শ্ৰদ্ধাঞ্জলি, সৎকাৰ, নশ্বৰ... এই শব্দবোৰ মিলে নে তোমাৰ লগত? ফুল ধূপ চাকি এয়া খাপ খাই নে তোমাৰ ফটোৰ আগত? তুমিও নোহোৱা হ'ব পাৰা নে? যোৱা নিশা দেখিব লাগিছিল তুমি তোমাৰ গুৱাহাটীক.. সাংবাদিকে কান্দি কান্দি বাতৰি পঢ়িছে.. নাইট ডিউটি কৰা পুলিচে জীপ ৰখাই কান্দি কান্দি ওলাই আহিছে.. বাছৰ চালকে বাছ ৰখাই চিঞৰিছে মই নোৱাৰোঁ ঐ.. এনে এখন দোকান নাই য'ত তোমাৰ গান বজা নাই.. কি লতাশিল কি চান্দমাৰী সকলোতে মানুহৰ জুম.. চিঞৰি চিঞৰি মাত ভাঙি যোৱাকৈ গাইছে মায়াবিনী, মন যায়, পাখি.. কোনো শোৱা নাই ৰাতি.. পুৱাৰ পৰা বৰষুণ আজি.. আকাশে কান্দিছে তোমাৰ হৈ.. ৰৈ গ'ল অসম, ৰৈ গ'লো আমি.. গুচি গ'লা তুমি, আমিও মৰি গ'লো আজিৰ পৰা.. একেবাৰে মৰি গ'লো.. তোমাক ভালে ৰাখিব নোৱাৰাৰ গ্লানিত আমি সকলো মৰি গ'লো..
(উৎস: ফেচবুক, ২৩.০৯.২০২৫)
No comments:
Post a Comment