পাপু , গৰিমা ,মামন — ? ?
পাপুঃ আজি এমাহ হ’ল পাপু ৷ মই ধোঁৱা হৈ উৰি আছো এই মহাশূণ্যত ৷ ক’ৰবাত ৰৈ ৰৈ বিনাই আছো অথচ তুমি শুনা নাই , কোনেও শুনা নাই। তোমালোকক দেখি আছো অথচ তোমালোকক স্পৰ্শ কৰিব পৰা নাই। মই যেতিয়া শেষৰবাৰৰ বাবে পৃথিৱীত উশাহ লৈছিলো , তোমাৰ ভাঙিব ধৰা স্বাস্থ্যৰ কল্পনা কৰি চাটিফুটি মৰিছিলো। বাৰে বাৰে উশাহ ঘূৰাই আনিব বিচাৰিছিলো। মোৰ ভৰি দুটা ঢেলা পৰি আহিছিল , উশাহবোৰ খৰ হৈ আহিছিল ৷ তোমাৰ উখহি উঠা এহালি চকু মোৰ জাপ খাই অহা দুচকুৰ মাজত অগাদেৱা কৰিছিল। পানীৰ ঢৌ ফালি উঠিব খোজোতে গল্ডী , গল্ডী মৰা ৰিং এটা পানীৰ তলতো তৰংগায়িত হৈ আছিল। পাাপু বিশ্বাস কৰা “ য’তেই মায়াবিনী বাজি উঠিব ” তাতেই মই এই অবিনশ্বৰ শৰীৰেৰে উপস্থিত হ’ম। মই যাম সমদলত , মিচিলত ৷ হাজাৰ হাজাৰ জনতাৰ কন্ঠত সুৰ হৈ বিয়পি থাকিম। তোমাৰ কলমৰ আঙুলি কঁপাবলৈ মই ৰাতি ৰাতি তোমাৰ শোৱনি কোঠাৰ বাহিৰতে ৰৈ থাকিম ৷ ঠেঁটুৱৈ ধৰা জাৰৰ ৰাতি একুৰা উষ্ম শিখা হৈ তোমাৰ বুকুত উত্তাপ দিম অথবা জহৰ দিনৰ এচাটি কোমল বতাহ হৈ তোমাৰ ঘৰ্মাক্ত শৰীৰলৈ প্ৰশান্তি নমাম ৷ মই জী আছো পাপু ৷ নৰখাদকৰ বুভুক্ষা বুকুৰ পৰা আঁতৰিবলৈহে মই সোণাপুৰলৈ আহিলো , কায়িক সাজযোৰ সোলকাই ৷ মোক মাফ কৰিবা ৷ মই জনতাৰ বুকুত সদায় আছো যিদৰে তোমাৰ বুকুত তুহজুই হৈ উমলি আছো প্ৰতিনিয়ত !
গৰিমাঃ চোৱা, গল্ডী এতিয়াও তোমাৰ শিৰত বেলিফুল হৈ চিকমিকাই উজ্জ্বলি আছে ৷ লাখ লাখ জনতাৰ স্নেহৰ উত্তাপেৰে তোমাৰ হৃদয়ত থকা গল্ডীজন আজিও আজি সেই একেই ! অখেয়ালি , অভিমানী আৰু অলপ মেজাজী ৷ মোক বেয়া পাইছা ? অভিমান কৰিছা ? — তোমাৰ এই আবদাৰটো মোৰ হাজাৰ যুগৰ চিনাকী ৷ মই জানো স্মৃতিৰ মণিকোঠাত মোক সদায়েই এটি কণমানি শিশুৰ দৰে লালন কৰি আছা। “ ধুমুহাৰ সতে’ মোৰ ”— যেতিয়াই বাজিব আকাশলৈ চাবা। সীমনাৰ শুভ্ৰতাত এখন ছবি দেখিবা ৷ এটি কণমানিয়ে চাবা মাকৰ আচলত ধৰি মহাশূণ্যত খোজ কাঢ়ি আছে ৷ তুমি আচল পাতিলেই ৰিং মাৰি গুছি আহিম ফুৰফুৰীয়া এচাটি বতাহ হৈ ...
মই নোহোৱা হোৱা বুলি প্ৰাণৰ মানুহজাকে বহুত কান্দিছে , তুমি বুজাবা সকলোকে । মই বৰণহে সলাইছো। মইতো নিজে নিজে গুছি অহা নাই এই দেশলৈ ! মোক কোনোবাই গোৰ মাৰি ইয়ালৈ পঠিয়ালে সঁচা কিন্তু কি জানা তেওঁলোকে মোক গংগাত পেলালে ৷ আকাশৰ ইশ্বৰে মোক ইয়াত জংকী আৰু মাক লগ লগাই দিলে ৷ পাপুৰ কথা , তোমাৰ কথা আৰু মামনৰ কথা কৈয়েই শেষ কৰিব পৰা নাই তেওঁলোকক আৰু মোক ভাল পোৱা লাখ লাখ জনতাৰ কথাবোৰতো আছেই ! লাহে লাহে কম সকলো ৷ এই শূণ্যৰ সৰগত তুমি নহালৈকে মই ইয়াতেই ৰৈ থাকিম কথা দিলো ৷ দুয়ো আকৌ পৃথিৱীত জনম লম ইজনে-সিজনৰ হৈ ৷ সোণাপুৰলৈ তুমি আহি কান্দিলে মোৰ ভয় হয় জানা ? যদি তোমাৰ কান্দোনত মোৰ বুকুৰ জনতাৰ চকুপানীবোৰ শেষ হৈ আহে ! মই ইহজনমৰ মাটিৰ কায়া অনাদিকালৰ কাৰণে সোণাপুৰত এৰি আহিছো , তাত বিচাৰিলেও মোক পাবা ৷ কেৱল ৰিং এটা মাৰিলেই হ’ল ৷ পাহাৰটোৰ পৰা এচাটি বতাহ হৈ নামি আহি তোমাৰ চাদৰৰ আচলত ভাকুটকুট খেলিম ৷
গৰিমা ! শূণ্যৰ সাজ পিন্ধাৰে পৰা মই কেৱল হাত উজাৰি এজাক ৰ’দ দিব পাৰো , বৰষুণ দিব পাৰো আৰু দিব পাৰো দূৰণিত ৰৈ ৰৈ সুহুৰিয়াই থকা এচাটি বতাহৰ চেচৱেনি ৷
মামনঃ তই মোৰ শক্তিশালী আৰু সাহসী ভনীজনী ৷ জানই তোৰ পেন্দোৱা চকুহালৰ অভিমানত মই বৰফৰ দৰে পমি থকা ককায়েৰ। এই যে ধোঁৱাৰ পাখি মেলি মহাশূণ্যত ঘৰ সাজিলো — মই এতিয়াই অহাৰ কথা নাছিল ৷ যদিও মোৰ বাবে জংকী আৰু মা ৰৈ আছিল তাহানিৰে পৰা কিন্তু কিছুবছৰ পলমকৈ আহিলেও কথা নাছিল ৷ তই মোৰ প্ৰাণৰ ভনী , তোক সকলো খুলি ক’ব পাৰো ৷ জাননে’ ইহকালৰ উশাহটো হেৰুৱাবলৈ মোৰ মুঠেও মন নাছিলো ৷ কাৰোবাৰ পৈশাচিক আনন্দই মোক ইয়ালৈ ঠেলিলে ৷ কত যে আধৰুৱা কাম তাত এৰি আহিছো ! ইয়াত গান গাব নোৱাৰি , সুৰ দিব নোৱাৰি কেৱল অনুভৱহে কৰিব পাৰি। কিমান কষ্ট চা ৷ কাকোতো ক’বই নোৱাৰো ন’ ? পাপু আৰু গৰিমাক এইবোৰ ক’লে ভঙা বুকুখনকেই দুবাৰকৈ ভাঙিব ৷ তই সৰুৰ পৰা বৰ চোকা আছিলি যে ! এতিয়া সেইখিনিকে কামত লগা ৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰিবি বুলি তোৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে ৷ ন’হলে মোৰ বুকুত ওমলি ফুৰা লাখ লাখ জনতাই বিচাৰি ফুৰা ন্যায় কোনোদিনে নাপাব ৷ জানাই মই গোটেই অসমী আইৰ সন্তান ! মোৰ ইহকালৰ অসহজ প্ৰস্থানে সকলোৰে বুকু বেয়াকৈ দহি নিছে ৷ মই বিচাৰি ফুৰা সেই অসমখন আজি একত্ৰিত হৈছে ...! উফ্ আৰু ক’ব নোৱাৰো মামন ! ডাৱৰৰ চকুপানীৰে লিখা এই আখৰবোৰেও কান্দি উঠিছে ৷ মহাকাশত লাখ লাখ জনতাৰ কান্দোনবোৰ ভাঁহি আহিছে , বাকীখিনি তই বুজি ল’বি দেই মা..ম..ন 😰 !
No comments:
Post a Comment