Saturday, October 4, 2025

কিশোৰ মনজিৎ বৰা

 #জুবিনহীনতা_নে_জীৱনহীনতা

কিশোৰ মনজিৎ বৰা 

_______________


লেখাটোৰ এটা বিষয় নিৰ্দিষ্ট কৰি দিয়া আছে--- "জুবিন গাৰ্গ নোহোৱাৰ অনুভৱ"। মোৰ এটাই কথা, জুবিন গাৰ্গ নোহোৱাৰ পিছত জুবিন গাৰ্গ আমাৰ মাজত বেছিকৈ আছে। তেওঁ তেজ-মঙহৰ মানুহজন নাই, কিন্তু সেই সত্তা আৰু সৃষ্টিৰ মেটমৰা পথাৰখন আছে। মন আৰু মগজুৰ সেউজীয়াখিনি সতেজ হৈয়ে আছে। এতেকে জুবিন নোহোৱাৰ কথাটোত মই একমত নহয়, মানে জুবিন আছিল, আছে আৰু থাকিব। 

শঙ্কৰদেৱ, জ্যোতি-বিষ্ণু আৰু ভূপেনদাৰ পাছত জুবিনেই একমাত্ৰ নিদৰ্শন, যাক লৈ অসমীয়া জাতিয়ে আৰু অন্ততঃ এশ বছৰ নিশ্চিন্তমনে জীয়াই থাকিব পাৰে। আৰু সহস্ৰ তৰুণক হাজাৰ বছৰৰ নতুন আদৰ্শনিষ্ঠ অসম গঢ়িবলৈ প্ৰেৰণা দিব পাৰে, এই অবিনশ্বৰ সত্তাই। 


জুবিনৰ মৃত্যুৰ পাছত এতিয়া বহুত হৈ চৈ হৈছে। এয়া ভাল। কিন্তু জীৱন কালত তেওঁক পদ্মশ্ৰী, পদ্ম বিভূষণ আদি বঁ‌টা নোৱাৰাটোত অকৃতজ্ঞ ভাৰতীয় জাতিৰ পৰিচয় ফুটি উঠিল। এইটো পোনপটীয়াকৈ ক'বলৈ গ'লে বেয়া। এনে বহুত বেয়া জুবিনে উদঙাই থৈ গ'ল। আশাকৰোঁ ইয়াৰ পাছত সকলো ভাল নহ'লেও অন্ততঃ কিছু হ'লেও ভাল হ'ব।

জুবিনবিহীন এই সময় বৰ নেযায়-নুপুৱায়। আমাৰ হিয়াৰ আমঠু ধেমেলীয়া, ভকতীয়া আৰু বিহুৱা ল'ৰাটো গ'লগৈ। এই বিদায়ে আমাক জোকাৰণি এটা দি গ'ল। জুবিনে বিচৰা ধৰণেৰে তেওঁৰ বিদায় দিবলৈ নাপালোঁ। যেন 'বাহুবলী' চিনেমাৰ কাটাপ্পাৰ হাততহে আমাৰ প্ৰাণৰ গায়কজন বাহুবলীজন হেৰাই গ'ল। বিখ্যাত চিকাৰী জিম কৰবেটে ক'বৰ দৰে ----This is not cricket! 

জুবিনদাৰ জীৱনকালতে লিখা এটা কবিতাৰে লেখাটো সামৰিছোঁ, কবি নৱ ৰাজনে কবিতাটো সংকলিত কৰি জুবিনদাৰ হাতত দিছিলগৈ---

বহেমিয়ান

_________


মোৰ এটা চিঞৰ আছে। মাজে মাজে মই

চিঞৰোঁ।


জন্মতেই চিঞৰটো লগত লৈ আহিছোঁ

পাছতহে কণ্ঠই কুঁহি মেলিছে


মই বহেমিয়ান। এটা ঘৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ।

আনকি পৃথিৱী নামৰ গ্ৰহটোও মোৰ বাবে

কেতিয়াবা ঠেক হয়


জাঁজীৰ জেঙনিৰ ঔ-ফুল

সোঁত নমনা। জহুদ। অথচ কবিতাৰ দৰে অন্তৰ কোমল


মাৰ গৰ্ভৰ পৰা ওলাওঁতেই মোৰ মূৰৰ মিহি দূবৰিবোৰত

লাগি অহা বীজবোৰ এৰাই নগ'ল

সেয়ে মই শিশু হৈ ৰ'লো

কান্দো। চিঞৰো। আবদাৰ দিওঁ।.... মন যায়।


মই মৰিলে জুবিন নহয়, মৰিব এটা শিশু

মই মৰিলে তহঁতে বুজিবি, মোৰ চিঞৰটো কিমান সঁচা আছিল


মোৰ গানবোৰত চিঞৰটো কলকলাই আছে কোনোকালে নুশুকোৱা লুইতৰ দৰে

মোৰ বিছনাত কোনোদিনে গাৰু নাই

ৰাতি ৰাতি নাল ভগা চকী এখনত অকলে বহি থাকোঁ

সুৰ এটা হৈ উৰি যাওঁ।

সুৰ এটা লৈ টোপনি যাওঁ

মই একেবাৰে টোপনি গ'লে বুজিবি তহঁতে

মোৰ মাতটোত কিমান কান্দোন আছিল।

_______________

No comments:

Post a Comment

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...