Tuesday, September 23, 2025

গৌতম বৰদলৈ প'ষ্ট

           গৌতম বৰদলৈ (উৎস: ফেচবুক, ২৩.০৯.২০২৫)

#জুবিন গাৰ্গৰ বিষয়ে লিখা এটা টোকা।

আটাইতকৈ হৃদয়ত আঘাত পোৱা মানুহখিনি হৈছে 45-55 বয়সৰ।

বন্ধু আছিল, অকপটে যিতি কৈছিল। 

এই মানুহখিনিও তেনেকুৱাই পাগল আছিল।

পাগলামি কৰে ,পাগল কথা কয়।

তেওঁ আজি নাই,  ইহঁতৰ কি হ'ব?

কাক লৈ ইহঁত জীয়াই থাকিব?

তাক লৈয়েতো ইহঁতৰ জীৱন আছিল...

ইমান ধুনীয়া ভৰিৰ পতা ..

হৰিণৰ কাণ বুলি ভাবি চিকাৰী ব্যাধে শৰ মাৰি দিলে।

পিছত হে বুজিলে সেয়া ভগৱান শ্ৰীকৃষ্ণ আছিল।

আমি আমাৰ শ্ৰীকৃষ্ণক হেৰুৱালো।

গোটেই দ্বাৰকা ধাপলি মেলি আহিছিল।

তেনেকৈয়ে গোটেই অসম ধাপলি মেলি আহিল।

অৱতাৰী পুৰুষজনৰ একেবাৰে আখৰে আখৰে বৈকুণ্ঠ প্ৰয়াণ হ'ল। ইতিহাসৰ পাতত তেওঁ কিংবদন্তি হৈ ৰ'ব। 

চাৰিদিনৰ পৰা ৰাতি শুব পৰা নাই। 

এনেকৈ নিঠৰুৱা কৰি কিয় গুছি গ'লা? লগ পালেতো সুধিমেই ...কিয়? কিয়? 

 কাকো ঘেণ্টা খাতিৰ নকৰো...

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...