Wednesday, October 8, 2025

প্ৰাগজ্যোতি গগৈৰ ফেচবুকৰ পৰা

(এক)

জুবিনৰ ক্ৰিয়েটিভিটীক ধ্বংস কৰিলে মানুহে, বিহু গোৱাই গোৱাই। জুবিনৰ ক্ৰিয়েটিভিটীক ধ্বংস কৰিলে মানুহে, জধে-মধে গীত গোৱাই। বহুতৰ বাবে সাংগিতীক ফিল্ডত জুবিন আছিল উত্তৰণৰ জখলা; জুবিনে গালে মোৰ গানটো হিট হ'ব। এই আছিল ধাৰণা। পৰোপকাৰী জুবিনে হয়তো অনুৰোধ পেলাব নোৱাৰি গাই দিয়ে। কেতিয়াবা পাৰিশ্ৰমিক নোলোৱাকৈয়ে। তাৰ মাজত ভাল গানো আছে, বেয়াও আছে। ভালে-বেয়াই সেই সকলোবোৰ জুবিনৰ গান। শ্ৰোতাই এনেদৰেই ৰিচিভ কৰিলে। কিন্তু সি জুবিনৰ ক্ৰিয়েটিভিটীক দস্তুৰমত আঘাত কৰিলে। গান গাই গাই জুবিন মেচিন হৈ পৰিল। যি মেচিনে গানৰ প্ৰডাকচন কৰে। সিংহভাগ দায় মানুহবোৰৰ লগতেই দায়ী জুবিনৰ পৰোপকাৰী নেচাৰ। নকলেও হয় যে জুবিন বহুতো জনাৰত ওস্তাদ আছিল। ৰকৰপৰা আদি কৰি লোকগীত, বৰগীত, পপ, চুফীধৰ্মীৰ পৰা বিহুসুৰীয়া আধুনিক গীতলৈকে সকলোবোৰ আয়াসতে গাব পৰা যাদুকৰী কণ্ঠ আৰু ৰেইঞ্জ আছিল জুবিনৰ। পিছে শেষলৈ গৈ যেন বিহুহে মূখ্য হৈ পৰিল। অসম মানেই যেন বিহু। অসমৰ  গায়ক হ'লেই যেন বিহু। এই বিহুৱেও জুবিনক খালে। সেয়ে বিহুবলীয়া ৰাইজক অতীষ্ঠ হৈ জুবিনে মঞ্চৰপৰাই চিয়ৰি দিয়ে, ধেই বিহু বিহু। সকলোবোৰ জনাৰ ঢাহি মুহি নিওতে জুবিনে নিজা জনাৰ পাহৰিলে বা সকলো জনাৰ চম্ভালিবলৈ যাওতে জুবিনে পাছলৈ ক্ৰিয়েটিভিটী হেৰুৱালে। সৃষ্টিৰ বাবে প্ৰয়োজনীয় নীৰৱতাৰ বিপৰীতে বিহুৰ অভূতপূৰ্ব কোলাহল। কোলাহল জুবিনৰ সংগী হৈ উঠিল। সেই কোলাহল ইমানেই বাঢ়িল যে অকলশৰীয়া মূহূৰ্ততো হয়তো তাৰেই ধ্বনি-প্ৰতিধ্বনি উঠি নীৰৱতাক চুৰমাৰ কৰিলে। ক্ৰিয়েটীভিটীতো পৰিল তাৰেই প্ৰভাৱ। এইটোৱেই জুবিনৰ বৃহৎ ট্ৰেজেডী। 

(দুই)

জুবিনৰ গানৰ আলোচনা-সমালোচনা কৰোতে  ভূপেনৰ (গানৰ) তুলনাৰে তুলনাত্মক বিশ্লেষণ সঠিক এপ্ৰ'ছ নহয়। এই বাটেৰে জুবিনৰ সঠিক বিশ্লেষণ কেতিয়াও কৰিব পৰা নাযায়। ভূপেন আৰু জুবিনৰ সংগীতৰ জনাৰগত (Genre) পাৰ্থক্য আছে, প্ৰজন্মৰ ব্যৱধান আছে, সাংস্কৃতিক পৰিমণ্ডল, পৰিৱেশ-পৰিস্থিতিৰ ব্যৱধান আছে। Bob Dylan ৰ সমালোচনা-পৰ্যালোচনাত Jimi Hendrix নাহে, আহিলে আহিব Woody Guthrie - ৰ লিগেচীহে। একেদৰে Hendrix ৰ লিগেচী কিবাকৈ আহিব পাৰে Stevie Ray Vaughan ৰ সমালোচনাৰ সূত্ৰ ধৰিহে। এই জনাৰগত পাৰ্থক্যক সন্মান নজনালে সমালোচনাই সহজেই একপক্ষীয় হৈ যান্ত্ৰিকতাৰ ৰাস্তা ধৰে, য'ত কলাৰ(art) অন্বেষণৰ স্পৃহাক Pre occupied ধাৰণাৰে অৱদমিত কৰি ৰাখে। 

জুবিনৰ সাংগিতীক বিৱৰ্তনৰ পৰিক্ৰমালৈ যদি মন কৰোঁ‌, ই আচলতে এক কালচাৰেল process, জুবিনে য'ত সঁ‌হাৰি জনাইছে। জুবিনে যি "নতুনৰ ৰিভল্যুশ্বন" বুলিছে সি তেনেকুৱাই এক সঁ‌হাৰি। অৰ্থাৎ কালচাৰেল ইভল্যুশ্বনৰ সূত্ৰ ধৰিহে জুবিনৰ এই সাংগিতীক বিৱৰ্তন। জুবিন নহৈ যদি আন কোনো হ'লহেতেঁ‌ন তেন্তে একেটাই হ'লহেঁ‌তেন। পূৰ্বতে মই কৈছিলো যে বিহুৱেই জুবিনক খালে (এইটো বাৰু এটা কাৰণহে আৰু বহু সমাজ-সাংস্কৃতিক কাৰণ/ কাৰক আছে), কথাটো এনেকুৱা যে সেই সময়ত বিহু আছিল কালচাৰেল ডিমাণ্ড। সেই কালচাৰেল ডিমাণ্ড পূৰাবলৈ জুবিনে ক্ৰিয়েটিভিটীৰে সন্ধি কৰি নিজৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাক সমাধিস্থ কৰিলে। বিহুৰ কমাৰ্চিয়েলাইজেশ্ব্যন হ'ল আৰু জুবিনৰ ক্ৰিয়েটিভিটীৰ হ'ল commodification. এতেকে জুবিন এই ব্যৱস্থাৰ, সাংস্কৃতিক পৰিমণ্ডলৰ চিকাৰ আৰু সেইসূত্ৰেই জুবিনক বিহুৱেই খালে। জুবিনৰ ঠাইত পাপনক ৰাখিলেও ৰিজাল্ট সেই একেটাই আহিব। কিন্তু পাপনৰ ক্ষেত্ৰত আন এক সমস্যা আহে। যদিওবা পাপনে দেউতাকৰ লিগেচী ধৰি পুৰণি কিছু বিহুগীত নতুন সংস্কৰণেৰে বান্ধিলে, সমস্যাতো আহে পাপনৰ গায়কীত। পাপনৰ গায়কীত বিহুবোৰ বিহুৰ দৰে গাব খোজাতকৈ মইহে বিহু জানো ধৰণে গোৱাৰ তাগিদা বেছি। সেই এটিটিউড বোধহয় খগেন মহন্তৰ লিগেচীসূত্ৰেই। গতিকে পাপনৰ কণ্ঠত বিহুবোৰ বিহু নহৈ ভেঙুচালিৰ দৰেহে হয়। বৰ্তমান মই এই বিষয়ক আলোচনালৈ যাব খোজা নাই, কথাৰ সূত্ৰৰ ধৰিহে ই আহিছে। 

সাংস্কৃতিক পৰিৱৰ্তনৰ এই গ্লবেল বতাহজাকে শেষৰফালে ভূপেনকো কোবাইছিল। যাক আমি পূজিবাদী সংস্কৃতি, বজাৰ সংস্কৃতি বা নব্য উদাৰী সংস্কৃতি ইত্যাদি যি নামেৰেই নামাতো সি এক কালচাৰেল ইভল্যুশ্বন। জুবিনৰ সাংগিতীক যাত্ৰাৰ সেই সন্ধিক্ষণতেই আৰম্ভণি। ইয়াতেই এটা কথা আহে, প্ৰফেচনেল হোৱাত সমস্যা কি? আচলতে গ্লবেল সংস্কৃতিৰ হেজিমণিচক্ৰত, সাংস্কৃতিক বিৱৰ্তনৰ পাকচক্ৰত, প্ৰফেচনেল নোহোৱাটোহে এক আচহুৱা কথা। ইয়াত art ৰ ক্ষেত্ৰত classic বুলি কোনো প্ৰিভেলেইজ নাথাকে। ক্লাচিকৰ ক্লাচিকতাৰ অৱসানৰ যুগ ই। যিহেতু classic বুলি কথা নাই গতিকে classic আৰু popular ৰ বাইনেৰীও অদৃশ্য হ'ল। সকলোবোৰ হ'ল আৰ্ট আৰু সেই আৰ্ট হ'ল commodity. আৰ্ট commodity হ'বই পাৰে, কিন্তু আৰ্টৰ যি উৎপাদনক্ষমতা, অৰ্থাৎ creativity যেতিয়া commodity হৈ পৰে, সমস্যা আহে তাতেই। তেতিয়াই শিল্পী হৈ পৰে ব্যৱস্থাৰ চিকাৰ। 

জুবিনৰ ক্ষেত্ৰত দেখা যায় যে তেওঁ‌ যথাসম্ভৱ গীতসমূহত এক লিৰিকেল বিন্যাস ৰখাৰ যত্ন কৰে,  আৰু একেধৰণেই তেৱোঁ‌ ভূপেনৰ গানৰ দৰে ঠায়ে ঠায়ে ভাষাৰ এলিটিজিম ধৰি ৰখাৰো চেষ্টা কৰে;  যদিওবা সি তুলনামূলকভাৱে ভূপেনৰ ভাষাৰ সমপৰ্যায়ৰ নহয়। এই নোহোৱাটো কেৱলমাত্ৰ ভূপেনৰ ভাষাগত দক্ষতা বুলিয়েই নাচায় আন এক বিধানো ৰাখিব পৰা যায়। সেয়া হ'ল সাংস্কৃতিক বিৱৰ্তনসূত্ৰে অহা জনাৰগত পাৰ্থক্য আৰু তাৰ সাংস্কৃতিক ডিমাণ্ড। জুবিনে প্ৰাৰম্ভিকতে ৰকেৰে যাত্ৰা কৰিছিল। ৰকত ভাষাৰ এলিটিজিম আৰু কবিতাসুৰীয়া লিৰিকেল ভাইবক গুৰুত্ব দিয়া নাযায়। কিন্তু পূৰ্বৰ লোকেল সূত্ৰ ধৰি জুবিনৰ ওপৰত ভূপেন যুগৰ যি প্ৰভাৱ সি সাংস্কৃতিক বিৱৰ্তনৰ সুৰ ধৰি ৰকত ঠাচতো অলপ সলনি হৈছে কিন্তু সমুদায় বৰ্জনো কৰিব পৰা নাই। এই এৰিব নোৱাৰাটো হ'ল জুবিনৰ গীতসমূহৰ লিৰিকেল ভাইবটো। এই লিৰিকেল ভাইব আৰু ভাষাৰ কাব্যগন্ধী এলিটিজিমে ৰকৰ সতে জুবিনৰ contradiction আনি দিলে। ই যেনিবা ঠিক থলুৱা আৰু পশ্চিমীয়াৰে বিৰোধাভাস। ন আৰু পুৰণিৰো সংঘৰ্ষ। যাৰ প্ৰভাৱ জুবিনৰ সংগীততো পৰিল। সেই বিৰোধাভাস অতিক্ৰমি জুবিনৰ কোনোটো গানে কালচাৰেল এক্সেইঞ্জৰ দৰে উজ্বলি উঠিল, কোনোটো কালচাৰেল এচিমিলেচন হৈ মাজতে ওলমি ৰ'ল।  "এতিয়াও সাৰে আছো মই" গীতটো ৰকৰ ক্ষেত্ৰত জুবিনৰ মাষ্টাৰপিছ বুলিব পাৰি। মেটেল genre ৰ এই গীতটোত Iron Maiden - ৰ প্ৰভাৱ বিদ্যমান। এই প্ৰভাৱ পৰা কামটো ক্ৰিয়েটিভলী হৈছে য'ত সেই প্ৰভাৱক বুজিবলৈ Iron Maiden ক গভীৰ আৰু বিস্তৃতভাৱে শুনাৰ প্ৰয়োজন আহি পৰে। সঁ‌চৰাচৰ follow কৰাৰ দৰে প্ৰভাৱ যি নহয়। সেই এংগোলৰ পৰাও ই জুবিনৰ এক মাষ্টাৰপিচ।

[ তিনি ]

ৰীতা চৌধুৰীয়ে লোৱা জুবিনৰ সাক্ষাৎকাৰটো বিদ্বত মহলৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। গোটেই সাক্ষাৎকাৰটো শেষলৈকে চোৱা নহ'ল তাৰ কাৰণটো হ'ল সাক্ষাৎ গ্ৰহণ কৰোতা আৰু দিওতাৰ মাজৰ connectivity নাই। সেই connectivity ধৰি ৰাখিব লাগিব সাক্ষাৎকাৰ লওতাই। ৰীতা চৌধুৰীয়ে সেয়া সঠিকভাৱে সামৰিবলৈ সক্ষম নহ'ল। যদিওবা সেই সাক্ষাৎকাৰটোৰ অসংলগ্ন কিছু কথাক সমল হিচাপে লৈ আমি কিছু আলোচনা অৱশ্যেই কৰিব পাৰো। লগতেই এইটোও কৈ যোৱা ভাল যে এই আলোচনা আমাৰ সিদ্ধান্ত নহয়, সম্ভাৱনাতহে নিৰ্ভৰশীল।

ৰীতা চৌধুৰীয়ে সাক্ষাৎকাৰটোত জুবিনৰ "জীয়া ৰে" গানটো ভাললগাৰ কথা ব্যক্ত কৰিছে। ইয়াৰ উত্তৰত জুবিনৰ কথাখিনি খুব ইণ্টাৰেষ্টিং। জুবিনে "কাফুৰ" নামৰ আন এক গীতৰ কথা উল্লেখ কৰি কৈছে সেইটো শুনিলে তুমি আৰু ভাল পাবা। ইয়াতেই দুয়োৰে মাজত দ্বন্দ হৈছে। দুয়ো নিজৰ কথা ক'ব বিচাৰিছে। মাজতেই হঠাত জুবিনে "কাফুৰ" গীতটোৰ কলি এটা গুণগুণাই কৈ পেলাইছে প্ৰেম এনেকুৱাই কৰ্পূৰৰ (কাফুৰ) দৰে। উৰি যায়। ৰীতা চৌধুৰীয়ে জুবিনৰ গানটো(জিয়া ৰে) ভাললগা বোলাটোৰ উত্তৰ জুবিনে বুদ্ধিমত্তাৰে(ফিল'চফীকেলী) দিছে। উৰি যায় বা স্থায়ীত্ব নাইৰ ধাৰণাটো অস্তিত্ববাদৰ nothingness. কিন্তু সেই nothingness ৰ ধাৰণাটো জুবিনে লৈছে কাৰপৰা। উত্তৰ বিচাৰোতে নীৎসেৰ নাম জুবিনৰ মুখেৰেই আমি পাইছো। এইখিনিতে আমি এনেকে জোৰা লগাম যে জুবিনৰ জাতি নাই, ধৰ্ম নাই, ভগৱান নাই বোলা  উক্তিটো ষ্টাণ্ট নহয় বৰঞ্চ সি অস্তিত্ববাদৰ ডিচিপ্লিনেৰে লগতেই বস্তুবাদী দৰ্শন ধৰি আহিছে। অৱশ্যে শেষৰছোৱা( মই মুক্ত, মই কাঞ্চনজংঘা) অভজা লাগে। এইছোৱাত এক চেণ্টিমেণ্ট আৰু প্ৰচাৰমুখীতা একেলগ হৈ ষ্টাণ্টসুলভ হৈছে। আমি জানো যে সেই সময়ছোৱাত জুবিনৰ কাঞ্চনজংঘা নামৰ চিনেমাখন চলি আছিল। 

চৌধুৰীলৈ আহো। এইখিনিতে আন এক ইণ্টাৰেষ্টিং ঘটনা ঘটিল। জুবিনে যি স্থায়ীত্ব নথকা বা একো নোহোৱাৰ(আচলতে যি অস্তিত্ববাদৰ nothingness) কথাটো ক'লে চৌধুৰীয়ে সেইটোক ভাৰতীয় আস্তিকতাবাদী দৰ্শনৰ আত্মা পৰমাত্মাৰে সাঙুৰি ল'লেগৈ আৰু জুবিনক বাৰে বাৰে কৈ থাকিল core লৈ যোৱা core লৈ যোৱা। কাৰবাৰটো এইখিনিতে বেচ আমোদজনক আৰু ইণ্টাৰেষ্টিং হৈ উঠে। চৌধুৰীয়ে core লৈ গৈ খান্দিব বিচাৰে, ইফালে জুবিন নাচোৰবান্দা। শেষত উপায়ন্তৰ হৈ চৌধুৰীয়ে নিজেই আত্মাৰ প্ৰসংগ উলিয়ালে যাক জুবিনে বকৱাছ কথা বুলি পোনচাটেই নাকচ কৰিলে। এইখিনিতে দুয়োৰে দৰ্শনগত পাৰ্থক্য স্পষ্ট হৈ উঠিছে। লগতেই জুবিন এজন অস্তিত্ববাদী, এই ধাৰণাও গাঢ় হৈ উঠে। 

জুবিনে সাক্ষাৎকাৰটোত নীৎসেৰ নাম লৈছে। এতেকে আমি ধাৰণা কৰিব পাৰো যে জুবিনৰ অস্তিত্ববাদ নীৎসেৰ অস্তিত্ববাদেৰে প্ৰভাৱিত। সেই বাটেৰে আগলৈ গৈ দেখা যায় যে জুবিনৰ যি nothingness বা একো নাইৰ ধাৰণা, সি নীৎসেৰ nothingness ৰ পৰাই আহিছে। জুবিনে বহুবছৰ ধৰি চচিয়েল লেফট হিচাপে নিজৰ পৰিচয় দি আহিছে। উক্ত সাক্ষাৎকাৰটোতো জুবিনে কমিউনিষ্ট বুলি পৰিচয় দিছে। সেই হিচাপে আমাৰ ধাৰণা হয় লেফট হিচাপে জুবিনৰ বাবে নীৎসেতকৈ ছাৰ্ত(sartre) হে বেছি ওচৰৰ আছিল। নীৎসেৰ nothingness আৰু ছাৰ্তৰ nothingness ৰ পাৰ্থক্য আছে। নীৎসেৰে nothingness য়ে নিহিলিজিমৰ ভৰত আক্ৰান্ত হৈ skepticism, cynicism, anarchism ৰ বাট দেখুৱাবই পাৰে। তাৰোপৰি হাইপাৰ ষ্টেজত হিটলাৰৰ হাত ধৰি আগুৱালে ubermensch ৰ বাট ধৰি সি ফেচিজিমো পোৱাবগৈ পাৰে। নীৎসেৰ দৰ্শন ভয়ানক খেলিমেলি আৰু জটিলতাৰ দ্বন্দৰে ভৰপুৰ। সেই দ্বন্দ আৰু খেলিমেলিয়ে জীৱন সংগ্ৰামত তুমুল অন্তদ্বন্দৰ সৃষ্টি কৰি আদবাটতে বিধ্বস্ত কৰিবই পাৰে। বিপৰীতে ছাৰ্তেৰ nothingness জীৱনমুখী, যি দায়ৱদ্ধতাক সাৰথি কৰি nothingness ৰ শূন্যতাক জীৱনৰ পূৰ্ণতাৰে অৰ্থ দিয়ে। যি ছাৰ্তৰ অস্তিত্ববাদ।

নীৎসেই মানৱ জীৱনক ৰূপান্তৰৰ তিনি পৰিক্ৰমাৰে স্তৰীকৃত কৰিছে, (যি নীৎসেৰ Three metamorphoses)। camel, lion আৰু child. উটৰ জীৱনতো স্বকীয়তা বিসৰ্জন দি বোজা কঢ়িওৱাৰ জীৱন। সামাজিক শৃংখলা আৰু ৰক্ষণশীলতাৰ কঠোৰ অনুশাসনেৰে দমবন্ধ জীৱন। সিংহ হ'ল বিদ্ৰোহী অৱস্থান যি existing social structure ৰ ৰক্ষণশীলতাৰ প্ৰতিভূস্বৰূপ শোষণকাৰী ড্ৰেগনটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰক্ষণশীল চচাইটি(ড্ৰেগন) ৰ rejection য়ে প্ৰগতিশীলৰ (সিংহ) ৰূপান্তৰৰ বাট বান্ধে। আৰু ইয়াতেই ৰূপান্তৰৰ শেষ ষ্টেজ, child ৰ আগমন। যি মুক্ত, স্বাধীন, শিশুৰ দৰেই পবিত্ৰ, জীৱনক নতুন অৰ্থৰে পুৰাই পেলোৱাৰ ক্ৰিয়েটিভিটীৰ ভাণ্ডাৰেৰে পৰিপূৰ্ণ। যি নিজেই নিজৰ মালিক। যাৰ  থাকে ubermensch বা চুপাৰমেন লৈ মোক্ষ প্ৰাপ্তিৰ সম্ভাৱনা। 

শিল্পীৰ যি স্বভাৱজাত এক purity বা শিশুসুলভ দিশৰ কথা সঁ‌চৰাচৰ পতা যায় জুবিনৰ ক্ষেত্ৰত তাক আমি কেনেধৰণেৰে চাব পাৰোঁ‌। নীৎসেৰ child ৰ আঁ‌ত ধৰি আমি দেখিম যে সেই শিশুসুলভ সৰলতাৰ সৃষ্টিৰে ওতপ্ৰোত সম্পৰ্ক। সৰলতা আহে সৃজনমুখী প্ৰতিভাসূত্ৰে। একেহাতে যি যুক্তিৰে চোৱা নতুন দিনৰ নতুন পুৰুষ। নিজেই নিজৰ মালিক (আমি নতুন প্ৰজন্ম হয়/ আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ/ সলাবও পাৰোঁ।)। ভাৱ হয়, জুবিনে নিজকে যেন কেতিয়াবা নীৎসেৰ সেই child টোৰ ৰূপত আৱিস্কাৰ কৰে। যি এহাতে সৰল আৰু ubermensch হ'ব খুজি একেহাতে উগ্ৰও। তাৰ মাজত লেফট আইডিঅ'ল'জী হৈ পৰে এক জটিল দ্বন্দ। আকৌ সেই দ্বন্দৰ মাজেৰে চিন্থেছিছ প্ৰাপ্তিৰ বাটত পুনৰ ubermensch হৈ এন্টিথেছিছৰ হয়তোবা পুনৰুত্থান ঘটে। 

জুবিন বিশ্লেষণত আটাইতকৈ বেছি দৰকাৰী আৰু এৰাব নোৱাৰা দিশটো হ'ল জুবিনৰ মানৱতাবাদ। জুবিনৰ মানৱতাবাদ কোনো জটিলতালৈ যাব নোখোজা, সৰল অৰ্থত মানৱতাবাদ যি বাওঁ‌গোত্ৰীয় অধিকাৰভিত্তিক মানৱতাবাদক এড্ৰেছ কৰিও একেহাতে পূঁ‌জিবাদী সংস্কৃতিৰ উদাৰ মানৱতাবাদৰো দিশ ধৰিব খোজে। একেহাতে সি নীৎসেৰ ubermensch ৰ দম্ভালিও কেতিয়াবা বেকত কৰে(কোনে দিব/ মই দিছো/জুবিনে।)। এটা দুটা নহয় তিনি দ্বন্দ্বৰ সমাহাৰ। নীৎসেৰ শিশুটোৱে সৰলতাৰ বাট ধৰি মানৱীয় প্ৰমূল্যবোধেৰে মানৱতাবাদী হোৱাৰ বাটত উদাৰ মানৱতাবাদৰ প্ৰচাৰমুখীতাকো সাৰথি কৰে। কিন্তু আচলতে ভালদৰে লক্ষ্য কৰিলে দেখা যায়, সেই প্ৰচাৰ মিডিয়াই কৰা প্ৰচাৰহে। তাৰ বিপৰীতে জুবিনৰ এনে অজস্ৰ মানৱতাবাদী নিদৰ্শন আছে যিবোৰ পূৰ্বতে লোকচক্ষুৰ অলক্ষিতে ৰৈছিল। কিছু কাম জুবিনে কোনোদিনেই কাকো কোৱা নাছিল। জুবিনৰ প্ৰিয় পাব্লিকৰ আগতো বেকত কৰা নাছিল। গতিকেই জুবিনৰ মানৱতাবাদৰ চচিয়েল দিশটোত দ্বন্দৰ সমাহাৰ দেখা যায় যদিও পানীৰ দৰেই সি সৰল। মানুহক ভালপোৱাত, সহায় কৰাত জুবিন শিশুৰ দৰেই সৰল আৰু অকৃত্ৰিম। একেহাতেই জুবিন সৰল প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী প্ৰেমী হিচাপেও। 

জুবিনৰ মানৱতাবাদী দিশটো দ্বন্দৰ জটিলতালৈ  আহে পলিটিকেল ফিল্ডত। জুবিনে আমাক চিনাকি দিয়া বাওঁ‌পন্থীৰ পৰিচয়টোৰে এইখিনিতেই contradiction আহে। পৰিচয়ৰপৰা আতৰি কেতিয়াবা যেন সি ৰাজনৈতিক মতাদৰ্শ, পন্থাৰ বাইনেৰীৰ উৰ্ধলৈ গৈ সিবোৰ আওকাণ কৰি বিমূৰ্ত মানৱতাবাদৰ কথা ক'ব খোজেঁ‌, আকৌ কেতিয়াবা যেন উদাৰনৈতিক সংস্কৃতিৰ কবলত পৰি সেইধৰণেই ubermensch জাগ্ৰত হৈ উঠে, আকৌ যেন মূহুৰ্ততে দ্বন্দৰে ভ্ৰমণ কৰি আহি পুনৰ পৰিচয়লৈ ঘূৰি আহে। জুবিনৰ এই ভ্ৰমণ ঠিক যেনিবা নীৎসেৰ child ৰ দৰেই। যি মুক্ত, স্বাধীন আৰু সকলোবোৰ নিজা বিবেচনাৰে পৰীক্ষাৰ অন্তত যেন পুনৰ পূৰ্বৰ পৰিচয়লৈ(Identity) ঘূৰি আহে। কিন্তু দ্বন্দ্বৰ তাতো অৱসান নহয়। যদিওবা এই জটিল দ্বন্দ্বৰ মাজেৰে এক সৰল সমাধান বা synthesis ওলাই নাহে তদ্যপি জুবিনৰ পৰিচয় হ'ব তেওঁ‌ নিজে দিয়া পৰিচয়েৰে, যেনেকৈ তেওঁ‌ বিচাৰিছিল। পৰিচয়ক লৈ পাতিবলগা আমাৰ ইমানেই।

[ চাৰি ]

জুবিনৰ জটিললৈ গৈ বিশ্লেষণ কৰিব খুজিলে কিছু অনুৰাগী অলপ ক্ষুণ্ণ হৈ উঠে, কাৰণ তেওঁ‌লোকৰ বিশ্বাস জুবিনৰ মাজত তেনে জটিলতা নাই, জুবিন অত্যন্ত সৰল আৰু খোলা অন্তৰৰ চিধা- চাধা শিল্পী। কথাটো একেহাতে হইয়ো আৰু নহইও। হয় এইবাবেই যে জুবিনে সাধাৰণ বৰ্গ, অনুৰাগীসকলৰ সতে বন্ধু হৈ আন্তৰিকতাৰে সম্পৰ্ক ৰাখিছিল। অৰ্থাৎ শিল্পীৰ সচৰাচৰ এলিট পৰিমণ্ডলৰ পৰা ওলাই আহি জুবিনে জনতাৰে connect কৰিব পাৰিছিল। শিল্পী বুলিলে সচৰাচৰ যি একধৰণৰ সমীহ বিজড়িত সম্ভ্ৰমৰ অদৃশ্য লক্ষ্মণৰেখাৰে বাইনেৰী ৰখা যায় জুবিন আছিল তাৰ উৰ্ধত। সেয়ে জুবিনক কোনোধৰণৰ জটিল দৃষ্টিকোণেৰে চাবলৈ কিছু অনুৰাগী নাচোৰবান্দা। কিন্তু জটিল বিশ্লেষণৰ মাজলৈ গলেহে জুবিনৰ অন্তৰমহলৰ দ্বন্দ্ব উদ্ধাৰ কৰিব পৰা যায় । কাৰণ আমি জানিছো যে জুবিন অধ্যয়নপুষ্ট শিল্পী আছিল। জুবিনে নিজকে যদি খুলি দিছিল তেন্তে সেয়া পাব্লিকৰ আগতহে। কিন্তু অন্তৰমহলৰ পাঠোদ্ধাৰ জীৱিতকালত কাৰোৰ দ্বাৰা সম্ভৱ নহ’ল। অনুৰাগীসকলৰদ্বাৰাও নহ'ল। আচলতে জুবিন খুব অকলশৰীয়া আছিল। লাখ লাখ অনুৰাগীৰে পৰিৱেষ্টিত ভিৰৰ মাজতো অকলশৰীয়া। বাহ্যিক যি জুবিন সি আভ্যন্তৰৰপৰা পৃথক নহয় কিন্তু আভ্যন্তৰৰ যি সূত্ৰৰপৰা, যি দ্বন্দ্বৰপৰা কেনেকৈ বাহ্যিকতাৰ প্ৰকাশ ঘটিছে তাক বুজিলেহে ব্যক্তিজনক বুজা যায়। জুবিনৰ এক ফেমাছ উক্তিয়েই ধৰিলো - মোৰ কোনো ভগৱান নাই / মোৰ কোনো ধৰ্ম নাই/ মোৰ কোনো জাতি নাই / মই মুক্ত / মই কাঞ্চনজংঘা। - ইয়াত আভ্যন্তৰৰ কি সূত্ৰৰপৰা ভগৱান নোহোৱাৰ কথা কৈছে তাক বুজিব নোৱাৰিলে জুবিনকেই ভগৱান বনাই দিয়া যাবগৈ(যি হৈছেই)। একেহাতে জাতিৰ পৰিচয়ক নাকচৰ লগতে ধৰ্মবিহীন যি চচাইটিৰ জুবিনে পোষকতা কৰে, core লৈ গৈ তাক নুবুজিলে শেষৰ দুটা বাক্যতেই(মই মুক্ত, মই কাঞ্চনজংঘা) সাৰটো লৈ আবেগতে কিৰিলিয়াই উঠাহে হ’ব। জুবিনে এইবোৰ উক্তিৰ মাজেৰে তেওঁ‌ৰ অন্তৰমহল বুজিবলৈকে ইংগিত দি আছিল। জুবিনৰ কথা কোৱাৰ ধৰণেই তেনেকুৱা। চিৰিয়াছ কথা একোটাও জুবিনে ধেমেলিয়াকৈয়ে কয়। ফটুৱামীও হয় কিন্তু তাৰ মানে সদায়েই সি ফটুৱামী কিম্বা ধেমালি নহয়। ই বোধহয় জুবিনৰ বাবে easy way to access people. জুবিনৰ চচিয়েল নেটৱৰ্কিং শৈলী। 

শিল্পীৰ সাধাৰণতে এক curiosity থাকে। সেই curiosity হ'ল সৃষ্টিৰ তাগিদাৰ। যদিওবা ই stereotype ধাৰণাৰ মাজেৰে আহে তথাপি স্বীকাৰ কৰিব লাগিব যে শিল্পীৰ স্বভাৱ সাধাৰণতে বহেমিয়ান ধৰণৰ হয়। সৃষ্টিৰ curiosity ৰ পৰাই এনে হয়। একোটা নিৰ্দিষ্ট মতাদৰ্শৰ ফ্ৰেমৰ মাজত শিল্পীক আটি আটি বান্ধি ৰখা সহজ কাম নহয়। এক শিশুৰ দৰেই curiosity লৈ শিল্পীয়ে জগতখন পৰ্যবেক্ষণ কৰে। এই পৰ্যবেক্ষণ শিল্পীয়ে নিজৰ ধৰণেৰে কৰিব বিচাৰে। সেই পৰ্যবেক্ষণৰ অন্তত যেতিয়া শিল্পৰূপে সৃষ্টিৰ নিৰ্মাণ হয়, সেই সৃষ্টিৰ ফলাফল পুনৰ সৃষ্টিও হ’ব পাৰে ধ্বংসও কৰিব পাৰে। এতিয়া যদি শিল্পীৰ সৃষ্টি ধ্বংসৰ বাহক হৈ উঠে তেন্তে সেই সৃষ্টিক আমি কিদৰে গ্ৰহণ কৰিম আৰু ইয়াত শিল্পীৰ অনেষ্টি কিদৰে বিচাৰিম? শিল্পীৰ কৰ্ম হ'ল সৃষ্টি কৰা। সেই সৃষ্টিত শিল্পীৰ অনেষ্টি জুখিবলৈ সৃষ্টিৰ উদ্দেশ্য বুজিব লাগিব। শিল্পীৰ বেকগ্ৰাউণ্ড, শিল্পীয়ে ধাৰণ কৰা সংস্কৃতি বুজিব লাগিব। কামটো কঠিন। সৃষ্টিৰ উদ্দেশ্য যদি নিজা শিল্পীমনৰ সৰল প্ৰতিফলন, যদি কাৰোৰে প্ৰৰোচিত হোৱা নাই, নিজা অনুসন্ধিৎসুতাৰে শিল্পৰ বিকাশ ঘটাইছে তেন্তে ফলাফল যিয়েই নহওক(পজিটিভ বা নিগেটিভ) শিল্পীৰ মাজত এক অনেষ্টি থাকিব। যদি সেই শিল্পই নিগেটিভ বাৰ্তা কঢ়িয়ায় তেন্তে সমালোচনাৰ মাজেৰে শিল্পীয়ে Re learn কৰিব। কিন্তু Re learn ৰ সলনি যদি শিল্পীয়ে ইচ্ছাকৃতভাৱে প্ৰপাগাণ্ডাৰ সূত্ৰ ধৰি নিগেটিভিটী বিলাই যায় তেন্তে সেই শিল্পী আৰু শিল্পৰ মাজত অনেষ্টি বোধহয় নাই বুলি ধৰিব পৰা যায়। একেদৰেই Re learn ৰ ক্ষেত্ৰত আকৌ জৱৰদস্তি কৰিব খুজিলে কিম্বা একোটা আদৰ্শৰ সূত্ৰ ধৰি অনুশাসনৰ মাজেৰে শিল্পৰ সৃষ্টি কৰিলে সি যান্ত্ৰিকতাৰ বাট ধৰে। সেই Relearn আহিব লাগিব শিল্পীৰ নিজা curiosity ৰ মাজেৰে অথবা কালচাৰেল প্ৰচেচৰ মাজেৰে শিল্পীৰ শৈল্পিক মনৰ আয়ত্ত্বলৈ আহিব লাগিব। শিল্পীমনৰ স্বাধীনতা শিশুসুলভ স্বাধীনতা। শিশুৰ যেনেকৈ জগতৰ সকলো বস্তুৰ প্ৰতি curiosity থাকে একেই শিল্পীৰো থাকে। সেই curiosity ক বাদৰ(ism) দোলেৰে বন্ধা কঠিন কাম। জৱৰদস্তি বন্ধাৰো কথা নহয় দায়িত্ববোধ বুজি শিল্পীয়ে কালচাৰেলী তাক আয়ত্ব কৰালৈ এৰিব লাগে। দায়িত্ববোধ নিজৰপৰা জাগিলে সেই দায়িত্ববোধে শিল্পীৰ শিশুমনক এক দিশ দেখায় আৰু শিল্পীৰ সৃষ্টিৰ curiosity য়ে আৰম্ভণিৰ এক বিন্দু পায় য'ৰপৰা সৃষ্টিৰ সৰলৰেখা অংকন কৰিব পাৰি। কিন্তু সেই দায়িত্ববোধ বোজাৰ দৰে হ'লে নহ'ব, বোজা কিম্বা বাধ্যবাধকতা হ'লেই সৃষ্টিত অনেষ্টি, পিউৰিটী হেৰায়। সেই দায়িত্ববোধ হ'ব লাগিব বৃক্ষৰ শীতল আৰু মন জুৰোৱা ছায়া। 

জুবিনৰ ক্ষেত্ৰত শিল্পীৰ স্বভাৱজাত সৰলতা বিদ্যমান। সেই সৰলতা সৃষ্টিৰ সূত্ৰে। একেদৰেই জুবিনৰ যি বহেমিয়ান সত্ত্বা সি সৃষ্টিৰ curiosity ৰ সূত্ৰে। শিল্পীৰ সচৰাচৰ স্বাধীনচিতীয়া, পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ মাজেৰে গ্ৰহণ আৰু ধাৰণৰ কেৰেক্টাৰটো নীৎসেৰ শিশুটোৰ সতে খাপ খোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই থাকে। তাৰোপৰি শিল্পীৰ creativity যিদৰে প্ৰখৰ একেহাতে প্ৰখৰ sensitivity ও। জুবিনৰ ক্ষেত্ৰত এই দিশকেইটা পৰিস্ফূট হয়। এতেকে আমি ভাৱিবই পাৰো নীৎসেৰ শিশুটো হৈ will to power জাগি উঠি জুবিনৰ ubermensch(চুপাৰমেন) ৰ তাড়না আছিল নেকি? নীৎসেৰ শিশুটোক মতাদৰ্শৰ কটকটীয়া বান্ধোনেৰে বান্ধিব পৰা নাযায়। সকলো বন্ধনৰপৰা মুক্ত হৈ সি পৰীক্ষণৰ মাজেৰে কিবা গ্ৰহণ কৰাৰহে পক্ষপাতী। সি মুক্ত আৰু নিজা সিদ্ধান্তত স্বাধীন। যিদৰে শিশুৱে নিজা অভিজ্ঞতাৰে কিবা বস্তুক বেয়া বুলি অন্তঃকৰণেৰে বুজিলেহে শিশুটোৰ বোধোদয় আহে নীৎসেৰ শিশুও ঠিক একেই। নীৎসেৰ শিশুটিহৈ জুবিনেও এক নিৰ্দিষ্ট মতাদৰ্শৰ সূত্ৰ নামানি ফ্ৰেমৰ পৰিধিৰ ইপাৰ-সিপাৰ হৈ দেওদি ফুৰিছিল। কিন্তু শেষত ঘূৰি ঘূৰি যিদৰে পক্ষীটি ঘৰমুৱা হয় একেদৰেই যেন জুবিনেও ঘোষণা কৰিছিল - আই এম এ’ কম্যুনিষ্ট। আমাৰ ভাৱ হয় জুবিনে আচলতে দ্বন্দ্বৰ অৱসান ঘটাই আত্মোপলব্ধিৰ মাজেৰে synthesis প্ৰাপ্তিৰ বাটলৈকে ধিয়াই আহি আছিল। তাৰবাবে প্ৰয়োজন আছিল সহাৰিৰ। তাৰবাবে প্ৰয়োজন আছিল বৃক্ষৰ শীতল ছায়াস্বৰূপ এক হাতৰ। জুবিনৰ সেই হাতখন নাছিল। হয়, অজস্ৰ হাত আছিল জুবিনক চোৱাৰ, জুবিনক আঁ‌কোৱালি ধৰাৰ, জুবিনৰ ভৰি চুব খোজাৰ কিম্বা জুবিনৰ বাবে হাতখনকে কাটি দিব খোজাৰ। কিন্তু সেই হাতবোৰে বাহ্যিক আৱৰণ ফালি জুবিনৰ আভ্যন্তৰৰ দ্বন্দ্বক হয়তোবা চুব পৰা নাছিল। এফালে আছিল গায়ক, অভিনেতা পলিটিচিয়ানেৰে পৰিৱেষ্টিত এলিট চচাইটিৰ(জুবিন য'ৰ বাসিন্দা) ভুৱা গুণমুগ্ধৰ দল, আনফালে জুবিনৰ বাবে মৰিব পৰা সচা অনুৰাগী( যি আছিল ভক্ত), এফালে যদি জুবিনক লৈ টি আৰ পি বঢ়াব খোজা অগণন মিডিয়াৰ জাক আনফালে আছিল জুবিনৰ বক্তব্যক ধিয়াই আমাৰ সমালোচনাৰ প্ৰহাৰ। এই সকলোবোৰৰ মাজত জুবিন যেন মাজ সমুদ্ৰৰ বুকুত পালতৰা জাহাজৰ কম্পাছবিহীন এক দিশহাৰা নাবিক। নীৎসেৰ শিশুক এফালে গুণমুগ্ধই (ভগৱানৰ থাপনাত বহাই) টানে ubermensch প্ৰাপ্তিৰ পথলৈ আনফালে  সমালোচনাই টানে মতাদৰ্শক ধিয়াই বাট বুলিবলৈ। এফালে গুণমুগ্ধৰ আঁ‌কোৱালি ধৰা হাত আনফালে সমালোচনাৰে ঠেলি দিয়া দুহাত। এই প্ৰশংসা, ভক্তি আৰু সমালোচনাৰ চাপৰিৰ মাজে মাজে হয়তোবা নীৎসেৰ শিশুটিৱে মতাদৰ্শৰ দ্বন্দ্বৰ মাজেৰে বিচাৰি থাকিছিল বৃক্ষৰ মনজুৰোৱা ছাঁ‌ সদৃশ এখনি হাত। আত্মোপলব্ধিৰে ভুল সংশোধনৰ সলনি হয়তোবা জুবিনে পুৰাব খুজিলে ubermensch হোৱাৰ অদম্য হেঁ‌পাহ। যি হেঁ‌পাহে তেওঁ‌ নাকচ কৰা ভগৱানক ভক্তই তেওঁ‌ৰ মাজতেই ধাৰণ কৰাৰ ধাৰণাক বাধা দিয়া বা ভঙাৰ সপক্ষে সবল স্থিতি ল'বলৈ নিদিলে বৰঞ্চ আভ্যন্তৰৰ সেই চেতন/অৱচেতন হেঁ‌পাহ আৰু ভক্ত অনুৰাগীৰ গদগদ প্ৰীতিয়ে এই ধাৰণাত গজালি মেলিছিল। কিন্তু পুনৰ দ্বন্দ্বৰ মাজেৰে চিন্থেছিছ লৈ জুই পুৰি সোণ হোৱাৰ দৰে তেওঁ‌ পুনৰ (নিজা) মতাদৰ্শগত অস্তিত্ব ঘোষণা কৰিছিল।

Tuesday, October 7, 2025

গৌৰী শংকৰ দাস FB Wall

 বিৰাট জঞ্জাল বুজিছে? নাহোঁ বুলিও বাৰে বাৰে আহোঁ৷ একপ্ৰকাৰ বাধ্য কৰি দিছে মাতুলে৷ কথাদুটামান কৈ থওঁ ছেগ বুজি৷ 

(১) আপুনি মই লেদেনা উকতি কাম কৰি দুপইচা কমাইছোঁ, তাৰে আধা কৰ-কাটলৰ নামত নিতৌ দি আছোঁ৷ আকৌ সেই কৰৰে সৰহভাগ পইচা মন্ত্ৰী-মুদাগৰে খাইছে৷ বাকী থকাকেইটাৰে আঁচনিৰ উপৰি আঁচনি ৰচনা কৰি মানুহক বিলাইছে৷ অৰ্থাৎ আওঁপকীয়াকৈ আপুনি মই বেছিভাগ কষ্ট আনৰ পেট পুহিবলৈ কৰি আছোঁ৷ কেনে এক মজেদাৰ কথা! কেনে এক ময়াপী কাৰবাৰ! 

(২) মন কৰিছেনে? মন এটা আছে যেতিয়া কৰিছেই নিশ্চয়৷ শুনক, গণতন্ত্ৰৰ এক মূল বৈশিষ্ট্য হ’ল চৰকাৰৰ কামকাজক সমালোচনা কৰাৰ, প্ৰতিবাদ কৰাৰ, লিখামেলা কৰাৰ সম্পূৰ্ণ সাংবিধানিক অধিকাৰ জনগণৰ থাকে৷ পিছে এতিয়া? কিবা এষাৰ ক’বলৈ ভয়, কিবা এটা লিখিবলৈ ভয়, মাত মাতিবলৈ ভয়! কিয়? এক দীঘলীয়া ষড়যন্ত্ৰৰ দ্বাৰা এই ভয়টো ক্ৰমাৎ জনগণৰ মনত সুমাই দিয়া হোৱা নাইনে? নিজকে সোধক৷ তাৰ পাছত নিজৰ দুগালত দুচৰ মাৰি শুই থাকক৷ জপতিয়াই মাৰিব দেই৷ 

(৩) কাকতত পালোঁ, অৰুণোদয় আঁচনিৰ কিবা এভাগ আনি দৃশ্য-শ্ৰব্য মাধ্যমত স্কুলে স্কুলে হেনো দেখুৱাব৷ এতিয়া কোনোবা শিক্ষাবিদ আছে যদি মোক ইয়াৰ লাভালাভৰ সম্পৰ্কে বুজাই দিব লাগে৷ ল’ৰাছোৱালী কেইটাৰ লাভটো কি আছে ইয়াত? পেটুৱা মিনিষ্টাৰৰ লাভালাভৰ কথা নালাগে৷ স্কুললৈ ল’ৰাছোৱালী কৰ্মমূখী হ’বলৈ যায় নে কৰ্মবিমুখ বিকলাংগ জাতি এটা ৰাজনৈতিকভাৱে কেনেকৈ গঢ় দিয়া যায় সেয়া শিকিবলৈ যায়? কাৰ মূৰটো ক’ৰিবলৈ পঠিয়াই বাপেকমাক মখাই? আচ্ছা, বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলতো এইবোৰ দেখুৱাব নেকি বাৰু? নহ’লে বিয়াগোম প্ৰাইভেট স্কুলবোৰত, য’ত মিনিষ্টাৰমখাৰ পো-পোৱালিবোৰে পঢ়ে তাত? 

(৪) জুবিন গাৰ্গে ন্যায় পাব, ন্যায় হ’ব, আমাক ন্যায় লাগিব- এনেকুৱা দিবাস্বপ্নত লালকাল হৈ থকা নাগৰিকসমাজলৈ মই এচলু পঁইতাভাতৰ পানী আগ কৰিছোঁ, নিমখ অকণ মোহাৰি গ্ৰহণ কৰি কৃতাৰ্থ কৰিব৷ 

(৫) ইমানৰ পাছতো, ইমানৰ পাছতো যদি চকু খোল খোৱা নাই তেনেহ’লে ক’বলৈ একো নাই, শুধিবলৈ একো নাই, পাতিবলৈ একো নাই৷ তহঁতি মৰ৷ এনেয়ো কেলঢোপকেলঢোপকৈ জী আছ, তাতকৈ একে চাতে মৰি যা৷ কণীবিহৰ গুটি চোবা৷ 

মই সকলোতকৈ দিগদাৰী পাইছোঁ এইটো কথাত- যে উপাৰ্জনৰ আধা টকা কৰৰ নামত দিছোঁ, সেই টকাৰেই চাৰ্কাচ দেখুৱালে মই কিয় চুপ থাকিম? কিয় চুপ থাকিব লাগে? কালৈ মই ভয় কৰিব লাগে? কোন সি ঘেণ্টা, তাৰ নাম ক মোক৷

বিঃদ্ৰঃ এইটো পোষ্টৰ screenshot সংগ্ৰহ কৰি “জেগালৈ” পঠিওৱা IT Cell-ৰ অপঁইতা কেইটাক কৈ থওঁ, তহঁতি আগলৈ কি কৰি খাবি? আজীৱন screenshot ফৰৱাৰ্ড কৰিতো পৰিয়াল পুহিব নোৱাৰিবি৷ তাতকে কামৰ যোগাৰ কৰ৷ এসাঁজ খাবলৈ পাবি৷ নহ’লে মোমায়েৰে সেইসাঁজো চান কাঢ়িব৷

Monday, October 6, 2025

শিখা শৰ্মা FB Wall

“বাগী কুঠাৰ মৰা মানুহবোৰ”

জুবিন গাৰ্গক অসমৰ লাখ লাখ মানুহে ভাল পায়। ৰাজনীতিৰ খাতিৰত, 2026 ৰ ইলেকচন জিকিবলৈ, হঠাৎ জুবিনৰ অনুৰাগী হৈ পৰা মানুহবোৰৰ কথা মই ইয়াত কোৱা নাই। যিবোৰ মানুহে বিনা স্বাৰ্থত জুবিনৰ প্ৰতিভাক ভাল পায়, মই সেইবোৰ মানুহৰ কথাহে কৈছোঁ৷ 

মানুহ এজনক ভালপোৱা আৰু এজন মানুহৰ সীমাহীন প্ৰতিভাক ভালপোৱাৰ মাজত বিশাল পাৰ্থক্য আছে৷ মানুহ এজনক ভাল পালে তেওঁৰ প্ৰতিটো কথাকেই ভাল পোৱা যায়৷ গান গাওক বা নাগাওক, টকা পইছা দিয়ক বা নিদিয়ক, ইনকাম কৰাৰ সুবিধা দিয়ক বা নিদিয়ক, লগত ৰাখি কাম কৰাওক বা নকৰাওক, মুঠৰ ওপৰত তেওঁক ভাল পাবই৷ আনকি পেৰালাইছিচ হৈ বিচনাত পৰি থাকিলেও তেওঁক ভালপাব। গতিকে এই ভালপোৱা আৰু অনুৰাগৰ মাজত পাৰ্থক্য আছে৷ জুবিনক হয়তো পৰিয়ালৰ বাদে আন কোনো মানুহে সেই পৰ্য্যায়ত ভালপোৱা নাছিল, যাৰ বাবে ৰীতা চৌধুৰীৰ লগত হোৱা সাক্ষাতকাৰটোত জুবিনক যথেষ্ট হতাশগ্ৰস্ত যেন দেখা গৈছিল। 

জুবিনে অনুভৱ কৰিছিল যে—

 “টকা দি থাকিব পাৰিছোঁ বাবেই মোৰ আগে পিছে মানুহ ঘূৰি ফুৰিছে৷ সহায় কৰি থাকিব পাৰিছোঁ বাবেই মানুহে মোক ঘেৰি আছে৷”

এই চিৰসত্যটো জুবিনে হয়তো ভালদৰেই উপলব্ধি কৰিছিল। অসুস্থ শৰীৰেৰে গান গাই টকা ঘটিব লগাৰ বেদনা কেৱল সেইজনেহে বুজি পায়। 

জুবিন দুখীয়া নাছিল। Unisex Beauti Parlour ৰ পৰা চুপাৰমাৰ্কেটলৈকে ব্যৱসায় আছিল জুবিনৰ। 25 লাখ টকীয়া ISUZU ৰ পৰা এক কোটি টকীয়া Range Rover গাড়ীলৈকে আছিল জুবিনৰ৷ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল জুবিনৰ। হনিমুন কৰিবলৈ যাওঁতেও 7 খন গাড়ীত 28 জন মানুহ লগত লৈ যোৱা জুবিনে কৈছিল—

“মই মৰাৰ সময়ত লগত তিনিটা মানুহ হে থাকিব৷” 

হয়, জুবিনৰ মৃত্যুৰ সময়ত জুবিনৰ লগত সাগৰৰ পানীত মাত্ৰ তিনিটা মানুহ হে আছিল। সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী৷ 

জুবিনৰ আশে পাশে অনবৰতে আগুৰি থকা লাখ লাখ মানুহবোৰ, জুবিনে শেষ সময়ৰ যন্ত্ৰণাৰ মূহূৰ্তত দেখা নাছিল। জুবিন অসমৰ বুকুত অসমীয়াই আগুৰি থকা পৰিবেশত মৰিবলৈ নাপালে৷ সাগৰৰ নিমখীয়া পানীত জীৱন ঘূৰাই পাবলৈ হাঁহাকাৰ কৰি থকা জুবিনৰ শেষ সময়ত, লাখ লাখ অনুৰাগীৰ হাতৰ এটোপাল পানীও নাপালে জুবিনে৷ এইয়া কম দুখৰ কথা নহয়৷ 

আৰু এইটোৱেই সত্য৷ মানুহ স্বাৰ্থপৰ৷ স্বাৰ্থ থাকিলে মানুহ মানুহৰ আগে পিছে ঘূৰি ফুৰে৷ এক আৱেস্তনীৰ সৃষ্টি কৰে৷ সেই আৱেস্তনীত এখিনি মানুহ থাকে, সিহঁতে আনক সোমাবলৈ নিদিয়ে৷ আৰু সিহঁতৰ স্বাৰ্থবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ, সিহঁতে আকৌ আন এচাম যুৱকক লগত লয়। সেই যুৱকচামে সিহঁতক উগ্ৰভাবে চাপৰ্ট কৰে৷ আৰু সেই যুৱকচামক দেখি সমাজৰ এক বুজন অংশই, একো নোপোৱাকৈয়ো সেই লবিটোক চাপৰ্ট কৰি, এক বিশাল লবীৰ সৃষ্টি কৰে৷ যাক আমি “অন্ধঅনুৰাগী” বুলি ক’ব পাৰোঁ৷ প্ৰকৃত অনুৰাগীসকল এই ল’বিটোত নাথাকে৷

এইসকল অন্ধ অনুৰাগীবোৰৰ অবিবেচিত উচতনিত, মূল মানুহজনে প্ৰায়েই নকৰিবলগীয়া কাম কৰে৷ মদ খাই মঞ্চত অশ্লীল মাত মাতে, সমাজৰ সন্মানীয়জনক গালি পাৰে, স্বজাতিক গালি পাৰে, কোনোবা সৰু ল’ৰাক গালি পাৰে৷ আৰু সেই কথাৰ সমালোচনা কৰিলেই, এই স্তাৱকবোৰে তেওঁক সুৰক্ষা দিবলৈ গৈ, আমাক অশ্লীল

গালি-গালাজ কৰি আমাৰ মুখবোৰ বন্ধ ৰখাৰ চেষ্টা কৰে৷ 

বহুত মানুহে এইবোৰ কাৰণতে মুখেৰে একো নামাতে৷ কাৰণ আনৰ ভালৰ বাবে মাত মাতি,অন্ধঅনুৰাগীৰ অশ্লীল গালি খাব সকলোৱে নিবিচাৰে৷ 

(মোৰ কথাতো বেলেগ৷ মই গালি খাই ভাল পাওঁ৷ গালি মোৰ প্ৰিয় খাদ্য৷ গালি খালেহে মই শক্তি পাওঁ৷ গালিবোৰ মোৰ ভিটামিন)

জুবিনৰ মৃত্যুৰ দিনালৈকে তেওঁৰ কোনো বন্ধু বান্ধৱ, সংগীত কৰ্মী, অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰীয়ে সিদ্ধাৰ্থৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ 14 বছৰ লগত বাদ্য বজোৱা শেখৰ গোস্বামীয়েও সিদ্ধাৰ্থৰ বিৰুদ্ধে একো নক’লে৷ শ্যামকানু মহন্তৰ প্ৰশংসাত সকলো পঞ্চমুখ হৈ থকাৰ উপৰিও, স্বয়ং AASU ৰ সভাপতিজনেও শ্যামকানু মহন্তক ৰঙালী অনুষ্ঠানৰ মুকলি মঞ্চত জ্যোতিপ্ৰসাদৰ লগত তুলনা কৰিহে এৰিলে৷ টিভি চেনেলৰ মেইন মানুহ আছিল শ্যামকানু। শ্যামকানুৰ পৰা দামী পোচাক, Foreign tour, দামী বেগ, দামী ঘড়ী, দামী মবাইল, আনকি দামী গাড়ীও উপহাৰ লোৱা কোনো গায়িকা-নায়িকাই শ্যামকানুৰ কোনো বেয়া কথা কোনোদিনেই নক’লে৷ সিদ্ধাৰ্থক তেল মাৰি মাৰি জুবিনৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি থাকিল সকলোৱে৷ কিন্তু যেতিয়াই জুবিনৰ মৃত্যু হ’ল, তেতিয়াই এই মানুহবোৰে সিদ্ধাৰ্থ, শেখৰ, শ্যামকানুৰ বদনাম গোৱাত লাগি গ’ল।জুবিনৰ কেছটো CIDত পৰাৰ মাত্ৰকে সিহঁতবোৰে এনেদৰে গাবলৈ ধৰিলে—

১/ জুবিনক লগ কৰিবলৈ সিদ্ধাৰ্থই আমাক নিদিয়ে৷  

২/ জুবিনক ফোন কৰিলে সিদ্ধাৰ্থই ফোনটো লগাই নিদিয়ে৷

৩/ সিদ্ধাৰ্থই আমাক অতি বেয়া ব্যৱহাৰ কৰে৷ 

৪/ এইবোৰ কথা গৰিমা বৌক কৈছিলোঁ৷ বৌয়ে কৈছিল সিদ্ধাৰ্থৰ মাতটোৱেই তেনেকুৱা। এইবোৰ কথা জুবিনক নক’বা। 

৫/ শ্যামকানুৰ লগত নুশুলে প্ৰগেম নাপায়। 

৬/ শ্যামকানুয়ে লেতেৰা ফটো দিয়ে৷ গোপন অংগ দেখুৱাই ৰাতি Video কল কৰে৷ 

    আৰে এইবোৰ কাহিনী ক’বলৈ তোমালোকক জুবিনৰ মৃত্যুৰ প্ৰয়োজন হ’ল কিয়?এইবোৰ কথা কোৱা গায়ক, নায়ক, গায়িকা, নায়িকা, বাদ্যযন্ত্ৰী, সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক, সংগীত ব্যৱস্থাপকক ইমান বছৰ সময় লাগিল কিয়? এইবোৰ আপত্তি দৰ্শাবলৈ তোমালোকক জুবিনৰ মৃত্যুৰ পাছলৈ ৰ’ব লগা হ’ল কিয়? ইমানদিনে এই খং, ক্ষোভ আৰু অভিযোগবোৰ জুবিনৰ সমুখত কোৱা নহ’ল কিয়? কিয় লুকাই ৰখা হ’ল? সিদ্ধাৰ্থই জুবিনক লগ কৰাই নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কথা লগালে সিদ্ধাৰ্থই জুবিনক তেওঁলোকৰ গান গাবলৈ নিদিয়াৰ ভয়ত? সিদ্ধাৰ্থৰ কমপ্লেইন কৰিলে জুবিনৰ লগত সহশিল্পী ৰূপে মঞ্চত উঠিবলৈ নোপোৱাৰ ভয়ত? নে সিদ্ধাৰ্থৰ অভিযোগ দিলে জুবিনে বেয়া পোৱাৰ ভয়ত? কিহৰ ভয়ত সকলো অভিযোগ পেটৰ ভিতৰতে পুহি ৰাখি, এতিয়া জুবিন মৰাৰ পাছত এটা এটাকৈ মিডিয়া ফেছবুকত উলিয়াই আছা? 

যদি সিদ্ধাৰ্থ ইমান উঠিৰজা-বহিৰজা হৈছিল, তেন্তে তাৰবাবে কেৱল আৰু কেৱল সিদ্ধাৰ্থই জগৰীয়া আছিল নে? সিদ্ধাৰ্থক ইমান বেছি সীমাহীন পাৱাৰ দিছিল কোনে? 

আকৌ বোলে জুবিন বৰ সৰল। সাধাৰণ মানুহৰ লগত উঠাবহা জুবিনৰ। তেন্তে ইমান সৰল মানুহটোক লগ কৰিবলৈ, একালৰ সহযোগী অভিনেতা যতীন বৰাই সিদ্ধাৰ্থক খাতিৰ কৰিব লগা হৈছিল কিয়? তথাপিও যতীন বৰাই কিয় লগ কৰিব পৰা নাছিল জুবিনক? মেছেজ কৰাৰ পাছতো জুবিনক ফোনত কথা পাতিব পৰা নাছিল কিয় যতীন বৰাই? 

আকৌ বোলে জুবিন সহশিল্পীৰ প্ৰতি বৰ সহযোগী৷ তেন্তে জুবিনৰ সহগায়িকা শতাব্দী বৰাই, সিদ্ধাৰ্থই তেওঁৰ লগত কৰা  অমানবীয় ব্যৱহাৰৰ অভিযোগ জুবিনক দিয়াৰ সুযোগ পোৱা নাছিল কিয়? 

আকৌ বোলে জুবিন বৰ উদাৰ৷ তেন্তে জুবিনৰ সংগীত ক্ষেত্ৰৰ পুৰণা বন্ধু -বান্ধৱবোৰে, জুবিনক কথা এষাৰ পাতিবলৈ সিদ্ধাৰ্থক তেল মালিচ কৰিব লগা হৈছিল কিয়? কোনে সিদ্ধাৰ্থক ইমান শক্তি দিছিল? জুবিনৰ অনুমতি অবিহনে বা জুবিনৰ অজ্ঞাতে, সিদ্ধাৰ্থ শৰ্মা নামৰ মাৰোৱাৰী ব্যক্তিজনে, জুবিনক তেওঁৰ পুৰণা মানুহবোৰৰ পৰা আঁতৰাই ৰখাতো সম্ভৱ আছিল নে? 

  ঘটনা এটা কওঁ—

 মোৰ কেছৰ বাবে এবাৰ এজন উকীলক ফোন কৰিলোঁ৷ উকীলজন মোৰ বন্ধু৷ আমি সৰুতে একেলগে পঢ়া৷ পাছত তেওঁ আইন পঢ়িলে আৰু মই DU ত PG কৰিলোঁ৷ মোৰ কেছটো তেওঁ ল’লে৷ কিন্তু কামবোৰ আন এজন উকীলে কৰিব বুলি ক’লে৷ পাছলৈ সেই আনজন উকীলৰ লগতে মই সকলো কথা বতৰা পাতিব লগা হ’ল। ফোন কৰিলেও আনজনেই ধৰি— 

“চাৰ জাজৰ ওচৰত আছে, চাৰৰ কৰ্ট আছ, চাৰ জিৰণি লৈছে, চাৰ চৰকাৰী মিটিঙত ব্যস্ত আছে, চাৰ আউটিঙত আছে, চাৰ ক্লায়েণ্টৰ লগত আছে”

আদি অলেখ কথা ক’বলৈ ধৰিলে৷ ফোনটো সদায় আনজনৰ লগত হে থাকে৷ লাহে লাহে মই তেওঁক ফোন কৰিবলৈ এৰি, তেওঁ দিয়া আনজনৰ লগতেই কেছৰ কথা পাতিবলৈ ধৰিলোঁ৷ আনজনক টকা দি দি মই ভাগৰি পৰিলোঁ৷ কেছ শেষ নহয় হে নহয়। এদিন খং উঠি তেওঁৰ পৰা একপ্ৰকাৰ জোৰ কৰিয়েই NOC লৈ মই কেছটো আন এজন উকীলক দি চাৰিমাহত কেছ শেষ কৰিলোঁ৷ 

এই কথাখিনি মোৰ লগত পঢ়া বন্ধুজনক ফোনত জনাব নোৱাৰি মই তেওঁলৈ Whatsap কৰিলোঁ৷ তেওঁ বৰ দুখ কৰিলে৷ একো গম নোপোৱাৰ ভাও জুৰি আনজনক গালি পাৰিম বুলি কৈ মোলৈ মেছেজ কৰিলে—

“তই বেয়া নাপাবি দেই৷ মই ইমান বিজি হৈ থাকোঁ নহয়, সি আচলতে মোৰ ব্যস্ততা দেখি ফোন মোক নিদিয়েই৷ ৰ তাক দিম মই৷ আহিবি না এদিন আমাৰ ঘৰলৈ”

মই বুজি পাবলৈ বাকী নৰ’ল যে বন্ধুৰ পৰা টকা মনৰ মতে দাবী কৰি ল’ব নোৱাৰাৰ বাবে, সেয়া তাৰ চতুৰালি৷ ব্যস্ততাৰ দোহাই দি আন এজনক কামবোৰ চাবলৈ দি, মোৰ পৰা আনজনৰ হতুৱাই টকা লৈ তাৰ ভাগ সিয়ো ল’লে৷ মোৰ কাম কৰিলে ডাইৰেক্ট মোৰ পৰা বেছি টকা ল’বলৈ তাৰ প্ৰব্লেম হ’ব বাবে, সি তাৰ সহকৰ্মীৰ লগাই দি মোৰ পৰা টকা লোৱাৰ পাং পাতিলে৷ 

এইয়াই মানুহ৷ গতিকে নানান সময়ত, নানান ক্ষেত্ৰত হোৱা জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই আমাক মানুহ চিনিবলৈ শিকালে৷ 

হালি থকা গছ দেখিলে তাক কাটিবলৈ কুঠাৰ দাঙি লোৱা মানুহৰ অভাৱ নাই। এতিয়া সিদ্ধাৰ্থৰ ওপৰত অভিযোগ আছে৷ গতিকে এতিয়া সিদ্ধাৰ্থ হাউলি পৰা গছ৷ তাত কোনে কিমান কুঠাৰ মাৰে মাৰিব পাৰে৷ সি কৰা কামৰ বাবে তাৰ মালিকক গোচৰ নিদি ধৈৰ্য্য, চল, বল, কৌশল আৰু তেলেৰে কাম চলাই নিয়া স্তাৱকবোৰে, এতিয়া সিদ্ধাৰ্থৰ হাউলা গছত বাগী কুঠাৰ মাৰি আছে৷ যিদৰে বাগী কুঠাৰ মাৰিছিল অসমীয়া অভিনেত্ৰী নন্দিনীৰ হলা গছজোপাত, যিদৰে কুঠাৰ মাৰিছিল চুমী বৰাৰ হলা গছজোপাত৷ এইয়াই হ’ল এচাম অসমীয়াৰ চৰিত্ৰ৷ 

কাম পোৱাৰ আশাত, আনৰ টকাৰে বিদেশলৈ যোৱাৰ আশাত, শ্যামকানু মহন্তৰ ঘৰত নিশা কটোৱা, শ্যামকানু মহন্তৰ লগত ফটো পজ দিয়া অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, ৰাজনৈতিক ব্যক্তি, সংগঠনৰ নেতা আদিৰ বাবে এতিয়া শ্যামকানু হলা গছ৷ শ্যামকানুৰ হাউলি পৰা গছজোপাৰ ডালপাতবোৰতো (পত্নী,জীয়ৰী, ভাতৃ) এতিয়া এচাম বদমাছৰ কুঠাৰৰ আঘাত। 

আঘাত কৰক। আপত্তি নাই। কিন্তু এতিয়া কিয়? আগতে কিয় নকৰিল? শ্যামকানুৰ গোপন অংগৰ ফটো এতিয়া ভাইৰেল কিয়? আগতে কিয় ভাইৰেল নহ’ল? কিয়? সিদ্ধাৰ্থৰ মইমতালিৰ কথা এতিয়া কিয়, জুবিন থাকোঁতে কিয় প্ৰচাৰ নহ’ল? 

এইবোৰ চব মিছা অভিযোগ৷ এইবোৰ সঁচা হোৱা হ’লে, এইসকল মানুহে জুবিনক গোচৰ দিলেহেঁতেন৷ যদি জুবিনক গোচৰ দিবলৈ তেওঁলোকৰ সুযোগ আৰু সাহস নহ’ল, তেন্তে আমি বুজিব লাগিব যে, শাৰীৰিক আৰু মানসিকৰূপে জুবিন ৰাইজৰ পৰা বহু আঁতৰত অৱস্থান কৰিছিল। মঞ্চৰ জুবিন আৰু ব্যক্তিগত জুবিনৰ মাজত বহুত পাৰ্থক্য আছিল। আমিতো তাকেই বুজিম ন? নহ’লেনো জুবিনক অভিযোগ দিবলৈ এইসকল সংগীত নাটক কৰ্মীৰ ইমান টাইম লাগেনে? 

আমি জুবিনৰ মৃত্যুৰ বিচাৰ দুমাহৰ ভিতৰতে শেষ হোৱাতো বিচাৰিছোঁ। তাৰবাবে যিমান যি কৰিব লাগে কৰক। 

আমি জুবিনৰ ন্যায় চৰকাৰৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিচৰা নাই। জুবিনৰ ন্যায় আদালতৰ পৰা লাগিব। মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে৷ যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনবোৰ হত্যাৰ ন্যায়ো মুখ্যমন্ত্ৰীয়েই দিব লাগিব। আইন আদালত নালাগে৷ চৰকাৰেই আইন আদালত হওক। 

জুবিনৰ কেছটো বিশেষ হ’ব নোৱাৰিব৷ কাৰণ আইনৰ চকুত সকলো গোচৰ সমান। গতিকে জুবিনক যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ে, তেন্তে আনসকলকো মুখ্যমন্ত্ৰীয়েই ন্যায় দিয়ক। জনতা ভৱন আদালত হওক। হ’বনে এনেকৈ? হ’ব জানো? যদি নহয়, তেন্তে মুখত “মই ন্যায় দিম, আমাৰ চৰকাৰে ন্যায় দিব” বুলি কৈ আদালতক উপেক্ষা নকৰিব মুখ্যমন্ত্ৰী৷ 

SIT য়ে সিদ্ধাৰ্থক কঠোৰভাৱে জেৰা কৰক। সিদ্ধাৰ্থৰ লগত আৰু কোন জড়িত আছে সোধক৷ কোনোবা থাকিবই লাগিব৷ সিদ্ধাৰ্থৰ লগত কোনোবা ৰহস্যময় মানুহ আছে৷ সিদ্ধাৰ্থই অকলে জুবিনক মাৰিব নোৱাৰে৷ আমি যি সন্দেহ কৰি আছোঁ, সেই কথা ওলাবলৈ হ’লে সিদ্ধাৰ্থক কঠোৰ জেৰা কৰিব লাগিব। 3rd Degree প্ৰয়োগ কৰিব লাগিব৷ ফাঁচীত ওলমোৱাৰ কথা ক’ব লাগিব৷ তেতিয়াই সিদ্ধাৰ্থই আচল কথা কৈ দিব। আচল কথা কি আমাক সেইটো লাগে৷ 

শেখৰ গোস্বামীয়ে অভিযোগ অনাৰ পাছতো সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ খবৰ আমি পোৱা নাই কিয়? চিকৰাৰ দৰে অনবৰতে গাতে লাগি থকা সিদ্ধাৰ্থক কঠোৰ জেৰা নকৰি শেখৰক জেৰা কৰি কি হ’ব? যাক জেৰা কৰিব লাগে তাক জেৰা কেতিয়া কৰিব? নে সিদ্ধাৰ্থৰ ৰহস্যময় গোপন কাহিনী ওলাই পৰাৰ ভয়ত সিদ্ধাৰ্থক জেৰা কৰা নাই? যদি জেৰা কৰিছে, তেন্তে সিদ্ধাৰ্থই জেৰাত কি কৈছে সেয়া শেখৰে কোৱাৰ দৰে, তদন্তকাৰী বিষয়া আৰু সিদ্ধাৰ্থৰ যৌথ চহী মাৰি Public Domain ত দি দিয়া নাই কিয়? নে জুবিনৰ হত্যাৰ মাষ্টাৰ মাইণ্ড আন কোনোৱা ওলাই বুলি, কথাবোৰ দীঘল কৰি গৈ আছে? কথা কি? 

 জুবিনক ভালপোৱা মানে জুবিনৰ অশ্লীল কথাক চাপৰ্ট কৰা নহয়। জুবিনৰ ন্যায় সিদ্ধাৰ্থক কৰা কঠোৰ জেৰাতহে লুকাই আছে। সিদ্ধাৰ্থক জেৰা কৰক। মেইন কালপ্ৰীত ওলাই পৰিব৷ আকৌ ক’লো—

সিদ্ধাৰ্থক মেইন সজাই লাভ নাই৷ মেইন কাহিনী হয়তো আন কিবাহে৷ যিটো শুনি আমিবোৰ মূৰ্চা নগ’লেই ৰক্ষা৷ 

পাপ কিন্তু লুকাই নাথাকে৷ পাপ এদিন প্ৰচাৰ হ’বই৷ ভগৱানে পাগল কৰি দিব আৰু বাটে ঘাটে ঘূৰি ফুৰি কোনোবা ৰহস্যময় বা ৰহস্যময়ীয়ে নিজেই কৈ ফুৰিব যে—

“ময়েই জুবিনক হত্যাৰ পৰিকল্পনা কৰিছিলোঁ”

সময় আহিব৷ সত্যক গাত খান্দি পুতি থ’ব নোৱাৰি৷ সত্য জনাৰ দিনা মানুহৰ মুখৰ মাত বন্ধ হৈ যাব।

কালি ৰ’দ দিছিল৷ মই কৈছিলোঁ—

: আজি ৰ’দ দিছে৷ 

 আজি বৰষুণ দিছে৷ মই কৈছোঁ—

: আজি বৰষুণ দিছে৷ 

  এতিয়া মোক—

“ আপোনাৰ কালি এটা কথা আজি এটা কথা” 

বুলি ক’লে হ’ব জানো? 

সত্য তেনেকুৱাই৷ সত্য ৰ’দ আৰু বৰষুণৰ দৰেই নিভাঁজ৷ 

 সত্ৰাধিকাৰক—

“ঘেন্টা প্ৰভু ঈশ্বৰ” 

বুলি ৰাজহুৱাকৈ অপমান কৰা জুবিনক ময়ো ঘেন্টা বুলি কৈছিলোঁ৷

“বামুণবোৰক ধৰি পিতিব লাগে”

বুলি কোৱাৰ বাবেহে ময়ো তেওঁক সমালোচনা কৰিছিলোঁ৷৷

মাধৱক “পাগল” বুলি কোৱাৰ বাবেহে মই তেওঁকো পাগল বুলি কৈছিলোঁ৷ 

কিন্তু মই কোনোদিন মোৰ ছোৱালী ল’ৰাক গান এটা গোৱাবলৈ গৈ, বিফল হোৱাৰ বাবে জুবিনক গালি পৰা নাছিলোঁ৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত লেনা দেনা নাছিল৷ 

জুবিনৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাছিল। 

জুবিনক মই সমালোচনা কৰাৰ একমাত্ৰ কাৰণ আছিল— সামাজিক৷ সমাজৰ বাবেহে মই জুবিনক গালি পাৰিছিলোঁ৷ 

এতিয়াও সিদ্ধাৰ্থ বা শ্যামকানুৰ লগত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই। সিহঁত দুটাক মই চিনিয়ে নাপাওঁ। কাম পাবলৈ, বিদেশ ফুৰিবলৈ মই কাকো তেল মৰা মানুহেই নহয়। মই মানুহৰ কাৰবাৰবোৰ চাইহে কথাবোৰ ক’লো। কাৰণ হলা গছত বাগী কুঠাৰ মৰা কাৰবাৰতো আমি বন্ধ কৰিব লাগিব৷ গুণ্ডাগিৰি কৰা কথাবোৰ বন্ধ কৰিব লাগিব। নহ’লে অসম ধ্বংস হ’ব৷ 

দোষীৰ শাস্তি হওক। কিন্তু কাৰোবাৰ উচতনিত ৰাইজ উন্মাদ হোৱাতো ভাল কথা নহয়। ৰাজনৈতিক নেতাৰ ভৱিষ্যত সুৰক্ষাৰ হোমত, ৰাইজে নিজৰ মানৱতাক আহুতি দিয়াাতো মানৱ সমাজৰ বাবে শুভলক্ষণ নহয়।

ৰাইজ আদালত হোৱাতো দেশৰ বাবে ক্ষতিকাৰক৷ 

সংবিধানৰ আধাৰত প্ৰস্তুত কৰা আইনক মানি চলি, আদালতৰ ৰায়দানলৈ বাট চোৱাতো সভ্য মানুহৰ ধৰ্ম হোৱা উচিত। 

আদালতে ফাঁচী দিয়াৰ আগতেই আমি অভিযুক্তক কথাৰে বাৰে বাৰে ফাঁচী দিয়াতো মানৱতাৰ পৰিপন্থী৷ 

ৰাইজে ধৈৰ্য্য ধৰিব লাগিব৷ ৰাইজ অধৈৰ্য্য হ’লে প্ৰকৃত দোষী সমুখলৈ নাহিব৷ 

জুবিন হত্যাৰ প্ৰকৃত মাষ্টাৰ মাইণ্ডক আদালতলৈ নিয়াৰ বাবে সিদ্ধাৰ্থক তীব্ৰ জেৰা কৰাৰ দাবী জনাও আহক। 

আকৌ ক’লো—

এইখন অসম৷ এইখন অসমত অসমৰ এজন জনপ্ৰিয় ব্যক্তিক, এজন মাৰোৱাৰী মানুহে অকলে হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে৷ এইটো অসম্ভৱ৷ 

জুবিন হত্যাৰ মেইন মানুহ বেলেগ৷ তেওঁক বিচাৰি উলিয়াবলৈ হ’লে, সিদ্ধাৰ্থক কঠিনৰ পৰা কঠিন জেৰা চলাব লাগিব৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে SIT ক কঠোৰ নিৰ্দেশ দিয়ক। মুখ্যমন্ত্ৰীয়ে এই কামটো কৰিলেই জুবিনে ন্যায় পাব। ফাইনেল। 

সিদ্ধাৰ্থক বলিৰ পঠা সজাই, আচল দোষীক সমাজত বৰ মানুহ বোলাই ঘূৰি ফুৰাৰ সুযোগ নিদিব মুখ্যমন্ত্ৰী৷

মনত ৰাখিব মুখ্যমন্ত্ৰী,

গোলাপ মোহাৰি কাঁইট সাৱতাৰ স্বভাৱ আমাৰ নাই৷ 

শিখা শৰ্মা

গুৱাহাটী

৫/১০/২০২৫

8974907819

#CMO_Assam 

Himanta Biswa Sarma

লেখিকাই বাৰু সিদ্ধাৰ্থক #কোনে #বলি_কা_বকৰা বনোৱা নাইটো বুলি বুজাব বিচাৰিছে, অনুমান কৰিব পাৰিছেনে🤔🤔??

অতনু ভূয়া FB Wall

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পাছপ’ৰ্ট ৰদ হ’ব!

জুবিনৰ দুগৰাকী দেহৰক্ষী আছিল। দুয়ো চৰকাৰী দেহৰক্ষী। এজন বৰা, আনজন বৈশ্য। আজি কেইবছৰমান আগতে আলফাই জুবিনক ভাবুকি দিছিল। তেতিয়াই অসম আৰক্ষীয়ে জুবিনক নিৰাপত্তাৰক্ষী দিছিল। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ লগত এছক’ৰ্ট গাড়ীও আছিল। পিছলৈ এছক’ৰ্ট গ’লগৈ। কিন্তু বৰা আৰু বৈশ্য থাকি গ’ল। বৰা আৰু বৈশ্য ক্ৰমাৎ জুবিনৰ জীৱনশৈলীৰ সৈতে মিলি গ’ল। জুবিনে ৰাতি সাৰে থাকে। সাৰে থাকি জুবিনে কাম কৰে। জুবিনৰ দেহৰক্ষীও ৰাতি সাৰে থাকে। বৈশ্য আৰু বৰাই পাল পাতি কৰ্তব্য কৰে। জুবিন য’তেই যায় লগত বৈশ্য বা বৰা থাকেই। জুবিন ক’ত আছে জানিবলৈ আমি সিদ্ধাৰ্থ বা শেখৰক নহয়, বৰঞ্চ বৈশ্য বা বৰাক যোগাযোগ কৰিব লাগে। লগে লগে আমি গম পাই যাওঁ জুবিন ক’ত আছে।

এতিয়া জুবিনৰ মৃত্যু ৰহস্য তদন্ত কৰিবলৈ গৈ বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি হতবাক হৈ পৰিছে এছআইটি। আচৰিত নহ’ব, বিগত সময়ছোৱাত জুবিনৰ দেহৰক্ষীৰ একাউণ্টত লেনদেন হৈছিল প্ৰায় ১ কোটি টকাৰ। ইয়াৰে ৭০ লাখৰ লেনদেন হৈছিল এজনৰ একাউণ্টত আৰু ৪০ লাখৰ লেনদেন হৈছিল আনজনৰ একাউণ্টত। জুবিনৰ দেহৰক্ষীৰ একাউণ্টত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? ইয়াৰ উত্তৰ বিচাৰিছিল এছআইটিয়ে। যোৱা সপ্তাহত চিআইডিৰ কাৰ্যালয়ত পৃথক পৃথকভাৱে জুবিনৰ দুই দেহৰক্ষী বৈশ্য আৰু বৰাক জেৰা কৰা হয়। 

জুবিন দাতা কৰ্ণ আছিল! আচৰিত নহ’ব, বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি আৰু জেৰা কৰি এই তথ্য লাভ কৰে এছআইটিয়ে। জুবিনে বিহু ফাংচনৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰেকৰ প্ৰতিটো মাহত জুবিনৰ দুই-তিনিটা অনুষ্ঠান থাকে। একো একোটা অনুষ্ঠানৰ নামত জুবিনে লয় ৬ লাখৰ পৰা ৮ লাখ টকা। এই টকা কিন্তু জুবিনে পোনে পোনে নাপায়। টকা লয় সিদ্ধাৰ্থই। পৰৱৰ্তী সময়ত এই টকাৰে নিৰ্দিষ্ট অংশ ভগাই দিয়া হয় বাদ্যযন্ত্ৰীসকলৰ মাজত। একো একোজন বাদ্যযন্ত্ৰীয়ে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা একো একোটা অনুষ্ঠানৰ নামত লাভ কৰে। পৰৱৰ্তী সময়ত জুবিনে উপাৰ্জন কৰা এই ধনৰ হিচাপ সিদ্ধাৰ্থই জুবিনক দিয়ে। সাধাৰণতে এই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। কিবা বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’লে জুবিনৰ নিৰ্দেশত সিদ্ধাৰ্থই ধন উলিয়াই দিয়ে। প্ৰয়োজন হ’লে গৰিমায়ো সিদ্ধাৰ্থৰ পৰা ধন বিচাৰে। 

তেনে অৱস্থাত জুবিনৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ লগত চাৰি-পাঁচ বছৰৰ ভিতৰত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল? এতিয়া এছ আই টিয়ে এই বিষয়ে বিতং তথ্য লাভ কৰিছে। জুবিনে ষ্টুডিঅ’ত বিভিন্নজনৰ বাবে গান গায়। থিয়েটাৰৰ বতৰত প্ৰতিখন থিয়েটাৰৰ দুই-তিনিটাকৈ গান গায় জুবিনে। শেহতীয়াভাৱে একো একোটা গানৰ বিনিময়ত জুবিনে ৫০ হাজাৰ টকা পৰ্যন্ত পায়। প্ৰযোজকসকলে জুবিনে গোৱা গানৰ বিনিময়ত নগদ ধন জুবিনৰ হাতত দিয়ে। জুবিনে লগে লগে এই ধন দিয়ে বিশ্বাসী দেহৰক্ষী বৈশ্য বা বৰাক। দুয়োকে ধন নিজৰ একাউণ্টত জমা ৰাখিবলৈ কয়। 

জুবিনৰ লগত কোনো পইচা নাথাকে। জুবিনে গুগল পেৰ বিষয়ে নাজানে। জুবিনৰ মোবাইলত গুগল পে’ ইনষ্টল নাই। এতিয়া দাতা কৰ্ণ জুবিনৰ কাহিনী শুনক। জুবিনৰ ষ্টুডিঅৰ বাহিৰত সদায় দুই-তিনিজন মানুহ ৰৈ থাকে। হাতে হাতে থাকে দৰ্খাস্ত। কাৰোবাক চিকিত্সাৰ বাবে পইচা লাগে, কাৰোবাক উচ্চ শিক্ষাৰ বাবে পইচা লাগে। জুবিনৰ ওচৰলৈ আহি এওঁলোকে কান্দে। জুবিনে লগে লগে বৈশ্য বা বৰাক সেই যুৱক বা যুৱতীগৰাকীক গুগল পে’ কৰি দিবলৈ নিৰ্দেশ দিয়ে। 

এছআইটিয়ে বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰি পাইছে প্ৰতি মাহে জুবিনে বিভিন্নজনক ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত ধন গুগল পে’যোগে আদায় দিয়ে। পুনৰ কৈছো জুবিনৰ নিজৰ গুগল পে’ নাই। জুবিনে পইচাবোৰ জমা ৰাখে বৰা বা বৈশ্যৰ একাউণ্টত। ভাবি চাওঁক জুবিনৰ মনটো। সহজ-সৰল ল’ৰা, সকলোকে বিশ্বাস কৰে। বিগত সময়ছোৱাত বৈশ্য আৰু বৰাৰ একাউণ্টত জুবিনে জমা ৰাখিছিল ১ কোটিৰো অধিক ধন। একেলগে সেই ধন জমা হোৱা নাছিল। দুয়োৰে একাউণ্টত দেখা গ’ল বিভিন্ন সময়ত তেওঁলোকে গুগল পে’যোগে বিভিন্ন যুৱক-যুৱতীক ধন দিছে। এছআইটিৰ ওচৰত বৈশ্য আৰু বৰাই এই বিষযে বিতং তথ্য সদৰী কৰিছে। এছআইটিয়ে দেখিছে নিৰ্দিষ্ট কোনো ব্যক্তিক জুবিনে নিয়মিতভাৱে ধন দিয়া নাই। বিভিন্নজনে বিভিন্ন সময়ত বৰা আৰু বৈশ্যৰ জৰিয়তে জুবিনৰ ধন লাভ কৰিছিল। এয়া হৈছে জুবিনৰ কাহিনী। 

এইখিনি মুহূৰ্ততে এছআইটিৰ আন কেতবোৰ বিষয়ক লৈ বিতৰ্কৰ সূচনা হৈছে। এছআইটিৰ বিভিন্ন তথ্য ৰাজহুৱা কেনেকৈ হ’ল বুলি একাংশ ৰাজনীতিবিদে প্ৰশ্ন কৰিছে। নতুন ন্যায় সংহিতা অনুসৰি কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে সেয়া ৰাজহুৱা কৰাটো আৰক্ষীৰ বাবে প্ৰয়োজনীয় হয়। সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ সময়তো এছআইটিয়ে কি কি গ্ৰাউণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে বুলি লিখিত তথ্য দিছিল। ইয়াৰ প্ৰতিলিপি সিদ্ধাৰ্থৰ পৰিয়ালেও পাইছিল। সেই প্ৰতিলিপিত ওলাই পৰিছিল বিহপান কৰোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য তথ্য।

১৪ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অহা ১৪ অক্টোবৰত শ্যামকানু আৰু সিদ্ধাৰ্থক চিআইডিয়ে আদালতত হাজিৰ কৰাব। সেই সময়ত আৰক্ষীয়ে গাঁঠি দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ সংক্ৰান্তত বিভিন্নজনে দিয়া বিবৃতিৰ প্ৰতিলিপি। এছআইটিৰ মতে সিদ্ধাৰ্থ আচলতে কেনেকুৱা আছিল সেয়া জানিবলৈ জুবিনৰ সৈতে গীত গোৱ বিভিন্নজনক জেৰাৰ বাবে মতা হৈছে। 

জুবিনৰ মোবাইল ফোনত বিভিন্ন তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে। ছিংগাপুৰত যোৱাৰ আগে-পিছে জুবিনে কাক কাক মেচেজ দিছিল সেই তথ্যও পোৱা গৈছে। এই তথ্যৰ ভিত্তিত বিভিন্নজনক জেৰা কৰা হৈছে। জেৰাৰ বাবে এছআইটিয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনকো মাতিছে। সেইকেইজনে আজি ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত উপস্থিত হৈ উচ্চায়ুক্তক নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা। এছআইটিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰবাসী ভাৰতীয়কেইজনে জেৰাৰ বাবে এছআইটিৰ সন্মুখীন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাছপ’ৰ্ট ৰদ কৰাৰ চিন্তা-চৰ্চাও কৰিছে ৰাজ্য চৰকাৰে। গোচৰ দীঘলীয়া হ’ব। এছআইটিয়ে জুবিনৰ মৃত্যুৰ বাবে জড়িতসকলক ৰেহাই নিদিয়ে। তেওঁলোকেও জানে জুবিন কেৱল শিল্পী নাছিল, জুবিন আছিল অসমৰ সম্পদ।

Sunday, October 5, 2025

Trinayan Handique FB Wall

জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ চৰিত্ৰত আঁচোৰ পৰা কোনো কথাই এতিয়া অসমবাসীয়ে শুনিবলৈ নিবিচাৰে। জুবিন গাৰ্গ নোহোৱা হোৱাৰ দুদিন পাছতেই গৰিমা শইকীয়া গাৰ্গৰ ওপৰত আৰু এতিয়া জুবিন গাৰ্গৰ ওপৰত এচামে উদ্দেশ্য প্ৰণোদিত ভাবে কিছুমান কথা প্ৰচাৰ কৰা যেন অনুভৱ হয়। এতিয়া নিজৰ পক্ষ ৰাখিবলৈ জুবিন গাৰ্গ জীৱিত অৱস্থাত আছেনে ? সেই কথা ক'ব নজনা লেবা গৰুজনীৰো এতিয়া মাত ওলাইছে। এজন ব্যক্তিৰ মৃত্যুৰ পাছত এনে কাম কৰাটো উচিত নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ কেচটো এটা হাইপ্ৰফাইল কেচ। বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত গোপনীয় কথাবোৰ কেনেকৈ বাতৰি কাকতৰ হেডলাইন হ'ব পাৰিছে ? এইয়াও কাৰোবাৰ ষড়যন্ত্ৰ নেকি? 

এটা কথা ঠিক, অসমৰ ৰাইজে সকলো কথা খুউব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। জুবিন গাৰ্গৰ আত্মাৰ লগত ধেমালি নকৰাই ভাল। যিজন ব্যক্তিৰ মৃত্যুৰ পাছত এখন শ্মশান পবিত্ৰ তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছে সেইজন  ব্যক্তি কোনো  সাধাৰণ এলাপেচা লোক নহয়। কোনোবাই যদি ইচ্ছাকৃতভাৱে তেখেতৰ চৰিত্ৰহননত লাগিছে তেন্তে অসমৰ তিনি কৌটি এঘাৰ লাখ লোকৰ শাওপাতৰ পৰা তেওঁলোকৰ পৰিয়াল পৰ্য্যন্ত ৰক্ষা কৰিব নোৱাৰিব। এইয়া একদম চিধা কথা।

বনজিৎ পাটোৱাৰী

 ক’ভিড কাল আৰু জুবিন দাৰ কথা , 

 বনজিৎ পাটোৱাৰী ককাইদেউৰ পৰা।।। 

ক’ভিডৰ আৰাম্ভণিত জুবিন দা মুম্বাইত চিকিৎসাধীন হৈ আছিল ৷

চিকিৎসা শেষ কৰি ঘৰলৈ উভতি আহিবলৈ উৰাজাহাজ , ট্ৰেইন সকলোবোৰ যাতায়াত বন্ধ আছিল ৷ তেতিয়া জুবিনদাই নিজাববীয়াকৈ বাছ এখন ভাড়া কৰি সুদুৰ মুম্বাইৰপৰা গুৱাহাটীলৈ আহিছিল ৷

মুম্বাইৰ ডক্টৰে ভিটামিন B12 ইনজেকচন ৫টা লবলৈ কৈছিল ৷ 

সেই ইনজেকচন তাত থকা ডক্টৰ বা নাৰ্ছৰ হতুৱাই নল'লে ৷ 

চাৰিদিনৰ পিছত মুম্বাইৰ পৰা গুৱাহাটী পালে আৰু বাহিৰে বাহিৰে মোৰ ওচৰত আহিলে ৷ 


" বনজিৎ , ( প্ৰেস্কিপচন খন মোৰফালে আগুৱাই দি ) মুম্বাইৰ ডক্টৰে এটি ইনজেকচন দিছে মই তাত নল'লো তোমাৰ তাত আছেনে চোৱাচোন নাই যদি আনি দিবা ৷"


মই চালো ( Thiamine inj ) ৷

"বৰ্তমান নাই কালি আনি দিম ৷ "

মই ক'লো ৷

তেও মানি ল'লে ৷ 

পিছদিনা দুপৰীয়া আহি ইনজেকচনটো ল'লে ৷ 


"বনজিৎ  , বহুত মানুহে মোলৈ ফোন কৰি আছে সহায়ৰ বাবে ৷ এতিয়াটো মানুহ ওলাব নোৱাৰে,সেয়েহে মোৰ ওচৰত মানুহ আহিব নোৱাৰিব ৷ ৰাতি পুলিচবোৰ অলপ কম থাকে, তোমাৰ ঠিকনাটো দিম তুমি দি দিবা ৷ হিচাপ কৰি থৈ দিবা মই একেলগে দিম ৷"


সেইদিনাৰ পৰা ক’ভিডৰ জটিল সময় খিনিত  দুহেজাৰ-তিনিহাজাৰ কৈ সম্পূৰ্ণ ৬০,০০০(60,000) টকা মোৰ হাতেৰে সহায় কৰিছিল ৷ তাৰোপৰি মাদাৰ ওল্ড এ’জ  হোম ( Mother old age home ), তাত ক‘ভিড  কালত ব্যৱহাৰ হোৱা  25,000  টকাৰ জীৱনদায়িনী  ঔষধ , অনাথ আশ্ৰমত 15,000 টকাৰ শিশু খাদ্য (Baby food ) দান মোৰ হাতেৰে দিয়া হৈছিল ৷


এনেকুৱা দানবীৰ ভগৱান  আমি আৰু দ্বিতীয় জন নাপাম ৷ জুবিনদাৰ ন্যায় কোনোবাই কৰক নকৰক ভগৱানে কৰিব ৷ আৰু বহু কথা আছে পিছলৈ লিখিম ৷

                    —বনজিৎ পাটোৱাৰী 

#JusticeForZubeenGarg 

#ZubeenGarg 

#hilights 

                        5 \ 10 \ 2025

দেৱাঞ্জন বৰঠাকুৰ টৰোণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান

 দ্য পিপল, দেই মেড মি মেচ্যিন-

জুবিনৰ মনৰ নিজানত ( আমাৰ অসম )

জুবিন গাৰ্গে যেতিয়া শেষৰটো ইণ্টাৰভিউত ফ্ৰেডৰিখ নীৎচ্ছেৰ প্ৰসঙ্গ আনিলে। সময় যেন থমকি ৰ'ল, ক'লা চকুজুৰিয়েও যেন তুলি চালে তেওঁক।  পিংক ফ্লয়েডৰ চাইকিডেলিক সুৰৰ মূৰ্ছনাই হয়তো জুবিনৰ মনোজগৎ আচ্ছন্ন কৰিছিল । জুবীন গাৰ্গ নীৎচ্ছেই কোৱা “শূন্যতা”ক ভয় কৰি থমকি নৰল বৰং সেই শূন্যতাৰ ভিতৰত নিজৰ সৃষ্টিৰ জগত গঢ়ি তুলিলে । Instead of collapsing into nothingness, he filled that void with creation — his own “will to power.” পৰম্পৰাগত নিয়ম-নীতি আৰু সমাজৰ সংকীৰ্ণতাই য’ত মানুহক নিৰাশা বা অনুকৰণত ধৰি ৰাখে, জুবিনে তাত প্ৰতিবাদৰ সুৰ তুলিলে। তেওঁৰ নিৰ্ভীক সংগীত আৰু জীৱনৰ ধাৰাটোৱেই আছিল নীৎচ্ছেৰ “will to power”—জীৱনৰ প্ৰতি সঁহাৰি জনোৱা শক্তি। “will to nothingness”ৰ দৰে আত্ম-অস্বীকাৰ আৰু নিৰাশাৰ  পথ বাছি নলৈ  তেওঁ মুক্ত  হৈ জীৱনক খামুছি  ধৰিছিল। সেইবাবে জুবিনৰ সৃষ্টি আৰু বিদ্ৰোহী জীৱনধাৰাই শূন্যতাৰ ঠাইত গান, কবিতা আৰু মুক্ততাৰ সুৰেৰে আমাৰ হৃদয় পূৰ্ণ কৰি ৰাখিলে।

জুবিনৰ মনৰ নিজানত জোনাক আছিল নে এক ৰিক্ততা। শেষৰটো  ইণ্টাৰভিউত জুবিনে নিজৰ মনটোক যেন মানুহৰ বাবে অলপ অলপকৈ খুলি দিলে যেতিয়া তেওঁক অনুৰোধ কৰা হৈছিল, - "চোৱা আজি তুমি কথাবোৰ অলপ খুলি কোৱা, কাৰণ তুমিতো আৰু নোকোৱা"। জুবিনৰ মনোজগত কেনেকুৱা আছিল আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। তেওঁৰ মনৰ নিজানত জোনাক আছিলে লগত আছিল বুকু ভৰা বেদনা। জুবিনে যেতিয়া কৈছিল “মই মেচিন নহয়”, তেতিয়া সেয়া কেৱল ভাগৰ নাছিল — ই আছিল প্ৰতিভাৰ পণ্যকৰণৰ এক বিৰোধিতা। মানসিকভাৱে সেই বক্তব্য কাৰ্ল ৰজাৰ্ছ বা মেচল’ৰ দৰে মানৱতাবাদী মনোবিজ্ঞানীয়ে প্ৰামাণিক স্বীকৃতিৰ প্ৰয়োজনীয়তা বুলি কোৱা কথাটোৰ সৈতে মিল খায়। তেওঁ কেৱল গায়ক হিচাপে নিজক চাব বিচৰা নাছিল, তেওঁ হয়তো বিচাৰিছিল মানুহে তেওঁক মৰম দিয়ক আৰু তাৰ বাবে তেওঁ যন্ত্ৰৰ দৰে কাম কৰি থকাৰ প্ৰয়োজনীয়তা থাকিব নালাগে।

তেওঁ যেন বুজি পাইছিল সৃষ্টিশীলতাই ক্লান্তিৰ পৰা অন্তহীনভাৱে তেওঁক ৰক্ষা কৰিব নোৱাৰে। তেওঁ সেইবাবেই কৈছিল, - আই এম এ পাৰ্ফোৰ্মাৰ, আই নিড টু পাৰ্ফম এণ্ড ডাই। মৃত্যুৰ প্ৰতি তেওঁৰ ভয় নাছিল, তেওঁ জানিছিল তেওঁ নাইকিয়া হ'লে তেওঁ হেৰায় নাযায়, তেওঁৰ বাবে অমৰত্ব যেন অপেক্ষাৰত।

ইম্পালচিভিটি আৰু ৰিস্ক-টেকিং ড্ৰাইভ এটা লৈ গভীৰতা নোজোখাকৈ সাগৰত জপিয়াই দিবলৈ তেওঁ ব্যগ্ৰ হৈ আছিল। ই এটা অনুভূতি বিচৰা বৈশিষ্ট্য (জুকাৰমেনৰ তত্ত্ব) য'ত- নতুনত্ব, বিপদ আৰু তীব্ৰতাৰ প্ৰতি এক ধৰণৰ হাবিয়াস থাকে। সৃষ্টিশীল ব্যক্তিত্বই এই অস্থিৰতা সদায় কঢ়িয়াই ফুৰিব লাগে। " মই সাগৰৰ লগত খেলি ভাল পাও, সাগৰত একো কাম নাই, জাহাজখন পোৱাই নাই নহয় এতিয়ালৈকে"- সাগৰখনেই হৈছে জুবিনৰ বাবে এক ৰূপক৷ এফালে ই নাটক আনহাতে ইয়াৰ অসাৰতা এটা অন্তহীন বিস্তৃতি য’ত কোনো জাহাজ গৈ নাপায়৷ জুবিনৰ মনৰ ই অস্তিত্ববাদী দুৰ্বলতাক প্ৰতিফলিত কৰে: জীৱন এক বিষ্ময় আৰু এক শূন্যতা। নিৎচেই ইয়াক শূন্যতাৰ লগত বিলীন হোৱাৰ ইচ্ছাকো প্ৰতিফলিত কৰিব পাৰে বা এই সাগৰীয় অনুভূতি ফ্ৰয়েড, ৰোমেইন ৰ’লেণ্ডৰ ভাষাত এক অসীমৰ লগত একত্ৰিত হোৱাৰ অনুভূতি যি আধ্যাত্মিক কিন্তু ভয় লগা। জুবিনে প্ৰায়েই নিজৰ আৰু শিল্পৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলাইছিল। তেওঁ কেৱল “গীত বনোৱা” নাছিল, তেওঁ এনেদৰে জীয়াই আছিল যেন তেওঁৰ জীৱনটোৱেই এটা গীত। মনোবিজ্ঞানী মিহালি চিক্সজেণ্টমিহালীয়ে প্ৰবাহ ( ফ্লো) বুলি কোৱা এটা মানসিক অৱস্থালৈ জুবিন গুছি হয়তো যায় যেতিয়া গানৰ মূৰ্ছনাত তেওঁ বিলীন হয়। তেওঁ যেতিয়া কৈছিল, দিনটোত এটাৰ পাছত আন এটা গান গাই গৈছিল, তেওঁ এই ফ্লো মানসিক অৱস্থাৰ মাজলৈ গুছি গৈছিল। কিন্তু যেতিয়া শিল্প পণ্য হৈ পৰে, তেতিয়া ই তেওঁৰ সত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অনুভৱে তেওঁক বিৰক্ত কৰে, তেওঁৰ খং উঠে। জুবিন গাৰ্গৰ দাৰ্শনিক দিশটোৰ পৰা অসমীয়া সত্তাটোকো পৃথক কৰিব নোৱাৰি। তেওঁৰ বিদ্ৰোহ শিপাহীন নাছিল। অসমীয়া সত্তাটোক তেওঁ নিজৰ সৃষ্টিৰ লগত সংপৃত্ত্ব কৰিছিল।

"মই পুনৰজন্মত আকৌ জুবিন গাৰ্গ হব বিচাৰোঁ, more than that", এই কথাকেইটাই তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশ পোহৰাইছে। ই এক কিংবদন্তী-নিৰ্মাণৰ ইংগিত, মেকএডামছৰ আখ্যানমূলক পৰিচয়ৰ তত্বৰ সৈতে মিল থকা, য’ত ব্যক্তিসকলে জীৱন কাহিনী তৈয়াৰ কৰে যিয়ে সংহতি আৰু উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰৱৰ্তী জীৱনত জুবিন, বা তাতকৈ ডাঙৰ হ’ব বিচাৰে জুবিনে। জুবিনে সময়লৈ ভয় কৰিছিল, ঘড়ীটোলৈ চাই এই কথা কেইটা কৈছিল। তেওঁৰ অস্তিত্ব নাইকিয়া হৈ যাব পাৰে বুলি ভয় কৰিছিল আৰু নিজৰ জীৱনক আখ্যানলৈ ৰূপান্তৰিত কৰা, নিজকে কিংবদন্তি হিচাপে চাব তেওঁ বিচাৰিছিল, আলেকজেণ্ডাৰেও তেনেকৈ বিচৰা নাছিল জানো? কিন্তু তেওঁৰ এই অস্তিত্ববাদী ভয়টোক তেওঁ সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰিছিল। তেওঁ কৈছিল, - "মই লাখ লাখ মানুহৰ লগত থাকোঁ। So I will stay with them. I'm a performer, I need to perform and die". তেওঁ নিজৰ জীৱনটোক নিজৰ কলাৰ পৰিবেশনৰ লগত একাত্ম কৰি তুলিলে। এজন শিল্পীৰ বাবে জীৱনৰ অৰ্থ তেতিয়াহে থাকে যেতিয়ালৈকে তেওঁ কেৱল পৰিবেশন কৰি যায়, আজীৱন, আমৃত্যু। পাৰ্ফৰমেন্স শেষ, জীৱনো শেষ। “মই কম খাওঁ, মই খুৱাওঁ- জুবিনৰ পৰোপকাৰী স্বভাৱ, এল্ট্ৰুইজম সকলোৱে জানেই, ইয়াৰ বাখ্যাৰ প্ৰয়োজনীয়তা নাই। কিন্তু কাৰ্ল য়ুং ৰ Wounded healer ৰ ধাৰণাৰ লগত ই কিছু খাপ খায় যেন লাগে। জুবিনৰ ভিতৰখন নিজেই ক্ষত বিক্ষত, তেওঁ কঢ়িয়াই ফুৰা দুখবোৰে তেওঁক সহমৰ্মী কৰি তোলে। তেওঁৰ হৃদয়ত ৰিক্ততা আছিল, ন'হেলে তেওঁ নাগালেহেতেন - "কথাও ক'লো বহু গানো গালো লিখিলো বহুতো, খোজে খোজে প্ৰতি পলে পালো, একে ক্লান্ত শূণ্য আমঠু। তেওঁৰ হৃদয়ৰ গভিৰত এক তমসাই আৱৰি আছিল। তেওঁ কৈছে- "ৰৈ ৰৈ বিনালে মই কি কাৰণে লিখিলোঁ নাজানোঁ"। গণিতজ্ঞ ৰামানুজনেও নাম্বাৰ থিয়ৰী, ইনফিনিট চিৰিজ এইবোৰৰ উদ্ভাৱন তেওঁ কেনেকৈ কৰিছিল তেওঁ নিজেও নাজানিছিল, নিশ্চয়কৈ অৱচেতন মনৰ পৰা ওলাই আহিছিল। ঠিক ক'ব পাৰে- creation as a channel, not a controlled act. সৃষ্টিৰ আঁৰত বহু সময়ত নিজৰ সচেতন নিয়ন্ত্ৰণ নাথাকে।

তেইঁ কৈছিল- "A king should never leave his kingdom. অসমত মই যদি মৰোঁ, এসপ্তাহ অসম বন্ধ হৈ যাব"। এই কথাখিনি সামাজিক পৰিচয় তত্বৰে আমি বুজিব পাৰোঁ। অসমীয়া জাতিসত্বাৰ পৰা জুবিন পৃথক নহয়। কিন্তু তেওঁ কঢ়িয়াই ফুৰিছে সেই বোজা, burden of symbolic immortality। অমৰত্বৰ এটি বোজা তেওঁ আজীৱন কঢ়িয়াই ফুৰিছিল, সেইবাবেই তেওঁ মৃত্যুক লৈ অভয় হৈও হয়তো পৰিছিল। এক অপৰাজয়তাৰ অনুভৱ তেওঁৰ হৈছিল। তেওঁৰ মৃত্যুৱে তেওঁক শেষ নকৰে আকৌ জীয়াই তুলিব এই ধাৰণাই তেওঁৰ মৃত্যুভীতি শূণ্য কৰিছিল। সাগৰৰ গভিৰতা সেয়ে তেওঁ নোজোখাকৈ তালৈ জাপ মাৰিছিল। তেওঁৰ জিনিয়াছ চৰিত্ৰই তেওঁক এক বৌদ্ধিক শূণ্যতাৰ মাজলৈ ঠেলি দিছিল। তেওঁ হয়তো এনেকুৱা স্ংগ বাছি লৈছিল য'ত সুৰা আৰু হাঁহি ধেমালীক বেছি গুৰুত্ব দিয়া হৈছিল। তথাপিও তেওঁ জানিছিল যে মৃত্যুৰ সময়ত তেওঁ আকৌ অকলশৰীয়া হ'ব। এক existential isolation ৰ কল্পনা তেওঁ কৰিছিল যেতিয়া কৈছিল- “যুদ্ধত যেতিয়া মৰে, লগত তিনিটামানহে থাকে, বাকীবোৰ কোনো নাথাকে, সব পলাই যায়।”

"দ্য পিপল, দেই মেড মি মেচ্যিন। আই ৱাজ নট লাইক ডেট। যন্ত্ৰই বনালে ... - জুবিন গাৰ্গ"

জুবিন গাৰ্গৰ স্বাভিমানক হয়তো বহুতে অংহকাৰ বুলি ভুল ভাৱিছিল। তেওঁৰ হাতত একো নাছিল, কাৰোৰে হাঁতত একো নাই। মানুহৰ মুক্ত ইচ্ছাও খুব বেছি নাই। তেওঁ আহিল আৰু গুছি গ'ল, এয়াই জীৱন।

 

দেৱাঞ্জন বৰঠাকুৰ টৰোণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অংশকালীন শিক্ষক আৰু গৱেষক।

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...