Sunday, October 5, 2025

ত্ৰিনয়ন সন্দিকৈ। অসম ভৱন,মুম্বাই

 জুবিন গাৰ্গে অনুকৰণ কৰা সংগীতজ্ঞজন।

*****************************

আপোনালোকে ফটোত দেখা ব্যক্তিজনৰ লগত জুবিন গাৰ্গৰ কিবা মিল দেখিছে নে ?  হয়, দাঁত দুপৰি আৰু হাঁহিটোৰে সৈতে জুবিন গাৰ্গৰ লগত বহুখিনি মিল আছে। পিছে আপোনালোকে ফটোখন জুবিন গাৰ্গৰ বুলি ভুল নকৰিব। এটা সময়ত জুবিন গাৰ্গে এই ব্যক্তিজনক বৰকৈ অনুকৰণ কৰিছিল। এই ব্যক্তিজনেই জুবিন গাৰ্গক এক বিশেষ ষ্টাইলত কেনেকৈ  সংগীত সৃষ্টি কৰিব পাৰি তাৰ আদিপাঠ দিছিল। মানুহজন একদম প্ৰচাৰ বিমুখ আৰু সদায় পৰ্দাৰ আঁৰত লুকাই থাকে।  বৰ্তমান তেখেত মুম্বাইত থাকে আৰু এজন স্বনামধন্য সংগীত পৰিচালক। সেই ব্যক্তিজনৰ নাম হৈছে উৎপল শৰ্মা যাক আমি মৰমতে ঘৰুৱা নামেৰে  "পুকণ দা" বুলি মাতো। এসময়ত মই উৎপলদাৰ লগত একেলগে সংগীত কৰিছিলোঁ। উৎপল শৰ্মা হৈছে জুবিনৰ নিজৰ জেঠাইয়েকৰ ল'ৰা। সৰুতে জুবিনে প্ৰায়েই উৎপলদাহঁতৰ ঘৰত আহি থাকে। অৱশ্যে তাৰো এটা কাৰণ আছে। উৎপলদাহঁতৰ ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালীয়ে গীত গায়। মুঠতে তেওঁলোকৰ ঘৰখনত এক সংগীতময় পৰিবেশ বিৰাজ কৰিছিল। কেতিয়াবা এনে অৱস্থা হয়গৈ যে দেউতাকে জুবিনক বিচাৰি আহিবলগীয়া হয়। 


এই উৎপলদাই জুবিনক সংগীতৰ নতুন ধাৰাৰ লগত পৰিচয় কৰাই দিছিল। যিটো সময়ত আজিৰ দৰে ইণ্টাৰনেট গুগুল আদি নাছিল, সেই তেতিয়াই উৎপলদাই জুবিনক পশ্চিমীয়া জেজ মিউজিক, শ্লো ৰক', ব্লুজ, পেৰেলেল হাৰমণি আদি ব্যৱহাৰ কৰি কেনেকৈ সংগীত সৃষ্টি কৰিব পাৰি তাক শিকাইছিল। সেই সময়ত উৎপলদাৰ চুলিবোৰ দীঘল আছিল, লগতে এযোৰ চচমা পিন্ধিছিল। আপোনালোকে যদি জুবিনৰ সেই অনামিকা, মায়া আদি কেছেটৰ দিনবোৰলৈ উভতি যায়, তেন্তে জুবিনৰ সেই চুলি দীঘল চেহেৰাৰ ফটোবোৰ বিচাৰি পাব। জুবিনে যেতিয়া গীত গায় তেতিয়া দূৰৈৰ পৰা শুনি থাকিলে উৎপলদাই গাই থকা যেন লাগে। যোৰহাট ৰেডিঅ'ত  জুবিনে প্ৰথমে যি দুটা গীত গাইছিল সেই দুটা গীতৰ সুৰো উৎপলদাৰ আছিল।  উৎপল দাই সুৰ কৰা এটা বিখ্যাত গীত হৈছে অনিন্দিতা পালে গোৱা ---- " বকুল ফুলৰ দৰে " গীতটি। মই মোৰ " অসম ভৱন মুম্বাই আৰু মই " গ্ৰন্থখনিত উৎপলদাহঁতৰ গোটেই ঘৰখনৰ কথা লিখিছোঁ। এসময়ত সেই ঘৰখনেই জুবিন গাৰ্গৰ সংগীত জীৱনৰ কঠীয়াতলী আছিল বুলি ক'লেও ভুল কৰা নহয়। এই উৎপল শৰ্মাই আছিল জুবিনৰ অনামিকা, মায়া, জুবিনৰ গান আদি কৰি প্ৰথম পাঁচটা মান কেছেটৰ সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰিছিল। কিন্তু আপোনালোকে এই ব্যক্তিজনক কেতিয়াও মিডিয়াৰ আগত হাই লাইট হোৱা দেখা নাপায়। 


সিদিনা আমি মুম্বাইত জুবিনৰ ঘৰটোত যেতিয়া লগ হৈছিলোঁ তেতিয়া উৎপলদাই মোক সাৱটি পাকঘৰত মনে মনে হুকহুকাই কান্দিছিল। লগতে ২২ তাৰিখৰ দিনা আমি দুয়োজনেই একেলগে গুৱাহাটীলৈ জুবিন গাৰ্গৰ অন্তুষ্টিক্ৰিয়াত উপস্থিত হ'বলৈ গৈছিলোঁ ( আলোকচিত্ৰ এখন সংলগ্ন কৰি দিছোঁ )। জুবিন গাৰ্গক হেৰোৱাৰ দুখৰ পৰা আমি এতিয়াও ওলাব পৰা নাই। শেষত জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। জুবিন গাৰ্গে ন্যায় পাওক। 

শ্ৰদ্ধাৰে 

ত্ৰিনয়ন সন্দিকৈ।

অসম ভৱন,মুম্বাই

বি. দ্ৰ:- পঢ়ি ভাল পালে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে।

Mousumi Laluari Advocate, Dibrugarh,

 #Caffeine চাহ বা কফিত থাকে, আৰু যদি বেছি পৰিমাণে চাহ বা কফি খোৱা হয়, ই স্বাস্থ্যৰ বাবে ক্ষতি কাৰক হৈ পৰে । জুবিন দাক beer ত বেছি পৰিমাণে caffeine ( সৰু সৰু caffeine গুটি নতুবা caffeine ৰ পাউদাৰ) মিহলি কৰি দিয়া হৈছিল gin cocktail ৰ সৈতে বুলি কোৱা হৈছে, gin cocktail হৈচে এবিধ ভতকা/ মদেই হয় চদা মিহলি হৈ থাকে।

       আৰু #এনেদৰে মিহলি কৰি খোৱা টো স্বাস্থ্য ৰ কাৰণে বহুতো ক্ষতিকাৰক হয়, caffeine মিহলি মদ বা beer বেছি খালে, খোৱা মানুহ জন ৰ হঠাতে প্ৰেচাৰ বাঢ়ি যাব পাৰে, মূৰৰ বিষ, পেট চলা ডায়েৰিয়া হব পাৰে, কথা পাহৰি থকা, একো এটা decision লব নোৱাৰা অৱস্থা, হাৰ্ট বিট বাঢ়ি যায়, ষ্ট্ৰোক হোৱাৰ chance থাকে, মানে nervous system টো বেয়া কৰি দিয়ে।

        #সিদ্ধাৰ্থৰ লগতে য়ট ত থকা প্ৰবাসী কেইটাই জুবিন দা ৰ এই সমস্যা খিনি হওঁক বুলিয়েই , caffeine মিহলি gin cocktail (beer) খাবলৈ দিছিল জুবিন দাক। মুঠতে ১২ ঘণ্টাত তিনি বাৰ তেনে beer দিছে বুলি কৈছে  তাৰ মানে ৰাতিৰ সেই পাৰ্টি টো ৰ পৰা য়টত গৈ সাগৰত সাঁতোৰা লৈকে তিনি বাৰ caffeine মিহলি gin cocktail খাবলৈ দিছিল জুবিন দাক। 

      সিদ্ধাৰ্থ ৰ এই পৰিকল্পনা টো এদিনৰ নহয় সম্ভৱ, বহুত আগতেই এই কামটো কৰিম বুলি ভাবি থৈছিল, সেইকাৰণে বিষাক্ত beer যা যোগাৰ কৰি লৈ গৈছিল ছিংগাপুৰ লৈ।

       আৰু #সেইকাৰণে কিজানি জুবিন দাই, পানীত সাঁতুৰি থাকোঁতে, নিজৰ কি হৈছে একো গম পোৱা নাছিল, একো যেনিবা decision লব পৰা নাছিল তেনে দেখিছিল আনকি কাৰোবাক চিঞৰি ও যে মোৰ গা টো বেয়া লাগিছে, পানীৰ পৰা উঠো বুলি কবলৈও নোৱাৰিছিল।  

      #এনেবোৰ কাৰণতে  ২০১০ চনত  আমেৰিকা ত caffeine মিহলি gin cocktail (beer) একেবাৰে band (বন্ধ) কৰি দিয়া হৈছে।

       #যিটো বস্তু অইন দেশত বেণ্ড কৰি দিয়া হৈছে, তেনে এটা অখাদ্য (বিষ) বস্তু প্ৰস্তুত কৰি জুবিন দাক খাবলৈ দিয়া হৈছিল। সিদ্ধাৰ্থ ৰ উদ্দেশ্য মুঠতে যি কোনো প্ৰকাৰে জুবিন দা মৃত্যু মুখত পৰিব লাগে, নহলে আগ দিনা ৰাতি পাৰ্টি ৰ পৰা  সাগৰত সাঁতুৰা লৈকে, তিনি বাৰ caffeine মিহলি beer জুবিন দাক কেতিয়াও নিদিয়ে।

       এইবোৰ কথা শেখৰেও জানিছিল  কিজানি, সি মনে মনে সিদ্ধাৰ্থ ক চাপৰ্ট কৰি গল। সিদ্ধাৰ্থ ই কিজানি টকা ৰ বলত য়ট ত থকা সকলোকে কিনি লৈছিল, নহলে নো জুবিন দাই যেতিয়া কাহি আছিল, আইয়াহ বুলি কৈছিল, আৰু মুখৰ পৰা ও আ বুলি কষ্টৰ মাত দি আছিল, কোনোৱে কিয় গুৰুত্ব নিদিব? মুখৰ পৰা যেতিয়া বমি হৈছিল, কোনোৱে একো গুৰুত্ব ই নিদিলে আনকি video বনাই থকা অমৃত প্ৰভা, জয়শ্ৰী বা মতা মানুহ যি video কৰি ছিল কোনোৱে গুৰুত্ব নিদিলে। জুবিন দা ৰ খুৰাকৰ লৰা সন্দীপনো জুবিন দাক কোনো গুৰুত্ব ই নিদিলে।

Pre planned murder বুলি ধৰিব ই পাৰি। 

        সিহঁতি ইচ্ছা কৰা হলে জুবিন দাক বচাব পাৰিলে হেঁতেন, কিন্তু সিহঁতৰ উদ্দেশ্যই আছিল জুবিন দাক যি কোনো প্ৰকাৰে মৃত্যু মুখলৈ থেলি দিয়া। সেইকাৰণে সাতোৰুতেও, সৱে জুবিন দা ৰ পৰা আঁতৰি আঁতৰি আছিল।

        আৰু শ্যাম কানুৰ সহযোগত হে সাগৰত য়ট পাৰ্টি কৰিব লৈ গৈছিল, তাকো শ্মশান দ্বীপ এটা ৰ কাষত যত নেকি Covid ত মৃত্যু হোৱা লোকক কবৰ দিয়া হৈছিল, ভিন্ন সময়ত কলেৰা, কুষ্ঠ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক কবৰ দিয়া হয়, যিটো দ্বীপ কোৱাৰাইন্তাইন হিচাপে কলেৰা, কুষ্ঠ ৰোগীক ৰখা হয় আৰু , কুবিধ ৰোগীক সকলক ৰখা হৈছিল আৰু মৃত্যু হোৱাৰ পিছত তাতে কবৰ দিয়া হৈছিল। আৰু এই  সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, প্ৰবাসী কেইটাই তেনে এটা জেগাহে  বিচাৰি লৈছিল আৰু , আমাৰ হিয়াৰ আমুঠু জনক নি মাৰি পেলালে। 

   ইঁহতক কাঢ়া শাস্তি দিয়া টো আশা কৰোঁ।

Written by Mousumi Laluari 

Advocate, Dibrugarh,

(যদি ভাল লাগে share কৰি দিব, 

Copy যাতে নকৰে কোনোৱে)

Pankaj Jyoti Mahanta FB Wall

বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰা ডাঙৰীয়াই এবছৰৰ পূৰ্বে কিছুমান মিছা কথা আৰু বাক্যৰ চাতুৰ্যৰে যেনেকৈ জুবিন গাৰ্গক হেয় কৰিবলৈ চেষ্টা কৰিছিল, তাৰ বাবে ময়ূৰ বৰা ডাঙৰীয়াই এতিয়া পুনৰ ব্যাপক নিন্দা লাভ কৰিছে। কেইবাজনো বুদ্ধিজীৱীয়েও এতিয়া তেওঁক নিন্দা কৰিছে। আৰু তেওঁ নিজেও নিজৰ কিছু ভুল স্বীকাৰ কৰিছে। সেইদিনা তেওঁ কোৱা কিছুমান কথা সকলো মানুহে জুবিন গাৰ্গক কয়, আদৰত কয়, মৰমত কয়, কিন্তু ময়ূৰ বৰাই যিধৰণে কৈছিল সেয়া আছিল নিকৃষ্ট। তাৰ বাবেই এতিয়া তেওঁক অত্যন্ত সমালোচনা কৰা হৈছে যদিও এই সমালোচনাবোৰত এটা কথা কোনেও স্পৰ্শ কৰা দেখা পোৱা নাই। সেইটো হৈছে, তেওঁ জুবিন গাৰ্গক হেয় কৰাৰ সময়টো কেতিয়া বাছি লৈছিল? সেই সময়খিনি কোনখিনি আছিল?? সেই সময়ত এটা প্ৰতিবাদ চলি আছিল, দীঘলীপুখুৰীৰ পাৰৰ শ বছৰীয়া প্ৰৱীণ ঐতিহাসিক গছবোৰ কটাৰ বিৰুদ্ধে প্ৰতিবাদ। য’ত জুবিন গাৰ্গে সবলভাৱে পদাৰ্পণ কৰিছিল আৰু প্ৰতিবাদটো তীব্ৰ কৰি তুলিছিল। সেয়ে, তেনে সময়ত জুবিন গাৰ্গক হেয় কৰাৰ চেষ্টা কৰিলে ক্ষমতাশালীসকলৰ পৰা নানা সা-সুবিধা যে লাভ কৰিব বা বিশেষ কিছুমান মানুহৰ আস্থাভাজন হৈ হাই-প্ৰফাইল সভা-সমিতি কিছুমানলৈ যে নিমন্ত্ৰণ লাভ কৰিব সেয়া নিশ্চিত আছিল। কোনোবাই ক’ব নেকি যে সেই সময়টো কাকতালীয় আছিল? ময়ূৰ বৰা ডাঙৰীয়াই সমাজ-ৰাজনৈতিক বিষয়ত কয়, বিশেষকৈ ধৰ্মীয়-সংস্কৃতিক বিষয়ত তেওঁ কথা কয়, লিখে। বহু সভাত তেওঁ গৌৰৱেৰে বাৰে বাৰে কয় যে তেওঁ ইতিহাসৰ ছাত্ৰ। গতিকে, তেনে এজন ব্যক্তিয়ে জুবিন গাৰ্গক হেয় কৰাৰ সেই সময়টো নিশ্চয় নুবুজাকৈ থকা নাছিল। যদি তেওঁ বুজাই নাছিল, যদি সেয়া কাকতালীয়ই আছিল, তেওঁ যদি সেয়া ভবা নাছিল, তেন্তে তেওঁৰ বুদ্ধিজীৱীসুলভ সূক্ষ্ণ দক্ষতাতো বিৰাট প্ৰশ্ন আহি পৰিব।


কিছুমান বিশ্বাস-অযোগ্য মানুহৰ পৰাও এইধৰণৰ প্ৰচেষ্টা আগলৈ চলিব বা এতিয়া চলিছেই। সেই লগ-বন্ধুসকলে জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰিছিল নেকি সেই প্ৰশ্নটো ধৰক বাদেই দিয়া হৈছে। তাৰপাছতো আমি যদি চাওঁ, সেই ২০-৩০ জন মানুহ, তেওঁলোকে যোৱা কেইদিনত যিখিনি আচৰণ কৰিলে, তাৰ দ্বাৰা তেওঁলোকৰ পৰা ন্যূনতম মানৱীয়তাও আশা কৰা নাযায়। জুবিন গাৰ্গৰ মৃত্যুৱে কি কৰি থৈ গ’ল? সকলো মানুহক এক কৰি থৈ গ’ল। জীৱন্ত মহানায়কজনতকৈও হেৰাই যোৱা মানুহজন অধিক ডাঙৰ মহানায়ক হৈ উঠিল। এতিয়া বিভেদৰ বাবে, সংঘাতৰ বাবে, নানা বক্ৰ সা-সুবিধাৰ বাবে, আন ধৰণে বলে নোৱাৰিলে সেই মহানায়কজনক হেয় কৰিবলৈ চেষ্টা কৰিব কিছু লোকে। অভিযুক্তই জুবিন গাৰ্গক হেয় কৰিব পৰা বক্তব্য দাঙি ধৰা, আৰু সেই বক্তব্য অনাহকত ভাইৰেল হৈ পৰাৰ কাৰণো এনেকুৱা হ’ব পাৰে। যিবোৰ কথাৰ সত্যতা থাকিবও পাৰে নাথাকিব পাৰে, কিন্তু সত্যতা থাকিলেও সেইখিনি এতিয়া প্ৰাসংগিক নহয়। পাছত তেওঁৰ জীৱনীত সকলো কথা থাকিব পাৰে। কিন্তু, এতিয়া সেয়া হৈছে তেওঁক দুৰ্বল কৰাৰ চেষ্টাৰে অংশ।

Saturday, October 4, 2025

ৰঞ্জন বেজবৰুৱা FB Wall

 #জুবিন #আৰু #সংস্কৃত 

জুবিন বৈভৱ (৫)

১)

জুবিনক এবাৰ কবি কালিদাসৰ সংস্কৃত শ্লোক  শিকাব লগা হৈছিল। 


সেয়া ২০০৯ চনৰ কথা। অক্টোবৰ মাহৰ এদিন ৰাতি দেৰ বজাত আমাৰ ঘৰলৈ এটা অদ্ভুত ফোন। 

গুৱাহাটীৰ ষ্টুডিঅ' ডি জিৰ পৰা ভাঁহি আহিছে। 


'ডি জি'ত তেতিয়া 'ভৰ দুপৰীয়া'!


"উঠা, বে কি শুই আছা? 'এতিয়া মানুহ শুৱে নেকি'?


 তেওঁলোকৰ তাত হয়তো তেতিয়া ভৰ দুপৰীয়া‌! এৰা!


'অ, জুবিন। কি হ'ল আকৌ?' চকু মোহাৰি সুধিলোঁ।


" হেই ৰঞ্জন, এজনী খুওব Sexy ছোৱালীৰ বৰ্ণনা থকা এটা 'তামাম' sensuous শ্লোক লাগে।"


'মই  ক'লোঁ- 'ৰ'বা আকৌ। ক'ত পটককৈ পাম?'


 অলপ ভাৱি গুণি দিলোঁ- 'তন্বী শ্যামা শিখৰিদশনা পক্ববিম্বাধৰোষ্ঠী, মধ্যে ক্ষামা চকিতহৰিণীপ্ৰেক্ষণা।'.....এইটোৱেই ভাল হ'ব শ। meaning টো ইন্দ্ৰিয়-উত্তেজক।


"লাহী, মাগুৰ বৰণীয়া, থিয় মুকুতাৰ দৰে দাঁত, বিম্ব ফল যেন ওঁঠ, খামুচীয়া কঁকাল, চকিত হৰিণী হেন চকু, দ নাভি, নিতম্বৰ ভাৰত অলসগমনা, পুষ্ট, উন্নত কিঞ্চিৎ অৱনত বক্ষ... তেৱেঁই  বিধাতাৰ প্ৰথম অপৰূপ সৃষ্টি..।"


আধা ঘণ্টামান লেণ্ড ফোনৰ পৰা জুবিনক শ্লোকৰ শ্ৰুতলিপি দি pronunciation, stress, accent শিকাই ম‌ই আকৌ শুই  পৰিলোঁ।


২)


পুৱা ৬ মান বজাত আকৌ মোৰ সৰু নকিয়া ফোনটো বাজি উঠিল। টোপনিৰ আলজালত ধৰিব‌ই পৰা নাছিলোঁ।


 "কোন? 'উঠা উঠা'। 'ম‌ই...'গোবিন গাৰ্গ'!


'তোমাৰ শ্লোক গান হৈ গ'ল.... Now, Zubeen will sound big ! 


 উস্! কি দুৰ্দান্ত 'সংস্কৃত-কণ্ঠ' জুবিনৰ! দক্ষিণ ভাৰতীয় শৈলীত বাজি উঠিছে কালিদাসৰ অপৰূপ শব্দমালা....''তন্বী শ্যামা শিখৰিদশনা'। মন্দাক্ৰান্তা ছন্দ। South Indian accent.


জুবিনৰ কাণ সাংঘাতিক। মনৰ কাণ। শুনিলেই গাব পাৰে ভাষা বা গান । Anything musical... anything melodious and sonorous. 


আৰু সংস্কৃততকৈ musical আৰু আছে নো কি? 


"You are so lucky that you read Sanskrit, the mother of all phonetics"- কৈছিল জুবিনে। 


সংস্কৃতৰ এই 'ধ্ৰুপদী গুণৰ' কথা বুজিছিল জুবিনে।  'বহু আস্থাহীনতাৰ বিপৰীতে।'


২)


তাৰ পিছতো মই  লিখা আৰু দুটামান সংস্কৃত শ্লোক-কবিতা জুবিনে সুৰ দি গালে- 'পাৰিজাত' নামৰ 'গীতিনাট্যখনৰ বাবে। এয়াই সামান্য সংযোগ জুবিনৰ স'তে। বাকীবোৰ hi, hallo...।


সেই বিষয়ে পাছত কেতিয়াবা ক'ম। তাত কিছু নিগেটিভ কথাও আছে। এতিয়া বেয়া লাগিব পাৰে।


জুবিনে বেছিকৈ কিয় সংস্কৃত নাগালে তাকে লৈ আক্ষেপ কৰোঁ। বহু ভাষাত গাইছে তেওঁ।


 তেওঁ গোৱা সংস্কৃত 'নমামি ব্ৰহ্মপুত্ৰ'ৰ গীতটো শুনিছেনে?  অসাধাৰণ!


শেহতীয়াকৈ তেওঁ গোৱা দুৰ্গাস্তোত্ৰ‌ও প্ৰকাশ পাইছে। ভাল চিন্তা।


বেছিকৈ সংস্কৃত গীত গোৱা হ'লে জুবিনৰ অন্য এক গহীন পৰিচয় পৃথিৱীত ৰৈ গ'ল হয়। 


 তেওঁক চাগৈ মানুহে চিনি নেপালে। নিজেও হয়তো চিনাৰ সুযোগ নিদিলে। 


'সুধী'জনক বিশেষকৈ। 


দুৰ্ভাগ্য!


এই আক্ষেপ ৰৈ গ'ল।


*****


(শ্বেয়াৰ কৰিব পাৰে)


#zubingarg

অতনু ভূয়া FB Wall

 জুবিনৰ মোবাইলত কি আছে?

শ্যামকানু মহন্ত সোনকালে মুকলি আকাশৰ তললৈ নাহে। একেদৰে দীৰ্ঘদিন ধৰি বন্ধ কোঠাত থাকিব লাগিব সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ সহযোগী শেখৰৰ স্বীকাৰোক্তিৰ পিছত এয়া স্পষ্ট হৈ পৰিল। শেখৰজ্যোতিয়ে আৰক্ষীৰ জেৰাত কৈছে – সিদ্ধাৰ্থই শ্যামকানু মহন্তৰ সৈতে মিলি জুবিন গাৰ্গক বিদেশত বিহ পান কৰাই হত্যা কৰিছিল। স্বাভাৱিকতে এয়া শেখৰৰ ভয়ানক বিবৃতি। এই বিবৃতিৰ পিছত হত্যাৰ গোচৰত অভিযুক্ত হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ। প্ৰাৰম্ভিক অৱস্থাত এই দুয়োজনক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া দুয়োৰে ওপৰত হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। কিন্তু কেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থই জুবিনক হত্যা কৰিছিল তাৰ কোনো তথ্য কোনেও জানিব পৰা নাছিল। কিন্তু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে এই তথ্য সদৰী কৰে। আৰক্ষীয়ে লিখিতভাৱে দাঙি ধৰা তথ্যত আন কেতবোৰ ভয়ানক কথা কোৱা হৈছে।


শেখৰৰ বক্তব্য একাংশ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি হাহাকাৰ লাগিছে। জুবিন গাৰ্গৰ লগত থকা সিদ্ধাৰ্থ আৰু শ্যামকানুৱে এনে নীচ কাম কৰিব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। কিন্তু হত্যাৰ মটিভ কি এতিয়াও স্পষ্ট হোৱা নাই। 

এইবাৰ আহো ন্যায়িক তদন্তৰ প্ৰসংগলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাই বিচৰাৰ দৰে সকলো কাম কৰিছে। ৰাজ্যজুৰি সামাজিক মাধ্যমত জনতাই বিচাৰিছিল সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰি অনাটো। লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ল। হেণ্ডকাফ লগোৱা হ’ল। লকআপত ৰখা হ’ল। তথাপি জুবিন অনুৰাগীসকল সন্তুষ্ট নহয়। কোনোবাই ক’লে এয়া দেখুৱাবলৈহে এইবোৰ কৰিছে। মুঠতে সন্দেহ আৰু সন্দেহ। 


ইপিনে ছিংগাপুৰত থকা অৱস্থাতে নটাৰীযোগে ই-ফাইল কৰি আদালতত আবেদন কৰিছে শ্যামকানু মহন্তই। শ্যামকানুৱে সমগ্ৰ ঘটনাৰ তদন্ত চিবিআই অথবা এনআইএ কৰাটো বিচাৰিছে। শ্যামকানুৱে আদালতত কৈছে – অসমত চিআইডিয়ে তদন্ত কৰিলে সেয়া ৰাজনৈতিক প্ৰভাৱান্বিত হ’ব। 


শেষ মুহূৰ্তত ডাঙৰ অস্ত্ৰ এৰি দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ ন্যায়াধীশক দায়িত্ব দিলে। আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ হতুৱাই সমগ্ৰ বিষয়টোৰ তদন্ত বিচাৰি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া কমিটী গঠন কৰি দিলে। প্ৰথমবাৰৰ বাবে অসমৰ কোনো এটা ঘটনাৰ তদন্ত কৰিবলৈ ওলাইছে ন্যায়ালয়ৰ বৰ্তমানৰ এজন ন্যায়াধীশে। লগে লগে আশা প্ৰকাশ কৰা হৈছে জুবিনে ন্যায় পাব। ন্যায়াধীশজন কোনোক্ষেত্ৰতে কাৰো দ্বাৰা প্ৰভাৱান্বিত নহয়। গতিকে সঠিকভাৱে তদন্ত হ’ব বুলি আশা কৰা হৈছে। 


এতিয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ তদন্ত প্ৰক্ৰিয়া কেনে ধৰণৰ হ’ব সেয়া জনাব বিচাৰিছোঁ। ন্যায়াধীশজনে সম্পূৰ্ণ নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব। সোধাপোছাৰ বাবে ন্যায়াধীশগৰাকীয়ে বিভিন্ন ব্যক্তিক জেৰা কৰিব। এই জেৰাৰ সন্মুখন হ’ব শ্যামকানুৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা ইত্যাদি। মুকলিভাৱে ন্যায়াধীশৰ সন্মুখত এওঁলোকে কথা ক’ব পাৰিব। প্ৰশ্ন হৈছে, ন্যায়াধীশৰ আগত কি ক’ব শেখৰে? শেখৰে আৰক্ষীৰ আগত যি বক্তব্য ৰাখিছিল সেই একেই বক্তব্য ন্যায়াধীশৰ সন্মুখতো ৰাখিব নেকি? যদিহে শেখৰে একে ধৰণৰ বক্তব্য ৰাখে তেনেহ’লে ভয়ানক বিপদত পৰিব শ্যামকানু আৰু সিদ্ধাৰ্থ। এছআইটিৰ পৰা পোৱা খবৰ অনুসৰি শ্যামকানুৱে বাৰে বাৰে ঘটনাৰ সৈতে জড়িত নহয় বুলি বক্তব্য ৰাখিছে। কিন্তু শেখৰৰ বক্তব্য যদিহে সত্য তেনেহ’লে কোনোক্ষেত্ৰতে ৰক্ষা নাপায় শ্যামকানু আৰু সিদ্ধাৰ্থ। কিন্তু বহুক্ষেত্ৰত দেখা যায় আৰক্ষীৰ আগত দিয়া বক্তব্য অভিযোগকাৰীয়ে পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰে। আৰক্ষীৰ হেঁচাত এনে ধৰণৰ বিবৃতি দিছিল বুলি মন্তব্য কৰে। শেখৰৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হ’ব নেকি?


জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত হৈছে। জুবিনৰ প্ৰথমটো মৰণোত্তৰ পৰীক্ষা হৈছিল ছিংগাপুৰত। ৰাইজৰ দাবীত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়তো মৰণোত্তৰ পৰীক্ষা কৰায়। এই প্ৰতিবেদনত কি আছে আমি নাজানোঁ। প্ৰতিবেদনৰ প্ৰতিলিপি ইতিমধ্যে পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছে। সেই প্ৰতিবেদন গৰিমা গাৰ্গে ৰাজহুৱা কৰিব নে নাই আমি নাজানো। 


তাৎপৰ্যপূৰ্ণভাৱে শেখৰৰ লগত গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা নামৰ ৰহস্যঘন যুৱতীগৰাকীয়ে জুবিনৰ হত্যা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। শুকুৰবাৰে ন্যায়াধীশৰ ওচৰত অমৃতপ্ৰভাই যি বিবৃতি দিলে সেই বিবৃতি শুনি সকলো হতবাক। জুবিন গাৰ্গৰ সৈতে সহযোগী কণ্ঠশিল্পী হিচাপে থকা এই অমৃতপ্ৰভাই জুবিনৰ চৰিত্ৰত কালিমা সানিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। অমৃতপ্ৰভাৰ স্বীকাৰোক্তিত হতবাক হৈ পৰিছে সকলো। অথচ এই অমৃতপ্ৰভাই ছিংগাপুৰত জুবিনৰ সৈতে ছাঁৰ দৰে আছিল। জুবিনৰ সৈতে সাগৰলৈ একেলগে গৈছিল অমৃতপ্ৰভা। আনকি ইতিমধ্যে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা জুবিনৰ সাঁতোৰা ভিডিঅ’বোৰ ৰেকৰ্ডিং কৰিছিল অমৃতপ্ৰভাই। 

এইখিনি সময়তে এছআইটিয়ে লাভ কৰিছে জুবিনৰ মোবাইলটো। এই মোবাইলটো লৈ আহিছিল সিদ্ধাৰ্থই। মোবাইলৰ পৰা এছআইটিয়ে অৱশ্যে কি কি তথ্য লাভ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা হ’ব। হয়তো ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ওচৰত এছআইটিয়ে জুবিনৰ মোবাইলৰ বিতং তথ্য দাখিল কৰিব লাগিব।

ড০ ছবি গগৈ FB Wall

 #অৰাজনৈতিক_চিন্তা

#JusticeForZubeenGarg 

ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সমাজখনক এতিয়া অসমৰ অসমীয়া ৰাইজেহে CPR দিব লাগে যাতে প্ৰবাসীসকলৰ অসমীয়া চেতনা জাগি উঠে আৰু তদন্তৰ বাবে অভিযুক্তকেইজন দৌৰি আহে অসমলৈ! সৰ্বশক্তিমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰটোৰ কাম কি ? আনহাতে, ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰি থকা বুলি কোৱা হৈছিল। লগতে এইটোও কোৱা হৈছিল যে ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সহায় ল'ব অসমৰ তদন্তকাৰী আৰক্ষীয়ে। যদিহে সঁচাই তাতো তদন্ত হৈছে, তেন্তে তেওঁলোকৰ তদন্তত জুবিনৰ সহযাত্ৰী প্ৰবাসী অসমীয়াকেইজন তথা য়টৰ কেপ্টেইনজন নিশ্চয় তদন্তৰ বাহিৰত নহয় । এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চিন্তা হৈছে যদি প্ৰবাসী অসমীয়াকেইজনে সহযোগ নকৰে ? তেতিয়া হেনো তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিব আৰু সেইকাৰণে অসমীয়া ৰাইজে প্ৰবাসী অসমীয়াক হেঁচা দিব লাগে, তেওঁলোকৰ অসমত থকা #পৰিয়ালকো হেঁচা দিব লাগে! 

সমগ্ৰ বিষয়টো জেলেপীৰদৰে পকাইছে খুদ মুখ্যমন্ত্ৰী মহোদয়ে। ৰাইজক যে হেঁচা দিবলৈ আহ্বান কৰিছে, যদি ক্ষোভিত ৰাইজ উত্তপ্ত হয় এই হেঁচা প্ৰয়োগ কৰিবলৈ গৈ তেতিয়া তেৱেঁইতো আৰক্ষী লগাই জেইলত ভৰাব ? তেওঁ কেনেকৈ গীয়েৰ লগাব ৰাইজৰ এই হেঁচাত ? ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হ'লে তেওঁ কেনেকৈ দায়িত্ব ল'ব ? তেওঁ তেতিয়া সকলো দোষ ৰাইজলৈ ঠেলি দিব! তেওঁ নিজে দায়বদ্ধৰূপত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দি থৈছে ন্যায় দিমেই বুলি; মনত ৰাখিব। জুবিনৰ ন্যায় বিচৰা অসমীয়াৰ ওপৰত তেওঁ সন্দেহেই ব্যক্ত কৰিছিল দুদিনৰ আগত !

নে জুবিনৰ ন্যায় বিচৰা অসমৰ জনমতক বিপথে পৰিচালিত কৰাৰ তেওঁৰ এয়া কিবা কৌশলহে ? নে নিজৰ বিফলতা ৰাইজৰ ওপৰত জাপি দিয়াৰ কিবা কৌশল? নে আন কিবা ৰাজনৈতিক মটিফ?

কাৰণ তেওঁ ৰাজনীতিবিদ। আমি হৈছোঁ সাধাৰণ প্ৰজা। আমাতকৈ ৰাজনীতি তেওঁ বেছি জানে। আমাতকৈ ৰাজনীতি তেওঁ বেছি কৰে। আমিতো কৌতুহলী মনৰ প্ৰশ্নবোৰো মুকলিকৈ কৰিব নোৱাৰোঁ। ভয়ে ভয়ে সামাজিক মাধ্যমত দুই এষাৰ লিখোঁতে জানোচা কাৰোবাৰ চকুত পৰো, জানোচা কোনোবাই ট্ৰল কৰি ভাইৰেল কৰে, জানোচা পেটে ভাতে খাই পৰিয়াল পুহি থকা চাকৰিটো যায়, জানোচা ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা লগাই জেইলত ভৰাই থয় - এইবোৰ ভয় লৈ ২৪ ঘন্টা আশংকাত জীৱন পাৰ কৰা প্ৰজা আমি। কিন্তু সকলো সময়তে চকু মুদি কাকো বিশ্বাসত ল'ব নোৱাৰোঁ আমি। জুবিনে বিশ্বাস কৰি কি পালে? সকলো কথাতে প্ৰশংসাৰে ওপচাই ৰাখিব নোৱাৰোঁ আমি । কিয় জানে ? মাত্ৰাধিক প্ৰশংসা অধ:পতনৰ কাৰণ হৈ উঠে। আচলতে কাৰো অধ:পতন নিবিচাৰোঁ আমি। 

মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ বক্তব্য মতে তেওঁতকৈ শক্তিশালী ব্যক্তি ভাৰততে নাই। আমি বহুত ভয় কৰোঁ তেওঁক। তেওঁ ইচ্ছা কৰিলে সকলো কৰিব পাৰে। কেনেকৈ কাৰ নাভি কেতিয়া পকাব লাগে তেওঁ জানে। কাৰণ তেওঁ হৈছে শাসনৰ বাঘজৰীডাল হাতত লৈ থকা ৰাজকীয় ব্যক্তি।

তেনে ক্ষেত্ৰত, ৰাইজৰ হেঁচাৰ প্ৰয়োজন হ'ল তেওঁক ! অন্যথা হেনো তদন্ত সম্পূৰ্ণ কৰিবই নোৱাৰিব। কি আচৰিত !! অসমীয়া ৰাইজ কি তেওঁতকৈ তথা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক দপ্তৰটোতকৈ শক্তিশালী?

নহয় ছাৰ নহয়। আপুনি সৰ্বশক্তিমান। আপুনিয়েই পাৰিব। আপুনিহে পাৰিব সেই প্ৰবাসীকেইজনক নাকী লগাব। আপুনি ইমানখিনি কৰিছে জুবিনৰ কাৰণে, এতিয়া আকৌ ক্ৰেডিটটো কিয় ৰাইজক দিবলৈ ওলাইছে? এনেকৈ আপুনি দুৰ্বলতা প্ৰকাশ কৰিলে ক্ষতি হ'ব আপোনাৰ ইমেজৰ। আপোনাক হিৰো বুলি ভবা আপোনাৰ অনুৰাগীসকলক হতাশ নকৰিব ছাৰ । আমি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাটো বিচাৰোঁ এশ শতাংশ আপোনাৰ নিজৰ দমত 💪।

কিশোৰ মনজিৎ বৰা

 #জুবিনহীনতা_নে_জীৱনহীনতা

কিশোৰ মনজিৎ বৰা 

_______________


লেখাটোৰ এটা বিষয় নিৰ্দিষ্ট কৰি দিয়া আছে--- "জুবিন গাৰ্গ নোহোৱাৰ অনুভৱ"। মোৰ এটাই কথা, জুবিন গাৰ্গ নোহোৱাৰ পিছত জুবিন গাৰ্গ আমাৰ মাজত বেছিকৈ আছে। তেওঁ তেজ-মঙহৰ মানুহজন নাই, কিন্তু সেই সত্তা আৰু সৃষ্টিৰ মেটমৰা পথাৰখন আছে। মন আৰু মগজুৰ সেউজীয়াখিনি সতেজ হৈয়ে আছে। এতেকে জুবিন নোহোৱাৰ কথাটোত মই একমত নহয়, মানে জুবিন আছিল, আছে আৰু থাকিব। 

শঙ্কৰদেৱ, জ্যোতি-বিষ্ণু আৰু ভূপেনদাৰ পাছত জুবিনেই একমাত্ৰ নিদৰ্শন, যাক লৈ অসমীয়া জাতিয়ে আৰু অন্ততঃ এশ বছৰ নিশ্চিন্তমনে জীয়াই থাকিব পাৰে। আৰু সহস্ৰ তৰুণক হাজাৰ বছৰৰ নতুন আদৰ্শনিষ্ঠ অসম গঢ়িবলৈ প্ৰেৰণা দিব পাৰে, এই অবিনশ্বৰ সত্তাই। 


জুবিনৰ মৃত্যুৰ পাছত এতিয়া বহুত হৈ চৈ হৈছে। এয়া ভাল। কিন্তু জীৱন কালত তেওঁক পদ্মশ্ৰী, পদ্ম বিভূষণ আদি বঁ‌টা নোৱাৰাটোত অকৃতজ্ঞ ভাৰতীয় জাতিৰ পৰিচয় ফুটি উঠিল। এইটো পোনপটীয়াকৈ ক'বলৈ গ'লে বেয়া। এনে বহুত বেয়া জুবিনে উদঙাই থৈ গ'ল। আশাকৰোঁ ইয়াৰ পাছত সকলো ভাল নহ'লেও অন্ততঃ কিছু হ'লেও ভাল হ'ব।

জুবিনবিহীন এই সময় বৰ নেযায়-নুপুৱায়। আমাৰ হিয়াৰ আমঠু ধেমেলীয়া, ভকতীয়া আৰু বিহুৱা ল'ৰাটো গ'লগৈ। এই বিদায়ে আমাক জোকাৰণি এটা দি গ'ল। জুবিনে বিচৰা ধৰণেৰে তেওঁৰ বিদায় দিবলৈ নাপালোঁ। যেন 'বাহুবলী' চিনেমাৰ কাটাপ্পাৰ হাততহে আমাৰ প্ৰাণৰ গায়কজন বাহুবলীজন হেৰাই গ'ল। বিখ্যাত চিকাৰী জিম কৰবেটে ক'বৰ দৰে ----This is not cricket! 

জুবিনদাৰ জীৱনকালতে লিখা এটা কবিতাৰে লেখাটো সামৰিছোঁ, কবি নৱ ৰাজনে কবিতাটো সংকলিত কৰি জুবিনদাৰ হাতত দিছিলগৈ---

বহেমিয়ান

_________


মোৰ এটা চিঞৰ আছে। মাজে মাজে মই

চিঞৰোঁ।


জন্মতেই চিঞৰটো লগত লৈ আহিছোঁ

পাছতহে কণ্ঠই কুঁহি মেলিছে


মই বহেমিয়ান। এটা ঘৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ।

আনকি পৃথিৱী নামৰ গ্ৰহটোও মোৰ বাবে

কেতিয়াবা ঠেক হয়


জাঁজীৰ জেঙনিৰ ঔ-ফুল

সোঁত নমনা। জহুদ। অথচ কবিতাৰ দৰে অন্তৰ কোমল


মাৰ গৰ্ভৰ পৰা ওলাওঁতেই মোৰ মূৰৰ মিহি দূবৰিবোৰত

লাগি অহা বীজবোৰ এৰাই নগ'ল

সেয়ে মই শিশু হৈ ৰ'লো

কান্দো। চিঞৰো। আবদাৰ দিওঁ।.... মন যায়।


মই মৰিলে জুবিন নহয়, মৰিব এটা শিশু

মই মৰিলে তহঁতে বুজিবি, মোৰ চিঞৰটো কিমান সঁচা আছিল


মোৰ গানবোৰত চিঞৰটো কলকলাই আছে কোনোকালে নুশুকোৱা লুইতৰ দৰে

মোৰ বিছনাত কোনোদিনে গাৰু নাই

ৰাতি ৰাতি নাল ভগা চকী এখনত অকলে বহি থাকোঁ

সুৰ এটা হৈ উৰি যাওঁ।

সুৰ এটা লৈ টোপনি যাওঁ

মই একেবাৰে টোপনি গ'লে বুজিবি তহঁতে

মোৰ মাতটোত কিমান কান্দোন আছিল।

_______________

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...