Sunday, October 5, 2025

দেৱাঞ্জন বৰঠাকুৰ টৰোণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান

 দ্য পিপল, দেই মেড মি মেচ্যিন-

জুবিনৰ মনৰ নিজানত ( আমাৰ অসম )

জুবিন গাৰ্গে যেতিয়া শেষৰটো ইণ্টাৰভিউত ফ্ৰেডৰিখ নীৎচ্ছেৰ প্ৰসঙ্গ আনিলে। সময় যেন থমকি ৰ'ল, ক'লা চকুজুৰিয়েও যেন তুলি চালে তেওঁক।  পিংক ফ্লয়েডৰ চাইকিডেলিক সুৰৰ মূৰ্ছনাই হয়তো জুবিনৰ মনোজগৎ আচ্ছন্ন কৰিছিল । জুবীন গাৰ্গ নীৎচ্ছেই কোৱা “শূন্যতা”ক ভয় কৰি থমকি নৰল বৰং সেই শূন্যতাৰ ভিতৰত নিজৰ সৃষ্টিৰ জগত গঢ়ি তুলিলে । Instead of collapsing into nothingness, he filled that void with creation — his own “will to power.” পৰম্পৰাগত নিয়ম-নীতি আৰু সমাজৰ সংকীৰ্ণতাই য’ত মানুহক নিৰাশা বা অনুকৰণত ধৰি ৰাখে, জুবিনে তাত প্ৰতিবাদৰ সুৰ তুলিলে। তেওঁৰ নিৰ্ভীক সংগীত আৰু জীৱনৰ ধাৰাটোৱেই আছিল নীৎচ্ছেৰ “will to power”—জীৱনৰ প্ৰতি সঁহাৰি জনোৱা শক্তি। “will to nothingness”ৰ দৰে আত্ম-অস্বীকাৰ আৰু নিৰাশাৰ  পথ বাছি নলৈ  তেওঁ মুক্ত  হৈ জীৱনক খামুছি  ধৰিছিল। সেইবাবে জুবিনৰ সৃষ্টি আৰু বিদ্ৰোহী জীৱনধাৰাই শূন্যতাৰ ঠাইত গান, কবিতা আৰু মুক্ততাৰ সুৰেৰে আমাৰ হৃদয় পূৰ্ণ কৰি ৰাখিলে।

জুবিনৰ মনৰ নিজানত জোনাক আছিল নে এক ৰিক্ততা। শেষৰটো  ইণ্টাৰভিউত জুবিনে নিজৰ মনটোক যেন মানুহৰ বাবে অলপ অলপকৈ খুলি দিলে যেতিয়া তেওঁক অনুৰোধ কৰা হৈছিল, - "চোৱা আজি তুমি কথাবোৰ অলপ খুলি কোৱা, কাৰণ তুমিতো আৰু নোকোৱা"। জুবিনৰ মনোজগত কেনেকুৱা আছিল আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। তেওঁৰ মনৰ নিজানত জোনাক আছিলে লগত আছিল বুকু ভৰা বেদনা। জুবিনে যেতিয়া কৈছিল “মই মেচিন নহয়”, তেতিয়া সেয়া কেৱল ভাগৰ নাছিল — ই আছিল প্ৰতিভাৰ পণ্যকৰণৰ এক বিৰোধিতা। মানসিকভাৱে সেই বক্তব্য কাৰ্ল ৰজাৰ্ছ বা মেচল’ৰ দৰে মানৱতাবাদী মনোবিজ্ঞানীয়ে প্ৰামাণিক স্বীকৃতিৰ প্ৰয়োজনীয়তা বুলি কোৱা কথাটোৰ সৈতে মিল খায়। তেওঁ কেৱল গায়ক হিচাপে নিজক চাব বিচৰা নাছিল, তেওঁ হয়তো বিচাৰিছিল মানুহে তেওঁক মৰম দিয়ক আৰু তাৰ বাবে তেওঁ যন্ত্ৰৰ দৰে কাম কৰি থকাৰ প্ৰয়োজনীয়তা থাকিব নালাগে।

তেওঁ যেন বুজি পাইছিল সৃষ্টিশীলতাই ক্লান্তিৰ পৰা অন্তহীনভাৱে তেওঁক ৰক্ষা কৰিব নোৱাৰে। তেওঁ সেইবাবেই কৈছিল, - আই এম এ পাৰ্ফোৰ্মাৰ, আই নিড টু পাৰ্ফম এণ্ড ডাই। মৃত্যুৰ প্ৰতি তেওঁৰ ভয় নাছিল, তেওঁ জানিছিল তেওঁ নাইকিয়া হ'লে তেওঁ হেৰায় নাযায়, তেওঁৰ বাবে অমৰত্ব যেন অপেক্ষাৰত।

ইম্পালচিভিটি আৰু ৰিস্ক-টেকিং ড্ৰাইভ এটা লৈ গভীৰতা নোজোখাকৈ সাগৰত জপিয়াই দিবলৈ তেওঁ ব্যগ্ৰ হৈ আছিল। ই এটা অনুভূতি বিচৰা বৈশিষ্ট্য (জুকাৰমেনৰ তত্ত্ব) য'ত- নতুনত্ব, বিপদ আৰু তীব্ৰতাৰ প্ৰতি এক ধৰণৰ হাবিয়াস থাকে। সৃষ্টিশীল ব্যক্তিত্বই এই অস্থিৰতা সদায় কঢ়িয়াই ফুৰিব লাগে। " মই সাগৰৰ লগত খেলি ভাল পাও, সাগৰত একো কাম নাই, জাহাজখন পোৱাই নাই নহয় এতিয়ালৈকে"- সাগৰখনেই হৈছে জুবিনৰ বাবে এক ৰূপক৷ এফালে ই নাটক আনহাতে ইয়াৰ অসাৰতা এটা অন্তহীন বিস্তৃতি য’ত কোনো জাহাজ গৈ নাপায়৷ জুবিনৰ মনৰ ই অস্তিত্ববাদী দুৰ্বলতাক প্ৰতিফলিত কৰে: জীৱন এক বিষ্ময় আৰু এক শূন্যতা। নিৎচেই ইয়াক শূন্যতাৰ লগত বিলীন হোৱাৰ ইচ্ছাকো প্ৰতিফলিত কৰিব পাৰে বা এই সাগৰীয় অনুভূতি ফ্ৰয়েড, ৰোমেইন ৰ’লেণ্ডৰ ভাষাত এক অসীমৰ লগত একত্ৰিত হোৱাৰ অনুভূতি যি আধ্যাত্মিক কিন্তু ভয় লগা। জুবিনে প্ৰায়েই নিজৰ আৰু শিল্পৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলাইছিল। তেওঁ কেৱল “গীত বনোৱা” নাছিল, তেওঁ এনেদৰে জীয়াই আছিল যেন তেওঁৰ জীৱনটোৱেই এটা গীত। মনোবিজ্ঞানী মিহালি চিক্সজেণ্টমিহালীয়ে প্ৰবাহ ( ফ্লো) বুলি কোৱা এটা মানসিক অৱস্থালৈ জুবিন গুছি হয়তো যায় যেতিয়া গানৰ মূৰ্ছনাত তেওঁ বিলীন হয়। তেওঁ যেতিয়া কৈছিল, দিনটোত এটাৰ পাছত আন এটা গান গাই গৈছিল, তেওঁ এই ফ্লো মানসিক অৱস্থাৰ মাজলৈ গুছি গৈছিল। কিন্তু যেতিয়া শিল্প পণ্য হৈ পৰে, তেতিয়া ই তেওঁৰ সত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অনুভৱে তেওঁক বিৰক্ত কৰে, তেওঁৰ খং উঠে। জুবিন গাৰ্গৰ দাৰ্শনিক দিশটোৰ পৰা অসমীয়া সত্তাটোকো পৃথক কৰিব নোৱাৰি। তেওঁৰ বিদ্ৰোহ শিপাহীন নাছিল। অসমীয়া সত্তাটোক তেওঁ নিজৰ সৃষ্টিৰ লগত সংপৃত্ত্ব কৰিছিল।

"মই পুনৰজন্মত আকৌ জুবিন গাৰ্গ হব বিচাৰোঁ, more than that", এই কথাকেইটাই তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশ পোহৰাইছে। ই এক কিংবদন্তী-নিৰ্মাণৰ ইংগিত, মেকএডামছৰ আখ্যানমূলক পৰিচয়ৰ তত্বৰ সৈতে মিল থকা, য’ত ব্যক্তিসকলে জীৱন কাহিনী তৈয়াৰ কৰে যিয়ে সংহতি আৰু উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰৱৰ্তী জীৱনত জুবিন, বা তাতকৈ ডাঙৰ হ’ব বিচাৰে জুবিনে। জুবিনে সময়লৈ ভয় কৰিছিল, ঘড়ীটোলৈ চাই এই কথা কেইটা কৈছিল। তেওঁৰ অস্তিত্ব নাইকিয়া হৈ যাব পাৰে বুলি ভয় কৰিছিল আৰু নিজৰ জীৱনক আখ্যানলৈ ৰূপান্তৰিত কৰা, নিজকে কিংবদন্তি হিচাপে চাব তেওঁ বিচাৰিছিল, আলেকজেণ্ডাৰেও তেনেকৈ বিচৰা নাছিল জানো? কিন্তু তেওঁৰ এই অস্তিত্ববাদী ভয়টোক তেওঁ সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰিছিল। তেওঁ কৈছিল, - "মই লাখ লাখ মানুহৰ লগত থাকোঁ। So I will stay with them. I'm a performer, I need to perform and die". তেওঁ নিজৰ জীৱনটোক নিজৰ কলাৰ পৰিবেশনৰ লগত একাত্ম কৰি তুলিলে। এজন শিল্পীৰ বাবে জীৱনৰ অৰ্থ তেতিয়াহে থাকে যেতিয়ালৈকে তেওঁ কেৱল পৰিবেশন কৰি যায়, আজীৱন, আমৃত্যু। পাৰ্ফৰমেন্স শেষ, জীৱনো শেষ। “মই কম খাওঁ, মই খুৱাওঁ- জুবিনৰ পৰোপকাৰী স্বভাৱ, এল্ট্ৰুইজম সকলোৱে জানেই, ইয়াৰ বাখ্যাৰ প্ৰয়োজনীয়তা নাই। কিন্তু কাৰ্ল য়ুং ৰ Wounded healer ৰ ধাৰণাৰ লগত ই কিছু খাপ খায় যেন লাগে। জুবিনৰ ভিতৰখন নিজেই ক্ষত বিক্ষত, তেওঁ কঢ়িয়াই ফুৰা দুখবোৰে তেওঁক সহমৰ্মী কৰি তোলে। তেওঁৰ হৃদয়ত ৰিক্ততা আছিল, ন'হেলে তেওঁ নাগালেহেতেন - "কথাও ক'লো বহু গানো গালো লিখিলো বহুতো, খোজে খোজে প্ৰতি পলে পালো, একে ক্লান্ত শূণ্য আমঠু। তেওঁৰ হৃদয়ৰ গভিৰত এক তমসাই আৱৰি আছিল। তেওঁ কৈছে- "ৰৈ ৰৈ বিনালে মই কি কাৰণে লিখিলোঁ নাজানোঁ"। গণিতজ্ঞ ৰামানুজনেও নাম্বাৰ থিয়ৰী, ইনফিনিট চিৰিজ এইবোৰৰ উদ্ভাৱন তেওঁ কেনেকৈ কৰিছিল তেওঁ নিজেও নাজানিছিল, নিশ্চয়কৈ অৱচেতন মনৰ পৰা ওলাই আহিছিল। ঠিক ক'ব পাৰে- creation as a channel, not a controlled act. সৃষ্টিৰ আঁৰত বহু সময়ত নিজৰ সচেতন নিয়ন্ত্ৰণ নাথাকে।

তেইঁ কৈছিল- "A king should never leave his kingdom. অসমত মই যদি মৰোঁ, এসপ্তাহ অসম বন্ধ হৈ যাব"। এই কথাখিনি সামাজিক পৰিচয় তত্বৰে আমি বুজিব পাৰোঁ। অসমীয়া জাতিসত্বাৰ পৰা জুবিন পৃথক নহয়। কিন্তু তেওঁ কঢ়িয়াই ফুৰিছে সেই বোজা, burden of symbolic immortality। অমৰত্বৰ এটি বোজা তেওঁ আজীৱন কঢ়িয়াই ফুৰিছিল, সেইবাবেই তেওঁ মৃত্যুক লৈ অভয় হৈও হয়তো পৰিছিল। এক অপৰাজয়তাৰ অনুভৱ তেওঁৰ হৈছিল। তেওঁৰ মৃত্যুৱে তেওঁক শেষ নকৰে আকৌ জীয়াই তুলিব এই ধাৰণাই তেওঁৰ মৃত্যুভীতি শূণ্য কৰিছিল। সাগৰৰ গভিৰতা সেয়ে তেওঁ নোজোখাকৈ তালৈ জাপ মাৰিছিল। তেওঁৰ জিনিয়াছ চৰিত্ৰই তেওঁক এক বৌদ্ধিক শূণ্যতাৰ মাজলৈ ঠেলি দিছিল। তেওঁ হয়তো এনেকুৱা স্ংগ বাছি লৈছিল য'ত সুৰা আৰু হাঁহি ধেমালীক বেছি গুৰুত্ব দিয়া হৈছিল। তথাপিও তেওঁ জানিছিল যে মৃত্যুৰ সময়ত তেওঁ আকৌ অকলশৰীয়া হ'ব। এক existential isolation ৰ কল্পনা তেওঁ কৰিছিল যেতিয়া কৈছিল- “যুদ্ধত যেতিয়া মৰে, লগত তিনিটামানহে থাকে, বাকীবোৰ কোনো নাথাকে, সব পলাই যায়।”

"দ্য পিপল, দেই মেড মি মেচ্যিন। আই ৱাজ নট লাইক ডেট। যন্ত্ৰই বনালে ... - জুবিন গাৰ্গ"

জুবিন গাৰ্গৰ স্বাভিমানক হয়তো বহুতে অংহকাৰ বুলি ভুল ভাৱিছিল। তেওঁৰ হাতত একো নাছিল, কাৰোৰে হাঁতত একো নাই। মানুহৰ মুক্ত ইচ্ছাও খুব বেছি নাই। তেওঁ আহিল আৰু গুছি গ'ল, এয়াই জীৱন।

 

দেৱাঞ্জন বৰঠাকুৰ টৰোণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অংশকালীন শিক্ষক আৰু গৱেষক।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...