জুবিন দাৰ একেবাৰে শেহতীয়া ভিডিঅ'টো চালোঁ। দেখাৰ ভিতৰত জুবিন দায়ে লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰি আছে। অলপ কাষতে এজনে লাইফ জেকেট পিন্ধি সাঁতুৰি আছে। কিছুদূৰ আগত আৰু এজনকো সাঁতুৰি থকা যেন লাগিছে। নেদেখা কিন্তু ভিডিঅ'টোৰ কথা বতৰাত গম পাই যে নাওঁখনত ৪ জন মানে ঘটনাতো চাই বিভিন্ন পৰামৰ্শ দি ঘটনাৰ ওপৰতে এনেকৈ কথা বতৰা পাতি আছে।
: অহ মাই গড, পাৰিব নে নোৱাৰে বে
: পাৰে
: ভাগৰ লাগিব
: সাঁতুৰিব জনা মানুহে নাভাগৰে
: কোনোবা যোৱা দেই লগত
(লগে লগে এজনে ক'লা লাইফ জেকেট এটা পিন্ধি জুবিন দাৰ ফালে অলপ সাঁতুৰিব যত্ন কৰিছে। হয়তো সাগৰৰ ঢৌ থকাৰ বাবে ভাগৰি গতি আকৌ কম হৈছে।)
: তলত ভৰি লাগিব নালাগে দেই
: ভাগৰ লাগি যাব
: ভাগৰ লাগি যাবটো
: দেখিবলৈ ওচৰ, কিন্তু দূৰ
: সাঁতুৰিব পাৰে কিন্তু মানুহটোৰ বেছি দম নাই না
: ঐ, এই তাতে যোৱাচোন, হেই ফালে যোৱা (জুবিন দা গৈছে)। যোৱা যোৱা যোৱা...
শেষৰ বাক্যতো নাওঁ এখনত আৰামত লাইফ জেকেট পিন্ধি বহি থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু এজনক এইফালৰ পৰা কোৱা হৈছে। তাৰ পাছত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে গোটেই ঘটনাটোৰ গুৰুত্ব বুজাই থকাৰ পাছতো পৰিস্থিতিক অৱহেলা কৰি বাওঁ হাতেৰে ইংগিতৰে জনাইছে একো নহয় সাঁতুৰিব দে।
এই ভিডিঅ'টো চোৱাৰ পাছত জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জুবিন দাৰ প্ৰতি negligence (অৱহেলা) সম্পূৰ্ণকৈ স্পষ্ট হৈছে। তেওঁক জুবিন দাৰ মেনেজাৰ পাতি লগত এইবাবেই পঠোৱা হয় যাতে তেওঁ জুবিন দাক Care লব পাৰে, সময়ত ঔষধ দিব পাৰে, অসুবিধাত পৰিলে সহায় কৰিব পাৰে, জুবিন দায়ে নকৰিব লগীয়া কৰিব ধৰিলে মানা কৰিব পাৰে কিন্তু ভিডিঅ'টোত দেখা গৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন দাৰ Care লব যোৱা নাই। গৈছে জুবিন দাৰ নাম আৰু ধনৰে বিদেশত প্ৰমোদ ভ্ৰমণ কৰিবলৈ, ফুৰ্তি কৰিবলৈ। লাইফ জেকেট নিপিন্ধাকৈ অসুখীয়া দুৰ্বল জুবিন দা সাগৰৰ ঢৌ থকা পানীত সাঁতুৰি আছে, তেওঁ প্ৰথমে মানায়ে কৰিব লাগে আচলতে তথাপিও জুবিন দা পানীত নামিলে যেতিয়া তেওঁ বহি থকা নাওখন লৈ বিপদৰ বাবে লগে লগে জুবিন দাৰ কাষত থাকিব লাগে কিন্তু সেইয়া কৰাৰ সলনি মেনেজাৰ শৰ্মায়ে বাকী কেইজনে কৈ থকাৰ স্বত্বেও জুবিন দাৰ কাষলৈ যোৱাৰ সলনি বাওঁহাতে দেখুৱাই গোটেই ঘটনাটোক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে। আৰু মেনেজাৰ শৰ্মাৰ এই অৱহেলাৰ পৰিণাম কি হ'ল জুবিন দা আজি কাচৰ বাকচত সৰু সজাইত শুই আছে, কাইলৈ আবেলি জুবিন দা মাটিৰ লগত চাই হৈ মিলি যাব। এটা নাম, এটা নক্ষত্ৰ শেষ হৈ গ'ল একমাত্ৰ অৱহেলাৰ বাবে।
ব্যক্তিগত মেনেজাৰ কি টকা গণিবলৈ বনোৱা হৈছিল নেকি! ইমান অৱহেলা এজন অসুখীয়া, দুৰ্বল মানুহক লৈ। মই ইমান দিনে কোন দোষী লিখা নাছিলোঁ। কাৰণ মই সাধাৰণতে দুয়োপক্ষৰ কথা সম্পূৰ্ণকৈ নাজানিলে বা ঘটনাৰ প্ৰমাণ নাপালে দোষী সাব্যস্ত নকৰো। কিন্তু এই ভিডিঅ'টো পোৱাৰ পাছত ঘটনাটো বিশ্লেষণ কৰাত মোৰ অকণো খোকোজা লগা নাই। বাকী বহু কম বেছি দোষী আছে ইয়াত কিন্তু মূল দোষী এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ইচ্ছা কৰিলে তেওঁ জুবিন দাক পানীত নমাৰ পৰা ৰখাব পাৰিলে হৈ আৰু নমাৰ পাছতো লাইফ জেকেট নিপিন্ধা জুবিন দাৰ লগত নাওঁখন লৈ থাকি জুবিন দা ইমান বিপদত পৰাৰ আগেই নাওঁত তুলি লব পাৰিলেহেঁতেন। কিন্তু তেওঁ মচগুল নিজৰ প্ৰমোদ বিহাৰত, আৰু দায়িত্ব কি লৈ গৈছে! জুবিন গাৰ্গৰ ব্যক্তিগত মেনেজাৰ! চৰকাৰে এখেতৰ ওপৰত কঠোৰ ব্যৱস্থা লৈ জুবিন দাৰ বাবে যি সম্পত্তি-টকা গোটালে জব্দ কৰিব লাগে। এনে মানুহ ইয়াৰ বাবে যোগ্য নহয়।
- লক্ষ্য জ্যোতি নাথ, (উৎস ফেচবুক, ২৩.০৯.২০২৫)
No comments:
Post a Comment