Wednesday, September 24, 2025

Kusha Jyoti Gogoi FB Wall

আজিহে প্ৰতিটো গানৰ অৰ্থ বুজি পাইছোঁ। প্ৰতিটো গান যে তোমাৰ নিজৰ বাবেই আছিল,


● সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে...

● আকাশে গাতে ল'বৰে মন, সাগৰতলিত শুবৰে মন...

● সঁচা মিছাৰ সোঁমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাঁচে...

● সোণৰে সজোৱা পঁজা জহি খহি যায়...

● লাহে দৈ বেলি ঐ যাবই যাবৰে হ'ল...

● কলিজাৰ কাৰেং সাজি সপোনৰ সমাধি পাতি...

● উভতি চোৱা ধূলিয়ৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী...

● মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা...

● মানুহৰে মনবোৰো তই কিয় নিচিনিলি,

ফুলনিৰ কাঁইটকে যে ফুল বুলি ভাবিলি...

● আৰু কিছুবেলি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰ এয়া...

● ৰ'দ আজি কেনি পাওঁ...

● শিকলি ছিঙি তুমি যাবা কেনেকৈ...

● মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে...

● তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল...

● গণেশগুৰিত তোমাক দেখোঁ, চান্দমাৰীত তোমাক দেখোঁ...

● উভতিলো উকা হাতে লৈ মাথোঁ মোৰ সোঁৱৰণী...

● চকু মেলা সাৰ পোৱা মোলে চোৱা,

আকৌ এবাৰ মোৰ হোৱা কথা কোৱা...

● চেঁচা চেঁচা আঙুলি সেয়াতো নহয় তুমি...

● পাখি মেলি দিয়ে মোৰ গানে আজি...

● সোণালী হৈ থাকক তোমাৰে মোৰে সময়...

● উৰুঙা হাঁহাকাৰে মোক জোকাই ক'লেহি তুমি নাই ক'তো নাই...

● মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ...

● সপোনৰো শেষ আছে শেষ নহয় হতাশা, জ্বলি জ্বলি জ্বলে মাথোঁ হেৰুৱালোঁ ওঁঠৰ ভাষা...

● অন্ধ আকাশ ৰুদ্ধ বতাহ...

● হঠাতেই হেৰাল কেনি নো মোৰ চোতালৰে জোনাক...

● দূৰণিৰ পৰাই ৰ লাগি চাওঁ তোমাক আজি,

জানোচা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি...

● যোৱাই যদি যোৱা বাৰু কেতিয়াও নেমাতো দেই...

● মোৰ এই গান মোৰ উন্মেষ মোৰ এই সুৰ তোমাতেই শেষ..

● তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাথোঁ ছাঁই...


প্ৰতিটো গানে এতিয়াৰ পৰা তোমাৰ এই সময়ৰ কথাই ক'ব.. এতিয়াৰ পৰা গানবোৰো একে হৈ নাথাকিব দাদা.. একোৱেই একে হৈ নাথাকিব.. সেই চিতাখন আমাৰ বাবে সজোৱা চিতা.. আমাক উঠোৱা হ'ব তাত.. আজিৰ পৰা কেৱল তুমি জীয়াই থাকিবা, আমি চব মৰি থাকিম.. চব মৰি থাকিম...

         ✍️ কৌশিক

copy

 #highlight 

#followers

Rimpy Gogoi FB wall

 #মন_দি_পঢ়িব - মেনেজাৰ অনাঅসমীয়া সিদ্ধাৰ্থ শৰ্মাৰ অংকতো বুজি পাব।


জুবিনক তহঁতে কিমান জান ! এইবুলি কথাই কথাই দম্ভালি মৰা সিদ্ধাৰ্থ শৰ্মাই হয়টো নাজানে জুবিন দাৰ সৰল মনটো নুবুজা, নজনা মানুহ নোলাব। জুবিন দাৰ হাতত পইচা একেবাৰে নাথাকে, প্ৰয়োজন হ'লে তেওঁ লগত থকা কাৰোবাৰ পৰা, ড্ৰাইভাৰ, ছিকিউৰিটি গাৰ্ডৰ পৰা পইচা লয়, এই কথাতো বহুবাৰ তেওঁ কৈছে। আনকি তেওঁৰ অনলাইন পেইমেন্টৰ ব্যৱস্থা যেনে গুগল পে', ফোন পে' ইত্যাদিও নাই। 


ব'হাগ বিহুৰ সময়ত জুবিন গাৰ্গে অতি কমেও মাহটোত ৩৫-৪০ খন অনুষ্ঠান কৰে। সকলো অনুষ্ঠানৰ দৰ-দাম কৰে সিদ্ধাৰ্থই। গোটেই মাহটোত উপাৰ্জন হয় কোটী টকা, তাৰ হিচাপ জুবিনে লয় জানো! দিয়া হয়নে? বিজ্ঞাপন, প্ৰমোচন, প্ৰতিষ্ঠান উন্মোচন সেইবোৰ সকলো দৰ-দাম কৰে সিদ্ধাৰ্থ শৰ্মাই। ৰেকৰ্ডিঙ, ছচিয়েল মিডিয়া ৰেভিনিউ এইবোৰতো আছেই। 

নামী দামী ৰেষ্ট্ৰোৰাত খোৱাৰ অভ্যাসতকৈ সৰু সৰু হোটেল, পদপথত খাই ভাল পোৱা মানুহজন জুবিন।


দাদাই শেহতীয়াকৈ Range Rover খন যে লৈছিল তেতিয়া মানুহে ভাল পাইছিল, অন্তত দাদাই নিজৰ কাৰনে কিবা এটা লৈছে, বিহু অনুষ্ঠান কৰি পোৱা পইচাৰে। কিন্তু তাতো হেনো ৮০ লাখ টকা ধাৰ। ইমান দুখীয়া নে দাদা?


মিছন চাইনাৰ সময়ৰ কথা মনত আছেনে, বাজেট আছিল ২ কোটী। দাদাই কৈছিল চিনেমাখন বনোৱাৰ সময়ত টকাৰ অভাৱৰ কাৰনে মুম্বাইৰ ফ্লেটটো বিক্ৰী কৰিব বিচৰাৰ কথা।


দাদাই ঘৰ কিনিব খুজিও কিনিব নোৱাৰে ( মেছেজত ওলোৱা কথা)। তেন্তে দাদাই ওৰে নিশা গান গাই কষ্টৰে ঘটা টকাবোৰ যায় ক'লৈ ?? এই অনাঅসমীয়া মেনেজাৰটোৰ পকেটলৈ! কেৱল এয়াই নহয়, এইখিনি কথা নোলাবৰ কাৰণে জুবিন দাৰ আশে পাশে থকা বহু মানুহক মেনেজ কৰি থৈছিল সিদ্ধাৰ্থ শৰ্মাই।


কালি দুপৰীয়াৰ ভাগত আমি কেইজনমানে কথাখিনি আলোচনা কৰিছিলোহে আবেলিলৈ স্ক্ৰীণশ্বট ওলালেই, আৰু ওলাব অলপ অপেক্ষা কৰক।


এজন মেনেজাৰৰ বাবে ১৫ কোটিটকীয়া বিলাসী হোটেল, ৩ কোটীৰ বটলিং প্লান্ট, মিউজিক মেনেজমেন্ট অফিচ, গুৱাহাটীত কেইবাটাও ফ্লেট লোৱাতো সম্ভৱনে ?? উত্তৰ আমি পাইছোৱেই সেয়া কাৰ টকা আছিল। এতিয়া মাথো তদন্ত লাগে।

#সংগ্ৰহ 


#wewantjustice

Copied

Tuesday, September 23, 2025

Nilotpal Saikia post

 কাৰ লেখা নাজানো..সকলোৱে নিজৰ লগত ৰাখি থ'ব পৰাকৈ আপুৰুগীয়া...

দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়কজনৰ শেষ নিশা..... এয়াই হয়তু তেওঁৰ সেই মায়াবিনী ৰাতি.... অসমক সাৰে ৰাখি তেওঁ নিজে শুই আছে...গভীৰ প্ৰশান্তি ত.... যি প্ৰশান্তি খুউব জৰুৰী আছিল... আজি শুৱক...কোনেও আমনি নকৰে আপোনাক....লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা...

  নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত.... তাকে লিখি ৰাখো...

১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ। 

২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ‌ গীত-কথা- সুৰেৰে প্ৰতি নগৰ,প্ৰতি চহৰ,প্ৰতি গাওঁ,প্ৰতি চুবুৰী,প্ৰতিটো তিনিআলি-চাৰিআলি,প্ৰতিটো অফিচ-কাচাৰী,প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।

৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।

৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।

৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ। 

৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)...

৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।

৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ,কি বান্দৰ,কি ঘোঁৰা,কাউৰী.... উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ।

১০) অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।

১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।

১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ..... লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ... কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ....

১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।

১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত- পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।

১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী- কথা- গান দেখিলোঁ।

১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।

১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।

১৮) একে সময়তে মঠ- মন্দিৰ - সত্ৰ নামঘৰ- মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।

২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ..... পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।

২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।

২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত- ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ.....অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।

২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি  প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।

২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।

২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।

২৬) বিশ্বৰ উচ্চতম  বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

২৭) আমেৰিকান বেণ্ডে "মায়াবিনী " সুৰ তোলা দেখিলোঁ।

২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

২৯)  BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান( ৩০ চেপ্তেম্বৰ) ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।

৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।

৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।

৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি - ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।

৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।

৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।

৩৫) ৰেলৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।

৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ... সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ..... উলোটা ৰামধেনু দেখিলোঁ.... কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ....কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।

৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ 


ৰʼৱ....আৰু ঢেৰ দেখিলোঁ.....

 ৰৈ যোৱা বহু আশা দেখিলোঁ... আটাইতকৈ দামী সংগীতশিল্পীজনৰ অনাটন দেখিলোঁ..... আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ... কু স্বাৰ্থ দেখিলোঁ.....


   ইমানখিনি‌ দেখাৰ পাছত এতিয়া এটাই বাকী আছেগে... যাৰ বাবে আজি কাৰো চকুত টোপনি নাই... আজি যে তেওঁৰ শেষ ৰাতি.... আজি মায়াবিনী ৰাতি.... যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে....


( আমাৰ সন্তানে যেতিয়া সুধিব... ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম..... অনুমান কৰি লʼব তেওঁ কোন .... আমাৰ Boss কোন) জুবিন দা 💖🙏🏻


#ZubeenGarg #assam


(বি:দ্ৰ লেখাটো কাৰ জনা নাছিলো কিন্তু অলপ সময়ৰ আগত মূল লিখোতা NilotPal Saikia ডাঙৰীয়াই মোক মেচেজ কৰি জনাইছে যে তেওঁৰ লেখা এইটো৷ আপোনাক কৃতজ্ঞতা ভৰা ধন্যবাদ যাচিছোঁ জুবিন দাক জানিবৰ বাবে এনে এটা উৎকৃষ্ট লিখা আমাক উপহাৰ দিয়াৰ বাবে)

Rimpi Gogoi FB wall

 Shekhar Jyoti Goswami  লৈ_এক_বিনম্ৰ_অনুৰোধ 

মোৰ ব্যক্তিগত বিশ্বাস সংগীত কৰা মানুহে murder ৰ দৰে অপৰাধৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে ৷ কিন্তু টকা পইচাৰ হিচাপ ৰখা, সা সম্পত্তিৰ হিচাপ ৰখা মানুহে পাৰিব, কাৰণ দাদাৰ  টকাৰ হিচাপ কৰি কৰি তাৰ লোভ বাঢ়ি গ'ল ৷ মই নাভাবো Shekhar Goswami ৰ দৰে এজন সংগীত শিল্পীয়ে planning plotting কৰি দাদাৰ জীৱন শেষ কৰাৰ মানসিকতা পোষণ কৰিব পাৰিব  ৷ কিন্তু Shekhar দাই সকলো কথা জানে ৷ ভয়ত হয়তু আচল সত্য মুখ খোলা নাই ৷ তেওঁৰো এটা পৰিয়াল আছে,  সন্তান আছে ৷ প্ৰাণৰ ভয় সকলোৰে থাকে ৷ কিন্তু এতিয়া জুবিন দাৰ মৃত্যু ৰহস্যঘন হৈ অহাৰ লগে লগে মনৰ উত্তেজনাই খুলি খুলি খাইছে প্ৰতিজন অসমীয়াক ৷  গতিকে Shekhar দালৈ বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ আপুনি যি যি গোপন সত্য জানে কৈ পেলাওক ৷ দাদাৰ মৃত্যু স্বভাৱিক মৃত্যু নহয় ৷ আপুনি যদি দোষী নহয়, আপুনি সকলো বৃত্তান্ত লিখি এখন এজাহাৰ দিয়ক Shekhar দা ৷ কাকো ভয় কৰিব নালাগে ৷ আপুনি যদি সঁচাত আছে আপোনাৰ লগত আমি থাকিম,  গোটেই অসমীয়া জাতি থাকিব যদি দাদাই ন্যায় পায় ৷ আপুনি বিশিষ্ট শিক্ষাবিদ, সাহিত্যচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ গোস্বামীদেৱৰ পুত্ৰ, এজন সৎ আৰু সাহসী সমাজকৰ্মী তথা শিক্ষকৰ পুত্ৰ হৈ নিজে ন্যায়ৰ পথত আগবাঢ়ি আহক ৷ জুবিন দাক ন্যায় দিয়ক ৷ আপুনি যদি এজন প্ৰকৃত সংগীত শিল্পী হয় আৰু আপোনাৰ তেজত, প্ৰাণত, আত্মাত যদি সংগীত বৈ  আছে তেন্তে মিছাৰ আশ্ৰয় নোলোৱাকৈ আপুনি সকলো কথা কৈ পেলাওক ৷

(Shekhar দাক মই এই অনুৰোধ কৰাৰ কাৰণ সমূহ—

১) আটাইকেইটা পলাই আছে কিন্তু ৰইজৰ গালি গালাজ, ককৰ্থনা খাইও তেওঁ মিডিয়াৰ আগলৈ অন্ততঃ আহিছে ৷

২) দাদা নোহোৱা হ'লে দাদাৰ টকা বা সম্পত্তিৰ ভাগ তেওঁ নাপাই যে তেওঁ দাদাক মাৰাৰ ষড়যন্ত্ৰ কৰিব ৷ বৰঞ্চ দাদাৰ অবিহনে তেওঁৰ সংগীত জীৱনত লোকচান হে হ'ব ৷

৩) এজন ব্যক্তিগত মেনেজাৰৰ দৰমহা কিমান হ'ব পাৰে ? পঞ্চাশ হাজাৰ, এক লাখ, ডেৰ লাখ, দুই লাখ??? 

সেই দৰমহাৰে metro cityত ঘৰ, কোটি টকীয়া হোটেল, বটল factory কেনেকৈ সম্ভৱ? আপোনালোকে google ত চাবচোন Mukesh Ambani অথবা Neeta Ambaniৰ ব্যক্তিগত manager ৰ দৰমহা কিমান হ'ব পাৰে ৷ 

৪)  আৰু negligence ৰ কাৰণেই যদি দাদা হেৰাই গ‘ল তেন্তে সেই negligence manager ৰ ৷ মেনেজাৰ চাকৰিটোৰ duty দাদাৰ everything  চোৱা চিতা কৰা, দাদা য'ত যায় তাত গৈ enjoy কৰা তাৰ  duty নাছিল ৷

৫) শ্যামকানু মহন্ত ডাঙৰীয়াৰ প্ৰথম দায়িত্ব আছিল এই ক্ষেত্ৰত ৷ বিদেশলৈ নিছে without any security ৷ অসমৰ সম্পদ  এভাগ লৈ গৈছে কোনো security নাই ৷ আজি যদি Singapore বা বিদেশৰ আন কোনো এজন singer অসমলৈ আহিলহৈ তেন্তে without any security আহিলহৈ নে? কেতিয়াও নাহে ৷ হয়তো অপ্যায়ন কৰোতে যি খাবলৈ দিয়া হ'ব সেয়াও হয়তো পৰীক্ষা কৰিহে খাবলৈ দিলেহেতেন ৷ কিন্তু মহন্ত ডাঙৰীয়াৰ সময়ে নছিল business meet ত থাকোতে ৷)


*অনুগ্ৰহ কৰি Share কৰি দিব য়াতে Shekhar Goswami য়ে post টো পায় ৷*


#সংগ্ৰহ 


#highlight 

#highlighteveryone 

#nonfollowers 

#nonfollowersviewerseveryone

মৃদু নাথৰ প'ষ্ট

এইকেইদিন হিন্দু,মুছলিম,খ্ৰীষ্টান,জৈন,আহোম,কছাৰী,মৰাণ-মটক,বামুন,কোচ-কলিতা কোনো নাছিল অসমত।নাছিল কোনো ধনী-দুখীয়া কিম্বা ৰজা-মহাৰজা।সমগ্ৰ অসমত অসমীয়াই আছিল।এই একতা আৰু সমতাকে জুবিন দাই সদায় বিচাৰিছিল।গতিকে আমি সকলোৱেই অসমৰ স্বাৰ্থত সম্পীতিৰে আগুৱাই গলেহে জুবিন দাৰ আত্মায়ো শান্তি লভিব।মনত ৰখা উচিত যে সংস্কৃতি সুন্দৰ কৰি একতা স্থাপন কৰে আৰু ৰাজনীতিয়ে সদায় একতা বিনষ্ট কৰি নিজৰ মুনাফা লাভৰ যত্ন কৰে।

লক্ষ্য জ্যোতি নাথৰ প'ষ্ট

জুবিন দাৰ একেবাৰে শেহতীয়া ভিডিঅ'টো চালোঁ। দেখাৰ ভিতৰত জুবিন দায়ে লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰি আছে। অলপ কাষতে এজনে লাইফ জেকেট পিন্ধি সাঁতুৰি আছে। কিছুদূৰ আগত আৰু এজনকো সাঁতুৰি থকা যেন লাগিছে। নেদেখা কিন্তু ভিডিঅ'টোৰ কথা বতৰাত গম পাই যে নাওঁখনত ৪ জন মানে ঘটনাতো চাই বিভিন্ন পৰামৰ্শ দি ঘটনাৰ ওপৰতে এনেকৈ কথা বতৰা পাতি আছে। 


: অহ মাই গড, পাৰিব নে নোৱাৰে বে

: পাৰে

: ভাগৰ লাগিব

: সাঁতুৰিব জনা মানুহে নাভাগৰে

: কোনোবা যোৱা দেই লগত

(লগে লগে এজনে ক'লা লাইফ জেকেট এটা পিন্ধি জুবিন দাৰ ফালে অলপ সাঁতুৰিব যত্ন কৰিছে। হয়তো সাগৰৰ ঢৌ থকাৰ বাবে ভাগৰি গতি আকৌ কম হৈছে।)

: তলত ভৰি লাগিব নালাগে দেই

: ভাগৰ লাগি যাব

: ভাগৰ লাগি যাবটো

: দেখিবলৈ ওচৰ, কিন্তু দূৰ

: সাঁতুৰিব পাৰে কিন্তু মানুহটোৰ বেছি দম নাই না

: ঐ, এই তাতে যোৱাচোন, হেই ফালে যোৱা (জুবিন দা গৈছে)। যোৱা যোৱা যোৱা... 


          শেষৰ বাক্যতো নাওঁ এখনত আৰামত লাইফ জেকেট পিন্ধি বহি থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু এজনক এইফালৰ পৰা কোৱা হৈছে। তাৰ পাছত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে গোটেই ঘটনাটোৰ গুৰুত্ব বুজাই থকাৰ পাছতো পৰিস্থিতিক অৱহেলা কৰি বাওঁ হাতেৰে ইংগিতৰে জনাইছে একো নহয় সাঁতুৰিব দে।


           এই ভিডিঅ'টো চোৱাৰ পাছত জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জুবিন দাৰ প্ৰতি negligence (অৱহেলা) সম্পূৰ্ণকৈ স্পষ্ট হৈছে। তেওঁক জুবিন দাৰ মেনেজাৰ পাতি লগত এইবাবেই পঠোৱা হয় যাতে তেওঁ জুবিন দাক Care লব পাৰে, সময়ত ঔষধ দিব পাৰে, অসুবিধাত পৰিলে সহায় কৰিব পাৰে, জুবিন দায়ে নকৰিব লগীয়া কৰিব ধৰিলে মানা কৰিব পাৰে কিন্তু ভিডিঅ'টোত দেখা গৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন দাৰ Care লব যোৱা নাই। গৈছে জুবিন দাৰ নাম আৰু ধনৰে বিদেশত প্ৰমোদ ভ্ৰমণ কৰিবলৈ, ফুৰ্তি কৰিবলৈ। লাইফ জেকেট নিপিন্ধাকৈ অসুখীয়া দুৰ্বল জুবিন দা সাগৰৰ ঢৌ থকা পানীত সাঁতুৰি আছে, তেওঁ প্ৰথমে মানায়ে কৰিব লাগে আচলতে তথাপিও জুবিন দা পানীত নামিলে যেতিয়া তেওঁ বহি থকা নাওখন লৈ বিপদৰ বাবে লগে লগে জুবিন দাৰ কাষত থাকিব লাগে কিন্তু সেইয়া কৰাৰ সলনি মেনেজাৰ শৰ্মায়ে বাকী কেইজনে কৈ থকাৰ স্বত্বেও জুবিন দাৰ কাষলৈ যোৱাৰ সলনি বাওঁহাতে দেখুৱাই গোটেই ঘটনাটোক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে। আৰু মেনেজাৰ শৰ্মাৰ এই অৱহেলাৰ পৰিণাম কি হ'ল জুবিন দা আজি কাচৰ বাকচত সৰু সজাইত শুই আছে, কাইলৈ আবেলি জুবিন দা মাটিৰ লগত চাই হৈ মিলি যাব। এটা নাম, এটা নক্ষত্ৰ শেষ হৈ গ'ল একমাত্ৰ অৱহেলাৰ বাবে। 

             ব্যক্তিগত মেনেজাৰ কি টকা গণিবলৈ বনোৱা হৈছিল নেকি! ইমান অৱহেলা এজন অসুখীয়া, দুৰ্বল মানুহক লৈ। মই ইমান দিনে কোন দোষী লিখা নাছিলোঁ। কাৰণ মই সাধাৰণতে দুয়োপক্ষৰ কথা সম্পূৰ্ণকৈ নাজানিলে বা ঘটনাৰ প্ৰমাণ নাপালে দোষী সাব্যস্ত নকৰো। কিন্তু এই ভিডিঅ'টো পোৱাৰ পাছত ঘটনাটো বিশ্লেষণ কৰাত মোৰ অকণো খোকোজা লগা নাই। বাকী বহু কম বেছি দোষী আছে ইয়াত কিন্তু মূল দোষী এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ইচ্ছা কৰিলে তেওঁ জুবিন দাক পানীত নমাৰ পৰা ৰখাব পাৰিলে হৈ আৰু নমাৰ পাছতো লাইফ জেকেট নিপিন্ধা জুবিন দাৰ লগত নাওঁখন লৈ থাকি জুবিন দা ইমান বিপদত পৰাৰ আগেই নাওঁত তুলি লব পাৰিলেহেঁতেন। কিন্তু তেওঁ মচগুল নিজৰ প্ৰমোদ বিহাৰত, আৰু দায়িত্ব কি লৈ গৈছে! জুবিন গাৰ্গৰ ব্যক্তিগত মেনেজাৰ! চৰকাৰে এখেতৰ ওপৰত কঠোৰ ব্যৱস্থা লৈ জুবিন দাৰ বাবে যি সম্পত্তি-টকা গোটালে জব্দ কৰিব লাগে। এনে মানুহ ইয়াৰ বাবে যোগ্য নহয়।


- লক্ষ্য জ্যোতি নাথ, (উৎস ফেচবুক, ২৩.০৯.২০২৫)

জুবিন দাক মুখাগ্নি মুঠ চাৰিজনে ব্যক্তিয়ে কৰিছে

 জুবিন দাক মুখাগ্নি মুঠ চাৰিজনে ব্যক্তিয়ে কৰিছে। 

১.ভনীয়েক পামী বৰঠাকুৰ।

২.ভায়েক ঋতু প্ৰয়াগ গাৰ্গ (খুৰাকৰ পুত্ৰ)

৩.ৰাহুল গৌতম শৰ্মা,আৰু

৪.অৰুণ গাৰ্গ।।

এই অৰুণ গাৰ্গ কোন জানেনে ???

দৌলবাগান শিৱসাগৰৰ এজন আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰা ৷ গুৱাহাটীলৈ আহি  জুবিনদাৰ পৰিয়ালত এজন কৰ্মচাৰী হিচাপে আহিছিল ৷ আৰু জুবিনদাৰ পৰিয়ালৰ সদস্য হৈ পৰিল, সি জুবিন দা আৰু গৰিমা বৌ হতৰ লগত কাহিলীপাৰাতে থাকে ৷ জুবিন দাই তাক উপাধি দিলে গাৰ্গ ৷ সি হলগৈ অৰুণ গাৰ্গ। 

আজি জুবিনদাক সি মুখাগ্নি কৰিছে ৷

যোৱা দুদিন সৰুসজাইত জুবিন দাৰ গ্লাচৰ কফিন দিন ৰাতি মচি থকা লৰাটো আছিল সি।।

Arun Garg ভাই সঁচাকৈয়ে তুমি বৰ ভাগ্যৱান। জুবিন দাৰ শেষ মূহুৰ্তলৈকে সেৱা কৰিব পালা। 

#ZubeenGarg #zubeengargfanclub #ArunGarg


@copy 🙏🙏🙏

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...