Saturday, October 4, 2025

ড০ ছবি গগৈ FB Wall

 #অৰাজনৈতিক_চিন্তা

#JusticeForZubeenGarg 

ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সমাজখনক এতিয়া অসমৰ অসমীয়া ৰাইজেহে CPR দিব লাগে যাতে প্ৰবাসীসকলৰ অসমীয়া চেতনা জাগি উঠে আৰু তদন্তৰ বাবে অভিযুক্তকেইজন দৌৰি আহে অসমলৈ! সৰ্বশক্তিমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰটোৰ কাম কি ? আনহাতে, ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰি থকা বুলি কোৱা হৈছিল। লগতে এইটোও কোৱা হৈছিল যে ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সহায় ল'ব অসমৰ তদন্তকাৰী আৰক্ষীয়ে। যদিহে সঁচাই তাতো তদন্ত হৈছে, তেন্তে তেওঁলোকৰ তদন্তত জুবিনৰ সহযাত্ৰী প্ৰবাসী অসমীয়াকেইজন তথা য়টৰ কেপ্টেইনজন নিশ্চয় তদন্তৰ বাহিৰত নহয় । এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চিন্তা হৈছে যদি প্ৰবাসী অসমীয়াকেইজনে সহযোগ নকৰে ? তেতিয়া হেনো তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিব আৰু সেইকাৰণে অসমীয়া ৰাইজে প্ৰবাসী অসমীয়াক হেঁচা দিব লাগে, তেওঁলোকৰ অসমত থকা #পৰিয়ালকো হেঁচা দিব লাগে! 

সমগ্ৰ বিষয়টো জেলেপীৰদৰে পকাইছে খুদ মুখ্যমন্ত্ৰী মহোদয়ে। ৰাইজক যে হেঁচা দিবলৈ আহ্বান কৰিছে, যদি ক্ষোভিত ৰাইজ উত্তপ্ত হয় এই হেঁচা প্ৰয়োগ কৰিবলৈ গৈ তেতিয়া তেৱেঁইতো আৰক্ষী লগাই জেইলত ভৰাব ? তেওঁ কেনেকৈ গীয়েৰ লগাব ৰাইজৰ এই হেঁচাত ? ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হ'লে তেওঁ কেনেকৈ দায়িত্ব ল'ব ? তেওঁ তেতিয়া সকলো দোষ ৰাইজলৈ ঠেলি দিব! তেওঁ নিজে দায়বদ্ধৰূপত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দি থৈছে ন্যায় দিমেই বুলি; মনত ৰাখিব। জুবিনৰ ন্যায় বিচৰা অসমীয়াৰ ওপৰত তেওঁ সন্দেহেই ব্যক্ত কৰিছিল দুদিনৰ আগত !

নে জুবিনৰ ন্যায় বিচৰা অসমৰ জনমতক বিপথে পৰিচালিত কৰাৰ তেওঁৰ এয়া কিবা কৌশলহে ? নে নিজৰ বিফলতা ৰাইজৰ ওপৰত জাপি দিয়াৰ কিবা কৌশল? নে আন কিবা ৰাজনৈতিক মটিফ?

কাৰণ তেওঁ ৰাজনীতিবিদ। আমি হৈছোঁ সাধাৰণ প্ৰজা। আমাতকৈ ৰাজনীতি তেওঁ বেছি জানে। আমাতকৈ ৰাজনীতি তেওঁ বেছি কৰে। আমিতো কৌতুহলী মনৰ প্ৰশ্নবোৰো মুকলিকৈ কৰিব নোৱাৰোঁ। ভয়ে ভয়ে সামাজিক মাধ্যমত দুই এষাৰ লিখোঁতে জানোচা কাৰোবাৰ চকুত পৰো, জানোচা কোনোবাই ট্ৰল কৰি ভাইৰেল কৰে, জানোচা পেটে ভাতে খাই পৰিয়াল পুহি থকা চাকৰিটো যায়, জানোচা ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা লগাই জেইলত ভৰাই থয় - এইবোৰ ভয় লৈ ২৪ ঘন্টা আশংকাত জীৱন পাৰ কৰা প্ৰজা আমি। কিন্তু সকলো সময়তে চকু মুদি কাকো বিশ্বাসত ল'ব নোৱাৰোঁ আমি। জুবিনে বিশ্বাস কৰি কি পালে? সকলো কথাতে প্ৰশংসাৰে ওপচাই ৰাখিব নোৱাৰোঁ আমি । কিয় জানে ? মাত্ৰাধিক প্ৰশংসা অধ:পতনৰ কাৰণ হৈ উঠে। আচলতে কাৰো অধ:পতন নিবিচাৰোঁ আমি। 

মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ বক্তব্য মতে তেওঁতকৈ শক্তিশালী ব্যক্তি ভাৰততে নাই। আমি বহুত ভয় কৰোঁ তেওঁক। তেওঁ ইচ্ছা কৰিলে সকলো কৰিব পাৰে। কেনেকৈ কাৰ নাভি কেতিয়া পকাব লাগে তেওঁ জানে। কাৰণ তেওঁ হৈছে শাসনৰ বাঘজৰীডাল হাতত লৈ থকা ৰাজকীয় ব্যক্তি।

তেনে ক্ষেত্ৰত, ৰাইজৰ হেঁচাৰ প্ৰয়োজন হ'ল তেওঁক ! অন্যথা হেনো তদন্ত সম্পূৰ্ণ কৰিবই নোৱাৰিব। কি আচৰিত !! অসমীয়া ৰাইজ কি তেওঁতকৈ তথা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক দপ্তৰটোতকৈ শক্তিশালী?

নহয় ছাৰ নহয়। আপুনি সৰ্বশক্তিমান। আপুনিয়েই পাৰিব। আপুনিহে পাৰিব সেই প্ৰবাসীকেইজনক নাকী লগাব। আপুনি ইমানখিনি কৰিছে জুবিনৰ কাৰণে, এতিয়া আকৌ ক্ৰেডিটটো কিয় ৰাইজক দিবলৈ ওলাইছে? এনেকৈ আপুনি দুৰ্বলতা প্ৰকাশ কৰিলে ক্ষতি হ'ব আপোনাৰ ইমেজৰ। আপোনাক হিৰো বুলি ভবা আপোনাৰ অনুৰাগীসকলক হতাশ নকৰিব ছাৰ । আমি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাটো বিচাৰোঁ এশ শতাংশ আপোনাৰ নিজৰ দমত 💪।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...