ক’ভিড কাল আৰু জুবিন দাৰ কথা ,
বনজিৎ পাটোৱাৰী ককাইদেউৰ পৰা।।।
ক’ভিডৰ আৰাম্ভণিত জুবিন দা মুম্বাইত চিকিৎসাধীন হৈ আছিল ৷
চিকিৎসা শেষ কৰি ঘৰলৈ উভতি আহিবলৈ উৰাজাহাজ , ট্ৰেইন সকলোবোৰ যাতায়াত বন্ধ আছিল ৷ তেতিয়া জুবিনদাই নিজাববীয়াকৈ বাছ এখন ভাড়া কৰি সুদুৰ মুম্বাইৰপৰা গুৱাহাটীলৈ আহিছিল ৷
মুম্বাইৰ ডক্টৰে ভিটামিন B12 ইনজেকচন ৫টা লবলৈ কৈছিল ৷
সেই ইনজেকচন তাত থকা ডক্টৰ বা নাৰ্ছৰ হতুৱাই নল'লে ৷
চাৰিদিনৰ পিছত মুম্বাইৰ পৰা গুৱাহাটী পালে আৰু বাহিৰে বাহিৰে মোৰ ওচৰত আহিলে ৷
" বনজিৎ , ( প্ৰেস্কিপচন খন মোৰফালে আগুৱাই দি ) মুম্বাইৰ ডক্টৰে এটি ইনজেকচন দিছে মই তাত নল'লো তোমাৰ তাত আছেনে চোৱাচোন নাই যদি আনি দিবা ৷"
মই চালো ( Thiamine inj ) ৷
"বৰ্তমান নাই কালি আনি দিম ৷ "
মই ক'লো ৷
তেও মানি ল'লে ৷
পিছদিনা দুপৰীয়া আহি ইনজেকচনটো ল'লে ৷
"বনজিৎ , বহুত মানুহে মোলৈ ফোন কৰি আছে সহায়ৰ বাবে ৷ এতিয়াটো মানুহ ওলাব নোৱাৰে,সেয়েহে মোৰ ওচৰত মানুহ আহিব নোৱাৰিব ৷ ৰাতি পুলিচবোৰ অলপ কম থাকে, তোমাৰ ঠিকনাটো দিম তুমি দি দিবা ৷ হিচাপ কৰি থৈ দিবা মই একেলগে দিম ৷"
সেইদিনাৰ পৰা ক’ভিডৰ জটিল সময় খিনিত দুহেজাৰ-তিনিহাজাৰ কৈ সম্পূৰ্ণ ৬০,০০০(60,000) টকা মোৰ হাতেৰে সহায় কৰিছিল ৷ তাৰোপৰি মাদাৰ ওল্ড এ’জ হোম ( Mother old age home ), তাত ক‘ভিড কালত ব্যৱহাৰ হোৱা 25,000 টকাৰ জীৱনদায়িনী ঔষধ , অনাথ আশ্ৰমত 15,000 টকাৰ শিশু খাদ্য (Baby food ) দান মোৰ হাতেৰে দিয়া হৈছিল ৷
এনেকুৱা দানবীৰ ভগৱান আমি আৰু দ্বিতীয় জন নাপাম ৷ জুবিনদাৰ ন্যায় কোনোবাই কৰক নকৰক ভগৱানে কৰিব ৷ আৰু বহু কথা আছে পিছলৈ লিখিম ৷
—বনজিৎ পাটোৱাৰী
#JusticeForZubeenGarg
#ZubeenGarg
#hilights
5 \ 10 \ 2025
No comments:
Post a Comment