দ কৈ ভাৱিলেই চব্ পাগল হৈ যাব ঃ
মুখা খুলি.লৈ আইনা চাব ।।
📌 হিন্দু মানেই লগুণ নহয় । লগুণ মানেই সমগ্ৰ অসমীয়া জাতিটোক নুবুজায় ।
নহলে ,
📌কথাটো এনেকুৱা নেকি যে বামুণ আৰু অসমীয়া দুটা জাতি আৰু বামুণে অসমীয়াক বা অন্য ধৰণেৰে বহল অৰ্থত অন্য অনাৰ্য হিন্দুসকলক /হিন্দুত্বক নেতৃত্ব প্ৰদান কৰি আহিছে আৰু ইয়াত মুছল মান -খ্ৰীঃ এই বিলাক প্ৰবৰ্জিত জাতি ?
📌কথাটো সেইটো নহয় বাবেই প্ৰতিজন অসমীয়াৰ লগুণৰ লগত কোনো সম্পৰ্ক নাই ।
📌লগুণৰ সম্পৰ্ক কেৱল বৃত্তিগত বাহ্মণ সকলৰ ,,,নাইবা উপবিত গ্ৰহণ কৰা সকলৰ ।
📌লগুণ ব্ৰাহ্মণৰ ধৰ্মীয় উপবিত শৰণ ।
যোগী সকলৰো যেনেকৈ লগুণ ।।
জুবিনে কোৱা মতে জাতিৰ চাৰ্টিফিকেট । ( ময়ো আগতেই লিখি কৈছো মোৰ কিতাপ " ডায়েৰীত সোণৰ কিলিপ " ত )
📌 আকৌ ঠিক যেনেকৈ আমাৰ অবিচি-এমঅবিচি-এচ-টি হিল্চ্ /প্লেইন ট্ৰাইব্ , এচ্ টি কাষ্ট্ ইত্যাদি ।
📌 অ'বিচি-এমঅ'বিচি তো আকৌ সংবিধান প্ৰদত্ত জাতি হিচাপে লিখিত ৰূপত সন্নিবিষ্ট হৈ থকা গৰীয়া-মৰীয়া-নাপিত-ধুবী-নেপালী-আদিবাসী -সকলো জাতি সোমাই আছে -- সেইবোৰ আমি পঢ়ি থৈছো--। (--বিচাৰিলে সংলগ্ন অফিচত পাব --)
📌 গতিকে সমগ্ৰ অসমীয়া জাতিটোক একত্ৰি কৰণৰ ক্ষেত্ৰত লগুণৰ বিশেষ ভূমিকা নাই । সেইবাবেই অপ্ৰিয় সত্য হিচাপে ঘুৰি ঘুৰি বৰ্ণবাদৰ কথাটো নিজেই আহি যায় ।
📌কিন্তু বিতৰ্ক-বৰ্ণবাদ আমাক কস্মিন্কালেও নেলাগে । সেইটোহে এই লেখাৰ আচল কথা , মূল লক্ষ্য আৰু ঐক্য-উদ্দেশ্য ইত্যাদি--
সেইবাবেই আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে অন্য জাতি-জনগোষ্ঠীৰ লগতে ব্ৰাহ্মণসকলকো একে স্থানৰ সন্মান ৰাখি অথচ লগুণ বিতৰ্ক এৰি জুবিন কাণ্ডক ওপৰলৈ আনি ন্যায় বিচৰাৰ ক্ষেত্ৰত সকলোয়ে ঐক্য স্থিতি ৰাখিব লাগে ।
📌 ইয়াত ধনী-দুখীয়া থাকে মানে দুটা জাতি সদায় থাকিব , ধনী সকল উচ্চ জাতিৰ আৰু দুখীয়া সকল নিম্ন জাতিৰ ---মধ্যবিত্ত সকল আচলতে কোনো নহয় ,,, অলপ পালেই ধনী হৈ দুদিনলৈ উচ্চ আৰু ইকন'মিক অধোগতি হ'লেই নামি আহিব নিম্ন জাতিলৈ---এক কথাত স্থিৰতাহীন উঠা-নমা জাতি --
📌বাকি ৰাইজলৈ এৰিলো---
( তলৰ ফটো ফে'চবুকৰ পৰা সংগ্ৰহিত )
#JusticeForZubeen
No comments:
Post a Comment