' জুবিন বলীয়া ' পাপু আৰু নাই...
গহপুৰত শোকৰ ছাঁ...
- অসম আৰু অসমীয়াৰ স্বাভিমান,হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ বিৰাজ কৰি থকাৰ সময়তে গহপুৰত আজি সন্ধ্যা এগৰাকী জুবিন অনুৰাগীৰ অকাল বিয়োগ ঘটে। গহপুৰত " জুবিন বলীয়া" হিচাপে পৰিচিত যুৱক জনৰ নাম পাৰ্থ বৰকটকী (পাপু)। বয়স ৪১ বছৰ। গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী প্ৰয়াত জিতেন বৰকটকী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত হিৰা হাজৰিকাৰ একমাত্ৰ সন্তান পাৰ্থই বাংগালুৰুৰ পৰা বিচিএ ডিগ্ৰী লোৱাৰ পিছত গুৱাহাটীত থাকি গাড়ীৰ ব্যৱসায় কৰিবলৈ লয়।গুৱাহাটীত থকা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠে পাৰ্থৰ । পিছলৈ জুবিন গাৰ্গৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰিবলৈ লয় তেওঁ । সঁচা অৰ্থত জুবিনক ভাল পোৱা পাৰ্থক জুবিনৰ মৃত্যুৰ বাতৰিয়ে বাকৰুদ্ধ কৰি তোলে।জুবিনৰ নশ্বৰদেহ গুৱাহাটীলৈ অহাৰ প্ৰথম দিনটোতে তেওঁ গুৱাহাটীলৈ গৈ জুবিনৰ নশ্বৰদেহত পুস্পাঞ্জলি অৰ্পণ কৰি পুৰূপবাৰীৰ ঘৰলৈ উভতি অহাৰ পিছৰে পৰা উপবাসে থাকিবলৈ লয় তেওঁ।ঘৰত অকলশৰীয়াকৈ থকা পাৰ্থই ২১ চেপ্তেম্বৰৰ সন্ধিয়া পুৰূপবাৰীৰ জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কান্দি কান্দি ভাগৰুৱা হৈ পৰে।ওচৰ চুবুৰীয়াই কালিৰে পৰা পাৰ্থক দেখা নাপায় আজি সন্ধিয়া প্ৰায় ৫ বজাত চাওতে পাৰ্থক মৃত অৱস্থাত শুই থকা দেখা পায়।ইয়াৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত।জুবিন গাৰ্গৰ মৃত্যুৰ শোকত উপবাসে থকাৰ লগতে অধিক আবেগিক হোৱাৰ ফলতে পাৰ্থ বৰকটকীৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
(উৎস: ফেচবুক: ২৩.০৯.২০২৫)
No comments:
Post a Comment