Tuesday, September 23, 2025

নিপন চুতীয়াৰ প'ষ্ট

Hi Genius

Hi genius ভাগৰিলা

সৃষ্টিৰ সাশন, পৰজীৱী সোশন,

কি যে বৰনীয়া তোমাৰ জীৱন।


Hi genius

জিৰণিৰ লোৱা—

তোমাক এতিয়া অলপ জিৰণিৰ প্ৰয়োজন।


তোমাক কোনো ৰূধিব নোৱাৰে,

মৃত্যুয়ে তোমাক জিনিব নোৱাৰে ।

তুমি মুক্ত, তুমি কাঞ্চনজঙ্ঘা ।

তুমি যে কোৱা মানুহবোৰ পাগল হৈছে,

সচায়—

তুমি জিৰণি লৈছা,

ইহঁতে তোমাক শ্ৰদ্ধাঞ্জলি জনাইছে ।


শেষৰ বাৰ লগ পাওঁতে মই কৈছিলো—

পৰজীৱী বোৰ বেছি বাঢ়িছে,

দ লৈকে শিপায়ছে।

তুমি মোক কৈছিলা—

“তোৰ অকল এইবোৰেই কথা,

চিন্তা নকৰিবি, মোক একো ঘেন্তা কৰিব নোৱাৰে।”


তুমি সাধাৰণ নহয়, অসাধাৰণ।

৩৫/৩৬ হাজাৰ গান, তাকো ৪০ টা ভাষা।

একে ৰাতি ৩৫ গান dubbing—

পৃথিৱীত কোনো প্ৰমাণ নাই এনে অসাধ্য সাধন কৰা।


গান, অভিনয়, ছবি, কবিতা;

লিয়নেল মেছি, বব মাৰ্লি, ছাদ্দাম আমেৰিকা—

তোমাৰ জ্ঞানৰ নাছিল তুলনা।


তোমাৰ মনত আছেনে

মোৰ জীৱনৰ প্ৰথম পৰিচালনা এলবাম গানবোৰ?

মোক লৈ গৈ মুম্বাইৰ যে dubbing কৰিছিলা,

একে বহাতে একেলগে ৫ টা গান গাই তুমি চবকেই আচৰিত কৰিছিলা।

চায় থকা অনু মালিক, হিমেশ ৰেছমমিয়া—

তোমাক লৈ বহুত প্ৰশ্ন।

Dubbing room ৰ পৰা শুনি থকা তুমি (তোমাৰ style ত)—

“I am Assam tiger”—

যি গালেও হিত,

সিহঁতক বুজাই দে বুলি কৈছিলা।


তাৰ পিছত কাম আৰু কাম,

তোমাৰ studioত, মোৰ studioত ব্যস্ততা।

গান, ছবি—You are not my jully,

ধেমালি কাজিয়া।

খাৰঘূলীৰ sexy’ মকৰাজনী, GMCH পুৰিৱালা, 

সাপ আৰু গছৰ সতে যে মোক কথা পাতাইছিলা।


Hi genius

মোৰ কেতিয়াবা কি অনুভৱ হয় জানা?

তোমাৰ সৃষ্টিৰ আছল সুৱাদ পাবলৈ আমাৰ আৰু বহু বাকি।

তোমাক বুজিবলৈ তোমাৰ সতে কথা পাতিব লাগিব

আৰু বহু ৰাতি।


ইয়াৰ বাবে জগৰীয়া, তিনি বতৰীয়া পৰজীৱী মখা

ভাল মানুহ ভাল কামৰ পৰা তোমাক আতৰাই ৰাখিল।

শান্তিৰে কিবা কৰিবলৈ তোমাক

আহৰিয়েই নিদিলে।


 পৰজীৱী পল্টন – ১


চন ২০০২/২০০৩ মানৰ কথা—

(তোমাক প্ৰথম লগ পাইছিলো)

তুমি হৈ পৰিছিলা অসমীয়াৰ প্ৰাণ।


অসমৰ গাৱে-ভূৱে, চহৰে-নগৰে

তোমাৰ গান, তোমাৰ নাম।

সুবিধা বুজি পৰজীৱী বোৰে চানি ধৰিলে,

ভাল কাম ভাল মানুহৰ পৰা

তোমাক আতৰাই ৰাখিলে।


সিহঁতৰ ক্ষতি হ'ব যদি তুমি কৰা ভাল কাম,

গোৱা আনৰ ভাল গান।

কাৰণ তোমাক লৈ সিহঁত বোৰেও খুলিছে দোকান।


মদ আৰু ... সতে তোমাক ৰাখিছিল ব্যস্ত।

বুজি পোৱা সকলে তোমাৰ এই অৱস্থা দেখি পাইছিল কষ্ট।


তোমাৰ মনত আছেনে ?

এবাৰ এজন সংগীত পৰিচালকে তোমাক কৈছিল—

“তই গান গাবলৈ আহিছ, লগত এই বান্দৰ মখা কিয় আনিছ?

মোৰ গান গাবলৈ আহি এইমখা লগত ব্যস্ত আছ।”


কথা শুনি পৰজীৱী বোৰে বুদ্ধি কৰি তোমাক গান গাবলৈ নিদিলে।

খংতে সেইদিনাৰ পৰা সেই পৰিচালক জনে সংগীতেই এৰিলে।


লাহে লাহে তোমাৰ ডেউকাই পাখী মেলিছিল—

Ya Ali, Subah-Subah,কিমান যে কি...

তুমি হৈ গলা মুম্বাইত ব্যস্ত।

লাহে লাহে পৰজীৱী বোৰৰ সতে বাঢ়িল দুৰত্ব।


বাৰে বাৰে call, হাঁহা-কন্দা,

তুমি আহিবা বুলি বিমান বন্দৰত গৈ ৰৈ থকা।


অসম, অসমীয়া—পৰজীৱীৰ নতুন গেম।

তোমাক Emotional blackmail কৰা।

এই সকলো মই নিজ চকুৰে দেখা।


সিহঁত হ'ল প্ৰতিস্থিত ভুৱা নাম, ভুৱা কামেৰে।

আজি সিহঁত সমাজত পৰিচিত ।

এদিন সিহঁতৰ মাজতো হ'ল দন্দ—

সকলো হৈ গ'ল লন্দ-ভন্দ।


শুনিছোঁ এটিয়া কোনোবা কৃষক,

কোনোবা দোকানী,

কোনোবা কাৰোবাৰ কান্ধত উঠি ৰাজনীতিত ব্যস্ত।


 পৰজীৱী পল্টন – ২


তোমাক অকলশৰীয়া কৰিলে,

তুমি সৃষ্টিত মগ্ন হ'ব ধৰিলা।

আকৌ এজাক নতুন পৰজীৱী—

নতুন মানুহ, নতুন কৌশল, তোমাক use কৰা।


খাৰঘূলীখন বজাৰ হ'ল—

বেপাৰী হ'ল কোনোবা বাদ্যযন্ত্ৰী, কোনোবা সংগীত শিল্পী, কোনোবা ছবি নিৰ্মাণতা।

সিহঁতৰ লাভৰ জোখাৰে,

চল-চাতুৰিৰে আৰম্ভ হল direct তোমাক বেছা-কিনা।


এইবাৰ বহু lobby—

বোলছবি, থিয়েটাৰ, ব্যৱসায়ী, শব্দ যন্ত্ৰী, সংগীত শিল্পী, অভিনেতা-অভিনেত্ৰী,

সাংবাদিক, সমাজকৰ্মী।

নানান জনৰ নানা ধং।

বতৰ বুজি, মুনাফা দেখি, ঘনাই সলাই ৰং।


তোমাৰ আশীৰ্বাদত,

হাত থৈ তোমাৰ কান্ধত—

কোনোবা হ'ল গায়ক, কোনোবা হ'ল গীতিকাৰ,

কোনোবা হ'ল ছবি নিৰ্মাণতা।


নকলেও হব—

সকলোয়ে জানে, সিহঁত অৰ্হতাৰ;

তোমাক use কৰা তেওঁলোকৰ প্ৰথম দক্ষতা।


নকৰাটো কৰালে,

নোখোৱাটো খোৱালে।

তোমাক নছোৱায়, সিহঁতে সম্পত্তি গঢ়িলে।


তুমি মানুহ ভালপোৱা,

তোমাক মানুহ সংগ লাগে।

সেই কথা বুজি পৰজীৱী বোৰে সাহস গোটালে।


হয়তো কথাবোৰ দেৰিকৈ হ'লেও,

তুমি বুজিছিলা, বৌয়ে জানিলে ।

এদিন খাৰঘূলী তুমি ত্যাগ কৰিলা।

পৰজীৱী বোৰো ছেদেলী-ভেদেলী হৈ পৰিলে।

কিন্তু কেইজনমান আকৌ ওলমিয়েই থাকিলে।


 পৰজীৱী পল্টন – ৩


এইবাৰ কথাবোৰ অলপ ডাঙৰ—

ডাঙৰ মানুহৰ ডাঙৰ চিন্তা।

কিন্তু উদ্দেশ্য একেই—তোমাক শোষণ কৰা।


Shooting, program,

তোমাক চোঁচৰাই ফুৰিছে।

ভাগৰুৱা তুমি ধলি পৰিছা।

বাৰে বাৰে medical,

সেইবোৰ সিহঁতৰ ভুক্ষেপ নাই—

সিহঁতক মাথো টকা লাগে।


তুমিয়েই কৈছিলা—“আমি যেন যন্ত্ৰ।”

এতিয়া তুমি যেন টকা ঘতা যন্ত্ৰ।


আজি তিনি বছৰৰ আগত তোমাক লগ পাইছিলো

(তাৰ পিছত মই অসম এৰি আহিলো)।

তোমাক এজনে প্ৰশংসা কৰি কৰি মদ খুৱাই আছিলে।

তোমাৰ অৱস্থাটো দেখি কৈছিলো—

সি উভতি ধৰাত তুমি তাক মোৰ কথা কৈ কৈছিলা।

আমাৰ বন্ধুত্ব ২১ বছৰৰ পুৰণি।


কিন্তু পৰজীৱীটোৰ ব্যৱহাৰ দেখি সেইদিনাই ভাবিলো—

আৰু তোমাৰ ওচৰলৈ আহি নকৰোঁ, ইহঁতক আমনি।


দেখি আছো, শুনি আছো,

জানি আছো, বুজি আছো।

কিন্তু সিদিনা ১৮ তাৰিখেৰ কথাটো শুনি আচৰিত হলো।

সিহঁতক ইমান আগবঢ়িল,

কোনোৱে বাধা নিদিলে।

যেন মহাদেৱক সৰ্পে দংশিলে।


বাদ দিয়া এইবোৰ—

এতিয়া তুমি অলপ জিৰণিৰ লোৱা।

অসমৰ ৩ কোটি জনতাই তোমাক প্ৰাণ ভৰি ভালপায়।

এইবোৰ সিহঁতৰ কাম।

এইবাৰ আমাৰ পাল—

পৰজীৱী বোৰক আমি চাম।


Hi genius

মোৰ কিন্তু এটা কথা বিৰাট ভাল লাগিছে—

তুমি প্ৰকৃতি প্ৰেমী।

গছ-বন, পৰ্বত-পাহাৰ, সাগৰ-ধুমুহা, জীৱ-জন্তুৰ সতে তুমি কথা পাতা।


সেয়েহে চাগে জিৰাবলৈ কিন্তু বৰ মজা ঠাই বাছি লৈছা।

নাই কাৰো তাগিদা,

নাই কোনো ব্যস্ততা।

মাথো চাৰিওফালে তোমাৰ গানবোৰ

আৰু প্ৰকৃতি—যি তুমি ভালপোৱা।


Hi genius

জিৰণি লোৱা, জিৰণি লোৱা।

ভাগৰ মৰিলে কবা—

“ৰাজুদা দোকানৰ পৰা গাহৰি লৈ আহিম, তুমি বনাবা।”


কথা পাতিম, গান শুনিম।

“মন যায়” খন হিন্দীত কৰিব লাগে নহয়,

তুমি যে কৈছিলা

আমি যে পাতিছিলো তোমাৰ ওপৰত PHD কৰাৰ কথা ।


অসম আৰু অসমীয়াক আৰু বহুতো দিবলৈ আছে।

জিৰণি লৈ আকৌ উঠিবলৈ নাপাহৰিবা।


Hi genius

তুমি বহুত ভাগৰুৱা।

অলপ জিৰণিৰ লোৱা, জিৰণিৰ লোৱা…

(উৎস; ফেচবুক: ২৩.০৯.২০২৫)

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...