গৰিমাক বদনাম কৰাৰ আঁৰত কোন ?
◆চৰিত্ৰ আছে ছিংগাপুৰত , গুৱাহাটীত পৰিচালক◆
★ ৪ গৰাকী ব্যক্তিয়ে কৰিব মুখাগ্নি ★
■ শিৱাণু বৰা
সেয়া শুকুৰবাৰৰ ( ১৯ চেপ্টেম্বৰ ) মাজনিশাৰ কথা ।
আমি তেতিয়া জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত । চতুৰ্থ মহলাৰ প্ৰথম কোঠাটোতেই আমি আছিলো গৰিমাৰ সৈতে । হেজাৰ হেজাৰ জুবিন অনুৰাগীৰ ভিৰ বাহিৰত । মাজনিশা ১ মান বজাত আহিছিল পত্নী গায়ত্ৰী মহন্ত সহ পবিত্ৰ মাৰ্ঘেৰিটা । কিছু সময় পিছত তলৰ পৰা আমালৈ খবৰ আহিছিল যে কেইজনমান যুৱকে পানীৰ বটল দলিয়াই দিছে তাত কৰ্তব্যত থকা আৰক্ষীলৈ । অলপ পিছতে 'গ বেক গ বেক' ধ্বনি শুনিলো । অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিও কাণত পৰিল । আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবই লাগিব । অপ্ৰীতিকৰ পৰিস্থিতিতো হ'বলৈ দিব নোৱাৰি । পবিত্ৰ আৰু মই তেতিয়া ঠেক বেলকনিখনৰ মজিয়াত বহি আছো । তলত আচল জুবিন অনুৰাগীসকলে সুন্দৰভাবে 'মায়াবিনী' গীতটো সমস্বৰে গাই আছে । মই নিজাকৈ দুটামান নিৰ্দিষ্ট তথা বিশেষ সুত্ৰলৈ কিছু সজাগতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শমূলক দুটামান মেচেজো দিলো । পুৱতি নিশা সেই পৰিৱেশৰ মাজতে আমি কেইজনমান ওলাই আহিছিলো । বহুতৰ শাৰীৰিক ভংগিমা দেখিয়েই নিশ্চিত হৈছিলো যে তেওঁলোক সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল । এতিয়া আহিছো পিছদিনাৰ ঘটনালৈ । মই, অতনু ভূঞা আৰু জয়ন্ত ডেকা শনিবাৰে নিশা ৭.৩০ বজাত গৈছিলো জুবিনৰ কাহিলীপাৰাৰ বাসগৃহলৈ । গৰিমাৰ সৈতে তিনিও কিছু সময় থাকি আমি উভতিছিলো 'সত্য'ৰ কাৰ্যালয়লৈ । পৰৱৰ্তী সময়ত হঠাতে আমাৰ চকুত পৰিল গৰিমা শইকীয়া গাৰ্গৰ এটা ভিডিঅ' । এই ভিডিঅ'টোৰ জৰিয়তে গৰিমাই সকলোকে শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনাইছিল । কিন্তু শেষৰফালে ভিডিঅ'টোত গৰিমাই প্ৰায় কান্দি কান্দি জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ ওচৰত দিয়া এজাহাৰ উঠাই ল'বলৈ আহ্বান জনোৱা দেখা পালো । ইয়ে আন বহুতৰ লগতে আমাকো কিছু চিন্তিত কৰি তুলিলে । কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সিদ্ধাৰ্থৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰাৰ কথা ঘোষণা কৰিছিল । এই ভিডিঅ'টো জুবিন গাৰ্গৰ ফেচবুক পেজত আপলোড কৰা হৈছিল । কিন্তু গৰিমাৰ ফেচবুক পেজৰ পৰা ভিডিঅ'টো আপলোড কৰা হোৱা নাছিল । এই কথাটোৱেও বহুতৰ মনত কিছু সন্দেহৰ সৃষ্টি কৰিছিল । ইতিমধ্যে এই ভিডিঅ'টোত সিদ্ধাৰ্থৰ হকে গৰিমাই মাত মতাৰ পিছত গৰিমাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন মন্তব্যৰে বহুতছ চৰিত্ৰহনন কৰাকে ধৰি আন কিছু ফটোও ভাইৰেল কৰিবলৈ আৰম্ভ কৰে । গৰিমাই সিদ্ধাৰ্থৰ বিৰুদ্ধে একো ব্যৱস্থা নল'বলৈ আহ্বান জনোৱা বাবেই আনকি মুখ্যমন্ত্ৰীয়েও সেই আহ্বানৰ প্ৰতি সহাৰি জনাই সদ্যহতে জুবিনৰ শেষকৃত্য সম্পন্ন নোহোৱালৈকে সাময়িকভাবে সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰক্ষীক কোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিবলৈ কোৱাৰ কথা জনাইছিল । কিন্তু গৰিমাই কিয় সিদ্ধাৰ্থৰ হকে ৰাইজক আহ্বান জনাইছিল ? আমিও এই কথাটোক লৈ ব্যক্তিগতভাবে কিছু চিন্তা চৰ্চা আৰম্ভ কৰিলো । অৱশেষত কিছু সুত্ৰৰ জৰিয়তে আমাৰ হাতত শেহতীয়াকৈ এনে কিছুমান তথ্য পৰিছেহি যিবোৰ জানি আপুনিও আচৰিত 'ব । আমি শনিবাৰে জুবিনৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বে গৰিমাৰ ওচৰলৈ গৈছিল ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া । জুবিনৰ অনুৰাগীৰ নামত এচামে উদ্ভণ্ডালি সৃষ্টি কৰা বাবে এই আৰক্ষী বিষয়া দুগৰাকীয়ে গৰিমাক সকলোকে শান্তিৰে থাকিবলৈ আহ্বান জনাই এটা ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিবলৈ পৰামৰ্শ দিয়ে । এটা সময়ত আৰক্ষী বিষয়া দুগৰাকী গৰিমাৰ ওচৰৰ পৰা ওলাই গৈছিল । ইয়াৰ পিছত যেতিয়া গৰিমাই ভিডিঅ'টো ৰেকৰ্ডিং কৰিবলৈ লৈছিল তেতিয়া অনা অসমীয়া এগৰাকী ব্যক্তিয়ে গৰিমাক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল'বলৈও ভিডিঅ'টোত ক'বলৈ কয় । জুবিনৰ সৈতে দীৰ্ঘদিন পাৰ কৰা এই অনা অসমীয়া ব্যক্তিজনে কোৱা বাবেই গৰিমাইও ভিডিঅ'টোত সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি সংযুক্ত কৰি দিলে । আৰু তাৰ পিছতেই ভিডিঅ'টো জুবিন গাৰ্গৰ ফেচবুক পেজত আপলোড কৰি দিলে শেহতীয়াকৈ জনপ্ৰিয় হোৱা এখন ছবিৰ এগৰাকী প্ৰযোজকে । হয়তো জুবিনৰ পেজত দিলে অধিক লোকে এই ভিডিঅ'টো চাব বুলি ভাবিয়েই এই কামটো কৰা হৈছিল । কিন্তু ভিডিঅ'টো আপলোড হোৱাৰ পিছত গৰিমাৰ বিৰুদ্ধে সামাজিক মাধ্যমত আৰম্ভ হৈ গ'ল কিছুমান নিকৃষ্ট প'ষ্ট । অনা অসমীয়া সেই ব্যক্তিজনে গৰিমাক ভিডিঅ'টোত সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি সংযুক্ত কৰিবলৈ নিদিয়াহেঁতেন হয়তো গৰিমাক লৈ চৰিত্ৰহননকে ধৰি তেওঁৰ বিৰুদ্ধে এচামে দিয়া প'ষ্টবোৰ আমি নেদেখিলোহেঁতেন । এতিয়া প্ৰশ্ন হৈছে এই অনা অসমীয়া ব্যক্তিজনে কিয় গৰিমাক সিদ্ধাৰ্থ শৰ্মাৰ হকে গৰিমাক কথাখিনি ক'বলৈ কৈছিল ? সেই সময়ত ছিংগাপুৰত থকা সিদ্ধাৰ্থ শৰ্মাই এই অনা অসমীয়া ব্যক্তিগৰাকীক তেনেকৈ গৰিমাক কোৱাবলৈ বাৰু কৈছিল নেকি ? ছিংগাপুৰত থকা চৰিত্ৰই গুৱাহাটীত থকা এই অনা অসমীয়া ব্যক্তিজনক সকলো কাম এনেদৰে পৰিচালনা কৰি থাকিবলৈ কৈছিল নেকি ? এয়াও আন এক ৰহস্যজনক প্ৰশ্ন । ইফালে এই অনা অসমীয়া ব্যক্তিজনৰ নামো মঙলবাৰে জুবিনৰ মুখাগ্নি কৰিবলগীয়া ব্যক্তি চাৰিগৰাকীৰ তালিকাত আছে বুলি আমাক এক সুত্ৰই জনাইছে । অৱশ্যে সংবাদ মাধ্যমত জুবিনৰ মুখাগ্নি কৰিবলগীয়া এই চাৰিগৰাকী ব্যক্তিৰ মাজৰে তিনিগৰাকীৰ নামহে এই মুহূৰ্তলৈ প্ৰকাশ পাইছে । তেওঁলোক হৈছে জুবিনৰ ভগ্নী পামী বৰঠাকুৰ, জুবিনে নিজৰ পুত্ৰ হিচাপে জ্ঞান কৰা ৰাহুল গৌতম আৰু জুবিনৰ ঘৰত থকা অৰুণ গাৰ্গ । উল্লেখযোগ্য যে অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ চাচনী । জুবিনে অৰুণক গাৰ্গ উপাধিটো ব্যৱহাৰ কৰিবলৈ কোৱাৰ পিছত তেওঁৰ নাম এতিয়া অৰুণ গাৰ্গ । এতিয়া প্ৰশ্ন হৈছে এই অনা অসমীয়া ব্যক্তিগৰাকীয়েও মঙলবাৰে জুবিনৰ মুখাগ্নি কৰিব নেকি ? প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনালৈ চাই বাৰু ইচ্ছাকৃতভাবে তেওঁৰ নাম কোৱা হোৱা নাই নেকি ? সেয়া মঙলবাৰে গম পোৱা যাব । এনে এগৰাকী ব্যক্তিক মুখাগ্নি কৰিবলৈ নিদিবলৈও জুবিনৰ বহু অনুৰাগীয়ে আমাৰ আগত নিজৰ মত প্ৰকাশ কৰিছে । জুবিনৰ কাষত থকা এই অনা অসমীয়া ব্যক্তিকেইজনৰ বাবেই আজি জুবিনক অসমে হেৰুৱাবলগীয়া হ'ল বুলি তেওঁলোকে মন্তব্য কৰিছে । ইফালে জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰশাসনে জুবিনৰ পৰিয়ালৰ লোকসকলৰ বাবে দিয়া ৩০০ পাছৰ ক্ষেত্ৰতো এই অনা অসমীয়া ব্যক্তিগৰাকীয়ে যি ভুমিকা গ্ৰহণ কৰিলে তাক লৈয়ো তেওঁৰ বিৰুদ্ধে এচাম অনুৰাগী ক্ষোভিত হৈ আছে । প্ৰশাসনে ২০ আৰু ২১ চেপ্টেম্বৰৰ তাৰিখ উল্লেখ কৰি দিয়া এই পাছসমূহৰ ম্যাদ দেওবাৰে ওকলি যোৱাৰ পিছত সোমবাৰে এই অনা অসমীয়া ব্যক্তিজনে যথেষ্টসংখ্যক পাছ অনুৰাগীক বিলাই দিবলৈ উলিয়াই দিয়াত ক্ষোভিত হৈ পৰে একাংশ অনুৰাগী । কাৰণ সেই পাছবোৰৰ সময় আগদিনাই ওকলি গৈছিল । উল্লেখযোগ্য যে ৰাজ্যৰ বহু বয়স্ক শিল্পীক এই পাছসমূহ নিদি এই অনা অসমীয়া ব্যক্তিজনে নিজৰ হাতত ৰাখি থোৱাত তেওঁলোক জুবিনৰ শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰলৈ যোৱাৰ পৰা বঞ্চিত হ'ল ।
(Source : Sibanu Borah New, 23.09.2025)
No comments:
Post a Comment