Sunday, September 28, 2025

প্ৰণৱ কুমাৰ বৰ্মন FB wall

 জুবিন গাৰ্গে ভোকতো খাবলৈ নোপোৱা ভাত সাজ....


১১ নৱেম্বৰ, ২০১০ চন।জুবিন গাৰ্গে সংগীত শিল্পী ,তেখেতৰ বন্ধু দীপক দাসক সুধিলে - প্ৰণৱ ক'ত থাকে।তাক লৈ আহ।" বাঁহী" ৰ গান এটা লিখাও।দীপক দাই ফোন কৰিলে নিশা ১২:৩০ মান বজাত।তেতিয়া ভাৰাঘৰত খাই বৈ দীপজ্যোতি মই শুই আছোঁ।তথাপি ফোনটো ধৰিলোঁ।দীপক দাই ক'লে - তোমালোকৰ ভাৰাঘৰৰ সমুখত মই। জুবিনে মাতিছে।খপজপকৈ উঠি ,পেন্ট ছাৰ্ট পিন্ধি দীপ ,মই গৈ গাড়ীত বহিলো।গৈ জোনালীৰ এন কে ষ্টুডিঅ' পালোঁ।জুবিন গাৰ্গে সুৰ এটা শুনালে।মই ডায়েৰি এটা লৈয়েই গৈছিলোঁ।জুবিনদাই ক'লে- লিখ এই সুৰমতে।আমিও এটা উচ্চ মানৰ গীত লিখিম বুলি কলম চলালো।তেওঁ কাষতে বহি চাই থাকিল।ক'লে - এইবোৰ কোনে বুজি পাব? ঠেলাৱালা ,ৰিক্সাৱালাই বুজাকৈ লিখ।ঠেলাৱালা ,ৰিক্সাৱালাই কি গান বুজে ভবাত অলপ কষ্ট হ'ল।দীপৰ সতে সকাহ ল'বলৈ অলপ বাহিৰলৈ আহিলোঁ।দীপে ক'লে - ইমান ধুনীয়া কথা লিখিছে - জুবিনদাই কি কয় দেখোন!দীপক দা ওলাই আহিল - ক'লে - ভিতৰলৈ মাতিছে।সময়ো গৈ আছে।সকলোৰে টোপনি যাব খুজিছে।- ধোঁৱা সোপা খাই থাক।তাতকৈ চাধা খাবি।আকৌ কলম তুলিলোঁ।তেওঁ সুৰটো আওৰাই আছে।ডায়েৰিত লিখা নতুন শাৰীটো- সাগৰ সাগৰ।তেওঁ ডায়েৰিটো লৈ - আকৌ লিখিলে - সাগৰ সাগৰ,ডাৱৰ ডাৱৰ। নিশা ৩ মান বাজিছিল।দীপক দাৰ ওপৰত এখন পাৰ্লাৰ আছিল।তেওঁ শুবলৈ গ'ল।দ্বীপো ওপৰলৈ গ'ল।জুবিনদাৰো খোজ অলপ অস্থিৰ ।চাধা খাই খাই থুৱাই আছিল।মই বাহিৰলৈ ওলাই আহো।তেওঁ আহি আকৌ লৈ যায় ভিতৰলৈ।ড্ৰয়াৰৰ পৰা কিতাপ এখন উলিয়াই আনিলে- শব্দ অনুভূতি।তেওঁৰ নিজৰে কাব্যগ্ৰন্থ। এটাৰ পাছত এটা কবিতা মাতি শুনালে- মোৰ সমান কোনেও লিখিব নোৱাৰে বুজিছ।তাৰপাছত কিতাপ খনত বাক্য এটা লিখিলে -THINK BUDDHA - LOVE-ZUBIN.যিখন আজি মোৰ বাবে এক অমূল্য সম্পদ। তাৰপাছত তেখেতে ক'লে - এছ ডি বৰ্মনৰ গানৰ কাম কৰি আছোঁ,শুন।গানবোৰ শুনিলোঁ( ৬ মাহ মান আগতে যাওতেও সেইকেইটা গানৰে কাম কৰি আছিল আৰু শুনাইছিল- ১৫ বছৰ পাছত।) গান শুনা শেষ হ'ল।জুবিন গাৰ্গৰ ভোক লাগিছিল।ৰান্ধনীৰ পৰা সকলো ঘোৰ নিদ্ৰাত।পাকঘৰৰ পৰা ভাতৰ ঠাল এখন আনি খঙত জকি উঠিল জুবিন দা।ঠাল খনত কৰ্কৰা যেন ভাতৰ মখা এটা আৰু তাৰ ওপৰত ঠাণ্ডাত গোট মৰা দাইল অক'মান।চিঞৰি চিঞৰি তেওঁ ক্ষোভত ক'বলৈ দিলোঁ- বজাৰ কৰিবলৈ গধূলিতে পইচা দিলোঁ কে..নিজে খাই এইডাল ৰাখিছ।ভয়ত সকলো পেপুৱা লাগিল।জুবিন গাৰ্গে উগ্ৰ ৰূপ ধৰিলে ভোকৰ ভাতসাজ সুন্দৰকৈ খাবলৈ নাপাই।ৰিচিপচন কোঠাত থকা বটল কেবাটাও ভাঙিলে।চিডিত কাম কৰা চতিয়াৰ ফালৰ দুজনমান অভিনেতা উঠি আহিল।দীপক দা,দ্বীপজ্যোতি আহিল।আমি আগচি ধৰি শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ।কিন্ত্ত সম্ভৱ নাছিল।বহু সামগ্ৰী তেওঁ তললৈ দলিয়াই দিলে- মোৰ কাৰণে চলি আছ সকলো।এই ষ্টুডিঅ' মোৰ কাৰণে চলি আছে।কৈ দিবি সবকে।আধাঘন্টা মান পাছত তেওঁ ক্ষান্ত হ'ল।তেওঁৰ লগত তললৈ নামি আহিলো।তেতিয়া ৰাতি পুৱাইছিল।চাইকেলত পাচলিৰ বেপাৰ কৰা বেপাৰীজনৰ পৰা সুন্দৰকৈ বজাৰ কৰিলে আৰু নিৰৱে গাড়ীত উঠি গুচি গ'ল।কিছু সময় আমি কথাটো আলোচনা কৰিলো- জুবিন গাৰ্গৰ দৰে তৰাটোৰ ৰাতি ভালকৈ খাবলৈ ভাত সাজ যতনাই দিবলৈও মানুহৰ গুৰুত্ব নাই- তেঁৱেই  মাছ মাংস বজাৰ কৰিবলৈ পইচা দিলে অথচ খাবলৈ গৈ খাব নাপালে ।চিটিবাছ বোৰ চলিবলৈ আৰম্ভ কৰিছিল।  দ্বীপ মই চিটিবাছ এখনত জপিয়াই উঠিলোঁ।ভালেমান দিন এই কথাটোৰ আলোচনা চলিল- ভোকত জুবিন গাৰ্গৰো ভাত নাথাকে!!!

Dhruba Jyoti Aura FB Wall

 The Aura of ঈশ্বৰপুত্ৰ : 

তাক মই ঈশ্বৰপুত্ৰ বুলিয়েই সম্বোধন কৰোঁ । তাৰ গান শুনিছিলোঁ কিন্তু সি মানুহটো কি মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । তাৰ কণ্ঠৰ - অ’ পলাশ শিমলুটো মোৰ প্ৰিয় গীত ( যদিওঁ মুল গীতটো বৈকুণ্ঠ গগৈয়ে গাইছে )  ৷ 

কি আছিল সি ? 

দৰাচলতে সি এক অমূল্য সম্পদ আছিল আমাৰ । মাত্ৰ আমি সময়ত তাক চিনিও চিনি নাপালোঁ । তাৰ সংগীতৰ জ্ঞানৰ গভীৰতাৰ বিষয়ে জানিবলৈ বাবু আৰু তাৰ মঞ্চৰ ধেমালিখিনিয়েই যথেষ্ট ৷ পেদেল মাৰি মাৰি গানটো বাবুৰ সৈতে একেলগে গাই হঠাতে সি ৰৈ দিছিল । বাবুক কৈছিল - এইখিনিত ৰৈ দে । Silence টো দৰকাৰী । 

 নীৰৱতাকো সংগীতৰ লয়ত ব্যৱহাৰ কৰিব পৰাৰ দক্ষতাই কয় সি কিয় জুবিন গাৰ্গ ৷ ৰীতা বাইদেউৰ যাদুকৰী পডকাষ্টটোৰ বিষয়ে কিছুদিনৰ পিছত লিখিম । তাত থকা বাংময় নীৰৱতাখিনিক বুজিবলৈ মোক আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব । আত্মোপলদ্ধি আৰু ভূমিৰ পৰা ভূমালৈ বৃহত্তৰ ৰূপত দেখা দিয়া এই জুবিন মোৰ বাবে অচিনাকি । 

 " হেহ ! মানুহে বুজি নাপাব । " - সি কোৱাখিনিতে ৰৈ আছোঁ । 

 এৰা , আমি বুজি নাপালোঁ। 

 জুবিনক লৈ দৰাচলতে অলেখ গৱেষণা হ’ব লাগিছিল ।  বৌদ্ধিক দৈন্যতাত আক্ৰান্ত অসমীয়া তথাকথিত বৌদ্ধিক সমাজে জুবিনক কোনোকালেই উপলব্ধি কৰিব নোৱাৰিলে । সহস্ৰ সাক্ষাৎকাৰেও জুবিনক স্বৰূপত ভাস্বৰ কৰিব নোৱাৰিলে ।  ব্যতিক্ৰম মাত্ৰ এই অন্তিম পডকাষ্টটো । 

মানুহৰ দৃষ্টিৰে অলৌকিক যেন কথাবোৰো বহু আগৰে পৰা হৈ আছিল । বিশাল প্ৰকৃতিত জুবিনৰ অৱস্থান কি আছিল ?

জুবিনৰ ফটোৰ আগত পৰি ৰোৱা কাছ ,কুকুৰ ,ঘোঁৰা , ষাঁড় ,কাউৰী ,বগলী ,বান্দৰ সকলোবোৰ কাকতালীয় নে ? 

ইন্টাৰভিউ এটাত দেখিলো -  বনৰীয়া বাঢ়ৈটোকা চৰাই এটাই জুবিনে হাত মেলি দিওঁতে হাতত আহি বহি লৈছিল। জুবিনে তাক বুকুত আলফুলে সাৱটি লৈ দুদিন লগত ৰাখিলে । ষ্টুডিঅ’ত বনৰীয়া অজগৰ এটা বগাই ফুৰিছিল তাৰ লগতে । ইন্টাৰভিউটো দিছিল শেখৰ গোস্বামী আৰু জুবিনৰ দীৰ্ঘদিনৰ সংগী বাদ্যযন্ত্ৰী ৰাজা দাই । মিছা হোৱাৰ সামান্যতমো অৱকাশ নাই । জীৱনৰ অন্তিম পডকাষ্টটোত তেওঁ কৈ গৈছে বাঘ এটা পুহি তেওঁ কিদৰে তাৰ লগত উমলি আছিল ।

এইখিনিৰ বাখ্যা কি দৰে কৰিম ?

জুবিনৰ aura টো কিমান শক্তিশালী আছিল যে তাৰ প্ৰভাৱত বনৰীয়া জীৱয়ো তেওঁৰ উচৰত বইচ হৈ দিয়ে ?  

Aura বুলি ক’লে বহুতে তিৎকাৰি পাৰিব । গতিকে তাক আধুনিক বিজ্ঞানৰ ভাষাৰেই কওঁ - bioelecromagnetic field ৷ এই বায়’ ইলেক্ট্ৰ’মেগ্লেটিক ফীল্ডখনৰ ভিন্ন ৰঙৰ প্ৰতিফলনেই হ’ল Aura ৷ এই ৰঙৰ ধাৰণাটো এতিয়াও প্ৰমাণিত হোৱা নাই যদিও ইয়াৰ ওপৰত কিন্তু গৱেষণা চলি আছে । 

জীৱ জন্তুবোৰে এই BioElectromagnetic field খন অনুভৱ কৰিব পাৰে কাৰণ মানুহতকৈ ইহঁতৰ ষষ্ঠেন্দ্ৰিয় বহু বেছি শক্তিশালী । 

 জুবিনৰ এই Bioelectromagnetic field খন অন্য সাধাৰণ দহজনকৈ বহু বেছি গুণ শক্তিশালী আৰু ধনাত্মক আছিল যে এই জীৱজন্তুবোৰে তেওঁৰ ওচৰত বইচ হৈ দিছিলহি । শেখৰে ইন্টাৰভিউটোত কৈছেই হয়টো দাদাৰ ভাইবটো ইমান বেছি পজিটিভ আছিল যে জীৱ জন্তু চৰাই চিৰিকতিয়েও তেওঁৰ ওচৰত আশ্বস্ত হৈছিলহি । 

 এই বিষয়ে গৱেষণা কৰিবলৈ দাদা পাৰ্থিৱ শৰীৰটোৰেই বিনাশ ঘটিল । সহস্ৰ বৰ্ষত এনে ব্যক্তি এজনৰহে জন্ম হয় যাৰ মৃত্যুত প্ৰকৃতিও বেদনাত দগ্ধ হয় । 

 সেয়ে তেওঁ ঈশ্বৰপুত্ৰ । 

 নাম - জুবিন গাৰ্গ ।

Saturday, September 27, 2025

ড: ৰঞ্জিতা বনিয়া FB Wall

 Unspoken Words of Mini 

ঐ ছোৱালী...... তোৰ গানটো কিন্তু  ময়ে‌‌ই গাম!


দুসংবাদটো পোৱাৰ পৰা ভাবি আছো  কিবা এটা  লিখিম। কিন্তু লিখিবলৈ যেন শব্দবোৰে লগ দিয়া নাই। সপোন সপোন লগা জীৱন, কাকতলীয় ঘটনাবোৰো।  মোৰ জীৱনৰ প্ৰতিটো মৃত্যুৱে কঢ়িয়াই অনা সত্যৰ দৰে মই নাজানো সমগ্ৰ অসম কপোৱা এই মৃত্যুৱে কোনটো সত্য কঢ়িয়াই আনিব। 

মোক আপোন বুলি ভবা সকলৰ বাদে আনে মোক তই বুলি ক'লে মই  বৰ বেয়া পাও, সঁহাৰি দিয়াটোতো দূৰৰে কথা ( যিদৰে সেইদিনা অম্বেশ্বৰ ৰাজখোৱাক দিয়া নাছিলো! বহু সময়ত হেমন্তও এই ৰোষত পৰে)। 


কিন্তু কিয় জানো তেওঁ যেতিয়া কৈছিল...   তই বৰহাটৰ? আৰে তইচোন আমাৰ ঘৰৰে ছোৱালী! বৰহাটত মোৰ ঘৰ আছে নহয়।  মোৰ দুখন ঘৰ- এখন জাঁজীত আৰু এখন বৰহাটত। ইটো সিটোকৈ আৰু বহুত কিবা কিবি.......... 

ক'তা মোৰচোন  অলপো খঙ নুঠিল। ইমানেই আপোন কৰিব পাৰে মানুহজনে। বহুবাৰ তেওঁৰ অনুষ্ঠান উপভোগ কৰিছো, ভিৰৰ মাজত থিয় হৈ চিঞৰি চিঞৰি মোৰ বেসুৰা মাতেৰে লগৰবোৰৰ লগত তেওঁৰ গীত আওৰাইছো। কেতিয়াবা আকৌ অভিমানত ৫০০ মিটাৰ দূৰৈৰ (চৌকিডিঙি) অনুষ্ঠানলৈও যোৱা নাই (গলাধকৰণ কৰি নিজকে ধ্বংস কৰিলে বুলি )! কিন্তু বেলকনিৰ সেউজীয়াখিনিৰ মাজত বহি  জোনৰ পোহৰত  মাইকত ভাহি অহা প্ৰিয় শিল্পীজনৰ গীত পুৱতি নিশা লৈকে শুনিছোঁ (লগতে হেমন্তৰ বাবে অপেক্ষাও কৰিছো-  চৰম সীমা, তেওঁ  গোটেই ৰাতিটো  ASTC ত বহি বন্ধুবৰ্গৰ লগত গীত শুনি শুনি আড্ডাত মচগুল, পাছদিনা আকৌ  বেঙ্কো খোলা 😶)  মই পিছে কেতিয়াও  ব্যক্তিগতভাৱে তেখেতক লগ পোৱা নাছিলো, চেষ্টাও কৰা নাই  বাৰু। 


প্ৰথমবাৰ ক্ষন্তেকৰ বাবে লগ পাই  মোক ইমান আপোন কৰি ললে যেন বহুদিনৰ চিনাকি। সেয়াই তেওঁৰ পৰিচয়। ইমান কম সময়ত বহু কথাৰ মাজত মই মোৰ  বিশ্ববিদ্যালয় দিনতে লিখা  শব্দ কেইটামান তেওঁক শুনাবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। মোৰ অলপ সন্দেহ আছিল, তেওঁ যদি নুশুনে !হাজাৰজন  দৰ্শকৰ আগত আজি মন নাই - গান নাগাও বুলি কোৱা মানুহজনহে😔! কিন্তু তেওঁ মোক ভূল প্ৰমাণিত কৰি বৰ মন দি শুনিলে। কেৱল শুনাই নহয়, পিছ মূৰ্হুততে তেওঁ গুণগুণালে......

মৰম দিলে মৰম দিয়াৰ কথা যে ছি্ল'

পায়ল পিন্ধে ঝুমুৰ  নাচাৰ কথা যে ছি্ল'

না ভুলাবেৰে মিনি, না ভূলাবে।

মাদলেৰ তালে তালে দেহা লহৰায় 

ফাগুনৰ হাৱায় যখন আচল উড়ায়

না ভুলাবেৰে মিনি, না ভুলাবে.......

..............

..............

..............

I love it.

এইটো হিট হব চাবি। 

মই কৈছোঁ তোক।

শব্দবোৰ বৰ‌ ভাল  হৈছে।

সাংঘাতিক ৰোমাণ্টিক বে তই। 

 চকু কেইটা ইফাল সিফাল কৰি সময়খিনি  পাৰ হোৱালৈ বাট চাইছো। মই অলপ অপ্ৰস্তুতো হৈছো, মোক আজিলৈকে কোনেও "বে" বুলি কোৱা মনত পৰা নাই, হেমন্তৰ কাৰোবাৰ ওপৰত সেই অভং খঙটো উঠাৰ বাদে, তথাপিও মই সঁকীয়াই দিওঁ তেওঁ সেইবোৰ শব্দ ব্যৱহাৰ কৰি মোৰ লগত কথা পাতিব নোৱাৰে।

মোৰ অৱস্থাটো দেখি তেওঁ আকৌ ক'লে 

.....  ইমান দিন হ'ল.... কিয় সাঁচি ৰাখিচ' ইমান ধুনীয়া গানটো?  তেওঁ আকৌ গুণাগুণালে..... মৰম দিলে......

উফ! মোৰ যেন বিশ্বাসেই হোৱা নাই। তেওঁৰ সুন্দৰ কন্ঠত মোৰ শব্দবোৰে প্ৰাণ পাই উঠিছে। ইমান মিঠা সুৰ।

- তোৰ লগত কথা পাতি‌তো লগা নাই তই বাগানীয়া কও। সঁচাকৈ ক..... তই জান' জানো- মুখত সৰু ল'ৰাৰ দৰে দুষ্টামিভৰা হাহি। মই আচৰিত হোৱা নাই। এইবাৰ মই অপ্ৰস্তুতো নহয়।জীৱনত বহুবাৰ শুনিছোঁ কথাষাৰ- কিয় জানো মানুহৰ ধাৰণা যে মই মোৰ জন্ম ভাষাটো ভালকৈ কব নাজানো। মই একো উত্তৰ নিদিলো। সঁচা কথাৰ স্পষ্টীকৰণৰ প্ৰয়োজন থাকে বুলি মই বিশ্বাস নকৰো।


-আচলতে মই গীত লিখা মানুহ একেবাৰে নহয়। কেতিয়াবা নিজানত ডায়েৰীৰ পাতত  শব্দৰ লগত খেলি ভাল পাওঁ, তাকো হৃদয়ৰ  একান্ত তাগিদাত (ড়ায়েৰীৰ পাতৰ পৰা বাহিৰলৈ উলিওৱাৰ  কথা পিছে কেতিয়াও ভবাই নহ'ল)। তেনে কোনো দুৰ্বল মূহূৰ্ত্তৰ পৰিণতি এই শব্দবোৰ। শেষৰ শাৰীবোৰ মোৰ নিজৰো ভালকৈ তেতিয়া মনত নপৰিল। ধূলিৰ মাজত পোত খোৱা ড়ায়েৰীত বিচাৰিলে  মাহতৰ ঘৰত ক'ৰবাত উলাব।

আকৌ ক'লে.....সেই আকৰীজনী। ক' আকৌ। ইমান দিনে আৰু বহুত কিবা কিবি লিখিব পাৰিলিহেতেন (হঠাৎ হেমন্তলৈ মনত পৰি গ'ল । অ' মইতো আকৰীয়েই, তাত কোনো সন্দেহেই নাই। চলচলীয়া চকুযুৰীৰে বৈ আহিব খোজা চকুপানীখিনিক বাধা দি ক'লো- ক্ষমা কৰিবা, এই মূহুৰ্তটো তোমাক দিব নোৱাৰো)।

লাহেকৈ কলো -মই ভাষাৰ শুদ্ধ উচ্চাৰণত বৰ  গুৰুত্ব দিওঁ। আজিলৈকে যিমান বোৰ  গায়কৰ ( জনগোষ্ঠীৰ বাহিৰৰ) গীত  জনপ্ৰিয় হৈছে, আপোনাৰ বাদে , মই কতোৱেই সন্তুষ্ট নহয়, উচ্চাৰণৰ ক্ষেত্ৰত। এই কথাটো মোৰ ঘনিষ্ঠমহলৰ লগত বহুবাৰ আলোচনাও কৰিছো । বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা লেখৰাজ নন্দকো এবাৰ কৈছিলো, গায়কে যে  গীতৰ লেখকক উপযুক্ত স্বীকৃতি নিদিয়ে, সেই অভিমানো দেখিছো/অভিযোগো শুনিছোঁ । আৰু আপুনি মোৰ দৰে চিন চাপ নথকা মানুহৰ গান কিয় গাব'?

 - তাৰ মানে মই ভাল গাও-  

মোক আকৌ অপ্ৰস্তুত কৰি তেওঁ যেন ৰঙহে চাব বিচাৰিছে। ....অ', আপোনাৰ উচ্চাৰণ স্পষ্ট - কোনোবা পুৰণি আপোন মানুহক কোৱাৰ দৰে কলো। বহুদিন কম কম বুলি ভাবি থকা চিন্তাবোৰ অসমৰ সংগীত জগতৰ শীৰ্ষৰ মানুহজনৰ আগত মুকলিকৈ ব্যক্ত কৰি ডাঙৰ বোজা এটাৰ পৰা মুক্ত হলো যেন বোধ হ'ল।

তই বিনদাচ্ কথা কও।

I like it. 

I like your attitude.

ইচ্- তোক আগতেই লগ পাব লাগিছিল।  মই বাগানৰ কিবা কাম হাতত ললে তই কিন্তু মোক হেল্প কৰিব লাগিব। (হেল্প বিচাৰিছে যেন নালাগিল, সেইটো দাবীহে🙏)

  মই মূৰটো জোকাৰি হাহিৰে হয়ভৰ দিলো। নিজকে চিকুটি চাবলৈ মন গ'ল, ময়েই নে!

 ত্ই মোক লিখি দে গানটো।

মই বেগৰ পৰা কাগজ  আৰু কলম এটা উলিয়াই ল'লো। উছাহতে প্ৰথম শাৰীটো লিখি ৰৈ গ'লো।

ওহো, এনেকুৱা আখৰেৰে দিব নোৱাৰি।  মই আগতে প্ৰান্তিকত লিখোঁতেও মোৰ বান্ধবী হেমা কাঞ্চন ফুকনে (Hemakanchan Phukon) হে মোক  তেওঁৰ ধুনীয়া আখৰেৰে কপি কৰি দিয়ে। কথাটো মনত পৰি  বৰ অসহায় অনুভৱ কৰিলো। জীৱনত প্ৰথমবাৰৰ বাবে  বেয়া আখৰৰ কাৰণে নিজলৈ পুতৌ উপজিল 😔। আজি কিছুদিন আগলৈকৈ মই দূৰভাষত অসমীয়া লিখাতো পাকৈত নাছিলো। নিমিষা (Nimisha Saikia) বাইদেউৰ তাগিদাত হে মই জী উঠিছো। তেওঁ কি বুজিলে নাজানো- হ'ব দে, পাছত দিবি বুলি কৈ সামৰিলে। উফ! ৰক্ষা।

-লাহে লাহে অনুৰাগীৰ ভিৰ বাঢ়িল। কি বুঢ়া, কি ডেকা... সকলোকে হাঁহিমুখে সম্ভাষণ,  জনপ্ৰিয়তায়ো মানুহজনক অহংকাৰী  কৰি তুলিব পৰা নাই। অলপ বেপেৰুৱা মাথো, নিজৰ পৃথিৱীৰ ৰজা।

লবীৰ পৰা ওলাই যোৱাৰ পৰত দূৰৈৰ পৰাই চিঞৰিলে (মই আশা কৰা নাছিলো)  .... ঐ ছোৱালী.. যাওঁদেই। তোৰ গানটো কিন্তু ময়েই গাম। কাউৰীঠেঙীয়া আখৰকেইটাৰে লিখি দি পঠিয়াবি।

 তেওঁৰ দুষ্টামি ভৰা হাহিটো দেখি হাহিম নে কান্দিম  যেন লাগিল। কাউৰীঠেঙীয়া আখৰ? .... তেওঁ বাৰু কেনেকৈ  মোৰ মনৰ কথাটো জানিলে... মোৰ‌ আখৰ কেইটাৰ বাবে মই ৰৈ গ'লো বুলি। কাণখন গৰম হৈ যোৱা যেন লাগিল।  সকলোৱে যেন‌ মোক চাই হাহিছে কথাষাৰ শুনি, ধেৎ.....সকলো চিন্তা একাষৰীয়া কৰি মই‌  হাতখন জোঁকাৰি হাহিয়ে বিদায় জনালো।

 বিদায় জুবিন দা! 

সময়ত নকৰা বাবে জীৱনত বহু কামেই ৰৈ গ'ল, আপোনাক গানটো দিবলৈ ৰৈ যোৱাৰ দৰে। এতিয়া বহু দেৰি হ'ল।

 গোটেই অসমে কান্দিছে। মই কিন্তু পৰা নাই।  চকুপানীবোৰ কাহানিবাই শুকালে। বুকুত বিষ হয় বুলি আগতে কোৱা শুনিছিলো, আজিকালি অনুভৱ কৰোঁ। নিজৰ দুখবোৰ আনৰ আগত প্ৰকাশ কৰাত মই সদায়েই কৃপণ।  মৃত্যুৱে কঢ়িয়াই অনা সত্য দেখি জুবিনদাই যেন নিজস্ব ভঙ্গীমাৰে‌ কৈছে....  কোনোবা এজন‌ মানুহে  মোক ভাল নাপালেও নাই। চা, এসাগৰ  মানুহ। কি মন্ত্ৰী, কি   MLA সকলোকে লাইনত আনি দিলো। আজি জনতাৰ চকুলোৰ সাগৰত মই সাতুৰিছো। মোৰ কোনো জাতি নাই,  মোৰ কোনো ধৰ্ম নাই। মই মানুহ।

ঠিকেইতো,‌ সকলোৱে তেওঁক বা‌ তেওঁ সকলোকে চিনি পায়‌ এনে নহয়। জাতি- ধৰ্ম, ভাষা- বৰ্ণ, শাসক-বিপক্ষ সকলো একাকাৰ ৰাজপথত ।  অসমৰ প্ৰায় প্ৰতিটো ঘৰত শোকৰ ছাঁ ( দেশ বিদেশৰ কথা নকলোৱেই), ঘৰৰ ল'ৰাটোক হেৰুওৱাৰ যন্ত্ৰণাত যেন নীৰৱে ছটফটাইছে, কত্ই উচুপিছে গোপনে, কান্দিলে পুৰুষ দুৰ্বল প্ৰমাণিত হ'ব বুলি ভবা ধাৰণাক উফৰাই  কতই চিঞৰি চিঞৰি কান্দিছে, কোনোবাই গানৰ মাজতে নিজৰ কান্দি কান্দি ওখহা মুখখন লুকুৱাইছে, টোপনিয়েতো চকুৰ লগ এৰিলেই, মানুহে যেন উশাহ ল'বলৈ পাহৰি গ'ল। ইমানেই মৰমৰ -জুবিন দা। 


স্তব্ধ অসম। চকুত চকুলো লৈ পথত লাখ লাখ মানুহ, কোনো হুলস্হূল নাই, কোনেও কাকো একো প্ৰশ্নও কৰা নাই, কোনো শ্লোগান নাই, কোনো মঞ্চও নাই, অথচ চৌদিশে জুবিনৰ গানৰ লহৰ, আকাশ বতাহ কপাইছে। কোনো বাধ্যবাধকতা নাই, অথচ সকলোৱে ভগ্ন হৃদয়েৰে  শান্ত হৈ এখোজ এখোজকৈ আগবাঢ়িছে প্ৰিয়জনক এবাৰ শেষ দেখা দিবলৈ - এয়া বিপ্লৱ নহয়নো কি? জুবিনে নীৰৱে-গোপনে অনা বিপ্লৱ। মানুহে কল্পনা কৰিব নোৱাৰা বিপ্লৱ, মানুহে‌ মানুহক ভাল পোৱাৰ বাবে বিপ্লৱ। সকলোকে এক কৰিব পৰা এনে এক মানৱদৰদী, নিৰ্ভীক, সাহসী, প্ৰতিবাদী, প্ৰকৃতিপ্ৰেমী, ৰাজনীতিৰ লেতেৰা বোকাই কাহানিও ঢুকি নোপোৱা শিল্পী সত্তা দুনাই পোৱাৰ আশা মোৰ জীৱনত অন্তত: নাই।

মই হৃদয়েৰে বিচাৰিম জুবিন দাই ভালপোৱা কোনোৱেই যেন বিশ্বাসঘাতক নহওক। ভগবান বিশ্বাস নকৰা এগৰাকীয়ে আন এজন ভগবান নাই বুলি কোৱা জাতি ধৰ্মৰ উৰ্ধৰ মানুহৰ বাবে প্ৰাৰ্থনা  কৰিছোঁ জোনবাইৰ দেশৰ পৰা জুবিনদাই যাতে মোৰ দৰে কবলগীয়া নহয়..... মানুহক বিশ্বাস কৰিব নোৱাৰি!

 ক'ৰবাত  পঢ়িছিলো-

মানুহে সুখত গান শুনে

আৰু দুখত সেই  গানৰ অৰ্থ বুজি পায়।

মই গীতৰ অৰ্থ কাহানিবাই বুজি পোৱা হ'লো। 

 জীৱনৰ লগতে মৃত্যুকো উদযাপন কৰিব পৰাকৈ তেওঁ গীতৰ মাজেৰে প্ৰস্তুতি চলাইছিল। চিতাৰ জুইৰ কাষতো  মানুহৰ বুকু ভৰা আস্ফালন তেওঁৰ নিজৰ গানেৰে। জুবিন দা য'তেই নাথাকক, সদায় অনুৰাগীৰ মনৰ নিচেই কাষত। কাষত নাথাকিলে ভালপোৱাবোৰ কমি নাযায় , বৰঞ্চ বাঢ়ে বুলি  মই ব্যক্তিগতভাৱে বিশ্বাস কৰো। তথাপিও মই বিচাৰিম সময়ৰ জুইত পুৰি  সোণ হৈ জিলিকি থাকক পঞ্চভূতত বিলীন হোৱা জুবিন, তেওঁৰ গান আৰু অনুৰাগীৰ এই নজিৰবিহীন প্ৰেম। 

ওম শান্তি!

(আপোনাৰ আপোন ঘৰখন (বৰহাটবাসী‌) ৰ হৈ আপোনাক শ্ৰদ্ধাৰে সুৱৰিছো 🙏🙏🙏)

 ড: ৰঞ্জিতা বনিয়া 

তাং: ২২-০৯-২০২৫


#justiceforzubeen

#মৃত্যুৱেকঢ়িয়াইঅনাসত্য

মৃদুল কুমাৰ সন্দিকৈ FB

 জুবিনদাৰ বিষয়ে কথাবোৰ চোন পঢ়িলে পঢ়ি থাকিব  মন যায়..


বন্ধু পবিত্ৰৰ সৈতে জুবিনে পতা কথাবোৰ... 

     

                                           —মৃদুল কুমাৰ সন্দিকৈ        (অসমীয়া প্ৰতিদিন ডিজিটেল)


তেতিয়া জুবিন আছিল গভীৰ দুখত। এক মুহূৰ্তৰ আগলৈকে হাঁহি থকা জুবিন গাৰ্গৰ বুকুলৈ খহি আহিছিল দুখৰ পাহাৰ। সেই দৃশ্য বৰ্ণনা কৰিছিল তেওঁৰে এজন সুহৃদে। লিখিছিল- কেনে আছা জুবিন? –এক মুহূৰ্তৰ আগলৈকে হাঁহি মাতি থকা মৰমৰ ভনীয়েক জংকীক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই দুহাতেৰে দাঙি বাউলৰ দৰে চিঞঁৰি আছিল জুবিনে। 


জুবিনৰ কথা সেইদিনা লিখিছিল তেওঁৰে এজন পৰম বন্ধুৱে। সেই লেখাৰ শিৰোনাম আছিল- ‘কেনে আছে জুবিন?’ গৰিমাৰ সান্নিধ্যত নতুন জীৱনৰ পাতনি মেলা জুবিন গাৰ্গৰ বিষয়ে লেখা এটা ২৩ বছৰৰ পুৰণি লেখা।

 

সহায়ৰ বাবে জুবিনে এনেদৰে চিঞৰিছিল সেইদিনা। মুমূৰ্ষ জংকীৰ যন্ত্ৰণাকাতৰ দেহটো লৈ কাষেৰে পাৰ হৈ যোৱা অচিনাকী গাড়ীবোৰৰ আৰোহী নিৰুদ্বেগ মুখবোৰলৈ চাই কাতৰ ভাৱে কৈছিল- ‘আমাক লৈ বলক’।


কেইবাখনো গাড়ীয়ে সহাৰি দিয়া নাছিল। অৱশেষত এখন গাড়ীত উঠাই কোলাত আলফুলে জংকীক লৈ তেওঁ চিকিৎসালয়লৈ বুলি ঢাপলি মেলিছিল। সেই লেখাত এই কথাবোৰেই বৰ্ণনা আছিল- সমস্ত আশাৰে বিচাৰিছিল একো নহওঁক তাইৰ। অন্ততঃ তাই জীয়াই থাকক। 


পিছে ককায়েকক মাত নিদিয়াকৈ, নুসুধাকৈ তাই গুছি গৈছিল। স্তব্ধ হৈ পৰিছিল জুবিন। মৃত্যুক হেনো ইমান কাষৰ পৰা আগেয়ে দেখা নাছিল। অস্থিৰ হৈ পৰিছিল তেওঁ। দুপৰ নিশালৈকে নিশ্চুপ হৈ বহি থাকে নৱগ্ৰহ শ্মশানত। 


অতি ওচৰৰ পৰা জুবিনক পোৱা অন্যতম বন্ধুৰ ভিতৰত আছিল তেৱোঁ আছিল অন্যতম আৰু বিশেষ। তেওঁ সেই দিনবোৰৰ কথা বৰ্ণনা কৰি লিখিছিল- দিনে, নিশাই ডিজি মিউজিকৰ ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰুমত সোমাই মাথো কীবৰ্ডত আঙুলি বোলাই। হাঁহি নাই, চকুলো নাই...। 


এনে দুখৰ সময় আছিল জুবিনৰ সেয়া। কিয়নো বহু গানৰ প্ৰথম শ্ৰুতা, প্ৰথম সমালোচক প্ৰতিটো সময়ত ছাঁৰ দৰে থকা জংকী আৰু জয়ন্তৰ অকাল বিয়োগত একেবাৰে মৌন হৈ পৰিছিল  জুবিন। 


গুণগুণাব খুজিলেও ক’ৰবাত সুৰবোৰ ৰৈ যায়। চৌপাশৰ শুভাকাংক্ষীসকলৰ মনত ভয় হৈছিল জুবিনে কিছু সময়ৰ বাবে জিৰণি ল’ব নেকি? পিছে নহয়, ওচৰা ওচৰিকৈ অহা তিনিটা ভয়াৱহ মৃত্যুৱেও গানৰ জগতখনত জুবিনৰ যাত্ৰা ৰোধিব নোৱাৰিলে। 


পুনৰ তেওঁ নিমগ্ন হ’ল সৃষ্টিত। বৰ্তমান তেওঁ ব্যস্ত ‘দেহমন’ আৰু ‘শিশু’ দুটা একক কণ্ঠৰ শ্ৰব্য কেছেট নিৰ্মাণত- এই লেখাটোত এনেদৰে বৰ্ণনা কৰা হৈছিল জুবিন গাৰ্গৰ সেই সময়ৰ কথা। 


মানুহে তেতিয়া জুবিনে জানিব খুজিছিল কুশলে আছেনে জুবিন?  সেয়ে হয়তো তেওঁ এই লেখাটো লিখিছি, জুবিনৰ সৈতে কথা পাতিছিল। অকলশৰীয়া হৈ পৰা জুবিনে কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। যাযাবৰী জীৱন কটাই ভাল পোৱা, ব্যাকৰণবিহীন বিহীন নিশাৰ জীৱন কটোৱা জুবিনৰ মনৰ কথা জানিব খুজিছিল তেওঁ। 


জনপ্ৰিয় সপ্তাহিক কাকত সাদিনৰ বাবে এই সাক্ষাতকাৰমূলক লেখা প্ৰস্তুত কৰা হৈছিল। য’ত প্ৰথমটো প্ৰশ্নই জুবিনৰ প্ৰতি আছিল- তোমাক জনা বহুতেই জানে তোমাৰ দিনপঞ্জীখন আৰু তোমাৰ কাম কৰাৰ ধৰণ বৰ আচহুৱা। সেইদিনালৈকে বহেমিয়ানৰ দৰে দিবানিশে গানৰ সৈতে জীৱন উদযাপন কৰি আছিলা। এতিয়া তুমি গৰিমাৰ সৈতে সংসাৰৰ পাকত বন্দী। তুমি মানুহটো সলনি হৈ যাবা নেকি?


এই প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল- বিবাহৰ পূৰ্বে মোৰ কামৰ উৎপাতত বহু কথাত মনোযোগ দিব পৰা নাছিলো। বহু ভুল কৰিছিলো। ঘৰত সময় দিব পৰা নাছিলো। ৰাতি ৰাতি নুশুৱাকৈ কাম কৰিছিলো, য’তেই ৰাতি হয় তাতেই শুই দিছিলো, গছৰ তলত নিশা কটোৱাৰো উদাহৰণ আছে। মই বৰ অস্থিৰ আছিলো। মানুহৰ প্ৰতি মোৰ গভীৰ ভালপোৱা আছে সেই ভালপোৱাই মোক খেদি লৈ ফুৰিছিল অ’ৰ পৰা ত’লৈ।


প্ৰথম প্ৰশ্নটোৰ উত্তৰ সেইদিনা যথেষ্ট দীঘলীয়াকৈ দিছিল জুবিনে। কৈ গৈছিল তেওঁ- বিভিন্ন মানুহৰ দুখত সমভাগী হৈ মই ভাল পাইছিলো। প্ৰকৃতিৰ এটা উপাদান মোৰ অঘৰী জীৱনত। এতিয়া হয়তো বহুত কথা জুখি-মাখি চলিব লাগিব। মই নিশাৰ জীৱনৰ প্ৰেমিক। ৰাতি কাম কৰি, সৃষ্টি কৰি ভাল পাওঁ। এতিয়াও মই ৰাতি সাৰে থাকিম। কাম কৰি যাম। এতিয়া হয়তো সময়তো অলপ ইফাল-সিফাল কৰিব লাগিব। গোটেই ৰাতি কাম কৰি দিনৰ ৩ বজালৈ শুই থকা অভ্যাসটো সলাব লাগিব। 


সেই সাক্ষাতকাৰতে বন্ধুক কৈছিল মৃত্যু নোহোৱালৈকে তেওঁৰ সৃষ্টিৰ মৃত্যু নহয় বুলি। অসম আৰু অসমৰ মানুহৰ বাবে বহু কাম কৰিবলৈ আছে বুলি জনাইছিল। অতীত তেওঁৰ কাৰণে হেনো দৰকাৰী নহয়। ভৱিষ্যতকো তেওঁ নেদেখে। বৰ্তমানকহে তেওঁ কামত লগাব চেষ্টা কৰে। 


ভগ্নী জংকীৰ কথা সোঁৱৰি তেওঁ আৱেগিক হৈছিল- এতিয়া মোৰ মনত দুটা কথাৰ প্ৰচণ্ড প্ৰভাৱ পৰিছে এক জংকী আৰু জয়ন্তৰ মৃত্যু। সিহঁত মোৰ সোঁহাত আৰু বাওঁহাত আছিল। জীৱনত প্ৰথম ইমান অসহায়বোধ কৰিছো। কিন্তু মই জানো মই ইয়াক পাৰ কৰি যাম। জংকীৰ গাত মোৰ আধাতকৈ বেছি প্ৰতিভা আছিল। এতিয়া তাইৰ সপোন বিলাক মোৰ জীৱনলৈ বহু আশা লৈ আহিছে। মই ভাবো আমাৰ দুয়োৰে মাজেদিয়েই নতুন ইতিহাসে গঢ় ল’ব। 


গৰিমাৰ কথা কৈছিল জুবিনে কৈছিল এইদৰে- গৰিমাৰ সহযোগত মোৰ আকৌ নতুন জন্ম হ’ব। অসমে আৰু দহটা জুবিন মোৰ মাজত দেখিব। গান আৰু সংসাৰৰ কথা ওলাইছিল সেই বাৰ্তালাপত। কেনেকেদৰে চলাই নিব গান আৰু সংসাৰক? সুধিছিল সেইদিনা তেওঁক তেওঁৰ বন্ধুৱে। 


জুবিনে এই প্ৰশ্নৰ উত্তৰ বৰ ছুটিকৈয়ে দিছিল যদিও তাত বিশ্বাস আৰু আস্থা সকলো লুকাই আছিল। উত্তৰত জুবিনে কৈছিল- সংগীত জীৱনত গৰিমাৰ প্ৰভাৱ বহু আগৰে পৰাই আছে। নহলে মই তাইক ভাল পাবই নোৱাৰিলোহেতেন। তাই মোক বুজি পাই, সংগীতক বহুত ভাল পাই (নিজেই গান নাগাই যদিও) ঘৰুৱা কথাত সৰু ভণ্টী মমন, দেউতা সকলোৱে মোক সহায় কৰে। মই ভাবো সকলো সুন্দৰকৈ চলাই যাব পাৰিম। মানুহৰ মৰমতো আছেই। 


সাংসাৰিক জীৱন! স্বামী জুবিন! মানুহজন কেনে হ’ব? এই সাক্ষাতৰাকটোতেই সুধা হৈছিল তেওঁক- সাংসাৰিক জুবিন জন কেনে হ’ব?  জুবিনৰ চিধা উত্তৰ আছিল- বজাৰ-সমাৰ কৰি ৰাতি ১০ টা বজাত ভাত খাই শুই থকা মানুহ মই কেতিয়াও হ’ব নোৱাৰো। তাত একো নতুনত্ব নাই। কেতিয়াবা এদিন হয়তো ভাল লাগিব। ৰাতি ২ টা বজালৈকে মই কাম কৰিবই লাগিব। সংগীত সদায় মোৰ কাৰণে প্ৰথম। মই কৰ্মত বিশ্বাস কৰো। ধৰ্ম, ঈশ্বৰ একোতে বিশ্বাস নকৰো। হয়তো মই অজ্ঞেয়বাদী। 


জুবিন মানেই মানুহ পাগল। জুবিন মানেই বহু যুৱতী হৈ পৰে উত্ৰাৱল। নিজৰ কৰি পাব বিচাৰিছিল জুবিনক বহু যুৱতীয়ে। কিন্তু গৰিমাকে কিয় জুবিনে বাচি ল’লে জীৱন সংগীৰ ৰূপত। কি গুণ আছিল গৰিমাৰ? 


এই প্ৰশ্নৰ উত্তৰত জুবিনে সেইদিনা কোৱা কথা কেইটা আছিল- মই মানুহটো পানীৰ নিচিনা। যিকোনো পাত্ৰত যিকোনো আকাৰ ল’ব পাৰো। মোক ধৰি ৰখাটো বৰ টান। মই সদায় উৰিব বিচাৰো। মই ভাবো গৰিমাৰ মাজত এনে কিছুমান গুণ আছে যাৰ কাৰণে ইমান বছৰে মই তাইৰ ওচৰতেই বান্ধ খাই থাকিলো। 


প্ৰধান কথা হ’ল তাই মোক চাব জানে আৰু মোৰ ভুলটো আঙুলিয়াই দিব পাৰে। তাইৰ বাহিৰে মোৰ সন্মুখত কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। 


বন্ধু মানুহ, মুকলিকৈ পাতিছিল সেইদিনা কথা। সুধিছিল বিয়াৰ পাছত নাৰীৰ মাজত জনপ্ৰিয় জুবিনৰ জনপ্ৰিয়তা আৰু গ্লেমাৰ কমি যাব নেকি? জুবিন চিন্তিত নাছিল ইয়াক লৈ। উত্তৰ দিছিল বন্ধুক এইদৰে- গ্লেমাৰ কি বস্তু মই নাজানো। মানুহে ভাল পাই কাৰণে ভাল লাগে। জংকী, জয়ন্তৰ মৃত্যুৰ পাছত অনুভৱ কৰিছো জীৱনটোত বেছিভাগ কথাই অৰ্থহীন। অকল ভাল কামেহে পৃথিৱীখন সুন্দৰ হোৱাত সহায় কৰে। কাম সদায় থাকি যায়। নাম, টকা সকলো অৰ্থহীন। 


নাৰীৰ মাজত বিশেষভাৱে জুবিন জনপ্ৰিয় হোৱাৰ কথা জুবিনে অনুভৱ কৰিছিল। কেৱল নাৰীয়েই নহয়, সকলোৰে প্ৰিয় আছিল তেওঁ। মৃত্যুৰ পাছতো বহুতে উপলব্ধি কৰিছে কিয় জুবিনৰ ফেন নহ’ল বুলি? জুবিনৰ মতে- নাৰীৰ মাজত মই জনপ্ৰিয় হোৱাৰ কাৰণ হয়তো মোৰ গীত গোৱাৰ ষ্টাইল, গীতৰ কথা আৰু মোৰ গীতৰ অনুভৱৰ গভীৰতা। 


মই প্ৰথম যেতিয়া উলাইছিলো, চেষ্টা কৰিছিলো মোৰ প্ৰজন্মটোৰ চেণ্টিমেনটেক লৈ মোৰ গীতত খেলিবলৈ। কিন্তু সুসংযত ৰূপত। মই তাত সফল হৈছিলো। এতিয়া মোৰ পৰিসৰ বাঢ়িছে। মোৰ গীতৰ পৰিধিয়ে এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে চুইছেগৈ। মই আলচতে এইটোৱেই বিচাৰিছিলো। মাত্ৰ কামটো কৰোঁতে কম সময় লৈছো। মোৰ আৰু বহুত কবলগীয়া আছে মানুহক। মই ভাবো বিবাহৰ পাছতো মোক মানুহে একেদৰেই পাব। 


সপোন দেখেনে জুবিনে? অসমক লৈ তেওঁ কি সপোন দেখে?  অসমৰ কাৰণে হেনো জুবিনৰ চিন্তা। কৈ গৈছিল জুবিনে সেইদিনা- অসমৰ কাৰণে মোৰ সদায় চিন্তা। সেই কাৰণে মুম্বাইত বেছি দিন থাকিব নোৱাৰো। মই সাংস্কৃতিক প্ৰতিনিধি হিচাপে মোৰ কৰ্তব্য সদায় কৰি যাম। সংগীতৰ মহাসভাৰ যোগেদি বৰ অসমখন আকৌ একেলগ কৰাৰ প্ৰচেষ্টা হাতত লৈছো। মোৰ জীৱনটো অসমৰ দান, ই অসমৰ মাজতেই, অসমৰ বাবেই যুদ্ধ কৰি কৰি শেষ হ’ব। 


এয়াই হ’ল। এয়াই কৰি দেখুৱালে জুবিনে। অসমৰ সীংগত জগতক লৈ আৰু নতুন সকলক লৈ তেওঁৰ আছিল এক ইতিবাচক ধাৰণা- মোৰ সংগীত সদায় উৰ্ধ্বমুখী। নতুন ধৰণৰ গায়ক, গায়িকা, সুৰকাৰ মোক লাগে, যাতে আৰু বেলেগ ধৰণৰ কাম মই কৰিব পাৰো। সংগীত পৰিচালক হিচাপে ইয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰিছো। কম হওঁক, কিন্তু ভাল কাম হওঁক। লোক সংগীতৰ জগতখন ভালেই দেখিছো। ই যথেষ্ট ফকাচলৈ আহিছে। অসমৰ বেছিভাগ সংগীতৰ লগত মই জড়িত। কিন্তপ কেতিয়াবা মোৰ অকলশৰীয়া বোধ হয়। মই আশাবাদী, নতুন প্ৰজন্মই আমাক আৰু শিল্পী দিব, জুবিনতকৈ ভাল শিল্পী। 


জুবিনৰ সৈতে সাধাৰণ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম সংগীত আৰু মঞ্চ। কিন্তু বাটেদি যোৱা সাধাৰণ মানুহ এজনক দেখিলে তেওঁ হেনো মনত ভাৱ হয় সেই মানুহজনৰ মাজত তেওঁ আছে- সেই সাধাৰণ মানুহজনৰ মাজত মই নিজকে বিচাৰি পাওঁ। কাৰণ সেই মানুহজন মই কেতিয়াবাই এৰি থৈ আহিছো। সংগীত আৰু গ্লেমাৰৰ মাজত বস্তু দুটাই মোৰ মাজত জন্ম দিছে এটা এলিয়েনৰ। 


জংকীৰ মৃত্যুৱে তেওঁক মৃত্যুৰ সম্পৰ্কে এক ধাৰণা দিছে। সুধিছিল বন্ধুৱে মৃত্যু সম্পৰ্কীয় এটা প্ৰশ্ন। মৃত্যুক তুমি ভয় কৰা নেকি? জুবিনৰ উত্তৰ আছিল- জংকীৰ মৃত্যু মোৰ কোলাতেই হৈছিল। তাইক মই দাঙি আনি চুমু এখন উঠাই লৈ গৈছিলো হাস্পতালৰ ফালে। ৰাস্তাতেই তাই শেষ নিশ্বাস ত্যাগ কৰিলে মোৰ হাতত। আকৌ এবাৰ মই হাৰিবলগা হ’ল। নাজানো কাৰ হাতত? তাইৰ মৃত্যু দেখি জীৱনত প্ৰথম ভয় খাইছিলো, কপিছিলো। বহু কঠিন পৰিস্থিতিতো মই সদায় অটল থকাৰ অভ্যাস আছে। কিন্ত সেইদিনা মই সম্পূৰ্ণৰূপে নিঃসহায় হৈ পৰিছিলো। 


জংকীক লৈ মই বৰ আশাবাদী আছিলো। মোৰ সপোন আৰু তাইৰ সপোন সদায় একাকাৰ হৈ আছিল। মই দেখা ছোৱালীৰ ভিতৰত তাই আছিল এজনী অসাধাৰণ আৰু সুন্দৰ। যাৰ উপমা নাই। মই ভাবো তাইৰ মৃত্যুত মোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মোৰ অসমবাসী। 


মৃত্যুৰ মুখৰ পৰা মই কেইবাবাৰো বাচিছো। মৃত্যুৰ ভয় মোৰ নাই। কিন্তু কেতিয়াবা নমৰিব লগীয়া মানুহ বেয়াকৈ মৰিলে মোৰ কণ্ঠ ৰুদ্ধ হয়। নিজকে পুতলা যেন লাগে। জীৱনৰ যাত্ৰাত ঘাট-প্ৰতিঘাত থাকেই, কিন্তু যগি ঈশ্বৰে অন্যায় কৰে মই তাৰ লগতো যুঁজিবলৈ প্ৰস্তুত। এটা কথা বুজিছো জীৱনৰ শেষ পৰিণতি ধূলিৰ বাহিৰে আন একো নহয়। বাকী সকলো অৰ্থহীন। 


কেনে আছে এই জুবিনৰ এই কথাবোৰ সামৰা হৈছিল। জুবিনে কৈছিল সম্পূৰ্ণ সুস্থ তেওঁ- মই সম্পূৰ্ণ সুস্থ, মই আগতেই কৈছো ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খোজো মই। মোৰ জীৱনটো ৰাইজৰ বাবে। মোৰ ব্যক্তিগত দুখ, ঘাট-প্ৰতিঘাতে মোৰ সৃষ্টিক কেতিয়াও বাধা জন্মাব নোৱাৰে। সংগীতত বহিলেই মই পাহৰি যাওঁ মই কি হেৰুৱাইছো, কি পাইছে। Life is a big lemon with a drop of sweetness inside। 


গৰিমাও আছিল কাষত সুধিছিল গৰিমাকো এটা প্ৰশ্ন। স্বামী নে প্ৰেমিক ৰূপত বিচাৰে গৰিমাই জুবিনক? নবিবাহিতা আছিল গৰিমা। গৰিমাৰ উত্তৰ আছিল সেইদিনা- জুবিনৰ ভাল-বেয়া সকলো মিলি হোৱা স্বভাৱটোৰ বাবেই মই জুবিনৰ প্ৰেমত পৰিছিলো। জুবিনৰ গীতৰ মই শ্ৰোতা। জুবিন কেৱল মোৰ নহয়, তেওঁৰ ওপৰত অধিকাৰ আছে তেওঁৰ শ্ৰোতাৰ। মই মোৰ প্ৰয়োজনত তেওঁক বান্ধি ৰাখিব নোখোজো। যুৱতীসকলৰ মাজত জুবিন জনপ্ৰিয়। বিবাহৰ পাছত সেই জনপ্ৰিয়তা থাকিব নে? 


এই প্ৰশ্নৰ উত্তৰত গৰিমাই কৈছিল, প্ৰতিভা নাথাকিলে কোনো জনপ্ৰিয় হ’ব নোৱাৰে। বহু প্ৰিয় মানুহ সংসাৰি। তেওঁলোকৰ যোগ্যতা আৰু প্ৰতিভা থকালৈকে জনপ্ৰিয় হৈ থাকে। জুবিনৰ ক্ষেত্ৰতো সেয়াই হ’ব। মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। কাৰণ যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 


জুবিনৰ সৈতে সেইদিনা গভীৰ একাত্মতাৰে এইবোৰ কথা পতা মানুহজন আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমানৰ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকী। একেখন বিচনাতে ১০ বছৰ শুৱা আৰু শেষযাত্ৰাত জুবিনৰ কাষত ছাঁটোৰ দৰে লাগি থকা বন্ধু পবিত্ৰৰ আগত প্ৰাণখুলি জুবিনে কৈছিল মনৰ কথা।

বাংলাদেশৰ FB Post

 (বাংলাদেশৰ অখ্যাত এজন ব্যক্তিৰ প্ৰয়াত জুবিন গাৰ্গ সম্পৰ্কে লেখাটো এবাৰ পঢ়কচোন। ফেচবুকত পাই বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়াৰ পৰা বিৰত থাকিব নোৱাৰিলোঁ।)

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


তিনিদিনমান আগতে, চচিয়েল মিডিয়াত অসমৰ সংগীত শিল্পী জুবিন গার্গৰ মৃত্যু হোৱাৰ খবৰ পঢ়িবলৈ পালোঁ। এই নামৰ কাৰোবাক চিনি পোৱাৰ কথা মোৰ মনত নপৰিল। পিচত বিস্তাৰিত খবৰ পঢ়িবলৈ গৈ দেখোঁ, তেওঁ ২০০৬ চনত গেংষ্টাৰ চিনেমাৰ ”ইয়া আলী” গানৰ সেই বিখ্যাত শিল্পী। মোৰ  মনটো বেয়া লাগি গ'ল। বচ ইমানেই!


কিন্তু ফেচবুক এলগৰিদম কঠিন বস্তু। ইয়াৰ পিচত স্ক্রল কৰিলেই জুবিন গার্গ বিষয়ক নানা খবৰ নিউজফিডত অহা আৰম্ভ হ'ল। ইয়াৰ ভিতৰৰ এটা ভিডিও দেখি মই লৰচৰ হৈ বহি ল'লোঁ। 


জিপ টাইপৰ এখন গাড়ীত জুবিনৰ মৃতদেহ এয়াৰপোর্টৰ পৰা গুৱাহাটী চহৰৰ দিশে লৈ অহা হৈছে। ৰস্তাৰ দুই পাৰে হাজাৰ হাজাৰ মানুহ ৰৈ আছে! আৰু গাড়ীৰ পিচে পিচে উন্মাদৰ দৰে দৌৰিছে আৰু কেইবা হাজাৰ মানুহে!


ইয়াৰ পিচত যোৱা তিনি দিন ধৰি মই জুবিন গার্গ সম্পৰ্কে পঢ়াৰ চেষ্টা কৰিলোঁ। তেওঁ দিয়া নানা সাক্ষাৎকাৰ পঢ়িলোঁ, বিভিন্ন অনুষ্ঠানত তেওঁৰ পাৰ্ফৰমেন্সৰ ভিডিও চালোঁ! বুজাৰ চেষ্টা কৰিলোঁ, এজন সংগীত শিল্পীৰ মৃ্ত্যুত অসমৰ মানুহ এনেকুৱাকৈ উন্মাদ হৈ গ'ল কি কাৰণে? 


বিশেষকৈ এনেকুৱা এটা সময়ত, যেতিয়া কোনোবা মৰিলেও তেওঁক লৈ ট্রল হয়, মৃত ব্যক্তি আমাৰ পছন্দৰ নহ'লে তেওঁৰ মৃত্যুৰ খবৰৰ তলত হা হা ৰিয়েক্ট পৰে, মতাদর্শৰ বিপৰীতে পোছাক পিন্ধিলে ম'ৰেল পুলিচিং কৰিবলৈ এখোজো পিছ নোহোঁহোকো আমি... 

 

মধ্যবিত্ত পৰিয়ালত ডঙৰ হোৱা জুবিনৰ মাক আৰু ভনীয়েক সংগীত শিল্পী আছিল। মাক ইলি অসমীয়া ভাষাৰ ঐতিহ্যবাহী লোকসংগীতৰ শিল্পী আছিল, ভনীয়েক জংকিয়েও অসমীয়া গান পৰিবেশন কৰিছিল। দুয়োগৰাকীয়েই আঞ্চলিকভাবে পৰিচিত আছিল। ইমানেই...!!


ল'ৰালিত মাকৰ ওচৰত গান শিকিছিল জুবিনে। স্কুল-কলেজৰ ফাংচনত গান গাইছিল। ২০ বছৰ বয়সত, ১৯৯২ চনত বজাৰলৈ আহে তেওঁৰ প্রথম এলবাম। ইয়াৰ পিচত গানৰ সৈতেই যুক্ত হৈ আছিল। ২০০২ চনত পথ দুর্ঘটনাত ভনীয়েকৰ মৃত্যুৰ পিচত, জুবিনৰ জীৱনলৈ পৰিবৰ্তন আহে। বিৰহ আহি চিৰস্থায়ীভাৱে ভৰ কৰে তেওঁৰ কণ্ঠত...


ইয়াৰ পিচত, দিনে দিনে তেওঁৰ গানৰ সংখ্যা বাঢ়িবলৈ ধৰে ! প্রায় ৪০টা ভাষাত অন্ততঃ ৩৮ হাজাৰ গান বাণীবদ্ধ কৰিছে তেওঁ। গাইছে সকলো বয়সৰ মানুহৰ বাবে গান। 


২০০৬ চনত প্রথমবাৰৰ বাবে বলিউডত ব্রেকথ্রু পায়। অনুৰাগ বসুৰ গেংষ্টাৰ চিনেমাত ”ইয়া আলী”ত দৰে হিট গান আৰু পৰৱৰ্তী সময়ত ফিল্ম ফেয়াৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱাৰ পিচত, তেওঁ অসমত পৰি থকাৰ কোনো কাৰণ নাছিল। কিন্তু গানৰ কাৰণে গোটেই বিশ্ব ঘূৰি ফুৰিলেও, মূলত: অসম এৰি ক'লৈকো যাব বিচৰা নাছিল জুবিনে। বিভিন্ন স্টেজ শ্বোত নিজকে ”পাহাৰৰ সন্তান” বুলি পৰিচয় দিছিল। 


১০/১৫ বছৰৰ আগতে যেতিয়া কলকাতাৰ বাংলা চিনেমা পুৰণা ঘৰানাৰ পৰা আঁতৰি আধুনিক বাণিজ্য আৰু আর্ট ফিল্মৰ ঘৰানালৈ সলনি হোৱা আৰম্ভ কৰিলে, তেতিয়া জিৎ আৰু দেবৰ বিভিন্ন চিনেমাত এটাৰ পিচত এটা হিট গান উপহাৰ দি গ'ল জুবিনে। বিশেষকৈ বিৰহ আৰু বেদনাৰ গানত জুবিন হৈ উঠিল বিকল্পহীন! 


কলকাতাত তেওঁৰ অধিকাংশ গানৰ সংগীত পৰিচালক আছিল জিৎ গাঙ্গুলি। অসমৰ পৰা নিশাৰ শেষ ফ্লাইটত কলকাতালৈ আহি গান ৰেকর্ডিং কৰি পুৱাৰ ভাগত আকৌ অসমলৈ ঘূৰি গৈছিল। জিৎ গাঙ্গুলিয়ে বিৰক্তি প্রকাশ কৰিলে উত্তৰত হেনো কৈছিল, ”এনেকুৱা দুখ আৰু বেদনাৰ গান ৰাতি গভীৰ নহ'লে গোৱা নাযায়, দাদা?” মূলতঃ সেইবোৰ গানৰ মাজেদিয়েই জুবিন কলকাতাৰ বাংলাভাষী মধ্যবিত্তৰ জীৱনত সোমাই পৰিছিল। অৱস্থা এনেকুৱা পৰ্যায় পালেগৈ যে, প্ৰতিমা বিসৰ্জনৰ পৰা গাত মাহ-হালধি ঘঁহা, বেডমিণ্টন টুর্নামেণ্টৰ  পৰা ট্রাকৰ পিচফালে চাউণ্ড বক্স বান্ধি চহৰ ৰজনজনোৱা- জুবিনৰ গান অবিহনে অসম্ভৱ!


কিন্তু প্রশ্ন হ'ল, গান তো আৰু বহুতেই গায়। জুবিনতকৈ বহুত বেচি ভাল শিল্পীও আছে। কিন্তু জুবিনক কিয় মানুহে ইমান ভাল পাইছিল? তাকো আকৌ এনেকুৱা এক শিল্পী, যি নেকি যোৱা ৫/৬ বছৰত এটাও হিট গান দিব পৰা নাছিল, মদ আছিল যাৰ জীৱনৰ লগৰী, মঞ্চত উঠি এৰা-ধৰাকৈ গীটাৰ বজাইছিল, যিকোনো সামাজিক ইছুত ৰাজনীতিবিদসকলকো সুদাই নেৰিছিল। এনেকুৱা দিনো গৈছে, মঞ্চত উঠি মদৰ নিচাত আৰু গানেই গাব পৰা নাছিল। ক্লান্ত হৈ শুই পৰিছিল।


ভাবকচোন আমাৰ দেশ (বাংলাদেশ)ত হোৱা হ'লে কি হ'লহেঁতেন? ডিঙিত ধৰি মঞ্চৰ পৰা নমাই নিদিলেহেঁতেন নে? আয়োজকসকলৰ হাতত মাৰ খোৱা কাণ্ড! এনে ধৰণৰ খবৰ তো আমি প্রায়েই কাগজে-পত্ৰই পঢ়িবলৈ পাওঁ! 


আচল কথা হ'ল, আৰম্ভণিৰ পৰাই ”মানুহ-জুবিন”এ ”শিল্পী-জুবিন”ক অতিক্ৰম কৰি গৈছিল।


জুবিন আছিল এজন সমাজ সেৱক। যেতিয়াই ক'ৰবাত কোনোবা বিপদত পৰে, জুবিন তাত হাজিৰ! কোনোবাই তেওঁৰ সৈতে হাত মিলাবলৈ আহিলে জুবিনে তেওঁৰ ফালে হাঁহিমুখে বুকু আগবঢ়াই দিয়ে। ৰাজ্যৰ নানান ঠাই ঘূৰি ফুৰি গছপুলি ৰুইছিল। বিজেপি চৰকাৰে যেতিয়া ৰাজ্যত নাগৰিক চনদ (চিএএ/এনআৰচি) প্ৰস্তুত কৰা আৰম্ভ কৰিলে, জুবিনে কালৈকো ভয় নকৰি তাৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল। কৰনাৰ সময়ত নিজৰ ঘৰটোত "কোৱাৰেণ্টাইন চেণ্টাৰ” বনাইছিল। 


পশু-পক্ষীৰ প্রতিও তেওঁৰ আছিল গভীৰ প্রেম। সেয়ে তেওঁৰ মৃত্যুৰ পিচত তেওঁৰ পত্নীয়ে যেতিয়া পোহনীয়া কুকুৰ চাৰিটাক লৈ গৈছিল জুবিনক শেষবাৰৰ বাবে দেখুৱাবৰ বাবে, সেই কুকুৰকেইটাৰ চকুৱেদি যি বিষাদ নিগৰি পৰিছিল, সেই দৃশ্য দেখি বুকুৰ ভিতৰখন মোচৰ খাই উঠিছিল।


দুই দশকৰ বিবাহিত জীৱনত নিজাকৈ কোনো সন্তান নাছিল যদিও জুবিন আৰু তেওঁৰ পত্নী গৰিমা আছিল ১৫টা সন্তানৰ পিতৃ-মাতৃ। গণধর্ষণৰ চিকাৰ হোৱা ছোৱালীবোৰক তুলি আনি আশ্রয় দিছিল। ঘৰৰ বনকৰা কাজলি নামৰ এজনী ছোৱালী যেতিয়া প্রবল নির্যাতনৰ চিকাৰ হৈ মৃত্যুৰ সৈতে যুঁজ দিছিল, তেতিয়া জুবিনে তাইক তুলি লৈছিল, আদালতত মোকৰ্দমাৰ সন্মুখীন হৈছিল, সেই মোকৰ্দমাত জয়ীও হৈছিল! সেই খবৰ বিদ্যুৎগতিৰে বিয়পি পৰিছিল ঘৰে ঘৰে। তাৰ দ্বাৰা সকলো প্ৰজন্মৰ মানুহৰ অন্দৰমহলত জুবিন সোমাই পৰিছিল। ”কেৰিয়াৰত চাৰিটা গান কম হওক, চাৰিটা ষ্টেজ শ্বো কমকৈ নহ'লেই বা, কিন্তু জীৱনৰ পৰা চাৰিটা ভালপোৱাৰ মুহুর্তক আঁতৰাই পেলাব পৰা নাযায়” - এয়াই আছিল তেওঁৰ জীৱনদর্শন!


এতিমসকল (পিতৃ-মাতৃহীন অনাথ শিশু)ক ভৰণপোষণ দিছিল। মুছলমান এতিম শিশুসকলৰ বাবে খুলিছিল মাদ্রাচা আৰু এতিমখানা, এটা ভিডিওত দেখিলোঁ, জুবিনৰ মৃত্যুৰ পিচত সেই এতিমখানাৰ ছাত্র-শিক্ষকসকলে থিয় হৈ তেওঁৰ গান গাইছে! ৰাস্তায় ৰাস্তায় তেওঁৰ ছবি আঁৰি শোক পালন কৰিছে সকলো ধর্মৰ মানুহে। মুছলমান ইমামৰ মোনাজাতত প্রদীপ জ্বলাই বহি আছে প্রবল ধর্মবিশ্বাসী হিন্দু নাৰী! এজন মুছলিম ল'ৰাই জুবিনৰ বৃহৎ আকাৰৰ ছবিৰ সন্মুখত বহি কোৰান পঢ়িছে…


জুবিনৰ এটা সংলাপ বৰ জনপ্রিয় আছিল। জনপ্রিয় শব্দটো মই ইচ্ছা কৰিয়েই ব্যৱহাৰ কৰিছোঁ। ”মোৰ কোনো ধর্ম নাই, মোৰ কোনো জাতি নাই। মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই কাঞ্চনজঙঘা।” আৰু কৈছিল, ”মৃত্যুৰ পিচত মোক নজ্বলাবা। ব্রক্ষ্মপুত্রত উটাই দিবা...”


তাৰ মানে জুবিন নাস্তিক আছিল। মঞ্চত থিয় হৈ এনেকুৱা এটা কথা বাংলাদেশৰ কোনোবাই ক'লে তেওঁৰ কি অৱস্থা হ'লহেঁতেন ভাবিবই পৰা নাযায়? মোৰ ২০১৩/১৪ চনৰ সময়ৰ নাস্তিক ব্লগাৰসকলৰ মৃত্যুৰ কথা মনত পৰি গৈছে। ইয়াৰ পৰিস্থিতিৰ কথা নক'লোঁৱেইবা!


অথচ যেতিয়া মানুহটোৱে ভৰা মঞ্চত টিচাৰ্ট ওপৰলৈ তুলি কৈছিল, ”মোৰ কোনো লগুণ নাই”, মানুহে সেইবোৰ গা পাতি নল'লে। অসম আয়তনত সৰু এখন ৰাজ্য। গুৱাহাটীত এতিয়াও তথাকথিত মহানগৰৰ পৰশ লগা নাই! মানুহবোৰ সিমান শিক্ষিতো নহয়। অথচ সেইখন ৰাজ্যৰ প্রায় ”গাঁৱলীয়া” ”অশিক্ষিত” লাখ-লাখ মানুহে এজন ধর্মহীন মানুহক ভগৱানৰ শাৰীত বহুৱাই দিলে!


আজি এটা ভিডিও দেখিলোঁ, মহালয়াৰ প্রস্তুতি চলাৰ কথা। দুর্গাপূজাৰ উৎসৱ আৰম্ভ হৈ যোৱাৰ কথা ইতিমধ্যেই। কিন্তু কোনো ৰাস্তাত এজনো মানুহ নাই। স্কুল বন্ধ, অফিচ আদালত বন্ধ। ব্যৱসায় বাণিজ্য স্থবিৰ। তিনি দিনৰ ৰাষ্ট্ৰীয় শোক চলি আছে! চুইগি, জমাটোত সকলো অর্ডাৰ বন্ধ! ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে আন সকলোৰে সৈতে ৰাস্তাত খোজ কাঢ়ি জুবিনৰ গান গাইছে, আৰু চকু মচিছে...


এটা ঘৰুৱা আড্ডাত জুবিনে ধেমালিৰ ছলেৰে কৈছিল, ”কোনোবা মৰিলে বোম্বে বন্ধ নহয়, চেন্নাই বন্ধ নহয়। কিন্তু মই মৰিলে অসম সাত দিনৰ বাবে বন্ধ হৈ যাব। কাৰণ মই লিজেণ্ড!” অসমবাসী যেন জুবিনৰ কথাক বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিকৰ।  


মানুহে তেওঁৰ এটা জীৱনতে টকা-পইচা-ধন-সোণ-হীৰা-মুকুতা কত কি জমা কৰে! যোৱা তিনি দিনত মোৰ এটা কথাই ধাৰণা হ'ল, জুবিনে মানুহ জমাব বিচাৰিছিল।


সেয়ে তেওঁৰ যিমানবোৰ ভিডিও মই চালোঁ, দেখিলোঁ যে, এই মানুহটোৰ চকুত অসম্ভৱ প্রেম। যেতিয়াই কাৰোবাৰ ফালে চায়, সেই দৃষ্টি প্রেম আৰু আৱেগেৰে ভৰা। একেবাৰে পিউৰ। ফলত ৫২ বছৰীয়া জীৱনত অসমৰ দৰে সৰু এখন ৰাজ্যৰ সৰু এখন চহৰৰ শিল্পী এশ কোটি টকাৰ মালিক হৈও, ৰাস্তাৰ কাষৰ জুপুৰীত সাধাৰণ মানুহৰ দৰে বহি ভাত খাব পাৰিছিল। পকেটৰ পৰা টকা উলিয়াই তাৰ পৰা গণি গণি কেইখনমান নোট কাষত বহি থকা দৰিদ্র মানুহজনৰ হাতত গুঁজি দি বাকীখিনি আকৌ নিজৰ পকেটত থৈ দিছিল। না, সেই দিয়াত কোনো ষ্টাৰডম নাছিল, কোনো মানুহক দেখুৱাই কৰা ভেল্কিবাজী নাছিল।


ফলত অসমৰ মানুহ এজন সামান্য জনদৰদী গায়কৰ ভেল্কিবাজীত আবদ্ধ হৈছিল! 


ৰবিন শর্মাৰ এখন কিতাপৰ নাম, ”হু উইল ক্রাই, হোৱেন ইউ ডাই।” মোৰ খুব প্রিয় এখন কিতাপ। যোৱা তিনিদিন ধৰি এই কিতাপখনৰ কথা বাৰেবাৰে মোৰ মনত পৰিছে।


ওহোঁ! মৃত্যুৰ পিচত সকলোৰে বাবেই বহুত মানুহে দলবদ্ধ হৈ কান্দিবই লাগিব, এনেকুৱা কোনো কথা নাই। ই এটা ব্যক্তিগত চইচ!


কিন্তু এজন অসমীয়া শিল্পীৰ মৃত্যুৰ পিচত যেতিয়া তেওঁৰ অন্ত্যেষ্টিক্রিয়াত ১৭ লাখ মানুহ গোট খাই একেলগে তেওঁৰ গান গায়, চিঞৰি বৰ চিঞৰি কান্দে, তেতিয়া ছাই হৈ বতাহত লীন হৈ গৈ থকা শৰীৰৰ প্রতিটো ইঞ্চিৰ কেনেকুৱা বোধ হয়, সেয়া ভাবি শিহৰিত নোহোৱাকৈ থকাৰ উপায় কি?


বাংলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে শ্ৰী অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়াই।

Friday, September 26, 2025

Mrinal Borah FB wall

 জুবিন দা তোমাক বেয়া পোৱা মানুহ জন তুমি চিনি পাইছানে ? 

                মই কিন্তু বহু বছৰৰ আগেয়েই তোমাক বেয়া পোৱা মানুহ এজনক চিনি পাইছিলোঁ , সেই অ-প্ৰকাশিত কথাষাৰ আজি প্ৰকাশ কৰিলো ৷ কাৰণ মই কিছু সুকীয়া , মোৰ মনটো বেছি বেয়া লাগি থাকিলে মই মোৰ মনৰ কিছু কথা কাৰোবাৰ আগত প্ৰকাশ কৰিলে নিজেই কিছু শান্তি পোৱাৰ দৰে অনুভৱ কৰো ৷ সেয়ে প্ৰকাশ কৰি দিছোঁ ৷

                  সেই মানুহ জনৰ কথা কবলৈ যাওঁতে মই বহু বছৰ পিছুৱাই যাব লাগিব , সেই সময়ত মই হয়টো ক্লাছ এইট বা তেইন মানত পঢ়ি আছিলো ৷ তেতিয়াৰ পৰাই মই তোমাৰ গান শুনি ভাল পাইছিলোঁ আৰু নিজেই তোমাৰ গানৰ কেছেট কিনি আনি গান শুনিবলৈ লৈছিলোঁ ৷ কিন্তু তোমাৰ গানৰ কেছেটবোৰ মই লুকুৱাই ৰাখিছিলোঁ , কাৰণ মই যিটো টেপৰেকৰ্ডাৰত তোমাৰ কেছেটবোৰ লগাই গান শুনিছিলোঁ সেই টেপৰেকৰ্ডাৰৰ মালিক জনে তোমাক কেছেট কিনি তোমাৰ গান শুনা দেখা নাছিলোঁ ৷ 

                    তেওঁ ভূপেন হাজৰিকা দেৱৰ গানৰ লগতে জয়ন্ত হাজৰিকা , মহেন্দ্ৰ হাজৰিকা , চাৰু গোহাঁই কে আদি কৰি আন আন সকলৰ গীত শুনি ভাল পাইছিল আৰু সেই সকলে কণ্ঠ দান কৰা কেছেট সমূহ কিনি কিনি গান শুনিছিল ৷ সেয়ে মই তোমাৰ গান লুকাই চুৰকৈ শুনিব লগীয়া হৈছিল ৷ 

                     পাছত যেনিবা নিজাকৈ কাৰোবাৰ চেকেণ্ড হেন টেপৰেকৰ্ডাৰ এটা কিনি নিজাকৈ গান শুনাৰ ব্যৱস্থা কৰি লৈছিলোঁ ৷ এবাৰ মই মোৰ লগৰ এজনৰ লগত তোমাৰ সেই মায়া মায়া মায়া মাথোঁ মায়া গীতটো শুনি থকাৰ লগতে হিন্দী গান শুনি থকা দেখা পাই সেই বিশেষ ব্যক্তি জনে খং কৰি মই আনৰ পৰা কিনি অনা টেপ ৰেকৰ্ডাৰটোকেই মৰিয়াই মৰিয়াই ভাঙি পেলাইছিল ৷ সেইটো  ভাঙিছিল আৰু মোক গালি দিছিল কি এইবোৰ হিন্দি গান আৰু জুবিনৰ গান শুনি থাক , ভাল গান এটা শুনিব নোৱাৰ ৷ ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা জয়ন্ত হাজৰিকাৰ কেছেট , কেছেট দোকানত নাপাৱ নেকি  ? 

                         কিন্তু আচৰিত কথা মোক তোমাৰ গান শুনিবলৈ মানা কৰা মানুহ জনেই পাছত তোমাৰ গানৰ কেছেট নিজেই কিনি আনি তোমাৰ গান শুনিবলৈ লৈছিল ৷  সেই বিশেষ ব্যক্তি জনৰ প্ৰথম মন জয় কৰিবলৈ সক্ষম হোৱা তোমাৰ বিশেষ গীত দুটি হৈছে 👉 ১/ ভৰ দুপৰীয়া দুটি হৰিণী মাজতে এখনি নৈ   ,,,,,,,  ,,,,,,,          আৰু 

                                 ২/ মাতে পকা ধানে ৰিঙিয়াই বগী তৰা যায় আগুৱাই  , 

ইয়াৰ পাছত তোমাৰ কণ্ঠ দান কৰা ভাগৱত পাঠকে আদি কৰি বহুতো ৷ এতিয়া আহিছোঁ সেই বিশেষ ব্যক্তি জনক তোমাক চিনাকি কৰাই দিবলৈ তেওঁ আন কোনো নহয় তেখেত মোৰ মামা আছিল  স্বৰ্গীয় ৰঞ্জন শইকীয়া  ৷ তেখেতেও কেইবা বছৰৰ আগেয়ে ইহ সংসাৰ ত্যাগ কৰি স্বৰ্গবাসী হৈছে , এতিয়া তুমি তলৈ যোৱা দেখি হয়টো তেখেতেও আনন্দ পাইছে কাৰণ টাতে তোমাক সন্মুখৰ পৰা চাই চাই তোমাৰ কন্ঠেৰে নিগৰা গীত শুনিবলৈ পাব ৷ ভিৰৰ মাজত যদি তেখেতে নিজৰ চিনাকি দিবলৈ আহে নামটো মনত ৰাখিবা স্বৰ্গীয় ৰঞ্জন শইকীয়া ৷ 

                 মই তেতিয়াই মানে ১৯৯৮ বা ২০০০ চন মানতেই উপলব্ধি কৰিছিলোঁ যে তোমাক যদিয়ো কোনোৱে সেই সময়ত ভাল পোৱা নাছিল লাহে লাহে সকলোৱে ভাল পাব ৷ আৰু এই কেইদিনত নিজেই দেখা পালোঁ মানুহে তোমাক কিমান ভাল পায় আৰু তোমাৰ কাৰণে কি কৰিব পাৰে ৷ মই কল্পনা কৰিব নোৱাৰাকৈয়ো তোমাক ভাল পোৱা মানুহ আছে , বহু কেইজনে ইতিপূৰ্বেই তুমি নোহোৱা হোৱাৰ কথাষাৰ সহ্য কৰিব নোৱাৰি এই সংসাৰেই ত্যাগ কৰি তোমাৰ ওচৰলৈ ঢাপলি মেলিছে ৷ 

               তুমিতো সেই কথা জানিচাই নিশ্চয় , আনক কিমান ভাল পালে বাৰু মানুহে নিজকে শেষ কৰি দিব পাৰে ? 😭😭😭😭সেই ভাবি মই আচৰিত হৈছোঁ ৷ কিনো ক'ম কি কৈ কেনেদৰে শান্তি পাম যেন লাগি আছে ৷ 

  তুমি যে এতিয়া আমাৰ মাজত জীৱন্ত ৰূপত নাই এই কথাষাৰ এতিয়াও মানি লব পৰা নাই কিয় এনে হৈছে বাৰু 😭😭😭 তুমি আছিলা আৰু যোগ যোগান্তৰলৈকে থাকিবা ৷ মাথোঁ তোমাৰ পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ সময়ত প্ৰকৃততে কি হৈছিল সেইটো জানিব পৰা হলে হয়টো কিছু শান্তি পালোঁ হয় ককাই 😭😭😭 তুমিয়েই কিবা এটা চমৎকাৰ কৰি সকলোবোৰ প্ৰকাশ কৰাই দিয়ানা 😭😭😭🙏🙏জয় জুবিন দা 🙏🙏🙏

Thursday, September 25, 2025

মৃদুল কুমাৰ সন্দিকৈ FB Pist

 বন্ধু পবিত্ৰৰ সৈতে জুবিনে পতা কথাবোৰ...

তেতিয়া জুবিন আছিল গভীৰ দুখত। এক মুহূৰ্তৰ আগলৈকে হাঁহি থকা জুবিন গাৰ্গৰ বুকুলৈ খহি আহিছিল দুখৰ পাহাৰ। সেই দৃশ্য বৰ্ণনা কৰিছিল তেওঁৰে এজন সুহৃদে। লিখিছিল- কেনে আছা জুবিন? –এক মুহূৰ্তৰ আগলৈকে হাঁহি মাতি থকা মৰমৰ ভনীয়েক জংকীক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই দুহাতেৰে দাঙি বাউলৰ দৰে চিঞঁৰি আছিল জুবিনে। 

জুবিনৰ কথা সেইদিনা লিখিছিল তেওঁৰে এজন পৰম বন্ধুৱে। সেই লেখাৰ শিৰোনাম আছিল- ‘কেনে আছে জুবিন?’ গৰিমাৰ সান্নিধ্যত নতুন জীৱনৰ পাতনি মেলা জুবিন গাৰ্গৰ বিষয়ে লেখা এটা ২৩ বছৰৰ পুৰণি লেখা।

সহায়ৰ বাবে জুবিনে এনেদৰে চিঞৰিছিল সেইদিনা। মুৰ্মুষ জংকীৰ যন্ত্ৰণাকাতৰ দেহটো লৈ কাষেৰে পাৰ হৈ যোৱা অচিনাকী গাড়ীবোৰৰ আৰোহী নিৰুদ্বেগ মুখবোৰলৈ চাই কাতৰ ভাৱে কৈছিল- ‘আমাক লৈ বলক’।

কেইবাখনো গাড়ীয়ে সহাৰি দিয়া নাছিল। অৱশেষত এখন গাড়ীত উঠাই কোলাত আলফুলে জংকীক লৈ তেওঁ চিকিৎসালয়লৈ বুলি ঢাপলি মেলিছিল। সেই লেখাত এই কথাবোৰেই বৰ্ণনা আছিল- সমস্ত আশাৰে বিচাৰিছিল একো নহওঁক তাইৰ। অন্ততঃ তাই জীয়াই থাকক। 

পিছে ককায়েকক মাত নিদিয়াকৈ, নুসুধাকৈ তাই গুছি গৈছিল। স্তব্ধ হৈ পৰিছিল জুবিন। মৃত্যুক হেনো ইমান কাষৰ পৰা আগেয়ে দেখা নাছিল। অস্থিৰ হৈ পৰিছিল তেওঁ। দুপৰ নিশালৈকে নিশ্চুপ হৈ বহি থাকে নৱগ্ৰহ শ্মশানত। 

অতি ওচৰৰ পৰা জুবিনক পোৱা অন্যতম বন্ধুৰ ভিতৰত আছিল তেৱোঁ আছিল অন্যতম আৰু বিশেষ। তেওঁ সেই দিনবোৰৰ কথা বৰ্ণনা কৰি লিখিছিল- দিনে, নিশাই ডিজি মিউজিকৰ ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰুমত সোমাই মাথো কীবৰ্ডত আঙুলি বোলাই। হাঁহি নাই, চকুলো নাই...। 

এনে দুখৰ সময় আছিল জুবিনৰ সেয়া। কিয়নো বহু গানৰ প্ৰথম শ্ৰুতা, প্ৰথম সমালোচক প্ৰতিটো সময়ত ছাঁৰ দৰে থকা জংকী আৰু জয়ন্তৰ অকাল বিয়োগত একেবাৰে মৌন হৈ পৰিছিল  জুবিন। 

গুণগুণাব খুজিলেও ক’ৰবাত সুৰবোৰ ৰৈ যায়। চৌপাশৰ শুভাকাংক্ষীসকলৰ মনত ভয় হৈছিল জুবিনে কিছু সময়ৰ বাবে জিৰণি ল’ব নেকি? পিছে নহয়, ওচৰা ওচৰিকৈ অহা তিনিটা ভয়াৱহ মৃত্যুৱেও গানৰ জগতখনত জুবিনৰ যাত্ৰা ৰোধিব নোৱাৰিলে। 

পুনৰ তেওঁ নিমগ্ন হ’ল সৃষ্টিত। বৰ্তমান তেওঁ ব্যস্ত ‘দেহমন’ আৰু ‘শিশু’ দুটা একক কণ্ঠৰ শ্ৰব্য কেছেট নিৰ্মাণত- এই লেখাটোত এনেদৰে বৰ্ণনা কৰা হৈছিল জুবিন গাৰ্গৰ সেই সময়ৰ কথা। 

মানুহে তেতিয়া জুবিনে জানিব খুজিছিল কুশলে আছেনে জুবিন?  সেয়ে হয়তো তেওঁ এই লেখাটো লিখিছি, জুবিনৰ সৈতে কথা পাতিছিল। অকলশৰীয়া হৈ পৰা জুবিনে কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। যাযাবৰী জীৱন কটাই ভাল পোৱা, ব্যাকৰণবিহীন বিহীন নিশাৰ জীৱন কটোৱা জুবিনৰ মনৰ কথা জানিব খুজিছিল তেওঁ। 

জনপ্ৰিয় সপ্তাহিক কাকত সাদিনৰ বাবে এই সাক্ষাতকাৰমূলক লেখা প্ৰস্তুত কৰা হৈছিল। য’ত প্ৰথমটো প্ৰশ্নই জুবিনৰ প্ৰতি আছিল- তোমাক জনা বহুতেই জানে তোমাৰ দিনপঞ্জীখন আৰু তোমাৰ কাম কৰাৰ ধৰণ বৰ আচহুৱা। সেইদিনালৈকে বহেমিয়ানৰ দৰে দিবানিশে গানৰ সৈতে জীৱন উদযাপন কৰি আছিলা। এতিয়া তুমি গৰিমাৰ সৈতে সংসাৰৰ পাকত বন্দী। তুমি মানুহটো সলনি হৈ যাবা নেকি?

এই প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল- বিবাহৰ পূৰ্বে মোৰ কামৰ উৎপাতত বহু কথাত মনোযোগ দিব পৰা নাছিলো। বহু ভুল কৰিছিলো। ঘৰত সময় দিব পৰা নাছিলো। ৰাতি ৰাতি নুশুৱাকৈ কাম কৰিছিলো, য’তেই ৰাতি হয় তাতেই শুই দিছিলো, গছৰ তলত নিশা কটোৱাৰো উদাহৰণ আছে। মই বৰ অস্থিৰ আছিলো। মানুহৰ প্ৰতি মোৰ গভীৰ ভালপোৱা আছে সেই ভালপোৱাই মোক খেদি লৈ ফুৰিছিল অ’ৰ পৰা ত’লৈ।

প্ৰথম প্ৰশ্নটোৰ উত্তৰ সেইদিনা যথেষ্ট দীঘলীয়াকৈ দিছিল জুবিনে। কৈ গৈছিল তেওঁ- বিভিন্ন মানুহৰ দুখত সমভাগী হৈ মই ভাল পাইছিলো। প্ৰকৃতিৰ এটা উপাদান মোৰ অঘৰী জীৱনত। এতিয়া হয়তো বহুত কথা জুখি-মাখি চলিব লাগিব। মই নিশাৰ জীৱনৰ প্ৰেমিক। ৰাতি কাম কৰি, সৃষ্টি কৰি ভাল পাওঁ। এতিয়াও মই ৰাতি সাৰে থাকিম। কাম কৰি যাম। এতিয়া হয়তো সময়তো অলপ ইফাল-সিফাল কৰিব লাগিব। গোটেই ৰাতি কাম কৰি দিনৰ ৩ বজালৈ শুই থকা অভ্যাসটো সলাব লাগিব। 

সেই সাক্ষাতকাৰতে বন্ধুক কৈছিল মৃত্যু নোহোৱালৈকে তেওঁৰ সৃষ্টিৰ মৃত্যু নহয় বুলি। অসম আৰু অসমৰ মানুহৰ বাবে বহু কাম কৰিবলৈ আছে বুলি জনাইছিল। অতীত তেওঁৰ কাৰণে হেনো দৰকাৰী নহয়। ভৱিষ্যতকো তেওঁ নেদেখে। বৰ্তমানকহে তেওঁ কামত লগাব চেষ্টা কৰে। 

ভগ্নী জংকীৰ কথা সোঁৱৰি তেওঁ আৱেগিক হৈছিল- এতিয়া মোৰ মনত দুটা কথাৰ প্ৰচণ্ড প্ৰভাৱ পৰিছে এক জংকী আৰু জয়ন্তৰ মৃত্যু। সিহঁত মোৰ সোঁহাত আৰু বাওঁহাত আছিল। জীৱনত প্ৰথম ইমান অসহায়বোধ কৰিছো। কিন্তু মই জানো মই ইয়াক পাৰ কৰি যাম। জংকীৰ গাত মোৰ আধাতকৈ বেছি প্ৰতিভা আছিল। এতিয়া তাইৰ সপোন বিলাক মোৰ জীৱনলৈ বহু আশা লৈ আহিছে। মই ভাবো আমাৰ দুয়োৰে মাজেদিয়েই নতুন ইতিহাসে গঢ় ল’ব। 

গৰিমাৰ কথা কৈছিল জুবিনে কৈছিল এইদৰে- গৰিমাৰ সহযোগত মোৰ আকৌ নতুন জন্ম হ’ব। অসমে আৰু দহটা জুবিন মোৰ মাজত দেখিব। গান আৰু সংসাৰৰ কথা ওলাইছিল সেই বাৰ্তালাপত। কেনেকেদৰে চলাই নিব গান আৰু সংসাৰক? সুধিছিল সেইদিনা তেওঁক তেওঁৰ বন্ধুৱে। 

জুবিনে এই প্ৰশ্নৰ উত্তৰ বৰ ছুটিকৈয়ে দিছিল যদিও তাত বিশ্বাস আৰু আস্থা সকলো লুকাই আছিল। উত্তৰত জুবিনে কৈছিল- সংগীত জীৱনত গৰিমাৰ প্ৰভাৱ বহু আগৰে পৰাই আছে। নহলে মই তাইক ভাল পাবই নোৱাৰিলোহেতেন। তাই মোক বুজি পাই, সংগীতক বহুত ভাল পাই (নিজেই গান নাগাই যদিও) ঘৰুৱা কথাত সৰু ভণ্টী মমন, দেউতা সকলোৱে মোক সহায় কৰে। মই ভাবো সকলো সুন্দৰকৈ চলাই যাব পাৰিম। মানুহৰ মৰমতো আছেই। 

সাংসাৰিক জীৱন! স্বামী জুবিন! মানুহজন কেনে হ’ব? এই সাক্ষাতৰাকটোতেই সুধা হৈছিল তেওঁক- সাংসাৰিক জুবিন জন কেনে হ’ব?  জুবিনৰ চিধা উত্তৰ আছিল- বজাৰ-সমাৰ কৰি ৰাতি ১০ টা বজাত ভাত খাই শুই থকা মানুহ মই কেতিয়াও হ’ব নোৱাৰো। তাত একো নতুনত্ব নাই। কেতিয়াবা এদিন হয়তো ভাল লাগিব। ৰাতি ২ টা বজালৈকে মই কাম কৰিবই লাগিব। সংগীত সদায় মোৰ কাৰণে প্ৰথম। মই কৰ্মত বিশ্বাস কৰো। ধৰ্ম, ঈশ্বৰ একোতে বিশ্বাস নকৰো। হয়তো মই অজ্ঞেয়বাদী। 

জুবিন মানেই মানুহ পাগল। জুবিন মানেই বহু যুৱতী হৈ পৰে উত্ৰাৱল। নিজৰ কৰি পাব বিচাৰিছিল জুবিনক বহু যুৱতীয়ে। কিন্তু গৰিমাকে কিয় জুবিনে বাচি ল’লে জীৱন সংগীৰ ৰূপত। কি গুণ আছিল গৰিমাৰ? 

এই প্ৰশ্নৰ উত্তৰত জুবিনে সেইদিনা কোৱা কথা কেইটা আছিল- মই মানুহটো পানীৰ নিচিনা। যিকোনো পাত্ৰত যিকোনো আকাৰ ল’ব পাৰো। মোক ধৰি ৰখাটো বৰ টান। মই সদায় উৰিব বিচাৰো। মই ভাবো গৰিমাৰ মাজত এনে কিছুমান গুণ আছে যাৰ কাৰণে ইমান বছৰে মই তাইৰ ওচৰতেই বান্ধ খাই থাকিলো। 

প্ৰধান কথা হ’ল তাই মোক চাব জানে আৰু মোৰ ভুলটো আঙুলিয়াই দিব পাৰে। তাইৰ বাহিৰে মোৰ সন্মুখত কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। 

বন্ধু মানুহ, মুকলিকৈ পাতিছিল সেইদিনা কথা। সুধিছিল বিয়াৰ পাছত নাৰীৰ মাজত জনপ্ৰিয় জুবিনৰ জনপ্ৰিয়তা আৰু গ্লেমাৰ কমি যাব নেকি? জুবিন চিন্তিত নাছিল ইয়াক লৈ। উত্তৰ দিছিল বন্ধুক এইদৰে- গ্লেমাৰ কি বস্তু মই নাজানো। মানুহে ভাল পাই কাৰণে ভাল লাগে। জংকী, জয়ন্তৰ মৃত্যুৰ পাছত অনুভৱ কৰিছো জীৱনটোত বেছিভাগ কথাই অৰ্থহীন। অকল ভাল কামেহে পৃথিৱীখন সুন্দৰ হোৱাত সহায় কৰে। কাম সদায় থাকি যায়। নাম, টকা সকলো অৰ্থহীন। 

নাৰীৰ মাজত বিশেষভাৱে জুবিন জনপ্ৰিয় হোৱাৰ কথা জুবিনে অনুভৱ কৰিছিল। কেৱল নাৰীয়েই নহয়, সকলোৰে প্ৰিয় আছিল তেওঁ। মৃত্যুৰ পাছতো বহুতে উপলব্ধি কৰিছে কিয় জুবিনৰ ফেন নহ’ল বুলি? জুবিনৰ মতে- নাৰীৰ মাজত মই জনপ্ৰিয় হোৱাৰ কাৰণ হয়তো মোৰ গীত গোৱাৰ ষ্টাইল, গীতৰ কথা আৰু মোৰ গীতৰ অনুভৱৰ গভীৰতা। 

মই প্ৰথম যেতিয়া উলাইছিলো, চেষ্টা কৰিছিলো মোৰ প্ৰজন্মটোৰ চেণ্টিমেনটেক লৈ মোৰ গীতত খেলিবলৈ। কিন্তু সুসংযত ৰূপত। মই তাত সফল হৈছিলো। এতিয়া মোৰ পৰিসৰ বাঢ়িছে। মোৰ গীতৰ পৰিধিয়ে এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে চুইছেগৈ। মই আলচতে এইটোৱেই বিচাৰিছিলো। মাত্ৰ কামটো কৰোঁতে কম সময় লৈছো। মোৰ আৰু বহুত কবলগীয়া আছে মানুহক। মই ভাবো বিবাহৰ পাছতো মোক মানুহে একেদৰেই পাব। 

সপোন দেখেনে জুবিনে? অসমক লৈ তেওঁ কি সপোন দেখে?  অসমৰ কাৰণে হেনো জুবিনৰ চিন্তা। কৈ গৈছিল জুবিনে সেইদিনা- অসমৰ কাৰণে মোৰ সদায় চিন্তা। সেই কাৰণে মুম্বাইত বেছি দিন থাকিব নোৱাৰো। মই সাংস্কৃতিক প্ৰতিনিধি হিচাপে মোৰ কৰ্তব্য সদায় কৰি যাম। সংগীতৰ মহাসভাৰ যোগেদি বৰ অসমখন আকৌ একেলগ কৰাৰ প্ৰচেষ্টা হাতত লৈছো। মোৰ জীৱনটো অসমৰ দান, ই অসমৰ মাজতেই, অসমৰ বাবেই যুদ্ধ কৰি কৰি শেষ হ’ব। 

এয়াই হ’ল। এয়াই কৰি দেখুৱালে জুবিনে। অসমৰ সীংগত জগতক লৈ আৰু নতুন সকলক লৈ তেওঁৰ আছিল এক ইতিবাচক ধাৰণা- মোৰ সংগীত সদায় উৰ্ধ্বমুখী। নতুন ধৰণৰ গায়ক, গায়িকা, সুৰকাৰ মোক লাগে, যাতে আৰু বেলেগ ধৰণৰ কাম মই কৰিব পাৰো। সংগীত পৰিচালক হিচাপে ইয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰিছো। কম হওঁক, কিন্তু ভাল কাম হওঁক। লোক সংগীতৰ জগতখন ভালেই দেখিছো। ই যথেষ্ট ফকাচলৈ আহিছে। অসমৰ বেছিভাগ সংগীতৰ লগত মই জড়িত। কিন্তপ কেতিয়াবা মোৰ অকলশৰীয়া বোধ হয়। মই আশাবাদী, নতুন প্ৰজন্মই আমাক আৰু শিল্পী দিব, জুবিনতকৈ ভাল শিল্পী। 

জুবিনৰ সৈতে সাধাৰণ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম সংগীত আৰু মঞ্চ। কিন্তু বাটেদি যোৱা সাধাৰণ মানুহ এজনক দেখিলে তেওঁ হেনো মনত ভাৱ হয় সেই মানুহজনৰ মাজত তেওঁ আছে- সেই সাধাৰণ মানুহজনৰ মাজত মই নিজকে বিচাৰি পাওঁ। কাৰণ সেই মানুহজন মই কেতিয়াবাই এৰি থৈ আহিছো। সংগীত আৰু গ্লেমাৰৰ মাজত বস্তু দুটাই মোৰ মাজত জন্ম দিছে এটা এলিয়েনৰ। 

জংকীৰ মৃত্যুৱে তেওঁক মৃত্যুৰ সম্পৰ্কে এক ধাৰণা দিছে। সুধিছিল বন্ধুৱে মৃত্যু সম্পৰ্কীয় এটা প্ৰশ্ন। মৃত্যুক তুমি ভয় কৰা নেকি? জুবিনৰ উত্তৰ আছিল- জংকীৰ মৃত্যু মোৰ কোলাতেই হৈছিল। তাইক মই দাঙি আনি চুমু এখন উঠাই লৈ গৈছিলো হাস্পতালৰ ফালে। ৰাস্তাতেই তাই শেষ নিশ্বাস ত্যাগ কৰিলে মোৰ হাতত। আকৌ এবাৰ মই হাৰিবলগা হ’ল। নাজানো কাৰ হাতত? তাইৰ মৃত্যু দেখি জীৱনত প্ৰথম ভয় খাইছিলো, কপিছিলো। বহু কঠিন পৰিস্থিতিতো মই সদায় অটল থকাৰ অভ্যাস আছে। কিন্ত সেইদিনা মই সম্পূৰ্ণৰূপে নিঃসহায় হৈ পৰিছিলো। 

জংকীক লৈ মই বৰ আশাবাদী আছিলো। মোৰ সপোন আৰু তাইৰ সপোন সদায় একাকাৰ হৈ আছিল। মই দেখা ছোৱালীৰ ভিতৰত তাই আছিল এজনী অসাধাৰণ আৰু সুন্দৰ। যাৰ উপমা নাই। মই ভাবো তাইৰ মৃত্যুত মোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মোৰ অসমবাসী। 

মৃত্যুৰ মুখৰ পৰা মই কেইবাবাৰো বাচিছো। মৃত্যুৰ ভয় মোৰ নাই। কিন্তু কেতিয়াবা নমৰিব লগীয়া মানুহ বেয়াকৈ মৰিলে মোৰ কণ্ঠ ৰুদ্ধ হয়। নিজকে পুতলা যেন লাগে। জীৱনৰ যাত্ৰাত ঘাট-প্ৰতিঘাত থাকেই, কিন্তু যগি ঈশ্বৰে অন্যায় কৰে মই তাৰ লগতো যুঁজিবলৈ প্ৰস্তুত। এটা কথা বুজিছো জীৱনৰ শেষ পৰিণতি ধূলিৰ বাহিৰে আন একো নহয়। বাকী সকলো অৰ্থহীন। 

কেনে আছে এই জুবিনৰ এই কথাবোৰ সামৰা হৈছিল। জুবিনে কৈছিল সম্পূৰ্ণ সুস্থ তেওঁ- মই সম্পূৰ্ণ সুস্থ, মই আগতেই কৈছো ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খোজো মই। মোৰ জীৱনটো ৰাইজৰ বাবে। মোৰ ব্যক্তিগত দুখ, ঘাট-প্ৰতিঘাতে মোৰ সৃষ্টিক কেতিয়াও বাধা জন্মাব নোৱাৰে। সংগীতত বহিলেই মই পাহৰি যাওঁ মই কি হেৰুৱাইছো, কি পাইছে। Life is a big lemon with a drop of sweetness inside। 

গৰিমাও আছিল কাষত সুধিছিল গৰিমাকো এটা প্ৰশ্ন। স্বামী নে প্ৰেমিক ৰূপত বিচাৰে গৰিমাই জুবিনক? নবিবাহিতা আছিল গৰিমা। গৰিমাৰ উত্তৰ আছিল সেইদিনা- জুবিনৰ ভাল-বেয়া সকলো মিলি হোৱা স্বভাৱটোৰ বাবেই মই জুবিনৰ প্ৰেমত পৰিছিলো। জুবিনৰ গীতৰ মই শ্ৰোতা। জুবিন কেৱল মোৰ নহয়, তেওঁৰ ওপৰত অধিকাৰ আছে তেওঁৰ শ্ৰোতাৰ। মই মোৰ প্ৰয়োজনত তেওঁক বান্ধি ৰাখিব নোখোজো। যুৱতীসকলৰ মাজত জুবিন জনপ্ৰিয়। বিবাহৰ পাছত সেই জনপ্ৰিয়তা থাকিব নে? 

এই প্ৰশ্নৰ উত্তৰত গৰিমাই কৈছিল, প্ৰতিভা নাথাকিলে কোনো জনপ্ৰিয় হ’ব নোৱাৰে। বহু প্ৰিয় মানুহ সংসাৰি। তেওঁলোকৰ যোগ্যতা আৰু প্ৰতিভা থকালৈকে জনপ্ৰিয় হৈ থাকে। জুবিনৰ ক্ষেত্ৰতো সেয়াই হ’ব। মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। কাৰণ যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 

জুবিনৰ সৈতে সেইদিনা গভীৰ একাত্মতাৰে এইবোৰ কথা পতা মানুহজন আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমানৰ কেন্দ্ৰীয় বিদেশ  ৰাজ্যিক মন্ত্ৰীগৰাকী। একেখন বিচনাতে ১০ বছৰ শুৱা আৰু শেষযাত্ৰাত জুবিনৰ কাষত ছাঁটোৰ দৰে লাগি থকা বন্ধু পবিত্ৰৰ আগত প্ৰাণখুলি জুবিনে কৈছিল মনৰ কথা।

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...