Sunday, October 5, 2025

Pankaj Jyoti Mahanta FB Wall

বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰা ডাঙৰীয়াই এবছৰৰ পূৰ্বে কিছুমান মিছা কথা আৰু বাক্যৰ চাতুৰ্যৰে যেনেকৈ জুবিন গাৰ্গক হেয় কৰিবলৈ চেষ্টা কৰিছিল, তাৰ বাবে ময়ূৰ বৰা ডাঙৰীয়াই এতিয়া পুনৰ ব্যাপক নিন্দা লাভ কৰিছে। কেইবাজনো বুদ্ধিজীৱীয়েও এতিয়া তেওঁক নিন্দা কৰিছে। আৰু তেওঁ নিজেও নিজৰ কিছু ভুল স্বীকাৰ কৰিছে। সেইদিনা তেওঁ কোৱা কিছুমান কথা সকলো মানুহে জুবিন গাৰ্গক কয়, আদৰত কয়, মৰমত কয়, কিন্তু ময়ূৰ বৰাই যিধৰণে কৈছিল সেয়া আছিল নিকৃষ্ট। তাৰ বাবেই এতিয়া তেওঁক অত্যন্ত সমালোচনা কৰা হৈছে যদিও এই সমালোচনাবোৰত এটা কথা কোনেও স্পৰ্শ কৰা দেখা পোৱা নাই। সেইটো হৈছে, তেওঁ জুবিন গাৰ্গক হেয় কৰাৰ সময়টো কেতিয়া বাছি লৈছিল? সেই সময়খিনি কোনখিনি আছিল?? সেই সময়ত এটা প্ৰতিবাদ চলি আছিল, দীঘলীপুখুৰীৰ পাৰৰ শ বছৰীয়া প্ৰৱীণ ঐতিহাসিক গছবোৰ কটাৰ বিৰুদ্ধে প্ৰতিবাদ। য’ত জুবিন গাৰ্গে সবলভাৱে পদাৰ্পণ কৰিছিল আৰু প্ৰতিবাদটো তীব্ৰ কৰি তুলিছিল। সেয়ে, তেনে সময়ত জুবিন গাৰ্গক হেয় কৰাৰ চেষ্টা কৰিলে ক্ষমতাশালীসকলৰ পৰা নানা সা-সুবিধা যে লাভ কৰিব বা বিশেষ কিছুমান মানুহৰ আস্থাভাজন হৈ হাই-প্ৰফাইল সভা-সমিতি কিছুমানলৈ যে নিমন্ত্ৰণ লাভ কৰিব সেয়া নিশ্চিত আছিল। কোনোবাই ক’ব নেকি যে সেই সময়টো কাকতালীয় আছিল? ময়ূৰ বৰা ডাঙৰীয়াই সমাজ-ৰাজনৈতিক বিষয়ত কয়, বিশেষকৈ ধৰ্মীয়-সংস্কৃতিক বিষয়ত তেওঁ কথা কয়, লিখে। বহু সভাত তেওঁ গৌৰৱেৰে বাৰে বাৰে কয় যে তেওঁ ইতিহাসৰ ছাত্ৰ। গতিকে, তেনে এজন ব্যক্তিয়ে জুবিন গাৰ্গক হেয় কৰাৰ সেই সময়টো নিশ্চয় নুবুজাকৈ থকা নাছিল। যদি তেওঁ বুজাই নাছিল, যদি সেয়া কাকতালীয়ই আছিল, তেওঁ যদি সেয়া ভবা নাছিল, তেন্তে তেওঁৰ বুদ্ধিজীৱীসুলভ সূক্ষ্ণ দক্ষতাতো বিৰাট প্ৰশ্ন আহি পৰিব।


কিছুমান বিশ্বাস-অযোগ্য মানুহৰ পৰাও এইধৰণৰ প্ৰচেষ্টা আগলৈ চলিব বা এতিয়া চলিছেই। সেই লগ-বন্ধুসকলে জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰিছিল নেকি সেই প্ৰশ্নটো ধৰক বাদেই দিয়া হৈছে। তাৰপাছতো আমি যদি চাওঁ, সেই ২০-৩০ জন মানুহ, তেওঁলোকে যোৱা কেইদিনত যিখিনি আচৰণ কৰিলে, তাৰ দ্বাৰা তেওঁলোকৰ পৰা ন্যূনতম মানৱীয়তাও আশা কৰা নাযায়। জুবিন গাৰ্গৰ মৃত্যুৱে কি কৰি থৈ গ’ল? সকলো মানুহক এক কৰি থৈ গ’ল। জীৱন্ত মহানায়কজনতকৈও হেৰাই যোৱা মানুহজন অধিক ডাঙৰ মহানায়ক হৈ উঠিল। এতিয়া বিভেদৰ বাবে, সংঘাতৰ বাবে, নানা বক্ৰ সা-সুবিধাৰ বাবে, আন ধৰণে বলে নোৱাৰিলে সেই মহানায়কজনক হেয় কৰিবলৈ চেষ্টা কৰিব কিছু লোকে। অভিযুক্তই জুবিন গাৰ্গক হেয় কৰিব পৰা বক্তব্য দাঙি ধৰা, আৰু সেই বক্তব্য অনাহকত ভাইৰেল হৈ পৰাৰ কাৰণো এনেকুৱা হ’ব পাৰে। যিবোৰ কথাৰ সত্যতা থাকিবও পাৰে নাথাকিব পাৰে, কিন্তু সত্যতা থাকিলেও সেইখিনি এতিয়া প্ৰাসংগিক নহয়। পাছত তেওঁৰ জীৱনীত সকলো কথা থাকিব পাৰে। কিন্তু, এতিয়া সেয়া হৈছে তেওঁক দুৰ্বল কৰাৰ চেষ্টাৰে অংশ।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...