জুবিন গাৰ্গে অনুকৰণ কৰা সংগীতজ্ঞজন।
*****************************
আপোনালোকে ফটোত দেখা ব্যক্তিজনৰ লগত জুবিন গাৰ্গৰ কিবা মিল দেখিছে নে ? হয়, দাঁত দুপৰি আৰু হাঁহিটোৰে সৈতে জুবিন গাৰ্গৰ লগত বহুখিনি মিল আছে। পিছে আপোনালোকে ফটোখন জুবিন গাৰ্গৰ বুলি ভুল নকৰিব। এটা সময়ত জুবিন গাৰ্গে এই ব্যক্তিজনক বৰকৈ অনুকৰণ কৰিছিল। এই ব্যক্তিজনেই জুবিন গাৰ্গক এক বিশেষ ষ্টাইলত কেনেকৈ সংগীত সৃষ্টি কৰিব পাৰি তাৰ আদিপাঠ দিছিল। মানুহজন একদম প্ৰচাৰ বিমুখ আৰু সদায় পৰ্দাৰ আঁৰত লুকাই থাকে। বৰ্তমান তেখেত মুম্বাইত থাকে আৰু এজন স্বনামধন্য সংগীত পৰিচালক। সেই ব্যক্তিজনৰ নাম হৈছে উৎপল শৰ্মা যাক আমি মৰমতে ঘৰুৱা নামেৰে "পুকণ দা" বুলি মাতো। এসময়ত মই উৎপলদাৰ লগত একেলগে সংগীত কৰিছিলোঁ। উৎপল শৰ্মা হৈছে জুবিনৰ নিজৰ জেঠাইয়েকৰ ল'ৰা। সৰুতে জুবিনে প্ৰায়েই উৎপলদাহঁতৰ ঘৰত আহি থাকে। অৱশ্যে তাৰো এটা কাৰণ আছে। উৎপলদাহঁতৰ ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালীয়ে গীত গায়। মুঠতে তেওঁলোকৰ ঘৰখনত এক সংগীতময় পৰিবেশ বিৰাজ কৰিছিল। কেতিয়াবা এনে অৱস্থা হয়গৈ যে দেউতাকে জুবিনক বিচাৰি আহিবলগীয়া হয়।
এই উৎপলদাই জুবিনক সংগীতৰ নতুন ধাৰাৰ লগত পৰিচয় কৰাই দিছিল। যিটো সময়ত আজিৰ দৰে ইণ্টাৰনেট গুগুল আদি নাছিল, সেই তেতিয়াই উৎপলদাই জুবিনক পশ্চিমীয়া জেজ মিউজিক, শ্লো ৰক', ব্লুজ, পেৰেলেল হাৰমণি আদি ব্যৱহাৰ কৰি কেনেকৈ সংগীত সৃষ্টি কৰিব পাৰি তাক শিকাইছিল। সেই সময়ত উৎপলদাৰ চুলিবোৰ দীঘল আছিল, লগতে এযোৰ চচমা পিন্ধিছিল। আপোনালোকে যদি জুবিনৰ সেই অনামিকা, মায়া আদি কেছেটৰ দিনবোৰলৈ উভতি যায়, তেন্তে জুবিনৰ সেই চুলি দীঘল চেহেৰাৰ ফটোবোৰ বিচাৰি পাব। জুবিনে যেতিয়া গীত গায় তেতিয়া দূৰৈৰ পৰা শুনি থাকিলে উৎপলদাই গাই থকা যেন লাগে। যোৰহাট ৰেডিঅ'ত জুবিনে প্ৰথমে যি দুটা গীত গাইছিল সেই দুটা গীতৰ সুৰো উৎপলদাৰ আছিল। উৎপল দাই সুৰ কৰা এটা বিখ্যাত গীত হৈছে অনিন্দিতা পালে গোৱা ---- " বকুল ফুলৰ দৰে " গীতটি। মই মোৰ " অসম ভৱন মুম্বাই আৰু মই " গ্ৰন্থখনিত উৎপলদাহঁতৰ গোটেই ঘৰখনৰ কথা লিখিছোঁ। এসময়ত সেই ঘৰখনেই জুবিন গাৰ্গৰ সংগীত জীৱনৰ কঠীয়াতলী আছিল বুলি ক'লেও ভুল কৰা নহয়। এই উৎপল শৰ্মাই আছিল জুবিনৰ অনামিকা, মায়া, জুবিনৰ গান আদি কৰি প্ৰথম পাঁচটা মান কেছেটৰ সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰিছিল। কিন্তু আপোনালোকে এই ব্যক্তিজনক কেতিয়াও মিডিয়াৰ আগত হাই লাইট হোৱা দেখা নাপায়।
সিদিনা আমি মুম্বাইত জুবিনৰ ঘৰটোত যেতিয়া লগ হৈছিলোঁ তেতিয়া উৎপলদাই মোক সাৱটি পাকঘৰত মনে মনে হুকহুকাই কান্দিছিল। লগতে ২২ তাৰিখৰ দিনা আমি দুয়োজনেই একেলগে গুৱাহাটীলৈ জুবিন গাৰ্গৰ অন্তুষ্টিক্ৰিয়াত উপস্থিত হ'বলৈ গৈছিলোঁ ( আলোকচিত্ৰ এখন সংলগ্ন কৰি দিছোঁ )। জুবিন গাৰ্গক হেৰোৱাৰ দুখৰ পৰা আমি এতিয়াও ওলাব পৰা নাই। শেষত জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। জুবিন গাৰ্গে ন্যায় পাওক।
শ্ৰদ্ধাৰে
ত্ৰিনয়ন সন্দিকৈ।
অসম ভৱন,মুম্বাই
বি. দ্ৰ:- পঢ়ি ভাল পালে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে।
No comments:
Post a Comment