জুবিনদাক প্ৰথম দেখাৰ সেই ক্ষণ
চনটো আছিল ২০০২ । কামৰূপ জিলাৰ দদৰাৰ দলিবাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭১ সংখ্যক্ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। দ্বিতীয় দিনা আবেলি মূল মঞ্চত সংস্কৃতি শাখাৰ বিশেষ অধিবেশন। উদ্বোধক জুবিনদা। বহু সময়লৈকে দাদা আহি নোপোৱাৰ বাবে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচী আগুৱাই লৈ যাব লগা হ'ল। অৱশেষত জুবিনদা আহি মঞ্চত প্ৰবেশ কৰিলে। লগে লগে হেজাৰ বিজাৰ মানুহে আহি প্ৰেক্ষাগৃহ উপচাই পেলালে। মঞ্চৰ সন্মুখ ভাগত অভাৱনীয় এক পৰিস্থিতি। সেৱা বাহিনীয়ে জুবিন প্ৰেমী দৰ্শকক নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক অৱস্থা। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লাখৰো অধিক ভক্তৰ বাবে থাকিবলৈ বনাই দিয়া শিবিৰ সমূহ শূণ্য হৈ পৰিল। নহবই বা কিয়, তেওঁলোকে অত বছৰে গানহে শুনিহে আছিল দেখা পোৱাৰ সৌভাগ্যটো হোৱা নাছিল। পিছে সেইদিনা মোৰ সৌভাগ্য হৈছিল দুৰ্ভাগ্যও হৈছিল। সেইদিনা দাদা অহাৰ কিছু সময় আগতে মুল মঞ্চত এটি বৰগীত পৰিবেশন কৰিছিলোঁ । আচলতে বৰগীতটি দাদাৰ সন্মুখতে পৰিবেশন কৰাৰ কথা আছিল। মনটো উৎফুল্লিত হৈ আছিল। কিন্তু দাদা আহি নোপোৱাৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী মতে বৰগীতটি পৰিবেশন কৰিব লগা হ'ল। এইয়ে মোৰ দুৰ্ভাগ্য, দাদাক শুনাব নাপালোঁ। কিন্তু সৌভাগ্য দাদাক ওচৰৰ পৰা চাবলৈ পালোঁ। মই বৰগীতটি পৰিবেশন কৰি মঞ্চৰ পৰা তললৈ নামিব ধৰোতেই দাদা অহা দেখি মঞ্চৰ কাষতে ৰৈ দিলোঁ। দীঘল চুলিকোচাৰ সৈতে বগা ধুতি আৰু মুগাৰ পাঞ্জাবী পৰিহিত দাদাক সেইদিনা বৰ ধুনীয়া দেখিছিল। দাদাই "শুন শুন ৰে সুৰ" বৰগীতটিৰে নিজৰ ভাষণ আৰম্ভণি কৰিলে। ভাষণৰ শেষত সভাখন সঞ্চালনা কৰা স্বৰ্গীয় নীলকান্ত বৰা চাৰে সকলোৰে হৈ জুবিনদাক নিজৰ গীত এটি গাবলৈ অনুৰোধ কৰাত জুবিনদাই তেওঁৰ লগত অহা মানস ৰবীন ককাইদেউক মঞ্চৰ পৰাই তেখেতৰ গীটাৰখন আনিবলৈ কোৱাত ককাইদেউৱে দৌৰ মাৰি গীটাৰখন আনি দিয়াত দাদাই আৰম্ভ কৰিলে "সোণেৰে সজোৱা পঁজা জহি খহি যায়" । আহ কি যে ভাল লাগিছিল। এই কথাটো মোৰ চকুৰ আগত জ্বল-জ্বল পট-পট কৈ জিলিকি আছে। নাথাকিবই বা কিয়, প্ৰিয় শিল্পী জনাক প্ৰথম দৰ্শন। জুবিনদা অমৰ হোৱা।
( লগত দুকপি ফটো সামৰি দিলোঁ, ফটোৰ উৎস ফেচবুক)।
#JusticeForZubeenGarg
#SrimantaSankardevSangha
#ManasRobin


No comments:
Post a Comment