Thursday, October 9, 2025

Pranjit Saikia FB Wall

 -কিয় জুবিন গাৰ্গ হ’ব? ভালকৈ চা জুবিন গগৈ চাগে!

জুবিন গাৰ্গৰ প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান হৈছিল সোণাৰিত৷ সেই বিষয়ে মই বিস্তৃতভাৱে ইতিমধ্যে লিখিছো৷  জুবিন গাৰ্গে নিজেও একাধিকবাৰ এই কথা কৈ গৈছে৷ সোণাৰিত প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ পিছতদুলিয়াজানৰ টিপলিঙত প্ৰথম বিহুৰ অনুষ্ঠান৷ সোণাৰিৰ সেই প্ৰথমটো অনুষ্ঠানৰ সৈতে জড়িত দুটামান অম্ল-মধুৰ কথা শ্বেয়াৰ কৰিবলৈ মন গ’ল৷

অনুষ্ঠানটোৰ বাবে টিকট বিক্ৰী কৰিবলৈ যাওঁতে উদ্যোক্তাক জনপ্ৰিয় শিল্পী ডাঃ বৈকুণ্ঠ গগৈয়ে সুধিছিল- এইটো ক’ৰ ল’ৰা? ইংৰাজী গান গাব নে অসমীয়া? অসমৰ নে বাহিৰৰ? ’ফুল ফুলক ৰ’দৰে ফুল...’ৰ শিল্পীজনৰ কাণত ৱাকমেনৰ হেডফোন লগাই জুবিনৰ গান শুনাবলগীয়া হৈছিল৷ তাৰ পিছত তেওঁ টিকট লৈছিল আৰু অনুষ্ঠানটোলৈ আহিছিল৷ আকাশবাণীত সেইজনা শিল্পীৰে অমৰ গীত ’ফুল ফুলক ৰ’দৰে ফুল...’ক পিছত এই জুবিন গাৰ্গেই আন এক ৰূপত পৰিচিত কৰাই দিলে৷ সোণাৰিত অনুষ্ঠানটোৰ দিনা আন এক আহুকালৰ সৃষ্টি হৈছিল মঞ্চৰ পিছফালৰ মূল বেনাৰখনক লৈ৷ তেতিয়া বগা কাপোৰত হাতেৰে বেনাৰ লিখাৰ দিন৷ স্থানীয় শিল্পী নৱৰ হাততে সাধাৰণতে এই দায়িত্ব পৰে৷ নিৰ্দিষ্ট দিনত তেওঁ কামটো কৰি দিলে৷ কিন্তু এয়া কি? জুবিন গাৰ্গৰ পৰিৱৰ্তে তেওঁ লিখিলে- ’জুবিন গগৈ’৷ সোধোতে ক’লে- তহঁতৰ ৈ কাৰ ে কাৰৰ গণ্ডগোল হৈছে বুলিহে ভাবিছিলো৷ ’গাৰ্গ’ জানো উপাধি থাকে? ভালকৈ খবৰ এটা কৰি ল’

(ফটোখনৰ সৈতে সেই অনুষ্ঠানটোৰ সম্পৰ্ক নাই৷ ফটোখন কলাক্ষেত্ৰৰ এটা অনুষ্ঠানৰ সময়ত গ্ৰীণৰূমত৷ সেই অনুষ্ঠানতে জুবিনক ’লুইত কণ্ঠ’ উপাধি প্ৰদান কৰা হৈছিল৷)

অৰ্নিবাণ ফুকন, FB Wall 09.10.2025

 ✍️✍️"এহে নাযাবা নাযাবা সোণ মোকে এৰি থয়"অকস্মাত এজন নতুন উদিয়মান গায়কৰ এই  গানটোৱে  ৯০ দশকত  অসমৰ গাঁৱে ভুইয়ে,চহৰে নগৰে তোলপাৰ লগাইছিল।

📌 যেতিয়া কুমাৰ ভবেশ নামৰ এই নতুন গায়ক জনৰ প্ৰথম খন কেছেটেই সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিল,তেতিয়া জুবিন গাৰ্গ লাহেকৈ জনপ্ৰিয় হব ধৰিছিল হে মাথোঁ,

📌বহুতেই কব ধৰিল জুবিন গাৰ্গক এইবাৰ মানুহে পাহৰি যাব।

📌কিন্তু মোৰ বন্ধু এজনে কৈছিল জুবিন গাৰ্গৰ নিজৰ অনন্য প্ৰতিভা শৈলী আছে,,সম্পূৰ্ণ ব্যতিক্ৰম তেওঁৰ গানৰ কথা সুৰ,আটাইতকৈ ডাঙৰ  কথাটো তেওঁৰ সৃষ্টি বোৰ নিজা আছিল।

📌১৯৯৩ চনত মুক্তি পোৱা অনামিকাৰ পৰা আশা, মায়া,সপোনৰ সুৰ,ৰং,স্নিগ্ধ জোনাকৰ গীত সমূহে কিছু সংখ্যক মানূহক হে আকৰ্ষণ কৰিছিল।

📌প্ৰথম অৱস্থাত তেওঁৰ গান বোৰ অসমৰ সকলো জনতাই আঁকোৱালি লোৱা নাছিল।

📌বহুতেই কৈছিল ইমান চিঞৰি টেটো ফালি সাংঘাটিক হুলস্থুল বাদ্য যন্ত্ৰ,, ইলেকট্ৰনিক গীটাৰ  বজাই কি গাই এইবোৰ।

📌কিন্তু জুবিনে জানিছিল তেওঁ পাশ্চাত্য সংগীতৰ লগত নিজৰ নিভাজ অসমীয়া সুৰ সংমিশ্ৰণ কৰি সজাই তুলিছিল নতুন মায়াবিনী গীতৰ ধাৰা।

📌মায়া মাথোঁ মায়া,

আশা মোৰ আশা, 

নকবা নকবা কোনো কথা,

তুমি জানানে,

নোচোবা হাতেৰে

ৰং তুমি হোৱানে, আদি।

📌জুবিনে অসমত ৰক,পপ সঙ্গীতেৰে ভৰাই তুলিছিল,তেতিয়াও কিন্তু তেওঁ অসমৰ জনতাৰ হিয়াৰ আমঠু হোৱা নাছিল।

📌এই ৰক,পপ সঙ্গীতৰ মাজতেই জুবিন গাৰ্গে বিহু সুৰীয়া আধুনিক গীতৰ কেছেট দুখন মানত কণ্ঠ নিগৰালে,ৰাংঢালি,ৰংমন ,হিয়ামন।

📌হিয়ামনৰ "অ নবৌ অই মোলৈ এজনী ছোৱালী চালি নে নাই",

ঔ ফুলিয়া গালতে,

অ মোৰে ল'ৰাৰ মাক,

ৰাংঢালি কেছেটৰ বিয়পি পৰিলে জানা, ৰূপহী ৰাংঢালী

এইযে জুবিন গাৰ্গে  সহজ সৰল ভাষাত গোৱা বিহু সূৰীয়া গীত সমূহে বহুতৰ মন জয় কৰি তুলিলে।

📌তাতোকৈ বেছি তেওঁ সমগ্ৰ অসমৰ শ্ৰোতাৰ মন জয় কৰিলে তেতিয়া, যেতিয়া বিহু গাব পাৰিবনে বুলি ভবা যুৱক জনে "চেনাই মোৰে অই আকৌ বহাগ পালেহি","অই জান অই আকাশখন ধুনীয়া" দৰে বিহু গীতত কণ্ঠ নিগৰায়।

📌বিহুগীত যে ইমান মিঠা হব পাৰে,বিহু গীতে যে সঁচাকৈ অসমীয়াক পাগল কৰিব পাৰে,মন মতলীয়া কৰি তুলিব পাৰে জুবিন গাৰ্গে দেখুৱাই থৈ গল।

📌মোৰ কিন্তু খং উঠিছিল যেতিয়া জুবিন দাই "মৰিলং মৰিলং" দৰে গীত গাইছিল।

📌যিজন ব্যক্তিৰ গানত কবিতা বিচাৰি পাইছিলো,

প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি

গানে কি আনে সুৰৰ সোপানে সোপানে

প্ৰতি শৰতৰ প্ৰভাতী  ফুলে,প্ৰতি মেঘালীৰ নিশা জুনত

জ্বলি উঠা জুই হৈ

জোনাকে কানে কানে আহি কলে 

আদি গীতত দেখোন মাথোঁ কবিতাৰ শব্দ,কবিতাৰ ছন্দ আছিল।

📌হিন্দী গীত সমূহত যেতিয়া উৰ্দু শব্দ স্ংযোজন কৰি দিয়ে গীতটো আৰু বেছি ধুনীয়া হৈ পৰাৰ দৰে জুবিনৰ গীতত আছিল মাথোঁ কবিতা।

📌তেওঁৰ গীতত টেক্সী ৱালা,অটো গাড়ী,পেদেল মাৰি,ডিস্ক,দেঞ্চাৰ ভন্টি আদি শব্দ বিচাৰি পোৱা নাছিলো।

📌পিছে এতিয়া বহুতেই প্ৰশ্ন তুলিছে বহু লোক অকস্মাত জুবিন অনুৰাগী কিদৰে হৈ পৰিল,

📌আচলতে তেওঁলোকক কব খোজোঁ একে নিশাই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যদি মানুহ এজন এটা নতুন দলত যোগ দিব পাৰে তেন্তে বছৰ বছৰ ধৰি কোনো এজন ব্যক্তিয়ে জুবিন দাৰ গান শুনি তেওঁৰ অনুৰাগী হব নোৱাৰিব কিয়?

📌সচা অৰ্থত একে দিনাই কোনো ব্যক্তিয়ে নীতি আদৰ্শ ভাল পাব নোৱাৰে আৰু অনুৰাগীও হব নোৱাৰে।

📌আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছিলোঁ ৯০ দশকতেই, তেতিয়া দীঘল চুলিৰে,কাণফুলি,ব্ৰেচলেট পিন্ধা ধুনীয়া লৰাজনৰ সেই গীত টোত,,,

দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনী গন্ধা,আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা।

Dimpu Bharali Niyomiya Barta

 "তেওঁৰ গীতৰ কথাত আছিল মানৱীয়তাৰ বিষয়ে | মই যেতিয়া সৰুতে স্কুললৈ গৈছিলোঁ তেতিয়া জুবিন গাৰ্গ কলেজৰ ছাত্ৰ আছিল | "তুমি মোৰ মাথোঁ মোৰ" চিনেমাখনৰ যেতিয়া নিৰ্মাণ হৈছিল তেতিয়া জুবিন পবিত্ৰ মাৰ্ঘেৰিটাৰ আৰু দিগন্ত ভাৰতী দাদাক লৈ আমাৰ ঘৰলৈ আহিছিল | মই প্ৰথমে চিনেমাখন নকৰোঁ বুলি কৈছিলোঁ, কিন্তু জুবিনে ক'লে, 'তুমি প্ৰথম গানকেইটা শুনি লোৱাচোন | মই গানকেইটা শুনি অভিভূত হৈ পৰিছিলোঁ, ইমান ধুনীয়া লাগিল | তাৰপিছত মই চিনেমাখন কৰাৰ বাবে মান্তি হৈছিলো |' অভিনেত্ৰী হিচাপে মই গৰিমাক ফোন কৰি কৈছিলোঁ, 'তুমি মোৰ মাথো মোৰ' পাৰ্ট ২ কৰিব লাগিছিল, জুবিনৰ লগত আলোচনা কৰিম | এই বিষয়টোক লৈ জুবিনক ফোন কৰিছিলোঁ, কিন্তু তেওঁৰ phone off পালোঁ | সেই ইচ্ছা পূৰণ নহ'ল, সেই কথা পতাই নহ'ল আৰু জুবিন এনেকৈ হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল | আচলতে ভগৱানে আজি আমাক এটা ডাঙৰ shock দিলে, অসমৰ ৰাইজৰ লগত ডাঙৰ অন্যায় হ'ল | তেওঁৰ আত্মাই সৰগত সুকলমে থাকক |

সংবাদ মাধ্যমৰ সন্মুখত দিয়া এই মন্তব্য আছিল ২০০০ চনত মুক্তি পোৱা জুবিন দাৰ প্ৰথম চলচ্চিত্ৰ "তুমি মোৰ মাথো মোৰ" অভিনেত্ৰী জেৰিফা ৱাহিদৰ |

যোৱা ২৩ ছেপ্তেম্বৰ তাৰিখে জুবিন দাৰ ভনী পামী বৰঠাকুৰ, ৰাহুল শৰ্মা আৰু অৰুণ গাৰ্গে কিন্তু জুবিন দাক মুখাগ্নি দিয়া এই অৰুণ গাৰ্গ কোন? লাখ লাখ অনুৰাগীৰ প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাৰ মুখাগ্নিৰ সময়ত সংগ দিয়াৰ সুযোগ পোৱা এই অৰুণ গাৰ্গ হ'ল চৰাইদেউ জিলাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ যুৱক অৰুণ চাচনী | বাগিচা খনৰ দ'লবাগান ৰজাবাৰী অঞ্চলৰ বাসিন্দা তথা বাগিচাখনৰ এগৰাকী শ্ৰমিক গালোৱা চাচনী নামৰ লোকজনৰ কনিষ্ঠ পুত্ৰ অৰুণ চাচনী | সৰুতেই মাতৃহাৰা হোৱা এই অৰুণে আজিৰ পৰা প্ৰায় ১৫ বছৰ পূৰ্বে জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহি এদিন জুবিন দাৰ পৰিয়ালত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰে আৰু কালক্ৰমত পৰিয়ালটোৰ সদস্য হৈ পৰে | লাহে লাহে তেওঁ জুবিন দাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থকাকে ধৰি কেমেৰাৰ পাছতো ব্যস্ত হৈ পৰে | জুবিন দাৰ লগতে গৰিমা বৌৰ সৈতে তেওঁলোকৰ কাহিলীপাৰাৰ বাসগৃহত বসবাস কৰা এই অৰুণক এদিন জুবিন দাই নকৈ উপাধি দি নামকৰণ কৰে অৰুণ গাৰ্গ | সৰুসজাইত গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অন্তিম শয়নৰত শিল্পীগৰাকীৰ কাঁচৰ কফিনটো সময়ে সময়ে এখন কাপোৰৰে মোহাৰি থকা আৰু জুবিন দাৰ অতি প্ৰিয় কুকুৰকেইটাক বাসগৃহৰ পৰা সৰুসজাইলৈ আনি অন্তিম দৰ্শন কৰোৱালৈকে অৰুণে যি দায়িত্ববোধৰ পৰিচয় দিলে সেই কৰ্মৰ বাবে চৰাইদেউ পৰ্বত চাহ বাগিচা আজি গৌৰৱাম্বিত | এখন চাহ বাগিচাৰ পৰা ওলাই গৈ দীৰ্ঘসময় ধৰি শিল্পীগৰাকীৰ নিকট সান্নিধ্যত জীৱন অতিবাহিত কৰাই নহয়, জুবিন দাৰ পৰিয়ালৰ এগৰাকী সদস্য সদৃশ হৈ অন্তিম সতকাৰ পৰ্যন্ত অৰুণ গাৰ্গে যি নিষ্ঠাৰে সেৱা আগবঢ়ালে সেয়া প্ৰশংসনীয় |

আনফালে আকৌ জুবিন দাৰ নিজৰ ৰক্তসম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ যি ভাতৃক জুবিন দাই নিজতকৈ অধিক মৰম কৰিছিল সেইজন ভাতৃয়ে জুবিন দাৰ সৈতে বিশ্বাসঘাটকতা কৰিলে | জুবিন দাৰ হত্যাকাণ্ডত জড়িত হৈ গ্ৰেপ্তাৰ হ'ল আৰু আৰক্ষীৰ চাকৰিৰ পৰাও নিলম্বিত হ'ল | সি কেনেকুৱা আৰক্ষী আছিল আৰু কেনেকৈ আৰক্ষী হ'ল সেয়া ভগৱানে জানে কিন্তু মই ভাবো শ্যামকানু আৰু সিদ্ধাৰ্থই দোষী কিন্তু তাতকৈ অধিক দোষী আৰু বদমাছ জুবিন দাৰ কুলাংগাৰ ভাতৃ সন্দীপন | কিদৰে চকুৰ সন্মুখত ইমান মৰম কৰা ভাতৃ জুবিন দাক মৃত্যুৰ মুখলৈ যোৱাটো চাই থাকিব পাৰে | সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি সন্দীপনে হেনো বিদেশত কেতিয়াও নোযোৱাৰ বাবে জুবিন দাই হেনো মৰমতে নিজৰ খৰছত লৈ গৈছিল সন্দীপনক কিন্তু সন্দীপনে কি কৰিলে নিজ ভাতৃ মৃত্যু হোৱাটো চকুৰ সন্মুখত চাই থাকিল | এয়া কেনেকুৱা তেজৰ সম্পৰ্ক?

জুবিন দা অবিহনে অকলশৰীয়া আৰু আধৰুৱা হৈ পৰা গৰিমা বৌৱে ভগ্ন হৃদয়ৰে সাংবাদিকৰ সন্মুখত যোৱা ৭ অক্টোবৰ তাৰিখে কিছু গুৰুত্বপূৰ্ণ কথা কয় যি প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে ৰাইজেও বিচাৰে:-

"জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা ১৯ দিন পাৰ হ'ল | সঁচা কথাটো কি হৈছে আমি জানিব বিচাৰিছোঁ | সহজ-সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এইবোৰ কিয় হ'ল, এই প্ৰশ্নবোৰে আমাৰ পৰিয়াল তথা লাখ-লাখ অনুৰাগীৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে | অকল মোৰ স্বামী হিচাপেই নহয়, কিয় জুবিন গাৰ্গৰ দৰে এটি সত্তা এনেকৈ হঠাত আঁতৰি যাব লগা হ'ল? কিবা যদি অসুখ হৈছিল তেতিয়াও বেলেগ কথা আছিল | কিন্তু সকলোকে শূণ্য কৰি তেওঁ গ'লগৈ | উত্তৰটো আমি বিচাৰি আছোঁ | কথাবোৰৰ মেৰপাকবোৰ বহু বেছি হৈছে | সেইটো হ'ব নালাগে | আমি বহু সৰলভাৱে চিন্তা কৰা মানুহ | কোনে কি কৰি আছে, কি কথা কৈছে, একো বুজি নোপোৱাৰ দৰে হৈছোঁ | এই বস্তুবোৰৰ পৰা প্ৰকৃত সত্যটো বাহিৰ হ'ব লাগে | জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান অৱজ্ঞা কৰি এৰি দিব লগা নাছিল | অসমৰ মানুহে মৰমৰে তেওঁক আৱৰি ৰাখিছিল | সকলোৰে হিয়াৰ আমঠু আছিল | ইতিমধ্যে ওলাই অহা দৃশ্যাংশবোৰৰ আমি সকলো কথা দেখিছোঁ | এটাও আঁচোৰ পৰিব নিদিয়া ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ যে ভাগৰুৱা অৱস্থাত তেওঁ একেবাৰে নিঠৰুৱা হৈ পৰিছিল | এই কথাটোৱে আমাৰ মনত বহু কষ্ট দি আছে | কিহৰ কাৰণে সেই য়াটত থকা প্ৰৱাসী অসমীয়া সকলে সহযোগ কৰা নাই মই ভাবি পোৱা নাই | কথাবোৰ তেওঁলোকে কিয় লুকুৱাব লগা হৈছে? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু প্ৰকৃততে কি হৈছিল এই কথাষাৰ ক'বলৈ তেওঁলোক সহযোগ কৰা নাই | তেওঁলোকৰ ইমানখিনিও মানৱীয়তা নাই নেকি যে এজন ব্যক্তিক আমি হেৰুৱাই পেলাইছোঁ | অথচ তেওঁলোকৰ একো প্ৰতিক্ৰিয়া নাই | তেওঁলোকৰ বাবে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? অকল পাৰ্টীৰ দিনাখনহে জুবিন গাৰ্গৰ প্ৰয়োজন আছিল নেকি....?"

(তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ পৰা সংগৃহীত)

  ✍️ দিম্পু ভৰালী

Hemanta Kr. Kalita FB Wall

 🙏#উচ্চ_মনৰ_সৰু_মানুহবোৰ--                                   জুবিন'ৰ মৃত্যুৰ ন্যায় বিচাৰি আমি হাহাকাৰ কৰি থকাৰ মাজতে কিছুমান সৰু মানুহে উচ্চ কাম কৰি কোনোৱে নজনাকৈ প্ৰশংসনীয় কাম কৰি ৰাইজৰ মাজত সমাদৃত হৈছে । সোনাপুৰৰ জুবিন'ৰ সমাধিস্থল এক পবিত্ৰ ধৰ্মীয় স্থানলৈ পৰিৱৰ্তন হৈছে । ঠাই ডোখৰ আগতে কাৰ্বী সকলৰ শ্মশান থলি বুলি  স্থানীয় ৰাইজে ভয় ভয় কৈ খোজ দিছিল । জুবিন'ৰ নশ্বৰ দেহ তাত দহন কৰাৰ লগে লগে ঠাই টুকুৰা হাবি গুচি ফুলনি বাৰী হ'ল । অকল ফুলনি বাৰীয়ে নহয় তাত এতিয়া লক্ষ লক্ষ জনে চাকি বন্তি জ্বলাই আলোকিত কৰি তুলিছে । নিশা বাৰ এক বজালৈ মানুহৰ সোত বৈয়ে আছে । মাটিৰ মিঠাতেলৰ চাকি , সুগন্ধি ধূপৰ সুবাসে ঠাইখন আমোল মোলাই তুলিছে । মানুহে নামঘৰ বা মন্দিৰত চাকি জ্বলাব যায় । এতিয়া সমাধিস্থলীৰ  সন্মুখতে দুই তিনিখন চাকি - ধুপৰ দোকান বহিছে । বাটৰুৱাই সেই দোকানবোৰৰ পৰা গামোছা , চাকি-ধূপ জ্বলাই " জুবিন" ৰ আত্মাৰ সদ্গতি কামনা কৰিছে । পাল পাতি দুৰণীবতিয়া ৰাইজে হৰি নাম গাই ঠাইখন স্বৰ্গপুৰী সদৃশ কৰি তুলিছে ।                                                                         

এই গৰাকী##জোনালী_ইঞ্জাল । স্নানীয় কাৰ্বী মহিলা । ডাচবিন হাতত লৈ কিবা বুটলি আছে । বৰষুন দিয়াৰ পিছত মাটিৰ চাকিবোৰ কলা হৈ গৈছে । আধা পোৰা মাটিৰ চাকি আৰু ধূপৰ চাইয়ে ঠিইখিনি ক'লা কৰি তুলিছে । তেতিয়া হাতত এটা ডাচবিন লৈ  কেইগৰাকিমান মহিলাৰ সৈতে কিবা বুটলি আছে । মনটোক দমাব নোৱাৰি তেওঁৰ ওচৰলৈ গৈ সোধাত ক'লে যে-- এইকেইদিন হাজাৰ হাজাৰ মিঠাতেলৰ চাকিৰে ঠাইখিনি ভৰি পৰিছে । পুৰুষবোৰে বেলচাৰে চাকিবোৰ দমাই থয় । পিছত স্থানীয় মহিলা সকলে পাল পাতি এখোৰ এখোৰকৈ চাকিবোৰ বুটলি ডাচবিনত ভৰাই ঠাইখিনি পৰিস্কাৰ কৰে ।  বিনা পাৰিশ্ৰমিকে জোনালীৰ দৰে বহু স্থানীয় মহিলাই কৰা এইবোৰ কামৰ বাবে তেওঁলোক প্ৰশংসাৰ যোগ্য নহয়নে ? --প্ৰণাম জোনালী । 

Wednesday, October 8, 2025

Tridip D Lahon FB Wall

 খুউব কম সংখ্যক মানুহে জুবিন দাক কন্দা দেখিছে । সেই দিনটোত নুমলী গড় গেষ্ট হাউঢত আমি চিনেমাৰ প্ৰমোচনত আছিলো ।শশাংক সমীৰ আৰু মই একেলগে, দাদা কাষৰ কোঠাত ।।তিনিওটাৰ আড্ডা ,বিশেষকৈ দাদায়ে মোৰ লগত বাহিৰৰ চিনেমাৰ কথা পাতি ভাল পায় ।ৰাতি বহু হৈছিল আমি নিজৰ কোঠালৈ যাওঁ বুলি ক'লো , দাদায়ে আমাক যাব নিদিয়ে "ৰ ৰ "কৈছে ,"শুৱয়েই নে" কৈছে ।আমি দুয়োটা ৰৈ দিলো ।দাদায়ে জনালে "কাইলৈ‌ গৰিমা আহিব , তাই বাৰু মোক সন্দেহ কৰে নেকি?? মই class 8 ৰ ল'ৰা নহয় ।"...আমি হাঁহি কৈছিলো বেছেৰীয়ে চিন্তা কৰে‌ আপোনাক লৈ , আপুনি যি টি কৰি থাকে যে .....তাৰপাছত দাদায়ে কান্দিবলৈ আৰম্ভ কৰিলে , আমি দুটাই কি কৰিম ভাৱিয়েই নাপায় ,বিচিনাখনৰ দূয়োফালৰ পৰা দুইটা গৈ সাৱটি ল'লো । আমাক সাৱটি দাদায়ে কৈছে" গৰিমাক মই বহুত ভাল পাওঁ, তাইৰ নামতেই মা আছে , মাৰ দৰে মৰম কৰে তাই..তাই (বেয়া মাতষাৰ,যিটো‌ দাদাৰ মুখত ইম্মান ভাল লাগে)মোৰ আটাইতকৈ ভাল friend হয় ,চব ক'ব পাৰোঁ ,তাই একো নকয় ..(কান্দোন)মোৰ  নিজৰ হয় তাই , ঘৈণী বুলি ক'বলৈ বেয়াহে পাওঁ...কাইলৈ‌ খালী আহি মোক ক'ব এইটো‌ কিয় কৰিলা , এইটো নকৰি বা ....আহক দে তাই "...আমি দুটাই চাগে দাদাৰ চকুপানী দেখিয়েই কান্দি আছিলো ।দাদাক ক'ব ও নোৱাৰা হ'লো নাকান্দিব বুলি। দাদাই নিজক চম্ভালি আমাক লগতেই শুই যা ক'লে । আমিও শুলো , মই মাজত । ... ৰাতিপুৱা বৌ আহিল, দাদায়ে আমাৰ complain দিছিল বৌৰ আগত , "এই পাগল দুটাৰ বাবে ৰাতি শুৱ নোৱাৰিলো, ইটোতকৈ সিটোৰ নাকৰ sound কি শুনিবা"... কিন্তু দাদা আজি কৈছো আমি দুয়োটাই আপোনাৰ নাকৰ শব্দৰ বাবেহে বহুত দেৰিলৈ‌ হাঁহি হাঁহি কথা পাতি আছিলো।।সমীৰে কৈছিলে," এনেকৈ কোনে বিশ্বাস কৰিব বাৰু জুবিন‌ গাৰ্গৰো কেতিয়াবা শুই থাকোতে নাক বাজে বুলি"....

এইবোৰ মনত পৰিলে বৰ দুখ পাওঁ..কিবা এটাই খুন্দা মাৰি ধৰে বুকুত ....গৰিমা বৌ, আপুনি চিন্তা নকৰিব আমি বোৰ আছো আপোনাৰ লগত ,দাদাৰ আমি ভাই কেইটা আপোনাৰ আগত সদায় থিয় দি ৰ'ম ।।আপুনি সাহসী ।। দাদায়ে আপোনাক কৈছিল নে নাই নাজানো কিন্তু দাদায়ে আপোনাক বহুত ভাল পায় আৰু এতিয়াও‌ লগত আছে ,সেয়ে সকলোৰে মুখা খুলি খুলি গৈ আছে ।।" জুবিন দা আমাৰ ...জুবিন দা অমৰ ."..

দাদাৰ মৃত্যুৰ ন্যায় আমাক লাগিবই... 🙏🏻🙏🏻🙏🏻

Mouchumi Laluari FB Wall

এই কথাষাৰ যদি জে পি দাস নিচিনা এজন জ্যেষ্ঠ শিল্পীয়ে কব লগা হৈছে, তেন্তে অসমৰ পুৰুষ,মহিলা,ডেকা, ছোৱালী  চাম ৰ কি অৱস্থা হব কওঁক চোন?

মানুহ ইমান নিৰ্দয় হব নালাগে, জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে, জুবিন দাৰো জীয়াই থকাৰ অধিকাৰ আছিল। তেখেতে অসম বাসীক কি কি দিয়া নাই, অসমৰ সাংস্কৃতিক জগত খনক যিমান খিনি অৱদান আগবঢ়ালে, সম্ভৱ কোনোৱেই সেইখিনি আজিলৈকে দিয়া নাই বা দিবলৈ সম্ভৱ নোৱাৰেও।

এটা প্ৰতিভাক নষ্ট কৰি কি পালে সিহঁতি জেইলৰ ভাত? handcuff? জুবিন দাৰ প্ৰতিভা জন্মগত, কণ্ঠ ভগৱান প্ৰদত্ত, কোনো কাঢ়ি লব নোৱাৰে, বৰঞ্চ তেনে মহান প্ৰতিভাক জীয়াই থাকিব লৈ, সকলোৱে যত্ন হে লব লাগিছিল। কিন্তু নিৰ্দয় সেই শত্ৰু কেইটাই মাৰি খাই পেলালে।

জুবিন দাক সিহঁত সিদ্ধাৰ্থ, শ্যাম কানু য়ে কোনো দিনে মৰম, ভক্তিয়ে নকৰিলে, অকল টকা ঘটাৰ আহিলা হিচাপে হে ব্যৱহাৰ কৰিলে, আৰু শেষত জীউ টোকো লৈ ললে। কিমান বিপদ জনক মানুহ বোৰৰ কাষত জুবিন দা আছিল, নিজেই গম নেপালে।

শ্যাম কানু মহন্তই জুবিন দাৰ মৃত্যুৰ পিছতে ছিংগাপুৰ ত এটা নিউজ চেনেলত হাঁহি হাঁহি জুবিন দা ৰ মৃত্যুৰ সম্পৰ্কত interview দিছিল, জুবিন দা ৰ মৃত্যুৰ পিছতো হাঁহিব পাৰিছিল। অসম association ৰ সভাপতি যি য়টত আছিল অভিমুণ্য তালুকদাৰৰ হাঁহি জুবিন দা ৰ মৃত্যুৰ ৫/৬ দিনৰ পিছতো শেষ হোৱা নাছিল, ফোন কলত সকলোৱে শুনিছে । এইবোৰ একো একোটা শত্ৰুৱে নাছিল নে জুবিন দা ৰ বাবে বন্ধুৰ নামত?

কেই দিন মানৰ আগতে ফেচবুক তে এটা ৰেকৰ্ড শুনিলো, কোন হয় নাম টো কৈ দিয়া নাছিল, তাত কৈছিল, শ্যাম কানু ৰ মাকে তিনিটা ফেঁটী সাপ জন্ম দিলে, অসমক লুতি পুতি খাবলৈ, তাৰে এটা ফেঁটী সাপ শ্যাম কানু মহন্ত। অৰ্থাৎ জনসাধাৰণ  ক কিমান লৈকে ধ্বংস কৰিলে, কিমান টকা লুতি পুতি খালে, এনেকৈ কোনোবাই কব পাৰে বাৰু?

Right to life বুলি কথা এষাৰ আছে, সকলো মানুহ ৰে জীয়াই থকাৰ অধিকাৰ আছে, যেতিয়া লৈকে মৃত্যু প্ৰাকৃতিক নহয়, #কিন্তু জুবিন দা নিচিনা এজন মহান শিল্পীক নি, মাৰিব লৈ সিদ্ধাৰ্থ , শ্যাম কানু, বা অইন কাৰোৱে একো অধিকাৰ নাছিল। জুবিন দাৰো জীয়াই থকাৰ অধিকাৰ আছিল।

 #সিঁহতৰ এটাও যদি, জুবিন দা ৰ কাৰণে দৌৰি বচাব বিচাৰিলে হেঁতেন, তেতিয়াও মানি লব পাৰি, জুবিন দাক বচাব বিচাৰিছিল। #কিন্তু কোনোৱেই যেন সেই চেষ্টা নকৰিলে বৰঞ্চ জুবিন দা ৰ শেষ উশাহ কেতিয়াকে বন্ধ হয় সেইটো ৰ কাৰণে হে অপক্ষা কৰি থাকিল, video বোৰত স্পষ্ট কৈ দেখা গৈছে সিহঁতৰ চাল চলন।

ইহঁতৰ এতিয়া কোনো যুক্তি দেখুৱালেও, একো কামত নাই অসম বাসীৰ ওচৰত। মাথো এই হত্যাকাৰী বোৰৰ শাস্তি বিচাৰে অসমীয়া ৰাইজে।

Written by Mousumi Laluari 

Advocate, Dibrugarh

(যদি ভাল লাগে share কৰি দিব,

কপি যাতে কোনোৱে নকৰে)

Rupam Talukdar FB Wall

 ⛔গাৰ্গ বংশাৱলী⛔

ভগৱান ব্ৰহ্মাৰ বহুকেইজন মানসপুত্ৰৰ মাজত এজন আছিল "ঋষি আংগিৰা"। তেখেতে ঋকবেদৰ কিছু অংশ লিখিছিল। তেখেতে বিয়া কৰাইছিল দক্ষ প্রজাপতিৰ জীয়েক স্মৃতিক। সেইহিচাপে মহাদেৱ আছিল ঋষি আংগীৰাৰো ভিনদেউ। 

আংগিৰাৰ পুত্ৰ আছিল বৃহস্পতি। এই বৃহস্পতি ঋষিয়েই হল দেৱতাসকলৰ গুৰু।

বৃহস্পতি ঋষিৰ পুত্ৰ আছিল ঋষি ভৰদ্বাজ। যিজনে অৰ্থনীতি, ঔষধ, ব্যাকৰণ আদিৰ ওপৰত পুথি ৰচনা কৰিছিল। তদুপৰি ঋকবেদৰ ষষ্ঠ মণ্ডলো তেখেতেই ৰচনা কৰিছিল। 

এই ঋষি ভৰদ্বাজৰ বহুকেইজন সন্তানৰ ভিতৰত তিনিজন সুপ্ৰসিদ্ধ আছিল। তেওঁলোক 3 জন হল- 

1) জীয়েক - ইলাভিদা। ইলাভিদাৰ পুত্ৰ হল কুবেৰ। যাক ধনকুবেৰ বুলিও কোৱা হয়। লংকা আৰু পুষ্পক বিমানৰ মূল অধিকাৰী কুবেৰেই আছিল।

2) পুত্ৰ- দ্ৰোণাচাৰ্য। যিজনে কৌৰব আৰু পাণ্ডৱক যুদ্ধবিদ্যা শিকাইছিল। মহাভাৰতৰ যুদ্ধ যুঁজিছিল।

3) পুত্ৰ- মহৰ্ষি আদ্য গাৰ্গ। তেখেত আছিল শিক্ষক তথা জ্যোতিষী। সেয়েহে সকলোৱে গাৰ্গাচাৰ্য্য বুলি মাতিছিল। ঋকবেদ আৰু যজুৰ্বেদৰ কিছু অংশ গাৰ্গাচাৰ্য্যই ৰচনা কৰিছিল। তেখেতে লিখি উলিয়াইছিল "গাৰ্গ সংহিতা"। তেখেত আছিল যাদৱ বংশৰ কুলগুৰু। নন্দৰজা আৰু যশোদাই নিজৰ দুই কেঁচুৱা শিশুৰ নামাকৰণ কৰিবলৈ গাৰ্গাচাৰ্য্যৰ ওচৰতেই লৈ গৈছিল। গাৰ্গাচাৰ্য্যই ডাঙৰটিৰ নাম দিলে বলোৰাম, আৰু সৰুটিৰ নাম দিলে কৃষ্ণ। এই কৃষ্ণই আছিল ভগৱান শ্ৰীকৃষ্ণ।

পিছলৈ গাৰ্গাচাৰ্য্যৰ বংশত আছিল "শিনি" যাক দ্বিতীয় গাৰ্গাচাৰ্য্য আৰু "শৈনেয়" যাক তৃতীয় গাৰ্গাচাৰ্য্য বুলি জনা গৈছিল। 

গাৰ্গ বংশৰ পূৰ্বজ সকল আছিল একো একোজন বিদগ্ধ পণ্ডিত। এজন ব্যক্তিৰ জ্ঞান, দক্ষতা, প্ৰতিভা নিজৰ পূৰ্বজৰ পৰাও আহে। বহুতে এই কথা কলে খিংখিঙাই উঠে। পিছে বংশগত ভাবে যদি বেমাৰ আহিব পাৰে, বংশগত ভাবে যদি চকুৰ মণিৰ ৰং একে হব পাৰে, বংশগত ভাবে যদি চুলি কেঁকোৰা হব পাৰে, তেন্তে বংশগত ভাবে জ্ঞান, প্ৰতিভাও আহিব পাৰে। 

এজন গাৰ্গে মোৰ কোনো জাতি নাই, ধৰ্ম নাই বুলি কৈ লগুন চিঙি দিয়া কথাটোৱেই একাংশ বালপন্থীয়ে বাৰে বাৰে লিখি ফুৰে। পিছে সেই বালপন্থী বোৰে জনা উচিত যে জাতি নাই বুলি কলেই তেখেতৰ পূৰ্বজ সলনি হৈ নাযায়। বংশগত ভাবে পোৱা জ্ঞান প্ৰতিভা সলনি হৈ নাযায়। 

যিটো বংশৰ মানুহে বেদ, সংহিতা লিখি উলিয়াইছিল, যিটো বংশৰ মানুহে Economics, Medicine, Grammer, Astrology ৰ ওপৰত পুথি লিখি উলিয়াইছিল, যিটো বংশৰ মানুহক স্বৰ্গৰ দেৱতাসকলে গুৰুৰ স্থান দিছিল, যিটো বংশৰ মানুহ লংকাৰ ৰজা আছিল, যিটো বংশৰ মানুহে ভগবান কৃষ্ণৰ নামাকৰণ কৰিছিল, যিটো বংশৰ মানুহে অৰ্জুনক ধনুৰ্বিদ্যা শিকাইছিল, সেই বংশৰ পিছৰ প্ৰজন্মও প্ৰতিভাশালী হোৱাটো স্বাভাৱিক।

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...