Monday, October 20, 2025

অখিল গগৈ ২০.১০.২০২৫ FB

 জুবিন গাৰ্গ ইমান জনপ্ৰিয় কিয়? 

জুবিন গার্গে অসমৰ সংগীতৰ ইতিহাসলৈ এটা বৈপ্লৱিক পৰিৱৰ্তন আনিলে। জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকাৰ সংগীতৰ ধাৰাৰে প্ৰৱহমান আধুনিক অসমীয়া সংগীতক তেওঁ এটা নতুন যুগলৈ আগবঢ়াই লৈ গ'ল। কথা, সুৰ, লিৰিক্স প্রধান অসমীয়া (ভাৰতীয়) সংগীতক তেওঁ গীটাৰ, বেছ গীটাৰ (Bass guitar), ড্রাম, কীব'বৰ্ডছ, পিয়ানোৰ দ্বাৰা সৃষ্ট এক মিউজিক প্রধান সংগীতলৈ পৰিৱৰ্তন ঘটালে। ড° ভূপেন হাজৰিকাৰ গীতৰ সৈতে সংগত তবলা, হাৰমনিয়াম, বাঁহী, দতৰা, ঢোল-খোল, গীটাৰৰ মিউজিক আৰু অবিস্মৰণীয় শব্দচয়নৰ লিৰিকেৰে উদ্বুদ্ধ কৰা সংগীতৰ ধাৰাক এক নতুন মাত্রা দি জুবিন গার্গে অসমীয়া সংগীতক এক নাচিব পৰা বীটলৈ (Danceable beat) লৈ ৰূপান্তৰ কৰিলে। কিছুমান চমক দিব পৰা, হৃদয় জোকাৰি যোৱা শব্দচয়নেৰে সহজে মনত ৰৈ যোৱা আৰু মেলদিযুক্ত কৰিলে। ক'বলৈ গ'লে, ভূপেনদাৰ গীত কথা আৰু সুৰ প্রধান, জুবিনদাৰ গীত মিউজিক প্রধান। জুবিন গাৰ্গ অসমৰ প্ৰথমজন ৰকষ্টাৰ। জুবিনদাৰ সংঙ্গীতানুষ্ঠানত ননচাকৈ থাকিব নোৱাৰি, ভূপেনদাৰ গীত শুনোতে নভবাকৈ থাকিব নোৱাৰি। শ্রোতা দর্শকক জুবিনদা আৰু ভূপেনদাই ভাবুক কৰি তোলাৰ পদ্ধতি বেলেগ বেলেগ।

"ভাৰতীয় শাস্ত্রীয় সংগীত সম্পূর্ণৰূপে পাশ্চাত্ত্য শাস্ত্রীয় সংগীতৰ পৰা পৃথক। ভাৰতীয় শাস্ত্রীয় সংগীত মূলতঃ 'সুৰ' বা একক note ৰ ওপৰত আধাৰিত, য'ত এজন গায়কে বা বাদকে মূল note ক beat কৰে, আৰু আন বাদ্যযন্ত্র বা কণ্ঠ সেই টোকাক অনুসৰণ কৰি সমর্থন যোগায়। অন্যপক্ষে, পাশ্চাত্ত্য শাস্ত্রীয় সংগীত 'সমন্বয়' বা 'হামনি'ৰ ওপৰত আধাৰিত, য'ত একাধিক ধ্বনি একেলগে বাজি, পৰস্পৰ কাউণ্টাৰপইন্ট হিচাপে সম্পর্কিত হৈ এক গাঁথনিৰ সৃষ্টি কৰে। এইদৰে, পশ্চিমীয়া সংগীত বহুধ্বনিযুক্ত (পলিফোনিক) হ'লেও, ভাৰতীয় সংগীত একস্বৰযুক্ত (মনোফোনিক) ৰূপে একক সুৰৰ ওপৰত ভিত্তি কৰি সংগীতৰ নিজস্ব স্বাতন্ত্র্য গঢ়ি তোলে" ("How Is Indian Music Different From Western Music" - Dev Dutt, January 7, 2025, Indian Express.) (মননশীল গায়িকা তৰালী শৰ্মা বাইদেউৱে মোক কোৱা মতে, ভাৰতীয় শাস্ত্রীয় সংগীতত ঠাটৰ পৰা ৰাগৰ সৃষ্টিত সময়, ঋতু আদিৰ কথাবোৰো বিশেষভাৱে উল্লেখনীয়)।

জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া সংগীতক প্রথম আধুনিক ৰূপ দিছিল। "গছে গছে পাতি দিলে ফুলৰে শৰাই..." ৰে আধুনিক অসমীয়া সংগীতত প্রৱেশ কৰা অসমীয়া গীতে জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভাৰ দ্বাৰাই এক বিশ্বজনীন ৰূপ পাইছিল। সেইয়া ১৯২০-১৯৬০ ৰ দশকৰ কথা। জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু তাৰ পৰৱৰ্তী প্রগতিশীল বাঁওপন্থী আন্দোলনৰ সৃষ্টি। ড° ভূপেন হাজৰিকাৰ যুগটো তাৰ পাছৰ সময়খিনি, ১৯৫০-১৯৮০ ৰ দশকলৈ। ড° ভূপেন হাজৰিকাই অসমীয়া সংগীতক বিশ্বমানৰ কৰি গঢ়ি গ'ল। তাৰ পাছতে আৰম্ভ হ'ল জুবিন গাৰ্গৰ যুগ। বিশ্বৰ শীতল যুদ্ধ (Cold war)ৰ পৰৱৰ্তী ৰাজনৈতিক জগতখন নব্য-উদাৰীকৰণৰ যুগত প্রৱেশ কৰিলে। এই Neo-Liberal যুগটোৱে কেৱল অর্থনৈতিকভাৱেই নহয়, সামাজিক-সাংস্কৃতিকভাৱেও সীমাৰ দেওনা মুকলি কৰি আমাৰ দৰে দুখীয়া দৰিদ্ৰ দেশ এখনত সংগীতৰ নতুন ধাৰা বোৱাই দিলে। ভাৰতীয় তথা অসমীয়া সংগীতৰ জগতলৈ প্রবেশ ঘটিল পপ (Pop), বক (Rock) বা Rock and Roll, Blues, Jazz ইত্যাদি। ক'বলৈ গ'লে, জুবিন গাৰ্গ হ'ল-১৯৯১ চনৰ পৰৱৰ্তী নব্য-উদাৰীকৰণ যুগৰ নতুন সংগীতৰ নায়ক, Rockstar.

ভূপেন হাজৰিকাইও পশ্চিমীয়া সংগীতৰ গভীৰ সোৱাদ পাইছিল। তেওঁ পশ্চিমীয়া সংগীতক অসমীয়াকৰণ (ভাৰতীয়কৰণ) কৰিছিল। জুবিন গার্গে অসমীয়া সংগীতক পশ্চিমীয়াকৰণ কৰিছিল। জুবিন গাৰ্গে অসমীয়া সংগীতৰ লয়, ছন্দত পশ্চিমীয়া সংগীতৰ ধাৰা প্ৰৱৰ্তন কৰাৰ পাছতো তেওঁৰ সংগীতৰ প্ৰাণত সোমাই আছে অসমীয়া লোকজীৱনৰ সাহ আৰু হৃদয়ৰ ধ্বনি। অসমীয়া ভাষাৰ মাধুৰ্য্যক জুবিন গার্গে গভীৰভাৱে হৃদয়ংগম কৰিছিল।

"অনামিকা" কেছেটেৰে জুবিন গার্গে ১৯৯২ চনত অসমৰ সংগীতৰ জগতত প্রৱেশ কৰিছিল। প্রৱেশ কৰিয়ে তেওঁ অসমৰ যুৱ-প্ৰজন্মৰ বুকুত স্থান ল'লে। এফালে ৰাজ্যখনত চলি থকা হতাশ ৰাজনৈতিক বাতাবৰণ, অসম আন্দোলনৰ পাছৰ নিৰাশ প্রজন্ম, আনফালে "আলফা"ৰ সশস্ত্র বিদ্ৰোহৰ ভৰপক অৱস্থা। এফালে চৰকাৰী চাকৰিয়ালৰ দৰমহা নোপোৱা অৱস্থা, আনফালে নব্য-উদাৰীকৰণ অর্থনীতিৰ দ্বাৰা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন (LPG)ৰ আগমন। এই অর্থনীতিয়ে ক্রমে গঢ়ি তুলিলে এক ক্ষুদ্র উচ্চ মধ্যবিত্ত শ্রেণী, আনফালে দিশহাৰ্য আৰু নব্য-উদাৰ অর্থনীতিয়ে জুৰুলা কৰা বিশাল জনগণ। একেটা সময়তে গ্রাম্য অর্থনীতিলৈ আহিল ভয়াৱহ সংকট। লাহে লাহে মানুহ নগৰমুখী হ'ল। যুৱ-প্ৰজন্মৰ বৃহৎ অংশ বেলেগ ৰাজ্যলৈও সংস্থাপনৰ বাবে ঢাপলি মেলিলে। পিছে জনমভূমিৰ শিপাৰ মোহে তেওঁলোকৰ মন-চেতনা আচন্দ্র কৰি ৰাখিলে। সাংস্কৃতিক ক্ষেত্ৰত বিশ্বায়নৰ প্রভাৱ দ্রুতগতিৰে বৈ আহিল। সেই সময়খিনিতে জে পি দাস, জিতুল সোণোৱাল আদিয়ে এক নতুন সংগীতৰ সোৱাদ দিবলৈ চেষ্টা কৰিলে। তাৰ পাছত জুবিন গার্গে এই ধাৰাটোক শক্তিশালী কৰাই নহয়, শীর্ষলৈকে লৈ গ'ল আৰু এই ধাৰাটোৰ একছত্রী সম্রাট হ'লগৈ। তেওঁ অসমৰ সীমাৰ পৰিধি ভাঙি বাংলা, হিন্দী আদি শ্রোতাৰো মন জয় কৰিবলৈ সক্ষম হ'ল। ১৯৯২ চনৰ পৰা ২০২৫ লৈ এই সমগ্র সময়খিনি হৈ ৰ'ল জুবিন গাৰ্গৰ যুগ। এই যুগ কিমানলৈ সম্প্ৰসাৰিত হয়, সেয়া এতিয়াই কোৱা টান।

জুবিন গাৰ্গৰ সংগীত কেৱল পশ্চিমীয়া বাদ্যযন্ত্র, পশ্চিমীয়া সংগীতৰ সুৰ, পশ্চিমীয়া ৰক এণ্ড ৰ'ল, প'প, ব্লুউজৰ দ্বাৰাই প্ৰভাৱিত হোৱা নাই, এই যুগটোত বিশ্বজুৰি হোৱা সংগীতৰ জগতৰ প্রযুক্তিগত বিপ্লৱৰ লগত তেওঁৰ সংগীত-চর্চাক একে মাত্রাত আগুৱাই নিবলৈ সক্ষম হ'ল। ৰেক'ৰ্ড প্লেয়াৰৰ পৰা কেছেট, তাৰ পাছৰ ইউটিউবলৈকে এই সামগ্রিক প্রযুক্তিগত উত্থানৰ সাক্ষী হৈ থাকিল জুবিন গাৰ্গৰ সংগীত চর্চা।

ৰক (Rock) আৰু প'প (Pop)- এই দুয়োটা সংগীতৰ ধাৰাই নিজেই প্রতিষ্ঠানবিৰোধী। জুবিন গাৰ্গৰ সংগীত চর্চাত এই প্রতিষ্ঠানবিৰোধিতাই মূল চালিকা শক্তি আছিল। জুবিন গাৰ্গৰ গীত আৰু জুবিন গাৰ্গ মানুহজন নিজে হৈ পৰিছিল প্রতিষ্ঠানবিৰোধিতাৰ নামান্তৰ। জুবিন গাৰ্গৰ বেশ-ভূশাতো প্রতিষ্ঠান বিৰোধিতা জলজল পটপট হৈ উঠিছিল। দুটা ভৰিত পৃথক পৃথক দুযোৰ জোতাৰ দুপাট জোতা পিন্ধা অথবা কাণত মহিলাৰ দৰে বৃহৎ কাণ ফুলি পিন্ধা অথবা পুৰুষ জুবিনদাই মহিলাৰ সাজপাৰ পিন্ধা এইবোৰ আছিল বিদ্রোহী জুবিন গাৰ্গৰ জীৱন যাত্ৰাৰ প্ৰতিফলন। অসমৰ সৰ্বস্তৰৰ জনতাই এইজন জুবিন গাৰ্গক আঁকোৱালি লৈছিল। বিশেষকৈ অসমৰ যুৱ প্ৰজন্মৰ বাবে এইজন জুবিন গাৰ্গ হৃদয়ৰ স্পন্দনত পৰিণত হৈছিল। জুবিনদাৰ গীত হতাশ আৰু অধিকাৰ-বঞ্চিত নৱপ্ৰজন্মৰ জীৱনৰ সুধা।

জুবিনদাৰ জীৱন যাত্ৰাত যান্ত্রিকতা নাছিল। তেওঁ হতাশ হৈছিল, মঞ্চত তেওঁ হতাশা প্রকাশ কৰিছিল আৰু ক্ষোভৰ বহিঃপ্রকাশ ঘটাইছিল। ৰাস্তাৰ ভাষা (colloquial language)ত তেওঁ কথা কৈছিল। তেওঁৰ সামাজিক আচৰণ আৰু কথা-বার্তাত ক'তো সম্ভ্রান্ত ৰীতি-নীতি মানি চলা নাছিল। সাধাৰণ মানুহে দৈনন্দিন জীৱনত যিধৰণে আচৰণ কৰে, জুবিনদাৰ আচৰণো তেনে আছিল। সেইবাবে তেওঁ আছিল সকলোৱে ঢুকি পোৱা এজন তাৰকা।

জুবিনদাৰ সংগীত জনপ্রিয় হোৱাৰ আন এটা প্রধান কাৰণ হ'ল- তেওঁ সংগীতৰ শিপা অসমৰ লোক জীৱনত প্রোথিত কৰি লৈছিল। "অনামিকা", "মায়া", "সপোনৰ সুৰ", "আশা", "উজান পীৰিতি", "চান্দনি বাত (হিন্দী)", "জুবিনৰ গান", "ৰং", "পাখি", "মুক্তি", "জানমণি", "হিয়ামন", "শব্দ", "যন্ত্র", "অভিমানী মন", "ৰুমাল", "মা" আদি কেছেটৰ গীতবোৰত তেওঁ ৰক, পপ, ব্লুউজ আদিৰ সৈতে অসমৰ লোক সংগীতৰ এক অপূর্ব মিশ্রণ ঘটাবলৈ সক্ষম হৈছিল। আধুনিক গীতত যেনেকৈ জুবিনদা ওস্তাদ আছিল, তেনেকৈ বৰগীত, টোকাৰি গীত, বনগীত, বিহুগীত আদিতো সমানে পার্গত আছিল। সেয়েহে তেওঁ অত্যাধুনিক হৈও পৌৰাণিক তথা লোকজীৱনৰ ৰং-ৰূপ-গোন্ধক আওকাণ কৰা নাছিল।

জুবিন গাৰ্গৰ গীতৰ লগে লগে জনপ্রিয় আছিল তেওঁৰ ৰাজনৈতিক শ্লেষবোৰ। সেইবোৰে তেওঁৰ Anti-Establishment বা প্রতিষ্ঠান-বিৰোধিতা প্রকট কৰি তুলিছিল। তেওঁ গীত গাইছিল হৃদয়ৰ পৰা, যি গীতে দর্শক-শ্রোতাৰ হৃদয়ত জোকাৰণি তুলিছিল। তেওঁ প্রতিষ্ঠানবিৰোধী বক্তব্যৰে মঞ্চৰ পৰা মতলীয়া কৰিছিল যুৱ প্রজন্মক। তেওঁ মন্ত্রী-বিধায়কক গালি পাৰিছিল, বিপদগ্রস্তলৈ সদা-সহায়ৰ হাত আগবঢ়াইছিল, জাত-পাত-ধৰ্মৰ গোড়ামিক প্রত্যাহ্বান জনাইছিল আৰু প্রতিষ্ঠানক ভ্রূকুটি কৰিছিল। তেওঁৱে অসমৰ একমাত্র মানুহ আছিল যি লগুণ ছিঙিবলৈ ৰাজহুৱা আহ্বান দিব পাৰিছিল, সত্ৰৰ গোসাঁইক "প্রভু ঈশ্বৰ" বুলি কোৱাটোৰ তীব্ৰ বিৰোধিতা কৰিছিল। "কা" বিৰোধী ঐতিহাসিক আন্দোলনৰ লগত ওতঃপ্রোতঃভাৱে জড়িত শিল্পীজনে "পলিটিক্স নকৰিবা বন্ধু” বুলি তেওঁ "কা" বিৰোধী আন্দোলনৰ পৰৱৰ্তী কালত সর্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্রী-মন্ত্রীক সকীয়াই দিছিল। "মনত ৰাখিব আমি নতুন প্রজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো, জ্বলাবও পাৰো" আদি বাক্যই যুৱক-যুৱতীসকলক আন্দোলিত কৰি তুলিছিল। "মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা" আদিবোৰ তেওঁৰ জীৱিত কালতে যুৱ-প্ৰজন্মৰ বেদবাক্যৰ দৰে হৈ পৰিছিল। "মই ইটাবোৰক বিশ্বাস কৰো অট্টালিকাক নহয়।" "বেছি ধনী মানুহৰ লগত থাকি লাভ নাই, সঁচা কথা- ধনীয়ে দুখীয়াৰ দুখ নুবুজে।" "চৰকাৰ আমিয়ে বনাওঁ, চৰকাৰে আমাক নবনায়।" "ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব, আমি চব দি আছোঁ। আমি তেল দি আছোঁ, আমি চাহ দি আছোঁ, গড় দি আছো, জুবিন গাৰ্গ দি আছো" আদি অসমীয়া জাতীয়তাবাদৰ একো একোটা জনপ্রিয় শ্লোগানত পৰিণত হৈছিল।

শাসক বিজেপি দলৰ চৰকাৰ সন্দৰ্ভত জুবিনদা অতিশয় সমালোচনাত্মক আছিল। তেওঁ কৈছিল-"... বিজেপিক ভোট নিদিব। একদম চিধা কথা। একদম বতলা মাল।" আকৌ কৈছিল- "... পলিটিক্স বন্ধ কৰি দিম। বন্ধু বুলি কৈছোঁ, তাতে ক্ষান্ত থাকক। নহ'লৈ একেবাৰে বন্ধই কৰি দিম।" কেৱল 'কা' বিৰোধী আন্দোলনৰ সময়তেই নহয়, হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্রতিও জুবিনদা ভীষণ অসন্তুষ্ট আৰু অসহিষ্ণু হৈ উঠিছিল। তেওঁ বিজেপিক এইবাৰ নিৰ্বাচনত হৰুৱামেই বুলি ঘোষণা কৰিছিল।

জুবিন গার্গেই প্রথম শিল্পী যি নিজকে Social Leftist বুলি ঘোষণা কৰিছিল। চে-গুৱেভাৰা, বিষ্ণু ৰাভা, চার্লি চেপলিন তেওঁৰ আদর্শ ব্যক্তি বুলি ঘোষণা কৰিব পৰা শক্তিশালী ব্যক্তিত্বৰ গৰাকী আছিল আমাৰ মৰমৰ জুবিনদা।

জুবিন গার্গে ন্যায় পাবই লাগিব। ন্যায় পাব লাগিব তেওঁৰ পৰিয়াল আৰু অসমবাসীয়ে। যোৱা ১৯ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে ছিঙ্গাপুৰৰ সাগৰত ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাছৰ পৰা আজি এই লেখা লিখি থকা অৱস্থালৈ অর্থাৎ ১৫ অক্টোবৰ, ২০২৫ লৈ অসম অশান্ত হৈ আছে। মানুহে, জুবিনদাৰ অনুৰাগীসকলে, বিনিদ্র ৰজনী কটাইছে। সেই দিনটোৰ পৰা আজিলৈকে ময়ো অস্থিৰ হৈ আছোঁ, জুবিনদাৰ ন্যায়ৰ বাবে কৰিবলগা কামৰ বাহিৰে একোকে কৰিব পৰা নাই।

জয় জুবিনদা

জুবিনদা অমৰ হওক।

অসমীয়া জাতি জিন্দাবাদ।

#JusticeForZubeenGarg

Prasanta Rajkhowa FB Wall

 জুবিনদাক প্ৰথম দেখাৰ সেই ক্ষণ

চনটো আছিল ২০০২ । কামৰূপ জিলাৰ দদৰাৰ দলিবাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭১ সংখ্যক্ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। দ্বিতীয় দিনা আবেলি মূল মঞ্চত সংস্কৃতি শাখাৰ বিশেষ অধিবেশন। উদ্বোধক জুবিনদা। বহু সময়লৈকে দাদা আহি নোপোৱাৰ বাবে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচী আগুৱাই লৈ যাব লগা হ'ল। অৱশেষত জুবিনদা আহি মঞ্চত প্ৰবেশ কৰিলে। লগে লগে হেজাৰ বিজাৰ মানুহে আহি প্ৰেক্ষাগৃহ উপচাই পেলালে। মঞ্চৰ সন্মুখ ভাগত অভাৱনীয় এক পৰিস্থিতি। সেৱা বাহিনীয়ে জুবিন প্ৰেমী দৰ্শকক নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক অৱস্থা। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লাখৰো অধিক ভক্ত‌ৰ বাবে থাকিবলৈ বনাই দিয়া শিবিৰ সমূহ শূণ্য হৈ পৰিল। নহব‌ই বা কিয়, তেওঁলোকে অত বছৰে গানহে শুনিহে আছিল দেখা পোৱাৰ সৌভাগ্যটো হোৱা নাছিল। পিছে সেইদিনা মোৰ সৌভাগ্য হৈছিল দুৰ্ভাগ্য‌ও হৈছিল। সেইদিনা দাদা অহাৰ কিছু সময় আগতে মুল মঞ্চত এটি বৰগীত পৰিবেশন কৰিছিলোঁ । আচলতে বৰগীতটি দাদাৰ সন্মুখতে পৰিবেশন কৰাৰ কথা আছিল। মনটো উৎফুল্লিত হৈ আছিল। কিন্তু দাদা আহি নোপোৱাৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী মতে বৰগীতটি পৰিবেশন কৰিব লগা হ'ল। এইয়ে মোৰ দুৰ্ভাগ্য, দাদাক শুনাব নাপালোঁ। কিন্তু সৌভাগ্য দাদাক ওচৰৰ পৰা চাবলৈ পালোঁ। মই বৰগীতটি পৰিবেশন কৰি মঞ্চৰ পৰা তললৈ নামিব ধৰোতেই দাদা অহা দেখি মঞ্চৰ কাষতে ৰৈ দিলোঁ। দীঘল চুলিকোচাৰ সৈতে বগা ধুতি আৰু মুগাৰ পাঞ্জাবী পৰিহিত দাদাক সেইদিনা বৰ ধুনীয়া দেখিছিল। দাদাই "শুন শুন ৰে সুৰ" বৰগীতটিৰে নিজৰ ভাষণ আৰম্ভণি কৰিলে। ভাষণৰ শেষত সভাখন সঞ্চালনা কৰা স্বৰ্গীয় নীলকান্ত বৰা চাৰে সকলোৰে হৈ জুবিনদাক নিজৰ গীত এটি গাবলৈ অনুৰোধ কৰাত জুবিনদাই তেওঁৰ লগত অহা মানস ৰবীন ককাইদেউক মঞ্চৰ পৰাই তেখেতৰ গীটাৰখন আনিবলৈ কোৱাত ককাইদেউৱে দৌৰ মাৰি গীটাৰখন আনি দিয়াত দাদাই আৰম্ভ কৰিলে "সোণেৰে সজোৱা পঁজা জহি খহি যায়" । আহ কি যে ভাল লাগিছিল। এই কথাটো মোৰ চকুৰ আগত জ্বল-জ্বল পট-পট কৈ জিলিকি আছে। নাথাকিব‌ই বা কিয়, প্ৰিয় শিল্পী জনাক প্ৰথম দৰ্শন।  জুবিনদা অমৰ হোৱা। 




( লগত দুকপি ফটো সামৰি দিলোঁ, ফটোৰ উৎস ফেচবুক)।

#JusticeForZubeenGarg

#SrimantaSankardevSangha 

#ManasRobin

Sunday, October 19, 2025

দ্বিপ ৰাজ FB Wall

পাপু , গৰিমা ,মামন — ? ? 

পাপুঃ আজি এমাহ হ’ল পাপু ৷ মই ধোঁৱা হৈ উৰি আছো এই মহাশূণ্যত ৷ ক’ৰবাত ৰৈ ৰৈ বিনাই আছো অথচ তুমি শুনা নাই , কোনেও শুনা নাই।  তোমালোকক দেখি আছো অথচ তোমালোকক স্পৰ্শ কৰিব পৰা নাই। মই যেতিয়া শেষৰবাৰৰ বাবে পৃথিৱীত উশাহ লৈছিলো , তোমাৰ ভাঙিব ধৰা স্বাস্থ্যৰ কল্পনা কৰি চাটিফুটি মৰিছিলো। বাৰে বাৰে উশাহ ঘূৰাই আনিব বিচাৰিছিলো। মোৰ ভৰি দুটা ঢেলা পৰি আহিছিল ,  উশাহবোৰ খৰ হৈ আহিছিল ৷ তোমাৰ উখহি উঠা এহালি চকু মোৰ জাপ খাই অহা দুচকুৰ মাজত অগাদেৱা কৰিছিল। পানীৰ ঢৌ ফালি উঠিব খোজোতে গল্ডী , গল্ডী মৰা ৰিং এটা পানীৰ তলতো তৰংগায়িত হৈ আছিল।  পাাপু বিশ্বাস কৰা “ য’তেই মায়াবিনী বাজি উঠিব ” তাতেই মই এই অবিনশ্বৰ শৰীৰেৰে উপস্থিত হ’ম। মই যাম সমদলত , মিচিলত ৷  হাজাৰ হাজাৰ জনতাৰ কন্ঠত সুৰ হৈ বিয়পি থাকিম। তোমাৰ কলমৰ আঙুলি কঁপাবলৈ মই ৰাতি ৰাতি তোমাৰ শোৱনি কোঠাৰ বাহিৰতে ৰৈ থাকিম ৷ ঠেঁটুৱৈ ধৰা জাৰৰ ৰাতি একুৰা উষ্ম শিখা হৈ তোমাৰ বুকুত উত্তাপ দিম অথবা জহৰ দিনৰ এচাটি কোমল বতাহ হৈ তোমাৰ ঘৰ্মাক্ত শৰীৰলৈ প্ৰশান্তি নমাম ৷ মই জী আছো পাপু ৷ নৰখাদকৰ বুভুক্ষা বুকুৰ পৰা আঁতৰিবলৈহে মই সোণাপুৰলৈ আহিলো , কায়িক সাজযোৰ সোলকাই  ৷ মোক মাফ কৰিবা ৷ মই জনতাৰ বুকুত সদায় আছো যিদৰে তোমাৰ বুকুত তুহজুই হৈ উমলি আছো প্ৰতিনিয়ত ! 


গৰিমাঃ চোৱা, গল্ডী এতিয়াও তোমাৰ শিৰত বেলিফুল হৈ চিকমিকাই উজ্জ্বলি আছে ৷ লাখ লাখ জনতাৰ স্নেহৰ উত্তাপেৰে তোমাৰ হৃদয়ত থকা গল্ডীজন আজিও আজি সেই একেই ! অখেয়ালি , অভিমানী আৰু অলপ মেজাজী ৷ মোক বেয়া পাইছা ? অভিমান কৰিছা ? — তোমাৰ এই আবদাৰটো মোৰ হাজাৰ যুগৰ চিনাকী ৷ মই জানো স্মৃতিৰ মণিকোঠাত মোক সদায়েই এটি কণমানি শিশুৰ দৰে লালন কৰি আছা। “ ধুমুহাৰ সতে’ মোৰ ”— যেতিয়াই বাজিব আকাশলৈ চাবা। সীমনাৰ শুভ্ৰতাত এখন ছবি দেখিবা ৷ এটি কণমানিয়ে চাবা মাকৰ আচলত ধৰি মহাশূণ্যত খোজ কাঢ়ি আছে ৷ তুমি আচল পাতিলেই ৰিং মাৰি গুছি আহিম ফুৰফুৰীয়া এচাটি বতাহ হৈ ...

 মই নোহোৱা হোৱা বুলি প্ৰাণৰ মানুহজাকে বহুত কান্দিছে , তুমি বুজাবা সকলোকে । মই বৰণহে সলাইছো। মইতো নিজে নিজে গুছি অহা নাই এই দেশলৈ ! মোক কোনোবাই গোৰ মাৰি ইয়ালৈ পঠিয়ালে সঁচা কিন্তু কি জানা তেওঁলোকে মোক গংগাত পেলালে ৷ আকাশৰ ইশ্বৰে মোক  ইয়াত জংকী আৰু মাক লগ লগাই দিলে ৷ পাপুৰ কথা  , তোমাৰ কথা  আৰু মামনৰ কথা কৈয়েই শেষ কৰিব পৰা নাই তেওঁলোকক আৰু মোক ভাল পোৱা লাখ লাখ জনতাৰ কথাবোৰতো আছেই ! লাহে লাহে কম সকলো ৷ এই শূণ্যৰ সৰগত তুমি নহালৈকে মই ইয়াতেই ৰৈ থাকিম কথা দিলো ৷ দুয়ো আকৌ পৃথিৱীত জনম লম ইজনে-সিজনৰ হৈ ৷ সোণাপুৰলৈ তুমি আহি কান্দিলে মোৰ ভয় হয় জানা ? যদি তোমাৰ কান্দোনত মোৰ বুকুৰ জনতাৰ চকুপানীবোৰ শেষ হৈ আহে ! মই ইহজনমৰ মাটিৰ কায়া অনাদিকালৰ কাৰণে সোণাপুৰত এৰি আহিছো , তাত বিচাৰিলেও মোক পাবা ৷ কেৱল ৰিং এটা মাৰিলেই হ’ল ৷ পাহাৰটোৰ পৰা এচাটি বতাহ হৈ নামি আহি তোমাৰ চাদৰৰ আচলত ভাকুটকুট খেলিম ৷

 গৰিমা ! শূণ্যৰ সাজ পিন্ধাৰে পৰা মই কেৱল হাত উজাৰি এজাক ৰ’দ দিব পাৰো , বৰষুণ দিব পাৰো আৰু দিব পাৰো দূৰণিত ৰৈ ৰৈ সুহুৰিয়াই থকা এচাটি বতাহৰ চেচৱেনি ৷ 


মামনঃ তই মোৰ শক্তিশালী আৰু সাহসী ভনীজনী ৷ জানই তোৰ পেন্দোৱা চকুহালৰ অভিমানত মই বৰফৰ দৰে পমি থকা ককায়েৰ। এই যে ধোঁৱাৰ পাখি মেলি মহাশূণ্যত ঘৰ সাজিলো — মই এতিয়াই অহাৰ কথা নাছিল ৷ যদিও মোৰ বাবে জংকী আৰু মা ৰৈ আছিল তাহানিৰে পৰা কিন্তু কিছুবছৰ পলমকৈ আহিলেও কথা নাছিল ৷ তই মোৰ প্ৰাণৰ ভনী , তোক সকলো খুলি ক’ব পাৰো ৷ জাননে’ ইহকালৰ উশাহটো হেৰুৱাবলৈ মোৰ মুঠেও মন নাছিলো ৷ কাৰোবাৰ পৈশাচিক আনন্দই মোক ইয়ালৈ ঠেলিলে ৷ কত যে আধৰুৱা কাম তাত এৰি আহিছো  ! ইয়াত গান গাব নোৱাৰি , সুৰ দিব নোৱাৰি কেৱল অনুভৱহে কৰিব পাৰি। কিমান কষ্ট চা ৷ কাকোতো ক’বই নোৱাৰো ন’ ? পাপু আৰু গৰিমাক এইবোৰ ক’লে ভঙা বুকুখনকেই দুবাৰকৈ ভাঙিব ৷ তই সৰুৰ পৰা বৰ চোকা আছিলি যে ! এতিয়া সেইখিনিকে কামত লগা ৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰিবি বুলি তোৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে ৷ ন’হলে মোৰ বুকুত ওমলি ফুৰা লাখ লাখ জনতাই বিচাৰি ফুৰা ন্যায় কোনোদিনে নাপাব ৷ জানাই মই গোটেই অসমী আইৰ সন্তান ! মোৰ ইহকালৰ অসহজ প্ৰস্থানে সকলোৰে বুকু বেয়াকৈ দহি নিছে ৷ মই বিচাৰি ফুৰা সেই অসমখন আজি একত্ৰিত হৈছে ...! উফ্ আৰু ক’ব নোৱাৰো মামন ! ডাৱৰৰ চকুপানীৰে লিখা এই আখৰবোৰেও কান্দি উঠিছে ৷ মহাকাশত লাখ লাখ জনতাৰ কান্দোনবোৰ ভাঁহি আহিছে , বাকীখিনি তই বুজি ল’বি দেই  মা..ম..ন 😰 !

Dhruba Jyoti Arjuna FB Wall

 জুবিন গাৰ্গৰ বিজয় ডংকাৰ হলিউডতো গুঞ্জানন উঠিছিল : 


 জুবিন গাৰ্গ কোন ? 

এজন গায়ক ? নে এজন বিদ্ৰোহী দাৰ্শনিক ?

জুবিনৰ আদৰ্শ কি আছিল ?

কালি সোনাপুৰত জুবিনদা চিৰশান্তিত শুই থকা ঠাইখনত কোনোবা অসাধু চক্ৰই নিৰীহ কুকুৰ কেইটাক মদ খুৱাই দি জুবিনদাৰ সত্তাটোক অপমান কৰাটো মোৰ সহ্য হোৱা নাই । কোনেও গম নাপালেও ইহঁত বাচি নাযায় । সময়ে নিজেই প্ৰতিশোধ ল’ব । 

জুবিনদাৰ সত্তাটোৱে বিচাৰ কৰিব ইহঁতক । 

জুবিনদাক যদি কোনো ভাৰতীয় প্ৰৱাদ পুৰুষৰ সৈতে মিলাবলৈ হয় মই তেওঁক আদৰ্শগত দিশৰ পৰা শ্ৰীকৃষ্ণৰ সৈতে মিলাম । 

শ্ৰীকৃষ্ণ আছিল বিশ্বৰ প্ৰথমজন চ’চিয়েলিষ্ট । গণতান্ত্ৰিক চচিয়েলিজম প্ৰতিস্থা কৰোঁতা কৃষ্ণই মথুৰাত ৰাজতন্ত্ৰক উৎখাত কৰি গণতান্ত্ৰিক সমাজবাদৰ সূচনা কৰিছিল । বন্ধু সূদামাক সমতাৰ আধাৰতে সেয়ে তেওঁ বিলাই দিব পাৰিছিল নিজৰ অৰ্ধেক বৈভৱ । 

শ্ৰীকৃষ্ণৰ বিষয়ে গভীৰ অধ্যয়ন কৰাৰ বাবেই তেওঁ ক’ব পাৰিছিল - যে শ্ৰীকৃষ্ণ ভগৱান নাছিল মানুহহে আছিল । তেওঁ বুজিছিল যে অসমীয়া সমাজ ব্যৱস্থাটোৰো পৰিকাঠামো হ’ল চ’চিয়েলিষ্ট আদৰ্শ । ইয়াত সাধাৰণ জনতাৰ পৰা নেতালৈ উত্তৰণ হোৱাজনকহে সমাজে সন্মান দিয়ে । চক্ৰধ্বজ সিংহ , জয়ধ্বজ সিংহৰ দৰে অদম্য সাহসী স্বৰ্গদেউৰ নেতৃত্বতহে দৰাচলতে বৰফুকণ লাচিতে ৰণচালি ধৰিছিল যদিওঁ মানুহে ৰজাক গুৰুত্ব নিদি বৰফুকন লাচিতক মান্যতা দিলে ৷ নৰনাৰায়ণ ,চিলাৰায় তথা হৰদত্ত বীৰদত্তৰ উত্তৰণ ঘটিছিল সাধাৰণ মানুহৰ মাজৰ পৰা ৷ শংকৰ-মাধৱৰ দেশত দুয়োজনে সাধাৰণ জনতাৰ উত্তৰণৰ বাবে কৰা অহোপুৰষাৰ্থক শ্ৰদ্ধাৰে সোঁৱৰা হয় । একে কথাই প্ৰযোজ্য জ্যোতি-বিষ্ণুৰ ক্ষেত্ৰটো  ।  জনতাৰ মংগলৰ বাবে নিজৰ সৰ্বস্ব বিলাই দিব পৰাজনহে ইয়াত পূজ্য । 

 -

জুবিনে মদ খায় । মানি ল’লো । মদ তেওঁৰ বাবে নীৰৱ , নৃশংস শতৰু হ’ল । এতিয়া জুবিন গাৰ্গে মদ খাই বাবেই আমি এতিয়া মদক আকোঁৱালি লম নে ? এইটো যুক্তিৰে দেখোঁন আমি শ্যামকাণু , সিদ্ধাৰ্থ , সন্দীপন হ্ঁতকো আকোঁৱালি ল’ব লাগিব । যি মদ জুবিনদাৰ বাবে শত্ৰু হ’ল সেই মদক আমি কিয় আকোঁৱালি লম ? 

জুবিনদাৰ আদৰ্শকহে আমি জীয়াই ৰাখিব লাজিবদ তেওঁক ভিতৰি শেষ কৰি পেলোৱাবোৰক নহয় । 

জুবিনদা হ’বলৈ এজন সাধাৰণ মানুহে দুটা জন্ম লাগিব ।  ভাল বেয়া সকলো মিলাই । কালি ত্ৰিদিপ কুমাৰ গোস্বামীদাৰ লগত কথা পাতি আছিলোঁ । ত্ৰিদিপদাই জুবিনক যিদৰে মানে ময়ো তেখেতক তেনেদৰেন মানো। তেওঁ জুবিনদা সম্পৰ্কে মোক দুটা তথ্য দিলে । জুবিনদাৰ অধ্যয়ন পিপাসু স্বভাৱটোৰ কথা আমি সকলোৱে জানো । বাৰ হাজাৰ কিতাপৰ কথা তেওঁ নিজেই কৈ গৈছে । মোৰ সন্দেহ দৰাচলতে তেওঁ পঢ়া কিতাপৰ সংখ্যা ইয়াতকৈ বহুগুণেই বেছি হ’ব । এবাৰ জুবিনদাই ত্ৰিদিপদাক দুখন কিতাপ উপহাৰ দিলে নিজৰ সংগ্ৰহৰ পৰা । ক’লে পঢ়ি চাবি বহুত কথা জানিবি । দুখন কিতাপ । মই এখনৰ নাম পাহৰিলোঁ । আনখনৰ নাম হ’ল 

 Folk culture of Eastern Europe 

দাম - ১১০০ ইউৰো । ভাৰতীয় হিচাপত প্ৰায় এক লাখ ত্ৰিশ হাজাৰ টকা । আনখনৰ দাম নশ ইউৰো । 

এতিয়া কোনোবাই ভাবিব পাৰে নে , অসম নামৰ এই ক্ষুদ্ৰ , আওঁহতীয়া ঠাইখনত এজন সাধকে পূৱ ইউৰোপৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ণ কৰিছে বুলি ।  জুবিন গাৰ্গ এনেয়ে নহয়টো। 

বিশ্ব সংস্কৃতিৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে জ্ঞান নাথাকিলে সংগীতৰ নব্য ধাৰা এটাৰ সূচনা কৰিব নোৱাৰে ।  

জ্ঞান আৰু তাৰ পৰা উদ্ভৱ প্ৰজ্ঞাৰ ইমান উচ্চতালৈ জুবিন গুছি গৈছিল যে এইখিনি বৌদ্ধিক প্ৰজ্ঞাৰে মগজুৰ কৰ্ষণ কৰিবলৈও তেওঁৰ আশেপাশেও কোনো উপস্থিত হ’ব পৰা নাছিল । সকলো জানি এইখিনি কৰ্ষণ কৰিবলৈ নোপোৱাৰ বিষাদ ভীষণ যন্ত্ৰণাদায়ক । সেয়ে জুবিনে কৈছিল 

 #I_am_alone 

আত্মাটোৱে শান্তি পোৱা কথাবোৰ পাতিবলৈ তেওঁ কাকোৱেই পোৱা নাছিল । সেয়েটো জুবিন গাৰ্গে ৰীতা বাইদেউক কৈছিল - পঁচিশ বছৰৰ আগেয়ে তোমাক লগ পাব লাগিছিল । তুমিওটো অকলশৰীয়া ।

বাইদেউ আছে সেই উচ্চতাত অৱস্থান কৰি । এইখিনি ভাষাৰে বুজাব নোৱাৰি ৷ উপলদ্ধি আৰু অনুমানহে কৰিব পাৰি ।

 এই কথা পতাৰ সংগীজন জীৱনত বৰ প্ৰয়োজনীয় । প্ৰেম ইয়াত তেনেই ক্ষুদ্ৰ হৈ পৰে । জুবিনদাৰ ভাষাৰে - ভাইব মিলিব লাগিব । এই ভাইব দুজন পুৰুষৰ মাজতো মিলিব পাৰে ,দুগৰাকী পুৰুষৰ মাজতো মিলিব পাৰে অথবা এগৰাকী নাৰী আৰু এজন পুৰুষৰ মাজতো মিলিব পাৰে । লিংগভেদ ইয়াত নাহেই । পুৰুষ আৰু মহিলা হ’লে কেতিয়াবা প্ৰেমৰ উন্মেষ হ’ব পাৰে । কিন্তু এই ভাইবৰ বিশালতাৰ সন্মুখত প্ৰেম তেনেই তুচ্ছ হৈ পৰে । জ্ঞানৰ কুণ্ডই অন্য এটা জ্ঞানৰ কুণ্ডক আকৰ্ষণ কৰে ইয়াত । 

ৰীতা বাইদেউৰ সৈতে হোৱা সাক্ষাৎকাৰটোত এটা silent দিশ মন কৰিছে নে ? দুখন ক্ষেত্ৰৰ দুজন শীৰ্ষতম ব্যক্তিত্ব বহি আছিল । অথচ দুয়োজনেই দুজন মহাযোগীৰ দৰে নিৰাসক্ত আৰু নিৰহংকাৰত আলোচনা কৰি আছিল । যেন সকলো দুখ তেওঁলোকে ভগাই লৈছে পৰস্পৰৰ মাজত । বৰ বিৰল দৃশ্য এয়া । 

দুজন মহাজ্ঞানেৰে সমৃদ্ধ শিশু । 

ত্ৰিদিপদাই আৰু এটা কথা মোক অৱগত কৰিলে যিটোৱে জুবিন গাৰ্গ নামটোক আৰু অধিক সমৃদ্ধ কৰি তুলিলে । ত্ৰিদিপদাই অফিচিয়েল কামত সমগ্ৰ বিশ্ব পৰিভ্ৰমণ কৰি থাকিব লগা হয় । ৰাষ্ট্ৰসংঘই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় নীতি নিৰ্ধাৰণ কৰা বৈঠক সমূহত ত্ৰিদিপদাই আমন্ত্ৰণ লাভ কৰে । এবাৰ ত্ৰিদিপদা গুৱেটামালা যাব লগা হ’ল । জুবিনদাই কথাটো গম পাই ত্ৰিদিপদাক মাতি পথালে । জুবিনদা ত্ৰিদিপদাৰ ককায়েকৰ বন্ধু । দৰাচলতে জুবিন গাৰ্গৰ অনামিকা এলবামটোতকৈ আগতে আৰু এটা এলবাম ৰিলিজ হৈছিল - #উন্মীলন ।এই উন্মীলন শীৰ্ষক এলবামটোৰ পৰিকল্পনা আছিল ত্ৰিদিপদাৰ ককায়েকৰ । জুবিনদা আৰু ত্ৰিদিপদাৰ ভাতৃবৎ সম্পৰ্ক তেতিয়াৰ পৰাই । জুবিনদাই ত্ৰিদিপদাৰ হাততে কিবা কাগজ এখন লিখি পিছ কেইটামান বজাই ৰেকৰ্ড কৰি দি পথালে গুৱাটেমালাত থকা কোনো যুৱতী এগৰাকীৰ হাতত দিবলৈ ৷

 ত্ৰিদিপদাই গুৱাটেমালাত উপস্থিত হৈ সেই সময়ত জুবিনদাই দি পথোৱা ফোন নম্বৰটোত ফোন কৰি যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিলে ।যথাসময়ত দেহত উল্কি অঁকৰ অসম্ভৱ সুন্দৰী এগৰাকী যুৱতীয়ে ত্ৰিদিপদাক সাক্ষাৎ কৰিলেহি । ত্ৰিদিপদাৰ ভাষাৰেই 

: যুৱতীগৰাকীক প্ৰথম বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । হ’ব পাৰে জুবিনদাৰ কোনোবা বন্ধু । মোৰ কাম হ’ল জুবিনদাই দিয়া বস্তুখিনি তেওঁৰ হাতত দিব লাগে ৷ 

 পিছে জুবিনদাৰ ভায়েক বুলি গম পাই যুৱতীগৰাকীয়ে ত্ৰিদিবদাক লান্স কৰাই তেওঁক এটা ষ্টুডিঅ’লৈ লৈ গ’ল ।  বৰ বিশাল আৰু অত্যাধুনিক ষ্টুডিঅ’ । 

তাত গৈহে ত্ৰিদিপদাই ভেবাচেকা খালে । সেইটো আছিল হলীউডৰ এটা অংশ । হলীউডৰ চিনেমাৰ আৱহ সংগীত তথা সংগীতৰ কাম হয় তাত । আৰু তাত কাম কৰা প্ৰায় প্ৰত্যেকজন সংগীতজ্ঞ আৰু বিশেষজ্ঞই জুবিনদাৰ বিশাল সংগীত প্ৰতিভাৰ বিষয়ে জানে । সেইটো মিউজিক ষ্টুডিঅ’ৰ কোনো প্ৰজেক্টৰ বাবেই এই অসম মুলুকৰ এটা কোনত বহি জুবিনদাই কিবা কাম কৰি দিছিল।

কি আছিল এই মানুহজন ? 

প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ , নিজৰ প্ৰতিভাক বিশ্বই মান্যতা দিবলৈ বাধ্য কৰিবলৈ প্ৰচুৰ মেধা আৰু প্ৰজ্ঞাৰ প্ৰয়োজন । আৰু সেইখিনি জুবিন গাৰ্গৰ আছিল ।

All hail to the King of Assam 

#JusticeForZubeenGarg

 #মদ_নহয়_কিতাপ_পঢ়ি_ভাল_পোৱা_জুবিনজন

 #প্ৰজ্ঞা_আৰু_মেধাৰে_সমৃদ্ধ_জুবিনৰ_আদৰ্শ_লওঁ_আহক ।

Anirban Phukan FB Wall

 ✍️✍️যোৰহাটত হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোতে জুবিন গাৰ্গে চুলি দীঘল কৈ ৰাখিছিল আৰু প্ৰায় ইউনিফৰ্ম নিপিন্ধাকৈ অহাৰ বাবে শিক্ষক মুকুল চলিহাই পদাৰ্থ বিজ্ঞানৰ শ্ৰেণী কোঠাৰ পৰা উলিয়াই দিছিল।

📌সময় বাগৰিল জুবিন গাৰ্গ অসমৰ জনতাৰ হিয়াৰ আমঠু  হৈ পৰিল,অসমৰ চুপাৰষ্টাৰ,তেওঁক চিনি নোপোৱা মানুহ চাগে অসমত নাছিল।

📌এদিন জুবিন গাৰ্গ যোৰহাটলৈ আহোঁতে মুকুল চলিহা চাৰলৈ মনত পৰিল,আৰু লগৰ সহপাঠী এজনৰ সৈতে চাৰৰ ঘৰ ওলাল গৈ।

📌কলিং বেলটো বজায় দিয়াত চলিহা ছাৰৰ পত্নী গৰাকী ওলায় আহিল,জুবিনে অতি সাধাৰণ মানুহৰ দৰে বাইদেউ গৰাকীক কলে "মই জুবিন গাৰ্গ ,চাৰক এবাৰ চাবলৈ খুব মন গল,সেয়ে আহিলো।"

📌 কিন্তু বাইদেউ গৰাকী অবাক,মৌন,তেওঁৰ কাষত যে অসমৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গ,(কল্পনা কৰকচোন সেই দৃশ্যটো)

📌এইজনেই আছিল অতি সহজ সৰল,শিশু সুলভ জুবিন গাৰ্গ,

মৃগাংক চলিহা দেৱে জনাইছিল উক্ত কথাখিনি।

 📌মই দুবছৰৰ আগত এটা video প্ৰস্তুত কৰিছিলোঁ,বিষয় টো আছিল জুবিন গাৰ্গক লৈ, তেওঁৰ লাহে লাহে কণ্ঠটো  বহি পৰিছে,আগৰ দৰে গান বোৰ গাব নোৱাৰা হৈ আহিছে,নিজৰ আশা, মায়া,যন্ত্ৰ,মায়াবিনী গান কেইটাই ভালদৰে গাব পৰা নাছিল।

📌প্ৰমাণ হিচাপে শেষতীয়া হৈ যোৱা বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান সমুহ চালে বুজিব পাৰি।

📌video টো প্ৰায় এক মিলিয়ন views আহিছিল,কিন্তু ত্ৰিশ শতাংশ কমেণ্ট ইমান বেছি বেয়া আছিল যে মই পঢ়িব পৰা নাছিলোঁ।

📌 সাংঘাটিক অসভ্য ভাষাৰে গালি পাৰি মন্তব্য কৰিছিল এচাম মানুহে।

📌"কোন হয় তই জুবিন দাৰ কণ্ঠ বেয়া হৈছে কবলৈ,তেওঁ নিজে জানি বুজিয়ে নতুন ষ্টাইলত মায়াবিনী ,অথবা অনামিকা গীতটো গাইছে।"

📌ইমান বেছি ভদ্ৰতাৰ সীমা পাৰ কৰি মোক গালি দিছিল যে video টো delete কৰি পেলাইছিলো।

📌কিন্তু এতিয়া অনুভৱ হৈছে সেই গালি পৰা এচাম মানুহে আচলতে জুবিন দাক শেষ কৰিলে, তেওঁলোকে সঁচাকৈ অন্তৰেৰে ভাল পোৱা নাছিল,তেওঁলোকে জুবিন দাৰ্ মেনেজাৰ সিদ্ধাৰ্থক হে সহযোগিতা আগবঢ়াইছিল নজনাকৈ।

📌জুবিন দাক যদি মিছা উৎসাহ,তোষামোদ নকৰি তেওঁৰ দেহৰ যতন লবলৈ পৰামৰ্শ দিয়া হেঁতেন এইদৰে সিদ্ধাৰ্থৰ দৰে অসুৰ এটাই সুযোগ নেপালে হেঁতেন সুবিধা লবলৈ।

📌 জুবিন দাৰ সম প্ৰয্যায়ৰ বলিউডৰ গায়ক উদিত নাৰায়ণ,কুমাৰ চানু,অভিজিত,চনু নিগম,ছান আদিৰ কণ্ঠ আজিও শক্তিশালী হৈ আছে।

📌তেওঁলোকে দেহৰ লগতে নিজৰ কণ্ঠ ভালে ৰাখিবলৈ মৌন ব্ৰত পালন কৰে ২৪ ৰ পৰা ৪৮ ঘণ্টা লৈকে,লতা মংগেশকাৰে জীৱনৰ অন্তিম সময় লৈকে গান গায় আছিল।

📌জুবিন দা আচলতে ভাগৰুৱা হৈ পৰিছিল যোৱা কিছু বছৰৰ পৰা,কিন্তু তেওঁ নিজে কব পৰা নাছিল কাকোৱে, কাৰণ তেওঁ যে সকলোৰে সাহস আছিল,শক্তি আছিল।

📌জুবিন দাক যে বুঢ়া ৰূপত চাব ইচ্ছা আছিল,নেলাগে গান গাব,কিন্তু তেওঁৰ প্ৰতিবাদী কণ্ঠ টো থাকিল হেঁতেন।

📌জুবিন দাৰ গান শুনি আমিবোৰ বোৰহে বুঢ়া হৈ আহিছিলো, কিন্তু তেওঁ দেখোন দিনক দিনে চিৰ তৰুণ হে হৈ আহিছিল।

📌"ৰৈ ৰৈ বিনালে" ছবিৰ নায়ক জনক ২৫ বছৰীয়া চফল ডেকা লগা নাইনে।

#JusticeForJubinGarg

Wednesday, October 15, 2025

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ

বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক্ষা-নিৰীক্ষা কৰিছে নিজৰ ফেচবুক একাউন্টৰ পৰা। আনকো তেওঁ আহ্বান জনাইছে তেওঁৰ দৰে কৰিবলৈ।

তেওঁ লিখিছিল - পৰীক্ষা কৰি চালো। এটা পোষ্টত ৩০ বাৰ লিখিব পাৰি। আপোনালোকেও মোৰ পোষ্টটো কপি কৰক আৰু নিজৰ নিজৰ ফেচবুক একাউন্টত পোষ্ট কৰক। আমাৰ প্ৰাণৰ প্ৰিয় জুবিন দাই ন্যায় পাবই লাগিব। জয় জুবিন দা।

তাৰ পাছত তেওঁ #JusticeForZubeenGarg লেখিছে ৩০ বাৰ। এয়াই হৈ আছে এতিয়া সামাজিক মাধ্যম ফেচবুকত। কেৱল ৰাজপথতে এই প্ৰতিবাদ সাব্য়স্ত হোৱা নাই, নিজ নিজ সামাজিক মাধ্যমৰ জড়িয়তেও এক বৃহৎ ডিজিটেল কেম্পেনিং চলি আছে সমান্তৰালভাৱে।

ইতিমধ্যে ১ মিলিয়ন অৰ্থাত ১০ লাখ লোকে ১৫ অক্টোবৰ ২০২৫ লৈকে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু জুবিন গাৰ্গৰ ন্য়ায় বিচাৰি এই আন্দোলন অব্যাহত ৰাখিছে। #JusticeForZubeenGarg ৰে ভৰি পৰিছে সামাজিক মাধ্যম।

মানুহে এতিয়া উঠি-পৰি লাগিছে জুবিন গাৰ্গৰ পক্ষত। মানি ল'ব খোজা নাই কোনো বিকল্প কথা। এনে খবৰো আহিছে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱেঙৰ ফেচবুক প্ৰফাইলটো জুবিন অনুৰাগীয়ে ভৰাই দিছে #JusticeForZubeenGarg ৰে।

যাৰ বাবে বিদেশী ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিস্ক্ৰিয় কৰিব লগা হৈছে তেওঁৰ ফেচবুক একাউন্ট। অৱশ্যে এই খবৰ কিমান সত্য আনুষ্ঠানিকভাৱে ছিংগাপুৰ চৰকাৰে প্ৰকাশ কৰা নাই। কিন্তু এইটো সঁচা যে জুবিন গাৰ্গৰ মৃত্যুক লৈ ক্ষোভিত লাখ লাখ লোক ক্ষান্ত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ ফেচবুক একাউন্টটো একেই তিনিটা শব্দ- জুবিনৰ বাবে ন্যায় লাগে।

গুৱাহাটী মহানগৰীৰ উপকন্ঠ অঞ্চল জুবিনৰ শেষকৃত্য সম্পন্ন হৈছিল। তাৰ সমীপৱৰ্তি ডিম'ৰিয়াৰ পৰাও জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰ চৰকাৰলৈ ই-মেইল প্ৰেৰণ কৰা হৈছে। এই অনলাইন আৱেদন দিয়া হৈছে ছিংগাপুৰ আৰক্ষীৰ মুৰব্বীলৈ।

তেওঁলোকৰ এটাই কথা ছিংগাপুৰ চৰকাৰে সহায় কৰিব লাগে জুবিনক ন্য়ায় প্ৰদানৰ ক্ষেত্ৰত। এই আৱেদনৰ কথা ছিংগাপুৰৰ সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। ১৩ অক্টোবৰত ছিংগাপুৰৰ এটা পৰ্টেলত প্ৰকাশ পোৱা এটা খবৰৰ শিৰোনাম আছিল- Assam citizens petition Singpore for transparency over Zubeen Garg's deaths.

ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে ছিংগাপুৰৰ গৃহমন্ত্ৰী কে ছানমুগাম,ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ড০ ভিভিয়ান, ছিংগাপুৰৰ এটৰ্ণি জেনেৰেল লুছিয়ান ৱাং আৰু দেশখনৰ মুখ্য ন্যায়াধীশলৈ। ৰাকেশ হাজৰিকাৰ নেতৃত্বত এই অনলাইন আৱেদন প্ৰেৰণ কৰা হৈছে ছিংগাপুৰলৈ।

বাতৰি,চেনেল বা সংবাদ মাধ্যমত এতিয়া কেৱল জুবিন গাৰ্গৰ খবৰ। সেই চেনেল বা কাকতবোৰৰ অনলাইন সংস্কৰণত মাজেমধ্যে আন কিছু গুৰুত্বপূৰ্ণ খবৰে স্থান পাইছে। তাতো  মানুহৰ এটাই মন্তব্য- জুবিন গাৰ্গৰ বাবে ন্যায় লাগে। সেই একেই #JusticeForZubeenGarg।

এনে ডিজিটেল কেম্পেইন অসমত আগতে হোৱা নাই। এয়া অভূতপূৰ্ব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা তদন্তকাৰী বিশেষ গোটৰ ওপৰতো ৰাইজৰ আছে পছন্দ হেঁচা। অলপ ইফাল-সিফাল হ'লেই ৰাইজে ক্ষমা নকৰিব কাকো।

বাধ্যত পৰি বা আন কিছু কাৰণত তদন্তকাৰী সন্থাই সকলো নীতি-নিয়ম পৰিহাৰ কৰি বিশিষ্ট লোকক মতাই নি আলোচনাত বহিব লগা পৰিৱেশ সৃষ্টি হৈছে। অৱশ্যে ইয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত আৱেগিক পোষ্ট দি ন্যায় দাবীত এক নতুন মাত্ৰা দিছে।

১৫ অক্টোবৰ ২০২৫,বুধবাৰ। ফেচবুকত গৰিমাই দুখৰ মাজতে লিখিলে- "একো বুজা নাই। ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই, ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায়।" এয়াইতো হৈ আছে এতিয়া। 

কোনে কৰি আছে এইবোৰ? কিছুমান সঁচা,কিছুমান মিছা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ কথা এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছে।

তাৰ পাছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন মৰণোত্তৰ প্ৰতিবেদন। ৫ পৃষ্ঠা জোৰা এই প্ৰতিবেদনত জুবিনৰ মৃত্যুৰ কাৰণ উল্লেখ কৰা হ'ল। মানুহ আচৰিত। পি এম আৰ নম্বৰ ২৭০৬/২৫ প্ৰতিবেদনখন সঁচাকৈ জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ নে?

কেনেকৈ বাহিৰ হ'ল এই গোপন প্ৰতিবেদন? একাংশ সংবাদ মাধ্যমেও সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে খবৰ। পাছত আৰক্ষীয়ে স্পষ্ট কৰি দিবলগীয়া হ'ল। সেয়া ভুৱা। কোনোবাই জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামতো কৰিছে ল'ৰা-ধেমালী।

সতৰ্ক কৰি দিলে চি আই ডি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। সেই প্ৰতিবেদনত নাছিল কোনো চিকিতসকৰ চহী। এইবোৰ কৰি আছে কোনে? কাৰ কি লাভ হৈছে? কিয় ৰহস্যঘন কৰি থকা হৈছে কথাবোৰ? নিশ্চয় তাতো কাৰোবাৰ উদ্দেশ্য আছে। সেই উদ্দেশ্যলোভীবোৰে জুবিনৰ ন্যায় বিচৰাৰ নামত বিচাৰি আছে নিজৰ মুনাফা।

ইয়াৰ বাবেও সাৱধান আৰু সতৰ্ক হোৱাৰ দৰকাৰ। ১৪ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ শেষ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। তেওঁলোক দুয়োৰ লগতে এই গোচৰত গ্ৰেপ্তাৰ কৰা সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষীক আদালতত হাজিৰ কৰাই লৈ যোৱা হৈছিল বাক্সা জিলাৰ নৱনিৰ্মিত কাৰাগাৰলৈ।

১৫ অক্টোবৰ,২০২৫ ত জুবিন গাৰ্গৰ মৃত্যুত ক্ষোভিত হৈ থকা অনুৰাগীৰ ক্ষোভৰ জুইকুৰা জ্বলিল মুছলপুৰত। কাৰাগাৰৰ সন্মুখ পাইছিলগৈ শ্যামকানু মহন্ত হঁতক কঢ়িয়াই দিয়া কনভয়। হাতত শিল তুলি ল'লে অনুৰাগীয়ে। লক্ষ্য এই কনভয়ৰ গাড়ী।

আৰক্ষীয়ে জানে এয়া বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰা পৰিৱেশ নহয়। তথাপিও লাঠি ঘূৰাব লগা হ'ল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। তেওঁলোকক কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হৈছিল। যিখন কাৰাগাৰ ২০২৫ ৰ ২১ জুনত উদ্বোধন কৰা হৈছিল। 

অত্যাথুনিক সা-সুবিধা থকা কাৰাগাৰখনৰ নিৰ্মাণত ব্যয় হৈছিল ৫৩.৮৬ কোটি টকা। প্ৰায় ৫০০ কয়দীৰ বাবে এই কাৰাগাৰ। বাক্সাৰ স্থানীয় লোকৰ ক্ষোভ কিয় আনিব এই মহাপাপী সকলক বাক্সালৈ। পাপী বুলি আখ্যা দি তেওঁলোকক তাৰ পৰা উলিয়াই নিবলৈ অব্যাহত ৰাখিছিল প্ৰতিবাদ।

আহত হ'ল আৰক্ষী,সাংবাদিক,প্ৰতিবাদকাৰী। আৰক্ষীৰ দুখনকৈ বাহন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে । ইফালে দিল্লীত আছিলগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ছিংগাপুৰলৈ অসম আৰক্ষী দল প্ৰেৰণৰ আলোচনাৰ বাবেই বিদেশ মন্ত্ৰী-গৃহ মন্ত্ৰী আদিক সাক্ষাতৰ বাবে আছিল সেই যাত্ৰা।

বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দোৱা গেছ আৰু শূণ্যলৈ গুলি নিক্ষেপ কৰিবলগীয়া হৈছিল। প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছিল আৰক্ষী। কেবাখনো বাহন ক্ষতি হৈছিল। আকৌ এবাৰ অকল্পনীয় পৰিস্থিতি বাক্সাত। প্ৰতিবাদত অংশ লোৱা আদহীয়া মহিলাই ক'লে গুৰুত্বপূৰ্ণ কথা-  বাক্সাত জুবিনক ভাল পোৱা মানুহ নাই বুলি ভাৱিছিল হ'বলা...

ন্যায় দিবই লাগিব জুবিনক। কিন্তু সেই ন্যায় কোনে কেনেকৈ দিব আৰু কেনেকৈ আহিব? সেইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন। যিসকল জুবিনৰ মৃত্যুৰ বাবে পৰোক্ষ-প্ৰত্যক্ষভাৱে দায়ী সেই সকলৰ কঠোৰ শাস্তি হ'বই লাগিব। এয়া ৰাইজৰ দাবী। তাৰ লগতে সংস্কৃতি সাহিত্য সমাজ আদি অন্যান্য ক্ষেত্ৰত পিয়াদি ফুৰা অপশক্তিবোৰৰো বিনাশ নিশ্চিত হ'ব লাগিব। তেতিয়াহে জুবিন গাৰ্গৰ প্ৰতি ন্যায় কৰা হ'ব।

জুবিনৰ শাৰিৰীক অনুপস্থিতিত জুবিন নামৰ এক শক্তিশালী শক্তিয়ে আত্মপ্ৰকাশ কৰিছে। যি শক্তিয়ে বহু আঁৰ কাপোৰ খহাই সত্য আৰু ন্যায়ৰ অন্বেষণৰ বাট মুকলি কৰি দিছে। সেয়েহে সকলোৰে মুখত এটাই কথা- #JusticeForZubeenGarg। ইয়াৰ বাবে অৱশ্যে সংযমতা ৰক্ষা কৰাতো জুবিনপ্ৰেমী সকললো দায়িত্ব আৰু কৰ্তব্য।

Tuesday, October 14, 2025

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা।

🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হয়তো বিৰহ বেদনা সিক্ত গান সৃষ্টি কৰিব পাৰিবা। কিন্তু গভীৰ জীৱন দৰ্শন সমৃদ্ধ যুগজয়ী গান সৃষ্টি কৰিব নোৱাৰিবা।

🌏 গান লিখিব পাৰিবা, কিন্তু ঠেলাৱালা ৰিক্সাৱালাই বুজি পোৱাকৈ নোৱাৰিবা।

তাত মননশীল কবিতাৰ শৈলী সংযোগ কৰিব নোৱাৰিবা, অদ্ভুত সস্তীয়া উপমাহে দিব পাৰিবা। (পেডেল...টেক্সি....)

🌏 জনপ্ৰিয় হব পাৰিবা, কিন্তু এজাক কবি, লেখক, সুৰকাৰ, গীতিকাৰ, কম্পজাৰ, প্ৰডিউচাৰ, চিত্ৰনাট্যকাৰ, পৰিচালক, অভিনেতা সৃষ্টি কৰি থৈ যাব নোৱাৰিবা। দুটাকৈ মৃতপ্ৰায় শিল্পক্ষেত্ৰ (অসমীয়া সঙ্গীত আৰু অসমীয়া চিনেমা) পুনৰুদ্ধাৰ কৰি জয় জয়কাৰ কৰিব নোৱাৰিবা।

🌏 দুখীয়াক সহায় কৰি ফেচবুক আপলোড দিব পাৰিবা, কিন্তু বিনা প্ৰচাৰে গাৰ কাপোৰ খুলি বাটৰ বলিয়াক পিন্ধাই থৈ আহিব নোৱাৰিবা। ময়ো তোৰ দৰেই বলিয়া বুলি হাত খালী কৰি আনৰ পৰা ধাৰে লৈ কেমেৰা আৰু প্ৰচাৰ অবিহনে আৰ্তজনক সহায় কৰিব নোৱাৰিবা।

🌏 গোটেই নিশা সাৰে থাকিব পাৰিবা, কিন্তু এটা শব্দ হাতত লৈ এটা যুগজয়ী গান, এটা বাক্য হাতত লৈ এখন কালজয়ী চিনেমা তৈয়াৰ কৰিব নোৱাৰিবা।

🌏 মুঠতে তুমি জুবিন দা হব নোৱাৰিবা। কোনেও নোৱাৰিব। কেতিয়াও নোৱাৰিব।

🌏 তুমি তুমি হোৱা, মাথোঁ তুমি হোৱা। নিজৰ নিজৰ সীমিত ক্ষেত্ৰত নিজৰ নিজৰ সামৰ্থ্যৰে সততাৰে কাম কৰি শিল্প ক্ষেত্ৰ খনৰ লগতে নিজৰ আৰু সমাজৰ প্ৰতি ন্যায় কৰা। জুবিন এজনতেই বহুজন আছিল। এতিয়া বহুজনে নিজা নিজিকৈ নিজৰ কাম কৰি সামূহিক ভাবে অসমৰ ভাষা সংস্কৃতিৰ হকে কাম কৰা। যিটো জুবিন দাৰো কাম্য আছিল! 🙏

🌏 যদি কোনোবাদিনা জুবিন দা সদৃশ বা ততোধিক প্ৰতিভা, সাদিচ্ছা আৰু সৃষ্টিশীল বলিয়ালী সম্পন্ন কাৰোবাৰ জন্ম হয়, নিয়তীয়ে ইঙ্গিত ঠিকেই দিব। সেই ইঙ্গিত অসমীয়াই ঠিকেই বুজি পাব। বিনা দ্বিধাই বুকুত আঁকোৱালি ল'ব, হিয়া উজাৰি মৰম দিব নিজৰ শিল্প সংস্কৃতিক লৈ সচেতন অসমীয়াই! হাঁহি ভাল পোৱা লৰাটো 😢 জয় জুবিন দা 💖🙏

আমি যদি জুবিন দাক ন্যায় দিব নোৱাৰোঁ তেন্তে 

    নিজকে অসমীয়া বুলি চিঞৰি লাভ নাই।

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...