জুবিনৰ মোবাইলত কি আছে?
শ্যামকানু মহন্ত সোনকালে মুকলি আকাশৰ তললৈ নাহে। একেদৰে দীৰ্ঘদিন ধৰি বন্ধ কোঠাত থাকিব লাগিব সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ সহযোগী শেখৰৰ স্বীকাৰোক্তিৰ পিছত এয়া স্পষ্ট হৈ পৰিল। শেখৰজ্যোতিয়ে আৰক্ষীৰ জেৰাত কৈছে – সিদ্ধাৰ্থই শ্যামকানু মহন্তৰ সৈতে মিলি জুবিন গাৰ্গক বিদেশত বিহ পান কৰাই হত্যা কৰিছিল। স্বাভাৱিকতে এয়া শেখৰৰ ভয়ানক বিবৃতি। এই বিবৃতিৰ পিছত হত্যাৰ গোচৰত অভিযুক্ত হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ। প্ৰাৰম্ভিক অৱস্থাত এই দুয়োজনক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া দুয়োৰে ওপৰত হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। কিন্তু কেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থই জুবিনক হত্যা কৰিছিল তাৰ কোনো তথ্য কোনেও জানিব পৰা নাছিল। কিন্তু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে এই তথ্য সদৰী কৰে। আৰক্ষীয়ে লিখিতভাৱে দাঙি ধৰা তথ্যত আন কেতবোৰ ভয়ানক কথা কোৱা হৈছে।
শেখৰৰ বক্তব্য একাংশ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি হাহাকাৰ লাগিছে। জুবিন গাৰ্গৰ লগত থকা সিদ্ধাৰ্থ আৰু শ্যামকানুৱে এনে নীচ কাম কৰিব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। কিন্তু হত্যাৰ মটিভ কি এতিয়াও স্পষ্ট হোৱা নাই।
এইবাৰ আহো ন্যায়িক তদন্তৰ প্ৰসংগলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাই বিচৰাৰ দৰে সকলো কাম কৰিছে। ৰাজ্যজুৰি সামাজিক মাধ্যমত জনতাই বিচাৰিছিল সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰি অনাটো। লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ল। হেণ্ডকাফ লগোৱা হ’ল। লকআপত ৰখা হ’ল। তথাপি জুবিন অনুৰাগীসকল সন্তুষ্ট নহয়। কোনোবাই ক’লে এয়া দেখুৱাবলৈহে এইবোৰ কৰিছে। মুঠতে সন্দেহ আৰু সন্দেহ।
ইপিনে ছিংগাপুৰত থকা অৱস্থাতে নটাৰীযোগে ই-ফাইল কৰি আদালতত আবেদন কৰিছে শ্যামকানু মহন্তই। শ্যামকানুৱে সমগ্ৰ ঘটনাৰ তদন্ত চিবিআই অথবা এনআইএ কৰাটো বিচাৰিছে। শ্যামকানুৱে আদালতত কৈছে – অসমত চিআইডিয়ে তদন্ত কৰিলে সেয়া ৰাজনৈতিক প্ৰভাৱান্বিত হ’ব।
শেষ মুহূৰ্তত ডাঙৰ অস্ত্ৰ এৰি দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ ন্যায়াধীশক দায়িত্ব দিলে। আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ হতুৱাই সমগ্ৰ বিষয়টোৰ তদন্ত বিচাৰি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া কমিটী গঠন কৰি দিলে। প্ৰথমবাৰৰ বাবে অসমৰ কোনো এটা ঘটনাৰ তদন্ত কৰিবলৈ ওলাইছে ন্যায়ালয়ৰ বৰ্তমানৰ এজন ন্যায়াধীশে। লগে লগে আশা প্ৰকাশ কৰা হৈছে জুবিনে ন্যায় পাব। ন্যায়াধীশজন কোনোক্ষেত্ৰতে কাৰো দ্বাৰা প্ৰভাৱান্বিত নহয়। গতিকে সঠিকভাৱে তদন্ত হ’ব বুলি আশা কৰা হৈছে।
এতিয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ তদন্ত প্ৰক্ৰিয়া কেনে ধৰণৰ হ’ব সেয়া জনাব বিচাৰিছোঁ। ন্যায়াধীশজনে সম্পূৰ্ণ নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব। সোধাপোছাৰ বাবে ন্যায়াধীশগৰাকীয়ে বিভিন্ন ব্যক্তিক জেৰা কৰিব। এই জেৰাৰ সন্মুখন হ’ব শ্যামকানুৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা ইত্যাদি। মুকলিভাৱে ন্যায়াধীশৰ সন্মুখত এওঁলোকে কথা ক’ব পাৰিব। প্ৰশ্ন হৈছে, ন্যায়াধীশৰ আগত কি ক’ব শেখৰে? শেখৰে আৰক্ষীৰ আগত যি বক্তব্য ৰাখিছিল সেই একেই বক্তব্য ন্যায়াধীশৰ সন্মুখতো ৰাখিব নেকি? যদিহে শেখৰে একে ধৰণৰ বক্তব্য ৰাখে তেনেহ’লে ভয়ানক বিপদত পৰিব শ্যামকানু আৰু সিদ্ধাৰ্থ। এছআইটিৰ পৰা পোৱা খবৰ অনুসৰি শ্যামকানুৱে বাৰে বাৰে ঘটনাৰ সৈতে জড়িত নহয় বুলি বক্তব্য ৰাখিছে। কিন্তু শেখৰৰ বক্তব্য যদিহে সত্য তেনেহ’লে কোনোক্ষেত্ৰতে ৰক্ষা নাপায় শ্যামকানু আৰু সিদ্ধাৰ্থ। কিন্তু বহুক্ষেত্ৰত দেখা যায় আৰক্ষীৰ আগত দিয়া বক্তব্য অভিযোগকাৰীয়ে পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰে। আৰক্ষীৰ হেঁচাত এনে ধৰণৰ বিবৃতি দিছিল বুলি মন্তব্য কৰে। শেখৰৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হ’ব নেকি?
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত হৈছে। জুবিনৰ প্ৰথমটো মৰণোত্তৰ পৰীক্ষা হৈছিল ছিংগাপুৰত। ৰাইজৰ দাবীত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়তো মৰণোত্তৰ পৰীক্ষা কৰায়। এই প্ৰতিবেদনত কি আছে আমি নাজানোঁ। প্ৰতিবেদনৰ প্ৰতিলিপি ইতিমধ্যে পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰা হৈছে। সেই প্ৰতিবেদন গৰিমা গাৰ্গে ৰাজহুৱা কৰিব নে নাই আমি নাজানো।
তাৎপৰ্যপূৰ্ণভাৱে শেখৰৰ লগত গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা নামৰ ৰহস্যঘন যুৱতীগৰাকীয়ে জুবিনৰ হত্যা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। শুকুৰবাৰে ন্যায়াধীশৰ ওচৰত অমৃতপ্ৰভাই যি বিবৃতি দিলে সেই বিবৃতি শুনি সকলো হতবাক। জুবিন গাৰ্গৰ সৈতে সহযোগী কণ্ঠশিল্পী হিচাপে থকা এই অমৃতপ্ৰভাই জুবিনৰ চৰিত্ৰত কালিমা সানিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। অমৃতপ্ৰভাৰ স্বীকাৰোক্তিত হতবাক হৈ পৰিছে সকলো। অথচ এই অমৃতপ্ৰভাই ছিংগাপুৰত জুবিনৰ সৈতে ছাঁৰ দৰে আছিল। জুবিনৰ সৈতে সাগৰলৈ একেলগে গৈছিল অমৃতপ্ৰভা। আনকি ইতিমধ্যে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা জুবিনৰ সাঁতোৰা ভিডিঅ’বোৰ ৰেকৰ্ডিং কৰিছিল অমৃতপ্ৰভাই।
এইখিনি সময়তে এছআইটিয়ে লাভ কৰিছে জুবিনৰ মোবাইলটো। এই মোবাইলটো লৈ আহিছিল সিদ্ধাৰ্থই। মোবাইলৰ পৰা এছআইটিয়ে অৱশ্যে কি কি তথ্য লাভ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা হ’ব। হয়তো ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ওচৰত এছআইটিয়ে জুবিনৰ মোবাইলৰ বিতং তথ্য দাখিল কৰিব লাগিব।
No comments:
Post a Comment