জুবিন গাৰ্গে চিকিৎসক হিতেশ বৰুৱাক call 🤙 কৰি এনেকৈ কৈছিল ।
জুবিন গাৰ্গ : হেলো দাদা, মই জুবিনে কৈ আছোঁ।
হিতেশ বৰুৱা : জুবিন কোৱা ।
জুবিন গাৰ্গ: দাদা মই এজন ৰোগী পঠিয়াইছো, একেবাৰে দুখীয়া। ঔষধ কিনিবলৈকে টকা পইচা নাই । Please চিকিৎসা কৰি দিয়ক না। বিলৰ কথা আপুনি চিন্তা নকৰিব। মই পৰিশোধ কৰিম। মই নিজেই গৈ আপোনাৰ হাতত টকা খিনি দিম ।।
ডক্টৰ হিতেশ বৰুৱা : হব জুবিন তুমি চিন্তা নকৰিবা মই চিকিৎসা কৰি দিম ।
জুবিন গাৰ্গ : বাৰু দাদা thank you ,, চিকিৎসাৰ নামত যিমান টকা হয় মই পৰিশোধ কৰিম আপুনি চিন্তা নকৰিব ।
ডক্টৰ হিতেশ বৰুৱা : থিক আছে জুবিন ।
জুবিন গাৰ্গ : জুবিন দাই কেতিয়াবা আকৌ এনেকৈ ফোন কৰি কৈছিল ডক্টৰ হিতেশ বৰুৱাক দাদা মই জুবিনে কৈছোঁ।
ডক্টৰ হিতেশ বৰুৱা : কোৱা জুবিন মই শুনি আছোঁ ।
জুবিন গাৰ্গ : দাদা অমুকৰ বেড চাৰ্জ ফ্ৰী কৰি দিব পাৰিব নেকি ? যদিও নোৱাৰে কোনো কথা নাই বাৰু যিমান টকা হয় মই পৰিশোধ কৰি দিম কিন্তু please পাৰিলে তেওঁক যাবলৈ দিয়ক না । চিকিৎসা কৰি দিয়ক না,,,তেওঁ বহুত দুখীয়া মানুহ দাদা । যিমান টকা হয় মই মই পৰিশোধ কৰিম ।
ডক্টৰ হিতেশ বৰুৱা : থিক আছে জুবিন ।
ডক্টৰ হিতেশ বৰুৱা " ডক্টৰ হিতেশ বৰুৱাই এদিন ভাবিলে জুবিনে যিমান বোৰ ৰোগী পঠাই আছে এই ৰোগী বোৰ তেওঁৰ আত্মীয় নেকি?
ডক্টৰ হিতেশ বৰুৱাই মনতে ভাবিলে সাধাৰণতে আমাক যেতিয়া কোনো মানুহে এনে কাৰণত ফোন কৰে তেতিয়া কাৰোবাৰ চিনাকি মানুহৰ বাবেহে অনুৰোধ কৰে; কিন্তু জুবিনৰ ক্ষেত্ৰত কথাটো আছিল বিপৰীত।
জুবিন দাই যিমান বোৰ ৰোগী পঠাইছিল ,,, যি জন ৰোগীক লৈ চিকিৎসা কৰিব কৈছিল ডক্টৰ হিতেশ বৰুৱাক তাৰে ভিতৰত জুবিন দাই ৯৯% চিনি পোৱা নাছিল ,,,,কোন হয় , কৰ পৰা আহিছিল , নাম কি আছিল এইবোৰ একেবাৰে চিনি পোৱা নাছিল আৰু জুবিন দাই সোঁধাও নাছিল ,,,, চিকিৎসাৰ বাবে যিমান মানুহে জুবিন দাৰ ওচৰলৈ সহায় বিছাৰি আহিছিল বা গৈছিল সেই বোৰ মানুহক জুবিন দাৰ ফালৰ পৰা চিকিৎসা কৰি পঠোৱাৰ লগতে টকা পইচাও দি পথাই দিছিল ,,,কাৰোবাক ৫০০০, কাৰোবাক ১০০০০ আৰু কাৰোবাক টো ৭০, ৮০ হাজাৰ লৈও টকা দি পঠাইছিল। সহায় কৰাত কোনো কুণ্ঠাবোধ কৰা নাছিল ।
জুবিন দাৰ মৰমৰ দাদাক আছিল খগেন গগৈ,,, খগেন গগৈক জুবিন দাই সকলো কথাই কৈছিল আৰু খগেন গগৈ ডাঙৰীয়াই জুবিন দাৰ কথা শুনি গৈছিল ,,,, এদিন হঠাতে জুবিন দাই খগেন গগৈক ১৫০০ টকা বিচাৰিছিল আৰু কৈছিল দাদা মোৰ লগত আজি এটকাও নাই,,, আপোনাৰ লগত যদি আছে তেনেহলে ৰাতিটো চলিবলৈ ১৫০০ টকা এটা দিব পাৰিবানে ,,, খগেন গগৈ ডাঙৰীয়াই ধেমালিৰ চলেৰে জুবিন দাক কৈছিল হি হি তোমাৰ দেখোন টকা পইচা বহুত ,,,,, গগৈ ডাঙৰীয়াই এনেকৈ জুবিন দাক কোৱাৰ পাছত জুবিন দাই অলপ ৰৈ ,,চকু পানী উলিয়াই কলে দাদা সিদ্ধাৰ্থ শৰ্মাক টকা বিচাৰিলে নাই বুলিয়ে কয় ,,,,সিদ্ধাৰ্থ শৰ্মাই মোক আজি লৈ টকাৰ হিচাপ দিয়া নাই ,,,,, সেই কাৰণে মই আপোনাক মই ১৫০০ টকা বিচাৰিছোঁ ,, ৰাতিটো চলিবলৈ । দিবনে? জুবিন দাই এনেকৈ কোৱাৰ পাছত গগৈ ডাঙৰীয়াই জুবিন দাক ১৫০০ টকা এটা দিলে ।। এইবোৰ কথা গগৈ ডাঙৰীয়াই গৰিমা বৌৱক কোৱাৰ পাছতো গৰিমা বৌৱে কৈছিল জুবিনে সিদ্ধাৰ্থ শৰ্মাক নিজৰ ভাই বুলি মানে একো নহয় দিয়া ।। যেতিয়া সিদ্ধাৰ্থ শৰ্মাই টকা পইছাৰ লগত আজি জুবিন দাক এনেকুৱা কৰিলে তেতিয়াহে বুজি পালে । এই কথা শাৰীৰ পৰা মই এটাই কথা কম মানুহ যিমানেই আপোন নহওঁক কিয় মানুহক কেতিয়া সম্পূৰ্ণ ভাৱে বিশ্বাস নকৰিব নহলে জুবিন দাৰ নিচিনা হব ।
কালি এজন লৰাই এটা কথা কোৱা শুনিলোঁ তেওঁ কৈছে যে জুবিন দাই তেওঁক হেনো ৭৩ হাজাৰ টকা ৰাখিবলৈ পকেটত দিছিল ,,,তেওঁ কোন আছিল জুবিন দাই নিজেই চিনি পোৱা নাছিল,,,, মাথোঁ কৈছিল মই এতিয়া গান গায় আছোঁ তুমি মোৰ টকা খিনি লোৱাচোঁন,,, মই পাছত আহি লৈ যাম । কিন্তু জুবিন দাই সেই দিনাখন সেই টকা খিনি লৰা জনৰ হাতৰ পৰা লৈ নগল ,, পাহৰি গল । তাৰ পাছত লৰাজনে আচৰিত হৈ টকা খিনি ৰাখি থলে । যেতিয়া এদিনৰ পাছত গৈ লৰাজনে জুবিন দাক টকা খিনি দিবলৈ গল তেতিয়া জুবিন দাই সেই লৰাজনক কৈছিল তুমি কোন ? মই তোমাক চিনি নাপাওঁ। লৰা জনে আচৰিত হৈ কলে দাদা আপুনি মোক যোৱা কালি ৭৩ হাজাৰ টকা ৰাখিবলৈ দিছিল আৰু মই আপোনাৰ টকা খনি দিবলৈ আহিছোঁ । জুবিন দাই টকা খিনি লোৱা নাছিল যদিও লৰা জনে বাৰে বাৰে কৈ জুবিন দাক টকা খিনি দি দিলে ,,,লৰা জনৰ পৰা টকা খিনি লৈ জুবিন দাৰ ওচৰতে কান্ধি থকা এগৰাকী মহিলাক মাত্ৰ জুবিন দাই ৩ তা ৫০০ শ টকীয়া ৰাখি বাকী খনি দি দিছিল।। সহায়ৰ বাবে । এনেকুৱা আছিল আমাৰ মৰমৰ জুবিন দা ।
জুবিন দাই চিনাকী মানুহক যিমান সহায় কৰিছিল, সিমানেই অচিনাকী মানুহকো সহায় কৰিছিল,, যুনে সহায় বিচাৰিছিল তেওঁক জুবিন দাই সহায়ৰ হাত আগবঢ়াইছিল হিন্দু, মুছলিম ,একো চোৱা নাছিল । এয়া আছিল আমাৰ সকলোৰে অতি মৰমৰ প্ৰাণৰো প্ৰাণ মহান শিল্পীগৰাকীৰ গুণ।
পৃথিবীত মাইকেল জেকচনৰ পিচত একমাত্ৰ জুবিন দাৰ মৃত্যুৰ পিছত ইমান লোকে একেলগে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল। কোনেও কল্পনা কৰিব নোৱাৰাকৈ হিলদল ভাঙি ওলাই আহিছিল জনতা। জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষ কৰি।
এই জনতাই প্ৰমান কৰিছে জুবিন গাৰ্গ আমাৰ বাবে কেনে ধৰণৰ মূল্যবান সম্পদ আছিল। আজি পৃথিবীৰ ১১৪ খন দেশত ইন্টাৰনেটত চাৰ্ছ কৰিছে জুবিনৰ বিষয়ে। এয়া কিন্তু কম কথা নহয়। বলিউডত হাহাকাৰ কৰিছে, আক্ষেপ কৰিছে কিয় জুবিনক মুম্বাইত ৰাখিব নোৱাৰিলে।
সংগীত হৈছে জীৱনক প্ৰকাশ কৰাৰ আহিলা। সংগীত জীৱনৰ শব্দৰ ৰেখা। সংগীত শক্তিশালী বাবে মানুহে শুনি থকাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে। তেওঁলোকে সঁহাৰি দিয়ে।
সংগীতত আছে নিৰাময় শক্তি। ইয়াত মানুহক কেইঘণ্টামানৰ বাবে নিজৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা আছে। সেই কথা জুবিনে আজি প্ৰমাণ কৰি থৈ গ'ল। আজি সকলোৰে মনত কেৱল জুবিনৰ নাম আৰু গান। মানুহৰ হৃদয় জিনিব পাৰিছে বাবে তেওঁ আজি মৰিও অমৰ।
বিগত তিনি দশকত য'ত শব্দ বিফল হৈছে তাতেই সংগীতেৰে জুবিন দাই সলনি কৰিছিল সমাজৰ ছবিখন। সেইবাবে এটা গান যে প্ৰাৰ্থনা হ'ব পাৰে সেইকথা প্ৰমাণ কৰিলে জুবিন দাই
মুখাগ্নিৰ সময়তো পুৰোহিতৰ মন্ত্ৰচাৰণৰ সমানেই প্ৰতিধ্বনি হৈছিল শিল্পীগৰাকীয়ে নিজেই গোৱা গীত- ‘’ মায়াবিনী ৰাতিৰ বুকুত/দেখা পালোঁ তোমাৰ ছবি/ধৰা দিলা গোপনে আহি/হিয়াৰ কোণত…/তুমি যে মোৰ শুকান মনত/নিয়ৰৰে চেঁচা টোপাল/নামি অহা, ৰ’দৰে নৈ/মোৰ দেহত প্ৰতি পুৱা/ধুমুহাৰ স’তে মোৰ/ বহু যুগৰে নাচোন/এন্ধাৰো সঁচা মোৰ/বহু দিনৰে আপোন/নিজানৰ গান মোৰ/শেষ হ’ব/ভাবোঁ তোমাৰ বুকুত...’’।
মই এটাই কথা কম সংগীতে কথা কয়। সংগীতে পৃথিৱীখন সলনি কৰিব পাৰে, কাৰণ পৃথিৱীত কেৱল সংগীতেই মানুহক সলনি কৰিব পাৰে। আৰু জুবিন দা আছিল তেনে এগৰাকী মহান শিল্পী ।।