৰ ৰেড এফ এম শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "অ' মা" বিজয়ী

২০১৯ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা দেউতা (চিৰঞ্জীৱ থিয়েটাৰ) ৰেড এফ এম শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "অ' দেউতা"বিজয়ী

২০২১ প্ৰাগ চিনে বঁটা  কাঞ্চনজংঘা শ্ৰেষ্ঠ ছবি (জনপ্ৰিয়) মনোনীত

শ্ৰেষ্ঠ অভিনেতা (জনপ্ৰিয়) বিজয়ী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "পাঞ্চনা" বিজয়ী

ৰত্নাকৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বিজয়ী

শ্ৰেষ্ঠ কথা – "ৰাতি ৰাতি" মনোনীত

প্ৰতিঘাত শ্ৰেষ্ঠ সংগীত পৰিচালক মনোনীত

বৰনদী ভটিয়ায় শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী – "বৰনদী ভটিয়ায়" মনোনীত

২০২২ প্ৰাগ চিনে বঁটা ২০২২। দা ফায়াৰিং ৰেঞ্জ শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পী (২০২০) মনোনীত

চন্দ্ৰাৱলী শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (২০২১) মনোনীত

২০২৩ ৮ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা  কাঞ্চনজংঘা শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "পাঞ্চনা" বিজয়ী

ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱ (অন্যান্য ৰাজ্যিক ছবিত) ডা॰ বেজবৰুৱা ২ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী – "কি নাম দি মাতিম" মনোনীত

শ্ৰেষ্ঠ সংগীত পৰিচালনা – "কি নাম দি মাতিম" মনোনীত

শ্ৰেষ্ঠ সহযোগী চৰিত্ৰ বিজয়ী

২০২৪ ফিল্মফেয়াৰ বঁটা-অসমীয়া। 

দা শ্লেম বুক শ্ৰেষ্ঠ সংগীত এলবাম বিজয়ী

২০২৫ ভূপেন হাজৰিকা বঁটা বেলতলা বহাগী উৎসৱ সমিতি। কবিতা বৰুৱাৰদ্বাৰা প্ৰদান, ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী জীৱনজোৰা সাধনাৰ বঁটা  সন্মানীয় 

Sunday, October 12, 2025

Pranab Kumar Sharma FB Wall

 ...... এদিন তই কান্দিছিলি ৷

আজি আমাক কন্দুৱালি ৷ 

তই অভিমানী বুলি জানিছিলো , কিন্তু নাজানিছিলো তোৰ অভিমান যে সাগৰ সম আছিল ৷ সাগৰৰ বুকুতেই শেষ চহীটো কৰি আমাক এৰি গুছি গ’লি ৷ খাৰঘুলিৰ তোৰ উদং ঘৰটোৰ পৰা লুইতখনে সুধিছেঃ কেনি গ’ল সি ? 

  ক’ চোন ৷ আমি কি বুলি উত্তৰ দিম ? 

ভূপেনমামাৰ দৰে সৰুসজাইৰ আয়নাৰ শীতল ঘৰত তয়ো শুই থাকিলি ৷ অজস্ৰজনে তোক অশ্ৰুঞ্জলি যাচিবলৈ আহি কান্দি কান্দি উভতি গ’ল ৷ শেষত তই এক নিদাৰুণ সত্যটোও আমাক দি থৈ গ’লি ৷ তোক দিবলৈ সিদিনা যে  বজাৰত ফুলৰ অভাৱ হৈছিল  তই জানিছিলি নে  কথাষাৰ ? 

   কেনেকৈ জানিবি ? 

 তই যে তয়েই ৷ কাৰোবাৰ কথা শুন জানো ? 

   নিজৰ খেয়াল খুচিত আপোন ভোলা হৈ থাকোতেই তোৰ লগতে লাগি থকা তোৰ নিজৰ ছাঁয়েই তোক শতৰু শালিলে ৷ তোৰ কি লোকচান হ’ল তালৈ যে ভ্ৰূক্ষেপ নাই সেই কথা ভালদৰেই জানো , কিন্তু আমাক , আমাৰ জাতিটোক যে বিশাল শূন্যতা এটা দি থৈ গ’লি তই বুজিও নুবুজিলি ৷ ইমান বুজন ল’ৰাটো অবুজ কিয় হ’লি বাৰু ? 

 ...... তয়েইচোন গাইছিলি ধুমুহাৰ স’তে তোৰ বহুদিনৰ চিনাকি ..... আৰু আজি তয়েই আমাক এজাক কালধুমুহাৰ বুকুত এৰি থৈ যাওঁ বুলিয়েই গুছি গ’লি ৷ 

 ..,... গান গাই গাই তই যে এনেকৈ আমাক বিট্ৰে কৰি গুছি যাবি ভৱা নাছিলো কাহানিওঁ ৷

.........  এটা কথা থিক ৷ তই সঁচাকৈয়ে চেগুৱেভৰাই আছিলি ৷ সমগ্ৰ জাতিটোৰ সত্তাক জোঁকাৰি গ’লি ৷ ভূচিত্ৰাৱলীৰ মানচিত্ৰ সলনি কৰি দিয়াৰ কেপাচিটি যে তোৰ আছিল আমিবোৰে এতিয়াহে বুজিছো ৷ কিন্তু কি জান ?

       সেন্দুৰীআলিৰ জোনালীৰ তোৰ সেই ঘৰটোৰ আগেৰে সদায়ে ডিউটিলৈ অহাযোৱা কৰিছিলো , এতিয়া আৰু নাযাওঁ ৷ তই যে নাই সেয়া চোন মনে মানি ল’ব নোখোজে .....!

Rocking Update FB Wall

জুবিন দা'ই ১৯৯৫ চনত এখন #জিপছী গাড়ী কিনিছিল। গাড়ীখনৰ নম্বৰ আছিল 9999।

সপ্তম শ্ৰেণীৰ অৰ্ধ-বাৰ্ষিক পৰীক্ষা তেওঁ কৰিমগঞ্জত বঙালী মাধ্যমত দিছিল। পিছত বীজনীলৈ গৈ অসমীয়া মাধ্যমত বাৰ্ষিক পৰীক্ষা দিয়ে। তেওঁ সদায় প্ৰথম বা দ্বিতীয় স্থানত থাকিছিল।

তামুলপুৰত থকা সময়ত তেওঁলোকৰ ঘৰত এজনী বাঘ পোহনীয়া হিচাপে আছিল।

ভূপেন হাজৰিকাইও ‘ঘেঁণ্টা’ শব্দটো ব্যৱহাৰ কৰিছিল।

‘গানে কি আনে’ আছিল তেওঁৰ প্ৰথম compose কৰা গান। তেওঁ এই গানটো অষ্টম শ্ৰেণীত থাকোঁতে compose কৰিছিল।

‘অনামিকা’ এলবামত তেওঁ ৮০,০০০ টকা খৰচ কৰিছিল। ইয়াৰে ৫০,০০০ টকা তেওঁ বাদ্য-যন্ত্ৰ বজোৱা, গান ৰচনা কৰি উপাৰ্জন কৰিছিল আৰু বাকী ৩০,০০০ টকা আছিল তেওঁৰ মাকে তেওঁৰ নামত কৰা ফিক্সড ডিপজিটৰ পৰা।

‘অনামিকা’ এলবামত কণ্ঠদান কৰাৰ বাবে কবিতা কৃষ্ণমূৰ্তিয়ে প্ৰায় ১০,০০০ টকা গ্ৰহণ কৰিছিল।

Saturday, October 11, 2025

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ FB Wall

'জগা' আৰু ড.মনমোহন সিং 

কৈশোৰ-যৌৱন ,আনকি নব্বৈৰ দশকত জীৱনৰ অৰ্ধ-শতাব্দী চুওঁ চুওঁ অৱস্থাতো আমাক  গীতেৰে  মোহাচ্ছন্ন কৰি ৰখা  ব্যক্তিসকল আছিল ড.ভূপেন হাজৰিকা  , লগতে ড.বীৰেন্দ্ৰ নাথ দত্ত , খগেন মহন্ত , দীপালি বৰঠাকুৰ , দীপেন বৰুৱা আদি ৷ সেই মোহগ্ৰস্ততাৰ পৰা আমি আজিও মুক্ত হ’ব পৰা নাই আৰু জীৱন কালত হোৱাৰ সম্ভাৱনাও নাই ৷ 

নব্বৈৰ দশকত মোৰ ওচৰ সম্পৰ্কীয়  বি.বৰুৱা কলেজৰ  এগৰাকী ছাত্ৰীক ,  যেতিয়াই লগ পাওঁ  , তাই সিহঁতৰ কলেজত পঢ়া জপৰা চুলিৰ  এজন ছাত্ৰৰ সঙ্গীতৰ প্ৰতিভাৰ কথা ইমান উচ্ছাসেৰে আমাক কয় যে মই  তাইৰ সৈতে ধেমালি কৰোঁ  - তোৰ ক্ৰাশ নেকি ? ওৰ ত’ৰ পৰা বাগৰি অহা খবৰৰ পৰা পৰা গম পাইছিলোঁ ল’ৰাজনৰ নাম জুবিন , ভাল গান গায় বোলে ,  ল’ৰাজনৰ আচল নাম জীৱন বৰঠাকুৰ ৷ ( পৰৱৰ্তী কালতহে গম পাইছিলোঁ জীৱন নহয় , জুবিন বৰঠাকুৰহে আছিল ) তাৰ পাছৰ পৰা যেতিয়াই আত্মীয় ছোৱালীজনীক  লগ পাও , মই আচল নামটো অলপ সলনি কৰি তাইক জোকাওঁ- ঐ তোৰ ‘জগা’ৰ খবৰ কি ? তোৰ ক্ৰাশৰ নাম জগা বৰঠাকুৰহে ৷  তাইৰ বিৰাট খং - ʼজগাʼ ʼজগাʼ কৰি নাথাকিব ৷ তেওঁৰ নাম জুবিনহে ৷ গীত শুনিলে গম পাব জুবিন কি ৷ মই তেতিয়ালৈকে শুনা নাছিলোঁ ৷

 আমাৰ দৰে বহু প্ৰবীণৰ বাবে প্ৰথম অৱস্থাত হয়তো ভাব হৈছিল -এইবোৰ  কম বয়সীয়া ল’ৰা-ছোৱালীক অবাটে লৈ যোৱা  এক অপসংস্কৃতি , দুদিন চলিব ,তাৰ পিছত শেষ , আকৌ নতুন কিবা এটা আহিব ৷ আমি বুজি পোৱা নাছিলো যে   অসমীয়া গীত-মাতৰ পৰা আঁতৰি গৈ বলীউড অথবা ¸ পাশ্চাত্য সঙ্গীতৰ মাজতহে জীৱনৰ মাদকতা বিচাৰি পোৱা এটা নতুন প্ৰজন্মই জুবিনৰ মাজত হঠাতে আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ নতুন ঠিকনা ৷ সেই সময়ত প্ৰায়েই গাড়ীৰে দুলীয়াজান আৰু গুৱাহাটীৰ মাজত অহা-যোৱা কৰা হয় ৷ বুঢ়া পাহাৰৰ ওচৰৰ ধাবাত গাড়ী ৰখাওঁ ৷ সৰু সৰু দোকানবোৰত স্পীকাৰত বাজি থকা গীতবোৰত দেখোন থমকি ৰ’বলৈ বাধ্য হৈ পৰিছোঁ , ঐ কেছেট এটা দিয়াহে , এইদৰেই দুলীয়াজান -গুৱাহাটী যাত্ৰাৰ সঙ্গী হৈ পৰিল- অনামিকা , মায়া , পাখি আদি ৷ বুজি পাবলৈ অসুবিধা হোৱা নাছিল ড.ভূপেন হাজৰিকাৰ পিছত এক নতুন প্ৰতিভাৰ জন্ম হৈছে ৷ তাৰপিছত আৰু সেই আত্মীয় ছোৱালীজনীক  ‘ তোৰ ʼজগাʼৰ খবৰ কি ’ বুলি জোঁকোৱা নাই ৷ অকপটে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলোঁ যে সিহঁতে ঠিকেই চিনিছে জপৰা চুলিৰ ল’ৰাজনক , আমিহে ধৰিব পৰা নাছিলো ৷ আৱিষ্কাৰৰ মাদকতাত ২০০১ চনত একেখন ৰচনাতে ভূপেনদাৰ লগতে লিখিছিলোঁ জুবিনৰ কথাও গুৰুত্ব সহকাৰে ৷ জুবিনক গুৰুত্ব দিয়াৰ বাবে বহুতে বেয়া পাইছিল ৷

সামগ্ৰিকভাৱে অসমৰ বৌদ্ধিক জগতখনে কিন্তু [ ব্যতিক্ৰম বাদ দি ] জুবিনৰ প্ৰতিভাক  চিনি পালে তেওঁৰ মৃত্যুৰ পিছতহে , তাকো নিজৰ কোনো বৌদ্ধিক বোধোদয়ৰে তেওঁৰ অৱদানক মূল্যাঙ্কণ কৰি নহয় ৷ তেওঁৰ মৃত্যুত ওলাই অহা লাখ লাখ মানুহৰ বাবেহে মুখামুখি হ’বলগীয়া হ’ল এক অবাক উপলব্ধিৰ- ‘ যিগৰাকী ব্যক্তিৰ মূত্যুত লাখ লাখ মানুহ ওলাই  আহে , তেওঁ কেতিয়াও সাধাৰণ মানুহ হ’ব নোৱাৰে  , তেওঁ সাধাৰণ নহয় ৷’ লাখ লাখ মানুহেহে অৱশেষত বৌদ্ধিক জগতৰ বাবেও জুবিনক অসাধাৰণ হিচাপে  গ্ৰহণযোগ্য কৰি তুলিলে ৷  নহ’লে হয়তো তেওঁৰ অসাধাৰণ প্ৰতিভা আৰু অৱদান স্বত্বেও বৌদ্ধিক জগতখনৰ বাবে জুবিন এজন সাধাৰণ গায়ক হিচাপেই  ৰৈ গʼলহেতেঁন ৷ কথাষাৰ ভাবিলেই বুকুখন হমহমাই যায় আৰু নতশিৰ হৈ সাধাৰণ জনগণক হাতযোৰ কৰি ক’বলৈ মন যায় - প্ৰতিভাক চিনি পোৱাৰ ক্ষেত্ৰত বুদ্ধিজীৱীতকৈ আপোনালোকৰ বোধশক্তি বহুত ওপৰত ৷  আপোনালোক নহ’লে বুদ্ধিজীৱীয়ে জুবিনক মৃত্যুৰ পিছত ক’ত পেলাই দিলেহেতেঁন ভাবিবলৈকে ভয় হয় ৷ আজি বহুতে হেতা-ওপৰা কৰিব পাৰে , কিন্তু মনত ৰাখিব  জুবিনৰ পেটেন্টৰ  প্ৰকৃত অধিকাৰ অকল আপোনালোকৰ ৷ 

জুবিনৰ পৰিঘটনাই দেখুৱাই দিলে যে প্ৰতিভাক চিনাৰ  জ্ঞান বুদ্ধিজীৱীৰ মগজুত নহয় ঃ সাধাৰণ মানুহৰ মাজতহে আছে ৷ জুবিনে প্ৰকাৰান্তৰে আমাক  বুদ্ধিজীৱীৰ  প্ৰতি মোহাচ্ছন্ন ন’হবলৈও সকীয়াই থৈ গ’ল নেকি ? জুবিনৰ মৃত্যুৰ প্ৰেক্ষাপট ৰচনাৰ ক্ষেত্ৰত এক বৌদ্ধিক -সাংস্কৃতিক-ৰাজনৈতিক চিন্দিকেটৰ অৰিহণা আছে বুলি এতিয়া সৰ্বত্ৰ চৰ্চিত ৷ মৃত্যুৰ পিছত পুনৰ হত্যা কৰিবলৈ বা নিজৰ একচেতিয়া সম্পত্তি কৰি ল’বলৈ  আন তেনে কোনো চিন্দিকেট যাতে তৎপৰ হৈ নুঠে  ,তাৰ দায়িত্ব  ল’ব লাগিব প্ৰকৃত জুবিন অনুৰাগীসকলেই ৷ জুবিন এনে সংকীৰ্ণ স্বাৰ্থৰ সুযোগসন্ধানী চিণ্ডিকেটতকৈ বহু বেচি বিশাল , বহু বেচি উদ্ধৰ্ত ৷ তাক খৰ্ব হ’ব দিব নোৱাৰি ৷ 

বৌদ্ধিক জগত সমাজ-সাহিত্য-ৰাজনীতি সকলোৰে একছত্ৰী বিচাৰক , সহজতে চকুত নপৰা  দিশবোৰ সঠিকভাবে চিনাক্ত কৰাত সিদ্ধহস্ততাৰ স্বঘোষিত সম্ৰাট  ৷ কিন্তু কি আশ্বৰ্যকৰ কথা  সেই বৌদ্ধিক জগতখনে সূদীৰ্ঘকাল সদায় দেখি থকা ঘৰৰ ল’ৰাজনৰ বিশালতাৰ উমানেই নাপালে ৷  নে উমান পাইও তেওঁ যে এজন সাধাৰণ গায়ক সেই কথাহে তেওঁলোকৰ অৱজ্ঞা আৰু আচৰণৰে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিলে ? ভাগ্যভাল সাধাৰণ জনগণে সেই প্ৰয়াস ব্যৰ্থ কৰি দিলে ৷ অন্যথা , জুবিনকো ইতিহাসত সীমাৱদ্ধ কৰি ৰখা হ’লহেতেঁন এনে এক বৌদ্ধিক স্বীকৃতিৰে - ‘ তেওঁও  বিশেষকৈ ডেকা-গাভৰুৰ মাজত  জনপ্ৰিয় কেইটামান গীত গাইছিল ৷ গায়ক হিচাপে তেওঁৰ এক আকৰ্ষণীয় কণ্ঠ আছিল ৷’ He also sang .সিমানেই ৷ উ: কি বিচিত্ৰ আৰু নিৰ্মম এই বৌদ্ধিক মায়াজাল  ৷  কিন্তু কিয় ? জুবিনৰ ক্ষেত্ৰত  এই  প্ৰশ্নৰ গভীৰলৈ গ’লে আশ্বৰ্যকৰভাৱে মোৰ মনলৈ আহে এগৰাকী সন্মানীয় প্ৰতিভাশালী ব্যক্তিৰ নাম ৷ ড.মনমোহন সিং ৷ জুবিনৰ বৌদ্ধিক স্বীকৃতিৰ সৈতে ড.সিঙৰ সম্পৰ্ক কি ? এই বিষয়ে পিছৰ পোষ্টত লিখিম

অৱশেষত এই কথা স্বীকাৰ নকৰাকৈ থকা নাযায় যে জুবিনে চিকমিকনিৰ আঁৰত লুকাই থকা চিণ্ডিকেটৰ  বহুতৰে প্ৰকৃত স্বৰূপ উদঙাই দিলে  ৷ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে এই কথাও  উপলব্ধি নকৰাকৈ থকা নাযায় যে চিন্দিকেটধৰ্মী বৌদ্ধিক জগতখনকো তেওঁ কিন্তু কম উদঙোৱা নাই ৷ স্বীকাৰ কৰোঁ নে নকৰোঁ সেয়া বেলেগ কথা ৷ ই নিৰ্ভৰ কৰিব নাকৰ দৈৰ্ঘৰ ওপৰত ৷

- আগলৈ

Friday, October 10, 2025

ডাঃ অজিত পটঙ্গীয়া FB Wall

জংকীৰ মৃত‍্যুত দায়ী বুলি ভৱা ককায়েকজন-

২০০২ চন,মই তেতিয়া তেজপুৰ চিভিল হস্পিতালত চিকিৎসক আছিলোঁ। সেইদিনা মই দিনৰ কৰ্তব্যৰ পাছত জৰুৰী চিকিৎসাৰ ৰোগীক চাবলৈ চিকিৎসালয়লৈ গৈছিলো। সাধাৰণতে বিহুৰ সংগীতানুস্থান, দুৰ্গাপূজা আদিৰ সময়ত চিকিৎসালয়ত পথ দুৰ্ঘটনা হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়। গৈ দেখিলো কিবা দুৰ্ঘটনাৰ নিহত হোৱা মানুহ চাবলৈ তাত মানুহৰ বহুত ভিৰ।মই ভিৰ চেৰাই ভিতৰলৈ গ’লোঁ আৰু দেখিলোঁ — 

অসমৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। এটি সৰু শিশুৰ দৰে চিকিৎসালয়খনত কান্দি-কাটি ইফাল সিফালে দৌৰাদৰি কৈ চিঞৰি চিঞৰি কৈ আছে

- “মাইনা সঁচাকৈয়ে মৰিল নে ঔ? কি হৈ গ'ল ঔ!”

চিকিৎসালয়খনত যেন বজ্ৰ পৰিছে। মানুহ স্থবিৰ।

গম পালো — তেওঁৰ অতি আদৰৰ ভন্তী, জংকী দুৰ্ঘটনাগ্ৰস্তহৈ মৃত্যু মুখত পৰিছে। বৰ দুখজনক পৰিস্থিতি তাত। তেতিয়া আমি চিকিৎসকসকলে ভয় খাইছিলোঁ — জুবিনৰ মানসিক অৱস্থা বৰ বিপজ্জনক। মৰমৰ ভন্তীক হেৰুৱাৰ শোকত তেওঁ ভাঙি পৰিছে। জুবিনৰ চকুত সেই সময়ত মাথো শূন্যতা। পাছত যেনিবা জুবিনৰ অন্য কিবা হোৱাৰ আশংকা কৰি আমাৰ চিকিৎসকলৰ কমনৰুমত সুমুৱাই বন্ধ কৰি ৰখা হ'ল।

ভাগ্যৰ খেল দেখোন কিমান অদ্ভুত!

জংকী যাত্ৰা কৰা গাড়ীখনৰ পৰা মাত্ৰ কেইমিনিটমান আগতে জুবিন নামি গৈ জংকীক উঠাই দিছিল — বাদ্যযন্ত্ৰ বজোৱাসকল থকা বাছখনত  উঠি আদ্দা দিবৰ বাবে। তাৰ বাবেই জুবিন বাছি গৈছিল সেই মাৰাত্মক দুৰ্ঘটনাটোৰ পৰা। 

 এই ঘটনাৰ পিছত তেওঁ বহুত দিন শান্তিতে থাকিব নোৱাৰা হ'ল। হয়তো সেই ঘটনাটোৰ পৰা জুবিনে নিজকে দোষী সজাই অতিমাত্ৰা মদ খাবলৈ লৈছিল। অতি সংবেদনশীল মানুহ আছিল তেওঁ।

মই এই ঘটনাটোৰ পিছতে উঠি অহা সুন্দৰ গায়িকা  জংকীৰ বিষয়ে আৰু বিহুৰ সময়ত শিল্পীসকলে সংগীতানুস্থানলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত লব লগা সাৱধানতাৰ বিষয়ে বাতৰিকাকতত লিখিছিলো। মোৰ লিখাটো বাতৰিকাকতত প্ৰকাশ হোৱা দিনাই জুবিনে মোৰ লিখাটোৰ বাবে মোক ধন্যবাদ জনাই কিছু কথাৰে এছএমএছ পঠাইছিল দুবাৰ - পুৱা আৰু সন্ধিয়া। 

জুবিনে সাধাৰণতে ফোন নকৰে। এছএমএছহে পঠায়। এবাৰেই মোম্বাইৰ পৰা মোৰ লগত ফোনত কথা হৈছিলো। 

তাৰ পিছতো মোৰ কলাগুৰু বিষ্ণুৰাভা, কিউবা, চে গুৱাভেৰা, ফিডেল কাষ্ট্ৰৰ বিষয়ে লিখা বাতৰি কাকতত প্ৰকাশ হওঁতে জুবিনে এছএমএছ কৰিছিল। মই জুবিনৰ আগ্ৰহ বুজি পাই, সমাজবাদী আদৰ্শৰ ওপৰত লিখা দুখন কিতাপ  উপহাৰ হিচাবে দিছিলো।

এইবোৰেই জুবিনকলৈ মোৰ জীৱনত অন্তৰঙ্গ স্মৃতি হৈ ৰ’ব। 

জুবিন গাৰ্গ — কেৱল এজন গায়ক নহয়, অনুভৱৰ গভীৰতাত জীৱনৰ সুৰ গঢ়াৰ লগতে অভাৱী মানুহক সম্বল দিয়া এজন কোমল হৃদয়বান মানুহ। এজন শিল্পী, যাৰ গানে  অসমৰ প্ৰতিখন গাঁও-চহৰ-নগৰত থকা জাতি-ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ, সকলো বয়সৰ মানুহৰ প্ৰাণত এক সুকীয়া অনুভুতি জগায় তোলে। তেওঁৰ বুকুত সোমাই থকা দুখীয়া-নিছলা মানুহৰ প্ৰতি সঁচা আন্তৰিকতা, দায়বদ্ধতাৰ পৰা পোৱা মানবীয় প্ৰমূল্যবোধ, তেওঁৰ অধ্যয়ন আৰু ভাষাজ্ঞানে তেওঁৰ কথা আৰু সুৰকো সমৃদ্ধ আৰু অনন্য কৰি তুলিছে। জীৱনৰ সুৰ, দুখৰ সুৰ, প্ৰেমৰ সুৰ—সেইয়া মোৰ মৰমৰ,অসমবাসীৰ অতি মৰমৰ জুবিনৰেই।

জুবিন গাৰ্গ আছিল সুৰৰ উপাসক - সত্য আৰু অনুভৱৰ যোদ্ধা।

ভন্তী জংকীৰ অকাল বিদায়ে তেওঁৰ জীৱনৰ ভিতৰত এটা বেদনা গঢ়ি তুলিছিল,

যাৰ সুযোগ লৈ অসৎ মানুহে তেওঁৰ কোমল আত্মাটোক ধ্বংসৰ দিশে ঠেলি দিছিল।

তেওঁ অকালতে আতৰি যোৱা এক শিল্পী, কিন্তু তেওঁৰ গীতে সদায় আমাৰ মাজত জীয়াই ৰাখিব। তেওঁৰ কথা অসমবাসীৰ বুকুৰ প্ৰতিটো ধ্বনিত বাজি একতাৰ দোলৰে বান্ধি ৰাখিব —

“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজঙ্ঘা।”

তেওঁৰ গীতবোৰে আমাক সদায় কৈ থাকিব-

“মই এতিয়াও আছোঁ তোমালোকৰ হৃদয়ৰ ভিতৰত,

যেতিয়া তোমালোকে মোৰ গানবোৰ শুনা, মই তাতেই আছো।”

ডাঃ অজিত পটঙ্গীয়া

#ZubeenGarg #zubeen #JusticeForZubinGar

গায়ত্ৰী প্ৰান্তিক শৰ্মা FB Wall

এবাৰ পঢ়ি চাব ভন্টী এগৰাকীয়ে ইমান ধুনীয়া কৈ লিখিছে। 🙏🙏🙏🙏🙏🙏

◆ মৃত্যুৰ দিনা গাবলৈ গান ( নে প্ৰাৰ্থনা!) এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন।

◆ প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন। আজি তিনিদিন ৰাতিয়ে দিনে গীতকে বাজি থাকিল কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন।

◆ 'ভাৰত চৰকাৰে কি দিবহে মোক! আমিহে ওলোটাই চাহ দিছোঁ, গড় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ' বুলি বুকু ফিন্দাই ক'ব পৰা মানুহ আছিল জুবিন।

◆ এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক, চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন।

◆ গান গোৱা মানুহ এজনে চিনেমা এখন বনালে। তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন।

◆ 'মোৰ মৃত্যুত সাতদিন বন্ধ হ'ব' বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন।

◆ তিনিজন অন্ধ লোক জুবিন গাৰ্গক সৰুসজাইলৈ চাবলৈ আহিছিল।  তেওঁলোকে জানিছিল, ভালকৈয়ে জানিছিল যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই। বুকুৰ পোহৰেই যথেষ্ট । 

◆ হাজাৰ হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰ'ফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে- ' ঐ উৎপাতবোৰ কমকৈ কৰ। একদম হুলস্থুল নকৰিবি'- মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।

সেইজন মানুহ গ'লগৈ। আৰু এজন জুবিন গাৰ্গ নোলায় সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিনে তেওঁৰ দৰেই হ'বলৈ মানুহবোৰক শিকাই থৈ গ'ল। 

এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি নব্বৈ বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে সেয়া কেৱল জুবিনেহে শিকাই থৈ গ'ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ চিকিউৰীতি গাৰ্ডজনে কলপাতত ফুল কেইপাহমান লৈ ৰৈ থাকিল। কুকৰকেইটা, বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰুসজাই পালেগৈ, মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি কান্দি চলালে গাড়ী... এয়া কেৱল জুবিনেহে পাৰিছিল। 

'মানুহ হোৱাৰ সমান ধৰ্ম নাই' এয়া কেৱল জুবিনে শিকাব পাৰিছিল। দৈনিক এশটা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিকছ পাহৰি, মেচিন হ'বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে- এই চকুপানী কেৱল জুবিনৰ বাবে আছিল।

এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ'লেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও

' মোৰ অৱৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি! ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোঁনো কি'

©গায়ত্ৰী প্ৰান্তিক শৰ্মা।

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...