Tuesday, September 23, 2025

বিজয় বেজবৰুৱা

জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে এগৰাকী জ্যোতিষীৰ এটা ভৱিষ্যদ্বাণী ছ'চিয়েল মেডিয়াত ঘূৰি ফুৰিছে। সেয়া সঁচা নে মিছা, তাক ম‌ই বিচাৰ কৰিব খোজা নাই। কিন্তু মোৰ নিজৰ "কোষ্ঠী" (জন্মপত্ৰিকা)খনৰ কথা ক'ব খুজিছো।


মোৰ কোষ্ঠীত লিখা আছে "৩১ বছৰ বয়সত প্ৰাণহানিৰ যোগ"! অৰ্থাৎ ৩১ বছৰ বয়সত মোৰ মৃত্যু হ'ব লাগে। (বুজাত মোৰ ভুল হৈছে যদি জনাসকলে বুজাই দিব।)


কিন্তু বৰ্তমান মোৰ বয়স ৫০। হিচাপতকৈ আজিৰ তাৰিখত ম‌ই ১৯ বছৰ বেছিকৈ জীয়াই আছো!


""""""""""""'''''

(এই সম্পৰ্কে আন দুটা ঘটনাও আছে। এগৰাকী জ্যোতিষীৰ দুটা ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিছিল মোৰ জীৱনত। গতিকে কি সঁচা, কি মিছা; ম‌ই একেবাৰে ধৰিব পৰা নাই। confused.)

(উৎস: ফেচবুক, ২৩.০৯.২০২৫)

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...