...... এদিন তই কান্দিছিলি ৷
আজি আমাক কন্দুৱালি ৷
তই অভিমানী বুলি জানিছিলো , কিন্তু নাজানিছিলো তোৰ অভিমান যে সাগৰ সম আছিল ৷ সাগৰৰ বুকুতেই শেষ চহীটো কৰি আমাক এৰি গুছি গ’লি ৷ খাৰঘুলিৰ তোৰ উদং ঘৰটোৰ পৰা লুইতখনে সুধিছেঃ কেনি গ’ল সি ?
ক’ চোন ৷ আমি কি বুলি উত্তৰ দিম ?
ভূপেনমামাৰ দৰে সৰুসজাইৰ আয়নাৰ শীতল ঘৰত তয়ো শুই থাকিলি ৷ অজস্ৰজনে তোক অশ্ৰুঞ্জলি যাচিবলৈ আহি কান্দি কান্দি উভতি গ’ল ৷ শেষত তই এক নিদাৰুণ সত্যটোও আমাক দি থৈ গ’লি ৷ তোক দিবলৈ সিদিনা যে বজাৰত ফুলৰ অভাৱ হৈছিল তই জানিছিলি নে কথাষাৰ ?
কেনেকৈ জানিবি ?
তই যে তয়েই ৷ কাৰোবাৰ কথা শুন জানো ?
নিজৰ খেয়াল খুচিত আপোন ভোলা হৈ থাকোতেই তোৰ লগতে লাগি থকা তোৰ নিজৰ ছাঁয়েই তোক শতৰু শালিলে ৷ তোৰ কি লোকচান হ’ল তালৈ যে ভ্ৰূক্ষেপ নাই সেই কথা ভালদৰেই জানো , কিন্তু আমাক , আমাৰ জাতিটোক যে বিশাল শূন্যতা এটা দি থৈ গ’লি তই বুজিও নুবুজিলি ৷ ইমান বুজন ল’ৰাটো অবুজ কিয় হ’লি বাৰু ?
...... তয়েইচোন গাইছিলি ধুমুহাৰ স’তে তোৰ বহুদিনৰ চিনাকি ..... আৰু আজি তয়েই আমাক এজাক কালধুমুহাৰ বুকুত এৰি থৈ যাওঁ বুলিয়েই গুছি গ’লি ৷
..,... গান গাই গাই তই যে এনেকৈ আমাক বিট্ৰে কৰি গুছি যাবি ভৱা নাছিলো কাহানিওঁ ৷
......... এটা কথা থিক ৷ তই সঁচাকৈয়ে চেগুৱেভৰাই আছিলি ৷ সমগ্ৰ জাতিটোৰ সত্তাক জোঁকাৰি গ’লি ৷ ভূচিত্ৰাৱলীৰ মানচিত্ৰ সলনি কৰি দিয়াৰ কেপাচিটি যে তোৰ আছিল আমিবোৰে এতিয়াহে বুজিছো ৷ কিন্তু কি জান ?
সেন্দুৰীআলিৰ জোনালীৰ তোৰ সেই ঘৰটোৰ আগেৰে সদায়ে ডিউটিলৈ অহাযোৱা কৰিছিলো , এতিয়া আৰু নাযাওঁ ৷ তই যে নাই সেয়া চোন মনে মানি ল’ব নোখোজে .....!
No comments:
Post a Comment