Tuesday, September 23, 2025

Jogen Kalita (Professor, GU)

অসমৰ ঐশ্বয‍্য, সুৰৰ সম্ৰাট, আমাৰ হিয়াৰ আমঠু, নতুন প্ৰজ্ন্মৰ হিয়াৰ স্পন্দন, জুবিন গাৰ্গৰ চিংগাপুৰত সংঘটিত আকস্মিক মৃত‍্যুক অসমবাসী ৰাইজে কেতিয়াও সহজ ভাবে লব নোৱাৰিব! অসমৰ জন-কন্ঠ, মহান শিল্পী গৰাকীক হেৰুৱাই সম্প্ৰতি অসমত চৌ দিশে কেৱল কান্দোন আৰু কান্দোনৰ ৰোল। দিকহাৰা আজি গোটেই অসমবাসী ৰাইজ। আশা কৰিছিলো, চৰকাৰে বাস্ট্ৰীয় শোক হিচাবে এই কেইটা দিন পালন কৰিব! আশা কৰিছো চৰকাৰে, ইমান উচ্ছ প্ৰয‍্যায়ৰ এই মহান শিল্পী গৰাকীৰ বিদেশৰ মাটিত সংঘটিত আকস্মিক মৃত‍্যুৰ তদন্ত উচ্ছ প্ৰয‍্যায়ৰ সংস্থা চি বি আই দাৰা কৰাব! অতি সহজ-সৰল মনৰ আৰু অসুস্থ হৈ থকা শিল্পী গৰাকীক কিমান যে উচ্ছ মানৰ আতিঠ‍্যৰ আৰু যতনৰ প্ৰয়োজন আছিল? বিগত দিন কেইটা কেৱল কান্দিয়েই আছো! জুবিনৰ গান শুনি শুনি চকুৰ পানীৰে বাট নেদেখা হৈ যাও। 

মই জুবিনৰ গান শুনি প্ৰথম কান্দিছিলো, ১৯৯৬ চনত। সেইয়া আছিল বিলাতৰ মাটিত। বহাগ বিহুৰ দিনাখন, ঘৰলৈ ইমান কৈ মনত পৰিছিলে। শুনিছিলো, জুবিনৰ নতন বিহু গীত, “ দোভাগ ৰাতি ঐ নাচনি——-“। বিহুৰ প্ৰথম দিনা ঘৰলৈ বৰকৈ মনত পৰি বহুতেই কান্দিছিলো সেইদিনা! 

জুবিনৰ কন্ঠ, একক আৰু অদ্বিতীঁয। জুবিনৰ দৰে জাতীয় সম্পদৰ কিমান যে যতন লাগে, আদৰ লাগে তাতে আকৌ বিদেশৰ মাটিত! কোনেও নুবুজিলে। আমি এই অমুল‍্য সম্পদ অকালতে হেৰুৱালো! 


মোৰ এটা কথা আজি ও মনত আছে। সেইয়া আছিল ২০০০ চন। ইংলেন্ডত অসম সাহিত‍্য সভা গ্ৰেট-ব্ৰিটেইন শাখা আৰু ডা০ কৰুনা সাগৰ দাসৰ উদ‍্যোগত আমি ঐতিহাসিক ব্ৰেডফ্ৰড চহৰত অতি ধুমধামৰে আয়োজন কৰিছিলো বিদেশৰ মাটিত নতুন সহশ্বাব্দৰ প্ৰথম খনি ৰঙালী বিহু। ভাৰত ৰত্ন ড০ ভুপেন হাজৰিকা আছিল উক্ত অনুস্থানৰ মুখ‍্য অতিথি। অসমৰ পৰা আন ১৯ জন স্বনাম ধন‍্য শিল্পীক লন্ডনলৈ লৈ যোৱাৰ দায়িত্ব ডা০ কৰুনা দাদাই মোক অৰ্পন কৰিছিলে। সময়মতে সকলো কাম হৈছিলে। আমি গৈ কেইবাদিন আগতেই ডা০ কৰুনা দাদাৰ ঘৰত উথিছিলোগৈ। অনুস্থানৰ ঠিক দুদিন আগতে আমাৰ ভুপেনদা আৰু কল্পনা লাজমী মুমবাইৰ পৰা উৰাজাহাজৰ এক্জিকিউটিভ শ্ৰেনীত গৈ ঊপ্স্থিত হৈছিলগৈ। সেই দিন কেইটা সেই সময় খিনি এটা মিনিটো ডা০ কৰুনা দাদা আৰু তেওৰ পৰিয়ালে ভুপেন দাক  এটা মিনিটো লগ এৰা নাছিল, নিজৰ ছা টোৰ দৰে তেওলোক লাগি আছিল। ডা০ কৰুনা দাদাই মোক কৈছিলে যে ভুপেন দা আমাৰ জাতীয় সম্পদ, ভুপেনদা আহিছে মানে গোতেই অসম খন যেন উঠি আহিছে! আমি তেখেতক সু-সাস্থ‍্যৰে অসমলৈ ঘুৰাই পঠোৱা আমাৰ একান্ত দায়িত্ব! ভুপেন দাক তেওলোকে ৰজা ৰখা দি ৰাখিছিল। কল্পনা লাজ্মীয়ে ভুপেনদাৰ খোৱা পানী গিলাছ লৈকে যত্ন লোৱা দেখিছিলো। ভুপেন দা হত গৈ পোৱাৰ লগে লগে আমাক সকলোকে এখন হোতেলত পঠাই দি কৰুনা দাই কৈছিলে যে সেইদিনাৰ পৰা তেওৰ ঘৰত কেৱল ভুপেন দা আৰু কল্পনা লাজমি হে থাকিব। দেখিছিলো, কেইবাজনো ডাক্তৰে ভুপেন দাৰ সদায় নিয়মীয়া সাস্থ‍্য পৰীক্ষা আদিও কৰিছিলে। সেই কেইদিন আমি প্ৰতেক সন্ধিয়া কৰুনা দাৰ ঘৰত যাও আৰু কিছু সময় ভুপেন দাৰ সতে কটাইছিলো। এদিন ভুপেন দাই মোক কলে, “তেজপুৰীয়া এগিলাচ পানী আনা”, মই ভিতৰলৈ গৈ পানী এগিলাচ আনিলোহে মাত্ৰ! কল্পনা লাজমি মোক মাতি নি পানী গিলাচ চেক কৰিচিলে! মই আচৰিত হৈছিলো আৰু অলপ ভয়ো খাইছিলো। ভুপেন দাই মোক পিচত সুধিছিলে, “আমাৰ ডাক্টাৰ কল্পনাই কি চালে”? কৰুনা দাদা আৰু তেও পৰিয়ালে যেন ভুপেন দা উভতি অহাৰ পিচতহে উশাহ লব পাৰিছিল। সেইঁয়া আছিল প্ৰকৃত অথৰ্ত জাতীয় সম্পদৰ প্ৰতি আমাৰ সন্মান, এটা জাতীয় দায়িত্ব আৰু আমাৰ যতন ও একান্ত কৰনীয়। 

অসমৰ হিয়াৰ আমঠু মৰমৰ জুবিনৰ বাবে আমি কিয় এনে অকনো যতন ও আদৰ দেথা নাপালো। এই দুখ আমাৰ জীবনত থাকি যাব!

(Source: Facebook, 22.09.2025)

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...