Tuesday, September 23, 2025

Rimpi Gogoi FB wall

 Shekhar Jyoti Goswami  লৈ_এক_বিনম্ৰ_অনুৰোধ 

মোৰ ব্যক্তিগত বিশ্বাস সংগীত কৰা মানুহে murder ৰ দৰে অপৰাধৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে ৷ কিন্তু টকা পইচাৰ হিচাপ ৰখা, সা সম্পত্তিৰ হিচাপ ৰখা মানুহে পাৰিব, কাৰণ দাদাৰ  টকাৰ হিচাপ কৰি কৰি তাৰ লোভ বাঢ়ি গ'ল ৷ মই নাভাবো Shekhar Goswami ৰ দৰে এজন সংগীত শিল্পীয়ে planning plotting কৰি দাদাৰ জীৱন শেষ কৰাৰ মানসিকতা পোষণ কৰিব পাৰিব  ৷ কিন্তু Shekhar দাই সকলো কথা জানে ৷ ভয়ত হয়তু আচল সত্য মুখ খোলা নাই ৷ তেওঁৰো এটা পৰিয়াল আছে,  সন্তান আছে ৷ প্ৰাণৰ ভয় সকলোৰে থাকে ৷ কিন্তু এতিয়া জুবিন দাৰ মৃত্যু ৰহস্যঘন হৈ অহাৰ লগে লগে মনৰ উত্তেজনাই খুলি খুলি খাইছে প্ৰতিজন অসমীয়াক ৷  গতিকে Shekhar দালৈ বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ আপুনি যি যি গোপন সত্য জানে কৈ পেলাওক ৷ দাদাৰ মৃত্যু স্বভাৱিক মৃত্যু নহয় ৷ আপুনি যদি দোষী নহয়, আপুনি সকলো বৃত্তান্ত লিখি এখন এজাহাৰ দিয়ক Shekhar দা ৷ কাকো ভয় কৰিব নালাগে ৷ আপুনি যদি সঁচাত আছে আপোনাৰ লগত আমি থাকিম,  গোটেই অসমীয়া জাতি থাকিব যদি দাদাই ন্যায় পায় ৷ আপুনি বিশিষ্ট শিক্ষাবিদ, সাহিত্যচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ গোস্বামীদেৱৰ পুত্ৰ, এজন সৎ আৰু সাহসী সমাজকৰ্মী তথা শিক্ষকৰ পুত্ৰ হৈ নিজে ন্যায়ৰ পথত আগবাঢ়ি আহক ৷ জুবিন দাক ন্যায় দিয়ক ৷ আপুনি যদি এজন প্ৰকৃত সংগীত শিল্পী হয় আৰু আপোনাৰ তেজত, প্ৰাণত, আত্মাত যদি সংগীত বৈ  আছে তেন্তে মিছাৰ আশ্ৰয় নোলোৱাকৈ আপুনি সকলো কথা কৈ পেলাওক ৷

(Shekhar দাক মই এই অনুৰোধ কৰাৰ কাৰণ সমূহ—

১) আটাইকেইটা পলাই আছে কিন্তু ৰইজৰ গালি গালাজ, ককৰ্থনা খাইও তেওঁ মিডিয়াৰ আগলৈ অন্ততঃ আহিছে ৷

২) দাদা নোহোৱা হ'লে দাদাৰ টকা বা সম্পত্তিৰ ভাগ তেওঁ নাপাই যে তেওঁ দাদাক মাৰাৰ ষড়যন্ত্ৰ কৰিব ৷ বৰঞ্চ দাদাৰ অবিহনে তেওঁৰ সংগীত জীৱনত লোকচান হে হ'ব ৷

৩) এজন ব্যক্তিগত মেনেজাৰৰ দৰমহা কিমান হ'ব পাৰে ? পঞ্চাশ হাজাৰ, এক লাখ, ডেৰ লাখ, দুই লাখ??? 

সেই দৰমহাৰে metro cityত ঘৰ, কোটি টকীয়া হোটেল, বটল factory কেনেকৈ সম্ভৱ? আপোনালোকে google ত চাবচোন Mukesh Ambani অথবা Neeta Ambaniৰ ব্যক্তিগত manager ৰ দৰমহা কিমান হ'ব পাৰে ৷ 

৪)  আৰু negligence ৰ কাৰণেই যদি দাদা হেৰাই গ‘ল তেন্তে সেই negligence manager ৰ ৷ মেনেজাৰ চাকৰিটোৰ duty দাদাৰ everything  চোৱা চিতা কৰা, দাদা য'ত যায় তাত গৈ enjoy কৰা তাৰ  duty নাছিল ৷

৫) শ্যামকানু মহন্ত ডাঙৰীয়াৰ প্ৰথম দায়িত্ব আছিল এই ক্ষেত্ৰত ৷ বিদেশলৈ নিছে without any security ৷ অসমৰ সম্পদ  এভাগ লৈ গৈছে কোনো security নাই ৷ আজি যদি Singapore বা বিদেশৰ আন কোনো এজন singer অসমলৈ আহিলহৈ তেন্তে without any security আহিলহৈ নে? কেতিয়াও নাহে ৷ হয়তো অপ্যায়ন কৰোতে যি খাবলৈ দিয়া হ'ব সেয়াও হয়তো পৰীক্ষা কৰিহে খাবলৈ দিলেহেতেন ৷ কিন্তু মহন্ত ডাঙৰীয়াৰ সময়ে নছিল business meet ত থাকোতে ৷)


*অনুগ্ৰহ কৰি Share কৰি দিব য়াতে Shekhar Goswami য়ে post টো পায় ৷*


#সংগ্ৰহ 


#highlight 

#highlighteveryone 

#nonfollowers 

#nonfollowersviewerseveryone

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...